Education Cell, AAMSU শিক্ষা ন্যাস, আমছু

Education Cell, AAMSU শিক্ষা ন্যাস, আমছু

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Education Cell, AAMSU শিক্ষা ন্যাস, আমছু, Education, .

Photos from Education Cell, AAMSU শিক্ষা ন্যাস, আমছু's post 13/03/2023

আজি ১৩/০৩/২০২৩ ইং তাৰিখে দিনৰ ২ বজাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু'ৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে বিজনীতো জিলা সমিতিৰ উদ্যোগত বিজনী চহৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্রশ্ন কাকত ফাদিল হোৱাৰ প্ৰতিবাদত অসমৰ শিক্ষামন্ত্ৰী ডঃ ৰনোজ পেগু ডাঙৰীয়াৰ পদত্যাগৰ দাবীৰ লগতে উক্ত কাণ্ডৰ লগত জড়িত বিষয়া কৰ্মচাৰীৰ দৃষ্টান্ত মুলক শাস্তিৰ দাবীত শিক্ষামন্ত্ৰী ডঃ ৰনোজ পেগুৰ প্ৰতিমূৰ্তি দাহ কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।

Photos from Education Cell, AAMSU শিক্ষা ন্যাস, আমছু's post 07/09/2022

মুছলমান সকলৰ ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান সমূহ অবৈধভাৱে ধ্বংশ কৰি ধৰ্মীয় আৱেগ অনুভূতিক আঘাত কৰা কাৰ্য অতিশীঘ্ৰে বন্ধ কৰা, জেহাদী তথা সন্ত্ৰাসবাদক আইন অনুসৰি কঠোৰ হাতেৰে দমন কৰা আনকি জেহাদী তথা সন্ত্ৰাসবাদৰ নামত নিৰীহ লোকক হাৰাশাস্তি বন্ধ কৰা, উচ্ছেদিত ভূমিহীন ভাৰতীয় নাগৰিকক ভূমিৰ পাট্টা প্ৰদান কৰি পুনৰ সংস্থাপিত কৰা, সংখ্যালঘু অধ্যুষিত অঞ্চলৰ শিক্ষানুষ্ঠানসমূহত ছাত্ৰ/ছাত্ৰী তথা শ্ৰেণী অনুপাতে শিক্ষক নিযুক্তি দিয়া আদিৰ দাবীত আজি ০৭/০৯/২০২২ ইং তাৰিখে আমছুৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত গুৱাহাটীৰ ছচলত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ন কৰি অসমৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰা হয়।

28/08/2022
Photos from Education Cell, AAMSU শিক্ষা ন্যাস, আমছু's post 11/08/2022

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড (CBSE) ৰ অধীনত জৱাহৰ নৱোদয় বিদ্যালয়, ধুবুৰীৰ পৰা ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৯৯ নম্বৰ লাভ কৰি সৰ্ব ভাৰতীয় পৰ্য্যায়ত দ্বিতীয় স্থান লাভ কৰি এক সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ধুবুৰী আগমনিৰ ছাত্ৰী হুমাইৰা তাছনিম।
ছাত্ৰীগৰাকীৰ এই সফলতা আজি আমছু গুৱাহাটী মহানগৰ জিলা সমিতিৰ তৰফৰপৰা আমছুৰ মুখ্য কাৰ্য্যালয়ত সম্বৰ্ধনা জ্ঞাপন কৰা হয়। হুমাইৰা তাছনিমৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।

Photos from Education Cell, AAMSU শিক্ষা ন্যাস, আমছু's post 04/08/2022

উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষা জগতখনলৈ এক শৈক্ষিক জাগৰণ সৃষ্টিৰে সমাজলৈ এক অভূতপূৰ্ব অৱদান আগবঢ়োৱা USTM ৰ আচাৰ্য্য তথা ERD Foundation ৰ অধ্যক্ষ বিশিষ্ট শিক্ষাবিদ মাননীয় মাহবুবুল হক ডাঙৰীয়ালৈ তেখেতৰ দ্বাৰা পৰিচালিত উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰী ব্যক্তিগত খণ্ডৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান University of Science and Technology, Meghalaya য়ে শেহতীয়াকৈ NAAC ৰ দ্বাৰা A গ্ৰেড লাভ কৰাৰ লগতে National Institutional Ranking Framework (NIRF) ৰ জৰিয়তে সৰ্ব ভাৰতীয় পৰ্য্যায়ৰ শীৰ্ষ ২০০ বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান পাবলৈ সক্ষম হোৱা বাবে আমি নথৈ আনন্দিত হৈছোঁ। সেই উদ্দেশ্যে আজি USTM চৌহদত শ্ৰদ্ধাৰ মাহবুবুল হক ডাঙৰীয়াৰ সৈতে এক সৌজন্যমূলক সাক্ষাৎ কৰি তেখেতৰ কৰ্মৰাজিক আৰু উৎসাহিত কৰিবলৈ আমছু গুৱাহাটী মহানগৰ জিলা সমিতিৰ তৰফৰপৰা তেখেতক সম্বৰ্ধনা জনোৱা হয়।
অনগাত দিনত বিভিন্ন শৈক্ষিক কাৰ্যসূচীত USTM য়ে আমছুৰ সৈতে কাম কৰাৰো ইচ্ছা প্ৰকাশ কৰিছে বিশ্ববিদ্যালয়ৰ আচাৰ্য্য গৰাকীয়ে।
আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে আমছু কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম, আমছু কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন উপ সভাপতি শাকিল আহমেদ, গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি ইমৰাণ আহমেদ, জিলা সমিতিৰ উপ সভাপতি ছাহজাহান আলী, সাংগঠনিক সম্পাদক হিবজুৰ ৰহমান আৰু নটবমা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক জাকিৰ হুছেইন।

Photos from Education Cell, AAMSU শিক্ষা ন্যাস, আমছু's post 19/07/2022

বিশ্বনাথ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ #শ্ৰীযুত_চিন্তামনি_শৰ্মা ছাৰৰ লগত আজি ১৯/০৭/২০২২ তাৰিখে শিক্ষা মূলক আলোচনাত, বিশ্বনাথ জিলা আমছু সমিতি নৱনির্বাচিত সভাপতি ফকিৰ আলি মজুমদাৰ, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন, উপসভাপতি দিলোৱৰ হুছেইন, সাধাৰণ সম্পাদক হুৰমুছ আলি, বিশ্বনাথ মহাবিদ্যালয় গোটৰ সভাপতি নুৰ ইছলাম, পানীভৰাল আঞ্চলিকৰ সাধাৰণ সম্পাদক নাছিৰ আহমেদ উপস্থিত থাকে।

Photos from Education Cell, AAMSU শিক্ষা ন্যাস, আমছু's post 06/07/2022

আজি বিজনী জিলা সমিতি আমছুৰ উদ্যোগত বিজনী মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজন কৰা শিক্ষাৰ্থীৰ ভৱিষ্যৎত জীৱনৰ কৰ্মপদ্ধতি সম্পৰ্কে আলোচনা ও উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংচন পোৱা বিজনী মহকুমাৰ ১০০ জন কৃতী ছাত্ৰ/ ছাত্ৰীক সম্বৰ্ধনা জনোৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আমছুৰ মাননীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিক্ষা সম্পাদক আবুল কালাম আজাদ ডাঙৰীয়া, বিজনী বিধান সভা সমষ্টিৰ মাননীয় বিধায়ক অজয় কুমাৰ ৰায় ডাঙৰীয়া, বিটিআৰৰ পাৰিষদ মাননীয় প্ৰদীপ কুমাৰ ৰায় ডাঙৰীয়া, চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰিংখাং বসুমতাৰী ডাঙৰীয়া, বিজনী ৰাজহ চক্ৰ বিষয়া মাননীয়া মাৰিয়া তানিম ডাঙৰীয়ানী,বিজনী মহাবিদ্যালয়ৰ অধ্যাপক মাননীয় আব্দুল কাদেৰ হুছেইন ডাঙৰীয়া ও অন্যান্য অতিথিবৃন্দ।

27/06/2022

সমূহ উত্তীৰ্ণ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জনালো।

Photos from Education Cell, AAMSU শিক্ষা ন্যাস, আমছু's post 08/06/2022

এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত চিৰাং জিলাৰ ফলাফল নিম্ন যদিও তাৰ মাজতে জিলাখনৰ বিজনী মহকুমাৰ অন্তৰ্গত মিলনজ্যোতি হাইস্কুল,আলুখুন্দা ৰ অতিকৈ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ৰুপচান আলীয়ে ৯৫ শতাংশ নম্বৰ লাভ কৰি অঞ্চলটোৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

আমছুৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক আবুল কালাম আজাদ ডাঙৰীয়াৰ নেতৃত্বত বিজনী জিলা সমিতি আমছুৰ সভাপতি ৰছুল খান ডাঙৰীয়াৰ সৈতে এটি সজাতি দল আজি ছাত্ৰ জনৰ ঘৰত গৈ তেওঁৰ লগতে তেওঁৰ পিতৃ মাতৃক সম্বৰ্ধনা জনায়। লগতে ছাত্ৰজনক কিছু আৰ্থিক সাহায্য আগবঢ়ায়। ইয়াৰ ওপৰি দুখীয়া মেধাৱী ছাত্ৰ জনৰ আগন্তক দুবছৰ পঢ়াশুনাৰ যাৱতীয় খৰচ বহন কৰাৰ দায়িত্ব লয়।

উল্লেখযোগ্য যে, ছাত্ৰজন অধ্যায়ন কৰা বিদ্যালয়খন এতিয়াও অপ্ৰাদেশীকৃত হৈ আছে। প্ৰত্যেক বছৰে বিদ্যালয়খনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰি আহিছে যদিও চৰকাৰে বিদ্যালয়খন চৰকাৰীকৰণ কৰাৰ কোনো ফলপ্ৰসু ব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই। আমছুৰ তৰফৰ পৰা বিদ্যালয়খন অতিশীঘ্ৰে প্ৰাদেশীকৃত কৰিৱলৈ চৰকাৰৰ ওচৰত দাবী জনালোঁ।

Photos from Education Cell, AAMSU শিক্ষা ন্যাস, আমছু's post 07/06/2022

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষা-২০২২ত স্থানপ্ৰাপ্ত ছাত্ৰ/ছাত্ৰী সকলক আমছুৰ বিভিন্ন জিলা সমিতিয়ে তাৎক্ষণিকভাৱে সম্বৰ্ধনা জনোৱাৰ কিছু দৃশ্য।

Photos from Education Cell, AAMSU শিক্ষা ন্যাস, আমছু's post 14/05/2022

#বিদ্যালয়_পৰিদৰ্শন_আমছুৰ_প্ৰতিনিধি_দলৰ

আজি ১৪/০৫/২০২২ইং তাৰিখে আমছুৰ শিক্ষা সম্পাদক আবুল কালাম আজাদ ডাঙৰীয়াই বিজনী জিলা সমিতি আমছুৰ সভাপতি ৰছুল খান ডাঙৰীয়া, সাধাৰণ সম্পাদক জাহেদ আলী ডাঙৰীয়া, ৰফিকুল ইছলাম ডাঙৰীয়াৰ সৈতে বিজনী মতিলাল বগৰীয়া এমভি স্কুল, পুৰাণ বিজনী প্ৰাথমিক বিদ্যালয়, পুৰাণ বিজনী বাতেনীয়া হাইস্কুল পৰিদৰ্শন কৰি বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে তথ্য সংগ্ৰহ কৰে।

Photos from Education Cell, AAMSU শিক্ষা ন্যাস, আমছু's post 12/05/2022

#বিদ্যালয়_পৰিদৰ্শন_আমছুৰ

আজি ১২/০৫/২০২২ ইং তাৰিখে আমছুৰ মাননীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াৰ নেতৃত্বত আৰু শিক্ষা সম্পাদক আবুল কালাম আজাদ ডাঙৰীয়াৰ উপস্থিতত বিজনী জিলা সমিতিৰ সহযোগত ২৫১ নং ভেটাগাঁও প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰি শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয় খনৰ ছাত্ৰ/ছাত্ৰীৰ সৈতে মত বিনিময় কৰাৰ লগতে ছাত্ৰ/ছাত্ৰীৰ মাজত চকলেট বিতৰণ কৰে।

উল্লেখযোগ্য যে বিদ্যালয়খনত ১১৭ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে তিনিজন শিক্ষক আছে যদিও তাৰে এজন শিক্ষক মাহেকত ২০ দিনেই বিভাগীয় বিষয়াক মেনেজ কৰি ছুটিলৈ ঘৰত দিন কটায়। যাৰ পৰিপেক্ষিতত একেটা শ্ৰেণীকোঠাতে দুটাকৈ শ্ৰেণীৰ পাঠদান একেলগে আগবঢ়াই আছে বাকী থকা দুগৰাকী শিক্ষক-শিক্ষয়ত্ৰীয়ে। এয়াই হৈছে অসমৰ চৰকাৰী বিদ্যালয়ৰ ধ্বংশযাত্ৰা।

Photos from Education Cell, AAMSU শিক্ষা ন্যাস, আমছু's post 09/05/2022

আজিৰে পৰা আমছুয়ে সমগ্ৰ অসমতে প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষানুষ্ঠান সমূহ পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী সকলৰ সমস্যাৰ লগতে বিদ্যালয় সমূহৰ আন্তঃগাঁথনি ও অন্যান্য সমস্যাৰ বুজ লৈ তথ্য সংগ্ৰহ কৰা প্ৰক্ৰিয়া আৰম্ভ কৰে। সেই অনুযায়ী আমছুৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক আবুল কালাম আজাদ ডাঙৰীয়াৰ নেতৃত্বত আজি বিজনী জিলা আমছুৰ উদ্যোগত আৰু পশ্চিম বিজনী আঞ্চলিকৰ সহযোগত ৬০৪ নং কাউৱাটিকা বান্ধৱ প্ৰাথমিক বিদ্যালয়, কাউৱাটিকা এম.ই স্কুল, ৩৪০ নং দতুৰী প্ৰাথমিক বিদ্যালয়, পূৱ দতুৰী হৰিজনপাৰা এলপি স্কুলকে আদিকে কৰি কেইবাখন বিদ্যালয় পৰিদৰ্শন কৰা হয়। এই পৰিদৰ্শন শিক্ষা সম্পাদক ডাঙৰীয়াক সহযোগ কৰে জিলা আমছুৰ সভাপতি ৰছুল খান ডাঙৰীয়া, সাধাৰণ সম্পাদক জাহেদ আলী ডাঙৰীয়াকে আদি কৰি জিলা ও আঞ্চলিক সমিতিৰ অন্যান্য বিষয়ববীয়া।
#ঘৰে_ঘৰে_শিক্ষা_তেতিয়াহে_ৰক্ষা

Photos from Education Cell, AAMSU শিক্ষা ন্যাস, আমছু's post 11/04/2022

চিৰাং জিলাৰ বিভিন্ন বিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত হোৱা ছাত্ৰ/ছাত্ৰীৰ নামভৰ্তি সুনিশ্চিত কৰা, চৰকাৰী নিৰ্দেশনা অৱমাননা কৰি বিভিন্ন বিদ্যালয়ে ছাত্ৰ/ছাত্ৰীৰ পৰা নামভৰ্তিৰ বাবদ মাচুল সংগ্ৰহ বন্ধ কৰা, জিলাখনত বিভিন্ন বিদ্যালয়ত খালী হৈ থকা শিক্ষকৰ পদ পূৰণ সন্দৰ্ভত চিৰাং জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক মাননীয় শ্ৰীযুত বিজয় বৈষ্ণৱ ডাঙৰীয়াৰ সৈতে আমছুৰ শিক্ষা সম্পাদক আবুল কালাম আজাদ ডাঙৰীয়া চিৰাং ও বিজনী জিলা আমছুৰ সভাপতি/ সাধাৰণ সম্পাদক ক্ৰমে নাজিৰ ৰহমান, মোবাৰক আলী, ৰছুল খান, জাহেদ আলী প্ৰমূখ্য অন্যান্য বিষয়ববীয়াৰ সৈতে এক আলোচনাত মিলিত হয়।

আজিৰ আলোচনাত ছাত্ৰ/ছাত্ৰীৰ নামভৰ্তিৰ বাবদ সংগ্ৰহ কৰা মাচুল সমূহ ঘুৰাই দিয়াৰ বাবে এক নিৰ্দেশনা বিদ্যালয় সমূহত পঠোৱাৰ আশ্বাস প্ৰদান কৰে। লগতে নামভৰ্তিৰ পৰা বঞ্চিত শিক্ষাৰ্থীসকলক নামভৰ্তিৰ বাবে যৎপৰনাস্তি চেষ্টা চলাব বুলিও আশ্বাস প্ৰদান কৰে।

Photos from Education Cell, AAMSU শিক্ষা ন্যাস, আমছু's post 02/04/2022

আমছুৰ ৪২ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মৰহুম আলহাজ আজগৰ আলী আৰু মৰহুমা ছাৰা বেওঁৱাৰ স্মৃতিত আয়োজন কৰা চিত্ৰাংকণ প্ৰতিযোগিতাৰ ফলাফলঃ-
প্ৰথম:- ছানী আচাৰ্য্য
দ্বিতীয়:- মমতাজ বেগম
তৃতীয়:- অদিন সুত্ৰধৰ আৰু মহিবুল ইছলাম

Photos from Education Cell, AAMSU শিক্ষা ন্যাস, আমছু's post 02/04/2022

আমছুৰ ৪২ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মৰহুম আলহাজ আব্দুল মন্নাফ, মৰহুমা জবেদা বেগম আৰু মৰহুমা মেহেৰ ভানু বিবিৰ স্মৃতিত আয়োজন কৰা সদৌ অসম ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতাৰ ফলাফলঃ- 

প্ৰথম পুৰষ্কাৰ:- ফাৰদিদ আমিন আৰু জাহাঙ্গীৰ আলম সিকদাৰ

দ্বিতীয় পুৰষ্কাৰ:- ব্ৰুনছন শৰ্মা আৰু অনুজ কুমাৰ দেৱনাথ

তৃতীয় পুৰষ্কাৰ:- ৰুবুল কলিতা আৰু ভূপাল শৰ্মা

01/04/2022

আমছুৰ ৪২ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মৰহুম আব্দুল লতিফ চৰকাৰ, মৰহুম কুদ্দুছ আলী পৰামানিক, মৰহুম ছাইদুৰ ৰহমান, মৰহুম আলহাজ সেৰ মহাম্মদ খান, মৰহুম জয়নুদ্দিন শেখ আৰু মৰহুম ফজলুল হক চৌধুৰী দেৱৰ স্মৃতিত আয়োজন কৰা সদৌ অসম ভিত্তিত মুকলি তৰ্ক প্ৰতিযোগিতাৰ ফলাফলঃ-

প্ৰথম দলীয় পুৰষ্কাৰ:- ১। মনোজ কুমাৰ বৰুৱা
২।সুধাৰশন শৰ্মা
৩।মুন তালুকদাৰ
৪। বিজিৎ কলিতা

দ্বিতীয় পুৰষ্কাৰ:- ১। অৰ্ণৱজ্যোতি তালুকদাৰ
২। গুণঞ্জণ ৰাজবংশী

শ্ৰেষ্ঠ তাৰ্কিক:- মনোজ কুমাৰ বৰুৱা
দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক:- গুণঞ্জণ ৰাজবংশী আৰু ইফতিকাৰ আহমেদ।

প্ৰেৰণামূলক বঁটা:-
১। ছাদ্দাম হুছেইন
২। ফাৰহা নাছিমা ইছলাম
৩। ওৱাহিদুজ ৰহমান
৪। আজিজুল আহমেদ
৫। আশ্ৰাফ চৌধুৰী।

Photos from Education Cell, AAMSU শিক্ষা ন্যাস, আমছু's post 29/03/2022

অহাকালি নিম্ন উল্লেখিত সময় অনুযায়ী প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হব।

Photos from Education Cell, AAMSU শিক্ষা ন্যাস, আমছু's post 28/03/2022

সকলো ছাত্ৰ/ছাত্ৰী আৰু ৰাইজক উপস্থিত থকাৰ বাবে অনুৰোধ জনালো।

12/03/2022

অৱশেষত আমছুয়ে জনোৱা দাবী অনুসৰি গোটেই বিষয় সন্দৰ্ভত ছেবাই ষ্পষ্টকৰণ দি এক গোৱাৰী প্ৰকাশ কৰিলে। ধন্যবাদ ছেবা কৰ্তৃপক্ষ।

09/03/2022

আমছুৰ ৪২তম প্ৰতিষ্ঠা দিৱসটি এইবেলি চিৰাং জিলাৰ তুলসীঝোৰাত অহা ৩০ আৰু ৩১ মাৰ্চ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হব। উক্ত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখনি আলোচনী প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তদুপলক্ষে ৰাইজৰ পৰা তথ্য সমৃদ্ধ লিখনি বিচৰা হৈছে।
লিখনি সমূহ অহা ১৫ মাৰ্চৰ ভিতৰত নিম্নোলিখিত হোৱাটচাপ নম্বৰ বা মেইল যোগে প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হল।

Photos from Education Cell, AAMSU শিক্ষা ন্যাস, আমছু's post 08/03/2022

#আমছুৰ সন্মানীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে SEBAৰ সচিব আৰু নিয়ন্ত্ৰকক সাক্ষাৎ আমছুৰ প্ৰতিনিধি দলৰ।

যোৱাকালি SEBA ই নিৰ্দেশনা জাৰি কৰা অনুসৰি আগন্তুক ২০২২ বৰ্ষৰ অসম হাইস্কুল আৰু হাই মাদ্ৰাছা চূড়ান্ত পৰীক্ষাৰ বাবে ২০২১ বৰ্ষৰ প্ৰশ্নকাকত আৰু উত্তৰবহী ব্যৱহাৰ কৰি পৰীক্ষা অনুষ্ঠিত কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই নিৰ্দেশনাৰ পিছতে শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱক সমাজৰ মাজত এক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা এক প্ৰতিনিধি দলে SEBA ৰ মাননীয় সচিব আৰু মাননীয় পৰীক্ষা নিয়ন্ত্ৰক ডাঙৰীয়াক সাক্ষাৎ কৰি উক্ত সমস্যা সমাধানৰ বাবে তিনিদফীয়া দাবীৰে এখনি স্মাৰক-পত্ৰ প্ৰদান কৰোঁ ।
SEBA ৰ সচিব আৰু নিয়ন্ত্ৰক ডাঙৰীয়াৰ লগত আলোচনা কালত ২০২১ বৰ্ষৰ পৰীক্ষাৰ বাবে ৭০ শতাংশ পাঠ্যক্ৰমৰ সাঙুৰি প্ৰশ্নকাকত প্ৰস্তুত কৰাৰ কথা ৰাজহুৱা কৰিছিল যদিও পৰবৰ্তী সময়ত ৬০ শতাংশ পাঠ্যক্ৰমৰেই প্ৰশ্নকাকত প্ৰস্তুত কৰিছিল যদিওঁ বিষয়টো ৰাজহুৱা কৰা নাছিল বুলি আমাক অৱগত কৰে। আমি তেওঁলোকক ৬০ শতাংশ পাঠ্যক্ৰমৰে প্ৰশ্নকাকত প্ৰস্তুত কৰাৰ বিষয়টো অতিশীঘ্ৰে জাননী বা গোহাৰি আকাৰে ৰাজহুৱা কৰিবলৈ আহ্বান জনাওঁ। তেওঁলোকে বিষয়টো দুই এদিনৰ ভিতৰতে জাননী বা গোহাৰি আকাৰে সকলো বিভ্ৰান্ত দূৰ কৰিব বুলি আমাক আশ্বাস প্ৰদান কৰে।
আজিৰ এই প্ৰতিনিধি দলটোত আছিল আমছুৰ সাধাৰণ সম্পাদকদ্বয় মিন্নাতুল ইছলাম ডাঙৰীয়া আৰু ইমতিয়াজ হুছেইন ডাঙৰীয়া, শিক্ষা সম্পাদক আবুল কালাম আজাদ ডাঙৰীয়া, তথ্য-প্ৰযুক্তি সম্পাদক আমিনুৰ ৰহমান ডাঙৰীয়া।লগতে উপস্থিত থাকে বঙাইগাঁও জিলা সমিতি আমছুৰ শিক্ষা সম্পাদক মনোৱাৰ হুছেইন ডাঙৰীয়া।

Ranoj Pegu

Photos from Education Cell, AAMSU শিক্ষা ন্যাস, আমছু's post 11/12/2021

আজি কোকৰাঝাৰ CIT ত ভাৰত চৰকাৰৰ ৰাজ্যিক শিক্ষা মন্ত্ৰী মাননীয় ড° ৰাজুকুমাৰ ৰঞ্জন সিং ডাঙৰীয়াৰ সৈতে বিভিন্ন ছাত্ৰ সংগঠনৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত আমছুৰ তৰফৰ প্ৰতিনিধি হিচাপে আমছুৰ মুখ্য সাংগঠনিক সম্পাদক গুলজাৰ হুছেইন ডাঙৰীয়া আৰু শিক্ষা সম্পাদক আবুল কালাম আজাদ ডাঙৰীয়াই অংশগ্ৰহন কৰি অসমৰ লগতে অসমৰ সংখ্যালঘু সকলৰ শৈক্ষিক সমস্যা সমূহ বিটিআৰ চীফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ উপস্থিত উত্থাপন কৰাৰ লগতে এই সমস্যাসমূহ স্থায়ীভাৱে সমাধান কৰাৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

Website