অচিন পক্ষী - Achin Pokhi

অচিন পক্ষী - Achin Pokhi

অচিন পক্ষী টোৱে যেন তোমাৰ মাজতেই বিলি?

19/10/2023

"ৰাঘৱ"

যতীন বৰা পৰিচালিত নতুন এখন অসমীয়া ছবি । দক্ষিণৰ ছবিৰ লগত ফেৰ মাৰিব পৰাকৈ মানদণ্ডৰ এখন ছবি ।
অহা ২৭অক্টোবৰত আপোনাৰ কাষৰ ছবিগৃহত #ৰাঘৱ

সংগীত জগতৰ মহাতাৰকা জুবিন গাৰ্গৰ সংগীত আৰু অভিনয় জগতৰ মহাতাৰকা যতীন বৰাৰ অভিনিত "ৰাঘৱ" বাণিজ্যিক ভাৱে সফলতা কঢ়িয়াই আনিব। আমি আশাবাদী....

31/08/2023

ৰাখী পিন্ধোৱাৰ পিছত ভন্টিয়ে কিয়বা খং কৰি আছে ধৰিবই পৰা নাই......🥹

30/08/2023

Happy ৰাখি বন্ধন 💗

30/08/2023

𝐇𝐚𝐩𝐩𝐲 𝐑𝐚𝐤𝐬𝐡𝐚 𝐁𝐚𝐧𝐝𝐡𝐚𝐧 𝐆𝐮𝐲𝐬 😌🙇‍♂️

02/04/2023

"আহিলে বিহু...
আহিলে বিহু..."
এনেকৈ দহ বাৰ একেলেঠাৰীয়ে উচ্চাৰণ কৰকছোন !
কি পালে কমেন্টত জনাব 🙏

30/03/2023

Village life of Hollywood stars😍😝

29/03/2023

Long distance relationship
ই সঁচাকৈয়ে বৰ অদ্ভুত ।
ইজনে সিজনক চাওঁ বুলি চাব নোৱাৰে, কিবা অসুবিধাত পৰিলে ওচৰত থাকি সহায়ৰ হাতখন আগবঢ়াব নোৱাৰে তথাপিওঁ মৰম চেনেহৰ দোল দাল বৰ গভীৰ হৈ থাকে এই ভালপোৱাত, ইজনে সিজনক হেৰু‍ৱাৰ ভয়তে হওঁক বা আন কিবা কাৰণতে হওঁক ভুল কৰিব নিবিচাৰে, যিমান পাৰে সিমান বিশ্বাসেৰে আগুৱাব খোজে এই ভাল পোৱা,
long distance relationship ত ইজনে সিজনক খং কৰি ব্লক কৰি দিলেওঁ দুয়ো ভয়ত থাকে তেওঁ কিবা কৰিছে, তেওঁ বেছি হাৰ্ট হৈছে নেকি এইবোৰ চিন্তাই জুমুৰি ধৰে, দিনটোৰ ব্যস্ততাৰ সিপাৰৰ পৰা ভাহি অহা ফোনকলত "আজি দিনটো কেনে গ'ল ?" ই এক বুজাব নোৱাৰাৰ শিহৰন, কল্পনাৰ পৃথিৱীত ডুব গৈ দুয়ো দুয়োৰে হৈ মৰমৰ হেন্দোলদোপ খেলে, আমি লগ পালে অমোক কৰিম তমোক কৰিম, বহুত কথা কব লগা আছে ;
এইবোৰে ধৰি ৰাখিছে মৰম নামৰ সাঁকো ডাল
বহুতে কয় চকুৰ আঁতৰ হ'লে মনৰ আঁতৰ হয় কিন্তু যি সকল long distance relationship ত আছে তেওঁলোকে বুজি আচল ভালপোেৱাৰ মাদকতাই বা কি?
✍️ Debasish Kataki

অচিন পক্ষী - Achin Pokhi

29/03/2023

যদি তেতিয়া এতিয়াৰ দৰেই মোবাইল থাকিলে হেতেন তাৰেই অনুমান কৰি 'জ্যো জন মুলূৰ' নামৰ শিল্পীগৰাকীয়ে ইনষ্টাগ্ৰামত অতীতৰ চেলফি শ্বেয়াৰ কৰিছিল যত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, বি আৰ আম্বেদকাৰ, মাদাৰ টেৰেছা, সুভাষ চন্দ্ৰ বসু, আব্ৰাহাম লিংকন, এলবাৰ্ট আইনষ্টাইন, এলভিছ প্ৰেছলি, বব মাৰ্লি, চে গুৱেৰা আদি...

29/03/2023

🍃~বিহু আদৰণি~🍃
শুনা ঐ চ'তাই
পেঁপাটি বজাই
ৰঙালীক আঁহা লৈ
পদূলি মুখত
বাট চাই চাই
থাকিম কিমান ৰৈ ॥
আনিলোঁ জেতুকা
আনিলোঁ থেৰেজু
আনিলোঁ বৰ্হমথুৰি ।
মাখিয়তি পাতে
তৰাৰ পঘাৰে
আওলা পেলালোঁ জুৰি ॥
আনিলোঁ হালধি
থেকেৰা বেঙেনা
সাজিলোঁ বাঁহত চাত ।
ঢোল টকা পেঁপা
সুগৰ কৰিলোঁ
সাৰিলোঁ চোতাল বাট ॥
আয়ে কাটিলে
শালৰ গামোচা
আঁচুৰ ভমকা ফুল ।
বায়ে আনি থ'লে
খোপালৈ বুলি
ৰচঙ্গা কপৌৰ ফুল ॥

বহল পাতেৰে
নাহৰৰ ডালি
পিতাই আনিলে গৈ।
খুড়ীয়ে পাতিলে
মজিয়াত খোলা
তিল গুড় দিহা কৈ ।

আইতাই মচি
থাপনাৰ আগ
থৈছে সেন্দুৰী কৈ ।
নৰ'বা চ'তাই
কাবৌ কৰিছোঁ
আহা ৰঙালীক লৈ ॥
In frame - Ripan Borah New & Das
Photographer- Bharali

28/03/2023

তোমাৰ সঁহাৰিয়ে মোৰ জীৱনৰ সকলোঁ বাট সলনি কৰি দিলে অ' ।
ৰং বিৰঙী মেছেঞ্জাৰত পখিলা খেদি ফুৰা ল'ৰাটো এতিয়া তোমাৰ নামতে মচগুল । যেন তোমাক নোকোৱাকৈ সময়ে পাৰ ন'হব প্ৰতিটো সময় তোমাকে দিব খোজোঁ , তুমি আমনি পালেওঁ ( নোপোৱা) যে তোমাক কও অমোক তমোক ইত্যাদি ইত্যাদি ...।
দিনটোৰ বহু ব্যস্ততাৰ মাজত তোমাৰ পৰা অহা ফোনটো কাটিব মন নোযোৱা পৰা আৰম্ভ কৰি তুমি অকনমান সময় মোক নিদিলে বলিয়াটোৰ দৰে হৈ পৰা মইটো তুমি ভাৱনাতে বিভোৰ । যেন মা-দেউতাৰ দৰে তুমি মোৰ জীৱনৰ অনবদ্য অংগ, যেন তুমি কথা নকলে মোৰ উশাহ বন্ধ হৈ যাব,
তুমি নাহাঁহিলে মই বলিয়া হৈ যাম ।
নাজানোঁ কিয় এনে হয় ! তোমাক দেখা লগে লগে বুকুত বতাহ ধুমুহা আহে যেন লাজত মই মুৰ্চা যাওঁ !
তুমি চুই দিলে মই নাৰ্ভাছ্ হৈ যাম..।
ভাল পাওঁ কাৰনে চাগে এনে হয় ।
মাজে মাজে ভাবোঁ মই কিয় ইমান সুখী তোমাক পাই ?
আকৌ ভাবোঁ পৃথিৱীৰ বিলিয়ন মানুহৰ মাজৰ পৰা মোক বাচি লোৱা বাবেই চাগে, তোমাৰ জীৱনৰ মধুৰ সময় খিনিৰে মোক জীপাল কৰা বাবেই আজি মই পৃথিৱীৰ সুখী মানুহ জন ।
যাৰ বাবে মই অহংকাৰ কৰোঁ মনৰ মাজত ;
মাজে মাজে ভাবোঁ এনে মোৰ মাজত আছে কি আছে যাৰ বাবে মোক সঁহাৰি দিলা ?
আকৌ ভাবোঁ ভগৱানে চাগৈ ইমান দিন তোমাক লগ পোৱাবৰ কাৰনে অকলে ৰাখিলে ।
তুমি হয়টো নাজানা সোণ
মোৰ প্ৰতিটো দিন তুমি অহাৰে পৰা বৰ সুখেৰে পাৰ হৈছে আৰু পাৰ হ'ব
প্ৰতিটো পলতে বিচাৰোঁ তোমাক, তোমাৰ ওঁচৰত কোনো ধৰনৰ ভুল নকৰাকে প্ৰতিটো দিন উদযাপন কৰি যাবলৈ ।
✍️ Debasish Kataki
লখিমপুৰ

28/03/2023

মাক কৈ দিবা মই বিহুত গৈ আছো বুলি।❤️🌚

25/03/2023

আপোনালোকৰ বিহু মঞ্চৰ কাষত নাচিবলৈ মোক যোগাযোগ কৰক 🥀

মাননি- নালাগে

08/03/2023

বগা পাইজামা এটা
কিনিব নোৱাৰিলোঁ বাবে
আজি Holy নেখেলিলোঁ 🥹

TOI SENI SOKOLI |NABA NEEL |PRONAMI KNOWAR |MEER MRIDUL |DIGANTA BORDOLOI |NEW ASSAMESE SONG 2023 22/02/2023

মৰমৰে আকোৱালী লব দেবাশীষ কটকীয়ে লিখা`তই চেনি চকলী´ক
বৰ ধুনীয়াকৈ সুৰ কৰি গাইছে
Naba Neel ককাইদেউ
আৰু
Pronami Konwar
প্ৰনামী কোঁৱৰে
শুনিবছোন বৰ ধুনীয়া হৈছে
লগতে শ্বেয়াৰ কৰিব🙏

TOI SENI SOKOLI |NABA NEEL |PRONAMI KNOWAR |MEER MRIDUL |DIGANTA BORDOLOI |NEW ASSAMESE SONG 2023 NB Production PresentsToi Seni SokoliSinger :- Naba Neel |Pronami Konwar Lyrics :- Debasis kataki (Junakor Borokhun)Tune :- Naba NeelMusic :- Meer MridulMix ...

19/02/2023

সমূহ উচ্চতৰ মাধ্যমিক পৰীক্ষাথীলৈ আন্তৰিক অভিন্দন জনালোঁ...!

15/02/2023

ফাগুন❤️
মানেই ৰঙা.....

31/01/2023

সকলোকে মে-ডাম-মে-ফীৰ আন্তৰিক শুভেচ্ছা জনালোঁ 🙏🏻

13/01/2023

অসমত আগতে মাঘবিহুৰ ভেলাঘৰ পৰম্পৰা আছিল
আৰু এতিয়া মেডিয়াই প্ৰতিযোগীতা বনাই দিলে...😪✊

11/01/2023

এনেকৈ দেখিলে বুকু ফুলি উঠে...❤️
বিহু অসমীয়াৰ স্বাভিমান...❤️
বিহু আমাৰ আৱেগ...❤️

Photos Credit: www.instagram.com/xhobdo

10/01/2023

অৱশেষত সম্পূৰ্ণ হ'লগৈ...🥲

ৰঘুপতি ৰাঘৱ ৰাজা ৰাম ॥

07/01/2023

বিশ্বাস আছে বাবেই
এই ধৰাত
বিশ্বাসঘাটকতাৰোঁ খ্যাতি ‌আছে 🌻

31/12/2022

কেলেণ্ডাৰহে সলনি হ´ব কিন্তু মানুহৰ চিন্তাধাৰা নহয় !

28/12/2022

মৰান যদি মানালী হ'ব পাৰে
তুমি কিয় মোৰ হ'ব নোৱাৰা ?

27/12/2022

মৰানৰ শিল বৰষুন
বৰ দুখ জনক😰

27/12/2022

উফ মৰানৰ ৰাতিপুৱা😍

26/12/2022

কলেজত পঢ়ি
Marks এ নাপালোঁ
প্ৰেম ক'ৰ পৰা পাম ?

25/12/2022

গৌৰৱে কওঁ আজিও মই গা ধুইছোঁ !

22/12/2022

Sanitizer ৰবটলৰ
Expaire Date 2024 থাকোতে
জানিছিলোঁ Corona যে আকৌ আহিব😢


17/12/2022
15/12/2022

বিজ্ঞান ইমান আগবাঢ়ি গ'ল তথাপি পানী নোহোৱাকে গা ধুৱ পৰা সুবিধা এটা ন'হল🥹

24/11/2022

পঢ়া-শুনা কৰে যি
চাকৰি বিচাৰি
মৰে সি....!

23/11/2022

#পুৰুষৰ_ধৰ্ষণ_কপিল_শৰ্মাৰ_কমেডী_শ্ব_নহয় !

কেইবছৰমান আগৰ কথা , ঘৰৰ সমীপৱৰ্ত্তী অঞ্চলটোত এখন ৰাইজ মেল দিয়া হৈছিল। আগতে তেনে ধৰনৰ মেল হ'লে আমি মেলৰ উদ্দেশ্য আগতেই জানিছিলোঁ। কিন্তু সেইবাৰ কাৰণটো আগতীয়াকৈ জনাই দিয়া হোৱা নাছিল। ৰাতি মেলৰ পৰা আহি পিতাই মাক ফুচফুচাই কি কৈছিল জানো ? মায়ে চি: চি: বুলি চিঞৰি দিছিল। "এইবিলাক গৰু-গাহৰি নে কি জানোঁ ! সেই কেচুৱাটোকো এৰি দিয়া নাই।"
মাৰ মাতটো মোৰ কাণত পৰিছিল। পিতা আতৰি যোৱাত মাক সুধিছিলোঁ । "গিৰিয়েক লগত নেথাকে , ভতিজা ল'ৰাটোকে সেইজনীয়ে ...." মাও ৰৈ গৈছিল। জীয়েকৰ আগত চেক্স শব্দটো ক'বলৈ চাগে উজুতি খাইছিল। "ভতিজা মানে দেখোন সেইটো কেচুৱায়ে । সাত-আঠ বছৰো হৈছে কি নাই।" "অ' সেইটো ল'ৰাকে তাই নিজৰ লগত শুৱাই ৰাখো বুলি সেইয়া কৰে। ল'ৰাটোৱে মাক-বাপেকক কৈ দিয়ে বুলি তাই চকলেটৰ টোপ দিয়ে। এতিয়া হেনো তাৰ পেচাৱত তেজ যোৱা হৈছে বিষত কান্দি থাকে। ডাক্তৰৰ ওচৰলৈ নিওঁতেহে কথাটো ওলাল। সিও‌ঁ কৈছে এতিয়া। তাকেলৈ আজি ৰাইজ গোটাইছে ।"
"এতিয়া কি হ'ব ? কেচ দিলে নে ?"
" ঘৰৰে কথা । মাকে কেচ দিব বিচাৰিছিল। একেখন ঘৰতে থকা মানুহৰ ওপৰত কি কেচ দিব বুলি শহুৰেক-শাহুৱেকে কাবৌ কৰি ৰখালে। সেয়ে মেলখনকে দিছে , নিৰ্দিষ্ট মানুহকেইজনমান মাতি। মেলত গিৰিয়েকক তাইক লগতে লৈ যাবলে দিছে। তাই আকৌ গাঁৱলৈ আহিব নোৱাৰিব।"
..... সন্তুষ্ট হ'ব পৰা নাছিলো‌ । কিন্তু উপায়হীন আছিলোঁ। খুৰীয়েকৰ জৈৱিক তাৰণা এটা সাত-আঠ বছৰীয়া ল'ৰাই পূৰাব লগা হৈছে। তাক বাধ্য কৰা হৈছে। সেইদিনাও মাৰ লগত এখণ্ড লাগিছিল মোৰ। গোটেই চিষ্টেম, সমাজৰ খং মাৰ ওপৰতে ঝাৰি দিছিলোঁ। আপুনি ভাবিছেনে খুৰীয়েকে সমাজত আঠু ল'লেই শিশুটোৰ বাবে এয়া ন্যায় হৈ গ'ল ? নহয়। আপুনি ভাবেনে পাঞ্জাৱতেই পুৰুষৰ প্ৰথম ধৰ্ষণ ? নহয়। পুৰুষ হ'বলৈ নাপায়েই বহুত ল'ৰা। নিষিদ্ধ সোৱাদ বহুতেই আগতেই পায়। বহুতকে ঘৰতে শোষণ কৰা হয়। আপোনাৰ ল'ৰাটোক কোনে কোনে পেন্ট খুলি কিমান ডাঙৰ হৈছে বুলি ধেমালি কৰে মন কৰিছে কেতিয়াবা ? কিয় , ল'ৰাৰ লাজ নাাথাকে ? থাকেতো । ধৰ্ষণত ল'ৰাৰ কষ্ট নাথাকে ? থাকেতো । ধৰ্ষণ হাঁহি উঠা বিষয় নহয়। আপোনাক কিডনেপ কৰি কেতিয়া ধৰ্ষণ কৰিব বুলি যে তামাছা কৰিছে, নিজকে সোধকচোন আপুনি দিনটোত কেইবাৰ পাৰিব ? তাকো জবৰদস্তি । Be honest. দাঁত উলিয়াওৱাৰ আগতে ভাৱক , আপোনালোকৰ এইবোৰ মিম, তামাছাই কিমান শোষিত মানুহৰ , শিশুৰ লগত চলি থকা অন্যায়, শোষণক চিৰদিনৰ বাবে চুপ কৰি দিব পাৰে । কিয় , পুৰুষ মানেই ভাদমহীয়া কুকুৰ নেকি ? যেতিয়াই মন যায় তেতিয়াই যে .....নহয়তো। পুৰুষো মানুহ। বহুতে বিয়াৰ পাছতো নিজৰ পুৰুষত্ব প্ৰমান কৰিবলৈকে বাধ্যতামূলক যৌনতাৰ চিকাৰ হয়। Marrital r**e ৰ কথা ক'বলৈ পুৰুষ-মহিলা কাৰো সাহস নাই। কাৰণ ? সমাজে বিয়াৰ সময়তেই যৌন সংগমৰ লাইলেন্সখন দি থৈছে যে। যদি আপুনি নোৱাৰে, যদি আপুনি sexually cool তেন্তে বিয়া কিয় পাতিছিলি বুলি শুনাৰ ভয়তে বছৰ-বছৰ ধৰি বহুতেই যৌনতাক বাধ্যতামূলক ভাবে সহ্য কৰে। উদাহৰণ যিমানেই নাথাকক, কথা এটাই- ধৰ্ষণ অপৰাধ । ভুলৰ ক্ষমা থাকে কিন্তু অপৰাধৰ ক্ষমা নহয় শাস্তি থাকে।
যদি মানুহ হৈ আছে তেন্তে অপৰাধক কমেডী শ্বৰ স্ক্ৰীপ্ট নবনাব। Break the silence .
✍অশ্ৰাৱিকা বৰা

19/11/2022

ঘৰলৈ মাকে অনা মিঠাইটো ৰ বেছি খিনি ভনীয়েকক দি কয় - তইটো ল'ৰা মানুহ । বাহিৰত খাৱই । সি পুৰুষ ।

পূজাৰ বিহুৰ কাপোৰ কিনোতে অলপীয়া ধনেৰে জোৰাব নোৱাৰা দেউতাকে কয় । তই ল'ৰা মানুহ । ল'ৰাৰ কাপোৰৰ ইমান কথা নাই । এইবাৰ তাইকে এযোৰ লৈ দিওঁ । সি পুৰুষ ।

মেট্ৰিকৰ দেওনা খন পাৰ হবলৈ হওঁতেই তালৈ সকীয়নী আহে । তই ল'ৰা মানুহ ভালকৈ পঢ় । ভৱিষ্যতে তয়ে আমাক চাব লাগিব । সি পুৰুষ ।

আৰু এদিন কান্ধ দাঙিব পৰা হওঁতেই আইৰ চৰুৰ এসাঁজ ভাত অথবা পিতাইৰ মূৰৰ এখন ছালৰ দায়িত্বত সি ঘৰ এৰে । ঘৰ এখন বনাবলৈ । ছোৱালীৰ দৰে তাৰ সেই স্ব বৰণীয় গৃহত্যাগৰ কথা কোনেও নকয় । সি পুৰুষ ।

৯ ৰ পৰা ৯ বজালৈ কাম কৰি আহি ভোক আৰু ভাগৰত আলু সিদ্ধ ভাত কেইটা আগত লৈ সি মাকক ফোন কৰে - " আজি চিকেন অলপ আনিছিলোঁ " সি পুৰুষ ।

দিনৰ দিনটো ৰ কামৰ ব্যস্ততা মালিকৰ কাঢ়া কথাৰ পিছতো গাঁৱত ক'ৰবাত সি সময় দিব নোৱাৰাৰ বাবেই অভিমান কৰি ৰৈ থকা প্ৰেয়সীক অসীম ধৈৰ্যৰে বুজাই - এইবোৰ যে কৰি আছোঁ কাৰ বাবে সোণজনী । কেতিয়াবা বুজে কেতিয়াবা নুবুজে তথাপিও সি সপোন দেখি থাকে । সি পুৰুষ ।

আকৌ কেতিয়াবা উজুটিত উসহী উঠা নখটোৰ কথা পাতি থাকোতে সি দাঁতে ওঠে কামুৰি চেপি ধৰে পেটৰ বাওঁকাষ । পাথ্থৰ টো বাঢ়িছে । নাই এইমহাত একেবাৰেই জোৰাব নোৱাৰিম । সি নকয় । সি পুৰুষ ।

অশেষ আশা আৰু যথাসম্ভৱ প্ৰস্তুতিৰ পিছত মনৰ মানুহজনীৰ ঘৰলৈ সম্বন্ধ এটা আগবঢ়োৱাৰ পিছতো তাক reject কৰা হয় । কাৰণ সি পুৰুষ । চৰকাৰী চাকৰি এটাহে তাৰ যোগ্যতাৰ মাপক । সি মানুহটো নহয় ।

মুম্বাই গৈ অভিনয়ৰ কেৰিয়াৰ গঢ়িব খোজা ল'ৰাটোৱে হাঁহিমুখে সেই সংগ্ৰাম আৰু অনিশ্চয়তাৰ জীৱন এৰি ডেলিভাৰী বয় ৰ কাম এটাত সোমাই । সি যে পুৰুষ । সময় থাকোতেই ভৰসাৰ গছ হৈ গজিব নুঠিলে তালৈ যে ৰৈ নাথাকিব প্ৰিয়জন ।

নিজৰ পিন্ধিবলৈ এজোৰ বাদে দুযোৰ কাপোৰ জোৰাব নোৱাৰা ল'ৰাটোৱে নিজৰ ভগ্নী বা প্ৰেয়সীক কয় তোৰ ভাল লগা যোৰেই ল পইছাৰ চিন্তা কৰিব নালাগে নহয় । সি পুৰুষ ।

উৎসৱ পাৰ্বন আহিলে সকলোৰে ফুৰ্তি লগা দিনত তেওঁৰ ভয় হয় । পাৰিবনে জোৰাব পত্নী সন্তান , কাপোৰ কানি আৰু সকলো ! আৰু শেষত জোৰা মাৰি মাৰি হাঁহি এটা সামৰি কয় মোক মিলা ভাল কাপোৰে নাপালোঁ । এইবাৰ তহঁতে পিন্ধ । তেওঁ পুৰুষ ।

পিতৃত্বৰ প্ৰথম অনুভৱ । কিমান যে উৎসাহ কিমান যত্ন । পানী বাল্টিটো মই আনি দিম , অমুকটো মই কৰি দিম আজি ডক্টৰ তাতে যোৱাৰ তাৰিখ । তোমাৰ বাবে এইটো আনিছোঁ , তুমি এনেকৈ থাকিবা । অপাৰেচন ৰুমৰ আগত ওলমি থকা শুকান মুখবোৰ, পাৰিলে তেওঁৰ কষ্টখিনি নিজে লব বিচৰাৰ দৰে আকুটিবোৰ । এইবোৰ কোনেও নকয় কাৰণ তেওঁ পুৰুষ ।


আৰু ইমানৰ পিছত এদিন নিজৰ পুত্ৰৰ আগত তেওঁ পুনৰাবৃত্তি কৰে অভ্যাবশত তৰুণতে দেউতাকে তেওঁক কোৱা কথাষাৰ - পুৰুষ হৈ ইমান সোনকালে বিচলিত হলে কেনেকৈ হব । হাৰি নাযাবি সহজে ।
তাৰ পৰাই আৰম্ভ হয় পুৰুষক কঠিন সজাৰ নেৰেটিভ । হেজাৰ দুখত পিষ্ট হৈয়ো হাঁহি হাঁহি পুৰুষে কবলৈ শিকে বাদ দেনা ভাই chill 😊😊😊

আছে নাৰীৰো এটা ফাল আছে । সকলোৰে থাকে । তথাপি আজি পুৰুষৰ বাবে । আমাৰ বাবে । শুভ পুৰুষ দিৱস 😊😊😊💙💙💙💚💚💚
লিখা Deep Jyoti Baruah ৰ ৱালৰ পৰা।

18/11/2022

Happy birthday Zubeen Daa❤

Want your establishment to be the top-listed Arts & Entertainment in Gohpur?
Click here to claim your Sponsored Listing.

Videos (show all)

ৰাস❤️ #reelschallenge #reelsfb  #photography @Udaya Ditya Photography
"ৰাঘৱ"যতীন বৰা পৰিচালিত নতুন এখন অসমীয়া ছবি । দক্ষিণৰ ছবিৰ লগত ফেৰ মাৰিব পৰাকৈ মানদণ্ডৰ এখন ছবি । অহা ২৭অক্টোবৰত আপোনাৰ...
কাতি বিহুৰ আন্তৰিক শুভেচ্ছাৰে.........
ৰাঘৱ আহি আছে.....
লাহে লাহেকৈ মৰম❤️❤️
Promotional Photoshoot Makeup Done By- Ilora Borah
লক্ষীমপুৰ 😍
বুজিছা যদি...😋🙈

Telephone

Address

Gohpur

Other Arts & Entertainment in Gohpur (show all)
Namita Baruah Namita Baruah
Gohpur, 784172

entertainment�

Buroi Mising Yame Buroi Mising Yame
Gohpur, 784170

We make videos to entertainment and others. If you like our videos please subscribe to our Youtube channel ,Link is in website.

Global Mix LIVE Global Mix LIVE
NH-15 , GOHPUR, BISWANATH (784168)
Gohpur, 784168

GMix LIVE is a impartial , trusted publishing media of news with varieties of talents from society.