Assam Jatiya Bidyalay

Education through vernacular medium is the essence of AJB established on 01 January 1994.

04/05/2024

Celebrating 30 years of educational excellence! Assam Jatiya Bidyalay (AJB) has been a pioneer in holistic education, nurturing global achievers. From fine arts to academia, AJB alumni have excelled in diverse fields, making their mark worldwide. Here’s to three decades of fostering creativity and innovation.

📞+91 75778 65541 / 96786 93812
📧 [email protected]

20/04/2024

Admission now open for Class XI (Arts and Science). Join us for concept-based regular classes, guided by experienced faculty members. Benefit from a low 1:20 teacher-student ratio, access to 5 science labs, 3 computer labs, an English language lab, hostel facilities, and smart classrooms. Receive comprehensive career counseling, regular mock tests, CUET Coaching classes for all and IIT-JEE/NEET/IISER Coaching classes (optional) through our BEACON School Integrated Programme.

Admission starts on 22nd April 2024.

📞+91 75778 65541 / 96786 93812
📧 [email protected]

Photos from Assam Jatiya Bidyalay's post 20/04/2024

আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি‌ অসম জাতীয় বিদ্যালয়, নুনমাটিৰ ১০০ শতাংশ শিক্ষার্থী উত্তীর্ণ হয়। ঘোষিত ফলাফল অনুসৰি বিদ্যালয়খনৰ ১৪০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৩৩ গৰাকীয়ে ডিষ্টিংচন, ৫৯ গৰাকীয়ে ষ্টাৰ, ১২৯ গৰাকীয়ে প্ৰথম বিভাগ আৰু ১১ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। ইংৰাজী বিষয়ত ৮৬ গৰাকী, অসমীয়া বিষয়ত ৮৮ গৰাকী, বিজ্ঞান বিষয়ত ৫৮ গৰাকী, সমাজ বিজ্ঞানত ১০৪ গৰাকী আৰু গণিত বিষয়ত ১২ গৰাকী শিক্ষাৰ্থীয়ে লেটাৰ নম্বৰ লাভ কৰে। ঐচ্ছিক বিষয়বোৰৰ ভিতৰত উচ্চ গণিত বিষয়ত ২৪ গৰাকী, কম্পিউটাৰ বিজ্ঞানত ২৬ গৰাকী, ভূগোলত ১ গৰাকী, সংগীতত ৬ গৰাকী, নৃত্যত ২০ গৰাকী, সুকুমাৰ কলা বিষয়ত ৪ গৰাকী, হিন্দী বিষয়ত ৯ গৰাকী আৰু‌ ইতিহাস বিষয়ত ৬ গৰাকী শিক্ষাৰ্থীয়ে লেটাৰ নম্বৰ লাভ কৰে। উচ্চ গণিত বিষয়ত ৪ গৰাকী, সমাজ বিজ্ঞান
বিষয়ত ৩ গৰাকী, ইংৰাজীত ১ গৰাকী, কম্পিউটাৰ বিজ্ঞান ১ গৰাকী, সত্ৰীয়া নৃত্যত ১ গৰাকী আৰু সুকুমাৰ
কলাত ১ গৰাকী, সৰ্বমুঠ ১১ গৰাকী শিক্ষাৰ্থীয়ে ৰাজ্যখনৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

06/04/2024

Addmission Notice for H.S. 1st year (science & arts stream), 2024-25 session.

Photos from Assam Jatiya Bidyalay's post 22/03/2024

অসম জাতীয় বিদ্যালয়ত মাইন্ড স্পৰ্টছ ফাউণ্ডেশ্যন আৰু অসম জাতীয় বিদ্যালয়ৰ সৌজন্যত অনুষ্ঠিত ১১ তম ৰক্তাভ দত্ত চৌধুৰী সোৱৰণী উত্তৰ পূৱ ভাৰত বিদ্যালয় দবা প্ৰতিযোগিতাৰ আজি অন্তিম ৰাউণ্ডৰ অন্তত তৃতীয় শ্ৰেণীৰ তলৰ *পন শাখাত* প্ৰথম স্থান লাভ কৰে দিল্লী পাব্লিক স্কুলৰ সাৰস্বত ডেকা চেম্পিয়ন হয়৷

মুকলি শাখাত মডাৰ্ণ ইংলিচ স্কুলৰ জগজিত সিনহা চেম্পিয়ন হোৱাৰ বিপৰীতে দিল্লী পাব্লিক স্কুলৰ চাৰ্ভী চৌধুৰীয়ে দ্বিতীয় স্থান, মাৰিয়া পাব্লিক স্কুলৰ তন্ময় ৰাজবংশীয়ে তৃতীয় স্থান দিল্লী পাব্লিক স্কুলৰ অভিৰূপ শইকীয়া চতুৰ্থ, সুদৰ্শন পাব্লিক বিদ্যালয়ৰ মৃন্ময় ৰাজখোৱা পঞ্চম স্থান লাভ কৰে৷ ষষ্ঠ স্থানৰ পৰা দশম স্থান লাভ কৰা সকল ক্ৰমে ছেইন্ট মেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় মালিগাঁওৰ হৃদিকা দাস, মাৰিয়া পাব্লিক স্কুলৰ সহজ গুপ্তা, সৰলা বিৰলা জ্ঞানজ্যোতিৰ কৰ্ণভ পি ডেকা, শিলচৰ কলেজিয়েট স্কুলৰ মনদীপ ধৰ আৰু ৰয়েল গ্লবেল স্কুলৰ প্ৰাণ গোবিন্দ পৰাশৰ কাশ্যপ৷

শ্ৰেষ্ঠ স্কুল শিতানত প্ৰথম হয় দিল্লী পাব্লিক স্কুল গুৱাহাটী আৰু দ্বিতীয় স্থান লাভ কৰে মাৰিয়া পাব্লিক স্কুলে৷ ডবাখেলক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত জনপ্ৰিয় কৰাৰ বাবে ৰয়েল গ্লবেল স্কুলক উদগনিমূলক বটা প্ৰদান কৰা হয়৷

অন্যবছৰৰ দৰে এইবছৰ প্ৰতিদিন কাকতৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক তথা অসম ক্ৰীড়া সাংবাদিক সন্থাৰ সভাপতি বিদ্যুত কলিতা ডাঙৰীয়াক সম্বৰ্দ্ধনা জনোৱা হয়৷

সভাত উপস্থিত থাকি বটাসমুহ বিতৰণ কৰে অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থ সামাজিক ন্যাসৰ সচিব নাৰায়ণ শৰ্মা ডাঙৰীয়া, ইন্টাৰনেচনেল মাষ্টাৰ নীৰজ কুমাৰ মিশ্ৰা, অসম ডবা সন্থাৰ সম্পাদক ৰাজীৱ ধৰ , অধ্যক্ষ ঘনশ্যাম মেধি , উপাধ্যক্ষদ্বয় অপৰাজিতা বৰা আৰু ৰবীন্দ্ৰ বৰ্মন আৰু মাইন্ড স্পৰ্টচ ফাউণ্ডেচনৰ সভাপতি দিলীপ কুমাৰ দত্তচৌধুৰী , সম্পাদক নয়ন কুমাৰ দত্তই৷

21/03/2024

⭐️Admissions Now Open!
Experience excellence with Beacon Coaching & Counseling! Our distinguished mentors from IIT, IISER, and NIT provide expert guidance. Benefit from our scientifically crafted study materials and weekly mock tests, tailored for both board and entrance exam patterns.

Choose from our specialized batches:

XI Science: Boards + IIT-JEE
XI Science: Boards + NEET
XI Science: Boards + CUET
XI Arts: Boards + CUET

To know more,
📞+91-6900846727/+91-8822437458
📩DM Us Directly
📍Assam Jatiya Bidyalay, Noonmati, Guwahati

Assam Jatiya Bidyalay Education through vernacular medium is the essence of AJB established on 01 January 1994.

16/03/2024
07/03/2024

🚀 CUET (UG) CRASH COURSE Announcement

📚 For Class XII Students Appearing in Board Exams, 2024

Join the intensive training at Assam Jatiya Bidyalay to ace CUET (UG) with flying colors! 🌟

🔍 Training Includes:

⏭️English Language Test (Section 1)
⏭️General Test (Logical Reasoning, Quantitative ⏭️Aptitude, General Awareness)
⏭️Mock Tests for all sections
⏭️Access to Career Spark’s Online Practice Platform

👨‍🏫 Mentor: Dinesh Lahoti, Chief Mentor of BEACON Programme

🗓 Course Schedule: From 20-3-2024 (7-week course)
⏰ Time: 3 pm to 5 pm daily
📍 Venue: Assam Jatiya Bidyalay, Noonmati

📝 Issue and Submission of Forms: 11th to 14th March, 2024
🎓 Admission: 16th March, 2024

📌 Limited Seats Available! Register Now and Secure Your Spot!

To know more,
📞+91-6900846727/+91-8822437458
📍Assam Jatiya Bidyalay, Noonmati, Guwahati

Assam Jatiya Bidyalay Education through vernacular medium is the essence of AJB established on 01 January 1994.

Photos from Assam Jatiya Bidyalay's post 06/03/2024
05/03/2024

🌟 Hear from our students themselves!
Discover how Beacon is shaping their academic journey and preparing them for a brighter future!

⏭️Our entrance exam is on 17th March, with the last date of form submission on 10th March.

To know more,
📞+91-6900846727/+91-8822437458
📍Assam Jatiya Bidyalay, Noonmati, Guwahati

01/03/2024

(reposted due to some technical error detected in the previous video-post.)
"শৈশৱৰ শিক্ষা, সাম্প্রতিক প্ৰেক্ষাপট আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বান" - এই সম্পৰ্কে এক আলোকপাত ।
স্থান- কটন বিশ্ববিদ্যালয়, গুৱাহাটী
তৃতীয় পৰাগ কুমাৰ দাস সোঁৱৰণী বক্তৃতানুষ্ঠান
২৪ ফেব্ৰুৱাৰী, ২০২৪
বক্তা - ডাঃ নাৰায়ণ শৰ্মা, শিশু বিশেষজ্ঞ আৰু সচিব, অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ

3rd Parag Kumar Das Memorial Lecture
24th February, 2024
Venue - Cotton University, Panbazer, Guwahati
Speaker - Dr.Narayan Sharma

28/02/2024

তৃতীয় পৰাগ কুমাৰ দাস সোঁৱৰণী বক্তৃতানুষ্ঠান
২৪ ফেব্ৰুৱাৰী, ২০২৪
বিষয় : শৈশৱৰ শিক্ষা, সাম্প্রতিক প্ৰেক্ষাপট আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বান ।
স্থান- কটন বিশ্ববিদ্যালয়, গুৱাহাটী ।
বক্তা - ডাঃ নাৰায়ণ শৰ্মা, শিশু বিশেষজ্ঞ আৰু সচিব, অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ ।

3rd Parag Kumar Das Memorial Lecture
24th February, 2024
Venue - Cotton University, Panbazer, Guwahati
Speaker - Dr.Narayan Sharma

Photos from Assam Jatiya Bidyalay's post 28/02/2024

দেশজুৰি উদ্‌যাপন কৰা ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আজি অসম জাতীয় বিদ্যালয়তো
অনুষ্টুপীয়া কাৰ্য্যসূচীৰে উদ্ যাপন কৰা হয় । ৰামণ পৰিঘটনাৰ আৱিষ্কাৰক বিশিষ্ট পদার্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকট ৰামণৰ সোঁৱৰণত উদ্‌যাপন কৰা এই দিৱস উপলক্ষে বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে ৰামণৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ আৰম্ভণি কৰে। বিদ্যালয়ৰ বিজ্ঞান বিভাগৰ শিক্ষক অনুৰাগ ডেকাই বিশিষ্ট বিজ্ঞানীগৰাকীৰ জীৱন আৰু কৰ্ম সম্পৰ্কত আলোকপাত কৰে। আজিৰ অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষার্থী, শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকল উপস্থিত থাকে।
উল্লেখযোগ্য যে বিদ্যালয়ৰ বছৰেকীয়া পৰীক্ষা চলি থকাৰ পৰিপ্ৰেক্ষিতত আজি অনুষ্টুপীয়াকৈ এই দিৱস উদযাপন কৰা হয়। বিজ্ঞান দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা বিজ্ঞান বিষয়ক বিভিন্ন প্রতিযোগিতাসমূহ অহা ১০ আগষ্টত অনুষ্ঠিত কৰা হ'ব।

Photos from Assam Jatiya Bidyalay's post 10/02/2024

অসম জাতীয় বিদ্যালয়ৰ প্ৰাক্- বিদ্যালয়ৰ শিশু সকলৰ ক্ৰিয়া-কলাপৰ এখন প্ৰদৰ্শনী আজি বিদ্যালয় চৌহদত অনুষ্ঠিত কৰা হয়। বিদ্যালয়ৰ শৈক্ষিক বিষয়া শ্ৰী যুত ৰোহিনী গোস্বামীয়ে উন্মোচন কৰা এই প্ৰদৰ্শনীখনত প্ৰাক্-বিদ্যালয়ৰ সকলো শিশুৱে অংশগ্ৰহণ কৰে । তেওঁলোকৰ অকণি হাতৰ পৰশত প্ৰাণ পাই উঠা প্ৰদৰ্শনীখনৰ সকলো কাম শিক্ষয়িত্ৰীসকলৰ সহযোগত বিদ্যালয়তে শিশু সকলে প্ৰস্তুত কৰি উলিয়াইছে।আজি বহুতো গণ্য- মান্য ব্যক্তি আৰু অংকুৰ আৰু প্ৰাক্-প্ৰাথমিক শ্ৰেণীৰ শিশুসকলৰ লগতে তেওঁলোকৰ অভিভাৱকসকলো আহি প্ৰাক্- বিদ্যালয়ৰ প্ৰদৰ্শনীখন উপভোগ কৰে । প্ৰাক্-বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলে শিশুসকলৰ ক্ৰিয়াকলাপসমূহ দৃষ্টিনন্দনভাৱে উপস্থাপন কৰা প্ৰদৰ্শনীখনৰ সকলোৱে উচ্চ প্ৰশংসা কৰে।

Photos from Assam Jatiya Bidyalay's post 27/01/2024

দুষ্প্রাপ্য অসমীয়া আলোচনী আৰু কিতাপসমূহ স্কেন কৰি ডিজিটেল
মাধ্যমত সংৰক্ষণ কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ নন্দ তালুকদাৰ ফাউণ্ডেচন আৰু অসম জাতীয় বিদ্যালয় শৈক্ষিক
আৰু আৰ্থ-সামাজিক ন্যাসৰ যুটীয়া উদ্যোগত স্থাপন কৰা “ডিজিটাইজিং অসম” (Digitizing Assam) শীর্ষক এক ডিজিটেল অভিলেখাগাৰ অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ২০২৩ চনৰ মে’ মাহত ৰাইজৰ বাবে মুকলি কৰি দিছিল। উল্লেখযোগ্য যে নন্দ তালুকদাৰ ফাউণ্ডেচনে বিগত বহু বছৰ ধৰি এই প্ৰক্ৰিয়াটোৰ জৰিয়তে কেবাশ আলোচনী, বাতৰিকাকত আৰু কিতাপ ইতিমধ্যে ডিজিটেল মাধ্যমলৈ ৰূপান্তৰ কৰিছে।
এই ডিজিটেল পুথি-আলোচনীসমূহ বিশ্বৰ বিভিন্ন প্রান্তত থকা আগ্রহী লোকৰ বাবে বিনামূলীয়াকৈ উপলব্ধ হোৱাকৈ এটা ৱেবছাইট মুকলি কৰাৰ বাবে অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থ-সামাজিক ন্যাস আগবাঢ়ি আহে আৰু ইয়াৰ শুভাৰম্ভণি কৰে। এই ডিজিটেল অভিলেখাগাৰটোত ১৮৪০ চনৰ পৰা ১৯৭০ চনৰ সময়ছোৱা সামৰি কেবাশ দুষ্প্রাপ্য আলোচনী, বাতৰিকাকত আৰু কিতাপ ডিজিটেল ৰূপত ইতিমধ্যে উপলব্ধ কৰোৱা হৈছে।
শেহতীয়াকৈ যোৱা ২৬ জানুৱাৰী তাৰিখে গুৱাহাটীৰ ইণ্ডিয়া ক্লাবত এক সমল দান কাৰ্য্যসূচীত অসম সাহিত্য সভা আৰু উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা তেখেতসকলৰ ইতিমধ্যে ডিজিটেল ৰূপ দিয়া বহুখিনি সমল ‘ডিজিটাইজিং অসম’ প্রকল্পলৈ হস্তান্তৰ কৰা হয়। অসম সাহিত্য সভাৰ হকে সভাপতি সূৰ্য্য হাজৰিকাই আৰু লক্ষীমপুৰ মহাবিদ্যালয়ৰ হৈ মহাবিদ্যালয়খনৰ সহযোগী অধ্যাপক অৰবিন্দ ৰাজখোৱাই উক্ত সমলসমূহ অৰ্পণ কৰে।কালিৰ অনুষ্ঠানটোত নন্দ তালুকদাৰ ফাউণ্ডেচনৰ মৃণাল তালুকদাৰ; অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু
আৰ্থ-সামাজিক ন্যাসৰ সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰী, সচিব ডা°নাৰায়ণ শৰ্মা; এবিলাকৰ সঞ্চালক ড° দিলীপ কলিতা, ড° নৱ গোস্বামী, আদিত্য গোস্বামী আৰু আন বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সকলোৰে বাবে বিনামূলীয়াকৈ উপলব্ধ এই ৱেবচাইটটো হৈছে www.assamarchive.org |

Photos from Assam Jatiya Bidyalay's post 26/01/2024

আজি অসম জাতীয় বিদ্যালয়ত দেশৰ ৭৫সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন কৰা হয়।

Photos from Assam Jatiya Bidyalay's post 17/01/2024

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে
আজি অসম জাতীয় বিদ্যালয়ত ‘শিল্পী দিৱস’ উদ্‌যাপন কৰা হয়।এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট তবলাবাদক পণ্ডিত সুকুমাৰ বৰঠাকুৰ।বিদ্যালয়ৰ একাংশ শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীয়ে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশনেৰে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনায়।

Photos from Assam Jatiya Bidyalay's post 13/01/2024

ভোগালী বিহুৰ প্ৰাকক্ষণত আজি নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত ‘ভোগালী
চ’ৰা’ অনুষ্ঠিত কৰা হয়। বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ভোগালী বিহুৰ পৰম্পৰাৰ সৈতে পৰিচিত কৰোৱাৰ উদ্দেশ্যে বিদ্যালয়
চৌহদত মেজি আৰু ভেলাঘৰ সজা হয়। অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে গীত-মাত-আবৃত্তি আদি বিভিন্ন
কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী তথা শিক্ষাৰ্থীৰ অভিভাৱকসকলে কণী যুঁজ, টেকেলী
ভঙা আদি বিভিন্ন পৰম্পৰাগত খেলতো অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে বিদ্যালয়ৰ শিক্ষার্থী তথা শিক্ষক-কৰ্মচাৰীসকলে নাম-প্ৰসংগও পৰিবেশন কৰে।

Photos from Assam Jatiya Bidyalay's post 11/01/2024

কেৱল‌‌ পাঠ্যক্ৰমৰ শিক্ষাতেই ব্ৰতী ন'হৈ খেল-ধেমালিৰ মাজেৰেও শিক্ষাৰ্থীৰ বাবে প্ৰেৰণাদায়ক হৈ পৰে বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰী সকল।

Photos from Assam Jatiya Bidyalay's post 06/01/2024

আজিৰে পৰা অসম জাতীয় বিদ্যালয়ৰ ২০২৩-২৪ বৰ্ষৰ বাৰ্ষিক খেল-ধেমালি
বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হৈছে। এই উপলক্ষে আজি পুৱা ৯ বজাৰ পৰা আয়োজন কৰা উদ্বোধনী অনুষ্ঠান আৰু মাৰ্চ-পাষ্ট প্রতিযোগিতাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম আৰক্ষী মহাপৰিদৰ্শক (প্রশাসন) ড° নিতুল গগৈ।অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে বিদ্যালয়ৰ পতাকা উত্তোলন কৰি আদৰণী ভাষণ আগবঢ়ায়। ইয়াৰ পিছতে ২০২২- ২৩ শিক্ষাবৰ্ষৰ শ্ৰেষ্ঠ খেলুৱৈদ্বয় বসুধা সঞ্জয় আৰু মানৱজ্যোতি পাঠকে শিখা প্রজ্বলন কৰি বিদ্যালয় সপ্তাহৰ শুভাৰম্ভ কৰে। মাৰ্চ-পাষ্ট প্রতিযোগিতাত আজি বিদ্যালয়ৰ ষষ্ঠ শ্রেণীৰ পৰা একাদশ শ্রেণীলৈ মুঠ ১১টা দলত ২৮১ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।এই প্রতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত আছিল ৰাষ্ট্ৰপতি স্কাউট পদক প্রাপক পৰাগ শৰ্মা,ভাৰত স্কাউট-গাইডৰ ৰভাৰ শাখাৰ ৰাজ্যিক আয়ুক্ত, ৰাষ্ট্ৰপতি ৰভাৰ প্ৰাপক উৎপল কুমাৰ দাস আৰু ভাৰত স্কাউট গাইডৰ বাবে ৰাজ্য পুৰস্কাৰ আৰু ৰাষ্ট্ৰপতি গাইড হিচাপে মনোনীত তুলিকা দাস।
এই বার্ষিক খেল-ধেমালি প্রতিযোগিতা অহা ১১ জানুৱাৰীলৈ‌ চলিব।

Photos from Assam Jatiya Bidyalay's post 03/01/2024

অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ উদ্যোগত আজি বিদ্যালয় চৌহদত সদৌ অসম আন্তঃ জাতীয় বিদ্যালয় তর্ক প্রতিযোগিতা অনুষ্ঠিত হয়। এই তৰ্ক প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে গোলাঘাট জিলাৰ মহাত্মা বাল্য ভৱনৰ শিক্ষার্থী স্নেহা কলিতাই। দ্বিতীয় পুৰস্কাৰ লাভ কৰে লখিমপুৰ জিলাৰ জিজ্ঞাসা জাতীয় বিদ্যালয়ৰ শিক্ষার্থী তনুশ্রী পাঠকে। আনহাতে তর্ক প্রতিযোগিতাখনত তৃতীয় পুৰস্কাৰ লাভ কৰে বিশ্বনাথ জিলাৰ অম্বিকাগিৰী ৰায়চৌধুৰী জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থী তৰংগনা প্ৰিয়ম ফুকনে। বিচাৰকৰ বিশেষ পুৰস্কাৰ লাভ কৰে অসম জাতীয় বিদ্যালয়, নুনমাটিৰ শিক্ষাৰ্থী ৰোহিত গাঁওখোৱা আৰু তিনিচুকীয়া জিলাৰ চিকৰাজান জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থী মানক্ষী বৰাই।
উল্লেখযোগ্য যে এই প্রতিযোগিতাখনত ৰাজ্যখনৰ ১৫ খন জিলাৰ মুঠ ৩০ গৰাকী
শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। এই প্রতিযোগিতাখনত অধ্যক্ষ হিচাপে উপস্থিত থাকে দিছপুৰ কলেজৰ অধ্যক্ষ ড° নৱজ্যোতি বৰা। প্রতিযোগিতাখনত বিচাৰকৰ দায়িত্বত আছিল গুৱাহাটী বিশ্ববিদ্যালয় সহকাৰী অধ্যাপিকা ড° বিদুলা শৰ্মা, পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° সত্যজিত দাস আৰু ‘নিউজ১৮ অসম নৰ্থ ইষ্ট’ৰ জ্যেষ্ঠ সাংবাদিক পার্থজ্যোতি বৰা।

PAGE 1.1 - Asomiya Pratidin ePaper :01-01-2024 | অসমীয়া-প্রতিদিন ই-বাতৰিকাকত 01/01/2024

PAGE 1.1 - Asomiya Pratidin ePaper :01-01-2024 | অসমীয়া-প্রতিদিন ই-বাতৰিকাকত Asomiya Pratidin ePaper- Highest Circulated Assamese Daily | অসমীয়া-প্রতিদিন

Photos from Assam Jatiya Bidyalay's post 01/01/2024

অসম জাতীয় বিদ্যালয়ৰ একত্ৰিংশত্তম প্ৰতিষ্ঠা দিৱস

Photos from Assam Jatiya Bidyalay's post 22/12/2023

বিখ্যাত গণিতজ্ঞ শ্রীনিবাস ৰামানুজন আয়েংগাৰৰ জন্মদিনটো সমগ্ৰ ভাৰতবৰ্ষত
‘ৰাষ্ট্ৰীয় গণিত দিৱস’ হিচাপে পালন কৰা হয়। আজি ২২ ডিচেম্বৰ, শুকুৰবাৰে অসম জাতীয় বিদ্যালয়তো গণিতজ্ঞ গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ‘ৰাষ্ট্ৰীয় গণিত দিৱস’ পালন কৰা হয়। পুৱাৰ সমাবেশত অসম সংগীত
গোৱাৰ পাছতেই শ্রীনিবাস ৰামানুজনৰ প্ৰতিচ্ছবিত বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে বন্তি প্রজ্বলন কৰাৰ লগে
লগে শিক্ষক-শিক্ষয়িত্রী, কৰ্মচাৰীসকলে শ্ৰদ্ধাঞ্জলি জনায় ।

Photos from Assam Jatiya Bidyalay's post 10/12/2023

অসম আন্দোলনৰ প্ৰথমগৰাকী ছহিদ খৰ্গেশ্বৰ তালুকদাৰ তথা এই আন্দোলনত
প্রাণ আহুতি দিয়া ৮৫৫ জন ছহিদক সুঁৱৰি অসম জাতীয় বিদ্যালয়ত আজি ‘ছহিদ দিৱস’ পালন কৰা হয়।

Photos from Assam Jatiya Bidyalay's post 02/12/2023

বৰ অসমৰ অন্যতম খনিকৰ স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ পৱিত্ৰ স্মৃতিত আজি ২
ডিচেম্বৰ তাৰিখ, শনিবাৰে অসম জাতীয় বিদ্যালয়ত ‘অসম দিৱস' পালন কৰা হয়।উল্লেখযোগ্য যে বিদ্যালয় বন্ধ দিয়াৰ পৰিৱৰ্তে বিদ্যালয়ৰ নিয়মীয়া কাৰ্য্যসূচীৰ
লগতে চাওলুং চ্যুকাফাৰ পৱিত্ৰ স্মৃতিত অসম দিৱস উদ্‌যাপন কৰা হয়।

25/11/2023

সাম্প্ৰতিক শিক্ষাক্ষেত্ৰৰ কিছু গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোকপাত (অসম জাতীয় বিদ্যালয়ৰ গীত-মাতৰ গধূলিত ডা° নাৰায়ণ শৰ্মাৰ ভাষণ)

Want your school to be the top-listed School/college in Guwahati?
Click here to claim your Sponsored Listing.

Videos (show all)

Celebrating 30 years of educational excellence! Assam Jatiya Bidyalay (AJB) has been a pioneer in holistic education, nu...
Our Principal’s Insight into the Transformative Impact of Beacon Coaching & Career Counselling on Students’ Academic and...
Get year-round career counseling from Mr. Dinesh Lahoti, an IIT Guwahati alumnus and Internationally Certified Career Co...
🌟 Hear from our students themselves!Discover how Beacon is shaping their academic journey and preparing them for a brigh...
(reposted due to some technical error detected  in the previous video-post.)"শৈশৱৰ শিক্ষা, সাম্প্রতিক প্ৰেক্ষাপট আৰু ভৱি...
🚀 Secure your future with Beacon! Our entrance exam is on 17th March, with the last date of form submission on 10th Marc...
তৃতীয় পৰাগ কুমাৰ দাস সোঁৱৰণী বক্তৃতানুষ্ঠান ২৪ ফেব্ৰুৱাৰী, ২০২৪বিষয় :  শৈশৱৰ শিক্ষা, সাম্প্রতিক প্ৰেক্ষাপট আৰু ভৱিষ্যতৰ ...
Deciding between Science, Commerce, or Arts after 10th? 🤔 Mastering multiple exams seems daunting? Don’t worry, Beacon h...
Reflecting on the highlights of the past year at Beacon - a journey filled with growth, achievements, and memorable mile...
Elevate your academic journey with Beacon Coaching & Career Counselling! Our new batch is on the horizon, offering top-n...
BEACON, the latest initiative by AJBEC, took a giant step in guiding Class X students from Jatiya Bidyalays across Assam...
Welcome to Ankur, Prak Prathamik – our brand new state-of-the-art preschool block! 🏫✨ Admissions now open for a journey ...

Category

Address

Assam Jatiya Bidyalay, Noonmati
Guwahati
781020

Opening Hours

Monday 8:30am - 2:30pm
Tuesday 8:30am - 2:30pm
Wednesday 8:30am - 2:30pm
Thursday 8:30am - 2:30pm
Friday 8:30am - 2:30pm
Saturday 8:30am - 12pm

Other Schools in Guwahati (show all)
Estudy table Estudy table
Guwahati

Estudytable e learning platform in Assamese

Nrityamandir Kala Niketan, Guwahati Nrityamandir Kala Niketan, Guwahati
Guwahati
Guwahati

Nrityamandir kala Niketan is a Guwahati bassed Satriya dance and Music Institution established in th

Khatarbari Khatarbari
Morigaon
Guwahati, 782106

শংকৰদেৱ শিশু বিদ্যা নিকেতন,বংশৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন,বংশৰ
VILL+P. O.//BONGSHAR, P. S./SUALKUCHI, DIST/KAMRUP(ASSAM), PIN-
Guwahati, 781103

Established 2001

Sankardev Sishu Vidya Niketan,Khetri Sankardev Sishu Vidya Niketan,Khetri
NH37
Guwahati

বিদ্যা ভাৰতীৰ অন্তৰ্গত শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত অসমীয়া মাধ্যমৰ ব্যক্তিগত বিদ্যালয়।

Mount Sinai School Mount Sinai School
Nampara, Nargaon, Rani. , Kamrup(R)
Guwahati, 781131

Little Birds KIDZEE,Goroimari Little Birds KIDZEE,Goroimari
Chhaygaon, Goroimari, College Chariali
Guwahati, 781137

Royal Public School Royal Public School
Datalpara, A. K Dev Road, Natun Basti
Guwahati

A modern educational institute under CBSE curriculum Address Datalpara, Natun Basti, A.K.dev road, Shiv Mandir path. pin-781025

Boom Dhamaka Collage Boom Dhamaka Collage
SHINGANSINA
Guwahati

BDC is a collage where we teach our students to make this world cool.

Benediction School of Music Benediction School of Music
Guwahati, 781034

Benediction School of Music was established in the year 2017,by one of the renowned Musician of Assam Mr.Pranjit Nath.He collaborates with few bands. The institute is affiliated un...

Oriole Art & Design Academy Oriole Art & Design Academy
Rampur
Guwahati, 781132

Art and Artist

Skillful English Skillful English
Guwahati

Transform your English language skills with Skillful English -your ultimate language learning partner