Rashmi Rekha

Rashmi Rekha

You may also like

Md Jahedul Islam
Md Jahedul Islam

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Rashmi Rekha, Artist, Morigaon.

01/05/2023

সুপ্ৰভাত 🥀

15/04/2023

ৰঙালী বিহুৰ শুভেচ্ছাৰে....

"মোৰ কলিজাৰ কোঁহে কুঁহে বৈ যায় আবেগৰ সেই নদীখন....
য'ত উটি ভাঁহি ফুৰে তোমাৰ আলসোৱা মৰমৰ গোপন স্বৰগম ...❤️"

এটি নতুন কবিতা আগবঢ়ালো 😌
অলপমান মৰম দিব বুলি আশা থাকিল।
Lakshya LJ Nath ধন্যবাদ 🥰

14/04/2023

আপোনালৈ ৰঙালী বিহুৰ লগতে অসমীয়া নববৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো ❤️

07/03/2023

🌸সুপ্ৰভাত 🌸

আপোনাৰ লগতে আপোনাৰ ঘৰৰ সকলোলৈ দৌল উৎসৱ তথা ফাকুৱাৰ বহু বহু শুভেচ্ছা যাছিলোঁ। ফাকুৱাৰ ৰঙে আপোনালোকৰ জীৱনত সুখৰ বতৰা আঁকি দিয়ক। ভালে থাকক 😌❤️

Bąpí Nąťh Lakshya Nath LJ ধন্যবাদ দেই ধুনীয়াকৈ প্ৰাৰ্থনাটো বনাই দিলা😌🙏

02/02/2023

"আপুনিও কাৰোবাৰ প্ৰেমত পৰিব খোজে নেকি? মোৰ দৰে.....
কম বুলি ভাবিও কব নোৱাৰাকৈ আছে নেকি মনৰ কথা?মোৰ দৰে..... "

"অনুভৱ"
✍️ ৰশ্মি ৰেখা মেধী
আপোনালোকলৈ বুলি আগবঢ়ালো। শুনিব আৰু কেনেপালে জনাব। ❤️

বিশেষভাৱে ধন্যবাদ : Lakshya Nath LJ

31/12/2022

নৱবৰ্ষৰ প্ৰস্তুতি ✨✨

একেৰাহে ঘড়ীটোলৈ চাই থকা স্মৃতাই তৰাক ক'লে, আৰু বেছি দূৰ নাই। কিবা ভাবিছ নে তই?

দীঘলকৈ এৰা এটা হুমুনিয়াহত সমস্ত পলকেই সমাধি দিয়া তৰাই তাইক কেনেকৈ বুজাব যে শূণ্যৰ দলিচাত হেঁপাহক বিলাই নীৰৱতাৰ বুকুত বিলীন হোৱাৰ সেই অভ্যাসটোৰ বাদে তাইৰ অন্য একো নিজৰ বুলিবলৈ নাই।

ঐ তৰা কি ভাবিছ??
হুম... নাই অ' । নতুন বুলিবলৈনো কি সকলোবোৰ দেখোন একেই আছে। পুৱাই বেলিটোৱে পোহৰাই আৰু আবেলি হেৰায়...
কংক্ৰিটৰ দেৱালবোৰৰ মাজত যদি কৰবাত আৰ্তনাদ লুকাই আকৌ আনফালে কাহানিবা আকাশে বিনায়... সেউজিয়াবোৰ দেখুন ৰাঙলী হ'ল অ'....!

কোনো পৰিকল্পনা নাই, ভাল লগাবোৰ আকোৱালি লবলৈ মন মেলিছো। নতুন ৰূপেৰে সজাব খোজো হেঁপাহৰ প্ৰতিটো কোঠালি । মৰমবোৰ একেই ৰাখিম মাথোঁ দুৱাৰত আবেগৰ পৰিবৰ্তে প্ৰহৰক প্ৰহৰী সাজিম। স্মৃতাই ক'লে।।

- ৰশ্মি ৰেখা মেধী 🍂

30/10/2022

কেতিয়াবা কিছুমান ব্যক্তিৰ সান্নিধ্যত মনটো জীপাল হৈ পৰে। অতীতৰ এনে বহু স্মৃতি আছে যিবোৰ এনেকৈ সাঁচি ৰখা নহল।
সি যি কি নহওঁক, প্ৰায় দুটা বছৰৰ পিছত পুনৰ নাটকৰ অভিমুখে ....😌

04/09/2022

নাই হেঁপাহ
নাই হতাশাৰ
আছে মাথোঁ একাজলি নীৰৱতা
শান্ত হৃদয়ৰ অসীম মৌনতা।।

অহেতুক বাৰিষাই সিঁচি দিয়ে মৌন কলিজাৰ গুপ্ত স্বৰমালা...
নিজানত ওলোমাই ৰখা এটি আকুলতা।।

( RRM )

16/08/2022

শুভৰাত্রী🌸

11/08/2022

অদেখা ভাৱনাৰে কিছু মনৰ কথা! ❤️

Credits - Prantik Hazarika, Lakshya Nath LJ

28/07/2022

এটি নিজান গধূলি,
পকী পথটোৰ কাষেৰে মেলিছিলো মনৰ খিড়িকী...
খোজে প্ৰতি এৰিছিলো নিশাহটি,
যেন মাতাল প্ৰেমত হাবু ডুবু খোৱা সেই প্ৰেমিক চৰাইজনী।।

ধূলিয়ৰী বোৰ আজি কোনোবা আজান দেশৰ আলহী।
জোপোহা গছৰ সেউজীয়াৰ সৈতেও আজিকালি মলয়াৰ বৰ পিৰিটি...
এনেকৈয়েই হঠাৎ নামি আহে কোনোবা দূৰণিৰ পখীৰ জাকটি...
জিৰিক জিৰিক মাতেৰে গাই যায়....
তুমি আছা বাবেই হৃদয়ত মৰম আছে
মৰমৰ বাবেইটো প্ৰেম জন্মে...
প্ৰেমৰ বাবেই এই পৃথিৱীখনো ধুনীয়া....
তেতিয়া মই সুধিলোঁ...
আৰু বিষাদ...???
বিষাদ এখনি তালৰ দৰেই...
তালৰ অবিহনে যিদৰে সংগীত আধৰুৱা...
ঠিক সেইদৰেই বিষাদৰ অবিহনে প্ৰেম আধৰুৱা।।

- ৰশ্মি ৰেখা মেধী।।

13/07/2022

নিলিখা কবিতাবোৰে আজি উচুপিছে,
ম্লান পৰা আবেলিৰ সেই ৰঙাখিনিয়েও সুধিছে ....
ঠিকনা কত আছে ...??? সপোনৰ , হেঁপাহৰ...!!

মই যেন মায়াবীৰ দেশৰ এটি যাদুগৰ।।

🌸শুভ সন্ধিয়া🌸

07/05/2022

( ১২ )

নীতি নিয়মৰ মাজেৰে নতুন বোৱাৰী আদৰি ঘৰৰ ভিতৰত প্ৰৱেশ কৰালে দৰা মাক অৰ্থাৎ জোনাকৰ শাহু মাক নমিতা বৰুৱাই।

নতুন ঘৰ এখন তাতে নতুন পৰিবেশ , জোনাকে নিজকে সহজ কৰিব পৰা নাছিল ঘৰখনৰ লগত। যথেষ্ট ডাঙৰ ঘৰ । সিহঁতৰ কোঠাটো ডাঙৰ।
তাইৰ লগতেই তাইক থবলৈ নিশা আহিছিল। দৰা ঘৰৰ সকলো নিয়ম নীতি শেষ কৰি তাই ঘৰলৈ যাব বুলিয়েই আহিছে। অন্যথা জোনাক যে বৰ অকলশৰীয়া হৈ পৰিব তাই বুজে।

-----------------------------------
সময়বোৰ ক্ৰমান্বয়ে আগবাঢ়ি গৈছিল আৰু তাৰ লগে লগে বিয়াৰ সকলো ৰীতি নীতিও শেষ হৈছিল।
জোনাকৰৰ পৰা বিদায় লৈ নিশাও পুনৰ ঘৰলৈ বুলি যাত্ৰা কৰিলে। নিশাৰ প্ৰস্থানৰ লগে লগে জোনাকে বহুত বেছি অকলশৰীয়া অনুভৱ কৰিলে।
--------
সন্ধিয়া প্ৰায় 8 মান বাজিছে। ন বোৱাৰী চাবলৈ অহা সম্পৰ্কীয় মানুহ , আলহী অতিথি সকলোবোৰ যোৱাৰ পিছত ঘৰখন প্ৰায় খালি হৈ পৰিল। ঘৰখনত সদস্য বুলিবলৈ তেনেই কম । আগতে মাক আৰু ৰঞ্জন ৰ বাহিৰে ঘৰৰ কাম মানুহ এজনী আৰু ড্ৰাইভাৰ এজন আছিল। এতিয়া জোনাকৰ সতে সৰ্বমুঠ পাঁচ টা প্ৰাণী থকা বুলি কব পাৰি।

ৰূমটোৰ ভিতৰত সোমাই দুৱাৰখন বন্ধ কৰি দিলে জোনাকে। কোঠাটোৰ চাৰিওফালে এবাৰ চকু ফুৰালে আৰু অৱশেষত খিড়িকীৰ কাষলৈ গৈ খিড়িকীখন খুলি দিলে। এজাক শীতল বতাহ । বতাহ জাকে যেন তাইৰ কাণে কাণে কৈ গল যি হ'ল হৈ গ'ল সেইবোৰ এতিয়া অতীত । গতিকে অতীতক পাহৰি বৰ্তমানক আঁকোৱালি লোৱা। আজিৰ পৰা তোমাৰ এটা নতুন জীৱনৰ আৰম্ভ হৈছে ।

সঁচাকৈয়ে, তাই আৰু আগতে হৈ যোৱা কোনো কথাই পুনৰ নাভাবে। বৰ্তমানক আঁকোৱালি লৈ নতুন জীৱনৰ পাতনি মেলিব।

--------------------

এনেদৰেই তাইৰ নতুন জীৱনৰ অন্য এটা অধ্যায় আৰম্ভ হৈছিল । শুব কম দিনৰ ভিতৰতেই তাই সকলোৰে প্রিয় হৈ পৰিছিল । বিশেষকৈ মাকৰ বাবে তাই খুবেই প্রিয় আছিল আৰু সেইবাবেই এদিন শাহুৱেকে নিজেই তাইক ডিগ্ৰীটোও শেষ কৰিবলৈ কৈছিল আৰু প্ৰাইভেটকৈ d.el.ed ত নামভৰ্তি কৰাই দিছিল ।

ৰঞ্জনে স্বামী হিচাপে তাইৰ ধ্যান বৰ বেছি ৰখা নাছিল । এক যান্ত্ৰিক জীৱনৰ দৰে অনুভৱ কৰিছিল ৰঞ্জনৰ জীৱনক । প্ৰথম কেইদিন ঠিকেই আছিল কিন্তু লাহে লাহে সকলো পৰিবৰ্তন হবলৈ ধৰিছিল।
দিন গৈ মাহ আৰু মাহৰ শেষত বছৰ পাৰ হৈছিল । সকলো গতানুগতিক ভাবে চলি আছিল ।

পোৱা গা টো তিয়াই নিতৌ নমিতাই গোসাঁইঘৰত সোমায়। আৰু তাৰ পৰা আহি কিবা কিবি খাই । বেছি ভাগ সময় হাতত এখন আলোচনী লৈ বাৰাণ্ডাত বহি পঢ়ি থকা দেখা যায়। অফিচৰ কামৰ সূত্ৰে ৰঞ্জনৰ ঘৰ আহোঁতে সদায় পলম হয় । জোনাকৰ লগত বৰ বিশেষ কথা নহয় ৰাতি। কেতিয়াবা মনৰ শান্তিৰ বাবে মৌন হৈয়েই ইজনে সিজনৰ মাজত হেৰাই যায়।

অন্ধকাৰ মাজত জোনাকে নিজৰ হৃদয়খনৰ স্পন্দন অনুভৱ কৰিছিল । তাইৰ এনে লাগিছিল যেন কোনোবাই তাইৰ কলিজাটোতত এবাতি বিষ ঢালি দিছিল আৰু সেই বিষাক্ত অনুভৱবোৰে তাইৰ দেহ মন সকলোৱেই প্ৰভাৱ পেলাইছিল। তাই বুজিল যে তাই যিমানেই বৰ্তমানৰ বুকুত বিলীন হৈ ভৱিষ্যত গঢ়িব বিচাৰিছে ঠিক সিমানেই অতীতৰ স্মৃতিয়ে তাইক খুলি খুলি খাইছিল।

( আগলৈ )

03/05/2022

( ১১ )

আজি জোনাকৰ বিয়া। বিয়াখন আছিল দুদিনীয়া। যোৱা কালি ৰঞ্জনৰ পৰিয়ালৰ মানুহ আহি জুৰুণ দি গৈছে।
জুৰুণৰ সেন্দুৰ এতিয়াও তাইৰ কপালত ৰঙা সুৰুজ দৰে জ্বলি আছে । বিয়াৰ দিনটোলৈ বাট চাই চাই মনেশ্বৰী যেন ভাগৰি পৰিছিল। তাইৰ ভয়ত আছিল যদি এই বিয়া খন কিবা কৈ কেঞ্চেল হয় তেন্তে আকৌ ইমান সহজে কত অন্য এখন ঘৰ বিচাৰি পাব তাতে আকৌ যদি বিয়া ভঙা ছোৱালী বুলি জনাজাত হৈ পৰে তেতিয়াটো আৰু বিপদ । আজি সকলো ভালে ভালে পাৰ হৈ গলেই ভাল হয় ।

বিয়া বুলিলেই পোন প্ৰথমে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে পানী তোলা পৰ্বতো । ই অতি প্ৰাচীন আৰু পৰম্পৰাগত ভাৱে চলি অহা এটি নিয়ম। নিয়ম অনুসাৰে আজি পুৱাই আয়তী সকলে আহি ওচৰতে থকা বিল খনৰ পৰা পানী তুলি আনিবলৈ ওলাল। দৰা ঘৰৰ পৰা দিয়া কাপুৰসাজ পিন্ধি মনেশ্বৰীয়ে কাষত কলচীটো ললে আৰু অয়তীৰ উৰুলিৰে পানী তুলিব যোৱা পৰ্বতো আৰম্ভ কৰিলে।
ইয়াৰ লগে লগে এগৰাকী আয়তীয়ে পানী তোলা নাম লগালে,
" ৰাম ৰাম দূৰকৈ পুখুৰী
ৰাম ৰাম খন্দালা দেউতা
হৰি মোৰ ঐ .....
ভৰিৰে বিষালে গাঁঠি হে .."

---- বহু দিনৰ এটা হেঁপাহ আজি মনেশ্বৰীৰ পূৰ্ণ হল। সদায় ভাবিছিল যে আন মাকৰ দৰে তাইয়ো এদিন কাষত কলচীটো লৈ পুতেক আৰু জোনাকক নোৱাবৰ বাবে পানী তুলিব যাব ।
সি যি কি নহওক কিছু সময়ৰ পিছত আয়তী সকলে পানী তুলি আনিলে আৰু মাক মনেশ্বৰীয়ে জোনাকক গা ধুবলৈ ভিতৰৰ পৰা বেই (কইনা গা ধোৱা ঠাই)লৈ উলিয়াই আনিলে।
পুনৰ আয়তী সকলে কইনা গা ধোৱা নাম গালে ,... "ওলাই আহা আইদেউ দুৱাৰ মুখৰ বাজ,
ঘৰতে ধুৱাব লাগে নকৰিবা লাজ .......
আগে দিয়া পাছে দিয়া পঞ্চ আয়তীয়ে ......"

এনেদৰে নিয়ম নীতিয়ে কইনা গা ধোৱা পৰ্বতো শেষ কৰিলে।
আৰু কইনাক ৰাভা তলিলৈ লৈ যোৱা হ'ল।
আনহাতে ৰূপেশ্বৰৰ বুকুৰ ধপধপনি বাঢ়িবলৈ লৈছিল কিয়নো ছোৱালীজনীও সৰু বিয়াৰ বয়স নুহুৱাকৈয়ে বিয়া দিব লগা হল । ছোৱালীজনীক সম্পূৰ্ণকৈ ডিগ্ৰী টো শেষ কৰিব দিয়া নহল। তাইৰো মন নাছিল বিয়া হোৱাৰ যদিও মাক দেউতাকৰ কথা পেলাব নোৱাৰি তাই বিয়াত মত প্ৰকাশ কৰিছে। তাৰোপৰি ৰঞ্জন, মানে ল'ৰা জন কেনেকুৱা সেইটোও বৰ ভালকৈ নাজানে। ধন সম্পত্তি থাকিল বুলিয়েই যে গৰাকী ভাল হব সেইটো কেতিয়াও নহয় । মুঠতে এশ একুৰী চিন্তাৰে তেওঁৰ মনটো সেমেকি গল।

শেষ বুলি কওঁতে সকলো শেষ কেনেকৈ হব পাৰে ? এতিয়াও সময় আছে নে তাই নিজক বিচাৰি পোৱাৰ ?
নাই, আজি বিয়া আৰু দিনটো শেষৰ পিছতেই তাইৰ এটা জীৱনৰ অধ্যায় পৰিসমাপ্তি ঘটিব ।
বিষাদ বোৰে যেন তাইৰ ডিঙিটোত চেপা মাৰি ধৰিছে। এফালে জন্মৰ ঘৰখন এৰি যোৱাৰ বেদনা আৰু আনফালে নিয়ৰকো নিজৰ মনৰ কথা প্ৰকাশ কৰিব নোৱাৰিলে । তাতকৈ ডাঙৰ কথাটো হল যে তাই ডিগ্ৰীটোও শেষ কৰিবলৈ সময় নাপালে।
জোনাকৰ মাথো দুগালে চকুপানী বৈ আহে । তাইৰ মনোকষ্ট কোনে অনুভৱ কৰিব ? জন্মৰ ঘৰখন এৰি কেনেকৈ নতুন ঠাই নতুন ঘৰ আৰু নতুন মানুহৰ সতে মিলি থাকিব ? তাৰোপৰি নতুন মানুহ এজনৰ সতে তাইৰ এটা নতুন জীৱন আৰম্ভ হব আৰু সেই অচিন মানুহজনক কিদৰে দেহ মন সৰ্বস্ব উচৰ্গা কৰিব ? সম্ভৱ হব নে তাইৰ বাবে এইবোৰ ।
এৰা, সৰুতেই মাক ঢুকাইছিল আৰু তাৰ কিছু দিনৰ পিছতেই মাক হিচাপে মনেশ্বৰীক তাই পাইছিল।
লৰালী এৰি শৈশৱ, শৈশৱ এৰি এতিয়া যৌৱন পথত খোজ দিয়া জোনাকে মনেশ্বৰীৰ লগতেই সেই দিনবোৰ পাৰ কৰি আহিছে।
বেয়া হলেও সিমান বেয়া নাছিল মনেশ্বৰী। তাইৰ অসুখৰ সময়তো সেই মনেশ্বৰীয়েই তাইক যত্ন লৈছিল , কাষত বহি টোপনি ক্ষতি কৰিছিল, উপদেশ দিছিল আৰু কোনোবা দিনা খঙতে গালিও দিছিল তাইক।
দুখ বোৰো পানী গিলাদি তায়েই গিলিব লগা হৈছিল ।
এই মানুহজনিয়ে জন্ম নিদিলেও তাইৰ কাৰণে বহুখিনি কষ্ট কৰিছিল আৰু আজি তাইৰ বিয়া বুলি আনন্দত উৎফুল্লিত হৈছে । সকলোকে আনন্দেৰে নিমন্ত্ৰণ দিছে যে মোৰ ছোৱালীৰ বিয়া নহাকৈ নাথাকিব। তেনে ক্ষেত্ৰত তাই মাক দেউতাকক দুখ দিয়া কথা ভাবিবয়েই নোৱাৰে ।
-----------
পেহীয়েক নয়নাই পানী তোলা আয়তী সকলক ভিতৰলৈ মাতি নি গাখীৰ জলপান খুৱালে। আৰু ঘৰৰ পৰা পুনৰ সোনকালে আহিবলৈ অনুৰোধ জনালে।

বিয়াৰ এক অন্য আকৰ্ষণ হৈছে সংগীত। নাচ গান নহলে যেন বিয়া বিয়াৰ অনুভৱ নহয়েই। প্ৰায় 11 মান বজাৰ পিছত বেন পাৰ্টি ৰ মাতত বিয়া ঘৰৰ পৰিবেশ উদুলি মুদলি কৰি তুলিলে । আৰু বিয়াৰ নিমন্ত্ৰনীয় অতিথিৰো সমাগম বৃদ্ধি হবলৈ ধৰিলে ।
নিশা আৰু পলাশে জোনাকক সকলো প্ৰকাৰে ধ্যান ৰাখিছিল । এক প্ৰকাৰে কবলৈ গলে নিশাক এজনী সখীয়েকৰ ভূমিকা পালন কৰা দেখা গৈছিল। বিষাদবোৰ বুকুৰ এচুকত সাঁচি জোনাকে যিমান পাৰে মুখত এটি হাঁহি আঁকি সকলোকে সুখী হোৱাৰ প্ৰমাণ দিবলৈ চেষ্টা কৰিছিল যদিও সময়ে সময়ে ভাগৰি পৰি নীৰৱে চকুলো মচিছিল। নিশা আৰু পলাশৰ বাহিৰে আন কোনেও সেই ৰহস্য ভেদ কৰিব পৰা নাছিল ।
সময়বোৰ এনেদৰেই পাৰ হৈছিল। দিনটো কিদৰে পাৰ হৈ গ'ল কোনেও অনুভৱেই নকৰিলে । সকলোৱে কেৱল নাচ গান কৰি আনন্দত আত্মহাৰা হৈ পৰিছে। কিন্তু ৰূপেশ্বৰে আজিৰ প্ৰতিটো মিনিট, ঘণ্টা ৰ দূৰত্ব অনুভৱ কৰিছে আৰু কোনেও নেদেখাকৈ মনৰ মাজতে উচুপিছে । নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিছে " হে প্ৰভু মোক ক্ষমা কৰিবা মই তাইৰ লগত বহুত অন্যায় কৰিছোঁ । তাইক সদায় কুশলে ৰাখিবা তুমি ।।"
--------------

লগ্নৰ সময় হাতত ৰাখি বৰযাত্ৰী পালেহি । লগে লগে দৰা আদৰিবলৈ হাতত বঁটা লৈ কইনাৰ মাক আৰু পেহীয়েকৰ ল'ৰা দাদাক নীতিশ ওলাই আহিল ।
নিয়ম নীতিৰ মাজেৰে দৰা ভৰি ধুৱালে। জেথেৰি বৰণ হিচাপে ৰূপৰ আঙুঠি এটি পিন্ধালে দৰা ৰঞ্জনে । আৰু এনেদৰে দৰাক আদৰ সাদৰ কৰি পদূলি তথা গেটৰ পৰা বিয়াৰ মণ্ডৱলৈ লৈ যোৱা হ'ল।
কিছু সময় পিছত লগ্ন অনুসৰি বিয়াৰ হোম পুৰা আৰম্ভ কৰিলে। অৱশেষত দৰাই কইনাক মণ্ডৱলৈ আমন্ত্ৰণ কৰিলে ।
কইনা ওলাই আহিল আৰু দৰাৰ ডিঙিত মালা অৰ্পণ কৰিলে । দৰাইয়ো কইনা মালা পিন্ধালে । কইনাই দৰাক সেৱা এটা জনালে । নিয়ম অনুসৰি দৰাই কইনাৰ হাতত কোনেও নেদেখাকৈ টকা এটা দিলে। অসমীয়া সমাজৰ নিয়ম অনুসৰি দৰাই বিয়াৰ দিনা দিয়া সেই টকাটো কইনাই যতনেৰে সাঁচি ৰাখিব লাগে। হাজাৰ বিপদ হলেও সেইটো খৰছ কৰিব নোৱাৰে। কিয়নো সেই টকাটো দৰা কইনাৰ মৰমৰ প্ৰতীক ৰূপে মানা যায়।
আৰু ইয়াৰ লগে লগে পুৰুহিতে কন্যা দান প্ৰক্ৰিয়া আৰম্ভ কৰিলে। কিছু সময়ৰ পিছত কইনাৰ ভায়েকে আখৈ তুলি দিয়ে আৰু দুয়োকে দুয়োৰে বস্তৰে এটা গাঁঠিয়ে বান্ধি দিয়ে।
-------------
বিবাহৰ সকলো বিধি আৰু কামকাজ কৰি শেষ হওঁতে দুকমুকালি হল।
অৱশেষত দৰা কইনাক ভিতৰলৈ নি জলপান খাবলৈ দিলে আৰু সকলো নিয়ম শেষ কৰি দৰা কইনাক গা ধোৱা ঠাইলৈ লৈ যায় আৰু তাতে দৰা কইনা বেইট 7 পাক ঘূৰাই সেই গাঁঠিটো খুলি দিয়ে।
পোহৰ হোৱাৰ পিছতেই দৰা কইনাক গাড়ীত উঠাই বৰযাত্ৰীক বিদায় দিয়ে।

কইনা বিদায় দি বিষাদত ভাঙি পৰিল দেউতাক ৰূপেশ্বৰ । ৰূপেছৰক শান্তনা দিবলৈ কাষত কোনো নাছিল মাথোঁ চকুত বাৰে বাৰে ভাঁহি আহিছিল জোনাকৰ সৰু ছবি খনি লগতে জোনাকৰ মাক । জোনাক যোৱাৰ পিছতেই যেন ৰূপেশ্বৰৰ হৃদয় খন গুচি গৈছিল ।।
মাথোঁ পৰি ৰৈছিল শূন্যতা ।।

( আগলৈ.....)

03/05/2022

( ১০)

কিৰিং কিৰিং ...কিৰিং কিৰিং....

মাইনা তোমাৰ ফোন বাজি আছে .. মাইনা ...শুনিচানে ,

নয়না পেহীয়েকৰ চিঞৰ শুনি জোনাকে পাকঘৰৰ পৰা মাত লগালে ,

'পেহী মই পাকঘৰত আছো কি কৈছা ভালৈ শুনা নাই মই ' ।

ক'ত শুনিবানো এইফালে যিহে ব্যস্ত হৈ আছা। লোৱা তোমাৰ ফোন বাজি আছিল।
নিশাই ফোন কৰিছিল । তুমি যোৱা কথা পাতা মই এইখিনি কৰিম।
এই বুলি পেহীয়েক নয়নাই তাইক মোবাইলটো দিলে আৰু পাকঘৰত ব্যস্ত হৈ পৰিল।

তাই তাৰ পৰা নিজৰ ৰুমলৈ আহিল আৰু নিশাৰ নম্বৰটো ডায়েল কৰিলে ।
সিফালৰ পৰা নিশাই মাত লগালে ,

কত নো থাক জোনাক ইমান ফোন কৰি আছো ৰিচিভ কৰাই নাই তই।

: পাকঘৰত আছিলো কিবা কিবি অলপ বনাই । ক কিয় ফোন কৰিছিলি ।

: আজি মই পলাশক তোৰ সকলো কথা ভাঙি কলো । সি মোক লগ কৰিবলৈ কলে আৰু তাক লগ কৰাৰ পাছত আমি দুটাই সিহঁতে থকা ঘৰটোলৈ গৈছিলো। কিন্তু গৈ পাই গম পালো আজিৰ পৰা প্ৰায় এক মাহ মানৰ আগতেই সিহঁত তাৰ পৰা গুচি গৈছে । আৰু নিয়ৰৰ খবৰ কোনেও নাজানে । সিহঁতৰ ঘৰৰ ওচৰৰ খুড়া এজনক লগ পালো খুৰাজনে কলে যে সি প্ৰায় সন্ধিয়া খুৰাজনৰ লগত ডবা খেলিছিল । প্ৰায় এক ঘণ্টাকৈ । কিন্তু আজি একমাহ বেছি হৈ গল তাক নেদেখা তাৰোপৰি তাৰ কোনো খবৰো পোৱা নাই।
ইয়াত বৰ্তমান বন কৰা মানুহ এজন আছে । কিন্তু মানুহজনৰ লগত কোনেও তেনেকৈ কথা বাৰ্তা পাতা নাই ।
আমি বহুত সময় কথা পাতিলো খুৰাজনৰ লগত। খুৰাজনে পলাশৰ মোবাইল নম্বৰটো ৰাখিছে আৰু তেখেতৰ কাৰ্ড এখন আমাক দি কৈছে তাৰ কিবা খবৰ পালে খুৰাজনক ফোন কৰিবলৈ আৰু তেখেতেও যদি কিবা খবৰ পায় আমাক জনাব ।
জোনাক তই বহুত চেষ্টা কৰিলি তাক লগ কৰি তোৰ কথাবোৰ কবলৈ কিন্তু দুৰ্ভাগ্য যে তই একো কৰিব নোৱাৰিলি গতিকে এতিয়া আৰু ভাবি থাকিব নালাগে যি হৈছে ভালৰ বাবে হৈছে বুলি ধৰি ল । কিয়নো তই যিমান এইবোৰ কথা পাহৰি নৰমেল হবলৈ পৰিবি সিমান তোৰ কাৰণেই ভাল । গতিকে আশা কৰো তই কথাবোৰ অলপ ভালকৈ ভাবি চাই বুজিবি।

তাই একো উত্তৰ নিদিয়াকৈ তাই ফোনটো কাটি দিলে ।

সময় বোৰে ক্ৰমান্বয়ে মেলানি মাগিছিল।
বিয়া বুলিয়েই মনেশ্বৰীয়ে ঘৰখন নতুনকৈ সজাবলৈ লৈছিল অৰ্থাৎ যিমান পাৰে চাফ চিকুণ কৰি পৰিষ্কাৰ আৰু পৰিপাতি কৰাত ব্যস্ত হৈ পৰিছিল। খিৰিকীৰ আইনাবোৰ চাফা কৰি তাত নতুন পৰ্দাৰ তৰি দিছিল তাৰোপৰি সন্মুখৰ ৰুমৰ ৱাল কেইখনত পুনৰ ৰঙ কৰাইছিল । আনহাতে যিমানেই বিয়াৰ দিনা কাষ চাপি আহিছিল সিমানেই তাইৰ বকুখন গধুৰ হবলৈ ধৰিছিল। বাঢ়িছিল হৃদয়ৰ স্পন্দন আৰু হতাশাৰ হুমুনিয়াহ ।

আজি চল্লিশ দিন নিয়ৰৰ কোনো খবৰ পোৱা নাই জোনাকে আৰু হয়তো নিয়ৰৰ কাষটো জোনাকৰ কোনো খবৰ নাছিল অন্যথা এবাৰ হলেও সি তাইৰ মনৰ খবৰ লবলৈ মন নগল হয় নে? পঢ়াৰ প্ৰতি আগ্ৰহী ছোৱালীজনীয়ে কি কাৰণত এনে এটা সিদ্ধান্ত লব লগা হল সি নুশুধিলে হয় নে?
নে সি সঁচাকৈয়ে ......
নাই নাই নিয়ৰ কেতিয়াও তেনে হব নোৱাৰে।

এইবোৰ আকাশ পাতাল ভাবি থাকোতে কেতিয়া আবেলি হল তাই গমেই নাপালে।
আশাবোৰ পুনৰ বুকুত সামৰি তাই বাহিৰলৈ ওলাই আহিল ।
আৰু বেছি দিন নাই তাইৰ বিয়ালৈ । মাত্ৰ ৭ টা দিন বাকী আছে সেইবাবে ঘৰত আলহী অতিথিৰে ঘৰখন ভৰি আছে ।

সকলোকলোৱে একো একোটা কামত ব্যস্ত হৈ আছে যেন কাৰো কথা কোনেও শুনিব বিচৰা নাই ।
চাৰিফালৰ পৰিবেশটো তাই এবাৰ ভালকৈয়ে নিৰীক্ষণ কৰিলে । নাই আগৰ দৰে নহয় সকলোতে কেৱল নতুনত্বৰ প্ৰভাৱ পৰিছে। আজি দুপৰিয়ালৈ শেৱালি ডাল পদূলিত আছিল কিন্তু বৰ্তমান সেইখিনি ঠাই উকা হৈ পৰিল হয়তো কিছু সময় পূৰ্বে কোনোবা এজনে গছ জোপা কাটি দিছিল। তাই একেথৰে সেই ঠাইখিনিলৈ চাই আছিল।
মাইনা বা সেই দাদা কেইজনে বোলে পানী খাই দে চোন আনি ।

: দিম বাৰু কিন্তু শেৱালি জোপা কোনে কাটিলে তই জান নেকি কমল ?

: অহ , ভাইটি দাই এ কাটিলে তাতে গেট দিব আৰু শেৱালি জোপাৰ বাবেই অসুবিধা হয় সেই কাৰণেই কাটি দিব দিলে।
অ ' ঠিকেই আছে দে।

কথাষাৰে তাইৰ বুকুখনত বৰ কষ্ট দিছিল । নিজ হাতেৰেই তাই সেইজোপা লগাইছিল আৰু আজি তাইৰ গম নোপোৱাকৈয়ে তাইৰ বাবেই সেই শেৱালি জোপা কাটি পেলাব লগীয়া হল। চকুদুটা যেন জ্বলি গৈছিল তাইৰ ।
কোনোমতে চকুৰ পানীখিনি বাহিৰলৈ আহিব নোৱাৰা কৈ ৰাখিছিল ।

( আগলৈ.....)

03/05/2022

( ৯ )

ঋতু ভেদে ক্ৰমান্বয়ে পাৰ হৈ গৈছিল মাহবোৰ । সৰি শেষ হৈছিল শৰতৰ শেৱালীবোৰ । লাহে লাহে নাঙঠ হবলৈ ধৰিছিল বিৰিশবোৰো ।

শীতৰ আগমনৰ বতৰা পায় যিদৰে পৰিবেশ শীতল হৈ পৰে ঠিক তেনেদৰেই দিনবোৰ বাঢ়ি যোৱাৰ লগে লগে জোনাকৰ মনটো বিষাদত কপিবলৈ ধৰিলে।
বাৰে বাৰে তাই অনুভৱ কৰিছিল নিয়ৰক কথা বোৰ খুলি কোৱাটো প্ৰয়োজন নেকি ? এবাৰ কৈয়েই দিব নেকি সকলোবোৰ যে তাই তাক বহুত ভাল পায় আৰু আজীৱন তাৰ সৈতে থাকিব বিচাৰে।

বিচনাৰ এটা কাষত পৰি থকা ফোনটো তাই হাতত তুলি ললে আৰু নিয়ৰৰ নম্বৰটো ডায়েল কৰিলে । লাহে লাহে ফোনটো ৰিং হল যদিও নিয়ৰে ফোনটো উঠোৱা নাছিল।
দুবাৰ ফোন কৰাৰ পাছতো সি ফোন ৰিচিভ নকৰাৰ বাবে তাই তৃতীয়বাৰ পুনৰ ফোন নকৰিলে ।
লাহেকৈ গাৰুটোৰ ওপৰত মোবাইলটো দলিয়াই দি দীঘলকৈ এটা হুমুনিয়াহ এৰিলে আৰু নিজৰ মাজতে ভোৰভোৰাবলৈ ধৰিলে , কোনোবাই যদি মোক এবাৰ বুজিলে হয় .......

দুপৰীয়া প্ৰায় ১ মান বাজিছে। ৰূপেশ্বৰে বজাৰৰ পৰা ঘৰলৈ বুলি আহি আছে । মনত তেওঁৰ বিভিন্ন ভাবৰ দোলন ।

জীয়েকক উচ্চ শিক্ষাৰে শিক্ষিত কৰিব আকাংক্ষা আছিল ৰূপেশ্বৰৰ । ইচ্ছা নাছিল প্ৰৱেশিকা পাছ কৰি স্নাতক তৃতীয় ষান্মাসিকতেই বিয়া দিয়াৰ । ঘৰখনৰ এজনীয়ে ছোৱালী দেখাৰ লগতে পঢ়াতো যথেষ্ট মেধাৱী আছিল তাই। তাইৰ পিছতেই মাহী মাক মনেশ্বৰীৰ এটা লৰা আছে । তাতকৈ বেছি সৰু নহয় । ৩-৪ বছৰ মান ব্যৱধান হব সিহঁতৰ মাজত । তাৰ পঢ়াত বৰ বেছি মন কান নাছিল । স্কুলত অহা যোৱা কৰিছিল সঁচা কিন্তু সেইটোও বাধ্যত পৰিহে কৰি আছিল। ঘৰৰ এটাই ল'ৰা । সিহঁতৰ বংশৰ সিয়েই মাত্ৰ এডাল ঘাই শিপা গতিকে তাক প্ৰয়োজনতকৈ অধিক স্নেহ কৰিছিল মাক মনেশ্বৰীয়ে।

দিন গৈ গধূলি হ'ল । ঘৰৰ সকলো সদস্য একেলগে বহি আছে । বজাৰৰ পৰা আহোতে বাহিৰে বাহিৰে দেও ৰ ঘৰত(পুৰুহিত) সুমাই আহিলো । বহু দিনৰ পিছত দেখা দেখি হৈছিল আমাৰ । দেখাৰ লগে লগে গোঁসাই দেখা দিলে বৌয়ে । আদৰ সাদৰে কোমল চাউল আৰু গাখীৰে জলপান খাবলৈ দিলে ।মইও ভোকৰ পেটত আছিলোঁ সেইকাৰণে নাখাও নকৈ খাই দিলো।
কিছু সময়ৰ পিছত আমাৰ মাজনীৰ কথাটো উলিয়ালো । শুনি বৰ সুখ পালে জানা.....
এইবুলি ৰূপেশ্বৰে মনেশ্বৰীলৈ চাহৰ খালি কাপটো আগবঢ়াই দিলে । টেবুলত থোৱা পানীৰ গ্লাছটো হাতত তুলি সু হাতৰ পতাত অলপ পানী বাকী মুখত ললে । মনেশ্বৰীয়ে আগ্ৰহেৰে জতনাই দিয়া তামূলখনি মুখত ভৰাই ৰূপেশ্বৰে জোনাকলৈ চালে ।
পূৰ্ণিমাৰ জোনৰ দৰে জিলিকি থকা মুখখনিত আজি সেই উজ্জ্বলতাখিনি নেদেখি ৰূপেশ্বৰে মুখখন ঘূৰাই আনিলে আৰু দীঘলকৈ হুমুনিয়াহ এটা এৰি কিছু সময় মনে মনে থাকিলে।

পুৰুহিত ঘৰত যদি গৈছিলেই তেনেহলে বিয়াৰ দিন বাৰ ৰ কথাখিনিও পাতি আহিব লাগিছিল একেবাৰে । তেতিয়া অলপ হলেও কাম আগবাঢ়ি থাকিল হেতেন।
জোনাকে আচৰিত হৈ দেউতাকত ফালে চালে । তাই দেউতাকক ভালকৈ লক্ষ্য কৰি দেখিলে , দেউতাকৰ চকু জুৰি বাৰিষাৰ ভৰ পুখুৰীটোৰ দৰেই হৈ পৰিছে যেন পাৰ বাগৰি চাৰিওফাল পানীৰে উপচাই পেলাব। কিন্তু বহুত সযতনে দেউতাকে পাৰবান্ধি ভেটিব খুজিছে চকুলো।
কোনো প্ৰশ্ন নকৰিলে তাই দেউতাকক । প্ৰশ্ন কৰাৰ ভাষা হয়তো হেৰুৱাই পেলাইছিল তাই। এনে লাগিছে যেন দেউতাকক সাৱটি ধৰি তাই চিঞৰি চিঞৰি কান্দিব আৰু কব দেউতা মই বিয়া নহওঁ মোক বিয়া নিদিবা না।

বহাৰ পৰা থিয় হল জোনাকে আৰু কোনোফালে নোচোৱাকৈ ৰুমৰ পৰা বাহিৰলৈ ওলাই আহিল তাই।
বাহিৰত এজাক কোমল বতাহ বলিছে । বাৰাণ্ডাৰ পৰা আকাশৰ জোনটো খুব সুন্দৰকৈ চাব পাৰি গতিকে যেতিয়া তাইৰ মন বেয়া লাগে তেতিয়া প্ৰায় আধা ৰাতিলৈ বাৰাণ্ডাতেই বহি থাকে আৰু জোনটোলৈ চাই নীৰৱে চকুলো তুকে ।
আজিও তাৰ ব্যতিক্ৰম নহল।

বাৰাণ্ডাত শাৰী পাতি পাৰি থোৱা চকী কেইখনৰ ফালে নিৰীক্ষণ কৰি তাৰে মাজৰ পৰা এখন চকী টানি আনিলে আৰু সামান্য দূৰত পাৰি লৈ বহিল।
কঁকালৰ তলত পৰা তাইৰ ক'লা চুলিতাৰী পিঠিৰ পৰা সন্মুখলৈ টানি আনিলে ।

বহু সময় তাই নিজৰ মাজতেই হেৰাই আছিল । মাকৰ কথাবোৰ সুঁৱৰি দুগাল তিয়াই কান্দিছিল কেৱল নিশব্দে। চকুৰ পানীৰে তাইৰ কাপোৰৰ কিছু অংশ সেমেকি গৈছিল কিন্তু তাই সম্বিত ঘূৰাই পোৱা নাছিল। কিমান আৰ্টনাদত এনেকৈ কান্দিব পাৰি? বুজাব নোৱাৰিছিল কাকো আৰু কাষতো নাছিল আন কোনো আছিল সৌ নীলাভ আকাশত উজ্বলি থকা পূৰ্ণিমাৰ জোনটো আৰু মৌন নিশাটো।
জন্মৰ দুটা বছৰৰ পিছতেই মাকক হেৰুৱাই মনেশ্বৰীক মাক হিচাপে পাইছিল তাই । মৰমৰ নামত অত্যাধিক মৰম পাইছিল তাই যাৰ ফলশ্ৰুতিত অনিচ্ছাকৃত ভাবে কম বয়সতেই বিয়াৰ বাবে নিজক প্ৰস্তুত কৰিব লগা হৈছে । এয়াই তাইৰ জীৱন । তাইৰ দৰে যেন অন্য ছোৱালীৰ লগত কাহানিও এনে নহয় তাকেই কামনা কৰিছিল অৱশেষত।

বা' ..... ঐ বা ....
কি ভাবি আছ ? মায়ে তেতিয়াৰ পৰা চিঞৰি আছে শুনাই নাই নে তই ....
ভায়েক প্ৰবলৰ মুখলৈ নোচোৱাকৈয়ে জোনাকে সুধিলে,
কিয় মাতিছে ?
:বাহিৰতে বাচন কেইটামান থৈ আহিছে ধুব লাগে ভাত খাবলৈ হৈছে ।
গৈছোঁ ব'ল ।।
সি যোৱাৰ দিশে তাই চালে আৰু বহাৰ পৰা উঠি ভিতৰলৈ গ'ল ।।

( আগলৈ....)

03/05/2022

(৮)

দেউতা ..
নিয়ৰক মই ভাল পাওঁ । এগৰাকী নাৰীৰ জীৱনসঙ্গী হিচাপে যিমানখিনি ভাল পোৱাটো দৰকাৰ তাটোতকৈ বহুত বেছি । এইখিনি কথাকেই তাই কেইবাদিনো ধৰি
কবলৈ খুজিও দেউতাকক কব নোৱাৰিলে।
তাই তাক ভাল পায় সঁচা কিন্তু ঘৰখনৰ বিপৰীতে গৈ এষাৰ মাত দিয়াৰো তাইৰ সাহস নাই । কিন্তু মনৰ কথাটো মনৰ মাজত ৰাখিও তাই শান্তিত থাকিব পৰা নাই।

সি যি কি নহওঁক। সাধাৰণতে ঘৰত এজনী গাভৰু ছোৱালী থকা লৈ মাক দেউতাকৰ চিন্তা হৈ থাকে যে সময় মতে তাইক এজন ভাল ল'ৰা চাই বিয়া দিব পাৰিব নে নাই।

কিন্তু জোনাকৰ মাক দেউতাকৰ সেইটো চিন্তা বৰ বেছি দিনলৈ নাথাকিল। তেওঁলোকৰ সকলো চিন্তাৰ নিবাৰণৰ বাবে এজন উপযুক্ত দৰা বিচাৰি পালে ।

ৰঞ্জন বৰুৱা। পেছাত তেওঁ এজন সফল ব্যৱসায়ী ।
ল'ৰা ধনী আৰু ধুনীয়া দেখি মাক দেউতাকে বৰ বিশেষ কথা জানিবলৈ ইচ্ছা নকৰিলে আৰু যিমান পাৰে সোনকালে তাইক বিয়া দিয়াৰ কথাহে ভাবিলে ইফালে ছোৱালীয়ে কি ভাবি আছে , তাইৰ মতামত কি এবাৰো জানিবলৈ ইচ্ছা নকৰিলে।

দেউতাক ৰূপেশ্বৰে যদিও ভাবিছিল যে ছোৱালী জনী এতিয়াই বিয়া দিয়াৰ বয়স হোৱা নাই । কিন্তু মাক মনেশ্বৰী কোনো কাৰণতেই ৰূপেশ্বৰৰ মতামতত সন্মত নাছিল।
মাকৰ মতে ল'ৰা পাইছে যেতিয়া ছোৱালী দিব লাগে । ঘৰত ৰাখি পঢ়াই থকাৰ কোনো প্ৰয়োজন নাই।
হাজাৰ হওঁক ৰূপেশ্বৰে সেই কথাটো সহজভাৱে লব নোৱাৰিলে আৰু ঘৈণীয়েকক কলে তাইক অন্ততঃ বি.এ টো পাছ কৰি লবলৈ দিওঁ তাৰ পিছত বিয়া দিম ।
কিন্তু মনেশ্বৰীৰ সেই দুটা বছৰো ৰবলৈ সময় নাছিল ।

অৱশেষত দুয়োখন ঘৰৰ মাজত কথা বতৰা চলিল আৰু বিয়াৰ দিন ঠিক হল। দেউতাকে তাইৰ পঢ়াৰ সন্দৰ্ভত দৰা ঘৰৰ লগত কথা পাতোতে তেওঁলোকে কলে যে চিন্তা কৰিব নালাগে বিয়াৰ পিছতো তাই পঢ়িব পাৰিব আৰু তেওঁলোকেই পঢ়াব ।

সকলো মাক দেউতাকে ভবাৰ মতেই হৈ গল। কিন্তু কোনেও তাইক এবাৰ নুশুধিলে যে তাইৰ মনে কি বিচাৰে? এই বিয়াত তাই সুখী নে?

একো কথাই কাকো খুলি নকলে তাই । মনৰ খবৰ মনৰ মাজতেই সাঁচি থলে । তদুপৰি নিয়ৰকো তাই তাইৰ বিয়াৰ খবৰ নজনালে ।

সন্তেকীয়া জীৱনৰ প্ৰতিটো পলেই সুন্দৰকৈ উপভোগ কৰিবলৈ মন যায় । হেঁপাহৰ সাঁকোত খোজ দি মনৰ সাগৰখনৰ ইপাৰ সিপাৰ গণিবলৈ ইচ্ছা যায় কিন্তু সময়ৰ চাকনৈয়াত বাস্তৱৰ সকলোবোৰেই ধূসৰ হৈ যায় ।

ঠিক তেনে দৰে ক্ষন্তেকৰ কাৰণে কাৰোবাক ইমানেই ভাল লগা হৈ যায় যিটো প্ৰকাশ কৰিব বিচাৰিলেও প্ৰকাশ কৰিব পৰা নাযায়।
সময়ৰ চাকনৈয়াত পৰি সেই ভাল লগাবোৰো ধূলি হৈ বতাহত উৰি যায়। মাথোঁ ৰৈ যায় বিষাদে গৰকা কেইটিমান মুহুৰ্তৰ ছবি ।

( আগলৈ....)

03/05/2022

( ৭)

নিশা বাৰ বাজিবলৈ মাত্ৰ পোন্ধৰ মিনিট বাকী আছিল তেতিয়া ।
তাৰমানে এঘাৰ বাজি পঞ্চল্লিশ মিনিট হৈছে।
লিখাৰ পৰা মূৰটো দাঙি টেবুলৰ পৰা সামান্য দূৰৈত ওলমি থকা ৱাল ঘড়ীটোলৈ চাই তাই দেখিলে ।

নিতৌ কিবা অলপ লিখাটো তাইৰ সৌ তাহানিৰ দিনৰেই অভ্যাস । আজিও সেই অভ্যাসটো এৰিব পৰা নাই ।
সঁচা কথা কবলৈ গলে আগতে কিবা লিখা আৰু বৰ্তমানৰ লিখাৰ মাজত বহুখিনি পাৰ্থক্য আছে ।
আগতে তাই লিখিছিল প্ৰেমৰ কবিতা কিন্তু আজি তাই লিখিছে জীৱন গাঁথা , এগৰাকী নাৰীৰ মনৰ কথা ....।
তাইৰ ঘৰ, তাইৰ পৰিয়াল, প্ৰেম আৰু তাইৰ মৰম .....!!

দীঘলকৈ এটা হুমুনিয়াহ এৰি ডায়েৰীৰ সেই আধালিখা কাহিনীটোৰ শব্দবোৰৰ বুকুতেই কলমটো থৈ জিৰাব দিলে । বহাৰ পৰা উঠি চকুৰ চশ্মাযোৰ খুলি টেবুখনৰ ওপৰতেই থলে আৰু লাহে লাহে খিৰিকী খনৰ কাষলৈ আহিলে।

পৰ্দাৰ ফাঁকেৰে খিৰিকীৰ আইনাৰে বাহিৰৰ জোনটো দেখিবলৈ ইমান এটা মনোমোহা নাছিল। সেইবাবে লাহেকৈ খিৰিকীখন খুলি দিলে।
লগে লগে এচাতি শীতল বতাহে তাইৰ শৰীৰটো শিহৰিত কৰি তুলিলে আৰু খন্তেকৰ বাবে চকুযুৰী জপাই দিলে।

তেতিয়া চাৰিওফালৰ পৰিবেশ মৌন হৈ আছিল । মাথোঁ শুনিবলৈ পোৱা গৈছিল ঘড়ীৰ টিক টিক শব্দ । ক্ৰমান্বয়ে সেই শব্দতেই যেন তাই বিলীন হৈ গৈছিল অতীতৰ বুকুত আৰু এটি এটিকৈ লুটিয়াই যাবলৈ ধৰিছিল তাৰ পৃষ্ঠাবোৰ ।যিবোৰত নিহিত হৈ
আছিল তাইৰ সপোন , ইচ্ছা আকাংক্ষা আৰু অভিমানৰ পৰশত লহপহকৈ ডাঙৰ হোৱা বুকুৰ একমাত্র গোলাপৰ পুলিটো ......

03/05/2022

( ৬ )

সিদিনাই আৰম্ভণি আছিল আৰু তাৰ পিছত লাহে লাহে নিয়ৰ আৰু জোনাকৰ মাজত বন্ধুত্বৰ গভীৰতা বাঢ়িবলৈ ধৰিছিল।
কলেজৰ সাধাৰণ সম্পাদক হোৱাৰ লগতে পঢ়াত মেধাৱী ছাত্ৰ। শিক্ষাগুৰুৰ পৰা কৰ্মচাৰীলৈ সি সকলোৰে প্রিয় আছিল ।কলেজৰ সকলো ছাত্ৰ ছাত্ৰীয়ে তাক বহুত ভাল পাইছিল। আৰু কিছুমান ছোৱালীয়ে মনতে পছন্দও কৰিছিল ।

নিয়ৰ আছিল এখন সম্ভ্ৰান্ত ঘৰৰ একমাত্ৰ ল'ৰা ।দেখাই শুনাইও বৰ মৰম লগা । দেউতাক সৰুতেই ঢুকুৱাত মাকেই তাক ডাঙৰ কৰিছিল । দেউতাকৰ মৰম কি সেইয়া সি অনুভৱ কৰিবই পোৱা নাছিল।
নিয়ৰ জোনাকতকৈ দুটা শ্ৰেণীৰ আগত। জোনাকৰ কিবা অসুবিধা হলে নিয়ৰেই তাইক সহায় কৰিছিল । কলেজৰ আন বন্ধু বান্ধৱীয়ে সিহঁতৰ সম্পৰ্কটো সিহঁতে কোৱাৰ দৰে এটা সাধাৰণ সম্পৰ্ক বুলি ভবা নাছিল ।
সময়বোৰ এনেদৰে পাৰহৈ গৈ আছিল । কেতিয়াবা সিহঁতে নৈৰ পাৰত বহিছিল কেতিয়াবা পাহাৰৰ দাঁতিত আৰু কেতিয়াবা ৰেষ্টুৰেণ্টত বহি কথা পাতিছিল।
নিয়ৰক পোৱাত জোনাকেও ঘৰৰ সকলো দুখ পাহৰি হাঁহি ফুৰ্তি কৰিবলৈ লৈছিল। ইয়াৰ উপৰিও পলাশ আৰু নিশাৰ মাজটো এটা শুব ভাল সম্পৰ্ক গঢ়ি উঠিছিল। এটাই আনটোক এৰি থাকিব পৰা নাছিল। পলাশৰ অনুপস্থিতিত নিশাই বহুত অকলশৰীয়া যেন অনুভৱ কৰিছিল ।যদিও জোনাক কাষত পাইছিল তথাপি তাই এটা আধৰুৱা কবিতাৰ দৰে হৈ পৰিছিল।
আগতকৈ তাই বহুত সলনিও হৈছে। তাই এতিয়া আগৰ সেই চঞ্চল পখিলা জনী হৈ থকা নাই ।
আনহাতে নিয়ৰ , বেচেৰাই যাক নিজতকৈও বেছি ভাল পায়, যত্ন লয় সেই ছোৱালীজনীক সি কোনো দিনেই তাৰ মনৰ কথা প্ৰকাশ কৰিব নোৱাৰিলে । জোনাকেও ভিতৰি ভিতৰি বৰ জেদি আছিল। তাই সকলো কথা নিয়ৰক খুলি নকৈ আওপকীয়াকৈ কৈ থৈছিল ।
মুঠতে দুয়ো দুয়োকে মনে প্ৰাণে ভাল পাইছিল যদিও কোনেও কাকো প্ৰকাশ কৰা নাছিল ।মনৰ মাজতেই গোলাপে কলি পেলাই পাহি মেলি চাই চাই হাঁহি আছিল।

মা' ....
মা বুলি মাত লগোৱা কাৰোবাৰ মাতত জোনাকৰ ভাবৰ আঁতডাল কেনিবা হেৰাই গ'ল। অতীতৰ পৰা ওলাই বাস্তৱত ভৰি দি চকুহাল মেলিলে । চকুযুৰীৰ ওপৰত হাতখন বুলাই বহাৰ পৰা উঠিল আৰু ঘূৰি চাই দেখে তাইৰ কাষত থিয় দি ৰৈছেহি মৰম । মৰমক দেখি জোনাকৰ চকুযুৰি পানীৰে উপচি পৰিল।
মা , তুমি ইয়াতেই আছা মোৰ য ভোক লাগিছে। কিবা এটা খাবলৈ দিয়া না মা। এইবুলি মৰমে মাকৰ কাষত উচুপিবলৈ ধৰিলে।
জোনাকে মৰমক ততালিকে সাৱটি ললে আৰু কপালত এটা চুমা আঁকি কলে, ব'লা আমি ভাত খাওঁগৈ ।
মা তোমাক মই বেয়া পাইছোঁ ।তুমি মোক অকলে এৰি থৈ কিয় ইয়াত আছাহি মোৰ যে বহুত ভয় লাগিছিল জানা?
তাই কিছুসময় মৰমক একেথৰে চাই থাকিল আৰু পিছত কলে, মাজনী , তোমাক এৰি মই কেতিয়াও দূৰলৈ নাযাও। তোমাৰ লগতেই সদায় থাকিম সুনজনী । এতিয়া ব'লা আমি ভাত খাওঁগৈ ...।।

( আগলৈ....)

03/05/2022

( ৫ )

চাওঁতে চাওঁতে ৩০ টা দিন কেনেকৈ পাৰ হৈ গ'ল জোনাক ধৰিবই নোৱাৰিলে । আগষ্ট মাহ আৰম্ভ হোৱাৰ লগে লগে জোনাকৰ কলেজীয়া জীৱনটোও আৰম্ভ হ'ল । সময়ৰ লগে লগে তাই নিজকে বহুত খিনি সলনি কৰিব লগীয়া হৈ পৰিল।
নিজৰ পঢ়াৰ লগতে ঘৰৰ কাম কাজৰ প্ৰতি লক্ষ্য ৰখা, সময়মতে ক্লাছত উপস্থিত হোৱা অন্যথা কলেজৰ নিয়ম অনুসৰি নিয়মীয়াকৈ ক্লাছ নকৰিলে nc ,dc ত যদি তাইৰ নাম আহিব লগীয়া হয় তেতিয়াটো তাইৰ জীৱনৰ সকলো খিনিয়েই হেৰুৱাব লগা হব পাৰে । আৰু সেই ভয়তেই তাই সময়ৰ লগত সমান খোজ মিলাই আগবাঢ়িব লগা হ'ল ।

""""""""""""""''''''''''''''''""""""""""""""""""""""""

আজি শনিবাৰ ।১ বাজি ৩০ মিনিটতেই সিহঁতৰ ক্লাছ সমূহ শেষ হল । জোনাকে ভাবিলে ইমান সোনকালে ঘৰলৈ যোৱাতকৈ পুথিভঁৰালতেই কিছু সময় অতিবাহিত কৰো।
নিশাই এইবোৰ কামত বহুত আমনি পাই যদিও উপায় নাই জোনাকৰ লগত থাকিলে সেইখিনিটো কৰিবই লাগিব । সি যি কি নহওঁক দুয়োজনী পুথিভঁৰালৰ দিশে আগবাঢ়িল।
জোনাকে কেইবাখনো কিতাপ চকু ফুৰালে কিন্তু এখনো ভাল নালাগিল। অলপ আগলৈ গৈ এখন কিতাপ উলিয়ালে । কিতাপখন তাই ওপৰে ওপৰে অলপ চকু ফুৰাই ভালে যে এইখনকেই পঢ়ি চাওঁ আৰু পঢ়াৰ উদ্দেশ্য তাই সন্মুখৰ চকীত বহিলগৈ।

এনেদৰে বহু সময় পাৰ হৈ গল নিশাই জোনাক কলে বল যাওঁ মোৰ আমনি লাগিছে।
উপায়হীন হৈ জোনাকে বহাৰ পৰা উঠিল আৰু পিছৰ দিনা কিতাপ খন পঢ়াৰ মনেৰে সহজে বিচাৰি পোৱাকৈ এটা ঠাইত থৈ পুথিভঁৰালৰ পৰা ওলাল।

তেতিয়ালৈ ২.৩০ বাজিছিল। বতৰটো বৰ ভাল নাছিল। কিছু সময়ৰ আগতে এজাক বৰষুণ পৰি গৈছিল । জোনাকে এইবোৰ একোৱেই গম পোৱা নাছিল।

উফ কিবা কৰি বাছিলো।

মানে ?

: মানে আৰু কি হব , তোৰ লগত সেই পুথিভঁৰালত থাকিব পালে মোৰ জিওতো তাতেই শেষ হৈ যাব । কি যে বৰিং আৰু দেই,

: হব ভাল কামত তই সদায় বৰিং হৈ পৰ।

: সেইটো কিবা ভাল কাম হল নেকি? নতুনকৈ আহিছো অলপটো কলেজখন ঘূৰিব লাগে , কাৰোবাক অলপ চেনী দিবলৈও চেহ.......!
তোৰ লগত যে একো লাভ নহয় মোৰ ।
ঐ কালি কিন্তু মোৰ পাল।ঘূৰিব লাগিব গোটেইখন। নহলে....

এ হব বল । এতিয়া যাওঁ ।

আৰে তইও সচাই বৰিং দেই। এতিয়াই ঘৰলৈ নাযাওঁ। আৰু সোনকালে ঘৰলৈ গৈ তইয়ো কামবোৰ হে পাবি। গতিকে লাহে ধীৰে যাম। আজি কলেজৰ কেম্পাছটোকেই চাই লওঁ আহ। এইবুলি তাই আগলৈ বুলি খোজ ললে।

ইচ্ছা নাছিল যদিও জোনাকে উপায় হীন হৈ তাইৰ কথামতে কথামতে খোজ কাঢ়ি গৈ থাকিল।
বৰষুণজাক আকৌ কিন কিন কৈ পৰিবলৈ লৈছিল। পৰিবেশটো অতিকৈ মনোৰম হৈ পৰিছিল। কলেজ কেম্পাছৰ চাৰিওদিশ মৌন হৈ আছিল ।
সিহঁতৰ পৰা প্ৰায় পঞ্চাশ মিটাৰ মান দূৰত কলেজ খেলপথাৰ খন আছিল তাতেই কেইবাজনো লৰাই ফুটবল খেলি আছিল। খেলপথাৰৰ কাষেৰেই এটা সৰু পথ কলেজৰ হোষ্টেলৰ ফালে গৈছিল আৰু কিছু দূৰ গৈ সেই পথটো মূল পথৰ সৈতে সংযোগ হৈছিল। সেই পথেৰে
দুয়োজনী একান্ত মনেৰে খোজ কাঢ়ি গৈ আছিল । সিহঁত প্ৰায় লৰা কেইজনৰ ওচৰ চাপিছিল এনেতেই ঘটনাটো ঘটিল।

এই...... লাগিল লাগিল লাগিল ইস......!
বলটো আহি জোনাকৰ মূৰত লাগিল। লগে লগে জোনাকে লগে লগে বহি পৰিল।
জোনাক বহা দেখি নিশাই বুজিছিল যে ভালকৈয়েই তাই কষ্ট পাইছে। মূৰটো ভালকৈ সেপিয়াই চাই দেখিছে তাই হাতেৰে চুই থকাৰ কাষতে এটা অংশ উসহি পৰিছে। এতিয়া তাই কি কৰিব একোৱেই ভাবিব নোৱাৰিলে। চকুৰ পানীয়ে জোনাকৰ দুচকু উপচি পৰিছিল।
সেই কাণ্ডটো দেখি দুজনমানে হাঁহিবলৈ ধৰিলে নিশাৰ ল'ৰাকেইজনৰ ওপৰত বহুত খং উঠিল। জোনাকক শান্ত হবলৈ দি অলপ পানী খাবলৈ দিলে । এনেতে এজন লৰাই বলটো লোৱাৰ উদ্দেশ্য আগবাঢ়ি আহিছিল কিন্তু তেওঁ বলটো লোৱাৰ আগতেই নিশাই বলটো তুলি ললে।
Sry ভন্টি নজনাকৈ হৈ গল বেয়া নাপাবা । বেয়া নাপাম ? কি লৰা হে তোমালোক ? খেলিবলৈ যদি নাজানাই তেন্তে খেলা কিয় আৰু ইমানখন খেল পথাৰ থকাৰ পিছত এই ৰাস্তাটোলৈহে বলটো আহিব পাৰে নে ?
Sry কলো ন অজানিতে হৈ গল আৰু এতিয়া বলটো দিয়া ।
বল লাগে ? ৰবা বল দি আছো ।এইয়া লোৱা বল বুলি বলটো তাই ওচৰতে থকা পুখুৰীটোলৈ দলিয়াই দিলে। সকলোৰে চকু কপালত উঠিল ।

: আৰে কি পাগল ছোৱালী বে, বলটো কোনে লৈ আনিব এতিয়া ?

: মই কি জানো ? যোৱা লৈ অনা ।

: ঐ ছোৱালী ইমান দম দেখাই আছা যে কিয় ? কোন yert ত পঢ়া ?? ডাঙৰক সন্মান কৰিব নাজানা নেকি ??

:অ হেল্ল' কথাষাৰ কোৱাৰ আগতেই ভাবি লবা কোনে কাক প্ৰথমে কিমান সন্মান দিছে ।
: তেতিয়া লৰাবোৰৰ মাজৰ পৰা আন এজন ল'ৰাই মাত লগালে,
এজনী সৰু ছোৱালী হৈ ইমান দম , ইচ্ছা কৰিলে এতিয়াই কিবা কিবি কৰি দিব পাৰো । ভালে ভালে বল লৈ আহ, নহলে কথা বেয়া হব ।
: তোমালোক গোটেই কেইটাই নালাগে তোমালোকৰ গোটেই লৰা সন্থাটো আহিলেও মোক সেইটো কাম কৰাব নোৱাৰা।

ঐ ঐ হৈছে কি হা ? ইমান হুলস্থূল যে ....
সেই পথৰে কলেজ কেম্পাছৰ ভিতৰলৈ সুমাই অহা গাড়ী খন অলপ আগতেই ৰাখি গাড়ীৰ পৰা নামি অহা কোনোবা এজন লৰাই সিহঁতৰ ফালে উদ্দেশ্য কৰি চিঞৰিলে ।

আৰে ঐ নিয়ৰ সেইজনী বগা পখিলা নহয় নে ....
- লগৰ জনে মাত লগালে।

কি ? আৰে হয়টো। কি হল তাইৰ ...
তেতিয়ালৈ জোনাকে বিষত কান্দি কান্দি ভাগৰুৱা হৈ পৰিছিল। উসহি উঠা অংশটো ক্ৰমাৎ আৰু অলপ উসহি পৰিছিল।

: নিয়ৰ দা আমাৰ বলটো এই ছোৱালীজনীয়ে সেই পুখুৰীটোত পেলাই দিলে । লৰবোৰৰ মাজৰে এজন লৰাই কথাটো কলে। লৰাজনে আৰু কিবা কবলৈ বিচাৰিছিল কিন্তু তাক একো কবলৈ সুবিধা নিদি নিশাই তাপৰাই মাত লগালে।
তাতে কি হল ? নিজেই যে বৰ ভাল কাম কৰিছিলা । এইবুলি নিশাই নিয়ৰক ঘটনাটোৰ কথা বিৱৰি কলে। আৰু লৰা কেইজনক উদ্দেশ্য কৰি তাই বকিবলৈ ধৰিলে....
সঁচাকৈয়ে ইমান অভদ্ৰ হব পাৰা নে তোমালোক ?
এজনী ছোৱালীৰ গাত বলটো মাৰিলা , তাই কিমান কষ্ট পালে সুধিবলৈ সময় নাই কিন্তু বলটো খবৰ আছে ?

সিহঁতৰ কাজিয়াত নিয়ৰৰ মূৰটো গৰম হৈ গৈছিল । সি জোনাকৰ ফালে চাই সুধিলে ....r u ok ....!
জোনাকে মুখেৰে একো মাত নিদি মূৰটো জোকাৰিলে ।
কত কষ্ট পালা ?
নিয়ৰে তাইৰ মূৰত চাই দেখে গোটেই অংশটো ফুলি আহিছে ।

দেখিলা নহয় , এনেই নকয় লৰবোৰে ভাল ছোৱালী দেখিলে পগলা হয় বুলি। নিশাই টেপ টেপকৈ পলাশৰ ফালে চাই বকিবলৈ ধৰিলে।
অ গোসাঁনী এতিয়াটো শান্ত হোৱা । ই কিবা এটা কৰিবটো । তোমাৰ বান্ধৱীৰ এতিয়া একো নহয় ।চিন্তা নকৰিবা।

পলাশৰ কথাত নিশা মনে মনে থাকিল।
জোনাকে বহাৰ পৰা উঠিল আৰু খোজ কাঢ়িবলৈ ললে যদিও মূৰৰ বিষত তাই সুস্থ ভাবে খোজ কাঢ়িব নোৱাৰিলে।
ৰবা তুমি খোজ কাঢ়িব নালাগে কষ্ট পাবা এইবুলি নিয়ৰে তাইক দাঙি লৈ তাৰ গাড়ীখনৰ ফালে আগবাঢ়ি গল ।
তাৰ কাণ্ড দেখি সকলো অবাক হৈ পৰিল। কাৰো মুখত একো শব্দ ফুটি নুঠিল ।
নিয়ৰে কাকো গুৰুত্ব নিদি চিধা চিকিৎসালয়লৈ বুলি গাড়ী ঘূৰালে আৰু নিশাক উদ্দেশ্য কৰি কলে । সিহঁতৰ লগত লাগি থাকিলে সমস্যা সমাধান নহয় আহা গাড়ীত বহা ।
পলাশ আৰু নিশা দুয়োটাই আহি গাড়ীত বহিল।
সিহঁত যোৱাৰ দিশেই সকলোৱে কেৱল মৌন হৈ চাই থাকিল ।

( আগলৈ.....)

03/05/2022

( ৪ )

চাৰিওফাল চৰাইৰ মাতে মুখৰিত কৰি তুলিছে । পূৱদিশে দক দককৈ জ্বলি উঠা জুইকুৰাৰ দৰেই বেলিটো ৰঙাকৈ জিলিকিছে। প্ৰকৃতিয়ে তেতিয়া কপালত ৰঙা ফুটটো আঁকি লৈছে। কিছু পৰৰ পিছতেই যেন প্ৰকৃতিজনী এগৰাকী সুন্দৰী হৈ সকলোৰে সৈতে বাৰ্তালাপ কৰিব আহি......

শোৱাৰ পৰা উঠি তাই ঝাড়ুডাল হাতত ললে। ৰাতিপুৱাৰ বাঢ়ি কামখিনি শেষ কৰি গাটো ধুই আজৰি হলে। মাকে দিয়া চাহকাপ হাতত লৈ কিবা এটা লিখাৰ মনেৰে পঢ়া টেবুলত বহিল। কিয় জানো কিবা এটা লিখিবলৈ বুলি বহিলেই তাই বাস্তৱৰ সকলো বান্ধোনৰ পৰা আঁতৰি কল্পনা জগতত বিচৰণ কৰি ফুৰে। মাজনী বুলি মাত দিয়া কাৰোবাৰ মাতত তাই পুনৰ বাস্তবলৈ ঘূৰি আহিল।

:কোৱা দেউতা

: তোৰ কৰ্মশালা কেইবজাৰ পৰা আছে ?আচলতে মইও সেই দিশে যাম । যদি তোৰ দেৰি নহয় মোৰ লগতেই যাব পাৰিবি।

তাই আচৰিত হল। তাইটো দেউতাকক তাইৰ মনৰ সিদ্ধান্ত জনোৱা নাছিল যে তাই যাব বিচাৰে বুলি ।

: কিন্তু দেউতা....

:- কোনো কিন্ত নাই । উলাবি।

এইবুলি কৈ দেউতাকে তাইৰ কাষৰ পৰা গুচি গল।

দেউতাকৰ কথাষাৰ শুনাৰ পিছতেই তাই আনন্দত আত্মহাৰা হৈ মাকৰ মোবালৰ পৰাই নিশালৈ ফোন কৰিলে । মাকে শুনিব নোৱাৰাকৈ কিছু আতৰত গৈ কলে যে কলেজতেই লগ পাম তোক। মইও যাম কলেজলৈ ।

"""""""'''''""""""""""""""""""""""""""""""""""""""""""
পুৱা 10 বাজিছে । জোনাকে তেতিয়া দেউতাকৰ লগতেই কলেজ পালেগৈ । তাইক কলেজত থৈ দেউতাক নিজৰ কামত গুচি গল ।
কলেজৰ গেটতেই নিশা ৰৈ আছিল আৰু জোনাকক দেখি তাৰ কাষলৈ আগুৱাই আহিল । কৰ্মশালা কত হৈ আছে সেই কথাটো গম লৈ দুয়োজনী সেই দিশে গতি কৰিলে।

""""""""""""""”"""""""""""""""""""""""""""""""""""

আবেলি 4 মান বাজিছে । কৰ্মশালা পৰা ঘৰলৈ বুলি আহিছিল জোনাক আৰু তাইৰ বান্ধৱী নিশা ।
চহৰৰ পৰা সিহঁতৰ গাৱলৈ বৰ বেছি দূৰ নহয় । মন কৰিলে খোজ কাঢ়িয়েই অহা যোৱা কৰিব পাৰি যদিও আজিৰ দিনৰ লৰা ছোৱালীবোৰৰ বাবে অলপ বেছি কষ্টকৰ হয় ।
বহু দিনৰ মূৰত লগ পোৱা বুলি দুইজনী খোজ কাঢ়িয়েই ঘৰলৈ আহিল ।
দুইজনী ঘৰ একেখন গাঁৱতেই । গাঁওখনৰ ইটো মোৰ আৰু সিটো মুৰ সিহঁতৰ দূৰত্ব। নিশাৰ ঘৰটো অলপ আগতেই পায় ।

বেলিও লহিয়াইছে । পথাৰৰ আলিৰ পাৰে পাৰে ৰ'দালিৰ প্ৰস্থানৰ সেই ৰঙা ৰহনে প্ৰলেপীত হৈ পৰিছে। বাঁহৰ আগৰ পৰা বগা বগলিজাক উৰি যোৱা শব্দই বায়ুৰ সতে মিলি এক মধুৰ ঝংকাৰ তুলিছে । আকাশৰ বুকুত বগা বগলীৰ নাচোন দেখি তাইৰ মনৰ অকাশখনো ৰঙেৰে উপচিবলৈ ধৰিলে ।
আকাশ পাতালৰ সপোনত নিজক হেৰুৱাৰ মাজতেই যেন কোনোবাই তাইৰ ধ্যান ভংগ কৰিলে ।

চি:.....!
চি বুলি কৈ তাই এবাৰ নিজৰ শৰীৰটো তলৰ পৰা ওপৰলৈ চালে । আৰু নিশাৰ মুখলৈ চাই জোনাকে মুখখন উফন্দাবলৈ ধৰিলে । এনে লাগিল আকাশখনত যেন হঠাৎ কলা ডাৱৰে উন্দুলাই আনিলে । এই বৰষুণ পৰো পৰো অৱস্থা ....!!

কপালৰ তলত সেই কেইটা অমৰাগুটি নে বিনগুটি ?? চকু নামৰ সে যে কিবা দুটা সম্প্ৰতি থাকে সেইকেইটা এইজনাৰ নাই যেন পাওঁ।

হেৰী, আপুনি গাড়ী চলাবলৈ নাজানে নেকি ? এই ব্ৰহ্ম গাতটোত দেখ দেখকৈ চকাটো সুমুৱাই দিছেহি যে ? কাষত দুজনী ছোৱালী থকা দেখাই নাছিল নেকি ?
অ' বুজিছোঁ ধুনীয়া ছোৱালী দেখিলে সেই মেকুৰীৰ চকু কেইটাই নেদেখা হৈ যায় ।
চেহ, এই বোকা সোপা গাৰে মুখে লৈ এতিয়া কেনেকৈ ঘৰলৈ যাম হে ।। অলপমানো ভাবিব পৰা কিবা খিনি নাই নেকি মূৰত ??

- দুইজনিয়ে কাকো একো কোৱাৰ সুবিধাই নিদিলে। এফালৰ পৰা যি মুখত আহিছে বকিহে গৈছে।

প্ৰথমৰ প্ৰণামো আই দুইগৰাকীলৈ। কাতৰ সহৰকাৰে জনাওঁ আমাৰ ভুল মাৰ্জন কৰি দিবলৈ ।

বচন মাতিলে আমি সন্তোষ নহওঁ।

নহলে কি কৰিব লাগিব কোৱা , সেইবুলি গাড়ীৰ সিটো ছিটত বহি থকা লৰা জনে মাত লগালে।

:কৰিবলৈ কিটো আছে । যিমানখিনি কৰিলা এইয়াই যথেষ্ট ।ভালে ভালে চকুৰ সন্মুখৰ পৰা গুচি যোৱা নহলে...

নহলে কি কৰিবা, বোকা সানিবা ? সানি দিয়া, তোমালোকক অজানিতে লগোৱা জগৰৰ শাস্তিটো আমি ভুগিবই লাগিব । নহয় জানো ??

হব লেক্সাৰ মাৰিব নালাগে । নিশা বল বহুত দেৰি হৈছে।
এইবুলি দুয়োজনী যাবলৈ ওলাল। এনেতে এজনে পিছৰ ফালৰ পৰা মাত লগালে।

:আচ্ছা , তোমাৰ নামটো জানিব পাৰো নেকি ?
দুয়োজনীয়ে দুয়োজনীলৈ চালে ।

:আৰে বাবা তোমাকেই কৈছোঁ অ, কলা চুলিত বগা বেন মৰা পখিলা জনী .......

:কি কলা ??

:বগা পখিলা জনীৰ নামটো জানিব পাৰো নেকি ??
জোনাকে তাৰ কথাত গুৰুত্ব নিদি নিশাৰ হাতখনত ধৰি টানি লৈ গল।
কিহে চুপতি মাৰে এইচবৰ লগত, বল বল।

হেই এইজনী, নামটোহে সুধিছে । ৰহ মই কৈ দিওঁ।
অলপ দূৰৰ পৰা নিশাই সিহঁতলৈ ঘূৰি চাই চিঞৰি কলে , তাইৰ নাম জোনাক আৰু মই নিশা ।

এনেদৰে দুইজনী পাৰ হৈ গ'ল। লৰা দুজন সেইখিনিতে ৰৈ থাকিল।

জোনাকৰ আকাশত তৰালী গণি থাকোতেই এজনে সপোনৰ দেশত গমন কৰিলেই।

আৰে ঐ নিয়ৰ , কি হল ? তই কি বগা পখিলাৰ মোহত আবদ্ধ হলি নেকি ?

সি যে কিবা কৈ আছে নিয়ৰে কবই নোৱাৰে ।
ঐ পাগল কি ভাবিচ নে কল্পনাৰ সাগৰত ভালকৈয়ে ডুবিলি । ঐ বল বল ঘৰলৈ যাব লাগে । খালি আৰু তই মোক।

পলাশৰ মাতত নিয়ৰে সপোনৰ দেশৰ পৰা নিজৰ দেশলৈ ঘূৰি আহিল ।

:ওম, যাও বল । বেচেৰী ছোৱালীজনী বহুত লেতেৰা হল ন ।

: উফ বৰ গৰম ঐ নিয়ৰ তই এতিয়া বেচেৰীৰ বেজাৰত এজাৰ ফুলাই থাকিব নালাগে । ঘৰলৈ যাব লাগে নহলে তই আজিও মাৰ পৰা গালি শুনাবি।

:হব দে যাও যাওঁ ।শুনচোন নামটো কি কৈছিল তাইৰ ?

:- তই যাবি নে ...?

: আৰে ক না ভাই ।

:- জোনাক ।
আৰু এতিয়া বল মোৰ গোঁসাই।

উম বল যাওঁ ।
এইবুলি নিয়ৰে ঘৰলৈ বুলি গাড়ী আগবঢ়ালে।

কেতিয়াবা অজানিতে মনৰ মাজত এটা মিঠা সুৰে বৰকৈ আমনি কৰে। যেন কোনোবা অজান দেশৰ ৰাজকোঁৱৰীৰ নূপুৰৰ তালে তালে এই সুৰে হৃদয় মনিকোঠত এক মধুৰ ঝংকাৰ তোলে । হয়তো নিয়ৰকো তেনে অৱস্থাই আৱৰি ধৰিছে ।

( আগলৈ....)

Want your public figure to be the top-listed Public Figure in Morigaon?
Click here to claim your Sponsored Listing.

Videos (show all)

সুপ্ৰভাত 🥀
ৰঙালী বিহুৰ শুভেচ্ছাৰে...."মোৰ কলিজাৰ কোঁহে কুঁহে বৈ যায় আবেগৰ সেই নদীখন....য'ত উটি ভাঁহি ফুৰে তোমাৰ আলসোৱা মৰমৰ গোপন স...
আপোনালৈ ৰঙালী বিহুৰ লগতে অসমীয়া নববৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো ❤️
🌸সুপ্ৰভাত 🌸আপোনাৰ লগতে আপোনাৰ ঘৰৰ সকলোলৈ দৌল উৎসৱ তথা ফাকুৱাৰ বহু বহু শুভেচ্ছা যাছিলোঁ। ফাকুৱাৰ ৰঙে আপোনালোকৰ জীৱনত সুখৰ...
"আপুনিও কাৰোবাৰ প্ৰেমত পৰিব খোজে নেকি? মোৰ দৰে.....কম বুলি ভাবিও কব নোৱাৰাকৈ আছে নেকি মনৰ কথা?মোৰ দৰে..... "            ...
শুভৰাত্রী🌸

Category

Website

Address

Morigaon

Other Artists in Morigaon (show all)
ALOM ALOM
Morigaon

নতুন ভিডিও পেতে হলে আমার এই পেজটা ফলো করে সহযোগিতা করবেন।শেয়ার করে অন্যকে দেখার সুযোগ করে দেন .

Asha Hoque Asha Hoque
Morigaon

Nakul CB Creation Nakul CB Creation
Morigaon, 782121

Nakul Chandra bordoloi Village :- Charai hagi District:- morigaon

Seema Mehendi Artist Seema Mehendi Artist
Morigaon

Welcome to my page�

Sabbir Numany Sabbir Numany
Morigaon, 782127

𝙔𝙤𝙪𝙩𝙪𝙗𝙚𝙧 || 𝙏𝙧𝙖𝙙𝙚𝙧 || 𝘿𝙞𝙜𝙞𝙩𝙖𝙡 𝙈𝙖𝙧𝙠𝙚𝙩𝙚𝙧 📈

Likee 2 Likee 2
Laharighat
Morigaon

Fight Fight
Morigaon
Morigaon

humanity,art and entertainment,

MR WÃRÍS ÙDDÎÑ MR WÃRÍS ÙDDÎÑ
Morigaon

🍂﷽𝐀𝐬𝐬𝐚𝐥𝐚𝐦𝐮𝐥𝐚𝐢𝐤𝐮𝐦﷽🍂 ꧁🅆🄴🄻🄲🄾🄼🄴꧂ ༊༎হ্যাঁ আমি প্রচুর ভদ্র༊༎༊সেটা༎রক্ত༎গরম༎হওয়ার༎আগ

rupa_afrin67 rupa_afrin67
Morigaon

Sourav AP Dutta musical Sourav AP Dutta musical
Habibarangbari, Morigaon
Morigaon, 782106

New Assamese mashup song and New Assamese song shorts

9tnine 9tnine
Morigaon

RAP IS LOVE