Kereng Garo Memorial Puberun Sangha, Beltola

Kereng Garo Memorial Puberun Sangha, Beltola

Oldest Club located in the Heart of Beltola Bazar since 1967

Photos from Kereng Garo Memorial Puberun Sangha, Beltola's post 15/04/2023

কেৰেং গাৰো সোঁৱৰণী পূৱেৰুন সংঘৰ প্ৰাংগনত প্ৰথম বার্ষিক মুকলি বিহুৰ অনুস্থানটী সাফলতাৰে সামৰণি পৰে। বিহুৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে সংঘৰ সভাপতি বিষ্ণু ৰংহাং দেৱে আৰু শ্বহীদ তর্পণ কৰে সংঘৰ কার্য্যকর্তা দীপেন দাস(দীপু) ডাঙৰীয়াই। ইয়াৰ পাছতে পৰম্পৰাগত ভাবে জ্যেষ্ঠ সকলৰ লগতে সংঘৰ সমূহ কার্য্যকর্তা আৰু সদস্য/সদস্যা সকলক অসমীয়াৰ স্বাভিমান এখনিকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়। এই মুকলি বিহু খনে বেলতলা অঞ্চলত একতা আৰু সমন্বয়ৰ বার্তা কঢ়িয়াই আনে । অতি উৎসাহ আৰু একাগ্রতাৰে বেলতলা বাসী ৰাইজে এই বিহু খনত যোগদান কৰি সাফল্যমন্ডিত কৰাত সহযোগিতা আগবঢ়ায়।
সাংস্কৃতিক অনুষ্ঠান আৰু খেল ধেমালিৰে গোটেই দিনটো অতিবাহিত হোৱা দেখা যায়। সাংস্কৃতিক অনুষ্ঠানত বিহু হুচৰি,কাৰ্বি নৃত্য,জেং বিহু পৰিবেশন কৰে। ঠিক একে ধৰনে খেল ধেমালিতো সংগীত চকি,টেকেলি ভঙা,হাঁহ ধৰা খেলা আদি খেল সমূহ অনুষ্ঠিত হয়। শেষত সংঘৰ কার্য্যকর্তা সকলৰ লগতে পূৱেৰুণ বিহু হুচৰি দলৰ বিহুৱা,বিহুৱতী সমন্বিতে সকলোৱে বিহু নাচি আনন্দ ফূর্তি কৰে।

10/04/2023

কেৰেং গাৰো সোঁৱৰণী পূৱেৰুণ সংঘৰ উদ্যোগত মুকলি বিহু ২০২৩ 🙏🏼

07/04/2023

🙏🏼🙏🏼

Photos from Kereng Garo Memorial Puberun Sangha, Beltola's post 06/04/2023

গুৱাহাটী বেলতলা স্থিত অনুসূয়া ডান্স একাডেমীৰ উদ্যোগত কেৰেং গাৰো সোঁৱৰনী পূৱেৰুণ সংঘৰ প্ৰাংগনত যোৱা ৩০ মাৰ্চ তাৰিখৰ পৰা ৫ এপ্ৰিল ২০২৩ লৈ অনুস্থিত হৈ যোৱা বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ যোৱা কালি সামৰণি পৰে। বিভিন্ন কাৰ্য্যসূচীৰে এই সামৰণি অনুস্থানতি অন্ত পৰে। অসমৰ তিনি গৰাকী বিহু সম্রাজ্ঞী ক্ৰমে জোনটি গগৈ,পম্পী হাজৰিকা,দেবাংগনা চুতিয়াৰ উপস্থিতিত কৰ্মশালাত অংশগ্ৰহন কৰা প্ৰশিক্ষণাৰ্থী সকলক একোখন কৈ মানপত্ৰ প্ৰদান কৰা হয় ।এই অনুস্থানতে সংগীত নাটক একাডেমীৰ বিছমিল্লাহ খান বটা প্রাপ্ত অসমৰ সত্ৰীয়া নৃত্য শিল্পী দীপজ্যোতি দিপাংকৰক উষ্ম আদৰণি আৰু সম্বৰ্দ্ধনা জনায় । একাডেমীৰ অধক্ষ্যা অনু বসুমতাৰীয়ে এই কৰ্মশালা উপভোগ কৰিবলৈ অহা ইংলেণ্ডৰ বাসিন্দা আৰ্চি ফেবাৰ আৰু টবি ৰাছচক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায়। অনুস্থানৰ শেষত অনুসূয়া ডান্স একাডেমীৰ আৰু কেৰেং গাৰো সোঁৱৰনী পূৱেৰুণ সংঘৰ বিষয়ববীয়া আৰু সদস্য/সদস্যা সকলে বিহুৱা,বিহুৱতী আৰু বিহু সম্রাজ্ঞী সকলৰ লগত বিহু নাচি প্ৰাক ৰঙালী বিহু উদযাপন কৰে ।

06/04/2023

🙏🏼🙏🏼

Photos from Kereng Garo Memorial Puberun Sangha, Beltola's post 03/04/2023

সংঘৰ প্ৰাংগনত অনুসূয়া ডান্স একাডেমীৰ উদ্যোগত চলি থকা বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ আজিৰ বিশেষ অতিথি তথা প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ২০১১ বর্ষৰ বিহু সম্ৰাজ্ঞী দেবাংগনা চুতীয়া।
প্ৰশিক্ষনৰ সময়ছোৱাৰ ফটো আৰু ভিডিঅ' সকলোৰে বাবে আগবঢ়ালো 🙏🏼.....

Photos from Kereng Garo Memorial Puberun Sangha, Beltola's post 02/04/2023

অনুসূয়া ডান্স একাডেমীৰ উদ্যোগত কেৰেং গাৰো সোঁৱৰনী পূৱেৰুণ সংঘৰ প্ৰাংগনত যোৱা ৩০ মাৰ্চ ২০২৩ তাৰিখৰ পৰা অনুস্থিত হৈ থকা বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ অজিৰ অথিতি বিহু সম্ৰাজ্ঞী পম্পী হাজৰিকা আৰু বিশিষ্ট বিহুৱা দিলীপ হাজৰিকা ডাঙৰীয়া।
কৰ্মশালাৰ প্ৰশিক্ষণৰত কিছু আলোকচিত্ৰ আৰু ভিডিঅ' আগবঢ়ালো.....

31/03/2023
Photos from Kereng Garo Memorial Puberun Sangha, Beltola's post 30/03/2023

আজিৰ পৰা আমাৰ সংঘৰ প্ৰাংগনত বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা আৰম্ভ হয়। কৰ্মশালা খনৰ উদ্যোগ লয় স্থানীয় 'অনুসূয়া ডেন্স একাডেমীৰ' অধ্যক্ষ অনু বসুমতাৰী ডাঙৰীয়ানীয়ে। প্ৰশিক্ষক হিচাপে অংশ গ্ৰহন কৰে বিহু সম্ৰাজ্ঞী জোনটি গগৈ,বিহুৱা প্ৰদীপ দাস,ব্ৰজেন টেৰন আদিয়ে। প্রথম বাৰৰ বাবে অনুস্থিত হোৱা বিহুৰ কৰ্মশালা খন আমাৰ সংঘৰ প্ৰাংগনত সূচাৰু ৰূপে অনুস্থিত হোৱা বাবে আমি বেলতলা বাসী হিচাবে গৌৰৱ অনুভব কৰিছো লগতে প্ৰশিক্ষাৰ্থী সকলৰ উজ্জল ভৱিষ্যৎ কামনা কৰিলো।
কৰ্মশালাৰ কিছু আলোকচিত্র আৰু ভিডিঅ ৰাইজৰ আগত আগবঢ়ালো।

Photos from Kereng Garo Memorial Puberun Sangha, Beltola's post 19/03/2023

কেৰেং গাৰো সোঁৱৰণী পূৱেৰুন সংঘৰ নতুন কৈ নিৰ্মান হবলগীয়া ভৱনৰ ভূমি নিৰীক্ষন কৰিবলৈ অহা দিছপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক মাননীয় শ্ৰীযুত অতুল বৰা ডাঙৰীয়াৰ লগতে সংঘৰ কায্যকৰ্তা সকলৰ কিছু মুহুৰ্ত.....

02/03/2023

আমাৰ আগন্তুক অনুষ্ঠানৰ বাবে আমাৰ সৈতে যোগদান কৰক । ধন্যবাদ 🙏

Photos from Kereng Garo Memorial Puberun Sangha, Beltola's post 26/01/2023

কেৰেং গাৰো সোঁৱৰণী পুবেৰুণ সংঘত সৰস্বতী পূজাৰ কিচু মুহুৰ্ত ।

Photos from Kereng Garo Memorial Puberun Sangha, Beltola's post 14/01/2023

২০২২-২৩ চনৰ প্ৰদৰ্শনী আৰু খাদ্যা মেলাৰ অনুস্থানৰ কেইটামান মুহুৰ্ত 🙏🏼❤❤❤

Tribal ethnic food fest || Beltola || Guwahati city 28/12/2022

Tribal ethnic food fest || Beltola || Guwahati city tribal ethnic food fest guwahati beltola till upto 13 January 2023 &travel

Photos from Kereng Garo Memorial Puberun Sangha, Beltola's post 23/12/2022
Photos from Kereng Garo Memorial Puberun Sangha, Beltola's post 22/12/2022

মুকলি অনুষ্ঠান 👍

10/12/2022

আগন্তুক অনুষ্ঠানৰ বাবে পূৰ্ণগতিত প্ৰস্তুতি 👍

Photos from Kereng Garo Memorial Puberun Sangha, Beltola's post 08/10/2022

Beltola Bazar Sarbajanin Durga Puja Udjapon Samittee 2022

26/08/2022

Durga Puja 2022

Photos from Kereng Garo Memorial Puberun Sangha, Beltola's post 24/08/2022

আজি ইং ২৪ আগষ্ট ২০২২ চন বুধবাৰে কেৰেং গাৰো সোৱৰণী পূৱেৰুণ সংঘ প্ৰাংগনত এখনি সভা আগন্তুক প্ৰথম বাৰ্ষিক বেলতলা সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ উদ্যোগত দূৰ্গা পূজা উদযাপন কৰাৰ বাবে ৰাইজৰ দিহা পৰামৰ্শ বিচাৰি সৰ্বসন্মতীমৰ্মে পূজাখন পাতিবৰ বাবে যো জা কৰা হৈছে।।
উক্ত পূজাখনত বৃহত্তৰ বেলতলাবাসী ৰাইজৰ সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিলো

16/08/2022

76th Independence Day Celebration 🇮🇳

Photos from Kereng Garo Memorial Puberun Sangha, Beltola's post 16/08/2022

Xilanyakh Programme organised by Members of Kereng Garo Memorial Puberun Sangha

Want your organization to be the top-listed Non Profit Organization in Gauhati?
Click here to claim your Sponsored Listing.

Telephone

Website

Address

Beltola Bazar, Peer Azan Fakir Road
Gauhati
781028