Bhupen Hazarika

Bhupen Hazarika

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bhupen Hazarika, Musician/Band, .

05/11/2023
14/10/2023

"মোৰ সৃষ্টিক সমালোচনা নকৰি মোৰ ব্যক্তিত্বৰ প্ৰতি ঘৃণা থকা, আক্ৰোশমূলক আৰু অপমানসূচক সমালোচনা ম‌ই গোটেই জীৱনত 'অগ্নিযুগৰ ফিৰিঙতি ম‌ই' লিখাৰ দিনৰে পৰাই পাই আহিছোঁ। এইবোৰ সমালোচনাই মোক কেতিয়াও বিব্ৰত কৰা নাই। ম‌ই আগুৱাই গৈ আছো আৰু গৈ থাকিম।"

07/09/2023

ওপজাদিনৰ
সোঁৱৰণী

16/08/2023

এক গভীৰ আস্থাৰ গান

21/07/2023

নৈতিকতাৰ স্খলন দেখিও
মানৱতাৰ পতন দেখিও
নিৰ্লজ্জ অলসভাবে বোৱাঁ কিয়?

15/06/2023

ৰচনা, সুৰ, সংগীত, কণ্ঠঃ
ভূপেন হাজৰিকা
চিনেমাঃ পিয়লি ফুকন (১৯৫৫)

https://youtu.be/9GrX5g5Yma0

11/06/2023

প্ৰকৃত শিল্পীক কোনো ৰাজনৈতিক দলেই হেঁচি ৰাখিব নোৱাৰে।
■ ড° ভূপেন হাজৰিকা

10/05/2023

মূৰ্তমান

Photos from Bhupen Hazarika's post 06/05/2023

ভূপেন হাজৰিকাৰ 'দশাৱতাৰ' আৰু
মোৰ কেমেৰাত ভূপেন হাজৰিকা
● বিদ্যুৎ কুমাৰ ভূঞা

ম‌ই ১৯৭০ চনতে মঞ্চত গান গোৱা ভূপেন হাজৰিকাক দেখিছিলোঁ। ১৯৭৫ চনত ম‌ই প্ৰথমবাৰৰ বাবে তেওঁৰ সমুখত গান গাইছিলোঁ, তেওঁৰ ভাষণ আৰু গান শুনিছিলোঁ‌। ১৯৮৪ চনৰ ১৮ এপ্ৰিলত (পাঁচ বহাগ) লগ পাওঁ তেজপুৰত। ১৯৮৬ চনৰ মাৰ্চ মাহৰ কোনো এদিন লগ পাওঁ জামুগুৰিহাটৰ 'বাৰেচহৰীয়া ভাওনা'ত। ১৯৮৯ চনৰ ছেপ্টেম্বৰৰ কোনোবা এদিন গুৱাহাটীৰ জু-নাৰেংগী বাটত থকা বিশিষ্ট চাহ-খেতিয়ক হেমেন বৰুৱাৰ চ'ৰাত ম‌ই প্ৰথমবাৰৰ বাবে ভূপেনদাৰ এক আছুতীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰোঁ। ইয়াৰ পিছত তেওঁ জীৱনৰ অন্তিমবাৰ অসম এৰি যোৱালৈ তেওঁক কিমানবাৰ কিমান সময় ক'ত কেতিয়া লগ পাইছিলোঁ, তাৰ হিচাপ উলিওৱা সহজ নহ'ব।

এই সুদীৰ্ঘ সময়ছোৱাত ম‌ই মোৰ কেমেৰাৰে তেওঁৰ ফটো তুলিবলৈ পালোঁ মাথোঁ ১৯৯৯ চনৰ পৰাহে। ম‌ই ফটোগ্ৰাফিৰ কোনো আনুষ্ঠানিক বা অনানুষ্ঠানিক শিক্ষা লোৱা নাই। কেমেৰা দুটাও আছিল বৰ কম মূল্যৰ। তেনেকৈয়ে ফটোবোৰ তুলিছিলোঁ। কেতিয়াবা হয়তো একোটা ৰীলত দহখনমান ফটো আউট অফ ফ'কাচ হৈছে। তেনেকৈয়ে যিমানবোৰ ফটো তুলিলোঁ, তাৰ ভিতৰত ভূপেন হাজৰিকাৰ ফটোৰ সংখ্যা আছিল সৰ্বাধিক। আচলতে তেওঁৰ ফটো তুলিবৰ বাবেই কেমেৰাটো লৈছিলোঁ বুলিলেও ভুল কোৱা নহয়। অৱশ্যে একেটা কেমেৰাৰেই ম‌ই অসম তথা সমগ্ৰ ভাৰতৰে আন ভালেমান বিখ্যাত ব্যক্তিৰ ফটো তুলিলোঁ। আজি হঠাতে ভূপেন হাজৰিকাৰ এই ফটোকেইখন এঠাইত একেলগে পাই আপোনালোকে চাবলৈ বুলি আগবঢ়াই দিলোঁ। ভাল পোৱা বুলি গম পালে এই কামটোৰ ধাৰাবাহিকতা ৰখাৰো চেষ্টা কৰিম।●

(ফটোগ্ৰাফি এক ব্যয়বহুল কাম। কোনোবাই এই ফটো ব্যৱহাৰ কৰিলে খৰচ দিয়ক বা নিদিয়ক, অন্ততঃ credit-টো দিয়াৰ সৌজন্যতা বা শিষ্টাচাৰকণ ৰক্ষা কৰে যেন।)

27/04/2023

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত নাট্যকাৰ পৰিচালক মুনীন ভূঞা আৰু অসমৰ 'তালাত মামুদ'ৰূপে খ্যাত গায়ক জ্যোতিষ ভট্টাচাৰ্যৰ সৈতে ভূপেন হাজৰিকা (ফটোঃ সংগৃহীত)

01/04/2023

অসমৰ নতুন প্ৰজন্ম‌ই এদিন বিশ্বজয় কৰিব
৹ ড° ভূপেন হাজৰিকা

■ বিদ্যুৎ কুমাৰ ভূঞা
অসমৰ নতুন প্ৰজন্ম‌ই এদিন বিশ্বজয় কৰিব। এইষাৰ কথা বৰ আত্মপ্ৰত্যয় আৰু গভীৰ আস্থাৰে মৃত্যুৰ মাথোঁ চাৰি-পাঁচটামান বছৰৰ আগেয়ে তেওঁৰ গুৱাহাটীৰ নিজৰাপাৰৰ চ'ৰাত বিভিন্ন কথা পাতি থকাৰ মাজতে মোৰ আগত প্ৰকাশ কৰিছিল ড° ভূপেন হাজৰিকাই। তেওঁ কথা প্ৰসংগত মামণি ৰয়ছম গোস্বামীৰ সাহিত্যক একে আষাৰেই বিশ্বমানৰ বুলি কৈছিল আৰু যদি মামণিৰ সাহিত্য যথা সময়ত ইংৰাজী ভাষাত অনুবাদ হ'লহেতেন, তেন্তে ঝুম্পা লাহিড়ী আদিৰ পূৰ্বেই ভাৰতীয় সাহিত্যিক হিচাপে আমাৰ মামণিয়েই 'বুকাৰ' বিজয়ী হ'লহেতেন বুলিও মন্তব্য দিছিল তেওঁ। তেতিয়াই ভূপেনদাৰ মুখতে শুনিছিলোঁ- 'এই ঝুম্পা লাহিড়ীনো কোন, মোৰ যে মূল অসমীয়া গীতিসাহিত্যখিনি বাংলা ভাষালৈ সম্পূৰ্ণ আক্ষৰিক অনুবাদ কৰিছে, তপতী লাহিড়ী, এইজনী ঝুম্পা তেওঁৰ জীয়ৰীহে'!

বলিউডত, ঘাইকৈ সংগীত ক্ষেত্ৰত অসমৰ তৰুণ প্ৰজন্মৰ প্ৰতিভাৰ অনন্য সাফল্য দেখিও ভূপেনদাই গৰ্ব অনুভৱ কৰিছিল। এই বিষয়ে এটা দীঘল সুকীয়া লেখাই হ'ব। ১৯৯৯ চনটো শেষ হৈছে মাত্ৰ আৰু পৃথিৱী এক নতুন সহস্ৰাব্দত প্ৰৱেশ কৰিছে। মাজনিশা চাৰে বাৰ-এক বজাৰ মাজত গুৱাহাটীৰ ফুটপাথৰ কোনোবা এটা public telephone booth-ৰ পৰা মুম্বাইত থকা ভূপেনদালৈ ফোন কৰিছিলোঁ নতুন সহস্ৰাব্দৰ শুভেচ্ছা জনাবলৈ। তেওঁ মাত্ৰ কিছু সময় আগেয়ে মুম্বাইৰ ঘৰত সোমাইছেহি। সেই নিশা মুম্বাইত বসবাস কৰা ঘাইকৈ অসমীয়া যুৱক-যুৱতীসকলে পতা নতুন বছৰৰ আদৰণি অনুষ্ঠানত ভাগ লৈ ভূপেনদা উভতি আহিছে। সেইটো ফোনতে তেওঁ মুম্বাইৰ music world-ত সুখ্যাতিৰে কাম কৰি থকা নতুন প্ৰজন্মৰ শলাগ লৈছিল আৰু গৌৰৱেৰে প্ৰশংসা কৰিছিল।

অসমীয়া আহাৰৰ প্ৰতি অতি দুৰ্বল ভূপেনদাই ভালেমান অসমীয়া ব্যঞ্জন গুৱাহাটী আৰু কলিকতাৰ ঘৰত নিজেই প্ৰস্তুত কৰি লৈছিল, নিজৰ লগতে আনকো সেই অতুলনীয় সোৱাদৰ ভাগ দিছিল। কেতিয়াবা ভূপেনদাই নিজৰ লুঙীখন আঁঠুলৈকে কোঁচাই কঁকালত মেৰিয়াই লৈ নিজৰাপাৰৰ ৰান্ধনীঘৰত সোমাই কোমোৰাৰ পোলাও বা এবিন্দুও তেল নিদিয়াকৈ প্ৰস্তুত কৰা ঢেঁকীয়াৰ ড্ৰাই ফ্ৰাই টেষ্ট কৰাৰ সৌভাগ্য‌ও মোৰ হৈছিল। তেওঁ অসমীয়া পৰম্পৰাগত খাদ্য‌ৰ সোৱাদ এদিন পৃথিৱীৰ মানুহেও ল'ব বুলি আশা কৰিছিল। প্ৰসংগক্ৰমে তেওঁ মোক এইবুলিও কৈছিল যে এতিয়া তুমি ভাৰতৰ কথা বাদেই দিয়া, নিউয়ৰ্ক চিটিতো কোনোবা হোটেলত আলু আৰু বেঙেনা পিটিকাও পাবা।

অসম আৰু অসমীয়াৰ নিজেই এক স্বাভিমানৰ প্ৰতীক ভূপেনদাই বিশেষকৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত সততে অসমীয়া সাজেই পৰিধান কৰিছিল আৰু কান্ধত বা গাত পেলাই লৈছিল অসম বা তাহানিৰ বৰ অসমৰ যিকোনো এখন জনগোষ্ঠীয় শ্বল বা গামোচা। স্মৰ্তব্য যে 'কলকাতা আমার দ্বিতীয় মাতৃভূমি' বুলি কোৱা আৰু জীৱনৰ মূল সৃজনশীল সময়খিনি কলিকতাতে কটোৱা ভূপেন হাজৰিকা নিজেই হৈ পৰিছিল অসমীয়া আৰু বাংলা ভাষা-সংস্কৃতিৰ এক সৱল সেতু।

এই সমন্বয়ৰ যাত্ৰাত তেওঁৰ সংগীতধাৰাত একাকাৰ হৈ পৰিছিল ব্ৰহ্মপুত্ৰ, গংগা, পদ্মাৰ সুৰ, একাকাৰ হৈ পৰিছিল বিহু আৰু ভাটিয়ালীৰ সুৰ। অথচ এই সমন্বয়ৰ বাবে তেওঁ কাহানিও কোনো জাতি-জনগোষ্ঠীৰ স্বকীয় ঐতিহ্য আৰু পৰম্পৰাৰ প্ৰতীক গামোচাৰ সৈতে আন জনগোষ্ঠীৰ বস্ত্ৰ যোৰা লগোৱাৰ দৰে স্থূল আৰু অসংস্কৃত প্ৰৱণতাৰ আশ্ৰয় লোৱা নাছিল। নয়নজ্যোতি আৰু শান্তাৰ সাফল্যৰ খবৰটো পোৱাৰে পৰা মোৰ মনলৈ ভূপেন হাজৰিকাই কোৱা এই কথাখিনিয়েই আহি আছে, বাৰে বাৰে।●

03/01/2023

শীতৰে সেমেকা দিনত
ভূপেনদাৰ সান্নিধ্যত...
● বিদ্যুৎ কুমাৰ ভূঞা

২৫ জানুৱাৰী, ২০০৭ চন। দুপৰীয়া। সময় প্ৰায় এঘাৰ। খুব সুন্দৰ মুড। বিভিন্নজনৰ সৈতে বিভিন্ন বিষয়ত সমানে ভাগ লৈছে ভূপেনদাই। স্থানঃ নিজৰাপাৰ, গুৱাহাটীৰ বাসগৃহ। ম‌ই মুড্ মেজাজ আৰু অভিব্যক্তি চাই কেইখনমান ফটো তুলিছিলোঁ। এইখন তাৰে এখন। ফটোখন আজি প্ৰথমবাৰৰ বাবে ৰাজহুৱা কৰিলোঁ।

এনেকুৱা শীতৰে সেমেকা কিমান পুৱা আৰু কিমান দুপৰীয়া ভূপেনদাৰ সৈতে নিজৰাপাৰৰ চোতালত ৰ'দ পুৱাইছিলোঁ, ভাবিলে আজিও ৰোমাঞ্চিত হৈ পৰোঁ। সেইখন চোতালতে কমলা, গাজীমগু, সৰু মাছৰ ড্ৰাই ফ্ৰাই, এটুপিও তেল ব্যৱহাৰ নকৰাকৈ ভূপেনদাই নিজহাতে তৈয়াৰ কৰা ঢেকীয়াৰ ড্ৰাই ফ্ৰাই আদি খাইছিলোঁ! ডিম্বাকৃতিৰ টেবুলখনত এফালে তেওঁ আৰু এফালে ম‌ই বহি ভাত খাই থাকোঁতে নিজে লুঙী কোঁচাই গেছত বেঙেনা পুৰি, সৰু সৰুকৈ কুটা আদা আৰু মিঠাতেল দি ধুনীয়া লাহি আঙুলিকেইটাৰে পিটিকা কৰি 'খোৱাচোন' বুলি আগবঢ়াই দিয়া সময়বোৰ আছিল এনেকুৱা ডিচেম্বৰ-জানুৱাৰী মাহেই!

এনেকুৱা শীতৰ সেমেকা পুৱাতে তেওঁ চোতালত বহি এদিন মোক 'মিৰিজীয়ৰী'ৰ স্ক্ৰিপ্ট পঢ়ি শুনাইছিল, আহি ওলাইছিল ইন্দ্ৰ বণিয়া। ভূপেনদাই মোৰ সৈতে চিনাকি কৰি দি কৈছিল- 'আমাৰ তেজপুৰৰ' বুলি। ইন্দ্ৰ বনিয়াক কৈছিল- 'তোমালৈ ম‌ই সোৱনশিৰী নৈত সোণ ধোৱা চৰিত্ৰ এটা থৈছোঁ'।

ডিচেম্বৰ-জানুৱাৰীৰ মাজৰ সময়ছোৱাত ম‌ই প্ৰায়ে ভূপেনদাক লগ পাইছিলোঁ। সময়ৰ আগে আগে খোজ দিয়া ভূপেনদা মোৰ বাবে যেন আজিও জীয়াই আছে!●

26/12/2022

মোৰ গান হ‌ওক
বহু আস্থাহীনতাৰ বিপৰীতে
এক গভীৰ আস্থাৰ গান...

05/11/2022

স্ম ৰ ণ

25/09/2022

an interaction
@ BBC

08/09/2022

https://www.facebook.com/1683288981905541/posts/3408141629420259/

🎶 Manush manusher jonno
jibon jiboner jonno
ektu shohanubhuti ki
manush pete parena 🎶

His songs were the thread that connected stories, people and even states (the longest bridge between Assam and Arunachal Pradesh is named after him)!

Dr. Bhupen Hazarika bridged gaps in more ways than one, with his compositions and creations. ❤️

Read more ➡️ https://goo.gle/BhupenDa

08/09/2022

মোৰ গান হ‌ওক বহু আস্থাহীনতাৰ
বিপৰীতে এক গভীৰ আস্থাৰ গান

31/08/2022

সময়ৰ অগ্ৰগতিৰ পখীৰাজত উঠি
যাওঁ মই নতুন দিগন্তলৈ...
ফটোঃ বিদ্যুৎ কুমাৰ ভূঞা

23/08/2022

আপোনাৰ সবাতোকৈ প্ৰিয় বস্তুটো কি ?
মোৰ সবাতোকৈ প্ৰিয় বস্তু মাইক্ৰফোন !
ফটোঃ বিদ্যুৎ কুমাৰ ভূঞা

01/08/2022

KK, ভূপিন্দৰ আৰু নিৰ্মলা মিশ্ৰ
কেন্দ্ৰত ভূপেন হাজৰিকা
● বিদ্যুৎ কুমাৰ ভূঞা

কিছুদিন আগেয়ে KK হঠাতে ঢুকাল। অলপতে মৃত্যু হৈছিল ভূপিন্দৰৰ। কালি মৃত্যু হ'ল নিৰ্মলা মিশ্ৰৰ। এই তিনিওগৰাকী গায়ক-গায়িকাক ভূপেন হাজৰিকাই নিজৰ সংগীতত কেইবাটাও গান গোৱাইছিল। খবৰবোৰ চৰ্চালৈ নাহিল।

KK-ক সংগীত পৰিচালক ভূপেন হাজৰিকাই গান গোৱাইছিল কল্পনা লাজমিৰ 'কিউঁ?'(KYON?) নামৰ হিন্দী চিনেমাখনত। দুটা একক কণ্ঠৰ গান আছিল- 'চুন লে চাৰা জাহাঁ' আৰু 'এইচে কোয়ী যা তা হ্যে কিচিকো চোড় কে'। আন এটা গানত KK-ৰ উপৰি কণ্ঠ দিছিল ডমিনিক, চনু নিগম আৰু সুনিধি চৌহানে- যিটো গানৰ সুৰত ভূপেনদাই 'পীৰিতি পীৰিতি পীৰিতি...' বিহুনামৰ সুৰো প্ৰয়োগ কৰিছিল।

ভূপেন হাজৰিকাৰ সংগীত পৰিচালনাৰে কল্পনা লাজমিৰ প্ৰথমখন চিনেমা 'এক পল'ত ভূপিন্দৰৰ কণ্ঠত সম্পূৰ্ণ বিহুৰ সুৰত আছিল- 'ফুলে দানা দানা...', ভূপেন হাজৰিকাৰ সৈতে দ্বৈত কণ্ঠৰ গানটো আছিল- 'ঝড়া ধীৰে ঝড়া ধিমে লেইকে যেই হো দোলী...' আৰু 'আনেৱালী হ্যে বাহাৰ...'। ভূপিন্দৰে 'নয়নমণি' নামৰ অসমীয়া চিনেমাখনতো গান গাইছিল।

নিৰ্মলা মিশ্ৰক গান গোওৱা অসমৰ প্ৰথমগৰাকী সংগীতকাৰো ভূপেন হাজৰিকাই। প্ৰথম তিনিগৰাকীৰ মাজৰ দ্বিতীয়গৰাকী ৰমেন বৰুৱা আৰু তৃতীয়গৰাকী জয়ন্ত হাজৰিকা। ৰমেন বৰুৱাৰ সংগীতত ব্ৰজেন বৰুৱাৰ 'ডক্তৰ বেজবৰুৱা' (১৯৬৯) আৰু নিপ বৰুৱাৰ 'বৰুৱাৰ সংসাৰ' (১৯৭০) চিনেমা দুখনত প্লেবেক কৰিছিল নিৰ্মলা মিশ্ৰ‌ই। প্ৰথম চিনেমাখনৰ গান আজিও অসমীয়া চিনেমাৰ 'চুপাৰহিট' তালিকাত পৰে যদিও দ্বিতীয়খন চিনেমাৰ গানে বৰ এটা জনপ্ৰিয়তা নাপালে। আনহাতে অসমীয়া চিনেমাত তেওঁ সৰ্বাধিক গান গালে জয়ন্ত হাজৰিকাৰ সংগীতত আৰু তাৰ বেছিভাগ গানেই অতি সুখশ্ৰুত আৰু সমানেই লোকপ্ৰিয়। আন দুখনমান অসমীয়া চিনেমাতো নিৰ্মলা মিশ্ৰ‌ই গান গাইছিল।

পশ্চিম বংগৰ সংগীত জগতত 'পূজোর গান'ৰ গ্ৰামোফোন ৰেকৰ্ড ওলোৱাটো একোগৰাকী গায়ক-গায়িকাৰ বাবে এক বিশেষ স্বীকৃতি, লোকপ্ৰিয়তা আৰু গ্লেমাৰ‌। নিৰ্মলা মিশ্ৰৰ প্ৰথম 'পূজোর গান'ৰ সংগীত আছিল ভূপেন হাজৰিকাৰ। ১৯৬৩ চনৰ শাৰদীয় দুৰ্গা পূজাৰ বতৰত বজাৰলৈ অহা এই ৰেকৰ্ডখনত ভূপেন হাজৰিকাৰ সংগীতত নিৰ্মলা মিশ্ৰ‌ই গোৱা গান দুটা আছিল- 'সবুজ পাহাড় ডাকে আয়ৰে ছুটে আয়...' (সুৰটো ভূপেন হাজৰিকাৰ জনাদৃত অসমীয়া গান 'আজি জীৱন বুটলিবি হাঁহি হাঁহি আহ' গানটোৰ সুৰেই) আৰু আনটো আছিল- 'অ' কূল ভাংগে জল তরংগে...'। ভূপেন হাজৰিকাৰ সংগীতেৰে SaReGaMa-ই ২০১১ চনৰ ডিচেম্বৰত বজাৰলৈ উলিয়াই দিয়া Audio CD-ৰ বাংলা গানৰ 'মনে রেখো' ছিৰিজৰ Best of Bhupen Hazarika-ৰ তিনিকুৰি নিৰ্বাচিত গানৰ সংকলনটিতো এই দুটি গান সন্নিৱিষ্ট হৈছে।●

Photos from Bhupen Hazarika's post 02/07/2022

এটি মিনি গল্পঃ
"""""""""""""""""""""
■■■■■■ সা দৃ শ্য
● ড° ভূপেন হাজৰিকা

Videos (show all)

Website