Garuajhar-Kalikhola Anchalic Committee AAMSU

Official Page; G.K.A.C (AAMSU)

Photos from Garuajhar-Kalikhola Anchalic Committee AAMSU's post 25/04/2024

AAMSU LONG LIVE

13/04/2024

সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো। ৰঙালীৰ ৰঙে যেন সকলোৰে জীৱনলৈ সুখ-শান্তি কঢ়িয়াই আনে তাৰে কামনা কৰিলোঁ।

10/04/2024

সমূহ অসমবাসী ৰাইজলৈ পৱিত্ৰ "ঈদ উল ফিতৰ"ৰ হিয়ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Photos from Garuajhar-Kalikhola Anchalic Committee AAMSU's post 12/02/2024

সংখ্যালঘু জনসাধাৰনৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ সভাপতি মাননীয় ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াৰ নেতৃত্বত এটা সজাতি দলে অসমৰ মাননীয় মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে। সজাতি দলটিত উপস্থিত থাকে- কেন্দ্ৰীয় সমিতি আমছুৰ উপদেষ্টা মাননীয় আইনুদ্দিন আহমেদ ডাঙৰীয়া,সাধাৰণ সম্পাদকদ্বয় মিন্নাতুল ইছলাম আৰু ইমতিয়াজ হুছেইন ডাঙৰীয়া।

AAMSU Official

Photos from Garuajhar-Kalikhola Anchalic Committee AAMSU's post 05/10/2023

আজি ইং 05/10/2023 তাৰিখে কেন্দ্ৰীয় সমিতি আমছু'ৰ নিৰ্দেশ মৰ্মে ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু ওদালগুৰি জিলাৰ অন্তৰ্গত সমূহ আঞ্চলিক সমিতিৰ সহযোগত ওদালগুৰি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু লগতে 4 দফীয়া দাবীৰ স্মাৰক পত্ৰ ওদালগুৰি জিলা সমিতি আমছু'ৰ তৰফৰ পৰা জিলা উপায়ুক্তৰ কাৰ্য্যালয়লৈ প্ৰেৰণ কৰা হয়।




Udalguri LIVE

AAMSU Official

04/10/2023

সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰা হ'ল।
স্থান-ওদালগুৰি জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত।

Photos from Garuajhar-Kalikhola Anchalic Committee AAMSU's post 12/09/2023

মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমছু’ৰ নেতৃত্ব দুদিনীয়া বৈঠকঃ

[তলত উল্লেখ কৰা সমস্যাসমূহ বিতংভাৱে আলোচনা কৰা হয়]

উচ্ছেদিতক পুনৰ সংস্থাপন আৰু সংখ্যালঘু সকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত ৰাজ্য মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰা হয়। বিশেষকৈ বি টি আৰ প্ৰশাসনে উচ্ছেদ জাননী প্ৰেৰণ কৰা সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সজোৰে কোৱাত, মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভাগীয় আৰু আইনী ভাৱে উচ্ছেদ নহবৰ কাৰণে প্ৰদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।

অন্যহাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই হোজাই, দৰং, নগাঁও মৰিগাঁও, শোনিতপুৰ, লক্ষীমপুৰ আদি জিলাৰ উচ্ছেদিত ভূমিহীনক নবেম্বৰ মাহৰ ভিতৰত পুনৰ সংস্থাপন কৰা প্ৰতিশ্ৰুতি প্ৰদান কৰে।

চলিত বৰ্ষৰ জুন মাহত বুঢ়া চাপৰিত বন বিভাগৰ ভূলৰ বাবে নিহতৰ পৰিয়াললৈ ৫ লাখ টকা আৰু আহতৰ পৰিয়ালক ১ লাখকৈ টকা আমছুৰ সভাপতি ডাঙৰীয়াৰ হাতত চেক প্ৰদান কৰে।

নায়েৰ আলগা বাসী দীৰ্ঘদিনীয়া এক দাবী আছিল নায়েৰ আলগাত এখন আদৰ্শ মহাবিদ্যালয় প্ৰতিষ্ঠা হব লাগে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমছু নেতৃত্বক প্ৰতিশ্ৰুতি প্ৰদান কৰি আনুষ্ঠানিক ভাৱে ঘোষণা কৰে।

দুদিনীয়া আলোচনা সৌহাদ্যপূৰ্ণ হয়। উক্ত আলোচনাত আমি ডাঙি ধৰা দাবী সমুহ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৰুত্বসহকাৰে শুনি সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

আমছুৰ হৈ সভাপতি ৰেজাউল কৰিম চৰকাৰ, উপদেষ্টা, আইনুদ্দিন আহমেদ আমছুৰ সাধাৰণ সম্পাদকদ্বয় ক্ৰমে মিন্নাতুল ইছলাম আৰু ইমতিয়াজ হুছেইন সহ আলোচনাত উপস্থিত থাকে, মুখ্যমন্ত্ৰী উপদেষ্টা, তথা ৰাজ্যসভা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা তিনিজন সন্মানীয় বিধায়ক, অসম চৰকাৰৰ অতিৰিক্ত সচিব চমিৰ কুমাৰ সিনহা, লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত ৰাজ চক্ৰৱৰ্তী, হোজাই, নগাঁও মৰিগাঁও জিলা আয়ুক্ত লগতে কেইবাখনো জিলাৰ আয়ুক্ত উপস্থিত থাকে।


AAMSU Official

04/09/2023

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন 'আমছু'ৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি মাননীয় "ৰেজাউল কৰিম চৰকাৰ" ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আজি ইংৰাজী 04/09/2023 তাৰিখে দিনৰ 11 বজাত, ৰাজ্যত হৈ থকা সঘনাই বিদ্যুৎ কৰ্তন আৰু অত্যাধিক বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত অসমৰ প্ৰতিখন জিলা সমিতিৰ লগতে ওদালগুৰি জিলাৰ অন্তৰ্গত গৰুৱাঝাৰ-কালিখোলা আঞ্চলিক সমিতি(আমছু)ৰ তৰফৰ পৰাও শক্তিমন্ত্ৰী #নন্দিতা_গাৰ্লোচাৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী পালন কৰা হয়।

ZINDABAD
LONG LIVE
#ৰেজাউল কৰিম সৰকাৰ জিন্দাবাদ

03/09/2023

সংখ্যালঘু জাতিৰ বলিষ্ট কণ্ঠ, সংগ্ৰামী সৈনিক,আমাৰ সকলোৰে পৰিচিত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ "আমছু"ৰ সন্মানীয় সভাপতি মাননীয় ৰেজাউল কৰিম সৰকাৰ ডাঙৰীয়াৰ আজি জন্মদিন উপলক্ষে আমি গৰুৱাঝাৰ-কালিখোলা আঞ্চলিক সমিতি 'আমছু'ৰ তৰফৰ পৰা তেখেতলৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Photos from Garuajhar-Kalikhola Anchalic Committee AAMSU's post 15/08/2023

আজি ইংৰাজী ১৫/০৮/২০২৩ তাৰিখ মঙ্গলবাৰে গৰুৱাঝাৰ-কালিখোলা আঞ্চলিক সমিতি (আমছু)ৰ স্থায়ী কাৰ্যালয় প্ৰাঙ্গনত মাননীয় ৰহিম আলী সিকদাৰ ডাঙৰীয়াৰ সভাপতিত্বত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। এই সভাখনত পুৰণা সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয়। উক্ত সভাত উপস্থিত থাকে কেন্দ্ৰীয় সমিতি 'আমছু'ৰ সাংগঠনিক সম্পাদক মাননীয় দিলোৱাৰ হুছেইন ডাঙৰীয়া,ওদালগুৰি জিলা সমিতি(আমছু)ৰ উপ-সভাপতিবৃন্দ ক্ৰমে মাননীয় জাকিৰ আলি ডাঙৰীয়া,ছাইৰুদ্দিন আহমেদ ডাঙৰীয়া,জাভেদ আখতাৰ ডাঙৰীয়া, ওদালগুৰি জিলা সমিতি (আমছু) ৰ সহকাৰী সম্পাদক মাননীয় হাছেন আলি ডাঙৰীয়া, ওদালগুৰি জিলা সমিতি(আমছু) ৰ প্ৰাক্তন উপ-সভাপতিদ্বয় ক্ৰমে মাননীয় ৰাহুল আমিন খান ডাঙৰীয়া আৰু মইনুল ইছলাম ডাঙৰীয়া আৰু আঞ্চলিক সমিতিৰ সমূহ শ্ৰদ্ধাৰ উপদেষ্টাবৃন্দ আৰু বিষয়ববীয়াসকল আৰু স্থানীয় ৰাইজ।

Photos from Garuajhar-Kalikhola Anchalic Committee AAMSU's post 15/08/2023

৭৭তম স্বাধীনতা দিৱস উদযাপন।
স্থান-গ:কা:আ:সমিতি(আমছু)ৰ স্থায়ী কাৰ্যালয় প্ৰাঙ্গন।

27/07/2023

সমষ্টি সীমা পুনৰ্নিদ্ধাৰণৰ বিৰুদ্ধে 29 জুলাই তাৰিখে দিল্লীৰ যন্তৰ-মন্তৰত অৱস্থাত ধৰ্মঘট কাৰ্যসূচীলৈ ওদালগুৰি জিলা সমিতিৰ লগতে গৰুৱাঝাৰ কালিখোলা আঞ্চলিক সমিতি আমছু'ৰ ফালৰ ৰঙিয়াৰ পৰা দিল্লীলৈ যাত্ৰা আৰম্ভ কৰিলো। সকলোৱে দুৱা ও আশীৰ্বাদ কৰিব। আমছুৰ সংগ্ৰামী সতীৰ্থ সকলে এই দায়িত্ব যাতে সুচাৰুৰূপে পালন কৰিব পাৰে।

জয় আই অসম।
আমছু জিন্দাবাদ।

Photos from Garuajhar-Kalikhola Anchalic Committee AAMSU's post 26/05/2023

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ ৪৩ তম শ্বহীদ দিৱস ওদালগুৰি জিলা সমিতিৰ নেতৃত্বত বকুলতলাত উদযাপন কৰা হয়।

Photos from Garuajhar-Kalikhola Anchalic Committee AAMSU's post 22/05/2023

Congratulations to all the rank holders of HSLC exams.

22/05/2023

আজি ৰাতিপুৱা ১০ টা বজাৰ পৰা মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব SEBA কৰ্তৃপক্ষই। আপোনালোকে তলৰ লিংকটোত ক্লিক কৰি ফলাফল চাব পাৰিব।
https://jobassam.in/seba-result/

21/04/2023

গৰুৱাঝাৰ-কালিখোলা আঞ্চলিক সমিতি (আমছু) ৰ তৰফৰ পৰা সমূহ ইছলাম ধৰ্মালম্বী লোকসকললৈ পৱিত্ৰ "ঈদ-উল-ফিটৰ"ৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

18/02/2023

#অভিশপ্ত_নেলীৰ_গনহত্যা
*নেলী: ১৮ ফেব্ৰুৱাৰী, ১৯৮৩ (শুক্ৰবাৰ)*

১৯৭৯ চনৰ প্ৰথম ভাগত মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ হীৰালাল পাটোৱাৰীৰ মৃত্যু হোৱাত ভাৰতীয় নিৰ্বাচন আয়োগে সেই বছৰৰ শেষৰ পিনে উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। ১৯৭৯ চনৰ এপ্ৰিল মাহৰ পৰা ভোটাৰ তালিকাত নাম ভৰ্তিৰ কাম আৰম্ভ কৰে আৰু মে মাহ পৰ্যন্ত ভোটাৰ তালিকা সংশোধনীৰ কাম অব্যাহত থাকে। কিন্তু মে মাহৰ প্ৰথম সপ্তাহতে অভিযোগ উত্থাপন হয় যে অবৈধ বিদেশীৰ নাম সন্নিবিষ্ট হৈছে সেই তালিকাত। অতি কম সময়ৰ ভিতৰতে নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় ভৰি পৰে অভিযোগ পত্ৰৰে। তাত্পৰ্যপূৰ্ণ যে নিৰ্বাচনী আয়োগে এই অভিযোগ সমূহৰ প্ৰায় ৬৪.২৮ শতাংশ অভিযোগৰ সত্যতা থকা বুলি ঘোষণা কৰে আৰু ইয়াৰ লগে লগেই প্ৰায় ৪৫,০০০ সন্দেহজনক নাগৰিক মংগলদৈ লোকসভা সমষ্টিত থকা বুলি স্বীকাৰ কৰি লোৱা হয়। সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে মংগলদৈৰ ঘটনাক আধাৰ হিচাপে লৈ দাবী উত্থাপন কৰে যে আন ১৩ টা লোকসভা সমষ্টিত সন্দেহজনক নাগৰিকৰ নাম কৰ্তন কৰি ভোটাৰ তালিকা প্ৰকাশ কৰিব লাগে। আছুৰ এই দাবীক অসমৰ অন্যান্য সংগঠনে সমৰ্থন দিয়ে।

আছুৰ পদক্ষেপত ১৯৭৯ চনৰ ২৭ আগষ্টত গুৱাহাটীত সৰ্বদলীয় সভা অনুষ্ঠিত হয় আৰু গঠন হয় সদৌ অসম গণ সংগ্ৰাম পৰিষদ। আছু আৰু সংগ্ৰাম পৰিষদে ঘোষণা কৰে যে সন্দেহজনক নাগৰিকৰ নাম কৰ্তন ও বিতাৰণ কৰি শুদ্ধ ভোটা তালিকা প্ৰস্তুত নকৰা পৰ্যন্ত অসমত কোনো নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দিয়া নহব। এই বিৰোধীতা স্বত্বেও সাংবিধানীক সংকট দূৰ কৰিবলৈ ১৯৮৩ চনৰ ১৪ আৰু ১৭ ফেব্ৰুৱাৰীত দুটা পৰ্য্যায়ত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে কেন্দ্ৰই। পৰিণতিত আন্দোলনৰ গতিধাৰা সলনি হয়। অসমত নিৰ্বাচন বাতিলৰ বাবে ৰাজ নাৰায়ণে জনোৱা আবেদন মহামান্য উচ্চতম ন্যায়ালয়ে ১৯৮৩ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে নাকচ কৰে। নিৰ্বাচন যিহেতু অনুষ্ঠিত হবই গতিকে আন্দোলনকাৰীয়ে আহ্বান দিয়ে ভোট বৰ্জনৰ। আছু আৰু গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত ১৯৮৩ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে নিৰ্বাচনৰ বিৰুদ্ধে মুক্তি যুঁজাৰু সকলে অসমত সমদল উলিয়ায়। ভোটদান বৰ্জনৰ আহ্বান হৈ পৰে তীব্ৰতৰ। কিন্তু নিৰ্বাচনলৈ দুই-এদিন বাকী থকা সময়তে এচাম লোকে বিভিন্ন স্পৰ্শকাতৰ এলেকা বিশেষকৈ নগাঁও, বৰপেটা, দৰং আদি জিলাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলবোৰত প্ৰচাৰ কৰে যে ভোটদান নকৰিলে চিনাক্ত কৰা হব বিদেশী বুলি। ফলত বিদেশী হিচাপে চিনাক্ত হোৱাৰ ভয়ত এচাম লোকে ভোটদান কৰিছিল। ১৯৮৩ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে নেলী অঞ্চলত সামান্য পৰিমাণৰ লোকে ভোটদান কৰিছিল আৰু ভোটদান কৰা কথাটোৱেই হৈ পৰিল এচামৰ বাবে ক্ৰোধৰ কাৰণ।

ঐতিহাসিক অসম আন্দোলনৰ সময়ত নেলী, নগাবন্ধা, মুকালমুৱা, গহপুৰ, চাউলখোৱা আৰু বিভিন্ন ঠাইত হত্যাকাণ্ড সংঘটিত হৈছিল। ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে মৰিগাঁও (তদানীন্তন নগাঁও) জিলাৰ নেলী অঞ্চলত সংঘটিত হোৱা গনহত্যা সমগ্ৰ বিশ্বতে বহুলভাৱে আলোচিত হৈছিল। চৰকাৰী হিচাপ মতে ১৮১৯ (বেচৰকাৰী হিচাপ মতে বহুত বেছি) লোকক (শিশু আৰু মহিলা বেছি) নিৰ্মমভাৱে হত্যা কৰা হৈছিল। ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখ শুক্ৰবাৰে ৰাতিপুৱাৰ পৰা আক্ৰমণ কৰি ৬ ঘন্টা মান সময়ৰ ভিতৰতে নিৰ্মমভাবে হত্যাকান্ড সংঘটিত কৰে। হত্যাকাণ্ড সংঘটিত হোৱা গাওঁ সমূহ-নেলী, আলিশিঙা, খুলাপথাৰ, বসুন্ধাৰী, ভোগডোবা বিল, ভোগডোবা হাবি, বৰজলা, বুতুনী, ইন্দুমাৰী, মাটিপৰ্বত, মূলাধৰী, মাটিপৰ্বত নং-৮, শিলভেটা আৰু বৰবৰী।

নেলী অঞ্চলত যে হত্যাকাণ্ড সংঘটিত হব সেয়া আৰক্ষী তথা নিৰাপত্তাৰ দায়িত্বত থকা বিষয়া সকলে জানিব পাৰিছিল। তাৰ প্ৰমাণ হল সেই সময়ৰ নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জহিৰুদ্দিন আহমেদে ১৫.০২.১৯৮৩ তাৰিখে মৰিগাঁওৰ ৫ নং বেটেলিয়নৰ কমান্ডেন্ট, মৰিগাঁওৰ মহকুমা আৰক্ষী বিষয়া আৰু জাগীৰোড থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ এক জৰুৰী বাৰ্তা প্ৰেৰণ কৰিছিল। কিন্তু কোনেও এই জৰুৰী বাৰ্তাক গুৰুত্ব দিয়া নাছিল। ১৫.০২.১৯৮৩ তাৰিখৰ বাৰ্তাটো আছিল - ''খবৰ লাভ কৰিছো যে যোৱাৰাতি নেলীৰ চাৰিওফালে আগুৰি থকা গাঁৱত প্ৰায় এহেজাৰ অসমীয়া লোকে মাৰনাস্ত্ৰ সহ ঢোল-খোল বজাই সমবেত হৈছে। সংখ্যালঘু সম্প্ৰদায়ৰ লোক সকলৰ মাজত সন্ত্ৰাসৰ সৃষ্টি হৈছে। যি কোনো মুহুৰ্ততে আক্ৰমণ হব পাৰে। শান্তি ৰক্ষাৰ বাবে ততালিকে ব্যৱস্থা লবলৈ অনুৰোধ জনালো।'' কোৱা বাহুল্য যে বাৰ্তা লাভ কৰিও মৰিগাঁও আৰু জাগীৰোড আৰক্ষীয়ে কোনা ধৰনৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত শতিকাৰ আটাইতকৈ বৃহৎ ও ঘৃননীয় গনহত্যা সংঘটিত হয়।

নেশ্যনেল পুলিচ কমিশ্যনে ১৯৮৩ চনৰ ৩ এপ্ৰিল তাৰিখে প্ৰকাশ কৰা প্ৰতিবেদনত অসম আৰক্ষীৰ একাংশই সেই সময়ত পালন কৰা নিৰ্ল্লজ ভূমিকা সন্দৰ্ভত উল্লেখ কৰিছে যে - ''নেশ্যনেল পুলিচ কমিশ্যনে পুলিচ বিষয়া সকলৰ মাজত এই ব্যৱস্থা দেখিবলৈ পাইছে যে তেওঁলোকে সাম্প্ৰদায়িক পৰিস্থিতিৰ ক্ষেত্ৰত দায়িত্বৰ পৰা মূৰপোলোকা মাৰে। তেওঁলোক সংঘৰ্ষ জৰ্জৰিত ঠাইলৈ যোৱাৰ পৰা বিৰত থাকে অথবা তাত উপস্থিত হলেও তেওঁলোকে পুলিচ বাহিনীক কামত নলগায়; যদিও পৰিস্থিতিয়ে সেইটো দাবী কৰে অথবা পুলিচ বাহিনীক নেতৃত্বাবিহীন অৱস্থাত থৈ তেওঁলোকে (বিষয়া সকলে) দৃশ্যপট এৰি আতৰি আহে....... ।''

নেলী অঞ্চলত সংঘটিত হোৱা গনহত্যাৰ ভুক্তভোগীয়ে ৬৮৮ টা গোচৰ ৰুজু কৰিছিল, তাৰে ৩১০ টা গোচৰত আৰক্ষীয়ে মহামান্য আদালতত অভিযোগনামা দাখিল কৰিছিল আৰু ৩৭৮ টা গোচৰ শাক্ষী-প্ৰমানৰ অভাৱত আৰক্ষীয়ে বন্ধ কৰিছিল। অভিযোগনামা দাখিল হোৱা ৩১০ টা গোচৰো পৰৱৰ্ত্তী সময়ত অসম চুক্তি অনুসৰি বন্ধ হয়। চৰকাৰে ভুক্তভোগী সকলক সামান্য পৰিমাণৰ ক্ষতিপূৰণ দিয়েই দায় সাৰিল। ১৯৮৩ চনৰ গনহত্যাৰ পিছত চৰকাৰে তিৱাৰী আয়োগ গঠন কৰি তদন্তৰ দায়িত্ব অৰ্পণ কৰে। পৰৱৰ্তী সময়ত তেৱাৰী আয়োগে প্ৰতিবেদন দাখিল কৰে যদিও আজিলৈকে সেই প্ৰতিবেদন ৰাজহুৱা নহল। সেয়ে নেলী অঞ্চলৰ ভুক্তভোগীয়ে আজিও ন্যায় পোৱা নাই।

(©মোস্তাফা খাদ্দাম হুছেইন)

14/01/2023

সদৌ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মেজিৰ উমে কঢ়িয়াই আনক সকলোৰে মাজত সুখ-শান্তি,সমৃদ্ধি আৰু একতাৰ বতৰা।

24/11/2022

'লাচিত দিৱস' উপলক্ষে স্বৰ্গীয় বীৰ লাচিত বৰফুকন দেৱক শ্ৰদ্ধাৰে সোৱঁৰিছোঁ।

Photos from Garuajhar-Kalikhola Anchalic Committee AAMSU's post 08/11/2022

GENERAL MEETING
Dated:Garuajhar 08 November 2022
Location - G.K.A.C (AAMSU) Office, Garuajhar.

Photos from Garuajhar-Kalikhola Anchalic Committee AAMSU's post 31/10/2022

আজি ইং ৩১/১০/২০২২ তাৰিখ সোমবাৰে গ:কা:আঞ্চলিক সমিতিৰ স্থায়ী কাৰ্যালয়ত ল'ৰা ছোৱালী উভয়ে নতুনকৈ প্ৰায় ৩০ গৰাকী সদস্যক যোগদান কৰা হয়।

14/10/2022

।।ঘৰে ঘৰে শিক্ষা,তেতিয়াহে ৰক্ষা।।
।। আমছু জিন্দাবাদ।।

02/10/2022
02/10/2022

জাতিৰ পিতা মহাত্মা গান্ধীৰ জয়ন্তী উপলক্ষে তেখেতক শ্ৰদ্ধাৰে সোৱঁৰিছোঁ।

Photos from Garuajhar-Kalikhola Anchalic Committee AAMSU's post 15/08/2022

৭৬ তম স্বাধীনতা দিৱস উদযাপন।
গৰুৱাঝাৰ-কালিখোলা আঞ্চলিক সমিতি (আমছু) ৰ স্থায়ী কাৰ্যালয় প্ৰাঙ্গন।

09/07/2022

সদৌ অসমবাসী ৰাইজলৈ গৰুৱাঝাৰ-কালিখোলা আঞ্চলিক সমিতি (আমছু) ৰ তৰফৰ পৰা "ঈদ-উল-আযহা" ৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই ঈদে সকলোৰে মাজলৈ কঢ়িয়াই আনক শান্তি-সমৃদ্ধিৰ বাৰ্তা।🥰

27/06/2022

সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে কলা,বাণিজ্যিক আৰু বিত্তীয় শাখাত উত্তীৰ্ণ হোৱা সমূহ ছাত্ৰ-ছাত্ৰীসকললৈ গৰুৱাঝাৰ-কালিখোলা আঞ্চলিক সমিতি (আমছু) ৰ তৰফৰ পৰা হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে সকলোৰে সুস্বাস্থ্য ও মঙ্গল কামনা কৰিলোঁ।
আশা কৰোঁ সকলোৱে যাতে ভৱিষ্যতে দেশৰ সুনাম কঢ়িয়াই অনাত সফল হওঁক।
Heartiest Congratulations all of You Dear HS Students. We Proud of You.

Want your organization to be the top-listed Government Service in Darrang?
Click here to claim your Sponsored Listing.

Videos (show all)

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন 'আমছু'ৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি মাননীয় "ৰেজাউল কৰিম চৰকাৰ" ডাঙৰীয়াৰ নিৰ্দেশ ম...

Category

Address

Darrang

Other Social Services in Darrang (show all)
Amar Naptipara Amar Naptipara
Naptipara
Darrang

Safiqul islam Safiqul islam
Dalgaon
Darrang, 784115

Hirabari Jeuti Sangha Hirabari Jeuti Sangha
Darrang, 784522

�হিৰাবাৰি জেউতি সংঘ �

Khadiza Begum Khadiza Begum
Darrang, 784115

Masud

আমি নিৰপেক্ষ আমি নিৰপেক্ষ
Darrang, 784115

সন্ত্ৰাবাদিৰ কোনো ধৰ্ম নাই।

Rafikul Islam khan Rafikul Islam khan
Darrang, 784115

Suban Saha Bjp Dalgoan 68no Lac. Suban Saha Bjp Dalgoan 68no Lac.
Gopalnagar
Darrang, 784115

I am a social wOrker... serving to poor people is my deed.

Sikaribangla Unit ABSU Sikaribangla Unit ABSU
Darrang

welcome to our Sikaribangla unit ABSU page 🙏🙏🙏

Bhooteachang Helping GROUP Bhooteachang Helping GROUP
Darrang, 784523

"we cannot help everyone but everyone can help others"

Dalgaon Higher Secondary School Dalgaon Higher Secondary School
Dalgaon, Darrang
Darrang, 784116

About School

Mafidul Islam Mafidul Islam
Kharupetia
Darrang, 784115

I'm Simple & Honest