Ellora Vigyan Mancha

Ellora Vigyan Mancha

Ellora Vigyan Mancha is a non-profitmaking, NGO established in May 2004 in Assam to spread scientific temper and awareness related to organ and body donation.

To know more, please visit our website or search us on Wikipedia.

Photos from Ellora Vigyan Mancha's post 16/09/2024

শিৱসাগৰ জিলা ইলোৰা বিজ্ঞান মঞ্চৰ সহযোগত শিৱসাগৰ নগৰৰ মিলন মন্দিৰৰ সভাগৃহত অনুষ্ঠিত হোৱা ইলোেৰা বিজ্ঞান মঞ্চৰ দুদিনীয়া ৰাজ্যিক পৰিষদৰ সভা কালি সামৰণি পৰে। প্ৰথম দিনা পুৱা পতাকা উত্তোলন কৰে আয়োজক সমিতিৰ সভাপতি তথা শিক্ষাবিদ ভৰত চেতিয়াই। ইয়াৰ পিছত সাহিত্যিক সোণাৰাম বৰুৱাই উদ্বোধন কৰা বিশিষ্ট বিজ্ঞানীসকলৰ সৈতে ছাত্ৰ-ছাত্ৰীৰ মুখামুখি অনুষ্ঠানটি সঞ্চালনা কৰে ইলোৰা বিজ্ঞান মঞ্চৰ কাৰ্যকৰী সভাপতি তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° জয়দেৱ শৰ্মাই। অনুষ্ঠানত শিৱসাগৰৰ বহুকেইখন শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰে। বিশিষ্ট বিজ্ঞানীসকলে ছাত্র-ছাত্রীসকলক বিজ্ঞান‌আৰু অন্ধবিশ্বাস সম্পৰ্কীয় বিভিন্ন প্রশ্নৰ সমিধান দিয়ে। আনহাতে, বিয়লি‌ কিৰণ শংকৰ আৰু সুধালতা ভূঞা সোঁৱৰণী মঞ্চত ড° জয়দেৱ শৰ্মাই‌ পৰিচালনা কৰা মুকলি সভাত অৰণ্য মানৱ পদ্মশ্রী যাদৱ পায়েং আৰু সর্পদংশনৰ বিশেষজ্ঞ ডাঃ সুৰজিত গিৰিক সম্বর্ধনা জনায়।
অসমৰ জিলাসমূহৰ প্ৰতিনিধিসকলে কর্মক্ষেত্রত আগবাঢ়ি যাওঁতে সম্মুখীন হোৱা অভাৱ-অভিযোগসমূহ সভাত উপস্থাপন কৰে। সভাত দেহদান‌ প্ৰক্ৰিয়া সহজ কৰাৰ লগতে প্রয়োজনীয় ব্যয় চৰকাৰে বহন, অসমত মৰণোত্তৰ অংগদান, অংগ প্রতিষ্ঠাপন, টিচ্যুবেংকৰ সুবিধা উপলব্ধ, পৰিৱেশ সংৰক্ষণ আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত হ'ব পৰা দুৰ্যোগৰ উপশম, সাংস্কৃতিক মঞ্চ‌ গঠন, বিজ্ঞানভিত্তিক শিশু আলোচনী প্ৰকাশ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

Photos from Ellora Vigyan Mancha's post 20/08/2024

'ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস' পালন

যুক্তিবাদী তথা অন্ধ বিশ্বাস বিৰোধী আন্দোলনৰ অগ্ৰণী কৰ্মী ডাঃ নৰেন্দ্ৰ ডাভোলকাৰক ২০১৩চনৰ আজিৰ দিনটোতে প্ৰতিক্ৰিয়াশীল দুষ্কৃতিকাৰীয়ে গুলিয়াই নিহত কৰিছিল। সদৌ ভাৰত জনবিজ্ঞান নেটৱৰ্ক (All India People's Science Network) ৰ উদ্যোগত কু-সংস্কাৰ, অন্ধ বিশ্বাস, সকলো ধৰণৰ সাম্প্ৰদায়িকতা - ধৰ্মীয় উন্মাদনাৰ বিৰুদ্ধে জীৱন আহুতি দিয়া ডাঃ ডাভোলকাৰ নিহত হোৱাৰ দিনটোক 'ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস' হিচাপে পালন কৰি আহিছে। ডাভোলকাৰে দলিত আৰু অস্পৃশ্যসকলৰ সম-অধিকাৰৰ দাবী তুলি ভাৰতৰ কু-সংস্কাৰ, বৰ্ণ ব্যৱস্থা আৰু বৰ্ণ হিংসাৰ বিৰুদ্ধে গণ আন্দোলন গঢ়ি তুলিছিল।'ইলোৰা বিজ্ঞান মঞ্চ', জ্ঞান বিজ্ঞান সমিতি আৰু যুক্তি বিকাশ সমিতি, অসমৰ উদ্যোগত অসমৰ বিভিন্ন স্থানত আজি 'ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস' ৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

সমাজহিতৈষী উৎপল বেজবৰুৱাৰ জীৱনাৱসান : গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দেহদান সম্পন্ন - Ellora Vigyan Mancha 11/08/2024

প্ৰেছ বিজ্ঞপ্তি :
গুৱাহাটী : ১১ আগষ্ট, ২০২৪
*****

সমাজহিতৈষী উৎপল বেজবৰুৱাৰ জীৱনাৱসান : গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দেহদান সম্পন্ন
******
ইলোৰা বিজ্ঞান মঞ্চৰ শোক আৰু শ্ৰদ্ধাঞ্জলি
*****
অসমৰ জনবিজ্ঞান আন্দোলনৰ আগশাৰীৰ নেতা, জ্ঞান বিজ্ঞান সমিতি, অসম আৰু ইলোৰা বিজ্ঞান মঞ্চৰ নিষ্ঠাবান কৰ্মী তথা সংগঠক, উত্তৰ গুৱাহাটীৰ স্থায়ী বাসিন্দাৰ লগতে মঙলদৈ চহৰৰো বিশিষ্ট নাগৰিক উৎপল বেজবৰুৱাৰ (৭৯ বছৰ) আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জীৱনাৱসান হয়। প্ৰেচাৰ ষ্ট্ৰোক হৈ আজি প্ৰায় দুমাহ ধৰি উত্তৰ গুৱাহাটীৰ নাৰায়ণী হস্পিতালত চিকিৎসাধীন হৈ অৱশেষত জিএমচিএইছত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। বেজবৰুৱাৰ শেষ ইচ্ছা অনুসৰি চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ বাবে আজি তেখেতৰ মৰণোত্তৰ দেহ জিএমচিএইছৰ এনাটমী বিভাগত দান কৰা হয়। তেখেতে পত্নী তথা ছিপাঝাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° মোহিনী গোস্বামী সহ আত্মীয়-স্বজন আৰু বহু গুণমুগ্ধক এৰি গৈছে। ইলোৰা বিজ্ঞান মঞ্চই উৎপল বেজবৰুৱাৰ বিয়োগত শোক প্ৰকাশ কৰাৰ লগতে বিজ্ঞানমনস্ক তথা জনশিক্ষা আৰু জনবিজ্ঞান আন্দোলনৰ একনিষ্ঠ পূজাৰী গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰিছে আৰু শোকবিহ্বল পৰিয়ালটোক জনাইছে সমবেদনা।

উত্তৰ গুৱাহাটীৰ একালৰ প্ৰসিদ্ধ সাহিত্যিক নাৰায়ণ বেজবৰুৱাৰ জ্যেষ্ঠ পুত্ৰ তথা অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ উৎপল বেজবৰুৱা আছিল একাধাৰে শিল্পী, কবি , আবৃত্তিকাৰ, তাৰ্কিক, গীতিকাৰ, সুৰকাৰ, নাট পৰিচালক, নাট্যকাৰ, বিভিন্ন সামাজিক-সাংস্কৃতিক-ক্ৰীড়া অনুষ্ঠানৰ গুৰি ধৰোঁতা এগৰাকী সমাজহিতৈষী ব্যক্তি। সত্তৰৰ দশকতে উত্তৰ গুৱাহাটী সাঁতোৰ সংস্থা, ক্ৰীড়া সংস্থা, টেবল টেনিছ প্ৰশিক্ষণ কেন্দ্ৰ আদি তেখেতেই প্ৰতিষ্ঠা কৰিছিল।

মানৱতাবাদী আৰু বিজ্ঞানমনস্ক উৎপল বেজবৰুৱাই ইলোৰা বিজ্ঞান মঞ্চৰ সৈতে সক্ৰিয়ভাৱে যুক্ত হৈ মঞ্চৰ মঙলদৈ শাখাৰ সভাপতিৰ দায়িত্বও বহন কৰিছিল। জ্ঞান বিজ্ঞান সমিতি অসম আৰু অসম বিজ্ঞান সমিতিৰ লগতো তেখেত যুক্ত আছিল। চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধন আৰু মানৱ কল্যাণৰ হকে ২০২০ চনতে মৰণোত্তৰ নেত্ৰদান-দেহদানৰ শেষ ইচ্ছা-পত্ৰত তেখেতে স্বাক্ষৰ কৰি ৰাখিছিল। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ হৈ উৎপল বেজবৰুৱাৰ দেহ মৰ্যাদা সহকাৰে গ্ৰহণ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এনাটমি বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ সত্যজিত মিত্রই। চমু ভাষণত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডাঃ জয়দেব শৰ্মাই মানৱতাবাদী ব্যক্তিগৰাকীৰ মহান দানৰ শলাগ লয়। আজি বন্ধৰ দিন হোৱা সত্ত্বেও অনুষ্ঠানত উপস্থিত থাকে এনাটমী বিভাগৰ অধ্যাপক, অধ্যাপিকা সহ কেইবাগৰাকীও শিক্ষক-কৰ্মচাৰী আৰু ছাত্র-ছাত্রীসকল। মৰণোত্তৰ দেহদান অনুষ্ঠান পৰিচালনা কৰি ইলোৰা বিজ্ঞান মঞ্চৰ সাধাৰণ সম্পাদক কমলেশ গুপ্তই বেজবৰুৱাৰ বৈজ্ঞানিক মানসিকতাৰ ভূয়সী প্ৰশংসা কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত প্ৰয়াত উৎপল বেজবৰুৱাৰ ভাতৃ অনুপম বেজবৰুৱা, ভাগিন জোঁৱাই তথা কামৰূপ (মহানগৰ) জিলাৰ এডিচি বিশ্বজিৎ শইকীয়াকে ধৰি ভালেসংখ্যক আত্মীয়-স্বজন আৰু বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি বিজ্ঞানমনস্ক আৰু মানৱহিতৈষী সমাজকৰ্মী গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

সমাজহিতৈষী উৎপল বেজবৰুৱাৰ জীৱনাৱসান : গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দেহদান সম্পন্ন - Ellora Vigyan Mancha অসমৰ জনবিজ্ঞান আন্দোলনৰ আগশাৰীৰ নেতা, জ্ঞান বিজ্ঞান সমিতি, অসম আৰু ইলোৰা বিজ্ঞান মঞ্চৰ নিষ্ঠাবান কৰ্মী তথা সংগঠক...

Photos from Ellora Vigyan Mancha's post 28/07/2024

যোৰহাটত ইলোৰা বিজ্ঞান মঞ্চৰ সাধাৰণ সভা সম্পন্ন: সমাজত জনবিজ্ঞান আন্দোলন জোৰদাৰ কৰাৰ আহ্বান

আজি ইলোৰা বিজ্ঞান মঞ্চৰ যোৰহাট শাখাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সভাখনত ইলোৰা বিজ্ঞান মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক কমলেশ গুপ্ত, যুটীয়া সম্পাদক মনোজ ৰয় আৰু ড: ৰঞ্জিত চৌধুৰী উপস্থিত থাকে। AIPSN(All India Peoples Science Network) ৰ অন্যতম অংশীদাৰ সংগঠন চি আৰ ইউ ৰ যোৰহাট জিলাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই সভাখন পৰিচালনা কৰে নিৰ্মল চন্দ্ৰ গগৈ, ৰুণু তামূলী বৰা আৰু ড: মৃণাল কুমাৰ দত্তই। সভাখনত ইলোৰা বিজ্ঞান মঞ্চৰ যোৰহাট শাখাৰ সম্পাদক ঋতুপৰ্ণ গোস্বামীয়ে উদ্দেশ্য ব্যাখ্যা কৰি কয় যে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী আন্দোলন তথা জনবিজ্ঞান আন্দোলন যোৰহাট জিলা তথা ইয়াৰ আশে-পাশে থকা অঞ্চলত সম্প্ৰসাৰণ আৰু জোৰদাৰ কৰাৰ বাবেই এই সভাৰ আহ্বান কৰা হৈছে। আগন্তুক ২০ আগষ্ট তাৰিখে অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস তথা ছেপ্টেম্বৰ মাহত শিৱসাগৰ জিলাত হ'বলগীয়া সাধাৰণ পৰিষদৰ সভাৰ বৈঠকৰ বিষয়ে আজিৰ সভাত আলোচনা কৰা হয়। যোৰহাট জিলাৰ গিবন অভয়াৰণ্যৰ জীৱ-জন্তুলৈ ৰেল লাইনৰ বৈদ্যুতিকৰণে মাতি অনা ভাবুকিৰ বিষয়ে আজিৰ সভাত বহল ভাৱে আলোচনা কৰা হয়। এই সভাত যোৰহাট জিলাৰ বহুকেইজন বিজ্ঞানী, বহুকেইজন অধ্যাপক তথা জনবিজ্ঞান আন্দোলনৰ সক্ৰিয় কৰ্মী উপস্থিত থাকি তেওঁলোকৰ গঠনমূলক আৰু ইতিবাচক দিহা-পৰামৰ্শৰ মাজেৰে সভাখন সফল কৰি তোলে। আগন্তুক কাম - কাজ দ্ৰুতগতিত চলাই নিবলৈ আজিৰ সভাৰ মাজেৰে এখন কাৰ্যকৰী সমিতি গঠন কৰা হয়।

Photos from Ellora Vigyan Mancha's post 09/07/2024

Ellora Vigyan Mancha's Science Exhibition Concludes Successfully at IIT Guwahati

*Scientists Exhort Young Students to Develop Scientific Temper*
*****

The two-day State Level Science Model Exhibition, organised by Ellora Vigyan Mancha (EVM) on 6-7 July at IIT Guwahati, concluded with resounding success. A total of 71 teams, comprising 142 child scientists from 19 districts of Assam, participated in the exhibition, accompanied by their guides and parents. The teams were selected from district-level exhibitions held in June 2024, as part of EVM's programmes to mark its 20th Foundation Anniversary. Generally, four teams were selected from each participating district, with the Directorate of Secondary Education, Assam, extending full cooperation in holding the exhibitions.

The primary objective of the exhibition was to search for, encourage, and inspire child scientists with innovative ideas, sparking a passion for knowledge and igniting a fire of curiosity and inquiry in their minds. The inaugural function, held at IIT's Conference Centre, was chaired by the renowned scientist Dr. Joyanti Chutia and inaugurated by Dr. Arup Kumar Misra, Chairman of the State Pollution Control Board, Assam. The session was addressed by Prof. Anupam Saikia of IIT Guwahati, Dr. Jaideep Baruah, Director, ASTEC, and Manoj Roy of EVM, among others. The speakers inspired the students to develop a scientific temper and channel their energy into innovative and humanitarian pursuits.

A "Songs and Science" workshop was held in the evening of 6 July, conducted by Prof. Arup Kumar Sarma of IIT Guwahati, who brilliantly explained the relationship between science and songs. The concluding day featured a session on "Meet the Scientists: Scientific Temper and Future World", chaired by Dr. Paban Kumar Saharia, Retired Professor and Head of the Physics Department, Cotton University. Students interacted with celebrated scientists, including Dr. Anupam Saikia, Ophthalmologist Dr. Harsha Bhattacharya, Dr. Kali Prasad Sarma, Dr. Joydev Sarma, President and Working President of EVM, respectively, Retired Prof. of GU Dr. Mohan Chandra Kalita, Dr. Anup Das, and Retired Associate Professor Tapan Kumar Sarma.

Each student received a Certificate of Participation and Appreciation along with a memento. Ellora Vigyan Mancha expressed gratitude to IIT Guwahati, Pollution Control Board, Assam, ONGC, ASTEC, SBI, Sadin-Pratidin Gusthi, SBI-Life, and many other organisations for their guidance and support.
*****

Photos from Ellora Vigyan Mancha's post 08/07/2024

আই আই টিত বিজ্ঞান আৰ্হি প্ৰদৰ্শনীৰ সামৰণি
********
ইলোৰা বিজ্ঞান মঞ্চৰ ২০ সংখ্যক প্ৰতিষ্ঠা বাৰ্ষিকী উপলক্ষে অন্যান্য কাৰ্যসূচীৰ লগতে চলিত জুন মাহৰ পৰা বিজ্ঞান মঞ্চই স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সৃষ্টিশীল প্ৰতিভা তথা বৈজ্ঞানিক উদ্ভাৱনী শক্তি বিকাশৰ লক্ষ্যৰে অসমৰ প্ৰায় সকলোবোৰ জিলাত বিজ্ঞান আৰ্হিৰ প্ৰদৰ্শনীৰ আয়োজন কৰিছে। জিলা পৰ্যাৰৰ প্ৰদৰ্শনী সমূহৰ পৰা উৎকৃষ্ট মানৰ সৃষ্টিশীল আৰ্হিসমূহ বাছনি কৰি সেই আৰ্হিসমূহ ৬জুলাই তাৰিখে আই আই টি, গুৱাহাটীৰ কনফাৰেন্স চেন্টাৰত প্ৰদৰ্শন কৰা হয় । এই প্ৰদৰ্শনীৰ অসমৰ বিভিন্ন জিলাৰ ১৬০ গৰাকী শিশু বিজ্ঞানী আৰু ৬০ গৰাকী শিক্ষক-অভিভাৱকে অংশগ্ৰহণ কৰে। প্ৰতিখন জিলাই দুটা শাখাৰ দুটাকৈ দল ৰাজ্যিক ভিত্তিত অনুষ্ঠিত প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে। বিজ্ঞানীসকলৰ বাবে আই আই টি, গুৱাহাটীত থকা খোৱাৰ ব্যবস্থা কৰা হৈছে।এই প্ৰদৰ্শনীৰ মূল উদ্দেশ্য হ'ল ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান-প্ৰযুক্তি, আৰু পৰিৱেশ সংক্ৰান্ত উদ্ভাৱনী প্ৰতিভাক প্ৰোৎসাহিত কৰা। উল্লেখযোগ্য যে ৰাজ্যৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ পক্ষৰ পৰাও প্ৰস্তাৱিত বিজ্ঞান আৰ্হিৰ প্ৰদৰ্শনীৰ প্ৰতি সহযোগিতা আগবঢ়াইছে।

৬জুলাইৰ পুৱা ১১বজাৰ লগে লগে আইআইটি-গুৱাহাটী প্ৰেক্ষাগৃহত প্ৰস্তুতি সমিতিৰ সভাপতি ডঃ জয়ন্তী চুতীয়াৰ সভাপতিত্বত উদ্বোধনী সভা আৰম্ভ হয়। প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড, অসমৰ অধ্যক্ষ অসমৰ সঞ্চালক ডঃ অৰূপ মিশ্ৰই প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰি দিয়া ভাষণত প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালামৰ লগত সান্নিধ্য ৰ কথা সোঁৱৰন কৰি ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞান আৰু বিজ্ঞানমনস্কতাৰ সম্পৰ্কত সাৱলীল বক্তৃতা প্ৰদান কৰে। ইয়াৰ আগতে ডঃ জয়ন্তী চুতীয়াই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ ছাত্ৰী, শিক্ষক-অভিভাৱক আৰু অভিভাৱকসকলক উদ্দেশ্যি অভিনন্দনসূচক বক্তব্য প্ৰদান কৰে। আই আই টি, গুৱাহাটীৰ ডিন (আউটৰিচ) অধ্যাপক অনুপম শইকীয়াই বিজ্ঞান আৰ্হি প্ৰতিযোগিতাৰ আয়োজন কৰা বাবে ইলোৰা বিজ্ঞান মঞ্চক প্ৰশংসা কৰে আৰু ভৱিষ্যতেও বিজ্ঞান মঞ্চই বিজ্ঞানমনস্কতাৰ প্ৰসাৰৰ বাবে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে।অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিষদৰ সঞ্চালক ডঃ জয়দীপ বৰুৱাই নতুন প্ৰজন্মৰ মাজত বৈজ্ঞানিক মানসিকতাক আগুৱাই নিয়াত ইলোৰা বিজ্ঞান মঞ্চৰ ভূমিকাৰ শলাগ লয়।

৭ জুলাইৰ দিনা জনপ্ৰিয় বক্তৃতা অনুষ্ঠান সঞ্চালনা কৰে কটন কলেজৰ অৱসৰী অধ্যাপক পৱন চন্দ্ৰ চহৰীয়াই। বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে আই আই টিৰ ডিন অনুপম শইকীয়া, চকু বিশেষজ্ঞ ডাঃ হৰ্ষ ভট্ট, আই আই টিৰ অধ্যাপক ডঃ অৰূপ শৰ্মা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডাঃ জয়দেব শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ মোহন চন্দ্ৰ কলিতা আৰু প্ৰফেছাৰ তপন চন্দ্ৰ শৰ্মাই অংশগ্ৰহণ কৰে।
ইয়াৰ পিছত ছাত্ৰছাত্ৰীৰ লগত মতবিনিময় কাৰ্যসূচী অতি আকৰ্ষণীয় হৈ উঠে আৰু উপস্থিত থকা বিশিষ্ট বিজ্ঞানীসকলে প্ৰায় দেৰকুৰি ছাত্ৰ ছাত্ৰীৰ প্ৰশ্নৰ উত্তৰ দিয়ে আৰু দুই বজাৰ লগে লগে দুদিনীয়া বিজ্ঞান আৰ্হি প্ৰদৰ্শনীৰ সফল সামৰণি পৰে।

শলাগৰ শৰাই আগবঢ়ায় বিজ্ঞান মঞ্চৰ যুটীয়া সম্পাদক মনোজ ৰায়ে। তেওঁ প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক জয়ন্ত বৰুৱা, গুৱাহাটী আই আই টি কতৃপক্ষ, ভাৰতীয় ষ্টেট বেংক, এছ বি আই লাইফ, অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিষদ, প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে ইলোৰা বিজ্ঞান মঞ্চৰ হৈ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে।

অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিপৰীতে ৰাজ্যত বৈজ্ঞানিক মানসিকতা প্ৰসাৰৰ আন্দোলনত সমাজৰ বিভিন্ন অংশৰ পৰা মঞ্চই পাইছে অভূতপূৰ্ব সঁহাৰি। সেয়ে বিজ্ঞান মঞ্চৰ কাম-কাজ ক্ৰমাৎ বৃদ্ধি পাইছে, লগে লগে মঞ্চৰ সাংগঠনিক ভিত্তিও শক্তিশালী হৈছে। অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ বাবে ইলোৰা বিজ্ঞান মঞ্চই সকলো অংশৰ ৰাইজৰ প্ৰতি আহ্বান জনাইছে।

Photos from Ellora Vigyan Mancha's post 08/07/2024

সামৰণি অনুষ্ঠানৰ প্ৰকাশিত বাতৰি।

Photos from Ellora Vigyan Mancha's post 06/07/2024

ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত আই আই টি গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শনী অনুষ্ঠানৰ প্ৰথম দিন।

05/07/2024

কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব ৰাজ্যিক পৰ্য্যায়ৰ বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শনী।
স্থান : আইআইটি, গুৱাহাটী।

05/07/2024

State level Science exhibition organised by Ellora Vigyan Mancha.
6-7 July,2024
IIT, Guwahati

04/07/2024

ৰাজ্যিক পৰ্য্যায়ৰ বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শনীলৈ নিমন্ত্রণ।
তাৰিখ : ৬-৭ জুলাই, ২০২৪
স্থান : আই আই টি, গুৱাহাটী

Photos from Ellora Vigyan Mancha's post 01/07/2024

ইলোৰা বিজ্ঞান মঞ্চৰ ডিব্ৰুগড়, নলবাৰী, আৰু গোৱালপাৰা শাখাৰ উদ্যোগত হোৱা বিজ্ঞান প্ৰদৰ্শনীৰ কিছু দৃশ্য।

Photos from Ellora Vigyan Mancha's post 30/06/2024

কালি ইলোৰা বিজ্ঞান মঞ্চৰ তিনিচুকীয়া আৰু দক্ষিণ কামৰূপ শাখাৰ উদ্যোগত হোৱা বিজ্ঞান প্ৰদৰ্শনীৰ কিছু দৃশ্য।

30/06/2024

অহা ৬-৭ জুলাই, ২০২৪ তাৰিখে আইআইটি, গুৱাহাটীত অনুষ্ঠিত হবলগীয়া ৰাজ্যিক বিজ্ঞান প্ৰদৰ্শনীলৈ ইচ্ছুক ব্যক্তিক নিমন্ত্ৰণ জনালোঁ।

Photos from Ellora Vigyan Mancha's post 29/06/2024

কামৰুপ মহানগৰ জিলা ভিত্তিক বিজ্ঞান প্ৰদৰ্শনী সম্পন্ন
*****
সমাজত বিজ্ঞানমানসিকতা প্ৰসাৰত ব্ৰতী অগ্ৰণী অনুষ্ঠান ইলোৰা বিজ্ঞান মঞ্চৰ দুই দশক পূৰ্তি উপলক্ষে আয়োজিত ৰাজ্যিক পৰ্যায়ৰ আন্তঃবিদ্যালয় বিজ্ঞান-ভিত্তিক সমাজহিতকৰ আৰু প্ৰয়োগযোগ্য উদ্ভাৱনীমূলক "বিজ্ঞান আৰ্হি প্ৰদৰ্শনী”ৰ অংশ হিচাপে কামৰুপ মহানগৰ জিলা ভিত্তিক বিজ্ঞান প্ৰদৰ্শনী আজি উলুবাৰী উচ্চত্তৰ মাধ্যমিক বিদ্যালয়ত সম্পন্ন হয়। ৮৬ টি বিদ্যালয়ৰ মুঠ ১৪১ টা দলে ভাগ লোৱা বিজ্ঞান প্ৰদৰ্শনীৰ প্ৰ্ধান অতিথি হিচাপে উপস্থিত থাকে কামৰুপ মহানগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা অসম চৰকাৰৰ উচ্চত্তৰ শিক্ষা সঞ্চালকালয়ৰ উপ-সঞ্চালিকা শ্ৰীমতি দীপিকা চৌধুৰী। তেখেতৰ চমু ভাষনত ছাত্ৰ-ছাত্ৰী সকলক উদ্বুদ্ধ কৰাৰ লগতে আৰ্হি সমূহ পৰিদৰ্শন কৰি উৎসাহ যোগায়। প্ৰদৰ্শনীৰ পৰ্য্যবেক্ষক হিচাপে উপস্থিত থাকে তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ কিশোৰ দাস, কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ ৰিতুৰাজ কলিতা, পান্ডু মহাবিদ্যালয়ৰ অধ্যাপক ড০ মনোজ শৰ্মা, কৃষি বিজ্ঞানী ড০ মৃণাল বৰ্মন, অধ্যাপক ড০ বাসুদেব দাস আৰু শ্ৰী জগন্নাথ দাস। শেষত উলুবাৰী উচ্চত্তৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা শ্ৰীমতি নীলাক্ষি গগৈয়ে পৰিচালনা কৰা বক্তৃতা অনুষ্ঠানত জ্ঞান-বিজ্ঞান সমিতি অসমৰ সভাপতি তপন কুমাৰ শৰ্মাই শিশু আৰু বিজ্ঞান শিক্ষা শীৰ্ষক আলোচনা আগবঢ়ায়। সভাত ইলোৰা বিজ্ঞান মঞ্চৰ যুটীয়া সম্পাদক অনুপ ৰায়চৌধুৰী, পান্ডু মালিগাও শাখা সভাপতি ভূপেন কলিতা চমু ভাষন প্ৰদান কৰে। সমীক্ষণৰ যুটীয়া সম্পাদিকা পূৰবী শইকিয়াই শলাগৰ শৰাই আগবঢ়ায়। আজি অনুষ্ঠিত জিলা ভিত্তিক বিজ্ঞান প্ৰদৰ্শনীৰ ভিত্তিত ৫ টা দল অহা ৬-৭ জুলাই ২০২৪ তাৰিখে আই আই টি গুৱাহাটী ত অনুষ্ঠিত হ’ব লগা ৰাজ্যিক পৰ্যায়ৰ বিজ্ঞান প্ৰদৰ্শনীৰ বাবে নিৰ্বাচন কৰা হয় ।
****

Photos from Ellora Vigyan Mancha's post 29/06/2024

কালি নগাঁওত অনুষ্ঠিত হোৱা জিলা ভিত্তিক বিজ্ঞান প্ৰদৰ্শনীৰ কিছু দৃশ্য।

26/06/2024

নমস্কাৰ গ্ৰহণ কৰিব।

বৈজ্ঞানিক মানসিকতা প্ৰসাৰত ব্ৰতী স্বেচ্ছাসেৱী অনুষ্ঠান 'ইলোৰা বিজ্ঞান মঞ্চ'ই প্ৰতিষ্ঠাৰ কুৰি বছৰ সম্পূৰ্ণ কৰিছে। এই উপলক্ষে অন্যান্য কৰ্মসূচীৰ উপৰি মঞ্চই মে' মাহৰ পৰা জুন মাহলৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টিশীল প্রতিভা তথা বৈজ্ঞানিক উদ্ভাৱনী শক্তি বিকাশৰ লক্ষ্যৰে জিলাসমূহত বিজ্ঞান আৰ্হি প্রদর্শনীৰ আয়োজন কৰিছে। জিলাস্তৰৰ উন্নত মানৰ আৰ্হিসমূহ জিলাৰ পৰা বাছনি কৰি অহা ৬ আৰু ৭ জুলাই তাৰিখে গুৱাহাটীৰ আই আই টি-ৰ সহযোগিতাত সেই প্ৰতিষ্ঠানৰ চৌহদতে ৰাজ্যিক পৰ্য্যায়ৰ প্ৰদৰ্শনী পাতি ছাত্ৰ-ছাত্ৰীৰ উদ্ভাৱনী প্রতিভাক প্রোৎসাহিত কৰা হ'ব।

কামৰূপ মহানগৰ জিলাৰ বিজ্ঞান প্রদর্শনী অহা ২৯ জুন ২০২৪ তাৰিখে গুৱাহাটীৰ উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্রাঙ্গণত নিম্নলিখিত কার্য্যসূচী মতে অনুষ্ঠিত হ'ব। অনুষ্ঠানলৈ আপোনাক সবান্ধবে সাদৰ আমন্ত্রণ জনালোঁ।

24/06/2024

ইলোৰা বিজ্ঞান মঞ্চৰ এটি আৱেদন
*****
শ্ৰদ্ধাভাজনেষু,
নমস্কাৰ গ্ৰহণ কৰিব।
আপোনাসকল নিশ্চয় অৱগত যে ১৫ মে' ২০২৪ তাৰিখে ইলোৰা বিজ্ঞান মঞ্চ প্ৰতিষ্ঠাৰ কুৰি বছৰ সম্পূৰ্ণ হৈছে। বিভিন্ন ক্ষেত্ৰৰ নানান প্ৰতিবন্ধকতা আৰু নিজস্ব সীমাবদ্ধতা সত্ত্বেও বিগত বিশটা বছৰত ৰাজ্যৰ যুক্তিবাদী মহল আৰু বিজ্ঞানমনস্ক জনসাধাৰণৰ মাজত বিজ্ঞান মঞ্চ এক মৰ্যদাসম্পন্ন আদৰৰ অনুষ্ঠান হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিপৰীতে ৰাজ্যত বৈজ্ঞানিক মানসিকতা প্ৰসাৰৰ আন্দোলনত সমাজৰ বিভিন্ন অংশৰ পৰা মঞ্চই পাইছে অভূতপূৰ্ব সঁহাৰি। সেয়ে বিজ্ঞান মঞ্চৰ কাম-কাজৰ পৰিসৰ বাঢ়িছে আৰু ক্ৰমাৎ প্ৰসাৰিত হৈছে মঞ্চৰ সাংগঠনিক ভিত্তি। ৰাইজৰ মৰম আৰু সমৰ্থনেই ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰধান সম্বল।

এইবেলি ২০ সংখ্যক প্ৰতিষ্ঠা বাৰ্ষিকী উপলক্ষে অন্যান্য কাৰ্যসূচীৰ উপৰি ইলোৰা বিজ্ঞান মঞ্চই মে'ৰ পৰা জুলাই মাহলৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সৃষ্টিশীল প্ৰতিভা তথা বৈজ্ঞানিক উদ্ভাৱনী শক্তি বিকাশৰ লক্ষ্যৰে জিলাসমূহত বিজ্ঞান আৰ্হিৰ প্ৰদৰ্শনীৰ আয়োজন কৰিছে। পৰৱৰ্তী পৰ্যায়ত উন্নত মানদণ্ডৰ আৰ্হিসমূহ জিলাৰ পৰা বাছনি কৰি গুৱাহাটীৰ আইআইটিৰ সহযোগিতাত আৰু এই প্ৰতিষ্ঠানৰ চৌহদতে, জুলাই মাহৰ ৬ আৰু ৭ তাৰিখে প্ৰদৰ্শন আৰু ছাত্ৰ-ছাত্ৰীৰ উদ্ভাৱনী প্ৰতিভাক প্ৰোৎসাহিত কৰা হ'ব। মাধ্যমিক শিক্ষা সঞ্চালকালয়, অসমৰ পক্ষৰ পৰাও প্ৰস্তাৱিত বিজ্ঞান আৰ্হিৰ প্ৰদৰ্শনীৰ প্ৰতি পূৰ্ণ সহযোগিটতা আগবঢ়োৱাৰ আশ্বাস দিছে।

হাইস্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত এই ৰাজ্যজোৰা বিশাল কৰ্মযজ্ঞ সফলভাৱে ৰূপায়ণ কৰিব লগা হ'লে বিপুল অংকৰ পুঁজিৰ প্ৰয়োজন হ'ব। আপোনাসকল নিশ্চয় অৱগত যে ইলোৰা বিজ্ঞান মঞ্চৰ পুঁজিৰ একমাত্ৰ উৎস হ'ল ৰাইজৰ দান -বৰঙণি তথা আৰ্থিক সাহায্য। মঞ্চই অতি স্বচ্ছতাৰেই সদাশয় ৰাইজৰ পৰা পোৱা পুঁজিৰ সৎব্যৱহাৰ কৰে।

আমি প্ৰস্তাৱিত বিজ্ঞান আৰ্হিৰ প্ৰদৰ্শনীৰ সফল আয়োজনৰ বাবে মুক্তহস্তে দান-বৰঙণি আগবঢ়াবলৈ আপোনালোকক বিনম্ৰ আৱেদন জনাইছোঁ।

ইলোৰা বিজ্ঞান মঞ্চৰ বেংক একাউণ্টৰ বিৱৰণ তলত উল্লেখ কৰা হলঃ
Account Name: Ellora Vigyan Mancha

Account No. 30006163579

Bank : State Bank of India, Chenikuthi Branch, Guwahati.

IFS Code: SBIN0007976.
(বেংকৰ জৰিয়তে দান-বৰঙণি আদি আগবঢ়ালে অনুগ্ৰহ কৰি বিজ্ঞান মঞ্চৰ কোষাধ্যক্ষ ড° বাসুদেৱ দাসক (94351-05784 WhatsApp নম্বৰ) জনাব।

Photos from Ellora Vigyan Mancha's post 16/06/2024

ইলোৰা বিজ্ঞান মঞ্চৰ বঙাইগাঁও আৰু টিহু শাখাৰ উদ্যোগত হোৱা বিজ্ঞান প্ৰদৰ্শনীৰ দৃশ্য।

Photos from Ellora Vigyan Mancha's post 16/06/2024

ইলোৰা বিজ্ঞান মঞ্চ শিৱসাগৰ জিলা আৰু লক্ষীমপুৰ জিলাৰ উদ্যোগত কালি ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিজ্ঞান জনপ্ৰিয়কৰণ কৰাৰ স্বাৰ্থত বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে বিভিন্ন জিলাৰ জয়ী দলসমূহে অহা জুলাই মাহত গুৱাহাটীত হবলগীয়া ৰাজ্যিক বিজ্ঞান প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিব।

Photos from Ellora Vigyan Mancha's post 08/06/2024

ইলোৰা বিজ্ঞান মঞ্চ, তেজপুৰ শাখাৰ উদ্যোগত শিক্ষাৰ্থী সকলৰ সহযোগত জিলা ভিত্তিক বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। এই প্ৰদৰ্শনীত মুঠ ৫৩ টা দলে অংশগ্ৰহণ কৰে।
উল্লেখ্য যে অহা জুলাই মাহত মঞ্চৰ উদ্যোগত ৰাজ্যিক ভিত্তিক এক বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠিত কৰা হব।

05/06/2024

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিশিষ্ট ৰসায়ন বিজ্ঞানী, ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতি তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° কালী প্ৰসাদ শৰ্মাৰ বক্তব্য ।

05/06/2024

বিশ্ব পৰিৱেশ দিৱস, ২০২৪ উপলক্ষে বাৰ্তা প্ৰেৰণ কৰিছে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ শশাংক শেখৰ বৰকটকীয়ে।

Photos from Ellora Vigyan Mancha's post 16/05/2024

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱস উদযাপন
*******
অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিপৰীতে সমাজত বিজ্ঞানমনস্কতাৰ প্ৰসাৰত ব্ৰতী অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ইলোৰা বিজ্ঞান মঞ্চই কালি ১৫ মে'ত ২০টা বছৰ সম্পূৰ্ণ কৰিলে। ২০০৪ চনৰ এই দিনটোতে আত্মপ্ৰকাশ কৰা সংগঠনটোৱে এইবেলি মঞ্চৰ একবিংশতিতম প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মঞ্চৰ শাখাসমূহে বৈজ্ঞানিক মানসিকতা, জনস্বাস্থ্য সজাগতা, পৰিৱেশ ৰক্ষাকে ধৰি বিভিন্ন বিষয়ত বহু শিক্ষানুষ্ঠান আৰু ৰাজহুৱা সভাগৃহ আদিত আলোচনা সভা আদিৰ আয়োজন কৰে। উল্লেখ্য যে বিগত ২০ বছৰৰ যাত্ৰাপথত বিজ্ঞান মঞ্চই অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে নিৰলসভাৱে যুজঁ কৰাৰ উপৰি সমাজত বৈজ্ঞানিক মানসিকতাৰ প্ৰসাৰৰ বাবে একাগ্রচিত্তে কাম কৰি আছে।

এইবেলি গুৱাহাটীত মঞ্চৰ প্ৰতিষ্ঠা উপলক্ষে কালি ১৫ মে'ত কটন বিশ্ববিদ্যালয়ৰ এলুমনাই হাউছত এক মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হয়। মঞ্চৰ পতাকা উত্তোলন আৰু ইলোৰা ৰায়চৌধুৰীৰ প্ৰতিকৃতিত মাল্য তৰ্পণ আৰু শ্ৰদ্ধাঞ্জলিৰ মাজেৰে অনুষ্ঠানৰ শুভাৰম্ভ হয়। গুৱাহাটীৰ অনুষ্ঠানত যুক্তিবাদী চিন্তা-চৰ্চাৰ প্ৰসাৰ তথা বৈজ্ঞানিক মানসিকতাৰ আন্দোলনক আগুৱাই নিয়াৰ ক্ষেত্ৰত অনবদ্য অৱদানৰ বাবে বিশিষ্ট বিজ্ঞানী তথা ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি ড° চন্দ্ৰমোহন শৰ্মা আৰু সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত স্বনামধন্য সাহিত্যিক নিৰুপমা বৰগোহাঞিক উষ্ম সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্ত লোৱা হয়। কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে অনুষ্ঠানত নিৰুপমা বৰগোহাঞি উপস্থিত থাকিব পৰা নাছিল। সেয়ে উদ্যোক্তাসকলে অনুষ্ঠানটোত তেখেতক ঘৰতে সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে আৰু নিৰুপমা বাইদেউক প্ৰদান কৰিব লগা সম্বৰ্ধনা-পত্ৰখন পাঠ কৰে বিজ্ঞান মঞ্চৰ অন্যতম কৰ্মকৰ্তা ৰূপালীম দত্তই। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত সম্বৰ্ধনা-পত্ৰ গ্ৰহণ কৰি ড° চন্দ্ৰমোহন শৰ্মাই তেখেতৰ ভাষণত বৰ্তমান পৰিস্থিতিত অন্ধবিশ্বাসৰ বিপৰীতে বৈজ্ঞানিক মানসিকতাৰ প্ৰসাৰৰ আন্দোলনক অগ্ৰাধিকাৰ দিয়াত গুৰুত্ব আৰোপ কৰে আৰু যুৱ সমাজক ইয়াৰ বাবে আগুৱাই আহিবলৈ আহ্বান জনায়। ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতি ড° কালী প্ৰসাদ শৰ্মাই সভাপতিত্ব কৰা অনুষ্ঠানটোত বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা কালৰ পৰা সুদীৰ্ঘ কুৰিটা বছৰৰ কাম-কাজৰ ওপৰত আলোকপাত কৰে মঞ্চৰ সাধাৰণ সম্পাদক কমলেশ গুপ্তই। আৰম্ভণিতে ড° পৰমানন্দ মজুমদাৰ ৰচিত মঞ্চৰ শীৰ্ষ গীত "আহা সমাজ ভাঙো, আহা সমাজ গঢ়ো" পৰিৱেশন কৰে দীপক দত্ত আৰু মঞ্চৰ বশিষ্ঠ-বেলতলা শাখাৰ শিল্পীসকলে। ইয়াৰ পাছতে অন্ধবিশ্বাসবিৰোধী আন্দোলনৰ মহীয়সী মহিলা পদ্মশ্ৰী বিৰুবালা ৰাভাৰ বিয়োগত অনুষ্ঠানটোত শোক প্ৰস্তাৱ উত্থাপন আৰু শ্ৰদ্ধা নিৱেদন কৰা হয়।

অনুষ্ঠানত গুৱাহাটী আই আই টিৰ অধ্যাপক ড° অনুপ কুমাৰ দাসে "বিজ্ঞানঃ আৰম্ভণি, বিকাশ আৰু প্ৰত্যাহ্বান" শীৰ্ষক বিষয়ৰ ওপৰত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে। ড° দাসে বিষয়-বস্তুৰ ওপৰত তথ্য সমৃদ্ধ আৰু মননশীল বক্তব্য দাঙি ধৰি বিজ্ঞান, যুক্তিবাদ তথা বৈজ্ঞানিক মানসিকতাৰ ইতিহাস উল্লেখ কৰে আৰু কয় যে কোনো বিশেষ ব্যক্তিৰ প্ৰতি সীমাহীন আনুগত্যই সত্যৰ সন্ধানত প্ৰতিবন্ধকতাৰ সৃষ্টি আৰু বৈজ্ঞানিক মানসিকতা বাধাগ্ৰস্ত কৰে। গ্ৰীক দৰ্শনৰ ঐতিহ্য স্মৰণ কৰি বিশিষ্ট বিজ্ঞানী গৰাকীয়ে কয় যে সত্য অন্বেষণত পৰ্যবেক্ষণ, প্ৰশ্নৰ অৱতাৰণা, তত্ত্বগত প্ৰকল্প নিৰ্মাণ আৰু পৰীক্ষালদ্ধ জ্ঞান অপৰিহাৰ্য। তেখেতৰ বক্তব্যৰ আঁত ধৰি বিজ্ঞান লেখক তথা বিশিষ্ট পদাৰ্থ বিজ্ঞানী ড° ৰজনী কান্ত দাস আৰু বিজ্ঞান মঞ্চৰ সভাপতি ড° কালীপ্ৰসাদ শৰ্মায়ো বিজ্ঞান আৰু যুক্তিবাদৰ ঐতিহ্য প্ৰসংগত বক্তব্য দাঙি ধৰে। অনুষ্ঠানত ড° পবন কুমাৰ চহৰীয়া, সত্যব্রত শৰ্মা, ড° ইন্দ্ৰানী দত্ত, ৰবীন দত্ত, সুপ্ৰকাশ তালুকদাৰ, ড° পৰমানন্দ মজুমদাৰ, ৰিপুঞ্জয় গগৈ, দীপক গোস্বামী, প্ৰমুখ্যে ডেৰ শতাধিক বিশিষ্ট নাগৰিক আৰু বিজ্ঞানমনস্ক লোকে অংশগ্ৰহণ কৰে।

ইলোৰা বিজ্ঞান মঞ্চৰ ২০ বছৰ পূৰ্ণ হোৱা উপলক্ষে তেজপুৰ, নগাঁও, গোৱালপাৰা, নাৰায়ণপুৰ, ঢকুৱাখনা, ডুমডুমা, কয়াকুছি, বৰপেটা, সৰভোগ, ঢেঁকীয়াজুলিআদি ৰাজ্যৰ বহু ঠাইত সভা, আলোচনা চক্ৰ আদিৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

15/05/2024

২০০৪ চনৰ পৰা বৈজ্ঞানিক মানসিকতা প্ৰসাৰত অহৰহ ব্ৰতী হৈ থকা ইলোৰা বিজ্ঞান মঞ্চই আজি অৰ্থাৎ ১৫ মে', ২০২৪ তাৰিখে বিছ বছৰ সম্পূৰ্ণ কৰিছে। প্ৰতি বছৰে পালন কৰাৰ দৰে এইবাৰো ইলোৰা বিজ্ঞান মঞ্চৰ ২১ সংখ্যক প্রতিষ্ঠা দিৱস সকলো শাখাই গাম্ভীৰ্য্যপূর্ণভাৱে পালন কৰিব। গুৱাহাটীতো মঞ্চৰ চাৰিওটা শাখাই কেন্দ্ৰীয় কমিটিৰ সহযোগত কটন বিশ্ববিদ্যালয়ৰ এলুইম‌্নি হলত ৩ বজাৰ পৰা এখনি আলোচনা চক্ৰৰ মাজেদি প্রতিষ্ঠা দিৱস পালন কৰিব। আলোচনা চক্রখনিত মূল ভাষণ প্রদান কৰিব আই আই টি, গুৱাহাটীৰ অধ্যাপক ড° অনুপ কুমাৰ দাসে। আলোচনাৰ বিষয়ঃ বহনক্ষম উন্নয়নৰ কাৰণে বিজ্ঞান-প্রযুক্তিবিদ্যাৰ প্ৰয়োজন আৰু প্ৰত্যাহ্বান।

কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে জনগণক সহায় কৰি অসমত বিজ্ঞানমনস্কতাৰ আন্দোলনক এক গতি প্ৰদান কৰাৰ ক্ষেত্ৰত মহত্বম অৱদান আগবঢ়োৱা নিম্নোল্লেখিত দুজন বিশিষ্ট ব্যক্তিক সেইদিনা আলোচনা চক্ৰৰ আৰম্ভণিতে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হ'ব।

১) ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি বিশিষ্ট বিজ্ঞানী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° চন্দ্র মোহন শৰ্মা আৰু

২) বিশিষ্ট সাহিত্যিক সাহিত্য অকাদেমি বঁটা প্রাপ্ত শ্রদ্ধেয়া নিৰূপমা বৰগোঁহাঞি।

উক্ত কার্য্যসূচীত আপোনালোকৰ উপস্থিতিৰে মঞ্চক অনুপ্রাণিত কৰিব বুলি আশা ৰাখিলোঁ।

Want your organization to be the top-listed Non Profit Organization in Gauhati?
Click here to claim your Sponsored Listing.

The Journey

Since its inception in May 2004, the Ellora Vigyan Mancha has engaged itself in fighting all forms of superstition and blind belief and for spreading scientific temper amongst the people. The major issues being taken up include : menace of 'witch' hunting, black magic, sorcery. wizardry, fraudulent healer or quackery, false beliefs in astrology and gemstones, so called 'Godman', etc.
As part of its activities, the Ellora Vigyan Mancha also takes up the issues related to people's health and hygiene, environment and climate change, science popularization, etc.
The major activities of the organization has been the campaigns and encouragements for voluntary blood donation while alive and eye donation, organ donation or whole body donation after one's death for transplantation or for enrichment of medical science and benefit of mankind.
It has also been launching joint campaigns and movements with like minded organisations in furtherance of the aims and objectives of the Mancha.

Videos (show all)

Glimpses from day 1 of State Level science exhibition organised by Ellora Vigyan Mancha at IIT Guwahati.
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিশিষ্ট ৰসায়ন বিজ্ঞানী,  ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতি তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ  পৰিৱেশ বিজ্ঞা...
বিশ্ব পৰিৱেশ দিৱস, ২০২৪ উপলক্ষে বাৰ্তা প্ৰেৰণ কৰিছে  অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ  সহকাৰী অধ্যাপক ডঃ শশাংক শেখৰ বৰকটকী...
শ্ৰদ্ধাভাজনেষু, প্ৰিয় বন্ধু আৰু সতীৰ্থসকল,আজি ( ২৭ জানুৱাৰী, শনিবাৰ) সন্ধিয়া ৭.৫৪ বজাত বৈদ্যুতিন  সংবাদ মাধ্যম  প্ৰাগ ...
কুসংস্কাৰ আৰু অন্ধবিশ্বাসবিৰোধী দিৱস উপলক্ষে ডুমডুমাত বাটৰ নাট ।
চমু বক্তব্য || The Origin of Species || ড° কুলেন্দু পাঠক
দীপাৱলী হওঁক পোহৰৰ উৎসৱ । তাৰেই আহ্বান কৰি ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে অসম প্ৰদূষণ নিয়ন্ত্ৰণ বর্ড ৰ অধ্যক্ষ ড° অৰূপ কুমা...
ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস উপলক্ষে কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক তথা ইলোৰা বিজ...
আজি ৰাষ্ট্ৰীয় বিজ্ঞানমনস্কতা দিৱস। এই উপলক্ষে ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি এক চমু বক্তব্য প্ৰদান কৰিছে ইলোৰা বিজ্ঞান মঞ্...
বৈজ্ঞানিক মানসিকতা
আজি বিশ্ব অঙ্গদান দিৱস। এই বিশেষ দিনটোৰ তাৎপৰ্য বাখ্যা কৰি ভাষণ ৰাখিছে ইলোৰা বিজ্ঞান মঞ্চৰ কাৰ্যকৰী সভাপতি ডাঃ জয়দেৱ শৰ...
আজি ১১ আগষ্টৰ পুৱা আকাশবাণী গুৱাহাটী কেন্দ্ৰই সম্প্ৰচাৰ কৰা মৰণোত্তৰ দেহদান সম্পৰ্কে ডাঃ জয়দেৱ শৰ্মাৰ চমু ভাষণ।Courtesy...

Telephone

Address

55, P. D, Chaliha Road, Hedayetpur
Gauhati
781003

Other Non-Governmental Organizations (NGOs) in Gauhati (show all)
Rotary Club of Guwahati Icons Rotary Club of Guwahati Icons
Rajgarh Road
Gauhati, 781005

Rotary is a global network of 1.4 million neighbors, friends, leaders, and problem-solvers who see a world where people unite and take action to create lasting change – across the ...

Hands For Humanity Hands For Humanity
Ganeash Mandir Path
Gauhati, 781022

Hands For Humanity is a Assam based charitable NGO founded by Saurav pran Mahanta in 2012, works towards quality healthcare, keeping in mind a positive impact on the environment. I...

People For Animals, Guwahati People For Animals, Guwahati
People For Animals Guwahati, Mahapurush Madhabdev Road, Bormotoria
Gauhati, 781037

People For Animals Guwahati is an NGO working for Street Animals in Guwahati.

AMDO AMDO
Gauhati

AMDO ( ASSAM MEALS DISTRIBUTION ORGANIZATION)

Umananda Foundation Umananda Foundation
Gauhati

অন্ত্যোদয় আমাৰ লক্ষ্য..... Our aim is to be reach to the last person of the society

Dakshin Kamrup Foundation Dakshin Kamrup Foundation
Goroimari Kalatoli Road
Gauhati, 781137

This page is made by the friends circle of Brahmaputra River South Bank. Specially work for communit

National Human Rights Organisation, Assam National Human Rights Organisation, Assam
Panjabari
Gauhati, 781037

Human rights organisations should be addressed as an indivisible body, including civil, political, social, economic, cultural, and collective rights. We hold these truths to be sel...

Bhukh Foundation Bhukh Foundation
117 G1 Palm Groove Enclave
Gauhati, 781022

An initiative towards mitigating hunger and upbringing the livelihood of the needy people.

Indian Largest Commeete Indian Largest Commeete
Gauhati, 781026

30 करोर भारतीयों के बेटी के सादी का खर्च 3 लाख से 5 लाख तक यह दे दिया जायगा आप से 1000% वादा करता

Nextgen Guwahati Nextgen Guwahati
House No 2 , By Lane 9, Zoo Road Tiniali
Gauhati, 781024

working for aged people and orphans, flood effected people's,child women and youth empowerment etc...

Baraliya Welfare Society Baraliya Welfare Society
Village/Nagaon, Post Office/Baihata Chariali, Police Station-Baihata Chariali, Pin No-, District/Kamrup
Gauhati, 781381

Baraliya welfare society is a non govt. Organization

NEMSU OFCL NEMSU OFCL
Gauhati

North- East Minorities Students' Union Shortly NEMSU's Motto is Peace, Progress,Education & Justice.