ATTSA Orangajuli Primary Unit

ATTSA Orangajuli Primary Unit

চাহ জনগোষ্ঠীয় ছাত্র-ছাত্ৰীসকল দেশৰ ভৱিষ্যত আৰু দেশৰ ভৱিষ্যতৰ সুৰক্ষা আমাৰ হাতত। আটছা আমাৰ গৌৰৱ।

Photos from ATTSA Orangajuli Primary Unit's post 01/02/2024

আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা পানেৰী শাখা সমিতিয়ে ভুটিয়াচাং চাহ বাগিচা আৰু পানেৰী চাহ বাগিচাস্হিত মডেল স্কুলৰ পৰিদৰ্শন কৰি বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীৰ শৈক্ষিক ব্যবস্থা আৰু স্কুল ব্যবস্থাপনাৰ ওপৰত বুজ লৈ। লগত উপস্থিত থাকে অসম চাহ জনজাতি ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ সভাপতি শ্ৰী দ্বীপ তাঁতী লগতে আটছা জিলা সমিতিৰ সাংগঠনিক সম্পাদক শ্ৰী দয়াদান কুমাৰ আৰু পানেৰী শাখা সমিতিৰ বিষয়ববীয়া। ইয়াৰ লগে লগে কিছু পৰিস্থিতি দেখা পাই আমি নিজকে দুখ অনুভৱ কৰিছোঁ যে, ভুটিয়াচাং মডেল হাইস্কুলখনত ১৫৫ জন জনীৰ ছাত্ৰ ছাত্ৰীৰ অনুপাতে মাত্ৰ ৪ জন শিক্ষক নিযুক্তি কৰা হৈছে লগতে বাৰিষা কালত বানপানীৰ সমস্যা আজিলৈকে সমাধান নহল এই গোটেইখিনি পৰিস্থিতিৰ যোগেদি এইটোৱে আমি অনুভৱ কৰিব পাৰিছো যে যিসকল ৰাইজৰ জনপ্ৰতিনিধি আছে তেওঁলোকে নিমাত কিয় আজি দুই বছৰ উকলিবৰ হল কিন্তু আজিলৈকে শিক্ষকৰ অভাৱ পূৰণ নহল যাৰবাবে পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰ দিশে গতি কৰা পৰিলক্ষিত হৈছে। অতি সোনকালে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) ই ইয়াৰ সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰিব আৰু ছাত্ৰ ছাত্ৰীৰ হকে মাত মাতিব।
াহ_জনজাতি_ছাত্ৰ_সন্থা_জিন্দাবাদ
Dhiraj Gowala zindabad
Baraik zindabad
Deep Tanti zindabad
Pritom Sona zindabad
ZINDABAD

Photos from ATTSA Orangajuli Primary Unit's post 09/01/2024

আজি ইং ০৯/০১/২০২৪ তাৰিখ মঙ্গলবাৰ দিনা ওৰঙ্গাজুলি চাহ বাগিচা ১নং নিম্ন প্ৰাথমিক বিদ্যালয়ত 'অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটছা)' ওৰঙ্গাজুলি প্ৰাথমিক সমিতিৰ উদ্যোগত ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী সকলৰ বাবে এটি 'শৈক্ষিক সজাগতা সভা' অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত সভাখনত সভাপতিত্ব গ্ৰহণ কৰে আটছা ওদালগুৰি জিলা সমিতি সন্মানীয় সভাপতি শ্ৰী Deep Tanti দাদা ডাঙৰীয়া, সভাখন অতি সুন্দৰ লগতে শান্তি পৰিৱেশৰ মাজত চলাই যায়। শিক্ষাৰ্থীসকলে পৰীক্ষাৰ ফলাফল যাতে বহুতে ভাল কৰক আৰু অঞ্চলৰ সুনাম কঢ়িয়াই আনক তাৰে উদ্দেশ্য আৰু বিশ্বাসৰে অনুষ্ঠানটো আয়োজন কৰা হয়। সভাত উপস্থিত থাকে বিশিষ্ট ব্যক্তিস্বৰূপে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক শ্ৰী gowala ডাঙৰীয়া। আশা কৰোঁ সকলোৰে দিহা-পৰামৰ্শ মানি চলি আমাৰ মৰমৰ পৰীক্ষাৰ্থী সকলে নিজৰ জীৱনত উন্নতিৰ দিশত আগুৱাই যাওক।
Dhiraj Gowala
Jagdish Baraik

01/01/2024

25/08/2023

অসম চাহ জনজাতি ছাত্ৰ সন্থা পানেৰী শাখা সমিতিৰ সন্মানীয় সভাপতি শ্ৰী প্ৰীতম সোনা দাদা ডাঙৰীয়াৰ ওপজা শুভ দিনত অসম চাহ জনজাতি ছাত্ৰ সন্থা ওৰঙ্গাজুলি চাহ বাগিচা প্ৰাথমিক সমিতি তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।
Wishing you many more happy returns of the day. HAPPY BIRTHDAY Pritom Sona BROTHER 🎂🎂

09/08/2023

অসম ওড়িয়া যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সন্মানীয় সভাপতি ও অসম চাহ জনজাতি ছাত্ৰ সন্থা পানেৰী শাখা সমিতিৰ প্ৰাক্তন সভাপতি শ্ৰী মঞ্জয় বাঘ দাদাক তেখেতৰ ওপজা দিনৰ বাবে আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
ভগৱানে আপোনাৰ জীৱনলৈ সুখ, শান্তি আৰু সফলতা প্ৰদান কৰক।
Wish you a very happy birthday🎂🎂 dada

Photos from ATTSA Orangajuli Primary Unit's post 30/07/2023

আজি হাতীগড় শাখা সমিতিৰ উদ্যোগত মাজুলী প্ৰাথমিক সমিতিৰ ত্ৰি-বাৰ্ষিক অধিবেশন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে ওদালগুৰি জিলা সমিতিৰ সন্মানীয় সভাপতি মহোদয় শ্ৰী দ্বীপ তাঁতী দাদা ডাঙৰীয়া, হাতীগড় শাখা সমিতিৰ প্ৰাক্তন সম্পাদক শ্ৰী সুৰজ কৰ্মকাৰ দাদা, গৰুৱাঝাৰ উপ-শাখা সমিতিৰ প্ৰাক্তন সভাপতি শ্ৰী জুচপীল তাঁতী দাদা লগতে বৰ্তমান উপ-শাখাৰ সমিতিৰ সভাপতি শ্ৰী ইচৰাইল সোনা দাদা ডাঙৰীয়া আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়-ববীয়াসকল। বৰ্তমান নৱনিৰ্বাচিত মাজুলী প্ৰাথমিক সমিতি(আটছা)ৰ এটি ২১ জনীয়া পূৰ্ণাংগ আৰু শক্তিশালী সমিতিৰ ৰূপ দিয়া হয় য'ত Swami Saw ক সভাপতি আৰু sambhu tanti ক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰি। মাজুলী চাহ বাগিচাত বসবাস কৰা চাহ শ্ৰমিকসকলৰ সমস্যাৰ সমাধান তথা তাৰে স্থানীয় লৰা-ছোৱালীৰ উজ্জ্বল ভৱিষ্যতৰ হকে কাম কৰি যাব বুলি অন্তৰত বিশ্বাস ৰাখিলো।
জয়তু আটছা
জয় আই অসম।
Long Live
Dhiraj Gowala zindabad
Jagdish Baraik zindabad
Deep Tanti zindabad
ATTSA Orangajuli Primary Unit

04/07/2023

🙏🙏

03/07/2023

অসম চাহ জনজাতি মহিলা সমিতি আটৱা কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদিকা শ্ৰীমতী সুকান্যা সোনা বাইদেউক তেখেতৰ শুভ জন্মদিনৰ উপলক্ষে ওৰঙাজুলি প্ৰাথমিক সমিতি আটছা তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। লগতে ঈশ্বৰৰ আগতে প্ৰাৰ্থনা জনাওঁ যে সমাজৰ কামত আপোনাক শক্তি প্ৰদান কৰে। Wishing a very happy birthday sister 🎂🎂

Photos from ATTSA Orangajuli Primary Unit's post 02/07/2023

আজি আমি ওৰঙ্গাজুলি প্ৰাথমিক সমিতি হৈ আমাৰ দাদা শ্রীগণেশ নায়কক তেখেতৰ অসুস্থতাৰ পৰা উদ্ধাৰ(অপাৰেশন) কৰিবলৈ বাগিচাৰ ৰাইজৰ পৰা কিছু ধন সংগ্রহ কৰি এটি সৰু সহযোগিতা আগবঢ়ালো যাতে দাদা অতি সোনকালে সুস্থ হৈ আমাৰ মাজত আহে। এনেধৰণৰ মানৱতা দেখুৱাৰ বাবে ওৰঙ্গাজুলি ৰাইজক আমি প্ৰাথমিক সমিতি আটছা তৰফৰ পৰা আন্তৰিক ধন্যবাদ আগবঢ়ালো।

Photos from ATTSA Orangajuli Primary Unit's post 29/06/2023

অসম চাহ জনজাতি ছাত্র সন্থা (আটছা) কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে তথা কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষকৰ উপস্থিতিত যোৱা ইং ২৯/০৬/২০২৩ তাৰিখ বৃহস্পতিবাৰ দিনাখন হাতীগড় শাখা সমিতিৰ তৃ-বাৰ্ষিক অধিবেশন অতি সুন্দৰ পৰিৱেশৰ মাজত পাৰ হৈ যায়। আৰু এই অধিবেশনত পূৰ্ণাংগ ভাবে এটি ২১জনীয়া নতুন সমিতি গঠন কৰা হয়। নৱনিৰ্বাচিত সমিতিৰ নেতৃত্বত শ্রী অভিমত বেহেৰাক সভাপতি আৰু শ্ৰী শিৱজীত তাঁতীক সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰা হয়। নৱনিৰ্বাচিতভাবে গঠন হোৱা এই সমিতিক ওৰঙ্গাজুলি প্ৰাথমিক সমিতি আটছা তৰফৰ পৰা বহুত বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো লগতে আশা কৰোঁ যাতে হাতীগড় শাখা সমিতিৰ অন্তৰ্গত থকা সকলো চাহ বাগিচাৰ চাহ শ্ৰমিকৰ বিভিন্ন সমস্যাৰ সমাধান লগতে নৱপ্ৰজন্ম হিচাপে উঠি অহা যুৱক-যুৱতীৰ উজ্জ্বল ভৱিষ্যতৰ হকে নিঃস্বাৰ্থভাবে কাম কৰি যাব।
জয়তু আটছা, জয় আই অসম।
আটছা জিন্দাবাদ।
Dhiraj Gowala
Dhiraj Gowala
Jagdish Baraik
Deep Tanti

Photos from ATTSA Orangajuli Primary Unit's post 27/06/2023

আজি ইং ২৭/০৬/২০২৩ তাৰিখ মঙ্গলবাৰ দিনা হাতীগঁড় শাখা সমিতিৰ উদ্যোগত ঘাগ্ৰা উপ-শাখা সমিতি লগতে কোৰামূৰ উপ-শাখা সমিতি গঠন কৰা হয়। এই সমিতি গঠন মঙ্গল কাৰ্যত উপস্থিত থাকে ওদালগুৰি জিলা সমিতি আটছাৰ সভাপতি মহোদয় শ্ৰী দ্বীপ তাঁতী দাদা ডাঙৰীয়া লগতে গৰুৱাঝাৰ উপ-শাখা সমিতিৰ বৰ্তমানৰ সভাপতি শ্ৰী ইজৰাইল সোনা ডাঙৰীয়া আৰু গৰুৱাঝাৰ উপ-শাখা সমিতিৰপ্রাক্তন সভাপতি শ্ৰী জুচপিল তাঁতী ডাঙৰীয়া। আশা কৰোঁ যাতে নৱগঠিত দুয়োটা সমিতিয়ে চাহ শ্ৰমিক আৰু ইয়াৰে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল কৰা স্বাৰ্থতে কাম কৰি যাব আৰু সমাজৰ আগত এটি সুন্দৰ উদাহৰণ প্ৰস্তুত কৰিব। নৱগঠিত সমিতিলৈ ওৰঙ্গাজুলি প্ৰাথমিক সমিতি তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।
#জয়তু আটছা জয় আই অসম।
long live
tanti

Website