AIUDF Gallery
Good Vibes Only
আচ্ছালামু আলাইকুম৷
ইয়াৰ দ্বাৰা সম্মান সহকাৰে আপোনালোকক জনাওঁ যে আজি ইং 18/06/2023 তাৰিখ, দেওবাৰে ডবকা এ জে চি মেম'ৰিয়েল হলত হোজাই, নগাঁও, মৰিগাঁও আৰু গুৱাহাটী চিটি যুৱ নদওয়াতুত্ তামিৰৰ কৰ্মী সম্মিলন অনুষ্ঠিত হ'ব ।
গতিকে উক্ত সম্মিলনত আপোনালোকৰ উপস্থিতি কামনা কৰা হৈছে।
স্থানঃ আব্দুল জলিল চৌধুৰী (ৰঃ) মেমৰিয়েল হল, ডবকা৷
কাৰ্যসূচীঃ দিনৰ 11 বজাৰ পৰা প্ৰতিনিধি সভা আৰু 3 বজাৰ পৰা মুকলি সভা
প্ৰধান অতিথিঃ-
শ্বেখ হজৰত মওঃ ইউচুফ আলী চাহাব৷
(আমীৰে শ্বৰীয়ত উত্তৰ পূব ভাৰত)
বিশিষ্ট অতিথিঃ হজৰত মওঃ আতাউৰ ৰহমান মাঝাৰভূঞা চাহাব৷
( সাধাৰণ সম্পাদক এমাৰতে শ্বৰয়ীয়াহ ও নদওয়াতুত তামীৰ, উত্তৰ পূব ভাৰত)
বিশিষ্ট অতিথিঃ চাহাবজাদায় ২য় আমীৰে শ্বৰীয়ত হজৰত মওঃ আবুল খয়েৰ মেহবুব বৰভুঞা চাহাব৷
( সম্পাদক, কেন্দ্ৰীয় নদওয়াতুত তামীৰ)
ZINDABAD
আজি ৮ মে ২০২৩ ইংৰাজী তাৰিখ সোমবাৰ
পূৱা ৯ বজাত বিন্নাকান্দি উন্নয়ন খন্ডৰ অধিনত ৬ নং চাংমাজী গাওঁ পঞ্চায়তৰ স্থায়ী কাৰ্যালয়ৰ কাষত হোজাই মহকুমাৰ APART আঁচনিৰ অধিনত ৰেংবেং এৰিয়া কৃষি উন্নয়ন বিষয়াৰ কাৰ্য্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰা হয়।
উক্ত আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে ৯০, যমুনামূখ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক আলহাজ চিৰাজুদ্দিন আজমল চাহাব তথা বিধায়ক মহোদয়ৰ ৰাজনৈতিক সচিব জোনাৱ আকবৰ আলী চাহাব,জিলা বিষয়া ৰঞ্জিত কুমাৰ মিশ্ৰ ভাগৱতী, সহকাৰী কাৰ্য্যকৰী অভিযন্তা মুকুট ডেকা, কৃষি উন্নয়ন বিষয়া অবিনাশ কলিতা আৰু চাংমাজী গাওঁ পঞ্চায়তৰ নিৰ্বাচিত সভানেত্ৰী মিনাক্ষী বাগলাৰী সকলৰ উপস্থিতিত বিধায়ক মহোদয়ৰ দ্বাৰা কৃষি ভৱনৰ আধাৰশিলা স্থাপন কৰা হয়।
আজি সোমবাৰ ০১/০৫/২০২৩ ইংৰাজী তাৰিখত পূৱা ১১ বজাত যমুনামূখ সমষ্টি (AIUDF) কমিটীৰ আহ্বানত এখন সভা অনুষ্ঠিত হয়। উল্লেখ থাকে যে যোৱা কালি হোজাই জিলা কমিটীৰ অনুষ্ঠিত সভাখনত লোৱা প্ৰস্তাৱ মৰ্মে আজিৰ এই সভাখন অতিকৈ গুৰুত্বপূৰ্ণ। সমষ্টি কমিটীৰ স্থায়ী সভাপতি আলহাজ আব্দুল মন্নান চাহাবৰ সভাপতিত্বত সভাখন আৰম্ভ হয়।দলৰ সাংগঠনিক পৰিকাঠামো তথা আগন্তুক পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে বিতং আলোচনাৰ অন্ততঃ সমষ্টি বিধায়ক উন্নয়ন পূজিঁ আঁচনি ৰূপায়ন সন্দৰ্ভত আৰু সমষ্টি বিধায়ক উন্নয়ন পূজিঁ আঁচনিৰ চলি থকা কামৰ অগ্ৰগতি সম্পৰ্কে বিতং আলোচনা কৰা হয় আৰু সমষ্টিৰ বিভিন্ন উন্নয়ন মূলক আচঁনি সমূহৰ বিশেষ আলোচনা কৰা হয়। লগতে সভাত উপস্থিত থাকে যমুনামূখ সমষ্টিৰ বিধায়ক মহোদয়ৰ ৰাজনৈতিক সচিব আকবৰ আলী চাহাবৰ মূল্যৱান পৰামৰ্শ আগবঢ়ায়। লগতে সমষ্টি কমিটীৰ গণ্য-মাণ্য ব্যক্তি তথা সভাত উপস্থিত দলীয় সক্ৰিয় কৰ্মী সকলৰ মূল্যৱান পৰামৰ্শৰ অন্ততঃ আজিৰ এই গুৰুত্বপূৰ্ণ সভাখনৰ মাধ্যমেদি দলৰ উজ্বল ভৱিষ্যত কামনা কৰা হয়।
আজি দেওবাৰ ৩০/০৪/২০২৩ ইংৰাজী তাৰিখত বিয়লি ১ বজাত হোজাই ( ৰাজনৈতিক ) জিলা কমিটীৰ আহ্বানত ( AIUDF ) সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ তিনি খন সমষ্টি ক্ৰমে যমুনামূখ, হোজাই,লামডিং সমষ্টিৰ দলৰ সাংগঠনিক কমিটি সমুহ তথা পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধি সকল আৰু পঞ্চায়ত কমিটীৰ দলীয় সভাপতি/ সাধাৰণ সম্পাদক সকল সভাত উপস্থিত হয় । সভাত দলৰ সাংগঠনিক পৰিকাঠামো তথা আগন্তুক পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে বিতং আলোচনা হয়।উক্ত সভাত তিনিখন সমষ্টিৰ বিভিন্ন উন্নয়ন মূলক আচঁনি সমূহৰ বিশেষ আলোচনা কৰা হয়। লগতে সভাত উপস্থিত থাকে যমুনামূখ সমষ্টিৰ বিধায়ক মহোদয়ৰ ৰাজনৈতিক সচিব আকবৰ আলি চাহাব আৰু হোজাই জিলা AIUDF কমিটীৰ সভাপতি হিলাল উদ্দিন আহমেদ সহ তিনিখন সমষ্টিৰ কমিটিৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।
ডবকা নাহৰ গাঁৱৰ হাজী আব্দুল মন্নান চাহাবৰ মৃত্যুত যমুনামুখ সমষ্টিবাসী বাৰুকৈয়ে শোকস্তব্ধ৷ তেখেত এগৰাকী সমাজকৰ্মী আৰু বিগত নব্বৈৰ দশকৰ সক্ৰিয় ৰাজনৈতিক কৰ্মী আছিল৷ সমাজৰ উন্নয়নৰ কাৰণে তেখেতে বহু কাম কৰিছিল৷ পৰম কৰুণাময়ে তেখেতক জান্নাতুল ফিৰদৌচ দান কৰক আৰু কঠিন সময়ত পৰিয়ালক ধৈৰ্য ধাৰণৰ সক্ষমতা দান কৰিবলৈ দোৱা প্ৰাৰ্থনা কৰিছে যমুনামুখ সমষ্টিৰ বিধায়ক চিৰাজ উদ্দিন আজমল চাহাবৰ লগতে তেখেতৰ ৰাজনৈতিক সচিব আকবৰ আলী ডাঙৰীয়াই৷
যোৱা দুদিন পূৰ্বে ধুমুহাত ক্ষতিগ্রস্ত হোৱা মাদাৰতলী মিকিৰ গাওঁ আৰু ডবকা পথাৰৰ কেইবাটাও পৰিয়ালৰ মাজত মৰ্কজুল মাৰিফৰ তৰফৰ পৰা তিৰ্পাল বিতৰণ কৰা হয়।
যোৱাকালি হোৱা ভয়ংকৰ ধুমুহাৰ ফলত ক্ষতিগ্রস্ত হোৱা সকলৰ ওচৰত আজি উপস্থিত হয় যমুনামুখ সমষ্টি কমিটিৰ এটি সজাতি দল। সজাতি দলটোৱে ক্ষতিগ্রস্তৰ খবৰ লয়।
AAWW, EID MUBARAK 🫂
সমূহ অসমবাসী তথা যমুনামুখ সমষ্টিবাসী ৰাইজলৈ ঈদৰ শুভেচ্ছা জনালে বিধায়ক ছিৰাজ উদ্দিন আজমল ডাঙৰীয়াই৷
আজি ৰাতিপুৱা ৭:৫২ মিনিটত আমাৰ চাংমাজি GP ৰ ৮ নং ৱাৰ্ডৰ AIUDF সভাপতি মইন উদ্দিন লস্কৰ চাহাবৰ ইন্তেকাল হয়।
ইন্না লিল্লাহি ৱা ইণ্ণা ইলাইহি ৰাজিউন ,
তেখেতৰ জানাজাৰ নামাজ আজি দিনৰ ১:৪০মিনিটত নিজ কবৰস্থানত আদাই কৰা হয়।
তেখেতৰ জানাজাৰ নামাজত যমুনামুখ সমষ্টিৰ বিধায়কৰ ৰাজনৈতিক সচিব আকবৰ আলী ডাঙৰীয়া উপস্থিত থাকি শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷
আমাৰ যমুনামুখ সমষ্টিৰ সন্মানীয় বিধায়ক আলহাজ ছিৰাজ উদ্দিন আজমল চাহাবে উমৰাহ হজ্ব কৰাৰ সময়ত লোৱা এক দৃশ্য।
আমাৰ যমুনামুখ সমষ্টিৰ সন্মানীয় বিধায়ক আলহাজ ছিৰাজ উদ্দিন আজমল চাহাব বৰ্তমান উমৰাহ হজ্বত গৈছে। তেখেতে আপোনালোক সকলোকে চালাম জনাইছে লগতে তেওঁ আপোনালেকৰ পৰা দোৱাৰ আবেদন জনাইছে। আপোনালোক সকলোৱে তেখেতৰ বাবে দোৱা কৰিব।
AIUDF দলৰ বিলাসীপাৰা জিলা ছাত্ৰ মৰ্চাৰ সভাপতি Mohammad Abu Hanif ড়াঙৰীয়া আজি বাইক দূৰ্ঘটনাত পতিত হয়।তেখেত বৰ্তমান LOWER ASSAM চিকিৎসালয়ত আছে।
সকলোৱে তেখেতৰ বাবে দোৱা কৰিব।
আজি Akasiganga GP ৰ কেবাটাও আঁচনিৰ পৰিদৰ্শন কৰা হয় লগতে যোৱা কেইদিনমান আগতে বনৰীয়া হাতীয়ে হত্যা কৰা ইদ্ৰীচ আলীৰ চাহাবৰ ঘৰত বিধায়ক মহোদয়ৰ ৰাজনৈতিক সচিব আকবৰ আলী চাহাব ও যমুনামূখ সমষ্টিৰ সমষ্টি কমিটিৰ প্ৰতিনিধি দল উপস্থিত হৈ মৃত পৰিয়ালৰ খবৰ লয়।
সাংসদ মৌলানা বদৰ উদ্দিন আজমল চাহাবৰ বিৰুদ্ধে অশালীন মন্তব্য কৰা দুলু আহদৰ বিৰুদ্ধে AIUDF দলৰ যমুনামূখ সমষ্টিৰ যুব মৰ্চাই আজি ডবকা, যমুনামুখ আৰু মোৰাঝাৰ থানাত পৃথকে পৃথকে গোচৰ ৰুজো কৰে।
যমুনামুখৰ বিধায়ক ছিৰাজুদ্দিন আজমল চাহাবে সমষ্টিত জল-জীৱন আঁচনিৰ অধীনত কেইবা কোটিটকীয়া পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰে ।
যমুনামুখৰ বিধায়ক ছিৰাজুদ্দিন আজমল চাহাবে আজি তৃতীয় দিনাৰ কাৰ্যসূচীত এৰা কপিলী, চিকামাৰী আৰু যমুনামুখৰ তিনিটাকৈ পানি যোগান আচঁনিৰ কামৰ শুভাৰম্ভ কৰাৰ লগতে চিকামাৰী পৰা যমুনামুখ বজাৰ, যমুনামুখ সৰুপথাৰ ৰোডৰ পৰা কলিয়া ধামান থান আৰু কান্দুলিমাৰি পৰা পটিয়া পথাৰ ৰাস্তাৰ কেবা কোটি টকিয়া কামৰ আধাৰশিলা উদ্বোধন কৰে বিধায়ক ছিৰাজুদ্দিন আজমল চাহাবে।এই পিছ পৰি থকা অঞ্চল সমূহত আচঁনি সমূহ আৰম্ভ কৰাত উক্ত অঞ্চল সমূহৰ ৰাইজ সচাঁকৈয়ে বহুত উপকৃত হব।
আজিৰ এই কাৰ্য্যসূচীত বিধায়কৰ ৰাজনৈতিক সচিব আকবৰ আলী চাহাবৰ লগতে তেওঁৰ যমুনামুখ সমষ্টিৰ সমষ্টি কমিটি সদস্য সকল আৰু কৰ্মী সমৰ্থক সহ কামৰ ঠিকা লাভ কৰা ঠিকাদাৰ সহ বিভাগীয় বিষয়া সকল উপস্থিত থাকে।
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Telephone
Address
Dabaka
782445