D24 News ASSAM

D24 News ASSAM

Nearby media companies

A TIME
A TIME
782123

D24 News Assam is one of the Popular
and best News Page in Assam
as well as Northeast India.

With over 3 years of dedication
and hardwork, we continue to bring to
you ground-breaking news,national news,regional news ....

29/01/2022

ধিঙ গাওঁৰক্ষী বাহিনীৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা D24 NEWS ASSAM : ধিং থানা গাওঁৰক্ষী বাহিনীৰ উদ্যোগত অনুষ্ঠিত হয় ৭৩ সংখ্যক গাওঁৰক্ষী বাহিনী প্ৰতিষ্ঠা দিৱস ৷ এই উপলক্ষে পুৱা গাঁও ৰক্ষী বাহিনীৰ পতাকা উত্তোলন কৰে ধিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিঠু দাসে ৷ ইয়াৰ পিছৰ কাৰ্যক্ৰমণিকা অনুসৰি গাওঁৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক হৰি নাৰায়ণ বৰুৱাৰ প্ৰাতিকৃতিত মাল্যাৰ্পনেৰে গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ধিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিঠু দাস আৰু বিভিন্ন গাঁৱৰ পৰা অহা গাঁওৰক্ষী বাহিনীৰ সদস্য সকলে ৷দিৱস উদযাপন ।
ইয়াৰ পিছত চাফাই অভিযান, বৃক্ষ ৰূপন আদি কাৰ্য্যসূচীৰ অন্তত গাওঁ ৰক্ষী বাহিনীৰ সভা কক্ষত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ মুকলি সভাত বিশিষ্ট বক্তা সকলে থানা খনৰ গাওঁৰক্ষী বাহিনীৰ অভাৱ- অভিযোগ আৰু গাওঁৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক হৰিনাৰায়ণ বৰুৱাৰ জীৱনৰ ওপৰত বিভিন্ন জনে আলোকপাত কৰে ।
ভাৰপ্ৰাপ্ত বিষয়া মিঠু দাসে তেওঁৰ উদাত্ত ভাষণ প্ৰসংগত কয় যে- গাওঁৰক্ষী বাহিনী সমূহৰ মাজত আইন -শৃংখলা আৰু ড্ৰাগছ,জুৱা, মদ আদি অ-সামজিক কাৰ্যকলাপ ওপৰত সজাগতা গঢ়ি তুলিবলৈ চেষ্টা কৰাৰ বাবে আহ্বান জনায়। সভাত উপস্থিত থাকি সাংবাদিক আবুল হুছেইনে কয় যে- আটাইতকৈ পুৰণি চৰকাৰী সংগঠনটোৱেই হৈছে গাঁওৰক্ষী বাহিনী ৷ গাঁওৰক্ষী বাহিনীৰ সদস্য হোৱাটো সৌভাগ্যৰ বিষয় ৷
আৰক্ষী আৰু সাধাৰণ জনতাৰ মাজত সম্পৰ্ক গঢ়ি তোলাৰ যোগসূত্ৰকাৰী হ’ল গাঁওৰক্ষী বাহিনী, সেয়ে গাঁওৰক্ষী বাহিনীৰ শক্তি অতুলনীয় । আজিৰ সভাত ভাৰপ্ৰাপ্ত বিষয়া মিঠু দাস,সাংবাদিক আবুল হুছেইন, থানা কমিটিৰ সভাপতি বীৰেন মহন্ত আৰু সম্পাদক মইনুল হক সিকদাৰৰ লগতে শতাধিক বাহিনীৰ সদস্য উপস্থিত থাকে।

29/01/2022

এজন ভাৰতীয় প্ৰাক্তন সৈনিকৰ নিলজ্জ কাণ্ডই লজ্জাজনত কৰিলে মানৱ সমাজক । কন্যা সন্তান জন্ম দিয়াৰ বাবেই পত্নীক এৰি পাতিলে দ্বিতীয় বিবাহ।
D24 NEWS ASSAM : এতিয়াও যেন একাংশ লম্পট পুৰুষৰ বাবে নাৰী হৈ আছে ভোগৰ সামগ্ৰী। এনে এক জঘন্য ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ অন্তৰ্গত জুৰীয়াৰ ফাকুলি পথাৰ গাঁৱত। ঘটনাৰ বিৱৰণী মতে, ফাকুলি পথাৰ গাঁৱৰ ছাবিনা ইয়াছমিন নামৰ এইগৰাকী যুৱতীৰ সৈতে বাৰ বছৰ আগতেই ধিং আৰক্ষী থানাৰ অন্তৰ্গত ধূপগুৰী পথাৰৰ প্ৰাক্তন ভাৰতীয় সৈনিক গাজিবুৰ ৰহমানৰ লগত বিবাহ হৈছিল।

অভিযোগ মতে, ছাবিনা ইয়াছমিনে দুটি কন্যা সন্তান জন্ম দিয়াৰ বাবেই লম্পট স্বামী গাজিবুৰ ৰহমানে চাৰি বছৰ আগতেই পত্নী ছাবিনা ইয়াছমিনৰ লগত সম্পৰ্ক বিচিন্ন কৰি আকৌ অন্য এগৰাকী যুৱতীৰ লগত বিবাহ পাশত আবদ্ৱ হয় ।

অসহায় ছাবিনা ইয়াছমিনে লম্পট স্বামীৰ বিৰুদ্ধে তেতিয়াই ধিং আৰক্ষী থানাত গোচৰ ৰুজু কৰি দুবছৰীয়া আৰু সাত মহীয়া কন্যা সন্তানক লগত লৈ দিনৰ পাছত দিন ধৰি ন্যায়াৰ আশাত মাতৃ গৃহতেই আশ্ৰয় লৈ আহিছে যদিও বৰ্তমানেও ন্যায় লাভ নকৰিলে ছাবিনাই ।
প্ৰশ্ন হয় অপৰাধ নেকি কন্যা সন্তান জন্ম দিয়াটো ?

কি ভুল আছিল এই নিষ্পাপ শিশু দুটিৰ লগতে মাতৃ ছাবিনাৰ ?

কন্যা সন্তান হৈ জন্ম লোৱাটো ভূল আছিল নেকি কণমানি দুটিৰ ?

বৰ্তমান পিতৃৰ মৰম-চেনেহৰ পৰা বঞ্চিত হৈ এই শিশু দুটিয়ে দেউতা-দেউতা বুলি কান্দি কান্দি চকুৰে বাট বিচাৰি নোপোৱা অৱস্থা হৈ পৰিছে । কিন্তু পাষাণ অন্তৰৰ পিতৃ এইজন গাজিবুৰ ৰহমানে যেন আজীৱনৰ আঁতৰি গুচি গৈছে দুই কণমানিৰ পৰা। উপায়বিহীন মাতৃয়ে দুই কণমানি সন্তানক বুকুত সাবটি লৈ আজি সংবাদ মাধ্যমৰ আগত নিজৰ ন্যায়াৰ লগতে এই শিশু দুটিৰ ভৱিষ্যতৰ দায়িত্ব কোনে গ্ৰহণ কৰিব এই প্ৰশ্ন উখাপন কৰিছে নগাঁও জিলা আৰক্ষী প্ৰশাসন আৰু চৰকাৰৰ ওচৰত।

29/01/2022

ধিং মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীয়ে আজি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা গৌৰভ কঢ়িয়াই অনা মেজৰ ডঃ মৃগাংক শইকীয়াক বিদায় সম্ভাসন জনায় এক ব্যতিক্ৰমী ৰূপত ।
D24 NEWS ASSAM : ধিং মহাবিদ্যালয়ত ২০০৪ চনৰে পৰা ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ দায়িত্ব গ্রহণ কৰা মৃগাংক শইকীয়াই ২০০৪ চনৰ অক্টোবৰ মাহত নাগপুৰত থকা অফিচাৰ প্ৰশিক্ষণ একাডেমীৰ পৰা লেফটেনেন্ট হিচাপে পদোন্নতি পায়। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহৰ সৰ্বোত্তম পদ "মেজৰ" পদউন্নতি লাভ কৰে ২০১৯ চনত । ইয়াৰ উপৰিও ২০১৯ চনতে মেঘালয়ৰ ৰাজ্যপালৰ পৰা বেষ্ট অফিচাৰ ইন নৰ্থইষ্ট বটা লাভ কৰিছিল।

তদুপৰি ধিং মহাবিদ্যালয়ৰ বহুকেইজন এন চি চি কেডাৰক উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অনুষ্ঠানৰ লগতে দিল্লিৰ গণৰাজ্য দিৱসত প্ৰতিনিধিত্ব কৰোৱাৰ লগতে স্থলসৈনিক কেম্পতো অংশগ্রহণ কৰাইছিল।

এনেদৰে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা গৌৰভ কঢ়িয়াই অনা মেজৰ ডঃ মৃগাংক শইকীয়াক ধিং মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীয়ে আজি ব্যতিক্ৰমী ৰূপত বিদায় সম্ভাসন জনায় ।

29/01/2022

ধিঙৰ ধূপগুৰি পথাৰত ভূমিকেন্দ্ৰীক সংঘাত

নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত ধূপগুৰি পথাৰত আজি এক ভূমিকেন্দ্ৰীক সংঘাতে ভয়ানকৰূপ ধাৰন কৰে প্ৰাপ্ত অভিযোগ প্ৰতিঅভিযোগ যে পট্ৰা নং ১০৬ আৰু দাগ নং ২৪৩ থকা ৮ কঠা মাটি মফিজুদ্দিনৰ নামত আছে বুলি দাবী উত্থাপন কৰে মফিজউদ্দিনে। এই মাটি ডোখৰত বৰ্তমান মফিজুদ্দিনৰ পুত্ৰ ঘৰ সাজি বসবাস কৰি আছে বুলি জানিবলৈ দিয়ে মফিজ উদ্দিনে। উক্ত মাটি ডোখৰত আজি মফিজ উদ্দিনৰ বৰপুত্ৰ খেতিৰ কামত অহা দেখি খুৰা হাবিজ উদ্দিনে আক্ৰমণ কৰে বুলি অভিযোগ উত্থাপিত কৰে মফিজুদ্দিনে। ,ইপিনে উক্ত মাটি ডোখৰ হাফিজউদ্দিনে তেওঁৰ নিজৰ বুলি দাবী উখাপন কৰে । ইপিনে মফিজ উদ্দিনৰ পৰিয়ালে হাফিজ উদ্দিনৰ লগতে পৰিয়ালক আক্ৰমণ কৰে বুলি জানিব দিয়ে হাবিজ উদ্দিনে। উক্ত ঘটনা সন্দৰ্ভত দুয়ো পক্ষে ধিং থানাত এজাহাৰ দাখিল কৰে বুলি জানিব পৰা গৈছে।

Youtube Video Downloader all category AUDIO Video 100% Free to Download 27/01/2022

https://onlinefreewebtools.blogspot.com/2022/01/youtube-video-downloader-all-category.html

Youtube Video Downloader all category AUDIO Video 100% Free to Download Youtube Video Downloader all category video 100% Free to Download,online free web tools DIGITAL MARKETING, HOW TO GET MORE TRAFFIC, MAKE MONEY ONLI

17/01/2022

আজি বটদ্ৰবা থানৰ কীৰ্তনঘৰ আৰু ,ৰ গৃহ উন্নয়ন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।
D24 NEWS ASSAM :অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি বটদ্ৰৱা থানত পুৱাই উপস্থিত হৈ পোনে পোনে বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত কীৰ্তনঘৰত প্ৰবেশ কৰে। কীৰ্তনঘৰত মনিকূট, কীৰ্তনঘৰ আৰু নাটঘৰৰ গৃহ উন্নয়ন কাৰ্যসূচীৰ শুভাৰম্ভ কৰি পৰবৰ্তী সময়ত কীৰ্তনঘৰৰ মনিকূটৰ আসন আৰু গুৰু আসনত গোসাঁইক পুনৰ প্ৰতিষ্ঠা কৰা মাংগলিক কাৰ্যসূচীত অংশগ্ৰহণ গ্ৰহণ কৰে।
সম্পূৰ্ণ জাতীয় সাজ পৰিধান কৰি অহা মুখ্যমন্ত্ৰী গৰাকীক বৃহত্তৰ বটদ্ৰৱাৰ ভকত বৈষ্ণৱ আইমাতৄ সকলে জাপি বাটচৰাৰ সন্মুখৰ পৰা নাম কীৰ্তন কৰি আদৰি আনে। মুখ্যমন্ত্ৰীৰ লগত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী, শশীকান্ত দাসৰ লগতে কেইবাগৰাকী ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

Photos from D24 News ASSAM's post 15/01/2022

বটদ্ৰৱাৰ শান্তিজান বজাৰত মহিলাৰ মৃতদেহ উদ্ধাৰ ।
D24 NEWS ASSAM : নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত শান্তিজান বজাৰৰ মাছ মহলৰ কাষতে থকা এখন পথাৰত তলমুৰ কৰি পৰি থকা অৱস্থাত আজি এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি বটদ্ৰৱা আৰক্ষীক খৱৰ দিয়াত বটদ্ৰৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে নগাৱঁলৈ প্ৰেৰণ কৰে। ধিংৰ পৰা ছাইফুল ইছলামৰ ৰিপট

15/01/2022

১৬ জানুৱাৰীত বটদ্ৰৱা শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠান আৰু কোবাইকটা সত্ৰ পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।
থানৰ উন্নয়ণৰ স্বাৰ্থত পৰিচালনা সমিতিয়ে তাক গ্ৰহন কৰিলে আৰু জুলাই মাহত পত্নী ৰিনিকি ভূঞা শৰ্মাক লগত লৈ উপস্থিত হৈছিল বটদ্ৰৱাত আৰু শুভাৰম্ভণি কৰিছিল ঐতিহাসিক বটদ্ৰৱা থানৰ কীৰ্তনঘৰ মণিকূটৰ চিলিং নিৰ্মাণ, মজিয়াত টাইলছ লগোৱা , বৈদ্যুতিকৰণ , ৰং কৰা গুৰু আসনত হেঙুল হাইতালেৰে সজোৱা …ইত্যাদি কামৰ ।
আজি ছমাহ পিছত সেইকাম ভাগ সম্পন্ন হ'ল। অহা কাইলৈ মাঘৰ দুই তাৰিখে কীৰ্তন ঘৰৰ গুৰু আসন ভাগ পুনৰ স্থাপন কৰাৰ মানস কৰা হৈছে । ইতিমধ্যে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তৰফৰ পৰা উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী মহোদয় আৰু পৰিয়াল বৰ্গক উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। এই মাঙ্গলিক কাৰ্যত তেওঁৰ সেৱা নিবেদন কৰক।

ক'ভিডৰ প্ৰভাৱৰ মাজতো চৰকাৰী নীতি নিয়ম ৰক্ষা কৰি কীৰ্তনৰৰ দ্বাৰ উদ্ঘাটন কৰা অনুষ্ঠানৰ আয়োজন কৰা হৈছে । মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আধ্যাত্মিকতাৰ মাজেৰে জাতীয় সেৱা কৰিব বিচৰা এই কাৰ্যৰ বাবে তেখেতক আশীৰ্বাদ প্ৰদান কৰক।
প্ৰকাশ্য যে ড° হিমন্ত বিশ্ব শৰ্মাৰ একান্ত ব্যক্তিগত প্ৰচেষ্টাত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ ঐতিহাসিক সম্পদ স্বৰূপ মণিকূট, কীৰ্তনঘৰ আৰু নাটঘৰটোৰ আন্তঃগাঠনি নিৰ্মাণ মজবুত আৰু নিকপকপীয়া কৰাৰ প্ৰয়াস হিচাপে তিনিও স্থানৰ মজিয়াত মাৰ্বল লগোৱাৰ লগতে আধুনিক প্ৰযুক্তিগত চিলিং নিৰ্মাণ, নতুনকৈ হেঙুল হাইতালৰ ব্যৱহাৰেৰে ন ৰূপত সজোৱা হ'ল বটদ্ৰৱা থান।
উন্নত মানৰ বৈদ্যুতিকৰণৰ কামখিনি সম্পূৰ্ণ হৈ উঠিছে। মুখ্যমন্ত্ৰীৰ বটদ্ৰৱা ভ্ৰমণৰ প্ৰস্তুতি দিনে নিশাই চলি আছে ।
প্ৰশাসনে ক্ষিপ্ৰ তদাৰক কৰিছে। মুখ্যমন্ত্ৰী মহোদয়ে বটদ্ৰৱা শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠান আৰু কোবাইকটা সত্ৰ পৰিদৰ্শন কৰিব ১৬ জানু/২২। ধিংৰ পৰা ছাইফুল ইছলামৰ ৰিপোৰ্ট

Photos from D24 News ASSAM's post 14/01/2022

Causes and types of diabetes symptoms ডায়েবেটিচৰ লক্ষণৰ কাৰণ আৰু প্ৰকাৰৰ বিষয় সমুহ

When talking about diabetes, you may be scared of the idea that you may also have diabetes. Or maybe, you may also have diabetes in the future. You want to know if you are at risk of developing diabetes and are anxiously looking for any diabetes symptoms. Diabetes affects
ডায়েবেটিচৰ বিষয়ে কওঁতে, আপুনি এই ধাৰণাটোৰ পৰা ভয় খাব পাৰে যে আপোনাৰো ডায়েবেটিচ(diabetes) থাকিব পাৰে। বা হয়তো, ভৱিষ্যতে আপোনাৰো ডায়েবেটিচ (diabetes) হব পাৰে। আপুনি জানিব বিচাৰে যে আপোনাৰ ডায়েবেটিচ (diabetes)হোৱাৰ আশংকা আছে নেকি আৰু আপোনাৰ কোনো ডায়েবেটিচৰ লক্ষণ আছে নেকি আপুনি উদ্বিগ্নতাৰে বিচাৰি আছে। ডায়েবেটিচে [...] প্ৰকাৰ... প্ৰভাৱিত কৰে

ডায়েবেটিচৰ বিষয়ে কওঁতে, আপোনাৰ ডায়েবেটিচ হ'ব পাৰে বুলি আপুনি ভয় খাব পাৰে। বা হয়তো, ভৱিষ্যতে আপোনাৰ ডায়েবেটিচ ও থাকিব পাৰে। আপুনি জানিব বিচাৰে যে আপোনাৰ ডায়েবেটিচৰ আশংকা আছে নেকি আৰু উদ্বিগ্নতাৰে ডায়েবেটিচৰ কোনো লক্ষণ বিচাৰি আছে নেকি।
ডায়েবেটিচে শৰীৰে কাৰ্বোহাইড্ৰেট, চৰবত আৰু প্ৰ'টিন পৰিচালনা কৰাৰ প্ৰকাৰকো প্ৰভাৱিত কৰে। যদি অৱহেলিত হয়, ডায়েবেটিচৰ গুৰুতৰ জটিলতা থাকিব পাৰে। ডায়েবেটিচ ৰোগীৰ উচ্চ ৰক্ত শৰ্কৰাৰ স্তৰ থাকে। ৰক্ত শৰ্কৰা ইনচুলিনৰ সৈতে ফুলি উঠে – অগ্ন্যাশয়ৰ দ্বাৰা উৎপন্ন হোৱা এক সন্ন্যাসী, যি আপোনাৰ আহাৰৰ ওপৰত নিৰ্ভৰশীল।
ডায়েবেটিচ হৈছে এক গুৰুতৰ ৰোগ। কিন্তু চমকপ্ৰদ সত্যটো হ'ল যে ডায়েবেটিচ সম্পূৰ্ণ বিপৰীত। ডায়েবেটিচ হৈছে দীৰ্ঘম্যাদী বৃক্কৰ ৰোগৰ (CKD) এক নম্বৰ কাৰণ। এই ৰোগ হৈছে এনে এক স্থিতি য'ত শৰীৰে স্বয়ংক্ৰিয়ভাৱে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম হয়, যাৰ ফলত তেজত অত্যাধিক গ্লুকোজ (SUGAR) হয়। ডায়েবেটিচ হৈছে এক দীৰ্ঘম্যাদী ৰোগ যি প্ৰায় পৃথিবীৰ নিযুত নিযুত লোকক প্ৰভাৱিত কৰে।
প্ৰকৃততে, ডায়েবেটিচৰ কোনো স্পষ্ট লক্ষণ নাই। ডায়েবেটিচৰ আটাইতকৈ সচৰাচৰ লক্ষণবোৰ হৈছে নিম্নলিখিত ধৰণৰ: ডায়েবেটিচৰ দুটা পৃথক প্ৰকাৰ আছে।

টাইপ 1 ডায়েবেটিচ (কিশোৰ ডায়েবেটিচ বা ইনচুলিন-নিৰ্ভৰশীল ডায়েবেটিচ): প্ৰকাৰ 1 ডায়বেটিচৰ কাৰণ হৈছে অগ্ন্যাশয়ে ইনচুলিন প্ৰস্তুত কৰিব নোৱাৰা।

প্ৰকাৰ 2 ডায়বেটিচ (ইনচুলিন নিৰ্ভৰশীল ডায়েবেটিচ বা প্ৰাপ্তবয়স্কৰ আৰম্ভণি ডায়েবেটিচ): এই ডায়েবেটিচ হৈছে শৰীৰৰ কোষকলাইনচুলিনপ্ৰতিৰোধী হোৱাৰ ফলত। ই সাধাৰণতে বংশগত।

প্ৰকাৰ 2 ডায়বেটিচ প্ৰকাৰ 1 ডায়বেটিচতকৈ অধিক সচৰাছৰ হয়। প্ৰকাৰ 2 ডায়বেটিচ হৈছে তেজত উচ্চ পৰিমাণৰ শৰ্কৰাৰ দ্বাৰা চিহ্নিত এক জীৱনজোৰা ৰোগ। প্ৰকাৰ 2 ডায়বেটিচৰ সৈতে সম্পৰ্কিত স্থিতিবোৰৰ ভিতৰত আছে হাইপাৰগ্লাইচেমিয়া আৰু হাইপোগ্লাইচেমিয়া। ডায়েবেটিচৰোগ নিৰ্ণয় কৰা সকলো ৰোগৰ প্ৰায় 90% ৰ পৰা 95% প্ৰকাৰ 2 ডায়বেটিচ হ'ব পাৰে। টাইপ 2 ডায়বেটিচ থকা দুই-তৃতীয়াংশ লৈকে লোকৰ কোনো লক্ষণ নাই। মেদবহুলতা হৈছে প্ৰকাৰ 2 ডায়বেটিচৰ বাবে একমাত্ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিপদাশংকাৰ কাৰক। নতুন আৰম্ভণি প্ৰকাৰ 2 ডায়বেটিচৰ আনুমানিক 20% ৰোগী 9-19 বছৰ বয়সৰ লোকৰ ক্ষেত্ৰত হয়। আপুনি টাইপ 2 ডায়বেটিচৰ বিষয়ে যিমানে অধিক জানে, আপুনি আপোনাৰ স্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সঠিক পদক্ষেপ ল'বলৈ সক্ষম হ'ব।যদি অৱহেলা কৰা হয়, ডায়েবেটিচৰ ফলত বিভিন্ন জটিলতা হ'ব পাৰে যেনে বৃক্কৰ ক্ষতি, হৃদৰোগ, স্নায়ুৰ ক্ষতি, হাইপোগ্লাইচেমিয়া (গ্লুকোজৰ স্তৰ যথেষ্ট হ্ৰাস)। ডায়েবেটিচ এটা গুৰুতৰ ৰোগ আৰু ইয়াৰ কোনো চিকিৎসা নাই। অৱশ্যে, সঠিক ডায়েবেট আহাৰৰ দ্বাৰা ইয়াক নিয়ন্ত্ৰণলৈ আনিব পাৰি।

13/01/2022

d24newsassam.blogspot.com
Seven Tips For A Long And Healthy Life স্বাস্থ্যকৰ আৰু দীঘলীয়া জীৱনৰ বাবে সাতটা কৌশল

আধুনিক চিকিৎসা প্ৰযুক্তিয়ে আপোনাক আপোনাৰ Life styleত হোৱা সমস্যাৰ পৰা ৰক্ষা কৰিব নোৱাৰে। প্ৰতিটো সমস্যাৰ বাবে এক আধুনিক চিকিৎসাৰ সমাধান পোৱাৰ পৰিৱৰ্তে, এনেদৰে জীয়াই থকাটো বহুত ভাল যাতে আপুনি কেতিয়াও অসুস্থ নহয়।
ইয়াত, দীঘলীয়া আৰু স্বাস্থ্যকৰ জীৱনৰ বাবে 7 টা পৰামৰ্শ সংযুক্ত কৰা হৈছে। ইয়াৰ উপৰিও, একে (Life Style)জীৱনশৈলিয়ে আপোনাক ৰোগৰ পৰা ৰক্ষা কৰাৰ লগতে আপোনাৰ ওজন হ্ৰাস পৰিহাৰ কৰাত সহায় কৰে।

1. পৰ্যাপ্ত ব্যায়াম কৰক Get Enough Exercise

মানুহে অতীতত তেওঁলোকৰ স্বাভাৱিক কামৰ সময়ত তেওঁলোকৰ শাৰীৰিক পৰিশ্ৰম কৰিব লগা হৈছিল। কিন্তু আজি,সকলোৱে যাতায়তৰ বাবে ব্যৱহাৰ কৰে সহজ পন্থা, কোনোবাই কৰ্মলৈ যাওতে গাড়ীত বহি যায়, ঘৰলৈ উভতি আহোতে গাড়ীৰেই উভতি আহে , বাকী দিনটো বহি শুই কটায় দিয়ে। এনে জীৱনত কোনো শাৰীৰিক শ্ৰম নাই।

2. টোপনি অনুভৱ কৰিলে শুবলৈ যাওক Go to sleep when you feel sleepy

এইটো সৰল যেন লাগিব পাৰে, কিন্তু বহুলোকে তেওঁলোকৰ শৰীৰে তেওঁলোকক টোপনি যোৱাৰ বাবে কোৱাৰ পিছতো পলমকৈ টোপনি যায়। যোগ আৰু আয়ুৰ্বেদিক চিকিৎসক সকলে ও কয় যে ৰাতি টোপনি যোৱা আৰু দিনত সক্ৰিয় হৈ থকাটো ভাল।

অৱশ্যে, শিক্ষাৰ্থীৰ দৰে লোকসকলে নিশা লৈকে অধ্যয়ন কৰিবলৈ কফি আৰু উদ্দীপক গ্ৰহণ কৰে। আনহাতে, আন কিছুমানে ৰাতি সক্ৰিয় হৈ থাকি আৰু দিনত শুই থকাৰ অভ্যাস গঢ়ি তোলে। যদিও আমি এইটো কৰিব পাৰোঁ, কিন্তু অৱশেষত স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ পেলায়।

বৈকল্পিক স্বাস্থ্য চিকিৎসকসকলে কয় যে এই ধৰণৰ অপ্ৰাকৃতিক জীৱন যাপনে কৰ্কট ৰোগ আৰু অন্যান্য ৰোগৰ কাৰণত এক অৰিহণা যোগোৱাৰ কাৰক।

3. ভোক লাগিলে খাওক Eat when you feel hungry

এইটোও এটা সৰল ধাৰণা, কিন্তু আমি প্ৰায়ে শৰীৰৰ বাৰ্তাৰ বিপৰীতে যাওঁ। যদি আপুনি দিনটোৰ নিৰ্দিষ্ট সময়ত অভ্যাসৰ বাহিৰত বা সামাজিক চাপৰ বাবে খায়, আনকি আপোনাৰ প্ৰকৃত ভোক নাথাকিলেও, আপুনি আপোনাৰ খাদ্য সঠিকভাৱে খোৱাৰ পিছতো হজম নহয়।

এচিডিটি আৰু বদহজম আৰম্ভ হয়, আৰু ই আন অধিক জটিল ৰোগৰ শিপা হোৱাৰ সম্ভাৱনাত অৰিহণা যোগায়। ভোক থকাটো প্ৰকৃততে সুস্বাস্থ্যৰ লক্ষণ, কিন্তু যদি আপোনাৰ ভোক নাই আপুনি অলপ অপেক্ষা কৰা উচিত আৰু তাৰ পিছত খোৱা উচিত।

(যদি যুক্তিসঙ্গত সময়ৰ বাবে অপেক্ষা কৰাৰ পিছতো আপোনাৰ ভোক নাই, তেন্তে আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত কিয়নো কৰবাত কিবা ভুল আছে।)

4. নিয়মীয়া, দ্ৰুত,প্ৰণালীবদ্ধ ভিত্তিত কৰক Fast on a Regular, Systematic Basis

যদি আপুনি যিকোনো ব্যক্তিক কোনো বিশ্ৰাম অবিহনে প্ৰতি বছৰে 365 দিন কাম কৰিবলৈ ক'ব, তেওঁলোকে অভিযোগ কৰিব আৰু ক'ব যে তেওঁলোকৰ অলপ বিশ্ৰাম থাকিব লাগিব নহ'লে তেওঁলোক ভাগি পৰিব। কিন্তু আমি কেতিয়াও আমাৰ পাচন অঙ্গবোৰৰ বিষয়ে সুধিবলৈ বা ভাবিবলৈ যত্ন কৰা নাই যিবোৰআমি বিশ্ৰাম অবিহনে প্ৰতিদিনে কাম কৰিবলৈ বাধ্য কৰোঁ।

এজন ব্যক্তিয়ে তেওঁলোকৰ বছৰৰ কামৰ বাবে যিধৰণে প্ৰতিবাদ কৰিব পাৰে কিন্তু অংগবোৰে তাৰ প্ৰতিবাদ কৰিব নোৱাৰে, কিন্তু তেওঁলোকে আমাক সংকেত দিয়ে যে তেওঁলোকে অবিৰাম কাম কৰিব নোৱাৰে। যেতিয়া আমি সেই সংকেতবোৰ উপেক্ষা কৰোঁ আৰু তথাপিও তেওঁলোকক কাম কৰিবলৈ বাধ্য কৰোঁ, তেতিয়া সেই অঙ্গবোৰ ভাঙি পৰে।

সেইকাৰণে সময়ে সময়ে উপবাস থকাটো প্ৰয়োজনীয়। সম্পূৰ্ণ এদিনখোৱাৰ পৰা বিৰত থাকক। ই আপোনাৰ পাচন অঙ্গবোৰক বিশ্ৰাম দিয়ে আৰু লগতে আপোনাৰ শৰীৰৰ পৰা আৱৰ্জনা নিষ্কাশন কৰাত সহায় কৰে। নিয়মীয়া উপবাসে এজন ব্যক্তিক বৌদ্ধিক বা আধ্যাত্মিক কামৰ বাবে অতিৰিক্ত সময় লাভ কৰিবলৈ অনুমতি দিয়ে। উপবাস মাথো গুহাৰ সন্ন্যাসীসকলৰ বাবেই নহয়, কিন্তু যিকোনো লোকে অনুশীলন কৰিব পৰা এক বিচক্ষণ অভ্যাস।

5. শুবলৈ যোৱাৰ আগতে ঠাণ্ডা পানীৰে ধুওক Wash with cool water before going to bed

ওপৰত উল্লেখ কৰাৰ দৰে, স্বাস্থ্য ৰক্ষণাবেক্ষণৰ বাবে সঠিক টোপনি অত্যাৱশ্যকীয়। যদি আপুনি শীতল পানী টোপনি যোৱাৰ আগতে ব্যৱহাৰ কৰি আপোনাৰ গুৰুত্বপূৰ্ণ অংগবোৰ আৰু সংবেদনশীল অঙ্গবোৰ (হাত, বাহু, চকু, ভৰি, মুখ, যৌনাঙ্গ) ধুই পেলায়, ই আপোনাক শিথিল কৰিব আৰু আপোনাক গভীৰ টোপনি যোৱাত সহায় কৰিব ।

6. নিয়মীয়াকৈ ধ্যান কৰক Perform meditation on a regular basis

আপোনাৰ শৰীৰ আপোনাৰ মনৰ সৈতে সম্পৰ্কিত। এই যুগত বহুতো ৰোগ মনোবিজ্ঞানী। চাপ আৰু উদ্বেগে আমাৰ শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। ধ্যান হৈছে এক মানসিক ব্যায়াম যি আন বস্তুৰ লগতে, আপোনাক জীৱনৰ চিন্তাৰ পৰা নিজকে পৃথক কৰি ৰাখে। এটা সৰল কৌশল শিকক আৰু ইয়াক নিয়মীয়াকৈ কৰক।

7. প্ৰতিদিনে সোনকালে উঠক Get up early every day

আকৌ এবাৰ পুৰণি প্ৰবাদ, "সোনকালে শুৱা, সোনকালে উঠি যোৱাৰ ফলত এজন ব্যক্তি স্বাস্থ্যৱান, ধনী আৰু জ্ঞানী হয়।" মই নাজানো যে ই আপোনাক ধনী কৰি তুলিব নে নাই, কিন্তু ই নিশ্চিতভাৱে আপোনাক সু-স্বাস্থ্যৱান কৰি তুলিব। আপোনাৰ শৰীৰক পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন, অত্যাধিক নহয় আৰু অতি কমো নহয়। এই পৰামৰ্শবোৰ অনুসৰণ কৰক আৰু আপুনি স্বাস্থ্যৱান হওক।

12/01/2022

d24newsassam.blogspot.com
ধিঙত "APART" আচঁনিৰ বজাৰ গৃহ আৰু শৌচালয় নিৰ্মাণত অনিয়ম। ড০ হিমন্ত বিশ্ব শর্মাৰ নিৰ্দেশৰ পিছতো মৰসাহ গড়কাপ্তানী বিভাগৰ বিষয়া আৰু ঠিকাদাৰৰ ।
D24 NEWS ASSAM : নগাঁও জিলাৰ নিজ ধিঙত APART আচঁনিৰ অধীনত নিৰ্মিত বজাৰ গৃহ আৰু শৌচালয় নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি আৰু অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হৈছে । ৰাজ্য চৰকাৰে ধিং মাৰ্কেটিং বৰ্ডৰ অধীনস্থ নিজ ধিং নিয়ন্ত্রিত বজাৰৰ উন্নয়নৰ বাবে তিনি কোটিতকৈ অধিক টকা আবন্টন দিছে । গড়কাপ্তানী বিভাগৰ বিল্ডিং ডিভিজনৰ তত্বাৱধানত কেইবাটাও বজাৰ গৃহৰ লগতে শৌচালয়ৰ নিৰ্মাণ কাৰ্য্য চলি আছে ।

এই নিৰ্মাণ কাৰ্য্যৰ ঠিকা লাভ কৰিছে আগৰৱালা উপাধিৰ এজন ঠিকাদাৰে । গড়কাপ্তানী বিভাগৰ জুনিয়ৰ ইঞ্জিনীয়াৰ ভাস্কৰ নাথ আৰু ঠিকাদাৰ জনে অতি সংগোপনে দিনে নিশাই নিৰ্মাণ কাৰ্য্য চলাই গৈছে ।

অনুষ্ঠানিকতা অবিহনে আৰু স্থানীয় ব্যৱসায়ীক অন্ধকাৰত ৰাখি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কাৰ্য্য চলাই যোৱাত জাঙুৰ খাই উঠিছে ব্যৱসায়ী সকল । এই ক্ষেত্ৰত ধিং মাৰ্কেটিং বৰ্ডৰ সচিব আৰু জুনিয়ৰ ইঞ্জিনীয়াৰ জনো মৌনতা অৱলম্বন কৰিছে । যাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

চাওঁক এই দৃশ্য হাতেৰে সহজতে ভাঙিব পাৰি এইবোৰ ইটা ।D24 NEWS ASSAM : নগাঁও জিলাৰ নিজ ধিঙত APART আচঁনিৰ অধীনত নিৰ্মিত বজাৰ গৃহ আৰু শৌচালয় নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি আৰু অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হৈছে । ৰাজ্য চৰকাৰে ধিং মাৰ্কেটিং বৰ্ডৰ অধীনস্থ নিজ ধিং নিয়ন্ত্রিত বজাৰৰ উন্নয়নৰ বাবে তিনি কোটিতকৈ অধিক টকা আবন্টন দিছে । গড়কাপ্তানী বিভাগৰ বিল্ডিং ডিভিজনৰ তত্বাৱধানত কেইবাটাও বজাৰ গৃহৰ লগতে শৌচালয়ৰ নিৰ্মাণ কাৰ্য্য চলি আছে ।

এই নিৰ্মাণ কাৰ্য্যৰ ঠিকা লাভ কৰিছে আগৰৱালা উপাধিৰ এজন ঠিকাদাৰে । গড়কাপ্তানী বিভাগৰ জুনিয়ৰ ইঞ্জিনীয়াৰ ভাস্কৰ নাথ আৰু ঠিকাদাৰ জনে অতি সংগোপনে দিনে নিশাই নিৰ্মাণ কাৰ্য্য চলাই গৈছে ।

অনুষ্ঠানিকতা অবিহনে আৰু স্থানীয় ব্যৱসায়ীক অন্ধকাৰত ৰাখি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কাৰ্য্য চলাই যোৱাত জাঙুৰ খাই উঠিছে ব্যৱসায়ী সকল । এই ক্ষেত্ৰত ধিং মাৰ্কেটিং বৰ্ডৰ সচিব আৰু জুনিয়ৰ ইঞ্জিনীয়াৰ জনো মৌনতা অৱলম্বন কৰিছে । যাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

চাওঁক এই দৃশ্য হাতেৰে সহজতে ভাঙিব পাৰি এইবোৰ ইটা ।যি সময়ত মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই দুৰ্নীতিৰ বিৰুদ্ধে সবল ভূমিকা লৈছে সেই সময়ত একাংশ বিষয়া আৰু ঠিকাদাৰে দূৰ্নীতি সংঘটিত কৰিবলৈ মৰসাহ কৰিছে । নিজ ধিং বজাৰৰ গৃহ আৰু শৌচালয় নিৰ্মাণৰ নামত সংঘটিত ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ সন্দৰ্ভত মূখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় ৰাইজ তথা ব্যৱসায়ী সকলে ।

11/01/2022

d24newsassam.blogspot.com
Diabetes And Your Heart ডায়েবেটিচ আৰু আপোনাৰ হৃদযন্ত্ৰ

ডায়েবেটিচ হৈছে এক স্থিতি যাক ধৰা পৰাৰ লগে লগে চিকিৎসা কৰিব লাগিব, যদিও ইয়াৰ প্ৰাৰম্ভিক পৰ্যায়ত ই আঘাত নকৰে, বা অসুবিধাসৃষ্টি নকৰে, বা কোনো উদ্বেগজনক লক্ষণ সৃষ্টি নকৰে। কিন্তু ইয়াক উপেক্ষা কৰাটো এটা ভুল, কিয়নো আমি ডায়েবেটিচ (Diabetes) ৰোগীসকলে বাস কৰা ৰক্ত শৰ্কৰাৰ ভাৰসাম্যহীনতাই বিভিন্ন ধৰণৰ জটিলতাৰ সৃষ্টি কৰিব পাৰে, আনকি ইয়াৰ ফলত [...] হ'ব পাৰে।

ডায়েবেটিচ হৈছে এক স্থিতি যাক ধৰা পৰাৰ লগে লগে চিকিৎসা কৰিব লাগিব, যদিও ইয়াৰ প্ৰাৰম্ভিক পৰ্যায়ত ই আঘাত নকৰে, বা অসুবিধাসৃষ্টি নকৰে, বা কোনো উদ্বেগজনক লক্ষণ সৃষ্টি নকৰে। কিন্তু ইয়াক উপেক্ষা কৰাটো এটা ভুল, কিয়নো আমি ডায়েবেটিচ ৰোগীসকলে বাস কৰা ৰক্ত শৰ্কৰাৰ(Blood sugar) ভাৰসাম্যহীনতাই বিভিন্ন ধৰণৰ জটিলতাৰ সৃষ্টি কৰিব পাৰে, আনকি আন গুৰুতৰ স্বাস্থ্য অৱস্থালৈ লৈ যাব পাৰে।

চিন্তাৰ এটা মুখ্য কাৰণ হ'ল আমাৰ হৃদয়ৰ ওপৰত বিৰূপ প্ৰভাৱ। আমাৰ অস্থিৰ ৰক্ত শৰ্কৰাৰ (Blood sugar) স্তৰৰ ফলত সঞ্চালন দুৰ্বল হ'ব পাৰে

Photos from D24 News ASSAM's post 10/01/2022

d24newsassam.blogspot.com
মৈৰাবাৰীত ধপাঁত বিৰোধী অভিযান । Anti-tobacco operations in Moirabari.
D24 NEWS ASSAM : মৈৰাবাৰীত ধপাঁত বিৰোধী অভিযান। Anti-tobacco operations in Moirabari.বৰ্তমান ফুল কুমলিয়া স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংস কৰি থকাৰ সময়তে মৰিগাঁও জিলাৰ ধাপতৰ নিয়ন্ত্ৰণ কোষৰ কাৰ্যবাহী বিষয়া ড০ জয়া বড়োৱে মৈৰাবাৰীৰ বিদ্যালয়সমূহৰ ওচৰৰ বিভিন্ন দোকানত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে হঠাতে অভিযান আৰম্ভ কৰে।
অভিযানৰ সময়ত, জৰ্দা, গুটখা, বিমল, বিড়ি, চিগাৰাট আদিৰ দৰে নকল সামগ্ৰী পৰীক্ষা কৰাৰ লগতে জৰিমনা আৰোপ কৰি আৰু ভৱিষ্যতে এনে কৰিলে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলি সতৰ্ক কৰি দিয়ে।

Photos from D24 News ASSAM's post 10/01/2022

বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ৰূপালী জয়ন্তী ৰ আৰম্ভণি ।
D24 NEWS ASSAM :আজিৰ পৰা বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰূপালী জয়ন্তী । প্ৰথম দিনা পতাকা উত্তোলনৰ লগে লগে এই কাৰ্যসূচী আৰম্ভ হয়। কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত স্বহীদ তৰ্পণ, পতাকা উত্তোলন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জোনাৰম বৰুৱা ।
কঠহগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ খাইৰুলে ইছলামে প্ৰথম দিনা কাৰ্যসূচী অনুসৰি প্ৰতিষ্ঠানটোৰ সৈতে সংগতি ৰাখি প্ৰদূষণ মুক্ত আৰু সেউজিকৰণৰ বাবে বৃক্ষ ৰোপন কাৰ্য্যসূচী শুভাৰম্ভ কৰে ।

বণাৰ্ঢ্য কায্যসুচীৰে অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তীত সাংবাদিক দিব্যজ্যোতি বৰুৱাই কুইজ পৰিচালনা কৰাৰ লগতে হাতীচোং মহাবিদ্যালয়ৰ অধ্যক্ষ লুইত হাজৰিকাই উপস্থিত থকা নবাগত ছাত্ৰ- ছাত্ৰীৰ আদৰণি অনুষ্ঠানৰ লগতে ছাত্ৰী- ছাত্ৰীৰ দ্বাৰা পৰিবেশিত সাংকৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰে ।

মহাবিদ্যালয়খনৰ অধ্যক্ষ, প্ৰবক্তা, শিক্ষাৰ্থী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে দুদিনীয়া কাৰ্যসূচীৰ সময়ত বিনম্ৰতাৰে সকলো লোকৰ সমৰ্থন আৰু সহযোগ বিচাৰিছে।
d24newsassam.blogspot.com

Photos from D24 News ASSAM's post 08/01/2022

d24newsassam.blogspot.com
D24 NEWS ASSAM : বটদ্ৰবা আৰক্ষীৰ ড্ৰাগছ বিৰোধী ‌অভিযান‌ অব্যাহত, বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আটক দুই ড্ৰাগছ মাফিয়া
D24 NEWS ASSAM : বটদ্ৰৱাত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আটক দুই কুখ্যাত ড্ৰাগছ মাফিয়া । জব্দ ৩২.৫০ গ্ৰাম ড্ৰাগছ আৰু কন্টেনাৰ লগতে চাদাৰ টেমা। আটক কামাল আলী আৰু বকুল আলী। দীৰ্ঘদিন ধৰি নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী কামাল আলী আৰু বকুল আলীয়ে । নিশা বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ গগৈৰ নেতৃত্বত বটদ্ৰৱা কোবাইকটা গাঁৱৰ পৰা বটদ্ৰৱা আৰক্ষীৰ এটা দলে ড্ৰাগছ সহ আটক কৰে দুই ড্ৰাগছ সৰবৰাহকাৰীক । বৰ্তমান বটদ্ৰৱা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

Photos from D24 News ASSAM's post 06/01/2022

D24 NEWS ASSAM : ধিঙ আবকাৰী বিভাগে বটদ্ৰৱাৰ কদমণিত অবৈধ সুৰাৰ ব্যৱসায়ীৰ বিৰুদ্বে চলাই অভিযান।
D24 NEWS ASSAM : অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে ধিং আৱকাৰিয়ে আজি বটদ্ৰৱাৰ কদমনিত চলাই অভিযান।পূৰ্বৰে পৰা এটি দুষ্ট চক্ৰই কদমনি বজাৰত অবৈধ সুৰাৰ ব্যৱসায় চলাই থকা খবৰৰ ভিত্তিত আজি অভিযান চলাই উদ্ধাৰ কৰে প্ৰায় ২০লিটাৰ চুলাই মদৰ লগতে ২০টা বিলাতী সুৰাৰ বটল। অবশ্য অভিযান কালত সুৰা ব্যৱসায়ীজন পলায়ন কৰিবলৈ সক্ষম হয়। অৱশেষত উদ্ধাৰ কৰা চুলাই মদখিনি ধ্বংস কৰে আবকাৰী বিভাগৰ লোকসকলে।

Photos from D24 News ASSAM's post 02/01/2022

D24NEWSASSAM : বটদ্ৰবা সমষ্টিত আলেম-উলেমা আৰু দুখীয়া লোকৰ মাজত কম্বল বিতৰণ । আজি বটদ্ৰবা সমষ্টিত আজমল ফাউণ্ডেশ্যনে আলেম-উলেমা আৰু দুখীয়াৰ মাজত কম্বল বিতৰণ কৰে । আজি দিনৰ ১১ মান বজাত বটদ্ৰবা সমষ্টিৰ অন্তৰ্গত কদমনিৰ আজান শংকৰ জাতীয় বিদ্যালয়ত দুখীয়াৰ মাজত ২১৭ টা কম্বল বিতৰণ কৰে । ইপিনে দিনৰ ২ মান বজাত ধনিয়াভেটি দাৰুল উলুম মাদ্ৰাছাতো আলেম-উলেমা আৰু দুখীয়া লোক সকলৰ মাজত ৬০০ কম্বল বিতৰণ কৰে । ধনিয়াভেটি দৰুল উলুম মাদ্ৰাছাৰ কম্বল বিতৰণ অনুষ্ঠানটোত বটদ্রবা সমষ্টিৰ শীলপুখুৰি, কটহগুৰি, টুকটুকি, আমলখী আৰু ধনিয়াভেটি পঞ্চায়তৰ দৰিদ্ৰ সীমৰেখাৰ তলৰ লোকসকলৰ লগতে আলেম- উলেমা সকলকো আজমল ফাউণ্ডেশ্যনে কম্বল বিতৰণ কৰা দেখা যায় ।আজিৰ এই কম্বল বিতৰণ অনুষ্ঠানটোত সমাজ কৰ্মী তথা অধিবক্তা বদৰুজ্জুহা চৌধুৰীৰ লগতে আজমল ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তা সকলো উপস্থিত আছিল ।

ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত । মৰিগাঁওত ড্ৰাগছ বিৰোধী অভিযানত 2 জন ড্ৰাগছ ব্যৱসায়ী আট 02/01/2022

ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত । মৰিগাঁওত ড্ৰাগছ বিৰোধী অভিযানত 2 জন ড্ৰাগছ ব্যৱসায়ী আটক Anti drug campaign https://d24newsassam.blogspot.com/2022/01/2-anti-drug-campaign.html
D24NEWSASSAM : নৱবৰ্ষৰ দ্বিতীয় দিনা মৰিগাঁও জিলাৰ বৰছালা আৰক্ষী ড্ৰাগছ বিৰোধী অভিযান চলাই ড্ৰাগছৰ লগত জৰিত থকা দুজনক আটক । Anti drug campaign চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে যিমানেই কঠোৰ স্থিতি অৱলম্বন নকৰক কিয় একাংশ ড্ৰাগছ মাফিয়াই আৰক্ষীৰ চকুত ধুলি দি চলাই আহিছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।
আজি ৰাতি পুৱাই মৰিগাঁও জিলাৰ বৰছলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়ানীৰ নেতৃত্বত এটা দলে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই ড্ৰাগছ সৰবৰাস কৰি থকাৰ সময়ত ৪০ টা কণ্টেনাৰ সহ দুজনক আটক কৰিবলৈ সক্ষম হয়। সৰবৰাহকাৰীৰ ক্ৰমে নাজিম উদ্দিন আহাম্মেদ আৰু মজিবুৰ ৰহমান বুলি জানিব দিয়ে বৰছালা আৰক্ষীয়ে । সচেতন মহলৰ প্ৰশ্ন হয় এই দুই ড্ৰাগছ সৰবৰাস কাৰীক গ্ৰেপ্তাৰ কৰিয়েই দায়িত্ব সামৰীব নে । ইয়াৰ লগত জড়িত ৰৌ বৰালীৰ সন্ধান উলিয়াবলৈ সক্ষম হ'ব নে ?

ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত । মৰিগাঁওত ড্ৰাগছ বিৰোধী অভিযানত 2 জন ড্ৰাগছ ব্যৱসায়ী আট ৰাজ্যত-ড্ৰাগছ-বিৰোধী অভিযান-অব্যাহত, মৰিগাঁওত-ড্ৰাগছ-বিৰোধী-অভিযানত -2-জন-ড্ৰাগছ-ব্যৱসায়ী-আটক, Anti-drug-campaign, d24newsassam, Breaking-News,...

D24NEWSASSAM : বটদ্ৰৱা সাংবাদিক সন্থাৰ কেলেণ্ডাৰ উন্মোচন। 01/01/2022

D24NEWSASSAM : বটদ্ৰৱা সাংবাদিক সন্থাৰ কেলেণ্ডাৰ উন্মোচন।
https://d24newsassam.blogspot.com/2022/01/d24newsassam_44.html
D24NEWSASSAM : আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন। সমগ্ৰ দেশতে আজি উলহ-মালহেৰে আদৰি লৈছে নতুন বৰ্ষক। বটদ্ৰৱা সংবাদিক সন্থাইয়ো নতুন বছৰৰ প্ৰথম দিনতে উন্মোচন কৰে নৱ বৰ্ষৰ বাৰ্ষিক পঞ্জী। বটদ্ৰৱা গড়কাপ্তানী পৰিদৰ্শন বাংলাত অনুষ্ঠিত হোৱা কেলেণ্ডাৰ উন্মোচনী সভাত উপস্থিত থাকে বটদ্ৰৱা আৰক্ষী থানাৰ সদ্য বিদায়ী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গুৰুপ্ৰসাদ তালুকদাৰ,টুকটুকী প্ৰেছক্লাৱৰ সম্পাদক মুস্তাফা ছালিম আহমেদ, গড়কাপ্তানী বিভাগৰ কৰ্মচাৰী বাহাৰুল মজুমদাৰ, আলি হুছেইন, শিক্ষক চফিকুল হক চৌধুৰীৰ লগতে বটদ্ৰৱা সাংবাদিক সন্থাৰ সভাপতি নিতুমনি গোস্বামী, উপ-সভাপতি কন্দৰ্প কুমাৰ কলিতা,সম্পাদক মাজিদুল ইছলাম,সহ-সম্পাক অমৰজ্যোতি কলিতা,কোষাধক্ষ্য দিব্যজ্যোতি বৰুৱা, প্ৰচাৰ সম্পাদক জুয়েল উদ্দিন, কাৰ্য্যালয় সম্পাদক নজৰুল ইছলামৰ লগতে সদস্য, ইমামুল ইছলাম, জগন্নাথ কলিতা, আবুল হুছেইন আৰু ইজাজুল হক উপস্থিত থাকে।

D24NEWSASSAM : বটদ্ৰৱা সাংবাদিক সন্থাৰ কেলেণ্ডাৰ উন্মোচন। D24NEWSASSAM-বটদ্ৰৱা-সাংবাদিক-সন্থাৰ-কেলেণ্ডাৰ-উন্মোচন

D24NEWSASSAM : ইংৰাজী নৱবৰ্ষৰ পহিলা জানুৱাৰীৰ পুৱাৰে পৰা গুৰুজনাৰ জন্মস্থানত তীৰ্থযাত্ৰী দৰ্শনাৰ্থী 01/01/2022

D24NWSASSAM : ইংৰাজী নৱবৰ্ষৰ পহিলা জানুৱাৰীৰ পুৱাৰে পৰা গুৰুজনাৰ জন্মস্থানত তীৰ্থযাত্ৰী দৰ্শনাৰ্থীৰ লানি নিচিগা সোঁত ।
https://d24newsassam.blogspot.com/2022/01/d24newsassam.html
D24NEWSASSAM : সাহিত্য কৃষ্টিৰ বৰভেটি প্ৰতিষ্ঠাৰে জাতীয় জীৱনক নতুন ৰঙেৰে সজাই পৰাই তোলা অসমীয়া জাতিৰ জনক জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম আদি লীলা ভূমি শ্ৰী শ্ৰী বটদ্রৱা থান সমগ্ৰ অসম, ভাৰত ভূমি তথা বিশ্বৰ সনাতনী সাংস্কৃতিক পৰম্পৰাত বিশ্বাসী প্ৰতিগৰাকী ধৰ্মপ্ৰাণ মানুহৰ আস্থা, বিশ্বাস আৰু ভক্তিৰ সেৱাৰ স্থলী। বটদ্ৰৱা থানৰ চৈধ্য প্ৰসঙ্গ , গীত মাতৰ লগতে ঈশ্বৰ উপাসনাৰ শৃঙ্খলাবদ্ধ পৰিৱেশন শৈলীকে আদি কৰি গুৰুজনাই এই পবিত্ৰ ভূমি ভাগত এৰি থৈ যোৱা ঐতিহাসিক স্মৃতি চিহ্ন বিশেষকৈ কীৰ্তনঘৰ, পদশিলা, পাটশিলা,দৌলমন্দিৰ, আকাশী গঙ্গা, শিলিখা বৃক্ষ, চাৰিহাটী আৰু সতীৰাধিকা স্মৃতিক্ষেত্ৰ- শান্তিজান দৰ্শন কৰিবলৈ বিভিন্ন প্ৰান্তৰৰ পৰা দৈনিক হাজাৰৰ অধিক ভক্ত বৈষ্ণৱ , তীৰ্থযাত্ৰী, দৰ্শনাৰ্থীৰ সমাগম ঘটে।
অসমীয়া জাতিৰ মণিকূট স্বৰূপ এই পবিত্ৰ ভূমি- বটদ্রৱা থানত আজি ইংৰাজী নৱবৰ্ষৰ পহিলা জানুৱাৰী দিনটোত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থযাত্ৰী দৰ্শনাৰ্থীৰ লানি নিচিগা সোঁত বোৱা পৰিলক্ষিত হৈছে। জাতীয় সাজ পৰিধান কৰি বটদ্ৰৱাত সেৱা গ্ৰহণ কৰি অভিভূত তীৰ্থযাত্ৰী দৰ্শনাৰ্থী সকল। বটদ্ৰৱা থানৰ ঐতিহাসিক আকাশী গঙ্গাত বনভোজ দলৰ সমাগম ঘটা পৰিলক্ষিত হৈছে।

D24NEWSASSAM : ইংৰাজী নৱবৰ্ষৰ পহিলা জানুৱাৰীৰ পুৱাৰে পৰা গুৰুজনাৰ জন্মস্থানত তীৰ্থযাত্ৰী দৰ্শনাৰ্থী গুৰুজনাৰ-জন্মস্থানত-তীৰ্থযাত্ৰী-দৰ্শনাৰ্থীৰ-লানি-নিচিগা-সোঁত,D24NEWSASSAM

Photos from D24 News ASSAM's post 31/12/2021

D24NEWSASSAM : বটদ্ৰৱাত গৃহৰক্ষী বাহিনী জোৱানৰ ঘৰত উলাল বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ সজীৱ গুলি।
D24NEWSASSAM : নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ধনীভেটিত গৃহৰক্ষী জোৱানৰ গৃহতে উলাল নিসিদ্ধ ড্ৰাগছ আৰু দহ জাইকৈ সজীৱ গুলি। গৃহৰক্ষী জোৱান মুজিবুৰে নিসিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা চলায় আহিছিল।বটদ্ৰৱা আৰক্ষীয়ে ধনীয়াভেটিৰ চৌৰাপাৰা গাঁৱৰ মজিবুৰ ৰহমানৰ পৰা ড্ৰাগছৰ লগতে থ্ৰী নট থ্ৰী ৰাইফলৰ দহ জাই সজীৱ গুলি উদ্ধাৰ কৰে ।ধিংৰ পৰা ছাইফুল ইছলামৰ ৰিপৰ্ট
https://d24newsassam.blogspot.com/2021/12/D24NEWSASSAM%20%20%20%20%20.html

30/12/2021

ধিং লহকৰ গাঁৱৰ তিনিগৰাকী কনমাণি ছাত্ৰীয়ে গৌৰৱ কঢ়িয়াই আনিলে অসমলৈ । 3rd SKFİ National Karate Championship 2021
D24 News Assam: ধিঙত এক উৎসৱমুখৰ পৰিবেশ তিনিগৰাকী ছাত্ৰীক সহপাঠী সকলৰ লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰীসকলে ঢোলে দগৰে আদৰণি জনাইছে । কিয়নো তিনিও গৰাকী ছাত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে উজ্বলাই তোলাই নহয় অধ্যয়নৰত বিদ্যালয়ৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

গৌৰৱ কঢ়িয়াই আনা তিনি গৰাকী ছাত্ৰী ক্ৰমে ডিম্পল দাস, নয়না দাস আৰু ৰাখী দাস । ধিঙৰ এই তিনি গৰাকী কণমানি ছাত্ৰীয়ে নতুন দিল্লীত অনুষ্ঠিত 3rd SKFİ National Karate Championship 2021 ত অংশ গ্ৰহন কৰি ডিম্পল দাসে দুটাকৈ ৰূপৰ পদক অৰ্জন কৰাৰ বিপৰীতে নয়না দাসে ব্ৰঞ্জৰ পদক আৰু ৰাখী দাসে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ।
নতুন দিল্লীৰ পৰা আহি ধিঙত উপস্থিত হোৱাৰ লগে লগে তিনিও গৰাকী ছাত্ৰীক উষ্ম আদৰণি জনোৱা হয় ধিং আঠগাও মজলীয়া বিদ্যালয়ত ।
গামোছা,মানপত্ৰ আৰু শৰাইয়েৰে আদৰণি জনাই বিদ্যালয় কৰ্তৃপক্ষই ।
তাৰোপৰি ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বিভিন্ন জনে তিনি গৰাকী ছাত্ৰীক উষ্ম আদৰণি ‌ জনোৱাৰ লগতে অভিনন্দন জ্ঞাপন কৰে ইফালে জন্ম ভূমি লহকৰ গাঁও বাসীয়েও তেওঁ লোকক লহকৰ ৰাস মন্দিৰত উস্ম আদৰণী জনায় ৷

Photos from D24 News ASSAM's post 29/12/2021

D24NewsAssam:ড্ৰাগছ বিৰোধী অভিযান (Anti-drug-campaign)। বালিজান আৰু মৈৰাধ্বজত আটক দুই ড্ৰাগছ ব্যৱসায়ী ,উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ। D24NewsAssam:ড্ৰাগছ বিৰোধী অভিযান (Anti-drug-campaign)অব্যাহত মিকিৰভেটা আৰক্ষীৰ। এক গোপন সূত্ৰৰ পম খেদি মিকিৰভেটা থানাৰ অন্তৰ্গত বালিজানত দুই ড্ৰাগছ মাফিয়াক আটক কৰে

মৈৰাধ্বজৰ মইনুল হকৰ ঘৰত ড্ৰাগছ বিৰোধী অভিযানত উদ্ধাৰ কৰে চাৰিটা চাবোনৰ বাকচত বহু পৰিমাণৰ ড্ৰাগছ। আটক কৰা জিয়াবুৰ ৰহমান আৰু ফকৰুল ইছলাম নামৰ দুই কুখ্যাত ড্ৰাগছ ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি চলাই আছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় ।
পৰৱৰ্তী সময়ত ধিং থানাৰ অন্তৰ্গত মৈৰাধ্বজৰ ধৃত ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত তালাচী চলাই ৩১ হাজাৰ নগদ ধনৰ লগতে দুটা মবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়। ড্ৰাগছৰ অপব্যৱহাৰৰ বিৰুদ্ধে অভিযানত আহোম গাঁও আৰক্ষীয়ে পূৰ্ণ সহযোগ কৰে। বৰ্তমানলৈকে মিকিৰভেটা আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযানৰ বাবে কাৰ্যকলাপ (Activities-for-anti-drug-operations) অব্যাহত ৰাখিছে।

25/12/2021

ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমান হাজৰিকালৈ ভৱানন্দ দত্ত সোৱঁৰণী বটাঁ ৷
D24NEWSASSAM: যোৰহাটৰ চিনামৰা মহাবিদ্যালয়ৰ মোহন চন্দ্ৰ অধ্যয়ন কেন্দ্ৰই ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান হাজৰিকালৈ প্ৰদান কৰে ভৱানন্দ দত্ত সোৱঁৰণী বটাঁ৷ যাক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে মহাবিদ্যালয়ৰ শিক্ষক গোটৰ লগতে ছাএ ছাএী সকল ৷
আজি মহাবিদ্যালয় খনৰ ৰাজনীতি বিভাগৰ প্ৰৱক্তা ৰঞ্জিত বৰদলৈৰ Understanding political Theory শীৰ্ষক গ্ৰন্থ খনি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহ আনুষ্ঠানিক ভাবে উন্মোচন কৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° বিমান হাজৰিকাই৷ এই গ্ৰন্হ উন্মোচনী সভাতেই ড°বিমান হাজৰিকাক সম্বৰ্দ্ধনা জনায় মহাবিদ্যালয় কতৃপক্ষই৷

Photos from D24 News ASSAM's post 24/12/2021

বটদ্ৰবা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী কাৰ্যসূচী আনুষ্ঠানিক ভাবে মুকলি আজি দিনৰ ১১ঃ৩০ বজাত বটদ্ৰবা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ কাৰ্যসূচী আনুষ্ঠানিক ভাৱে মুকলি কৰে বটদ্ৰবা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ হবিবুৰ ৰহমানে । মহাবিদ্যালয়ত অহা ১০ আৰু ১১ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা ৰূপালী জয়ন্তীৰ ব্যাপক প্ৰস্তুতি চলাইছে মহাবিদ্যালয়ৰ অধ্যক্ষ , প্ৰবক্তা, কৰ্ম কৰ্তা ছাত্ৰ -ছাত্ৰী সকলৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলে ।

24/12/2021

দুশ টকীয়া হেলমেট নগাঁৱৰ বজাৰত বিক্ৰী হৈছেহি হাজাৰ বাৰশ টকাত ...

D24NEWSASSAM : ৰাজ্য চৰকাৰে দূৰ্ঘটনা প্ৰতিৰোধৰ অৰ্থে দুচকীয়া বাহনৰ চালক আৰু আৰোহী উভয়েই হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ লগতে আৰক্ষী প্ৰশাসনৰ লগতে পৰিবহন বিভাগকো কঠোৰ নিৰ্দেশনা দিয়াৰ পিছতেই ৰাজ্য খনৰ বিভিন্ন প্ৰান্তত সকলো তৎপৰ হৈ পৰাৰ লগতে বিনা হেলমেটে বাইক ছলোৱা চালকৰ বিৰুদ্ধে জৰিমনাও বিহা পৰিলক্ষিত হৈছে ।
ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এনে পদক্ষেপে দূৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰিব বুলিও ৰাইজে মত পোষণ কৰিছে ।
শেহতীয়া ভাবে উদণ্ড বাইক চালকে বিনা হেলমেটে বাইক চলাই ৰাইজক অতিস্থ কৰা কাৰ্যও বহু পৰিমাণে কমি যোৱাতো এক শুভ লক্ষণ বুলি পৰিবহন বিভাগৰ পৰা জানিব পৰা গৈছে ।

কিন্তু ইয়াৰ লগে লগে একাংশ লুটাৰু ব্যবসায়ীৰ অতপালিত অতিস্থ হৈ পৰিছে একাংশ নিৰীহ গ্ৰাহক ।আমাৰ হাতত পৰা এক তথ্য অনুসৰি হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ পিছত বহুতো হেলমেট অবিহনেই বাইক চলোৱা চালকে হেলমেট কিনিবলৈ অটোমোবাইলৰ দোকানত ভিৰ কৰা দেখা গৈছে ।

আনহাতে অভিভাৱক সকলেও তেওঁলোকৰ সন্তানক হেলমেট কিনিদি চৰকাৰৰ নিৰ্দেশনাৰ প্ৰতি সদ্দিচ্ছা প্ৰকাশ কৰাৰ লগতে অকাল মৃত্যুৰ পৰা সন্তানক ৰক্ষা কৰিবলৈ কৃপণালী কৰা নাই । কিন্তু প্ৰশাসনৰ অজ্ঞাতেই লুটাৰু ব্যবসায়ি সকলে মাধমাৰ শোধাইছে গ্ৰাহকক ।

এই কেইদিনত নগাঁৱৰ বিভিন্ন দোকানত এক ডেৰলাখ টকাৰ হেলমেট বিক্ৰী হৈ আহিছে যিয়ে পূৰ্বৰ সকলো অভিলেখ ভঙ্গ কৰিছে । এক বিশ্বস্ত সূত্ৰে প্ৰকাশ কৰা অনুসৰি কলকতাৰ ফুটপাথত বিক্ৰীহৈ থকা ডেৰশ - দুশ টকীয়া হেলমেট নগাঁৱৰ বজাৰত বিক্ৰী হৈছেহি হাজাৰ বাৰশ টকাত তদুপৰি নাম গোন্ধহীন কেতবোৰ কোম্পানীৰ হেলমেটকেই অতি উচ্চ মানদণ্ডৰ বুলি একাংশ গ্ৰাহকক ঠগিবলৈ আৰম্ভ কৰিছে একাংশ ধুৰন্ধৰ ব্যৱসায়ীয়ে ।

আনহাতে অন্য সময়ত পাঁচশ টকীয়া হেলমেটো বৰ্তমানে বিক্ৰী হৈছে পোন্ধৰশ টকাত। ইয়াৰ লগে লগে বিক্ৰীহৈ থকা ৮০ শতাংশ হেলমেটৰ সুৰক্ষাৰ দিশটোৰ প্ৰতিও সন্দেহৰ অৱকাশ আছে বুলিও প্ৰশ্ন অৱতাৰণা হৈছে ।

হেলমেট সম্বন্ধে একাংশ লোকৰ অজ্ঞতাৰ সুযোগ গ্ৰহণ কৰি লুটৰাজ চলোৱা তথা চৰকাৰৰ সদিচ্ছাক কুঠাৰঘাত কৰা এই ব্যবসায়ীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক ৰাইজে আহ্বান জনাইছে ।

আনহাতে ৰাজ্য চৰকাৰৰ নীতিক কেৰেপ নকৰি আৰক্ষীৰ চকুৰ আগেদি বহু বাইক চালকে হেলমেট পৰিধান নকৰাকৈয়েই নিৰ্বিবাদে বাইক চলাই ফুৰা দেখা গৈছে যদিও এইবোৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Want your business to be the top-listed Media Company in Nagaon?
Click here to claim your Sponsored Listing.

Videos (show all)

ধিঙ গাওঁৰক্ষী বাহিনীৰ ৭৩ সংখ্যক  প্ৰতিষ্ঠা D24 NEWS ASSAM : ধিং থানা গাওঁৰক্ষী বাহিনীৰ উদ্যোগত অনুষ্ঠিত হয় ৭৩ সংখ্যক গাও...
#D24NEWSASSAM      ধিঙৰ ধূপগুৰি পথাৰত ভূমিকেন্দ্ৰীক সংঘাতনগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত ধূপগুৰি পথাৰত আজি এক    ভূমিকেন্...
আজি বটদ্ৰবা থানৰ কীৰ্তনঘৰ আৰু ,ৰ গৃহ উন্নয়ন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসমৰ মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মা ।D24 NEWS ASS...
১৬ জানুৱাৰীত বটদ্ৰৱা শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠান আৰু কোবাইকটা সত্ৰ পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । থা...
d24newsassam.blogspot.com #d24newsassam #d24ধিঙত "APART" আচঁনিৰ বজাৰ গৃহ আৰু শৌচালয় নিৰ্মাণত অনিয়ম। ড০ হিমন্ত বিশ্ব শর্ম...
Live Visual...চিলা উৰুৱাই থাকোঁতে অঘটন। চিলাই ৩০ ফুট উচ্চতালৈ উৰুৱাই নিলে যুৱকজনক। ঘটনা শ্ৰীলংকাৰ জাফনাৰ#ShyamSinghaRoy ...

Address

DHING TOWN
Nagaon
782123

Other News & Media Websites in Nagaon (show all)
Akter Hussain Akter Hussain
Kachua
Nagaon, 782426

News24Assam News24Assam
Rupahi Hat, Bhokatgaon
Nagaon, 782125

A Registed web portal

No Viral video No Viral video
Nagaon

I'm muslim,,,,,,,,I love my mom,,,,,,,,,,,,,,,,,,,,,,,,,

Nagaon Live TV Nagaon Live TV
Nagaon, 782001

বলিষ্ঠ কণ্ঠৰে নগাঁৱৰ দাপোন www.nagaonlivetv.com

Daily Assam Daily Assam
Nagaon, 782001

Daily Assam 24x7 is a e media channel for uploading all the breaking news from the state of Assam for

Elina Devia Elina Devia
Nagaon, 782124

Selenophile 🌙

FN News Axom FN News Axom
Nagaon To Tezpur
Nagaon, 782140

FN News Axom is fully dedicated Digital news media of Assam, India.. it's always one step ahead of t

Dagaon Live Dagaon Live
Nagaon

সত্যৰ সন্ধানত অবিৰাম যাত্ৰা

upcoming to our world 0.1 upcoming to our world 0.1
No. 2 Baralimari
Nagaon, 782124

News 24 assam News 24 assam
Nagaon

Media agency

R Live24 R Live24
Kasokhaity
Nagaon, 782140

Fast Update News

Divya Darshan Divya Darshan
Amtal, Dimoruguri
Nagaon, 782003

Divya Darshan is a news portal consist of education related content. Reg No : UDYAM-AS-22-0013458