DrRainee's Healthy Way

DrRainee's Healthy Way

I am Dr Rainee Devi ( Ayurvedic consultant) .My aim is to create awareness about the locally availab

07/04/2024

ককা আইতাৰ দিনৰে পৰা চলি অহা ৩ বিধ খাদ্য ঔটেঙা, ঢেকীয়া আৰু কল পছলা বহুতো বেমাৰৰ ঔষধ। খাদ্য কেইবিধ কি কি বেমাৰৰ ঔষধ জানিবলৈ video টো চাব, share কৰিব যাতে সকলোৰে সহায় হয় । পেজটো follow কৰিবলৈ নাপাহৰিব যাতে আহিব লগা প্ৰতিটো video চাব পাৰে

30/03/2024

চ'ত ব'হাগ মাহত কি কি ছবিধ শাক খালে বহুত বেমাৰ নহয়? জানিবলে video তো চাব আৰু পেজতো follow কৰিবলৈ নাপাহৰিব
#নৰসিংহ #ভেদাইলতা

21/03/2024

চজিনা আৰু চজিনা পাত খালে কি উপকাৰিতা পোৱা যায়? কি কি বেমাৰত ভাল? বহুতো গুৰুত্বপূৰ্ণ কথা জানিবৰ বাবে চাব video টো আৰু পেজটো like follow কৰিবলৈ নাপাহৰিব

16/03/2024

দুবিধ কেঁচাই খোৱা ফল কি কি বেমাৰত উপকাৰী? জানিবলৈ video টো চাব আৰু share কৰিব, পেজটো follow কৰিবলৈ নাপাহৰিব

09/03/2024

#কোন_২বিধ_শাক_বহুত_বেমাৰৰ_ঔষধ! আৰু কিয় উপকাৰী জানিবলৈ video টো চাব আৰু পেজটি like follow কৰিবলৈ নাপাহৰিব
#আয়ুৰ্বেদিক

08/03/2024

#প্ৰতিগৰাকী_নাৰীয়ে_এবাৰ_পঢ়ি_চাব
#নাৰীয়ে_কিদৰে_স্বাস্থ্যৰ_যতন_লোৱা_উচিত? আজি ৮ মাৰ্চ- নাৰী দিৱস | প্ৰতিগৰাকী নাৰীক নাৰী দিৱসৰ শুভেচ্ছা জনালোঁ। নাৰীয়ে জীৱনৰ বিভিন্ন স্তৰত বিভিন্ন দায়িত্ব পালন কৰে বা পৰিয়ালৰ সকলোৰে সুস্বাস্থ্যৰ বাবেও চিন্তা কৰে। সকলোৰে প্ৰতি দায়িত্ব পালন কৰি থাকোতে বহু নাৰীয়ে নিজৰ স্বাস্থ্যৰ কথা চিন্তা কৰিবলৈও কেতিয়াবা আহৰি নাপায়। সেয়েহে আজিৰ বিশেষ দিনটোত সকলোৱে জনা কেইটামান সহজ টিপছ শ্বেয়াৰ কৰিব খুজিছো যিবোৰ মানি চলিলে মহিলা সকলে নিশ্চয় উপকৃত হ'ব পাৰিব। মহিলাসকলে নিজক কিমান ভাল পায় সেইটো আজি নিজেই গম পাব। টিপছবোৰ scoring নিজে কৰিব আৰু যিকেইটা ভাল লাগে follow কৰিব বা মানি চলিব । সুস্বাস্থ্যৰ বাবে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মহিলাসকলে এনেকুৱা কি কি টিপছ বা দিহা মানি চলিব পাৰে জানোচোন আহক

☘️☘️ৰাতিপুৱা কেতিয়া উঠে আপুনি?এটা সুন্দৰ দিনটোৰ আৰম্ভণি এটা সুন্দৰ ৰাতিপুৱাৰে কৰিব লাগে। ৰাতিপুৱাৰ প্ৰথম ভাল অভ্যাস হৈছে সোনকালে শুই উঠাটো। শুই উঠি ৰাতিপুৱাৰ কোমল ৰ'দ আৰু মুকলি বিশুদ্ধ বতাহ ল'ব লাগে। ই দেহ মন দিনটোৰ বাবে সতেজ কৰি তুলিব। তদুপৰি সোনকালে শুই উঠিলে দিনটোৰ কামখিনি নিয়াৰিকৈ কৰিব পাৰি আৰু মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন ল'বলৈ সময়ো পাব। আৰু দেৰিকৈ উঠা মহিলাৰ দিনটোৰ সকলো ৰুটিন খেলিমেলি হয় ।
☘️☘️ ৰাতিপুৱা খালি পেটত কি খায় আপুনি? সুস্বাস্থ্যৰ বাবে এটা ভাল অভ্যাস হৈছে খালি পেটত পানী খোৱা অভ্যাস। ৰাতিপুৱা পানী কিয় খাব লাগে? গোটেই ৰাতি শুই থকা সময়খিনিত আমি একো নাখাও আনকি পানীও নাখাও। সেই সময়ত আমাৰ দেহত অলপ দিহাইড্ৰেচন হয় আৰু দেহত বৰ্জিত পদাৰ্থ বা toxins জমা হয়।গতিকে ৰাতিপুৱা পানী খালে দিহাইড্ৰেচন দূৰ হয়, টকচিন্স বা দেহৰ বৰ্জিত পদাৰ্থ ওলাই যায় আৰু লগতে পেট চাফা হয়, হজমী শক্তিও বৃদ্ধি হয়। কলেষ্টৰল, কৌষ্ঠকাঠিন্য, পাইলছ, মেদবহুলতা আছে যদি গৰম পানী খাব পাৰে। ঠাণ্ডাত সকলোৱে কুহুমীয়া পানী খাব পাৰিলে ভাল। বাকী মানুহে ঠাণ্ডা বা নৰমেল পানী খালেই হয়।
☘️☘️ ৰাতিপুৱা আহাৰত বা ব্ৰেকফাষ্ট কি কৰে আপুনি? ইয়াৰ লগতো আপোনাৰ স্বাস্থ্য নিৰ্ভৰ কৰে। বহু মহিলাই কামৰ ব্যস্ততাৰ বাবে ব্ৰেকফাষ্ট ভালকৈ কৰিবলৈ সময় নাপায়। কিছুমানে ক্ষিণাবলৈ জানিবুজি ব্ৰেকফাষ্ট skip কৰে বা নাখায়। কিছুমান মহিলাৰ খুব গাখীৰ চাহ খাই থাকে যাৰ বাবে ভোক কমি যায়। কিছুমান মহিলাই মেগী বা তেনেকুৱা ধৰণৰ ৰেডিমেদ খাদ্য খায়। আচলতে ব্ৰেকফাষ্ট skip কৰিব নালাগে বা নোখোৱাকৈ থাকিব নালাগে। ( অৱশ্যে যিসকলে ফিটনেছ এক্সপাৰ্টৰ তত্বাৱধানত ডায়েটিং কৰে তেওঁলোকৰ কথা বেলেগ)। গোটেই ৰাতি সাত আঠ ঘণ্টা শুই থাকোতে নেচাৰেলি ফাষ্টিং কৰাৰ দৰে হয় যাৰ বাবে ৰাতিপুৱা পেট পুৰাই খাব লাগে যাতে দিনটোৰ বাবে এক্তিভ হৈ থাকিব পৰা যায়।মেগী বা এনেকুৱা ৰেডিমেদ বস্তু খাব নালাগে। ৰাতিপুৱাই এনেকুৱা preservative দিয়া খাদ্য খোৱাতকৈ ঘৰতে বনোৱা ফ্রেশ বস্তু খাব লাগে। ভাত, ৰুটি, জলপান, ডালিয়া, oats আদিৰ দৰে স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট সকলোৰে বাবে উপকাৰী।
অসমীয়াত এষাৰ কথা আছে ' ৰাতিপুৱা খাবা ৰজাৰ দৰে, দুপৰীয়া খাবা প্ৰজাৰ দৰে, ৰাতি খাবা দৰিদ্ৰৰ দৰে।
☘️☘️ ৰুটিন মতে খায়নে আপুনি? সুস্বাস্থ্যৰ বাবে ৰুটিনমতে খোৱাটো প্ৰয়োজনীয়। আপুনি যিটো সময়ত খায় সেইটো সময়তে খাবলৈ অভ্যাস কৰক। যদি ৰাতিপুৱা ৮ তাত ব্ৰেকফাষ্ট কৰে তেন্তে ৮ তাতে খাব লাগে। কোনোবাই ৯ তাত খালে সেই টাইমতে খাব লাগে। এইদৰে ৰুটিনমতে খালে এটা biological clock ৰ নিচিনা হৈ যায় আৰু শৰীৰে সেইমতে adjust কৰে। আপুনি যিটো সময়ত খায় সেইটো সময়টোতে আপোনাৰ সদায় ভোক লাগে চাবচোন। অনিয়মিয়া হলে পেটৰ গণ্ডগোল বেছি হয় । যেনে হোষ্টেলত থকা লৰা ছোৱালী বোৰৰ গেছ, এচিডিটি বা ডিচেন্ত্রী ডায়েৰীয়া বেছি হয় নহয়নে?
☘️☘️ নিজকে ফিট ৰাখিবলৈ কি কৰে? প্রকৃততে ঘৰুৱা কাম কাজৰ মাজেদিয়েই সকলো ফিট থাকিব পাৰি। কিন্তু ইয়াৰ উপৰিও খোজকঢ়া, জগিং বা নিজৰ সুবিধা মতে অন্য কিছুমান exerise কৰি এক্তিভ থাকিব লাগে। ইয়াৰ পৰা কি কি লাভ হয়? শাৰীৰিক পৰিশ্ৰম কৰিলে দেহত তেজৰ চলাচল বা blood circulation ভালকৈ হয় আৰু বিপাক বা metabloism ভালকৈ হয়, খাদ্য হজম হয়, অলাগতিয়াল টকচিন্স ওলাই যায় আৰু ফিট থাকিব পাৰি। কাম বন কৰি থাকিলে মনবোৰ ভাল লাগে। বেয়া চিন্তা নাহে, সময়ৰ সদব্যৱহাৰ হয়। আত্মনির্ভৰশীল হোৱা যায়। দৃঢ়তা, আত্মবিশ্বাস, দৃঢ় মনোবলৰ প্রতিগৰাকী নাৰীয়েই নিজকে ফিট ৰাখিব পাৰে।

☘️ৰাতি আহাৰ কেনেকুৱা হ'ব লাগে? ৰাতিৰ আহাৰ পাতল হলে ভাল কাৰণ ৰাতি শুই থাকোতে আমাৰ পাচনতন্ত্ৰৰ কামকাজ লেহেমীয়া গতিত হয়। সেয়ে সহজে হজম হোৱা খাদ্য খাব লাগে। ৰাতিৰ আহাৰ খোৱাৰ দুই তিনি ঘণ্টাৰ পিছত শুব লাগে। বাওঁ কাটি কৰি শুলে ভাল। তেতিয়া খাদ্যখিনিৰ লগত HCL বা হাইড্ৰক্লৰিক এচিড আৰু পেপচিন ভালকৈ মিহলি হয় আৰু গেছ ,এচিদিটি, বদহজম নহয়। heart বা হৃদযন্ত্ৰও বাওঁ ফালে থাকে সেয়ে বাওঁ কাটি কৰি শুলে দেহত তেজৰ চলাচল ভালকৈ হয়। টোপনিও ভালকৈ আহে।

☘️☘️আপুনি ঋতু অনুসৰি খাদ্য খাদ্য খায়নে বা সৌন্দৰ্য চৰ্চা কৰেনে ? সুস্বাস্থ্যৰ বাবে ঋতু অনুসৰি খাদ্য খোৱা উচিত আৰু সৌন্দৰ্য চৰ্চা কৰা উচিত। যেনে ধৰক বসন্ত কালত নিমপাত, তিতাকেৰেলা, তিতাফুল, দোৰোণ শাক আদি খাব লাগে যাতে বসন্ত কালৰ বহু ৰোগৰ পৰা হাত সাৰিব পাৰি। সুস্বাস্থ্যৰ বাবে প্ৰাকৃতিক ভাবে তুলসী, হালধি, পদিনা আদি বনৌষধিৰে মাজে মাজে শৰীৰ শোধন কৰিব লাগে। সৌন্দৰ্য চর্চাতো প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰিলে ছাল চুলিৰ সৌন্দৰ্য বৰ্ধন হয়। পৰম্পৰাগত ভাবে চলি অহা কিছুমান নীতি নিয়মে আমাক স্বাস্থ্যবান আৰু দীর্ঘয়ু কৰি ৰাখে।

☘️☘️ নিজৰ স্বাস্থ্যক লৈ কিমান সচেতন আপুনি? ভাৰতীয় মহিলাসকলৰ বহুতৰে ৰক্তহীনতা বা এনিমিয়া থাকে। ইয়াৰ মুখ্য কাৰণ হৈছে পুষ্টিহীনতা, মাহেকীয়া সময়ত হোৱা অত্যাধিক ৰক্তস্ৰাৱ আৰু অন্যান্য কিছুমান কাৰণ। কলদিল, বীট, পালেং, ডালিম আদি আইৰণ যুক্ত খাদ্য আৰু ভিটামিন চি যুক্ত খাদ্যই মহিলাসকলৰ ৰক্তহীনতা দূৰ কৰাত সহায় কৰে। বগাস্ৰাবৰ সমস্যাত ভোগা সকলেও লাজ, ভয় সংকোচৰ বাবে ডাক্তৰৰ পৰামৰ্শ ল'ব নোখোজে। আজিকালি বহুতো মহিলাই গম নোপোৱাকৈ থাইৰয়ডৰ সমস্যা, পলিচিষ্টিক অভেৰিয়ান ডিজিজ আৰু অন্যান্য হৰমনজনীত সমস্যাত ভোগে। উচ্চ ৰক্তচাপ আৰু নিম্ন ৰক্তচাপ, মাহেকীয়া বন্ধ হোৱাৰ সময়ত গাঁঠিৰ বিষ, অষ্টিওপ'ৰচিছ এনেকুৱা বহুতো স্বাস্থ্যজনীত সমস্যাত মহিলাসকল ভুগিব লগা হয়। এই সকলোবোৰ সমস্যাৰ সমাধান আয়ুৰ্বেদত আছে। সঠিক জীৱনশৈলী, সঠিক খাদ্যভ্যাস আৰু আয়ুৰ্বেদিক চিকিৎসাৰ সহায়ত মহিলাই এনে
বোৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে । বয়সন্ধিৰ সময়, গৰ্ভাৱস্থা, প্ৰসূতাৱস্হাত , ৰজনিবৃত্তিৰ সময়ত বিশেষভাবে মহিলাসকলে যত্ন ল'ব লাগে। ককা আইতাৰ দিহাবোৰে এইক্ষেত্ৰত যথেষ্ট সহায় কৰে
🌼🌼 ৰাতি টোপনি খতি কৰে নেকি? সুস্বাস্থ্যৰ বাবে ৰাতি পৰ্যাপ্ত পৰিমাণৰ টোপনিৰ প্ৰয়োজন। শুই থাকোতে body repair হয় স্কিন repair হয় আৰু মগজু বা ব্ৰেইন ও ফ্রেচ হয়। প্রতিগৰাকী মহিলাই দৈনিক সাত আঠ ঘণ্টাকৈ শুব চেষ্টা কৰক। ৰাতি টোপনি খতি হ'লে স্বাস্থ্যত বেয়া প্ৰভাৱ পৰে, হৰমনৰ খেলিমেলি ও বেছি হয় আৰু স্কিনৰ সমস্যা ও বাঢ়ে।
🌼🌼 নিগেটিভ চিন্তাই আপোনাক অশান্তি দিয়ে নেকি? আমাৰ স্বাস্থ্যত নিগেটিভ বা ঋণাত্মক চিন্তাই স্বাস্থ্যত বেয়া প্ৰভাৱ পেলায়, ব্ৰেইন, হৰমনসমূহৰ ওপৰতো প্ৰভাৱ পেলায়। সেয়ে নিগেটিভ চিন্তা ত্যাগ কৰি পজিটিভ চিন্তা কৰিবলৈ চেষ্টা কৰিব লাগে। গতিকে সদায়ে মনতো ভাল লগা অনুভূতিৰে ভৰাই ৰাখক। যোগ, প্রানায়ম, মেডিটেছনৰ সহায় ল'লে এই কাম সহজ হৈ পৰে।

☘️☘️ এই সৰু সৰু কথাবোৰ যদি প্রতিগৰাকী নাৰীয়ে মানি চলে তেন্তে তেওঁলোক নিঃসন্দেহে সুস্বাস্থ্যৰ গৰাকী হ'ব। এটা লেখাত গোটেইবোৰ কথা সাঙুৰি লোৱাটো সহজ নহয়। তথাপি যিমান পাৰোঁ মনত অহা কথাবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। সকলো স্বাস্থ্যবান আৰু দীৰ্ঘায়ু হওক তাৰে কামনা কৰিলোঁ

ডাঃ ৰেইনী দেৱী ( আয়ুৰ্বেদিক চিকিৎসক )
BAMS ( GU)
গুৱাহাটী - ফোন 7399114617

25/02/2024

#ফাগুন_মাহত_কোন_৫বিধ_খাদ্য_খালে_সহজে_বেমাৰ_নহয়? #ফাগুন_মাহত_ছালৰ_যত্ন_কেনেকৈ_লোৱা_উচিত? বহুতো গুৰুত্বপূৰ্ণ কথা আজিৰ video ত আছে চাব আৰু share কৰিব 🙏।

Photos from DrRainee's Healthy Way's post 20/02/2024

( For 4 year degree course) আকৌ আমাৰ এটা ভাল খবৰ আপোনালোকক জনাব খুজিছোঁ। নতুন শিক্ষানীতিৰ আধাৰত স্নাতক মহলাৰ চাৰি বছৰীয়া পাঠ্যক্ৰমৰ ভিতৰত সংযোজন কৰা ' YOGA ' ৰ ইংৰাজী সংস্কৰণখন ইতিমধ্যে প্ৰকাশিত হৈছে। কেৱল অসমীয়াতে নহয় ইংৰাজীতো পঢ়িব পাৰিব ছাত্ৰ ছাত্ৰীসকলে। ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'লে আমাৰ কষ্টখিনি সাৰ্থক হ'ব। 'যোগ'ক সকলোৱে আদৰি লওক আৰু শাৰীৰিক মানসিকভাবে স্বাস্থ্যবান হৈ থাকক। ৰাইজে আমাৰ তিনিওজনকে আশীৰ্বাদ কৰিলে আমি ধন্য হ'ম 🙏

Photos from DrRainee's Healthy Way's post 18/02/2024

শুভ ৰবিবাৰ। আশাকৰোঁ আপোনালোক সকলো ভালে আছে

16/02/2024

#ভিটামিন_ই_ছালৰ_বাবে_কিমান_উপকাৰী? #ব্যবহাৰ_কৰা_সঠিক_নিয়ম_কি? এনেকুৱা বহুতো গুৰুত্বপূৰ্ণ কথা জানিবলৈ video টো চাব আৰু পেজটো follow কৰিবলৈ নাপাহৰিব

08/02/2024

#আমাৰ_ঘৰৰ_এজোপা_আচৰিত_গছ চাব video টোত আৰু মই কিদৰে ফুলৰ যত্ন লওঁ তাৰ বিষয়ে এটা vlog দিছোঁ। Share আৰু follow কৰিবলৈ নাপাহৰিব

05/02/2024

#কাঠবাদাম_খালে_কোন_দহটা_উপকাৰিতা_পোৱা_যায়? #কাৰ_বাবে_অপকাৰী? #খোৱাৰ_সঠিক_নিয়ম_কি? সকলো কথা জানিব পাৰিব video ত। চাব আৰু share কৰিব, পেজটো follow কৰিবলৈ নাপাহৰিব

30/01/2024

#নেমুৰ_দৰে_গোন্ধ_থকা_আচৰিত_বনৌষধি_lemongrass_কি_কি_বেমাৰত_উপকাৰী জানিবৰ বাবে video চাব আৰু share কৰিব। পেজটো follow কৰিবলৈ নাপাহৰিব

23/01/2024

এটা ডাঙৰ খবৰ অসমবাসী ৰাইজৰ লগত share কৰিব খুজিছোঁ। খবৰটো জানিবলৈ video টো চাব আৰু আশীৰ্বাদ দিব 🙏🙏। পেজটো follow কৰিবলৈ নাপাহৰিব
#যোগ

Photos from DrRainee's Healthy Way's post 15/01/2024

আপোনলোক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো | বিহু বুলি পৰিয়ালৰ লগত ভাল লগা সময়খিনি ধৰি ৰাখিলো

14/01/2024

#ভোগালীৰ_উৰুকা #ভোগালী_বিহু #নাৰিকলৰ_দহটা_আচৰিত_গুণ_কি_কি? সবিশেষ জানিবলৈ video টো চাব share কৰিব। পেজটো like follow কৰিবলৈ নাপাহৰিব।

07/01/2024

সকলোৱে চাব লগা এটি video

04/01/2024

#নতুন_বছৰৰ_প্ৰথম_video #চুলি_সৰা_কম_কৰা_পাঁচবিধ_শীতৰ_শাকপাচলি_কি_কি? জানিবলৈ চাব আৰু পেজটো follow কৰিব যাতে সকলো video ৰ update পাই থাকে।

01/01/2024

সকলোকে ইংৰাজী নববৰ্ষৰ শুভেচ্ছা জনালো । সকলো সুস্বাস্থ্যৰ গৰাকী হওক তাৰেই কামনা কৰিলো 🙏🙏

Photos from DrRainee's Healthy Way's post 28/12/2023

বছৰটোৰ শেষত আপোনালোকলৈ এটা প্ৰশ্ন দেই😆😆। এই ফলটোৰ নাম কি বাৰু? সোৱাদ মিঠা আৰু খাওঁতে নেমু, মৌচুমী, ৰবাব টেঙা, কমলা টেঙা গোটেইবোৰ যেন লাগে। সদায় মই আপোনালোকৰ উত্তৰ দি থাকো আজি মোৰ উত্তৰ দিব দেই। Google ত চালোঁ যদিও জনাসকলৰ পৰা মই জানিব খোজোঁ। দায় দোষ নধৰিব দেই । বছৰটোৰ শেষ বুলি মোৰো কিবা এটা মন গৈছে আজি 😆। ফলটোৰ video মোৰ পেজ DrRainee's Healthy Way ত চাব পাৰিব ইচ্ছা কৰিলে।

28/12/2023

আমাৰ ঘৰত লগা এটা বেলেগ ধৰণৰ ফল আৰু মোৰ খেতি চাব দেই 😆😆

Photos from DrRainee's Healthy Way's post 28/12/2023

#মেথিশাকৰ_গুণাগুণ_জানি_লওক:- শীত অহাৰ লগে লগে মেথিশাকৰ দৰে সেউজীয়া শাকৰ জুতি লৈ সচাই ভাল লাগে নহয়নে? মেথি শাক ভাজি থাকোতে ইয়াৰ মলমলীয়া গোন্ধে খাওঁতাজনক দূৰৰ পৰাই আকৰ্ষণ কৰে। খাওঁতে অলপ তিটিকি তিটিকি লাগে যদিও খাই ভাল পোৱা সকলৰ বাবে ই এবিধ প্ৰিয় শাক। তদুপৰি ডায়েবেটিচ ৰোগীৰ বাবে উপকাৰী হোৱাৰ বাবে ইয়াৰ চাহিদাও বেছি। সমগ্ৰ এছিয়াতেই মেথিৰ ব্যৱহাৰ হয়। ইয়াৰ উপৰিও তুৰ্কীছ, পাৰ্ছীআন, ইজিপ্টছিয়ান খাদ্যসম্ভাৰত মেথিৰ ব্যৱহাৰ হোৱা দেখা যায়। সমগ্ৰ ভাৰততে মেথিৰ ব্যৱহাৰ হয় যদিও উত্তৰ ভাৰতৰ বিভিন্ন জনপ্ৰিয় ব্যঞ্জনত মেথি শাক এবিধ আৱশ্যকীয় উপকৰণ যেনে মেথি পৰঠা, আলু মেথি, মেথি চিকেন আদি। ব্যঞ্জনত এই মেথি শাক দুই ধৰণেৰে ব্যৱহাৰ হয় , এবিধ হৈছে কেঁচা মেথি শাক আৰু আনবিধ হৈছে শুকান মেথি শাকৰ পাত যাক কঁচুৰী মেথি বুলি কোৱা হয়। শুকুৱাই তৈয়াৰ কৰা মেথি শাক বা কঁচুৰী মেথি বহুতো 'মোগলাই' ব্যঞ্জনত ব্যৱহাৰ হয়। গতিকে দেখা যায় যে অতীতৰে পৰা ভাৰতত এই কঁচুৰী মেথিৰ ব্যৱহাৰ হৈ আহিছে। আমাৰ পছন্দৰ তন্দুৰী চিকেন, চিকেন টিক্কা, চিকেন বাতাৰ মচলা, পনীৰ বাতাৰ মচলা , চাহি পনীৰ আদি ব্যঞ্জনত প্ৰধানকৈ কঁচুৰী মেথিৰ ব্যৱহাৰ হয়। বাতাৰ বা ঘিঁত ৰঙা জলকীয়া আৰু কঁচুৰী মেথিৰ ফোৰণ দি বনোৱা 'তাৰকা' খনে বহু ব্যঞ্জনৰ ৰং ৰূপেই সলনি কৰি দিয়ে । এই মেথিশাক পৰিপুষ্টিৰ ফালৰ পৰাও উৎকৃষ্ট। ইয়াত থকা চত'লন ( sotolon) নামৰ ৰাসায়নিক পদাৰ্থৰ বাবে মেথিৰ ধুনীয়া মলমলীয়া গোন্ধটো পোৱা যায়। ইয়াৰ উপৰিও কাৰ্বোহাইড্ৰেট, প্ৰটিন, আঁহ, চডিয়াম, পতাছিয়াম, মেগনেছিয়াম, ফচফৰাছ, কেলচিয়াম, ভিটামিন বি 6, থায়মিন, নিআচিন, ফলিক এচিড আদি ভিটামিন বি যৌগ, আইৰণ আদি আৱশ্যকীয় উপাদান আছে। স্বাস্থ্য আৰু ৰোগ নিৰাময়ত মেথিশাকে কিদৰে সহায় কৰে তলত থুলমূলকৈ দিয়া হৈছে:-
🌺🌺 ডায়েবেটিচ ৰোগীৰ বাবে মেথিশাক অতি উপকাৰী। নিয়মিতভাৱে মেথিশাক খালে ই ব্লাড চুগাৰ নিয়ন্ত্ৰণত সহায় কৰে। গৱেষণাৰ পৰা দেখা গৈছে যে ই ইনচুলিন হৰমনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। তদুপৰি সুস্থ মানুহৰ বাবেও এই শাক উপকাৰী কাৰণ ইয়াত ভিটামিন, খনিজ আদি প্ৰচুৰ পৰিমাণে আছে আৰু ই ডায়েবেটিচ ৰোগ প্ৰতিৰোধ কৰাতো সহায় কৰে।
🌺🌺 কলেষ্টৰল সমস্যা কম কৰাতো মেথিশাক উপকাৰী। ই শৰীৰৰ বাবে অপকাৰী LDL কলেষ্টৰল কম আৰু উপকাৰী HDL কলেষ্টৰল বৃদ্ধি কৰাত সহায় কৰে।
🌺🌺 মেথিশাকত আঁহ থকাৰ বাবে ই কৌষ্ঠকাঠিন্য সমস্যাত উপকাৰী। ই লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে আৰু পেট পৰিষ্কাৰ কৰি পাচনতন্ত্ৰৰ কাৰ্য্য সুচাৰুভাৱে চলাত সহায়ো কৰে।
🌺🌺 মেথি শাকে কিডনিৰ কাৰ্যক্ষমতা অটুট ৰখাতো সহায় কৰে। কাৰণ ই শৰীৰৰ পৰা অলাগতিয়াল বৰ্জিত পদাৰ্থ নিষ্কাশন কৰাত সহায় কৰে ।
🌺🌺 বিভিন্ন প্ৰকাৰৰ ভিটামিন বি যৌগ পোৱা যায় বাবে মুখৰ ভিতৰত হোৱা ঘাঁ , বেৰি বেৰি ৰোগ বা তেনে অন্য বি ভিটামিন অভাৱজনীত ৰোগ প্ৰতিৰোধ কৰে।
🌺🌺 দুগ্ধৱতী মাতৃৰ বাবেও মেথিশাক উপকাৰী। ই দুগ্ধ উৎপাদন বৃদ্ধি কৰাৰ উপৰিও দুগ্ধৰ শোধনো কৰে।
🌺🌺 জ্বৰ হলে মেথিশাক খালে ই জ্বৰ কম কৰাত সহায় কৰে। তনচিলাইটিছ, ফেৰিনজাইটিছ আদিত মেথিশাক উত্তম পথ্য।
🌺🌺আৰথ্ৰাইটিছ সমস্যাত ভোগা লোকৰ বাবেও মেথিশাক উত্তম। এন্টিঅক্সিডেন্ট থকাৰ বাবে আৰু প্ৰদাহ প্ৰতিৰোধী গুণ থকাৰ বাবে ই আৰথ্ৰাইটিছ সমস্যা কম কৰাত সহায় কৰে। তদুপৰি কেলচিয়াম, আইৰণ, ফচফৰাছ থকা বাবে হাড়ৰ গঠন মজবুত কৰে।
🌺🌺 ৰক্তহীনতা সমস্যাত ভোগা ৰোগীৰ বাবে মেথিশাক উপকাৰী। কাৰণ ইয়াত আইৰণ, ফলিক এচিড, ভিটামিন বি যৌগ আৰু অন্যান্য আৱশ্যকীয় উপাদান আছে।
🌺🌺 গৱেষণাৰ পৰা দেখা গৈছে যে পুৰুষৰ টেষ্ট'ষ্টেৰণ হৰম'নৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাত মেথিশাকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই পুৰুষৰ যৌনক্ষমতা বৃদ্ধি কৰাতো সহায় কৰে। মহিলাৰ মাহেকীয়া জনীত সমস্যাতো মেথিশাক উপকাৰী।
🌺🌺 হাৰ্টৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাতো মেথিশাকে সহায় কৰে কাৰণ ইয়াত কেতবোৰ বিশেষ ৰাসায়নিক পদাৰ্থ আছে যিয়ে হাৰ্টক সুৰক্ষা প্ৰদান কৰে।
🌺🌺 ডায়েট প্লেনত থকা লোকে মেথিশাক সেৱন কৰিলে সুফল পায়।
🌺🌺 গৱেষণাৰ পৰা দেখা গৈছে যে মেথিশাকে ক'লনৰ কেনচাৰ প্ৰতিৰোধ কৰাত সহায় কৰে।
🌺🌺 মেথিশাকৰ সেৱনে ছাল , চুলিৰ সৌন্দৰ্য্য বৃদ্ধি কৰে। আইৰণ, ফলিক এচিড আদি থকাৰ বাবে চুলিৰ পুষ্টিসাধন কৰে, চুলি সৰা সমস্যা কম কৰাত সহায় কৰে।
🌺🌺 পুষ্টি আৰু ঔষধি গুনেৰে ভৰপূৰ মেথিশাকে আমাক স্বাস্থ্যবান কৰি ৰখাৰ উপৰিও বহু ৰোগৰ পৰা বচাই ৰাখে। সেয়েহে বতৰৰ এইবিধ শাক আমি প্ৰত্যেকেই খোৱা উচিত। মেথিশাকৰ পাতখিনি শুকুৱাই আমি সংৰক্ষণ কৰিও ৰাখিব পাৰো যাতে অবতৰত ইয়াক ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে কঁচুৰী মেথি বনোৱা বিধিটো অতি উত্তম। প্ৰথমে মেথিশাকৰ পাতখিনি ভালকৈ উলিয়াই লৈ পানীৰে ধুই এখন শুকান কাপোৰত মেলি লৈ শুকাবলৈ দিব লাগে। তাৰ পিছত এখন চালনি বা অন্য পাত্ৰত লৈ ছাঁত কেইদিনমান শুকুৱাই লব লাগে। সম্পূৰ্ণ শুকুৱাৰ পিছত বটলত ভৰাই থ'ব লাগে। ইচ্ছা কৰিলে মাইক্ৰৱেভত শুকুৱাইও বনাব পাৰি। এনেকৈ প্ৰস্তুত কৰা কঁচুৰী মেথি বহুদিনলৈ ৰাখি ব্যৱহাৰ কৰিব পাৰি। যিকোনো আমিষ বা নিৰামিষ ব্যঞ্জনত কঁচুৰী মেথি দি খাব পাৰি।
#বি:দ্ৰ:- মেথিশাকৰ কোনো অপকাৰ নাই যদিও অত্যাধিক মাত্ৰাত কেতিয়াও খোৱা অনুচিত। কেতিয়াবা হয়তো কিছুমানৰ শৰীৰত এলাৰ্জি সমস্যা হব পাৰে। পৰিমিত মাত্ৰাত এইশাকৰ সেৱন স্বাস্থ্যসন্মত।
#লেখাটো নিয়মীয়া বাৰ্তাৰ স্বাস্থ্য বার্তাত প্ৰকাশ পাইছে।
#ডাঃ ৰেইনী দেৱী ( আয়ুৰ্বেদিক চিকিৎসক)
BAMS ( GU)
গুৱাহাটী, ফোন - 7399114617

Photos from DrRainee's Healthy Way's post 26/12/2023

#বিশেষ_দিন_বিশেষ_সন্মান🙏🙏:- মা দেউতা , ৰাইজৰ আশীৰ্বাদ আৰু ভগৱানৰ কৃপাত বছৰটোৰ শেষত সঁচাই বহুত ডাঙৰ এটা উপহাৰ পালোঁ বুলি উপলব্ধি কৰিছো। উপহাৰ মানে কোনো দামী gift নহয় দেই। পাইছোঁ অকণমান সন্মান -বিশিষ্ট চিকিৎসক, সমাজকৰ্মী হিচাবে। আজি বৰদিনৰ দিনা শ্ৰীমন্তশংকৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান। 'সাধনা সাহিত্য সমাজ' আৰু 'তেজস্বী 'ৰ যৌথ উদ্যোগত কিছুমান বিশেষ বঁটা প্ৰদান হৈছিল। অসমৰ বহু ঠাইৰ বিশিষ্ট শিক্ষাবিদ, শিল্পী, সাহিত্যিক, সমাজকৰ্মী আৰু গণ্যমান্য বহুতো ব্যক্তি আহিছিল বঁটা গ্ৰহণ কৰিবলৈ। সমাজৰ বাবে অৱদান আগবঢ়োৱা এইসকল ব্যক্তিৰ লগতে মই নিজকে দেখা পাই ধন্য হৈছোঁ🙏। কেতিয়াও ভবা নাছিলোঁ মোৰ দৰে সাধাৰণ মানুহক এই সন্মানৰ যোগ্য বুলি সমাজে আদৰ বা সন্মান দিব। সমাজৰ বাবে কিমান কি কৰিব পাৰিছো নাজানো । কিন্তু যেতিয়াই এনেকুৱা অনুষ্ঠানবোৰত মোৰ subscriber সকলক লগ পাওঁ সকলোৱে মোৰ video বা লিখনিৰ যোগেদি উপকৃত হোৱা বুলি কোৱা শুনি ভাবিব নোৱাৰা আত্মসন্তুষ্টি পাওঁ। মনুষ্য জীৱনৰ প্ৰকৃত অৰ্থ বুজি পোৱা পোৱা যেন লাগে। অসমৰ ৰাইজৰ প্ৰতি মই পৰাখিনি কৰি যাম আগলৈও। ৰাইজ উপকৃত হ'লেহে মোৰ জীৱনৰ উদ্দেশ্য সফল হ'ব। আপোনালোকৰ মৰম আশীৰ্বাদ সদায়ে কামনা কৰো। আজি এই দিনটো বিশেষ কৰি তোলাৰ বাবে সাধনা সাহিত্য সমাজৰ মৃদুল বৰ্মন ডাঙৰীয়াকে ধৰি সমূহ কৰ্মকৰ্তাক কৃতজ্ঞতাৰে ধন্যবাদ জনালো🙏🙏

24/12/2023

পকা চুলি ক'লা কৰা ভৃংগৰাজৰ অসমীয়া নাম কি আৰুকি কি ঔষধি গুণ আছে? কি কি বেমাৰত ঔষধ হিচাবে ব্যবহাৰ কৰিব পাৰি জানিবলৈ video টো চাব আৰু পেজটো like follow কৰিবলৈ নাপাহৰিব।

23/12/2023

চাওঁতে চাওঁতে বছৰটো শেষ হ'বলৈ হ'ল ! এই বছৰটোত মোৰ video সমুহত আপোনালোকৰ সহাৰি কিন্তু বহুত পালো। তাৰবাবে আন্তৰিক ধন্যবাদ জনালো🙏🙏🙏| মোৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিম।

17/12/2023

#শীতকালত_indoor_ফুলবিলাক_কেনেকৈ_ৰাখিব_লাগে?মই মানি চলা কেইটামান tips জানিবলৈ চাব দেই video আৰু নতুন কিবা জানিবলৈ কমেণ্ট কৰিব।

Want your business to be the top-listed Beauty Salon in Guwahati?
Click here to claim your Sponsored Listing.

Videos (show all)

ককা আইতাৰ দিনৰে পৰা চলি অহা ৩ বিধ খাদ্য ঔটেঙা, ঢেকীয়া আৰু কল পছলা বহুতো বেমাৰৰ ঔষধ। খাদ্য কেইবিধ কি কি বেমাৰৰ ঔষধ জানিব...
টেঙেচি শাক খালে কি কি উপকাৰিতা পোৱা যায় জানেনে? Video টো চাব#changeri #tengesi #oxalis #herbs #medicinalplants #medicin...
চ'ত ব'হাগ মাহত কি কি ছবিধ শাক খালে বহুত বেমাৰ নহয়? জানিবলে video তো চাব আৰু পেজতো follow কৰিবলৈ নাপাহৰিব #drraineeshealt...
চজিনা আৰু চজিনা পাত খালে কি উপকাৰিতা পোৱা যায়? কি কি বেমাৰত ভাল? বহুতো গুৰুত্বপূৰ্ণ কথা জানিবৰ বাবে চাব video টো আৰু পে...
দুবিধ কেঁচাই খোৱা ফল কি কি বেমাৰত উপকাৰী? জানিবলৈ video টো চাব আৰু share কৰিব, পেজটো follow কৰিবলৈ নাপাহৰিব#drraineeshea...
#কোন_২বিধ_শাক_বহুত_বেমাৰৰ_ঔষধ!  আৰু কিয় উপকাৰী জানিবলৈ video টো চাব আৰু পেজটি like follow কৰিবলৈ নাপাহৰিব#drraineesheal...
#ফাগুন_মাহত_কোন_৫বিধ_খাদ্য_খালে_সহজে_বেমাৰ_নহয়?#ফাগুন_মাহত_ছালৰ_যত্ন_কেনেকৈ_লোৱা_উচিত? বহুতো গুৰুত্বপূৰ্ণ কথা আজিৰ vide...
#ভিটামিন_ই_ছালৰ_বাবে_কিমান_উপকাৰী? #ব্যবহাৰ_কৰা_সঠিক_নিয়ম_কি? এনেকুৱা বহুতো গুৰুত্বপূৰ্ণ কথা জানিবলৈ video টো চাব আৰু প...
#আমাৰ_ঘৰৰ_এজোপা_আচৰিত_গছ চাব video টোত আৰু মই কিদৰে ফুলৰ যত্ন লওঁ তাৰ বিষয়ে এটা vlog দিছোঁ। Share আৰু follow কৰিবলৈ নাপ...
#কাঠবাদাম_খালে_কোন_দহটা_উপকাৰিতা_পোৱা_যায়? #কাৰ_বাবে_অপকাৰী? #খোৱাৰ_সঠিক_নিয়ম_কি? সকলো কথা জানিব পাৰিব video ত। চাব আৰ...
#নেমুৰ_দৰে_গোন্ধ_থকা_আচৰিত_বনৌষধি_lemongrass_কি_কি_বেমাৰত_উপকাৰী জানিবৰ বাবে video চাব আৰু share কৰিব। পেজটো follow কৰিব...
এটা ডাঙৰ খবৰ অসমবাসী ৰাইজৰ লগত share কৰিব খুজিছোঁ। খবৰটো জানিবলৈ video টো চাব আৰু আশীৰ্বাদ দিব 🙏🙏। পেজটো follow কৰিবলৈ ন...

Category

Telephone

Website

Address

Guwahati
781028

Other Health/Beauty in Guwahati (show all)
Prana Yoga Prana Yoga
Jagannath Hazarika Sanskritik Kendra, Near Rupnagar L P School, Rupnagar
Guwahati, 7821032

I am a certified Hatha Yoga teacher and a Yoga for the Special Child teacher in training. I believe that Yoga is for EVERYONE irrespective of age, body types, gender, religion and ...

Miss rosmina afrin Miss rosmina afrin
Assam Guwahati
Guwahati, 781015

reels video

chitra Moni Gohain video chitra Moni Gohain video
Beltola Uday Nagar Krishnapur Pubalipath Near Reliance Mart
Guwahati, 781028

main yeha pain aatcha aatcha video dena chahta hoon

Munmi Borah Makeup Artist Munmi Borah Makeup Artist
Guwahati, 781007

Anti Anxiety Life Style - Guwahati Anti Anxiety Life Style - Guwahati
Guwahati

we provide anti anxiety mindfulness therapy to the people with stressed and anxiety

Swasthya Barta with Dr Prasanta Swasthya Barta with Dr Prasanta
Kahilipara
Guwahati, 781019

Information about people's different health issues and right doctor for it.

SK Harej Ali SK Harej Ali
Guwahati

sk Harej Ali

ᵃˢᵐⁱⁿᵃ ᵏᵃᵗᵘⁿ ᵃˢᵐⁱⁿᵃ ᵏᵃᵗᵘⁿ
ᵃˢˢᵃᵐ
Guwahati, 781136

AtowarRahman AtowarRahman
Bhauria Bhitha
Guwahati, 781136

According to i, "SINGLE" Life is the best life

Sahel video Sahel video
Guwahati

�gaming lover� �video aditur �

Nurmahammad Oriens Nurmahammad Oriens
Hajo Barsoli
Guwahati, 781102

Health Advisor,Health coach (F&N,Diploma in QMRHA)

Sukur Vai 786 Sukur Vai 786
Guwahati

Guwahati Assam