𝙀𝙣𝙖𝙢𝙪𝙡 𝙝𝙖𝙦𝙪𝙚

𝙀𝙣𝙖𝙢𝙪𝙡 𝙝𝙖𝙦𝙪𝙚

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from 𝙀𝙣𝙖𝙢𝙪𝙡 𝙝𝙖𝙦𝙪𝙚, Education, .

16/12/2023

Masha apnader dawate islami deener koto shondor kore kaam korta se apnara jodi kono gorib der ke help korte chan kinto kono rasta pan na tahole ashen DAWATE ISLAMI INDIA ZINDABAD

13/12/2023

প্ৰশ্নঃ- কিছুমান মানুহে নিজৰ নামত নিজে উপাধি যেনে হাজৰিকা,বৰভূঞা আদি লগায় অথচ তেওঁলোক সেই বংশৰ নহয়,এই সম্পৰ্কে শ্বৰীয়তে কি কয় ?

•┄┅┅❂❀﷽❀❂┅┅┈•
উত্তৰঃ- সাধাৰণতে বংশৰ পৰিচয়ৰ বাবে উপাধি যেনে চায়্যিদ,খাঁন,পাঠান,বৰভূঞা,হাজৰিকা আদি ৰখা হয়। যাৰ বংশৰ এনেধৰণৰ কোনো নিৰ্দিষ্ট পৰিচয় আছে তেওঁলোকে আন উপাধি আৰু তেওঁলোকৰ উপাধি বেলেগে লগোৱাৰ অনুমতি নাই।
যাৰ বংশৰ কোনো নিৰ্দিষ্ট উপাধি নাই তেওঁলোকে আন বংশৰ উপাধি লগালে আত্মপ্ৰশংসাকাৰী আৰু মিছলীয়াৰ অন্তৰ্ভুক্ত হ'ব। নিজৰ পৰিচয় আন বংশৰ লগত সংযুক্ত কৰা হ'ব আৰু এয়া গুণাহ আৰু পাপ। কোৰআন আৰু হাদিছত এনে ব্যক্তিৰ বাবে জাহান্নামৰ দুঃসংবাদ আছে।
হজৰত আবু যৰ ৰাদ্বীয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। তেওঁ নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কোৱা শুনিছে:
عَنْ أَبِيْ ذَرٍّ أَنَّهُ سَمِعَ النَّبِيَّ صلى الله عليه وسلم يَقُوْلُ لَيْسَ مِنْ رَجُلٍ ادَّعَى لِغَيْرِ أَبِيْهِ وَهُوَ يَعْلَمُهُ إِلَّا كَفَرَ وَمَنْ ادَّعَى قَوْمًا لَيْسَ لَهُ فِيْهِمْ فَلْيَتَبَوَّأْ مَقْعَدَهُ مِنْ النَّارِ
অৰ্থ: যদি কোনো ব্যক্তিয়ে নিজৰ পিতৃৰ বিষয়ে জানিও আন কাৰোবাক নিজৰ পিতৃ বুলি দাবী কৰে তেন্তে তেওঁ কুফ্‌ৰ কৰিলে। আৰু যি ব্যক্তিয়ে নিজকে এনে কোনো বংশৰ লগত সংযুক্ত কৰিলে যাৰ লগত তেওঁৰ বংশগত কোনো সম্পৰ্ক নাই তেন্তে তেওঁ যেন নিজৰ ঠিকনা জাহান্নামত বনাই লয়। (বুখাৰী শ্বৰীফ,কিতাবুল মানাকিব:৩৫০৮)
কোৰআনত আছে:
ۖ فَلَا تُزَكُّوا أَنْفُسَكُمْ ۖ هُوَ أَعْلَمُ بِمَنِ اتَّقَىٰ
তোমালোকে আত্মপ্ৰশংসা নকৰিবা(ছুৰা নজম:৫৩,আয়াত:৩২)
নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে:
وَمَنِ ادَّعَى إِلَى غَيْرِ أَبِيهِ، أَوِ انْتَمَى إِلَى غَيْرِ مَوَالِيهِ ؛ فَعَلَيْهِ لَعْنَةُ اللَّهِ وَالْمَلَائِكَةِ وَالنَّاسِ أَجْمَعِينَ، لَا يَقْبَلُ اللَّهُ مِنْهُ يَوْمَ الْقِيَامَةِ صَرْفًا وَلَا عَدْلاً.
অৰ্থ: আল্লাহ,ফিৰিস্তা আৰু সকলো মানুহৰ অভিশাপ সেই ব্যক্তিৰ ওপৰত যিয়ে নিজৰ পিতাৰ বাহিৰে আনক পিতা বুলি পৰিচয় দিয়ে। আল্লাহে তেওঁৰ কোনো ফৰজ,নফল কবুল নকৰে। (মুছলিম শ্বৰীফ,কিতাবুল হজ্জ,বাবু ফাজাইলিল মদিনা,হাদিছ নং:১৩৭০)
ফতাৱা ৰেজৱীয়্যাত আছে: ইয়াৰেই অন্তৰ্ভুক্ত সেই সকলো লোক যিয়ে নিজকে চায়্যিদ বুলি পৰিচয় দিয়ে অথচ তেওঁ চায়্যিদ নহয়।‌ প্ৰকৃততে আনচাৰি বা শ্বেইখ নহয় কিন্তু নিজকে আনচাৰি বা শ্বেইখ বংশৰ বুলি পৰিচয় দিয়ে। (খণ্ড:২৩,পৃষ্ঠা:২০০,সংস্কৰণ:ৰাজা ফাউণ্ডেশ্বন লাহোৰ)
হজৰত আবু দাৰদা ৰাদ্বীয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে:
عَنْ أَبِي الدَّرْدَاءِ، ‏‏‏‏‏‏قَالَ:‏‏‏‏ قَالَ رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ:‏‏‏‏ إِنَّكُمْ تُدْعَوْنَ يَوْمَ الْقِيَامَةِ بِأَسْمَائِكُمْ وَأَسْمَاءِ آبَائِكُمْ.
অৰ্থ: কিয়ামতৰ দিনা তোমালোকক তোমালোকৰ তোমাৰ নিজৰ নাম আৰু পিতাৰ নামেৰে মতা হ'ব। (আবু দাউদ শ্বৰীফ,কিতাবুল আদব:৪৯৪৮)
ফতাৱা বাসৰুল উলূমত আছে: নিজৰ নাম নিজে এনে ধৰণৰ ৰখা বা কোৱা,যাৰ দ্বাৰা আত্মপ্ৰশংসা লভে বা গৌৰৱান্বিত হয় সেয়া নাজায়েজ।(কিতাবুল হাজ্‌ৰি ৱাল ইবাসাহ,খণ্ড:৫,পৃষ্ঠা:৫৩৬,সংস্কৰণ:ইমাম আসমদ ৰাজা একাডেমী)
আমাৰ অসমত বিশেষকৈ গুৱাহাটী,তেজপুৰৰ ফালে সাধাৰণতে নামৰ লগত ইছলাম,ৰসমান,হক,আলী,হুছাইন আদি লগোৱা হয়,এইসমূহ কোনো নিৰ্দিষ্ট বংশৰ পৰিচয় নহয়। এয়া লগোৱাত অসুবিধা নাই।
؎وَاللّٰهُ تَعَالٰى اَعْلَم.
▁▁▁▁▁▁▁▁▁▁▁▁
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
༺ ২৭ জুমাদাল উলা ১৪৪৫ হিজ্‌ৰী,১২ ডিচেম্বৰ ২০২৩
༺ Group- শ্বৰীয়তে কি কয় ?
༺ যোগাযোগ -8638731917. 8329507894
*Read Islamic post through this link- Brightislam.in*

Videos (show all)

Masha apnader dawate islami deener koto shondor kore kaam korta se apnara jodi kono gorib der ke help korte chan kinto k...

Website