Rahul Baruah Axom

Rahul Baruah Axom

অসম মোৰ আৱেগ অসম মোৰ গৌৰৱ।

10/12/2023

"অ পৰাজিত মৃত্যু যিনি
মাতিলে আহিবা,
মৃত্যুঞ্জয় শ্বহীদ তুমি!"

আজি শ্বহীদ দিৱসৰ এই ক্ষণত জাতীয় বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ 🙏🙏🙏

02/12/2023

বৰ অসমৰ প্ৰতিস্থাপক স্বৰ্গদেউ চাওলুঙ-ছ্যু-কাফা দেৱৰ আদৰ্শ তথা অসম আৰু অসমীয়াৰ প্ৰতি আগবঢ়োৱা অৱদানক ‘অসম দিৱস’ৰ এই পবিত্ৰ ক্ষণত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

|| জয় আই অসম ||

13/01/2022

প্ৰতিজন খিলঞ্জীয়া অসমীয়ালৈ প্ৰাণৰ আপোন হেঁপাহৰ ভোগালী বিহু আৰু আজি উৰুকাৰ আন্তৰিক ওলগ জনালোঁ। প্ৰাপ্তি আৰু সমৃদ্ধৰ লগতে ভোগালী বিহুৱে কঢ়িয়াই আনক সম্প্ৰীতি - সমন্বয়। ভোগালীৰ মেজিৰ জুইত জাহ যাওঁক জাতিবিৰোধী সকলো অপশক্তি লগতে নৰূপেৰে উজ্জীৱিত জাতিটোৰ স্বাভিমান।।

02/12/2021

সকলো জাতি,জনগোষ্ঠীক একেলগকৰি বৰ অসম গঢ়োতা স্বৰ্গদেউ চাওলুঙ চ্যুকাফাক আজি অসম দিৱসৰ পবিত্ৰ দিনটোত শ্ৰদ্ধাৰে সোঁৱৰিছো🙏🙏🙏

19/06/2021

"কেৱল জনসংখ্যাই এটা জাতি ডাঙৰ নকৰে, এটা জাতি ডাঙৰ হয় জাতীয়তাবাদৰ হকে ডেকাই দিয়া হিয়াৰ ৰাঙলী তেজেৰে।"
------বিষ্ণুপ্ৰসাদ ৰাভা ।

আজি বিপ্লৱী শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্মৃতি (বিষ্ণুৰাভা_দিৱস)ত তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো।
জয়_আই_অসম✊

14/06/2021

কৰুণা মহামাৰীৰ এই জটিল সময়ত আজি পুনৰ মৰিগাঁও নগৰৰ সেই ৰাস্তাই-ঘাটে এমুঠি খাদ্যৰ বাবে ভোকাটোৰ হৈ থকা সেই অসহায় লোকসকলক কিছু খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে উপস্থিত হওঁ। পেটৰ ভোকত ককবকাই থকাৰ সময়ত যেতিয়া এমুঠি অন্ন কাষত পাই তেতিয়া তেওঁলোকৰ মনৰ পৰা ওলাই অহা যি অকৃত্ৰিম হাঁহি সেইয়া আচলতে বহুত। এনেদৰে অনাগত সময়তো তেওঁলোকক এমুঠি খাদ্য নিজৰ সামৰ্থ্য অনুযায়ী যোগান ধৰা বাবে প্ৰয়াস কৰিম।বন্ধু উৎপল নাথ আৰু উদিত ইংতি দুয়োকে অশেষ ধন্যবাদ ইমানখিনি সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে আৰু লগতে যোৱাকালি আমাক বাটতে লগ পায় বিশেষভাৱে সাহস দিয়া আৰু সহায়-সহযোগিতা আগবঢ়োৱা মৰিগাঁও নগৰৰ সন্মানীয় দুই সংবাদকৰ্মী প্ৰাঞ্জল দা আৰু অংকুৰদালৈও ধন্যবাদ জ্ঞাপন কৰিলোঁ। অনাগত সময়তো সকলোৰে সহায় সহযোগিতা আৰু আশীৰ্বাদ কামনা কৰিলোঁ।

02/06/2021

হোজাইৰ উদালি Covid Care Center ত কৰ্মৰত চিকিৎসক ড° সেউজ কুমাৰ সেনাপতিৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহনা দিছোঁ আৰু চৰকাৰ প্ৰশাসনক দাবী জনাইছোঁ যে অতি সোনকালে দোষীক কৰায়ক্ত কৰি আইনী প্ৰক্ৰিয়া জৰিয়তে দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰক। কৰুণা মহামাৰীৰ এই ভয়াবহ সময়ত নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি চিকিস্যা কৰ্মী সকলে যিদৰে ৰোগীসকলক সেৱা কৰি আছে সেয়া হয়তো সকলোৱে জানে,গতিকে তেওঁলোকক সন্মান কৰিবলৈ শিকক।আক্ৰমণকাৰীসকলক পুনৰবাৰ কঠোৰ শাস্তি দাবী জনালোঁ।

27/05/2021

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পৱিত্ৰ আৱিৰ্ভাৱ তিথিত তেখেতলৈ সশ্ৰদ্ধ সোঁৱৰণ 🙏

12/05/2021

পুৱাই আহিল বেয়া খবৰটো,অসমৰ সমাজ জীৱন উদং কৰি আতৰি গল বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ,বুদ্ধিজীৱী হোমেন বৰগোহাঞি ছাৰ । আজি অসমীয়াই এজন মহান অভিভাৱক হেৰুৱালে।তেখেতৰ এই মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ 🙏🙏🙏

28/01/2021

সংগ্ৰামী চেতনাৰ ঐতিহাসিক পথৰুঘাট ( দৰং জিলা) ।আপোনালোক জ্ঞাত যে ১৮৯৪ চনৰ ২৮ জানুৱাৰীত অৰ্থাৎ আজিৰ দিনটোতে মাটিৰ খাজানা বৃদ্ধিৰ প্ৰতিবাদ জনোৱাত ব্ৰিটিছৰ গুলীত প্ৰায় ১৪০ জন কৃষকে প্ৰাণ আহুতি দিয়ে আৰু হাজাৰ জনৰো অধিক আহত হয় । পথৰুঘাটৰ কৃষক ৰণ কেৱল দৰং তথা অসমৰেই নহয়, সমগ্ৰ ভাৰত বুৰঞ্জীৰ এক স্মৰণীয় ঘটনা। জাতীয় শ্বহীদ সকলৰ স্মৃতি চিৰযুগমীয়া হওঁক । কৃষক শ্বহীদ দিৱসৰ এই দিনটোত তেখেত সকললৈ সশ্ৰদ্ধ প্ৰণাম ও শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ 🙏🏻🙏🏻🙏🏻

Photos from Rahul Baruah Axom's post 21/10/2020

A few moments from the annual session and special congratulatory ceremony organized by the Dandua Branch Students' Union today.

01/08/2020

সমূহ ইছলামধৰ্মী ৰাইজলৈ প্ৰবিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা জনালোঁ ।

Photos from Rahul Baruah Axom's post 29/07/2020

OPPOSE EIA 2020.

Website