BCFT mix

BCFT mix

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BCFT mix, Sports, .

26/01/2019

সমূহ দেশবাসীলৈ ৭০ সংখ্যক গণতন্ত্ৰ দিৱসৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

13/01/2019

দেউতাকে ল'ৰা দুটাক চাইন্স এক্সিবিচন দেখুৱাবলৈ আনিছে৷ টিকট কাটি ভিতৰলৈ সোমাবলৈ গেটত শাৰী পাতি থিয় হৈছে… … তেনেই সাধাৰণ কথা নহয়নে… ? হয় এনেয়ে কথাটো সাধাৰণেই৷ কিন্তু দেউতাকজন যদি ভাৰতীয় ক্ৰিকেটৰ এসময়ৰ তাৰকা "দি ৱাল" ৰাহুল দ্ৰাবিড় হয়… ? তেতিয়া? তেতিয়া চাগে সিমান সাধাৰণ হৈ নাথাকে কথাটো! আচলতে এইজন মানুহৰ এনেকুৱা কাহিনী বহুত৷ মানুজনেই তেনেকুৱা৷ একেবাৰে সহজ…সৰল, নম্ৰ; "মই ষ্টাৰ" ধৰনৰ ভাব-ভংগী তেওঁৰ কেতিয়াও নাছিলেই৷ খেলি থাকোতেও৷ অথচ তেওঁ আছিল ক্ৰিকেট ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ বেটচমেন সকলৰ এজন৷ তেৰ হাজাৰৰ ওপৰত টেষ্ট ৰান; দহ হাজাৰৰো বেছি ৱান ডে ৰান; আঠচল্লিশটা চেঞ্চুৰী … কম কথা নহয়!

যোৱা বছৰ বাংগালোৰ ইউনিভাৰ্চিটিয়ে ৰাহুল দ্ৰাবিড়ক অনৰেৰী ডক্টৰেট প্ৰদান কৰিব বিছাৰিছিল৷ পিছে দ্ৰাবিড়ে সেই ডিগ্রী লবলৈ অস্বীকাৰ কৰিলে৷ কিয় কৰিলে? ইউনিভাৰ্চিটিৰ প্ৰেছ বিজ্ঞপ্তিখনত লিখাখিনি পঢ়ক… "… Rahul Dravid .. has in all humility declined to accept the Hon. Degree. He has conveyed that he would try to earn a Doctorate Degree by accomplishing some form of academic research in the filed of sport rather than receiving an Honorary Degree" অনৰেৰী নলওঁ দিয়ক৷ পাৰোঁ যদি খেলৰ লগত জড়িত কিবা বিষয়ৰ ওপৰত ৰিচাৰ্চ কৰি নিজেই এটা ডক্টৰেট ডিগ্ৰী অৰ্জন কৰিবলৈ চেষ্টা কৰিম কেতিয়াবালৈ ৷ সেয়াই ৰাহুল দ্ৰাবিড়! অষ্ট্ৰেলিয়া দলৰ ফাষ্ট ব'লাৰ ব্ৰেট লিয়ে এনেয়ে কোৱা নাছিল: "If you can't get along with Dravid, you're struggling in life"

দ্ৰাবিড়ৰ বিষয়ে মোৰ ব্যক্তিগত ভাবে আটাইতকৈ ভাল লগা কথাটো হ'ল তেওঁৰ টিম স্পিৰিট৷ He was a complete team man .. the wolf who lived for the pack৷ টিমৰ স্বাৰ্থত অপেনিং, মিডল অৰ্ডাৰ… যিকোনো স্থানত বেটিং কৰিবলৈ সাজু দ্ৰাবিড়৷ বহুদিন ধৰি উইকেট কিপিংও কৰিছিল তেওঁ! এনেয়ে সিদ্ধুৰ কমেন্টৰী ভাল নাপাওঁ কিন্তু দ্ৰাবিড়ৰ বিষয়ে বৰ ধুনীয়া কথা এটা কৈছিল তেওঁ: "Rahul Dravid is a player who would walk on broken glass if his team asks him to"..

ষ্টিভ ৱৰ ভাষাৰেই কওঁ… "Dravid's remarkable career is proof that nice guys don't finish last"

ভাল লাগিলে শ্বেয়াৰ কৰিব ৷

15/11/2018

B-Badminton
C-Cricket
F-Football
T-Tennis

Website