আঁক-বাক প্ৰকাশন
মানসম্পন্ন নিৰ্বাচিত গ্ৰন্থ প্ৰকাশ আমাৰ মূল লক্ষ্য।
অসমীয়া ভাষা আৰু সাহিত্যৰ সমৃদ্ধিৰ বাবে নিষ্ঠাৰে কাম কৰাটোক আমি আমাৰ দায়বদ্ধতা হিচাপে বিবেচনা কৰোঁ।
আঁক-বাক প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা "মোৰ জীৱনটো"লৈ এই বছৰৰ সাহিত্য অকাদেমিৰ অনুবাদ বঁটা। টেমছুলা আওৰ আত্মজীৱনী, মূল ইংৰাজী Once Upon a Life গ্ৰন্থৰ লক্ষজ্যোতি গগৈ সন্দিকৈয়ে কৰা অনুবাদ গ্ৰন্থ "মোৰ জীৱনটো"লৈ এই সন্মান আগবঢ়োৱা হৈছে।
ডঃ বিনীতা বৰা দেৱ চৌধুৰীয়ে #বেণী সন্দৰ্ভত লিখা এটা চুটি আলোচনা আজিৰ "দৈনিক অসম" কাকতত প্ৰকাশ পাইছে। আলোচনাটো তেনেই কম পৰিসৰৰ যদিও উপন্যাসৰ প্ৰাণটো তাতেই উজলি উঠিছে। তেখেতলৈ অশেষ ধন্যবাদ। আগ্ৰহীসকলে লেখাটো পঢ়ি চাব পাৰে।
:::
"...পঠনৰ শেষত ভাৱ হয় সঁচাই যেন ই এখন সামাজিক মহাকাব্য৷"
"...“বেণী“ ৰ জৰিয়তে সৌমিত্ৰ যোগীয়ে অসমীয়া উপন্যাসৰ সুঁতিটোত এক নতুন ঢৌ আনিলে৷"
:::
ডঃ বিনীতা বৰা দেৱ চৌধুৰী
সাহিত্যই যেতিয়া সমাজৰ মাৰ্গ দৰ্শন কৰিবলৈ সক্ষম হয়,বাস্তৱ সমাজখনৰ প্ৰতিফলন ঘটাবলৈ সক্ষম হয় তেতিয়া সেই সাহিত্যই পাঠকৰ চিন্তাত প্ৰভাৱ পেলাবলৈ সক্ষম হয়৷ লিখকৰ অন্তৰ্দৃষ্টিয়ে বাস্তৱ সমাজখনৰ বিভিন্ন ঘটনা-পৰিঘটনাক এনেকুৱাকৈ বিশ্লেষণ কৰায় যে সি পাঠকৰ মনত নতুন নতুন চিন্তাৰ খোৰাক জগোৱাৰ লগতে ভিন্ন দৃষ্টিৰে চোৱাৰ সুবিধা দিয়ে৷ প্ৰচলিত নেৰেটিভ একোটাক লিখকে এনে একোটা দিশত উল্মোচিত কৰে যে পাঠকে চিন্তা কৰিবলৈ বাধ্য হয় আচলতে মূল বক্তব্য কি৷ এনে এক চিন্তা উদ্ৰেককাৰী উপন্যাস “বেণী“৷ সৌমিত্ৰ যোগীৰ “বেণী“য়ে অসমীয়া উপন্যাসৰ বহুদিনীয়া এক একঘেয়ামী ভাঙি এক নতুন দায়বদ্ধতাৰ সৃষ্টি কৰিলে৷ “বেণী“ কেৱল উপন্যাস হৈ নাথাকিল৷ সমাজ বাস্তৱতা আৰু মনঃস্তাত্বিক বিশ্লেষণৰ এখন প্ৰামাণ্য দলিল “বেণী“৷
সৃষ্টিশীল সাহিত্যৰ বৈশিষ্ট্য অনুসৰি ঔপন্যাসিকে এটা কাহিনীৰ স্কেছ আৰম্ভণিতে আঁকি লৈছে যাৰ কেন্দ্ৰবিন্দুত আছে মধুৱন্তী আৰু ময়ূখ গোস্বামী৷ মধুৱন্তী আৰু ময়ূখ গোস্বামীৰ বিবাহৰ পৰাই আৰম্ভ কৰিছে কাহিনী কথন৷ বিবাহৰ জৰিয়তে আৰম্ভ হোৱা বিধিগত যৌনজীৱনৰ প্ৰসংগত উন্মোচিত হৈছে সমাজৰ ,লোকচক্ষুৰ আঁৰত চলি থকা কিছুমান যৌন শোষণৰ কাহিনী৷ প্ৰতিজন পাঠকে, বিশেষকৈ নাৰীসকলে এনেবোৰ কাহিনীৰ মাজত হয়তো নিজৰ অনুভৱ বিচাৰি পাব, যিবোৰ মনত সাঁচি একোগৰাকী নাৰীয়ে জীৱনৰ প্ৰতিটো মুহূৰ্ত ধৰ্ষকামী মানসিকতাৰ আত্মীয় পুৰুষৰ প্ৰতিয়েই নেতিবাচক মনোভাৱ কঢ়িয়াই লৈ ফুৰিব লগা হয়৷
ঔপন্যাসিকে মূল কাহিনীক এখোজো আঁতৰি যাবলৈ নিদিয়াকৈ উন্মোচিত কৰিছে এই পৃথিৱীত চলি থকা কিছুমান নিৰ্মম সত্যক ঠিক একে ৰূপতেই৷ ঘটনাবোৰৰ সংবেদনশীল, উদ্বেগজনক আৰু পীড়াদায়ক ব্যাখ্যা আৰু বৰ্ণনাই সংবেদনশীল পাঠকৰ বিবেকক টুকুৰিয়াই যোৱাটো স্বাভাৱিক৷
ঔপন্যাসিকে কাহিনীৰ মাজলৈ অনা প্ৰতিটো অন্তৰ্কাহিনীৰ মাজত পাঠকে সমাজত ঘটি যোৱা ধৰ্ষণৰ একো একোটা কাহিনীৰ প্ৰতিফলন বিচাৰি পাব৷ এগৰাকী নাৰী শৈশৱতে সন্মুখীন হোৱা আপোনজনৰ যৌন শোষণৰ বাবেই যে পৰৱৰ্তী জীৱনত স্বাভাৱিক যৌন জীৱনৰ প্ৰতি ভীতিগ্ৰস্ত হৈ পৰে মধুৱন্তীৰ চৰিত্ৰটোৱে তাৰ কাহিনী কয়৷
কাহিনী আগবঢ়াই নিওঁতে ঔপন্যাসিকে “আদিপৰ্ব“,“সভাপৰ্ব“ আদি ধৰণে পৰ্ব বিভাজন কৰাই এক মহাকাব্যিক স্বাদ আনি দিছে৷ আৰু পঠনৰ শেষত ভাৱ হয় সঁচাই যেন ই এখন সামাজিক মহাকাব্য৷
শেষৰ ফাললৈ অলপ ৰহস্যৰ সৃষ্টি কৰিছে ৷ ধৰ্ষকক হত্যাৰ প্ৰসংগত প্ৰথমে যেন তিস্তা চৌধুৰীৰ দেউতাকেই হত্যাকাৰী এনে এটা ধাৰণা সৃষ্টি কৰিছে৷ মাজে মাজে এই চিন্তা তুতিলৈয়ো যায়৷ দস্যু ভাস্কৰৰ প্ৰসংগও ঔপন্যাসিকে সুকৌশলেৰে টানি আনিছে৷ কাৰণ,আজিৰ সংবেদনশীল মানুহে সমাজৰ দুৰ্নীতি,অন্যায় ৰোধ কৰাৰ বাবে নিজকে দস্যু ভাস্কৰ ৰূপে প্ৰক্ষেপ কৰাৰ বহু আকাংক্ষা মাজে মাজে শুনা যায়৷ যদিও কৰ্ণভূষণ আৰু নিখিলক অলপ অতিৰঞ্জিতভাৱে চিত্ৰিত কৰা যেন লাগে তথাপি অনুভৱ হয় সেই দুটা যেন ঔপন্যাসিকৰ মনত থকা সমাজ পৰিৱৰ্তনৰ আকাংক্ষা আৰু ক্ষোভৰহে চৰিত্ৰ ৰূপ৷ শেষত কিন্তু মহাকাব্যৰ আদৰ্শেৰেই যোগাত্মক ভাৱে কাহিনীৰ সামৰণি মাৰিছে৷
উত্তৰ আধুকিকতাবাদৰ চিটিকণি পেলাইছে সৌমিত্ৰ যোগীৰ চৰিত্ৰৰ প্ৰৱেশেৰে সমাপ্তিত৷ সমগ্ৰ কাহিনীত সৌমিত্ৰ যোগীয়ে এক টুইষ্ট দিছে নিজে এটা চৰিত্ৰ হৈ৷
অতি সাৱলীল ভাষা আৰু অন্তৰভেদী সংলাপে উপন্যাসখনৰ পঠন উপভোগ্য কৰাৰ লগতে চিন্তাৰ খোৰাক যোগাইছে৷
-“সাতমহীয়া এজনী ছোৱালীকো ধৰ্ষণ কৰা হয়৷
সাতবছৰীয়া এজনী ছোৱালীকো ধৰ্ষণ কৰা হয়৷
পাঁচ,পঁচিছ অথবা পঞ্চাছবছৰীয়া-সকলো বয়সৰ নাৰীকে ধৰ্ষণ কৰা হয়৷
তাৰ মানে নাৰী এগৰাকীৰ বয়সতো কোনো কাৰণ নহয়৷“
-আকৌ-
ধৰ্ষণকাৰীৰ কোনো বয়স নাথাকে
ধৰ্ষণকাৰীৰ কোনো ধৰ্ম লাথাকে
ধৰ্ষণকাৰীৰ নিৰ্দিষ্ট কোনো সামাজিক পৰিচয় নাথাকে
ধৰ্ষণকাৰীৰ কোনো শ্ৰেণীগত পৰিচয় নাথাকে৷তাৰ পাছতো কিছুমান কথাৰ ইমান সাধাৰণীকৰণ কিয় কৰো আমি?“
ঔপন্যাসিকে কাহিনী কোৱাৰ উদ্দেশ্য ভাল বেয়া সকলো শিকক মানুহে৷ সুস্থ যৌনতা কি তাকো শিকক আমাৰ সন্তানে৷ যৌনতা যে সৃষ্টি আৰু পৃথিৱীক আগুৱাই নিয়াৰ মহৎ প্ৰচেষ্টা তাক শিকিব পাৰিলেহে ধৰ্ষকামী মানসিকতা নোহোৱা হোৱাৰ সম্ভাৱনা৷ সকলোৰে ঊৰ্ধ্বত প্ৰেম আৰু ভালপোৱা - কাহিনীৰ সমাপ্তিয়ে সেই কথাকে কৈছে৷
“বেণী“ ৰ জৰিয়তে সৌমিত্ৰ যোগীয়ে অসমীয়া উপন্যাসৰ সুঁতিটোত এক নতুন ঢৌ আনিলে৷
অলপমান আশ্ৰয়, হয়তো সামান্য প্ৰশ্ৰয়ৰ আকাংক্ষা, সামান্য নিৰাপত্তা—এই কথাকে যুগ যুগ ধৰি পুৰুষ-নাৰী নিৰ্বিশেষে সকলোৱে প্ৰেম বুলি ভুল কৰি আহিছে। আৰু এই ভুল কৰিবলৈকে মানুহ ব্যাকুল হয়, কাতৰ হয়, বিভ্ৰান্ত হয়, ঈৰ্ষাত ছটফটায় আৰু নিজক নিঃশেষ কৰি দিয়াৰ মাজেৰে প্ৰাপ্তিৰ স্বপ্ন দেখে।
#বেণী
#কথাবোৰ_ভবাৰ_দৰে_নহয়
#সত্যৰ_সদায়_ভয়
যোৱা ১০ বছৰত এজন প্ৰকাশক হিচাপে মই আটাইতকৈ বেছি সন্মুখীন হোৱা প্ৰশ্নটো হৈছে—‘কিতাপ এখনৰ এটা সংস্কৰণত কিমান কপী ছপোৱা হয়?’ অথবা—‘এটা সংস্কৰণ মানে কিমান কপী?’ ‘আপোনালোকে এটা সংস্কৰণত কিমান কপী ছপায়?’
৫ বছৰ পূৰ্বে মোৰ উত্তৰটো অলপ বেলেগ আছিল। এতিয়া সামান্য সলনি হৈছে।
কিতাপ এখন কিমান কপী ছপা কৰা হ’ব সেইটো নিৰ্ধাৰণ কৰা হয় কিতাপখনৰ বজাৰ পোৱাৰ সম্ভাৱনা কিমান—সেই অনুমানৰ আধাৰত। সেই সংখ্যাটো সম্ভাৱনা অনুসৰি ২০০ কপীও হ’ব পাৰে, ৫০০ কপীও হ’ব পাৰে, অথবা ২০০০ কপীও হ’ব পাৰে।
সংস্কৰণ বা মুদ্ৰণ, পুনৰ প্ৰকাশত এখন কিতাপ কিমান ছপা কৰা হয় তাৰ কোনো নিৰ্ধাৰিত সংখ্যা নাই। মই আজিকালি যিবোৰ ছপাশালত কিতাপ ছপা কৰিবলৈ দিওঁ, তেওঁলোকৰ পৰা জনা মতে, তেওঁলোকে একোখন কিতাপ এটা সংস্কৰণত ৫০ হেজাৰ কপীও ছপা কৰে। আপুনি যদি দুটা বা এটা কপী ছপা কৰিব বিচাৰে—সেইটোৰো ব্যৱস্থা আছে। মানে এটা কপীৰেই এটা সংস্কৰণ।
আজিকালি গুৱাহাটীতো সেই সুবিধা সুলভ হৈছে। কোনোবাই এটা কপীৰেও এটা সংস্কৰণ প্ৰকাশ কৰিব পাৰে। (এই সুবিধা বহু বছৰ আগেয়েই ভবানী প্ৰেছে আগবঢ়াইছিল কিন্তু তেতিয়া ইমান সুলভ নাছিল। এতিয়া তেনেকুৱা সুবিধা আগবঢ়োৱা ভালেকেইটা প্ৰেছ হৈছে।)
এজন লেখকে বা প্ৰকাশকে কিতাপ এখন একোটা সংস্কৰণ বা মুদ্ৰণত ৫০ কপী ছপা কৰিলেও সেইটো কোনো দোষৰ কথা নহয়। কিন্তু ৫০ কপী ছপা কৰি ৫০০ কপী বুলি কোৱাটো অথবা ৫০০ কপী ছপা কৰি ১০০০ কপী বা ২০০০ কপী ছপা কৰা বুলি কৈ পঢ়ুৱৈক ভুৱা তথ্যৰে বিক্ৰী কৰাটোহে দোষৰ কথা। কাৰণ এগৰাকী পঢ়ুৱৈয়ে প্ৰচাৰৰ মায়াজালত বন্দী হৈ আজি হয়তো কিতাপখন কিনি লৈ যাব, কিন্তু পঠন অভিজ্ঞতা বেয়া হ’লে, বাৰম্বাৰ সেই অভিজ্ঞতাৰ সন্মুখীন হৈ থাকিলে হয়তো সেই পঢ়ুৱৈজনে অসমীয়া কিতাপ পঢ়াই বাদ দিব। এনেকুৱা হৈ থাকিলে প্ৰকাশন উদ্যোগটোৰ ক্ষতি হ’ব বুলি আপুনি নাভাবেনে?
আজি আমাৰ কাৰ্যালয়লৈ আহি ‘বেণী’খন কিনা এজন লেখকে কিতাপখনৰ পাত লুটিয়াই থাকি হঠাৎ সুধিলে—‘আপুনি দুহেজাৰ কপী ছপা কৰা বুলি লিখি দিছে যে?’
তেওঁক মই কাৰণটো ব্যাখ্যা কৰি দিলোঁ। কথাখিনি আপোনালোককো কওঁ—
‘বেণী’খন যোৱা বছৰেই প্ৰকাশ কৰাৰ এক পৰিকল্পনা আছিল। সেই সূত্ৰে মোৰ ঘনিষ্ঠ কেইবাগৰাকীও লেখকে এই কথা জানিছিল যে—‘বেণী’ৰ প্ৰথম সংস্কৰণটো ২০০০ কপী ছপা কৰিম, আৰু এই কথা ‘ঘোষণা পৃষ্ঠা’ত উল্লেখ কৰি দিয়া হ’ব। প্ৰকাশক হিচাপে দায়িত্বশীল হ’বলৈ চেষ্টা কৰি ‘বেণী’খন পাছৰ বছৰৰ বাবে ৰাখি থ’লোঁ। এইবাৰ যেতিয়া ‘বেণী’খন প্ৰকাশৰ যো-জা কৰিছিলোঁ, দুই এজন লেখকে আকৌ সুধিলে—‘কিমান উলিয়াব?’
মোৰ একেই উত্তৰ—‘২০০০ কপী।’
তাৰে এগৰাকী লেখকে এদিন সুধিলে—‘২০০০ কপী উলিয়াব জানো?’
মই ক’লোঁ—‘উলিয়ামেই আৰু তাতে ২০০০ কপী উলিওৱা বুলি লিখিও দিম। যদি এই দুহেজাৰ কপী বিক্ৰী হ’বলৈ ২০ বছৰ লাগে, তেতিয়াও মোৰ কোনো আক্ষেপ নাই।’
‘নহয়, মই সেইটো কোৱা নাই। মই কৈছোঁ, ৫০০ কপী ৫০০ কপীকৈ চাৰিটা সংস্কৰণ কৰিব পাৰিলেহেঁতেন দেখোন।’ তেওঁ ক’লে।
মই হাঁহিলোঁ—‘নালাগে, নকৰোঁ। পঢ়ুৱৈক ফাঁকি দি কিতাপ বিক্ৰী নকৰোঁ। মই যে ফাঁকি দিছোঁ—সেইটো হয়তো আন কোনেও গম নাপাব। কিন্তু মই মোক ফাঁকি দিম কেনেকৈ? নিজৰ ওচৰতে লাজ লাগিব।’
অৱশেষত মই কোৱামতেই ঘোষণা পৃষ্ঠাত কথাটো উল্লেখ কৰিছোঁ। বাংলা আৰু ইংৰাজী বহু কিতাপতো এনেকৈ উল্লেখ কৰা দেখা পাইছোঁ। মোৰ এজন লেখক বন্ধুৱে আগৰ কিছুমান অসমীয়া কিতাপতো এনেকৈ মুঠ ছপা সংখ্যা লিখি দিয়াৰ কথা প্ৰসংগক্ৰমে কৈছিল, মই নিজেও দেখা মনত পৰে। তাৰ পৰাই এই আইডিয়াটো লৈছিলোঁ। মই উল্লেখ কৰাই নহয়—কোনোবাই চাব বিচাৰিলে ১৮ শতাংশ জি এছ টি দিয়া ‘ইনভয়চ’ৰ কপীও দেখুৱাব পাৰিম। কাৰণ, উল্লেখ মিছাকৈয়ো কৰিব পাৰি। কিন্তু ১৮ শতাংশ জি এছ টি দিয়া ‘ইনভয়চ’ এখন এনেয়ে যোগাৰ কৰিব নোৱাৰি।
কালি গ্ৰন্থমেলাত গম পালোঁ, কিতাপ ছপা নকৰাকৈয়ো ঘোষণা পৃষ্ঠাত এটা বা দুটা সংস্কৰণ বঢ়াই উল্লেখ কৰাৰ এক অশুভ পৰম্পৰাৰ আৰম্ভণি হৈছে (এইটোক মই ‘ব্লেংক এডিশ্যন’ নাম দিছোঁ)। অভিযোগটো সঁচা নে মিছা মই নাজানো। কিন্তু কিতাপ বিক্ৰী কৰিবলৈকে পঢ়ুৱৈক মিছা কথাৰে প্ৰবঞ্চনা কৰাটোৱে অসমীয়া গ্ৰন্থ উদ্যোগৰ বিস্তৰ ক্ষতি কৰিব। এনেধৰণৰ গৰ্হিত কাম কোনো লেখক বা প্ৰকাশকেই কৰা উচিত নহয়। আমি কোনোৱেই গ্ৰাহক হিচাপে ঠগ বা প্ৰবঞ্চনাৰ বলি হ’ব নিবিচাৰোঁ, এইটোক আমি সকলোৱে অন্যায় বুলি ভাবোঁ—তেন্তে এগৰাকী লেখক বা প্ৰকাশকে তেনে অন্যায় কৰা উচিত বুলি আপুনি ভাবেনে?
মোৰ এই প্ৰচেষ্টা সংস্কৰণক লৈ চলি থকা অশুভ পৰম্পৰাৰ বিৰুদ্ধে এক প্ৰতিবাদ। অসমীয়া ভাষা-সাহিত্য আৰু প্ৰকাশন উদ্যোগটোৰ বৃহত্তৰ স্বাৰ্থতে এই প্ৰতিবাদ। কোনোবাই ব্যক্তিগত স্বাৰ্থ বিঘ্নিত হোৱাৰ বাবে মোক বেয়া পালেও মোৰ কোনো আক্ষেপ বা দুখ নাই।
"বেণী" সন্দৰ্ভত শ্ৰদ্ধাৰ আৰু প্ৰিয় ঔপন্যাসিক, লেখক ডঃ ধ্ৰুৱজ্যোতি বৰাৰ অভিমত।
লিখি থকাৰ সময়ত ‘বেণী’খন আছিল মোৰ। মোৰ বুলি ভাবিছিলোঁ বাবেই লিখি উলিওৱাৰ দায়িত্বও আছিল মোৰ। আজি আপোনালোকলৈ বুলি প্ৰথম সংস্কৰণটো বিক্ৰীৰ বাবে মুকলি কৰি দিছোঁ। এতিয়াৰ পৰা ‘বেণী’খন আপোনালোকৰ।
যিসকল নাৰী তথা ছোৱালীয়ে নিজৰ মাজতে সকলো যন্ত্ৰণা সামৰি-সুতৰি ৰাখি এক মৰ্মান্তিক, দুৰ্বিসহ জীৱন জীয়াই থাকে—তেওঁলোকৰ কাৰণে ‘বেণী’খন যদি অকণমানো প্ৰেৰণাৰ উৎস হ’ব পাৰে; যিসকল মাক-দেউতাকে নিজৰ ছোৱালীজনীৰ সুৰক্ষাৰ কথা ভাবি প্ৰতিটো মুহূৰ্ত উদ্বিগ্নতা আৰু ভয়ত পাৰ কৰে—তেওঁলোকৰ কাৰণে ‘বেণী’খন যদি অকণমানো অভয় আৰু সাহসৰ উৎস হ’ব পাৰে; যিসকল অভিভাৱকে নিজৰ সন্তানক ভাল মানুহ হিচাপে গঢ়ি তুলিবলৈ সৰ্বান্তকৰণে চেষ্টা কৰে—তেওঁলোকৰ কাৰণে ‘বেণী’খন যদি অকণমানো সাৰথি হ’ব পাৰে; আৰু—আৰু যদি আপোনাৰ সন্মুখত এখন নতুন চিন্তাৰ জগত মুকলি কৰি দিবলৈ সক্ষম হোৱা বুলি আপুনি অনুভৱ কৰে—তেনেহ’লে, হে শ্ৰদ্ধাস্পদ আৰু প্ৰিয় পঢ়ুৱৈ, ‘বেণী’খন মানুহৰ মাজলৈ লৈ যোৱাৰ দায়িত্বও আপোনালোকৰ হাততে অৰ্পণ কৰিলোঁ।
এই মুহূৰ্তৰ পৰা—গুৱাহাটীৰ চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত হৈ থকা ‘অসম গ্ৰন্থমেলা’ৰ ‘আঁক-বাক’ৰ বিপণী (প্ৰৱেশদ্বাৰৰ পৰা সোমায়েই বাঁওফালে প্ৰথম শাৰীত, বিপণী নং ৬ আৰু ৭)ত—একেদৰে ‘আঁক-বাক’ৰ পাণবজাৰস্থিত স্থায়ী বিপণীত ‘বেণী’ উপলব্ধ হৈছে।
সৌমিত্ৰ যোগী
০৪ জানুৱাৰী ২০২৪
https://youtu.be/nilGu7OjHHc?si=pAb3MlDHiqBufrrr
সৌমিত্ৰ যোগীৰ নতুন উপন্যাস 'বেণী' উন্মোচন ▶️ সৌমিত্ৰ যোগীৰ নতুন উপন্যাস 'বেণী' উন্মোচন। বিশিষ্ট লেখক, ঔপন্যাসিক ড০ ধ্ৰুৱজ্যোতি বৰাই উন্মোচন কৰে উপন্যাসখন।
প্ৰাগ নিউজ
https://fb.watch/pjTcwjgRLT/?mibextid=6aamW6
প্ৰথম খবৰ
https://www.facebook.com/share/v/g26CaDUc7e8rsY4W/?mibextid=qi2Omg
"অসমীয়া প্ৰতিদিন"ত "বেণী"ৰ উন্মোচনী অনুষ্ঠানৰ বাতৰি। P5
"দৈনিক জনমভূমি"ত "বেণী"ৰ উন্মোচনী অনুষ্ঠানৰ বাতৰি।
"দৈনিক অসম"ত "বেণী"ৰ উন্মোচনী অনুষ্ঠানৰ বাতৰি।
"নিয়মীয়া বাৰ্তা"ত "বেণী"ৰ উন্মোচনী অনুষ্ঠানৰ বাতৰি। P3
"আমাৰ অসম"ত "বেণী"ৰ উন্মোচনী অনুষ্ঠানৰ বাতৰি।
শ্ৰদ্ধাস্পদ আৰু প্ৰিয় পঢ়ুৱৈ, আপোনালোকক স্বাগতম। গুৱাহাটীৰ চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হৈ থকা ‘অসম গ্ৰন্থমেলা’ৰ ‘আঁক-বাক’ৰ বিপণী (প্ৰৱেশদ্বাৰৰ পৰা সোমায়েই বাঁওফালে প্ৰথম শাৰীত, বিপণী নং ৬ আৰু ৭)লৈ আদৰণি জনাইছোঁ।
সৌমিত্ৰ যোগীৰ উপন্যাস "বেণী", ইন্দ্ৰাণী শৰ্মাৰ উপন্যাস "আবেলি"কে ধৰি আৰু ভালেকেইখন গুৰুত্বপূৰ্ণ গ্ৰন্থ দুই এদিনতে আপোনালোকৰ হাতত তুলি দিব পাৰিম।
সাদৰ নিমন্ত্ৰণ...
নতুন ৰূপত "মধুশালা"ৰ চতুৰ্থ প্ৰকাশ। ২০১৪ চনৰ ডিচেম্বৰত উপন্যাসখনৰ প্ৰথম সংস্কৰণটো প্ৰকাশ পাইছিল। প্ৰকাশৰ পূৰ্বে এজন জ্যেষ্ঠ লেখক তথা গল্পকাৰে মোক "মধুশালা" নামটো দিবলৈ মানা কৰিছিল। তেওঁৰ যুক্তি আছিল, হৰিবংশ ৰায় বচ্চনৰ "মধুশালা"খন ইমানেই জনপ্ৰিয় যে তোমাৰ উপন্যাসখন নামটোৰ কাৰণেই মাৰ খাই যাব।
বিষয়বস্তু অনুযায়ী উপন্যাসখনৰ নামটো "মধুশালা"ৰ বাহিৰে অন্য একোৱেই যেন যথোচিত নহ'ব, মোৰ তেনে ধাৰণা হৈছিল আৰু সেয়ে নামটো সলনি নকৰি সকলো ধৰণৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈকে মই সাজু হৈ থাকিলোঁ।
গল্পকাৰগৰাকীৰ কথাটো সত্য প্ৰতিপন্ন হ'ল নে নাই মোৰ কোনো ধাৰণা অথবা সিদ্ধান্ত নাই। হয়তো উপন্যাসখন বহুত বেছি বিক্ৰী হ'ব লাগিছিল কিন্তু সিমানখিনি নহ'ল। হয়তো যিমান হ'ব লাগিছিল তাতোকৈ বেছিকৈয়ে হ'ল। আপোনালোকৰ জ্ঞাতাৰ্থে অৱগত কৰোঁ যে প্ৰথম সংস্কৰণটো ২২০০ কপী ছপোৱা হৈছিল। দ্বিতীয় প্ৰকাশত ১১০০ কপী আৰু তৃতীয় প্ৰকাশতো ১১০০ কপী ছপা কৰা হৈছিল। এইবাৰ ছপোৱা হৈছে ১০০০ কপী। "সংস্কৰণ" বঢ়াই নিজকে জনপ্ৰিয় লেখক হিচাপে প্ৰতিষ্ঠা কৰাৰ বাসনা মোৰ মুঠেও নাই। মানুহে যদি পঢ়িব লগা কিতাপ বুলি ভাবে তেতিয়াহ'লে পঢ়িবই, পঢ়ি ভাল পালে হয়তো আৰু দুজনক ক'ব—সিমানখিনিয়েই লাগে মোক।
‘বেণী’ বিষয়ক কেইটামান ইনফৰমেশ্যন দিব বিচাৰিছোঁ। এই পোষ্টটো অকণমান দীঘলীয়া। আশা কৰোঁ, আগ্ৰহীসকলে সময়-সুবিধা অনুযায়ী পঢ়ি চাব। ‘বেণী’ত মই পাতনি অথবা লেখকৰ কথা একো লিখা নাই, গতিকে এই কথাখিনিকে পাতনিৰ অংশ হিচাপে গণ্য কৰিব। কথা থাকিল, ইয়াৰ পাছত ‘বেণী’ সংক্ৰান্তীয় আৰু কোনো দীঘলীয়া পোষ্ট নিদিওঁ।
১। অহা ২ জানুৱাৰী ২০২৪, মঙলবাৰে আগবেলা গুৱাহাটী টাউন ক্লাবত ‘বেণী’ৰ উন্মোচন। সকলো ঠিকে থাকিলে সেইদিনাই দুপৰীয়া ১ বজাৰ পৰা গুৱাহাটীৰ চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত হৈ থাকিব লগা ‘অসম গ্ৰন্থমেলা’ৰ ‘আঁক-বাক’ৰ বিপণী (প্ৰৱেশদ্বাৰৰ পৰা সোমায়েই বাঁওফালে প্ৰথম শাৰীত, বিপণী নং ৬ আৰু ৭)ত পঢ়ুৱৈৰ বাবে ‘বেণী’ৰ প্ৰথম সংস্কৰণটো মুকলি কৰি দিয়া হ’ব।
২। ফে’চবুকত ধাৰাবাহিকভাৱে ‘বেণী’ৰ চাৰিটা পৰ্বহে দিব পাৰিছিলোঁ। একোটা খণ্ড আপলোড কৰা প্ৰক্ৰিয়াটোত মোক মুঠ পাঁচ ঘণ্টামান সময়ৰ প্ৰয়োজন হৈছিল। সেই সময়খিনি বচাবলৈকে ‘বেণী’ ফে’চবুকত দিয়া বন্ধ কৰিছিলোঁ আৰু লিখাৰ কামত ব্যৱহাৰ কৰিছিলোঁ। এনেকি ‘বেণী’ সম্পূৰ্ণ কৰাৰ স্বাৰ্থত মই সকলো সামাজিক মাধ্যমৰ পৰাই আঁতৰি আছিলোঁ। কাকোৱেই একো সঁহাৰি জনাব পৰা নাছিলোঁ। মোৰ ধাৰণা, এই কথাৰ কাৰণে মোৰ বন্ধু আৰু শুভাকাংক্ষীসকলে মোক মাৰ্জনা কৰিব; কিন্তু মই যদি উপন্যাসখনৰ মূল কাহিনীটো তথা বিষয়বস্তুক ন্যায্যতা দিব নোৱাৰোঁ তেতিয়াহ’লে পঢ়ুৱৈসকলে ‘বেণী’ৰ ঔপন্যাসিকজনক ক্ষমা নকৰিব। যি কি নহওক, অৱশেষত পৰিকল্পনা কৰা ধৰণেই ‘বেণী’ সম্পূৰ্ণ কৰিলোঁ। ধাৰাবাহিকভাৱে দিয়া বন্ধ কৰাৰ পাছত আৰু চাৰিটা পৰ্ব লিখিলোঁ। পৰিকল্পনা কৰা মতেই বিষয়বোৰ সামৰি ল’বলৈ কৰা চেষ্টাৰ ফলস্বৰূপে ‘বেণী’ হৈ উঠিল এখন বৃহদাকাৰ উপন্যাস, কিতাপৰ আকাৰ লোৱাৰ পাছত ‘ৰয়েল ছাইজ’ত পৃষ্ঠা সংখ্যা হ’লগৈ মুঠ ৫১২। (কিতাপৰ সাধাৰণ আকাৰত ইয়াৰ পৃষ্ঠা সংখ্যা ৬০০ৰো অধিক হ’লহেঁতেন। আৰু অন্য অসমীয়া প্ৰকাশনৰ দৰে প্ৰডাকশ্যন হোৱা হ’লে এই পৃষ্ঠা সংখ্যা ৭০০ৰো অধিক হ’লহেঁতেন।) বহুত গুণা-গঁথা কৰি অৱশেষত ‘বেণী’ৰ দাম ৬৯৯.০০ টকা নিৰ্ধাৰণ কৰা হৈছে।
৩। ২০০২ চনৰ ১২ জুলাইৰ নিশাৰ ঘটনা আছিল সেইটো। পল্টন বজাৰস্থিত এক বাছ আস্থানত মাক-দেউতাকৰ সৈতে অপেক্ষা কৰি থকা বৰ্ণালী দেৱ নামৰ এজনী ৮ বছৰীয়া ছোৱালীক উঠাই নি ধৰ্ষণ কৰিছিল দুই পাষণ্ডই, তাৰ পাছত হত্যা কৰি মৃতদেহটো এটা ছেপটিক টেংকত পেলাই দিছিল। সেইখিনি সময়ত মই এটা কম বয়সীয়া ল’ৰা, লেখা-মেলা কৰোঁ—সাংবাদিকতাৰ জগতখনৰ সৈতে নতুনকৈ পৰিচিত হৈছোঁ। এই ঘটনাই মোৰ মন-মগজু এক ভয়ংকৰ জোকাৰণিৰে কঁপাই গৈছিল। অজস্ৰ দুৰ্ভাবনাত বিবশ হৈ পৰিছিলোঁ। তাৰ পাছতো তেনেকুৱা ঘটনা ঘটিয়েই থাকিল, ঘটিয়েই থাকিল। বৰ্ণালী দেৱৰ ধৰ্ষণ আৰু হত্যাই মোৰ চিন্তাৰ জগতখনত জন্ম দিছিল অনেক প্ৰশ্ন—সেই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি বিচাৰি যিবোৰ উত্তৰ বিচাৰি পালোঁ, সেই উত্তৰবোৰেও কিছুমান প্ৰশ্নৰ পোৱালি জন্ম দিছিল আৰু প্ৰশ্নবোৰে উত্তৰৰ পোৱালি। নিৰন্তৰ কঢ়িয়াই থাকিলোঁ সেই প্ৰশ্নবোৰ আৰু সিবোৰে বঢ়োৱা উত্তৰৰ সংসাৰখন। আৰু সেয়াই আছিল ‘বেণী’ৰ আৰম্ভণি। ‘মধুশালা’ প্ৰকাশ হৈ যোৱাৰ পাছত, তথা এতিয়াৰ পৰা আঠ বছৰ পূৰ্বে ‘বেণী’ লিখাৰ সিদ্ধান্ত লৈছিলোঁ।
৪। বিষয় সন্দৰ্ভত পঢ়া-শুনা, চিন্তা-চৰ্চা আৰু বিভিন্ন মানুহৰ সৈতে কথা পতাৰ সমানে—পীড়িত তথা ভুক্তভোগী লোকৰ সৈতেও কথা পাতিবলৈ ধৰিছিলোঁ। শুনিছিলোঁ তেওঁলোকৰ জীৱন দুৰ্বিসহ কৰি তোলা সেই ঘটনাবোৰ। পৰৱৰ্তী সময়ত কিছু উৎপীড়কৰ সৈতেও কথা পাতিছিলোঁ। জানিব বিচাৰিছিলোঁ ‘অপৰাধী’ এজনৰ মনোজগতখননো কেনেকুৱা? কি ভাবে সিহঁতে? কিয় সংঘটিত কৰে এই দুৰ্বিসহ কাণ্ডবোৰ? ইয়াৰ কাৰণে কাৰাগাৰৰ ভিতৰলৈকো গৈছিলোঁ।
৫। যিমানেই বিষয়বস্তুৰ গভীৰতালৈ যাবলৈ চেষ্টা কৰিলোঁ সিমানেই বেছি গভীৰতা অনুভৱ কৰিবলৈ ধৰিলোঁ। আগদিনালৈকে যিবোৰ চিন্তাৰ মাজত গভীৰতা বিচাৰি পাইছিলোঁ, হয়তো পাছদিনা তেনে অনুভৱ হোৱা নাছিল। এটা গভীৰ নাদত প্ৰৱেশ কৰি আগদিনা অনুভৱ কৰা গভীৰতাখিনিক এটা পুখুৰীৰ মাজৰ গভীৰতা যেন অনুভৱ হৈছিল। প্ৰশান্ত সাগৰৰ গভীৰতাত প্ৰৱেশ কৰি সাগৰৰ গভীৰতাকো এটা দ নাদৰ গভীৰতা যেন অনুভৱ হৈছিল। আৰু হয়তো—যিসকল পঢ়ুৱৈয়ে বিষয়বস্তু সন্দৰ্ভত কৃষ্ণগহ্বৰৰ গভীৰতালৈ প্ৰৱেশ কৰিছে, তেওঁলোকৰ বাবে ‘বেণী’ৰ গভীৰতা এটা দ পুখুৰীৰ সমানো অনুভৱ হ’ব পাৰে। কিন্তু তাৰ পাছতো মই এই কথাকে ক’ম যে মোৰ সামৰ্থ্যৰে গভীৰতাৰ অসীমলৈ যোৱাৰ ক্ষেত্ৰত অকণো অৱহেলা কৰা নাই—যিখিনি পৰা নাই, সেয়া মোৰ সীমাবদ্ধতা বুলি স্বীকাৰ কৰিবলৈ মই অকণো কুণ্ঠাবোধ নকৰোঁ।
৬। ‘বেণী’ লিখিবলৈ লৈ নিশ্চিত হৈ গৈছিলোঁ যে মই বিষয়বস্তু আৰু কাহিনীৰ বিশালতাৰ সৈতে সন্মুখীন হোৱাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ বাদে অন্য কোনো বিকল্প নাই। সেই সময়ত মোৰ বাৰে বাৰে ‘মহাভাৰত’খনৰ কথাই মনলৈ আহিছিল। লেখক জীৱনৰ আৰম্ভণিতে ব্যাসকৃত মূল ‘মহাভাৰত’খনৰ কালিপ্ৰসন্ন সিংহই কৰা গদ্যৰ সম্পূৰ্ণ ‘মহাভাৰত’খন পঢ়িছিলোঁ। অলেখ কাহিনী আৰু উপ-কাহিনীৰে পৰিপূৰ্ণ ‘মহাভাৰত’খন মানুহক বিস্ময়াভিভূত কৰি ৰাখিব পৰা এখন কিতাপ। মানৱীয় সম্ভাৱনাৰ সকলো বৈচিত্ৰ্যই যেন ইয়াত বৰ্ণিত হৈছে। ‘মহাভাৰত’ৰ প্ৰতি থকা এই শ্ৰদ্ধা, মোহ বা আকৰ্ষণেই মোৰ দুৰ্বলতা হৈ উঠিছিল আৰু এক দুৰ্নিবাৰ লোভৰ বশৱৰ্তী হৈ ‘বেণী’ৰ কাহিনী, উপ-কাহিনীবোৰ ‘মহাভাৰত’ৰ আঠোটা পৰ্বৰ নামেৰে আঠ ভাগত ভাগ কৰি সকলো বিষয় ইয়াৰ মাজতে সামৰি লোৱাৰ পৰিকল্পনা কৰিছিলোঁ আৰু সেইমতেই চাৰি বছৰ পূৰ্বে লিখাৰ আৰম্ভণি কৰিছিলোঁ। আৰু পৰিকল্পনা কৰা ধৰণেই লিখি অৱশেষত সম্পূৰ্ণ কৰিলোঁ।
৭। যৌনতা বিষয়ক আমাৰ মানসিকতা, বিকাৰ-বিকৃতিবোৰৰ পৰা আৰম্ভ কৰি নাৰীক কেৱল আৰু কেৱল ভোগৰ সামগ্ৰী হিচাপে মানুহৰ মনত ধাৰণা গঢ়ি তোলা পাঠবোৰ—ইতিহাস, আখ্যান, সামাজিক সংস্কাৰ, পৰম্পৰা, প্ৰথা, বিনোদনৰ নামত নিৰ্মিত চিনেমাবোৰ, পৰ্ণগ্ৰাফীৰ পৰা আৰম্ভ কৰি যৌন পৰ্যটনৰ দৰে বিষয়বোৰকো সামৰি লোৱা হৈছে। বিজ্ঞান আৰু মনস্তত্ত্বই আগবঢ়োৱা কিছু ব্যাখ্যাও মোৰ সামৰ্থ্যৰে সামৰিবলৈ যত্ন কৰিছোঁ।
৮। মূলতঃ ‘বেণী’ৰ কাহিনীভাগ—
‘বেণী’ৰ মুখ্য চৰিত্ৰ মধুৱন্তী। মাত্ৰ ন বছৰ বয়সতে ধৰ্ষণৰ বলি হোৱা মধুৱন্তীয়ে মাকহঁতৰ ভয়ত লুকুৱাই পেলাইছিল সেই ভয়াৱহ, নিদাৰুণ ঘটনা। এটা সময়ত শৰীৰৰ ঘা শুকাই গৈছিল, কিন্তু মনৰ ভিতৰত ৰৈ গৈছিল এটুকুৰা দেগদেগীয়া ঘা। বিয়াৰ পাছত মধুৱন্তী স্বামী ময়ূখৰ সৈতে সহজ হ’ব পৰা নাছিল। ভয়ত চেঁচা পৰি গৈছিল তাইৰ শৰীৰ।
দীৰ্ঘদিন ধৰি কঢ়িয়াই লৈ ফুৰা প্ৰশ্ন কিছুমানৰ উত্তৰ বিচাৰি বিচাৰি মধুৱন্তীয়ে এখন কিতাপ লিখাৰ কথা ভাবিছিল আৰু সেই সূত্ৰে পঢ়া-শুনা কৰা আৰু বিভিন্ন মানুহৰ সৈতে কথা পতা আৰম্ভ কৰিছিল। ইয়াৰ মাজেৰে তাই সোমাই পৰিছিল মানুহৰ যৌনতাৰ এখন অপৰিচিত, বৈচিত্ৰ্যপূৰ্ণ আৰু বিস্ময়কৰ জগতত। ছোৱালী তথা নাৰীৰ জীৱন দুৰ্বিসহ কৰি তোলা ধৰ্ষণ বা যৌন নিৰ্যাতনৰ ঘটনাবোৰ কোনোদিনে অন্ত নপৰিবই নেকি—এই প্ৰশ্নৰ উত্তৰ মধুৱন্তীয়ে বিচাৰি পাবনে?
‘মহাভাৰত’ৰ আঠোটা পৰ্বৰ নামেৰে ভাগ কৰা ‘বেণী’ৰ কাহিনীভাগো বিষয় অনুযায়ী আঠটা স্তৰত বিভক্ত। ‘মহাভাৰত’ৰ দৰেই এই উপন্যাসতো বৰ্ণিত হৈছে অনেক কাহিনী আৰু অজস্ৰ চৰিত্ৰৰ মাজেৰে উদ্ভাসিত হৈ উঠিছে মানৱ সত্তাৰ ভালেমান অনাৱিষ্কৃত ভয়াৱহ আৰু নিৰ্মম সত্য।
মধুৱন্তী ঘটনাক্ৰমে সৌমিত্ৰ যোগী নামৰ এক চৰিত্ৰৰ সংস্পৰ্শলৈ আহে, যি নিজকে ‘ইউনিভাৰছিটি অৱ পাৱাৰ’ৰ গৱেষক হিচাপে পৰিচয় দিছিল; সৌমিত্ৰ যোগীয়ে মধুৱন্তীৰ সন্মুখত তুলি ধৰে ভয় আৰু ক্ষমতা সন্দৰ্ভত এনে কিছুমান ব্যাখ্যা, যি সলনি কৰি পেলাইছিল মধুৱন্তীৰ গোটেই চিন্তা প্ৰক্ৰিয়া। কিন্তু কোনোদিনে লগ নোপোৱা সৌমিত্ৰ যোগী নামৰ অদ্ভুত মানুহজন আচলতে কোন? ময়ূখৰ বন্ধু তিতিয়েও সৌমিত্ৰ যোগীৰ দৰেই সলাই পেলাইছিল তাইৰ চিন্তাৰ জগতখন। মধুৱন্তীৰ লাহে লাহে সন্দেহ হ’বলৈ ধৰে—তিতিয়েই সৌমিত্ৰ যোগী নহয়তো?
পুলিচ আৰু আইন ব্যৱস্থাক এক ভয়ংকৰ মস্কৰাত পৰিণত কৰি অজ্ঞাত কোনোবাই ধৰ্ষণকাৰীক হত্যা কৰি থৈ যায় আৰু এই ঘটনাই সাধাৰণ মানুহৰ সঁহাৰি পাবলৈ ধৰে। এটাৰ পাছত এটাকৈ হত্যাকাণ্ড সংঘটিত কৰিবলৈ ধৰা সেই হত্যাকাৰীজনক মানুহে দস্যু ভাস্কৰ হিচাপে বিবেচনা কৰিবলৈ লয়। কিন্তু কোন এই ভাস্কৰ? ভাস্কৰৰ মতে এয়া তেওঁৰ একক প্ৰচেষ্টাত কৰা ন্যায়যুদ্ধ। এনেকুৱা কি কাহিনী আছে ভাস্কৰৰ, যিয়ে তেওঁক গঢ়ি তোলে এজন হত্যাকাৰী হিচাপে?
৯। ‘বেণী’খন মোৰ বাবে এক ডাঙৰ সম্পৰীক্ষা। বিষয়, আংগিক আদিৰ উপৰি প্ৰকাশ সংক্ৰান্তীয় বিষয়বোৰো এই সম্পৰীক্ষাৰ অন্তৰ্গত। কি সম্পৰীক্ষা—সেই কথা সদ্যহতে ৰাজহুৱা নকৰোঁ। যথা সময়ত এই বিষয়ে লিখিম।
আপোনালোক সকলোৰে আদৰ-আগ্ৰহ আশা কৰিলোঁ। সেইখিনি পালে মোৰ দীৰ্ঘকালৰ শ্ৰম সাৰ্থক হ’ব।
ধৈৰ্যসহকাৰে এই গোটেইখিনি কথা পঢ়াৰ বাবে আপোনাক অলেখ-অযুত ধন্যবাদ।
সৌমিত্ৰ যোগী
২৫ ডিচেম্বৰ ২০২৩
আঁক-বাক প্ৰকাশন মানসম্পন্ন বাছকবনীয়া গ্ৰন্থ প্ৰকাশ আ
‘ৰামধেনু যুগ’ৰ পৰৱৰ্তী পৰ্যায়ৰ শ্ৰেষ্ঠ অসমীয়া লেখকসকলৰ ভিতৰত ড০ ধ্ৰু¸ৱজ্যোতি বৰা অন্যতম। ‘উপন্যাস সমগ্ৰ’ৰ পাঁচোটা খণ্ডত মুঠ ২৭খন উপন্যাস অন্তৰ্ভুক্ত হৈছে। ড০ বৰাৰ বেছিভাগ উপন্যাসৰে বিষয়বস্তু সাৰ্বজনীন আৱেদনেৰে পৰিপুষ্ট। এই উপন্যাসসমূহৰ পঠনে বিশ্ব সাহিত্যৰ সাম্প্ৰতিক চিন্তা আৰু শৈলী তথা নেৰেটিভৰ ক্ষেত্ৰত লাভ কৰা বিস্ময়কৰ আৰু সুখকৰ অভিজ্ঞতাবোৰৰ দৰেই পঢ়ুৱৈক অনন্য সোৱাদ আৰু চিন্তাৰ মুখামুখি কৰোৱায়। তেখেতৰ কেইবাখনো উপন্যাসৰ মাজত থকা ‘ছেটায়াৰ’ৰ উপাদান নিসন্দেহে অসমীয়া উপন্যাসৰ ইতিহাসতে বিৰল। ড০ বৰাৰ বুদ্ধিদীপ্ত চিন্তা আৰু ভাষাই এই উপন্যাসবোৰক কৰি তোলে অতুলনীয়। সাহিত্য, সমাজ-ৰাজনৈতিক বিষয়ত, বিশেষকৈ ইতিহাস চৰ্চাৰ ক্ষেত্ৰত ড০ বৰাৰ অধ্যয়নৰ বিশালতা, চিন্তাৰ স্বকীয়তা আৰু গভীৰতা; সৰ্বোপৰি তেখেতৰ মেধা আৰু প্ৰতিভা প্ৰতিখন উপন্যাসতে উদ্ভাসিত হৈ উঠিছে। এই আটাইখিনি উপন্যাস পঢ়াৰ পাছত এজন পঢ়ুৱৈৰ এই কথা স্বীকাৰ কৰিবলৈ অকণো কুণ্ঠাবোধ নহয় যে—অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠ পাঁচজন ঔপন্যাসিকৰ নাম নিৰ্বাচন কৰিব লগা হ’লে নিসন্দেহে ড০ ধ্ৰু¸ৱজ্যোতি বৰাৰ নাম এই তালিকাৰ শীৰ্ষৰ ফালে অন্তৰ্ভুক্ত হ’ব।
আটাইকেইটা খণ্ড ইতিমধ্যে বজাৰত উপলব্ধ হৈছে।
গুৱাহাটীৰ চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত ‘অসম গ্ৰন্থমেলা’ৰ ‘আঁক-বাক’ৰ বিপণী (প্ৰৱেশদ্বাৰৰ পৰা সোমায়েই বাঁওফালে প্ৰথম শাৰীত, বিপণী নং ৬ আৰু ৭)ত এই বিশেষ ৰেহাই সীমিত সময়ৰ বাবে আগবঢ়োৱা হৈছে।
বহুলভাৱে সমাদৃত হোৱা আমাৰ প্ৰকাশনৰ কেইখনমান কিতাপ।
সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ।
চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলালৈ আপোনালোক আটাইকে আদৰণি জনাইছোঁ। আমাৰ বিপণী নং ২৫। প্ৰৱেশদ্বাৰৰ পৰা বাঁওফালে দ্বিতীয় শাৰীত।
আমি অনুভৱ কৰোঁ যে ইমানবোৰ কিতাপৰ মাজৰ পৰা অতি কম সময়ৰ ভিতৰতে কেইখনমান ভাল কিতাপ বাছি উলিওৱাটো এজন পঢ়ুৱৈৰ বাবে কষ্টকৰ। এই কথা ভাবিয়ে আমি শ শ পাণ্ডুলিপিৰ মাজৰ পৰা বাছি বাছি এটা বছৰত মাত্ৰ কেইখনমান কিতাপহে প্ৰকাশ কৰোঁ।
আমি নিশ্চিত, এই প্ৰচেষ্টাই এগৰাকী পঢ়ুৱৈৰ সময় আৰু পইছা অথলে যোৱাৰ পৰা ৰক্ষা কৰে।
আপোনালোকৰ প্ৰতি অনুৰোধ এয়ে যে এবাৰ, কেৱল এবাৰ হাতত তুলি লৈ চাওক। ভিন্ন স্বাদ, অনেক বিষয় আৰু বছা বছা কিতাপ। আমাৰ সদ্যপ্ৰকাশিত আৰু পুনৰ মুদ্ৰিত কেইখনমান গ্ৰন্থ।
"আঁক-বাক" বিষয়ক ৬টা গুৰুত্বপূৰ্ণ ঘোষণা
১. কিতাপৰ গুণগত মানৰ ক্ষেত্ৰত আৰু এটা খোজ
ছপা-বন্ধা (প্ৰডাক্শ্যন)ৰ ক্ষেত্ৰত এটা সময়ত অসমীয়া কিতাপবোৰৰ অৱস্থা বৰ পুতৌলগা আছিল। বেছিভাগ কিতাপৰ ছপা-বন্ধা অতি নিম্ন মানৰ আছিল। বিশেষকৈ ইংৰাজী ভাষাৰ কিতাপ যিসকলে কিনে বা পঢ়ে তেওঁলোক সকলোৱে অসন্তুষ্ট আছিল, ময়ো আছিলোঁ। অসমীয়া কিতাপ কিয় তেনেকৈ প্ৰকাশ কৰিব নোৱাৰি? এই প্ৰশ্নটোৱে মোক বহু বছৰ আমনি কৰিছিল। প্ৰকাশনৰ ক্ষেত্ৰত থকা এনে বহু প্ৰশ্নই ২০০৭ চনত ‘আঁক-বাক’ৰ জন্ম দিছিল। আমাৰ প্ৰকাশনৰ পৰা প্ৰকাশ পোৱা প্ৰথমখন কিতাপ ‘পীক্স্কিল’ আটকধুনীয়াকৈ ওলাইছিল, একেবছৰতে প্ৰকাশিত আন তিনিখন কিতাপো উন্নত ছপা-বন্ধাৰে প্ৰকাশ পাইছিল। পৰৱৰ্তী সময়ত এই কথা বহু লেখক-পঢ়ুৱৈয়ে মুকলিকৈ প্ৰশংসা কৰিছিল। ২০১০ চনৰ পাছতহে অন্য প্ৰকাশনে ছপা-বন্ধাত লাহে লাহে গুৰুত্ব দিবলৈ লৈছে আৰু অত্যন্ত ভাল লগা কথা যে আজি প্ৰায় প্ৰতিখন অসমীয়া কিতাপেই সুন্দৰ ছপা-বন্ধাৰে প্ৰকাশ পায়। যদিওবা বেছিভাগ প্ৰকাশনেই এতিয়াও বিষয়ৰ গুণগত মানক গুৰুত্ব দিয়া নাই। মই মোৰ গ্ৰন্থ ‘মহৎ জাবৰ’ত লিখাৰ উপৰি কেইবাঠাইতো এই কথা লিখিছোঁ আৰু এতিয়াও বিশ্বাস কৰোঁ যে ভিতৰে-বাহিৰে সমানে গুণগত মান ৰক্ষা পৰিলেহে এখন কিতাপক আমি ‘ভাল কিতাপ’ বুলি ক’ব পাৰোঁ। এইক্ষেত্ৰত ‘আঁক-বাক’ প্ৰকাশনে নিৰন্তৰ চেষ্টা চলাই আহিছে। ভাল লগা কথা যে আজিকালি দুই-এজন প্ৰকাশকেও আমাৰ এই চেষ্টাৰ শলাগ লয়, মুকলিকৈ প্ৰশংসা কৰে—আৰু এইক্ষেত্ৰত মোক Trendsetter বুলি অভিহিত কৰে। প্ৰডাক্শ্যনৰ ক্ষেত্ৰত এইবাৰ আমি আৰু এটা খোজ আগলৈ দিবলৈ যত্ন কৰিছোঁ। এইবাৰ ছপা কৰা বেছিভাগ কিতাপেই ভাৰতবৰ্ষৰ আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠান ৰূপা, পেংগুইন, ৰূট্লেজৰ কিতাপৰ দৰেই উন্নত ধৰণে প্ৰকাশ পাব। অৱশ্যেই স্বাভাৱিক দামত। ইতিমধ্যে কেইবাখনো উল্লিখিত ধৰণৰ কিতাপ পাণবজাৰত মুকলি কৰি দিয়া হৈছে। ২ ডিচেম্বৰৰ পৰা হ’বলগীয়া ‘অসম গ্ৰন্থমেলা, যোৰহাট’ত ‘আঁক-বাক’ৰ বিপণী (বিপণী নং ২০)ত পঢ়ুৱৈয়ে চুই-চাই ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব।
২. লক্ষ্য ২০২৫
অসমীয়া সাহিত্য আৰু গ্ৰন্থ উদ্যোগৰ সাম্প্ৰতিক পৰিস্থিতিলৈ লক্ষ্য ৰাখি কেইবাটাও বিশেষ পৰিকল্পনা হাতত লোৱা হৈছে। ইয়াৰে কিছু পৰিকল্পনা সদ্যহতে সদৰী কৰিব খোজা নাই। আমাৰ লক্ষ্য ২০২৫ চন। এই সময়ছোৱাৰ ভিতৰত পঢ়ুৱৈয়ে আমাৰ সকলো কিতাপৰ প্ৰডাক্শ্যন আৰু অধিক উন্নত ৰূপত লাভ কৰাৰ উপৰি গুণগত মানৰ ক্ষেত্ৰতো পৰিৱৰ্তন প্ৰত্যক্ষ কৰিব। এই সময়ছোৱাৰ ভিতৰত আমাৰ আভ্যন্তৰীণ নীতি আৰু শৃংখলাৰ ক্ষেত্ৰত থকা সীমাবদ্ধতাও দূৰ কৰি ‘আঁক-বাক’ক সম্পূৰ্ণৰূপে এটা প্ৰফেছনেল পাব্লিকেশ্যন হিচাপে গঢ়ি তোলাৰ বাবে অহা জানুৱাৰীৰ পৰাই প্ৰচেষ্টা আৰম্ভ কৰা হ’ব।
৩. অসমীয়া কিতাপৰ অনুবাদ আৰু আন্তৰ্জাতিক বজাৰত খোজ দিয়াৰ স্বপ্ন
ইতিমধ্যে আমাৰ প্ৰকাশনৰ ৱেবছাইট www.aankbaak.com কিতাপ ক্ৰয় কৰিব পৰাকৈ মুকলি কৰি দিয়া হৈছে। ৱেবছাইটটো সম্পূৰ্ণৰূপে ‘প্ৰফেছনেল’ কৰিবলৈ যত্ন কৰা হৈছে। দ্ৰুত কুৰিয়াৰ সেৱাৰ জৰিয়তে কিতাপ পঠিওৱাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। ভাৰতবৰ্ষৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে এতিয়া এই সুবিধা গ্ৰহণ কৰিব পাৰিব।
ইয়াৰ উপৰি ভাৰতবৰ্ষৰ বাহিৰত বাস কৰা তথা প্ৰবাসী অসমীয়া পঢ়ুৱৈসকলে ক্ৰয় কৰিব পৰাৰ সুবিধাও খুব কম দিনৰ ভিতৰতে উপলব্ধ হ’ব। এই বিষয়ক যাৱতীয় কাম কৰি থকা হৈছে। সেইখিনি সম্পূৰ্ণ হৈ উঠিলেই আমি পৃথিৱীৰ যিকোনো দেশত বাস কৰা পঢ়ুৱৈক অসমীয়া তথা অসমৰ, ভাৰতৰ কিতাপ যোগান ধৰিবলৈ সক্ষম হ’ম। সম্ভৱতঃ অসমীয়া কিতাপৰ ক্ষেত্ৰত এনে ‘প্ৰফেছনেল’ প্ৰচেষ্টা এই প্ৰথম হ’ব। অসমীয়া গ্ৰন্থ উদ্যোগৰ বাবে ই নিশ্চিতভাৱে ভাল খবৰ।
www.aankbaak.com এ এই পৰিপূৰ্ণতা লাভ কৰাৰ পাছত অসমীয়া নিৰ্বাচিত গ্ৰন্থ অনুবাদ কৰি (ইংৰাজী, হিন্দী আৰু বাংলা ভাষালৈ) প্ৰকাশৰ ব্যৱস্থা কৰিম আৰু আন্তৰ্জাতিক গ্ৰন্থৰ বজাৰখনত প্ৰৱেশৰ প্ৰচেষ্টা চলাম। আমি সকলোৱে এই কথা জানো যে গেব্ৰিয়েল গাৰ্চিয়া মাকে’জ, মিলান কুন্দেৰা আদি কোনো লেখকেই ইংৰাজী ভাষাত লেখা-মেলা কৰা নাছিল। আজি তেওঁলোকে বিশ্বৰ সকলো ভাষাৰ পঢ়ুৱৈৰ হৃদয় জিনিবলৈ সক্ষম হৈছে কেৱল আৰু কেৱল অনুবাদৰ জৰিয়তে। অসমীয়া লেখকক লৈও সেই স্বপ্ন দেখিব পাৰোঁ আমি। প্ৰযুক্তি আৰু যোগাযোগে সেই সুযোগ আনি দিছে—আমি গ্ৰহণ কৰিব নোৱৰাটো আমাৰ মূঢ়তা হিচাপে পৰিগণিত হ’ব এদিন।
৪. এদল ভাল লেখকৰ সন্ধানত ‘সাহিত্য’
২০২৩ চনৰ পৰা এখন সাহিত্য আলোচনী প্ৰকাশ পাব। নাম—‘সাহিত্য’। ‘প্ৰফেছনেল’ হ’লেও আলোচনীখন ‘লিট্ল মেগাজিন’ৰ বৈশিষ্ট্যৰে প্ৰকাশ পাব। ‘সাহিত্য’ক ‘সংজ্ঞা’, ‘সংলাপ’ অথবা ‘সাম্প্ৰতিক সাময়িকী’ৰ এক ঐতিহ্য কৰি তোলাৰ বাবে সকলো ধৰণৰ চেষ্টা কৰা হ’ব। আমি এই আলোচনীখনৰ জৰিয়তে এদল ভাল লেখকৰ সন্ধান চলাম। আমি বিশ্বাস কৰোঁ, ভাল কিতাপ প্ৰকাশ পালে কিতাপৰ বিক্ৰীও বাঢ়িব, নতুন নতুন পঢ়ুৱৈও সৃষ্টি হ’ব। এইখিনিতে মই এটা ব্যক্তিগত অভিজ্ঞতাৰ কথা কওঁ।
আমি এতিয়া যি দুটা প্ৰেছত কিতাপ ছপা কৰিবলৈ দিছোঁ তাত ৰূপা, পেংগুইন, ৰূটলেজৰ দৰে আন্তৰ্জাতিক প্ৰকাশন গোষ্ঠীয়েও তেওঁলোকৰ কিতাপ ছপায়। কেৱল ভাৰতৰে নহয়, অন্য দেশৰ কিতাপো তাত ছপা হয়। মই যেতিয়া কিতাপ ছপোৱাৰ কথা পাতিছিলোঁ, প্ৰেছৰ প্ৰবন্ধক এগৰাকীয়ে কথা প্ৰসংগত কৈছিল যে—‘গাড়ী কিনিবলৈ যেনেকৈ আগতীয়াকৈ বুকিং কৰিবলগীয়া হয়, ইয়াত কিতাপ প্ৰিণ্টিং কৰিবলৈও দুমাহ পূৰ্বে বুকিং কৰিব লাগে। তাকো বিলৰ সম্পূৰ্ণ ধনৰাশি জমা দি।’ মই আমাৰ কিতাপ ছপা কৰিবৰ বাবে বুকিং কৰি অহাৰ পাছত এতিয়া কিতাপবোৰ ছপা কৰি কৰি দি আছে। মই ক’ব খুজিছোঁ, যিটো প্ৰেছত দৈনিক পঞ্চাছ হেজাৰ পকাবন্ধা আৰু ডেৰ লাখ পেপাৰবেক কিতাপ ছপা কৰাৰ সামৰ্থ্য আছে তেনে এটা প্ৰেছত এমাহ অথবা দুমাহ অপেক্ষা কৰিবলগীয়া অৱস্থা হ’লে আপুনি এবাৰ ভাবি চাওকচোন এটা মাহত কিমান কিতাপ ছপা হয়। ইমানখিনি কিতাপৰ বেছিভাগেই নিশ্চয় বিক্ৰীও হয়। ইয়াৰ পাছতো ছপা কিতাপৰ ভৱিষ্যৎ সন্দৰ্ভত আপুনি আগৰ দৰেই সন্দিহান হৈ থাকিবনে? মই ভাবোঁ, মানুহে কিতাপ পঢ়িব খোজে। কেৱল ‘ভাল কিতাপ’ৰ সংখ্যা কম। ভাল কনটেণ্ট, ভাল ট্ৰিটমেণ্ট আদি কথাবোৰলৈ গুৰুত্ব দিবলৈ শিকিলেই অসমীয়া কিতাপৰ বিক্ৰীও বাঢ়িব। আমি ‘সাহিত্য’ৰ জৰিয়তে তেনেকুৱা লেখকৰ দল এটাৰে সন্ধান কৰিম, যি নিজৰ প্ৰতি নহয়—সাহিত্য, ভাষা তথা সামগ্ৰিকভাৱে গ্ৰন্থ উদ্যোগটোৰ প্ৰতি দায়িত্বশীল হ’ব। আমি ‘সাহিত্য’ৰ জৰিয়তে ভাল কিতাপখন ভাল এজন পঢ়ুৱৈৰ ওচৰলৈ লৈ যোৱাৰ চেষ্টা চলাম।
৫. "আঁক-বাক উপন্যাস বঁটা"
সকলো ঠিকে থাকিলে ‘আঁক-বাক উপন্যাস বঁটা’ পুনৰ প্ৰচলনৰ উদ্যোগ গ্ৰহণ কৰা হ’ব। সেইমতে নতুন বছৰত যাৱতীয় ঘোষণা কৰাৰ কথা ভাবি থকা হৈছে।
৬. "আঁক-বাক"ৰ নতুন কিতাপ
আজি ‘আঁক-বাক’ৰ নতুন ৬খন কিতাপ পাণবজাৰত পঢ়ুৱৈৰ বাবে মুকলি কৰি দিয়া হৈছে। শনিবাৰৰ পূৰ্বে আৰু ৩খন নতুন কিতাপ মুকলি কৰি দিয়া হ’ব। পৰৱৰ্তী সপ্তাহত প্ৰকাশ পাব আন ৫খন কিতাপ। আশা কৰিছোঁ, ২৯ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া ‘অসম গ্ৰন্থমেলা’ৰ পূৰ্বে—উপন্যাস, উপন্যাস সমগ্ৰ, বিষয়ভিত্তিক গ্ৰন্থ, প্ৰবন্ধ, জীৱনী, চুটি গল্প, কবিতা, আত্মজীৱনী, শিশু উপন্যাস, সাধুকথাকে ধৰি কেইবাখনো অনুবাদ উপন্যাস, অনুবাদ কবিতা, অনূদিত বিশেষ গ্ৰন্থসহ ৬০খনৰো অধিক কিতাপ প্ৰকাশ হৈ ওলাব। কুৰিখনৰো অধিক কিতাপ পুনৰমুদ্ৰণ হ’ব। ভিন্ন বিষয় ভিন্ন স্বাদৰ এই গ্ৰন্থৰাজিয়ে অনুসন্ধিৎসু আৰু জ্ঞানান্বেষী পঢ়ুৱৈৰ প্ৰয়োজনীয় চাহিদা পূৰণ কৰিব পাৰিব বুলি আমি অত্যন্ত আশাবাদী। গ্ৰন্থমেলাসমূহত থকা আমাৰ বিপণীলৈ সকলো আগ্ৰহী পঢ়ুৱৈকে সাদৰেৰে আমন্ত্ৰণ জনালোঁ।
সকলোৰে আন্তৰিক সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ সহকাৰে—
সৌমিত্ৰ যোগী
প্ৰকাশক, ‘আঁক-বাক’
৩০ নৱেম্বৰ ২০২২
#বেণী (খণ্ড ৭০)
কথাবোৰ ভবাৰ দৰে নহয়
#বিৰাটপৰ্ব
২৩. (শেষভাগ)
‘অঁ—মই ক’ব খুজিছিলোঁ, সকলো মানুহেই একেধৰণে কথাবোৰ নাভাবে মধুৱন্তী। ভাবিবও নোৱাৰে। সকলো মানুহৰে চিন্তা একে নহয়।’ কোঠাটোলৈ সোমাই আহি তিতিয়ে আৰম্ভ কৰিছিল। ‘চিন্তা বস্তুটো আচলতে স্বাধীন কিবা এটা নহয়। মই ক’ব খুজিছোঁ, মানুহৰ গোটেই চিন্তা প্ৰক্ৰিয়াটো নিৰ্ভৰ কৰে কিছুমান বিশেষ চৰ্ত বা পৰিস্থিতিৰ ওপৰত। শিশু এটি কাৰ গৰ্ভত কাৰ ঔৰসত কেনেকৈ ক’ত জন্মগ্ৰহণ কৰিছিল, কেনে পৰিস্থিতিত ডাঙৰ-দীঘল হৈছে, কাৰ সংস্পৰ্শত কেনেকুৱা সংসৰ্গত দিন অতিবাহিত কৰিছে, পাৰ কৰা দিনবোৰত কেনেধৰণৰ ঘটনাৰ সন্মুখীন হৈছে—আৰু ইয়াৰ মাজেৰে সঞ্চয় কৰা অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰে। যিবোৰ ঘটনা বা বিশেষ পৰিস্থিতিৰ সৈতে মানুহ এজন নিজে মুখামুখি হোৱা নাই—তেনেকুৱা কথা, ঘটনা অথবা পৰিস্থিতিবোৰ বেছিভাগ মানুহেই বিশ্বাস কৰিবলৈ টান পায়। কোনোবাই বিশ্বাস কৰিলেও ভুক্তভোগীজনে উপলব্ধি কৰাৰ সমান গভীৰতা অনুভৱ কৰিব নোৱাৰে। ফলত একেটা ঘটনাৰ বিষয়েও মানুহে একে চিন্তা কৰিব নোৱাৰে। এনেকি মানুহে পঢ়া-শুনা কৰি জ্ঞান-বুদ্ধি লাভ কৰাৰ পাছতো একেই ঘটনা, একেই পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পাছতো চিন্তাৰ ভিন্নতা থাকে। মানুহে কেনে সংগ, বন্ধু-বান্ধৱ, পৰিয়াল বা আত্মীয়-স্বজনৰ সৈতে দিনযাপন কৰে তাৰ দ্বাৰাও মানুহৰ চিন্তা নিয়ন্ত্ৰিত হয়। সংগ ভিন্ন, ঘটনা ভিন্ন, অভিজ্ঞতা ভিন্ন, পৰিস্থিতি ভিন্ন—এতেকে চিন্তাও ভিন্ন। সেই কাৰণেই কৈছোঁ, চিন্তা বস্তুটো স্বাধীন নহয়। এনেকি মানুহৰ ভাব আৰু কল্পনাও স্বাধীন নহয়। বহুতে ভাবে, মানুহে ভাবোঁ বুলি কিবা এটা ভাবি থাকিব পাৰে, কল্পনা কৰোঁ বুলি কিবা এটা কল্পনাত মজি থাকিব পাৰে, কিন্তু বাস্তৱিকতে ভবা আৰু কল্পনা কৰা কাৰ্যটোও কিছুমান পৰিস্থিতিয়েহে নিয়ন্ত্ৰণ কৰে।’ তিতি অলপ ৰ’ল আৰু গলটো ভিজাই ল’লে। মধুৱন্তীয়ে নিথৰ হৈ শুনিছে তিতিৰ কথা। ‘তুমি জানিব লগা এটা অতি গুৰুত্বপূৰ্ণ কথা মনত পৰোঁতেই কৈ থওঁ—’ মধুৱন্তীয়ে অলপ লৰচৰ কৰি বহিল। ‘চিন্তা, ভাব বা কল্পনাৰ দৰেই মানুহৰ ইচ্ছাও স্বাধীন নহয়। এইটো অৱশ্যে মোৰ কথা নহয় দেই। শেহতীয়াকৈ এগৰাকী স্নায়ু বিজ্ঞানীয়ে ব্যাখ্যা আগবঢ়াইছে যে মানুহৰ ইচ্ছা-অনিচ্ছাও স্বাধীন নহয়। অন্য কিছুমান ফেক্টৰেহে মানুহৰ ইচ্ছা শক্তিক নিয়ন্ত্ৰণ কৰে। ৰবাৰ্ট ছাপোল্স্কি নামৰ এই নিউৰো ছায়েন্টিষ্টজনে তেওঁৰ ব্যাখ্যাৰ সমৰ্থনত দীৰ্ঘদিন ধৰি চলোৱা অধ্যয়নৰ পৰা ভালেকেইটা উদাহৰণ আগবঢ়াইছে। মোৰ মনত থকা এটা উদাহৰণ তোমাক কওঁ।’ তিতিৰ কথাত থকা চুম্বকত্বত মধুৱন্তীয়ে অতিৰিক্ত আকৰ্ষণ বিচাৰি পাইছিল। ‘ছাপোল্স্কিয়ে কৈছে—যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত এজন হাজোতীয়ে ন্যায়ালয়ত এসপ্তাহৰ কাৰণে পেৰলত মুক্তি বিচাৰি কৰা আৱেদন ন্যায়াধীশজনে মঞ্জুৰ কৰিব নে নাই সেইটো নিৰ্ভৰ কৰিব তেওঁৰ দৈহিক-মানসিক অৱস্থাৰ ওপৰত। এক অধ্যয়নত দেখা গৈছে—পেৰলৰ আৱেদন নাকচ কৰা বেছিভাগ ন্যায়াধীশেই আছিল সেই সময়ত ভোকাতুৰ। আৰু যিসকল ন্যায়াধীশে খোৱা-বোৱা কৰি এটা খুচ মেজাজেৰে নিজৰ আসনত বহিছিল, তেওঁলোকৰ বেছিভাগেই পেৰলৰ আৱেদন মঞ্জুৰ কৰিছিল। মই নিজে এই কথাটোত পতিয়ন যাওঁ। মোৰ কেতিয়াবা নন্দিনীৰ সৰু একোটা কথাতে খং উঠে। পাছত অনুভৱ কৰোঁ, সেই কথাটোত খং উঠিব লগা কাৰণ একোৱেই নাছিল। হয়তো সেইখিনি সময়ত মই অন্য কিছুমান কথাৰ কাৰণে বিৰক্ত হৈ আছিলোঁ। হয়তো দৈহিকভাৱে ক্লান্ত হৈ পৰিছিলোঁ। আমাক অতি মৰমৰ মাজত ডাঙৰ-দীঘল কৰা মা-দেউতাই হঠাৎ কেতিয়াবা খং কৰিছিল। সেইখিনি সময়ত বুজি পোৱা নাছিলোঁ মই এনে কি দোষ কৰিলোঁ যে ইমান সৰু কথা এটাতে মায়ে, কাচিৎ কেতিয়াবা দেউতাই গালি পাৰিছিল। আমি ডাঙৰ হোৱাৰ পাছত এটা বয়সত দেখিছিলোঁ মোৰ মৰমিয়াল মাজনী লাহে লাহে সলনি হৈছিল। তেনেই সাধাৰণ যেন লগা একোটা কথাতে খং কৰিছিল আমাক। আমাৰ দৃষ্টিত অৰ্থহীন কথা এটাতো মা অত্যন্ত বিৰক্ত হৈছিল। লাহে লাহে মন কৰিছিলোঁ, মা সঁচাকৈয়ে খিংখিঙীয়া হৈ উঠিছিল। যেতিয়া বুজিব পৰাকৈ ডাঙৰ হ’লোঁ, জীৱন আৰু যৌৱন সম্পৰ্কে কিছু ধাৰণা হ’ল—তেতিয়া বুজি পালোঁ যে প্ৰত্যেকগৰাকী নাৰীৰে মেনোপজৰ সময়ত স্বভাৱ, ব্যৱহাৰ, আচাৰ-আচৰণ ভাবিব নোৱৰাকৈ সলনি হৈ যায়। সেইখিনি সময়ত তেওঁ নিজেই নাজানে তেওঁৰ কিয় খং উঠে। তেওঁ নিজেই নাজানে অলপ কথাতে তেওঁ কিয় বিৰক্ত হয়। অৰ্থাৎ তেওঁ ইচ্ছা কৰিলেই বিৰক্ত নোহোৱাকৈ থাকিব নোৱাৰে। তেওঁ ইচ্ছা কৰিলেই খিংখিঙীয়া নোহোৱাকৈ থাকিব নোৱাৰে। তেওঁৰ সেই ইচ্ছাক নিয়ন্ত্ৰণ কৰে তেওঁৰ শৰীৰত সংঘটিত হোৱা জৈৱিক কিছুমান পৰিৱৰ্তনে। হৰম’নেল চেইঞ্জ, ৰাসায়নিক ভাৰসমতা আদি কথাবোৰে গোটেই মনটোক নিয়ন্ত্ৰণ কৰি থাকে। একেদৰে এগৰাকী বৃদ্ধ মানুহলৈ মন কৰিবা। তেওঁৰ শৰীৰটোলৈ অহা পৰিৱৰ্তনটোৰ সমানেই কিছুমান সাংঘাতিক আৱেগিক পৰিৱৰ্তন হয়। বহুতে যে কয়, এগৰাকী বৃদ্ধ মানুহ এটি শিশুৰ দৰে। কিয়? তেওঁ দীৰ্ঘদিনৰ অভিজ্ঞতা আৰু জ্ঞানেৰে বেছি পৰিপক্বহে হ’ব লাগিছিল, কিন্তু এটি শিশুৰ দৰেই কিয় বেছি আৱেগিক, আদৰুৱা আৰু অভিমানী হৈ উঠে? এনেকুৱা আৰু উদাহৰণ দি থাকিব পাৰি। ধৰি লোৱা এটা কৃষক পৰিয়ালত ঘৰৰ মূল মানুহজনে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত দিব লাগে। তেওঁ কি সিদ্ধান্ত ল’ব সেইটো তেওঁ কেনে দৈহিক-মানসিক অৱস্থাৰ মাজত আছে সেই কথাটোৰ ওপৰত নিৰ্ভৰ কৰিব। জেঠমহীয়া ৰ’দত পথাৰৰ পৰা হাল বাই আহি ভোকে-ভাগৰে বাৰাণ্ডাখনত বহা কৃষকজনৰ মানসিক স্থিতি আৰু ভাদমহীয়া নামঘৰৰ পৰা আহি বহা একেজন কৃষকৰ মানসিক স্থিতি একেই নহয়। মানসিক স্থিতিৰ এই ভিন্নতা প্ৰতিগৰাকী মানুহৰ ক্ষেত্ৰতে প্ৰযোজ্য। তুমি যেতিয়া তোমাৰ কাপোৰ এসাজ কিনিবলৈ দোকান এখনত সোমোৱা, তুমি কেনেকুৱা ৰঙৰ কাপোৰ পছন্দ কৰিবা অথবা কেনেকুৱা ডিজাইন—সেই সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো তোমাক অন্য কিছুমান কাৰকে প্ৰভাৱিত কৰিব। এই পছন্দ কৰা কথাটোও স্বাধীন নহয়।’
সেইখিনি সময়তে নন্দিনী সোমাই আহিছিল, সুধিলে—‘গোটেই কথাবোৰ তুমি আজিয়েই কৈ শেষ কৰিবা যেন পাইছোঁ।’
‘ইমান ভাল শ্ৰোতা পোৱাৰ সৌভাগ্য দ্বিতীয়বাৰলৈ হয় নে নাই কোনে জানে।’ তিতিয়ে খুকখুকাই হঁহাৰ পাছতহে মধুৱন্তী বাস্তৱলৈ উভতি আহিল আৰু কথাটো তাইক উপলক্ষ কৰি কোৱা বুলি জনাৰ আগেয়েই তিতিয়ে পুনৰ কৈ উঠিল, ‘পাৰ্টি সামৰিলাই নেকি?’
‘অভি তো পাৰ্টি চুৰু হোৱা হে। ছোৱালীজনীক বহি থাকিবলৈ বাধ্য কৰিছা বুলি ভাবিহে খবৰ কৰিবলৈ আহিছোঁ।’ নন্দিনীয়ে হাঁহি হাঁহি ক’লে।
তিতিয়ে কিবা কোৱাৰ আগেয়েই মধুৱন্তীয়ে হাহাকাৰ কৰি উঠিল—‘নাই নাই বৌ, মোৰ কাৰণে এয়া অমূল্য সময়। দ্বিতীয়বাৰলৈ কেতিয়াবা এনেকুৱা সময় ঘূৰাই পাওঁ নে নাই নাজানো।’
‘অ’কে—অ’কে।’
নন্দিনী পখিলা এজনীৰ দৰেই কোঠাটোৰ পৰা ওলাই গৈছিল।
‘মই কি কৈ আছিলোঁ মধুৱন্তী? এই নন্দুৱে ৰসভংগ কৰি দিলে নহয়—’
মধুৱন্তীয়ে হাঁহিলে।
‘আপুনি কৈ আছিল—বৃদ্ধ হৈ অহাৰ লগে লগে মানুহবোৰ শিশু এটাৰ দৰে হৈ পৰে।’
‘অঁ—’ তিতি পুনৰ প্ৰসংগৰ মাজলৈ ঘূৰি আহিব বিচাৰিছিল আৰু কৈ উঠিছিল, ‘এটা কথা কিন্তু, মই কৈ থকা প্ৰত্যেকটো কথা তুমি এশ শতাংশই বিশ্বাসত নল’বা। মই কেৱল তোমাক চিন্তাৰ কাৰণে এটা বাটহে মুকলি কৰি দিছোঁ। তুমি কথাবোৰ প্ৰণালীবদ্ধভাৱে পঢ়িবা, নিজাকৈ কথাবোৰ বিশ্লেষণ কৰি চাবা। তাৰ পাছতহে সিদ্ধান্তলৈ আহিবা।’
‘মই অতি আগ্ৰহেৰে সৈতে আপোনাৰ কথা শুনি আছোঁ। মই যেন এখন কিতাপহে পঢ়ি আছোঁ। আৰু সমানে বিস্মিত হৈছোঁ এই কথা ভাবি যে আপোনালোকে ইমান কথা কেনেকৈ জানে? আমি দেখোন এইবোৰ কথা একো নাজানোৱেই।’
তিতিয়ে সশব্দে হাঁহি উঠিল।
‘মই যিটো বিষয়ত ডিগ্ৰী কৰিছোঁ, পি এইচ ডি কৰিছোঁ আৰু শিক্ষক হিচাপে কলেজত ল’ৰা-ছোৱালীক যিটো বিষয় পঢ়ুৱাওঁ, সেই বিষয়টোৰ বাহিৰে মই বাকী সকলো বিষয়েই জানো।’ তিতিয়ে পুনৰ খুকখুকাই হাঁহিলে।
‘কি যে কথাবোৰ কয় আপুনি।’
‘আচ্ছা আচ্ছা, শুনা—’ তিতিয়ে তৎপৰতাৰে কৈ উঠিল, ‘এইবাৰ পুনৰ বিজ্ঞানৰ কথা এটা কওঁ। কেৱল মনত ৰাখিবা, মই কিন্তু বিজ্ঞানৰ ছাত্ৰ নহয়।’
‘আপুনি মোকেই ঠাট্টা কৰিছে যদিও মই নাজানো।’ মধুৱন্তীয়ে বিনয়েৰে কৈ উঠিল।
‘ঠাট্টা বা ব্যংগ নহয়, এইটোক কয় আত্মব্যংগ। মই মোৰ জ্ঞানৰ সীমাবদ্ধতা, আৰু এই জ্ঞানৰ ওপৰত থকা তোমাৰ আস্থাক লৈহে চিন্তিত হৈছোঁ। আচ্ছা, ধেমালি বাদ—এতিয়া আচল কথালৈ আহোঁ।’
‘ঠিক আছে দাদা।’ মধুৱন্তীয়ে পুনৰ লৰচৰ কৰি বহিল।
‘আমাৰ শৰীৰটো এটা অতি বিস্ময়কৰ বস্তু। এই শৰীৰটোৰ মাজতে বিজ্ঞান, দৰ্শন সকলো আছে। অনন্ত ৰহস্যৰে ভৰা আমাৰ শৰীৰটো। ইয়াৰ ভিতৰত জিন বোলা বস্তুটো বিশেষভাৱে বিস্ময়কৰ আৰু গুৰুত্বপূৰ্ণ। এই জিনখিনি আমাৰ শৰীৰলৈ আহে পিতৃ-মাতৃৰ পৰা। দেউতাৰ শুক্ৰানুৰে মাৰ ডিম্বানুৰ নিষেচনৰ ফলস্বৰূপে মাৰ গৰ্ভত স্থিতি লোৱা মোৰ ভ্ৰূণটোৱে সেই মুহূৰ্তৰ পৰাই গোটেই মেকানিজিমটো কঢ়িয়াবলৈ আৰম্ভ কৰিলে। মোৰ দেউতাৰ শৰীৰটোৱে লাভ কৰা জিনখিনি আছিল তেওঁৰ মাক-দেউতাকৰ, একেদৰে মাৰ শৰীৰৰ জিনখিনি তেওঁৰ মাক-দেউতাকৰ। ইয়াৰ অৰ্থ হ’ল যুগ যুগ ধৰি এই জিন বোলা বস্তুটো আমাৰ পূৰ্বজসকলে কঢ়িয়াই আনিছে। তথ্য আৰু প্ৰমাণে সামৰি লোৱা ঐতিহাসিক যুগৰ কথাখিনিতো আমি জানোৱেই, কিন্তু তাৰো আগৰ প্ৰাগ্ ঐতিহাসিক যুগৰ আমাৰ পূৰ্বজসকলৰ জিনো জন্ম প্ৰক্ৰিয়াৰ মাজেৰে আমাৰ শৰীৰলৈ প্ৰবাহিত হৈ আহিছে। আমাৰ শৰীৰৰ গঠন, ৰূপ আদিৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰাৰ উপৰি জিনে আমাৰ স্বভাৱ, আৱেগ আৰু চিন্তা আদিৰ ক্ষেত্ৰতো বিশেষ ভূমিকা গ্ৰহণ কৰে। আমাৰ পূৰ্বপুৰুষসকলে সন্মুখীন হোৱা ঘটনা বা পৰিস্থিতিৰ সময়ত তেওঁলোকে ভয়, ক্ৰোধ আদিৰ বশৱৰ্তী হৈ লোৱা প্ৰতিটো সিদ্ধান্তই জিনে সঞ্চয় কৰি ৰাখে আৰু আমি সন্মুখীন হোৱা বিশেষ পৰিস্থিতি আৰু ঘটনাৰ সময়ত লোৱা সিদ্ধান্তবোৰত এই সঞ্চিত তথ্যবোৰে বিশেষভাৱে ক্ৰিয়া কৰে। এই ক্ৰিয়া কৰা কাৰ্যটো নিয়ন্ত্ৰিত হয় আমাৰ মগজুটোৰ দ্বাৰা। মগজু বোলা এই বস্তুটো আৰু বেছি বিস্ময়কৰ। চৰ্বি, পানী, প্ৰ’টিন, কাৰ্বোহাইড্ৰেট আৰু লৱণৰ সংমিশ্ৰণেৰে মানুহৰ মগজুটো গঠিত। মগজুৰ ষাঠি শতাংশই চৰ্বি, আৰু বাকী থকা চল্লিছ শতাংশ গঠিত হৈছে এই বাকীকেইটা উপাদানেৰে। কি সাংঘাতিক কথা হয়নে?’
‘ভাবি চালে সঁচাকৈয়ে আচৰিত লাগে।’ মধুৱন্তীয়ে দোহাৰিলে।
‘এই মগজুটোৰে ভিন্ন অংশই আমাৰ দেহ-মনৰ বিভিন্ন কাৰ্যপ্ৰক্ৰিয়াবোৰ পৰিচালনা কৰে। কোনোবাটো অংশই দেহৰ কাৰ্যকলাপবোৰ নিয়ন্ত্ৰণ কৰে, কোনোবাটো অংশই আৱেগিক কথাবোৰ নিয়ন্ত্ৰণ কৰে। আমাৰ চিন্তা শক্তি, স্মৃতি শক্তি, উশাহ-নিশাহ, গৰম লগা, ভোক লগা, মৰম লগা, কাৰোবাৰ প্ৰতি ওপজা অনুৰাগ, ঘৃণা—সকলোবোৰ অন্য অন্য অংশই ভাগে ভাগে নিয়ন্ত্ৰণ কৰে। এই বিস্ময়কৰ মানৱ মগজুটোৰ বিকাশ একেদিনাই হোৱা নাই। কোটি কোটি বছৰ লাগিছে এই ৰূপটো পাবলৈ। এটা কথা জানা নে নাই—মানুহো আচলতে পশুৱেই।’ তিতিয়ে মধুৱন্তীলৈ চাই সুধিলে। তাই কেৱল হাঁহিলে। এতিয়া কথা কৈ সময় নষ্ট কৰা নাযায়। তিতিয়ে মুখত এটা ধুনীয়া হাঁহি লৈ কৈ উঠিল—‘এৰিষ্টট্ল নে আনাতোলা ফ্ৰাংক, কোনে জানো কৈছিল, মেন ইজ এ ৰেশ্যনেল এনিমেল। মানুহ এবিধ বিচাৰ-বুদ্ধিসম্পন্ন পশু। এই কথাটো অকণমান মন কৰিবলগীয়া কিন্তু। তুমি ‘ট্ৰাইউন ব্ৰেইন’ৰ বিষয়ে জানানে?’ তিতিয়ে হঠাতে সুধি উঠিল।
মধুৱন্তীয়ে নতুন কিবা এটা শুনাৰ দৰে তিতিলৈ কৌতূহলেৰে চালে, নাই—তাইৰ মনত নপৰিল।
‘এইটো একেবাৰে নতুন কথা নহয় বাৰু।’ তিতিয়ে ক’লে, ‘চাৰি দশকৰো পূৰ্বে আমেৰিকাৰ এজন চিকিৎসক তথা স্নায়ুবিজ্ঞানী পল ডি মেকলিনে মানুহৰ মগজুৰ বিবৰ্তনৰ এটা মডেল দাঙি ধৰিছিল। প্ৰথম অৱস্থাত এইটো লৈ যথেষ্ট বিতৰ্কও হৈছিল অৱশ্যে। পৰৱৰ্তী সময়ত, মই অকণমান আগতে কোৱা নিউৰো ছায়েন্টিষ্ট ৰবাৰ্ট ছাপোল্স্কিয়ে এই মডেলটোক আধাৰ হিচাপে লৈয়ে নতুন নতুন ব্যাখ্যা কিছুমানো আগবঢ়াইছে। মেকলিনে মানুহৰ মগজুটোক তিনিটা ভাগত ভাগ কৰি দেখুৱাইছে। এটা হ’ল—দ্য লিম্বিক ব্ৰেইন। এইটোক মেমেলিয়ান ব্ৰেইন বুলিও কোৱা হয়। অসমীয়াত চাগে’ স্তন্যপায়ী মগজু বুলিয়ে ক’ব। দ্বিতীয় ভাগটোক কোৱা হৈছে ৰেপটিলিয়ান ব্ৰেইন। সৰীসৃপীয় মগজু। তৃতীয় ভাগটোক কোৱা হৈছে দ্য নিঅ’কৰ্টেক্স। এই অংশটো আটাইতকৈ গুৰুত্বপূৰ্ণ। মই যিটো বুজি পাওঁ, এই নিঅ’কৰ্টেক্স ব্ৰেইনটোৱেই মানুহক মানুহ কৰি ৰাখিছে। কাৰণ মানুহৰ সচেতন চিন্তা, ভাষা, যুক্তি—এই আটাইবোৰ পৰিচালিত হয় নিঅ’কৰ্টেক্স ব্ৰেইনৰ দ্বাৰা। তুমি জানিব লগা আটাইতকৈ গুৰুত্বপূৰ্ণ তথ্যটো হ’ল মানুহৰ যৌনতা বিষয়ক গোটেই কথাবোৰ নিয়ন্ত্ৰিত হয় লিম্বিক ব্ৰেইনটোৰ দ্বাৰা। বিজ্ঞানে কি ব্যাখ্যা দিছে মই নাজানো, কিন্তু মোৰ ধাৰণা এগৰাকী মানুহ লিম্বিক ব্ৰেইনটোৰ দ্বাৰা পৰিচালিত হ’ব নে নিঅ’কৰ্টেক্স ব্ৰেইনৰ দ্বাৰা পৰিচালিত হ’ব তাৰ দ্বাৰাই মানুহৰ চৰিত্ৰ নিৰ্মাণ হয়।’
‘মোৰ মনত এটা প্ৰশ্ন হৈছে দাদা।’ মধুৱন্তীয়ে মাজতে মাত দিলে।
‘কোৱা—’ তিতিয়ে আগ্ৰহেৰে সুধিলে।
‘এজন মানুহ লিম্বিক মগজুৰ দ্বাৰা পৰিচালিত হ’ব নে নিঅ’কৰ্টেক্সৰ দ্বাৰা—সেই কথাটো কোনে নিৰ্ণয় কৰিব?’
‘মানুহজনে নিজেই।’ তিতিয়ে ক’লে।
‘কেনেকৈ?’ মধুৱন্তীয়ে সুধিলে, ‘যদি চিন্তা বস্তুটোৱেই স্বাধীন নহয়, ইচ্ছা স্বাধীন নহয়; ভাবনা, কল্পনা একোৱেই স্বাধীন নহয়—তেতিয়াহ’লে মানুহ এজনে কেনেকৈ নিৰ্ণয় কৰিব তেওঁ কোনটো মগজুৰ দ্বাৰা পৰিচালিত হোৱা উচিত?’
‘আৰে বাঃ, সাংঘাতিক প্ৰশ্ন দেখোন? নিচা লগা নাই তোমাৰ?’ তিতিয়ে হাঁহি হাঁহি সুধিলে।
‘নিচা নে কি নাজানো, মোৰ মূৰটো কিন্তু গধুৰ গধুৰ লাগিছে।’ মধুৱন্তীয়েও হাঁহি ক’লে।
‘আচ্ছা।’ তিতিয়ে ক’লে, ‘আকৌ তোমাক ৰবাৰ্ট ছাপোল্স্কিৰ কথা এটাকে ক’ব লাগিব। ছাপোল্স্কিয়ে কৈছে—সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কিছুমান কথা নিৰ্ভৰ কৰে। এজন ব্যক্তিৰ স্নায়ুতন্ত্ৰত এক মিনিটৰ পূৰ্বে কি ঘটিছে, অথবা পূৰ্বৱৰ্তী সেই সময়খিনিত পৰিৱেশগত কেনে উদ্দিপনাই আমাৰ শৰীৰৰ নিউৰণবোৰক প্ৰভাৱিত কৰিছিল তাৰ ওপৰত ভিত্তি কৰি মানুহ এজনে এটা সিদ্ধান্ত নিৰ্ণয় কৰে। ছাপোল্স্কিয়ে এই সন্দৰ্ভত ব্যাখ্যা কৰি কৈছে—প্ৰতিটো কৰ্মৰ, অৰ্থাৎ চিন্তা, ইচ্ছা, সিদ্ধান্ত আদিৰ ক্ষেত্ৰত কাৰ্য-কাৰণ তাৎপৰ্যৰ কেইবাটাও স্তৰ আছে। এটা স্নায়ৱিক কাৰণ, আৰু এটা হৰম’নজনিত কাৰণ, আৰু এটা ৰাসায়নিক কাৰণ, আৰু এটা জেনেটিক কাৰণ—অৱশ্যে ইয়াৰ লগত পাৰিপাৰ্শি্বক আৰু ঐতিহাসিক কাৰণবোৰতো থাকেই। বুজি পালানে?’ তিতিয়ে মধুৱন্তীক সুধিলে।
‘হয়—’
‘এই যে তুমি মোক এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিলা, এই প্ৰশ্নৰ অন্তৰালত থকা তোমাৰ চিন্তাখিনি নিয়ন্ত্ৰিত হৈছে তোমাৰ নিঅ’কৰ্টেক্স মগজুৰ দ্বাৰা। ইয়াৰ সৈতে জড়িত হৈ আছে আমি ইমান সময়ে পাতি থকা কথাবোৰ আৰু তুমি বিশেষ উদ্দেশ্যত লিখিব খোজা কিতাপখনৰ প্ৰতি তোমাৰ দায়বব্ধতা।’
‘এতিয়া বুজিছোঁ দাদা।’ মধুৱন্তীয়ে সবিনয়ে কৈ উঠিল।
‘চোৱা—বিৱৰ্তনৰ দহ নিযুত বছৰ ধৰি আমাৰ নিঅ’কৰ্টেক্স মগজুটোৰ বিকাশ হৈয়ে আছে। গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল—পৃথিৱীৰ প্ৰতিগৰাকী মানুহৰে নিঅ’কৰ্টেক্স মগজুটোৰ সমানে বিকাশ হৈছেনে? অথনি তুমি যে সুধিছিলা, সকলো মানুহেই যদি মোৰ দৰে কথাবোৰ ভাবিলেহেঁতেন—মই তোমাক ক’লোঁ যে সকলো মানুহেই একেদৰে ভাবিব নোৱাৰে। ইয়াৰ অৰ্থটো হ’ল, তুমি কোনটো মগজুৰ দ্বাৰা বেছিকৈ পৰিচালিত হোৱা? যদি নিঅ’কৰ্টেক্স মগজুৰ দ্বাৰা নিয়ন্ত্ৰিত নহৈ বাকী দুটা মগজুৰ দ্বাৰা বেছিকৈ পৰিচালিত হোৱা তেনেহ’লে তোমাৰ চিন্তাৰ বিকাশ হ’ব কেনেকৈ? তুমি নিজৰ নিঅ’কৰ্টেক্স মগজুটোক বিকাশৰ সুযোগোতো দিব লাগিব। হয়নে?’
‘ঠিকে কৈছে দাদা।’
‘এটা কথা মনত ৰাখিবা। আমাৰ সভ্যতা খুব বেছিদিনীয়া নহয়। এইখিনি সময়ত এইখিনিয়ে বিকাশ হৈছে। যিমান বিকাশ হৈছে সিমানখিনিয়েই ফল আমি দেখা পাম। সকলো মানুহেই ভাল চিন্তা কৰিবলৈ, ভাল কাম কৰিবলৈ লোৱা পৰিৱেশ এটা পাবলৈ হয়তো আমাক আৰু বহু নিযুত বৰ্ষ লাগিব। হেজাৰ বছৰ পূৰ্বে এৰিষ্টট্ল অথবা ছক্ৰেটিছে আমাক যিবোৰ কথা কৈ গৈছে, আমি ইমান বছৰৰ পাছতো ঢুকি পাইছোঁ জানো? অথবা আমাৰ কোনো পূৰ্বপুৰুষে সেইখিনি সময়ত কথাবোৰ এৰিষ্টট্ল অথবা ছক্ৰেটিছৰ দৰে কিয় নাভাবিলে? গতিকে আজি তুমি যিখিনি কথা ভাবিছা, যি ধৰণে ভাবিছা—সকলোৱে তেনেকৈ সেইখিনি কথা নাভাবে। ভাবিবলৈ হয়তো শ-হেজাৰ বছৰ লাগি যাব। মানুহৰ স্বভাৱৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে যে এজন মানুহে একে সময়তে ভাল আৰু বেয়া দুয়োটা ৰূপকে কঢ়িয়াই থাকে। প্ৰত্যেকগৰাকী মানুহেই ব্যতিক্ৰমী হিংস্ৰ আৰু ব্যতিক্ৰমী দয়ালু। আমি এফালে গণহত্যা আৰু আনফালে বীৰত্বপূৰ্ণ আত্মত্যাগ কৰিবলৈ সক্ষম। প্ৰত্যেকজন মানুহেই একে সময়তে এজন ধৰ্ষণকাৰী আৰু সমানে এজন প্ৰেমিকৰ সত্তা কঢ়িয়াই লৈ ফুৰে।’
তিতি ৰ’ল, ভাবনাত গধুৰ এখন মুখ তিতিৰ। গিলাছটোৰ অৱশিষ্ট আটাইখিনি হুইস্কী তিতিয়ে একেশোহাই গিলি পেলালে। মধুৱন্তীৰো মন গধুৰ, ভাব-চিন্তা গধুৰ কথাৰে দোঁ খাই পৰিছে। মধুৱন্তীৰ এনেকুৱা লাগিছে যেন তাইৰ নিচা লাগিছে। নে তিতিৰ কথাখিনিয়ে তাইৰ চিন্তাত আউল লগাইছে? তাই নিজকে নিজে সুধিলে।
নিৰৱতা ভংগ কৰি মধুৱন্তীয়ে কৈ উঠিল—‘কিয় নাজানো দাদা, আপোনাৰ পৰা এই গোটেই তথ্য অথবা ব্যাখ্যাখিনি জনাৰ পাছত মোৰ এনেকুৱা লাগিছে যেন ধৰ্ষণকাৰী এজন অথবা হত্যাকাৰী এজন তাৰমানে শ শতাংশই দোষী নহয়? তেওঁ মন গৈছে কাৰণেই কাৰোবাক ধৰ্ষণ কৰা নাই অথবা এজন মানুহে কাৰোবাক হত্যা কৰাটোও তেওঁৰ ইচ্ছাকৃত নহয়। তাৰমানে তেওঁলোক কোনো কঠোৰ শাস্তিৰ যোগ্য নহয়? নে মই কথাখিনি ভুলকৈ বুজিছোঁ?’
তিতিয়ে সামান্য হাঁহিলে।
‘এই বিষয়ে ৰবাৰ্ট ছাপোল্স্কিয়ে এটা ধুনীয়া উদাহৰণ দিছে। পাঁচশ বছৰৰ পূৰ্বে এজন মৃগী ৰোগীৰ বিষয়ে মানুহৰ এনেকুৱা ধাৰণা আছিল যে ৰোগীগৰাকীয়ে আক্ৰান্ত হোৱাৰ সময়ত চয়তানৰ সৈতে আড্ডাত মিলিত হয়। আৰু ইয়াৰ নিদান হিচাপে ৰোগীগৰাকীক পুৰি মৰা হৈছিল। এই ৰীতি শ শ বছৰ ধৰি চলি আছিল। অথচ এতিয়া আমি জানো যে ৰোগীগৰাকীৰ নিউৰণত গণ্ডগুলীয়া পটাছিয়াম চেনেল থকাৰ বাবেহে সেই লক্ষণবোৰ পৰিস্ফুট হয়। এইটো এটা ৰোগ। এইটো কোনো নৈতিক ব্যৰ্থতা নহয়, বৰং ই এক জৈৱিক ঘটনাহে। সম্প্ৰতি, আমি এজন মৃগী ৰোগীক তেওঁৰ ৰোগটোৰ বাবে শাস্তি প্ৰদান নকৰোঁ। কিন্তু এজন তেনে ৰোগী যদি সঘনে আক্ৰান্ত হয় তেনে ৰোগীক আমি গাড়ী চলাবলৈ নিদিওঁ, কাৰণ এইটো নিৰাপদ নহয়। ইয়াৰ অৰ্থ এইটো নহয় যে ৰোগীজন গাড়ীখন চলোৱাৰ যোগ্য নহয়, কাৰণ এইটোহে যে তেওঁক গাড়ীখন চলাবলৈ দিয়াটো নিৰাপদ নহয়। এইটো এটা জৈৱিক কাৰবাৰহে যিটো সীমাবদ্ধ হোৱা উচিত কিয়নো ই এটা বিপদৰ প্ৰতিনিধিত্ব কৰে। এই উদাহৰণটোৰ দৰেই আন এটা ল’ব পাৰি। ধৰি লোৱা, তোমাৰ গাড়ীখনৰ ব্ৰেক ফেইল হৈছে। তুমি তেতিয়া কি কৰিবা? গাড়ীখন ৰাজপথলৈ উলিয়াই নিনিয়া, কাৰণ যিকোনো মুহূৰ্তত বিপদ হ’ব পাৰে, অৰ্থাৎ তোমাৰ গাড়ীখনৰ কাৰণে দুৰ্ঘটনাত পতিত হৈ কাৰোবাৰ মৃত্যু হ’ব পাৰে। ইয়াৰ কাৰণে তোমাৰ প্ৰাথমিক কাম হ’ব তুমি গাড়ীখন গেৰেজত দি ব্ৰেকিং ছিষ্টেমটো ভাল কৰি আনা। ব্ৰেক ফেইল হোৱা কাৰণেই তুমি নিশ্চয় গাড়ীখন পুৰি নেপেলোৱা অথবা জাবৰৰ দ’মলৈ নিক্ষেপ নকৰা। একেটা কথা অপৰাধী এজনৰ ক্ষেত্ৰতো একেই। অপৰাধটো এটা মানসিকতা। সেইটো নিয়ন্ত্ৰণ হয় মই অলপ আগতে কৈ থকা কাৰকবোৰৰ দ্বাৰা। গতিকে কাৰকবোৰ—আৰু কাৰকবোৰে গঢ়ি তোলা মানসিকতাটোকহে গুৰুত্ব সহকাৰে লোৱা উচিত।’
‘মোৰ কেনেকুৱা লাগি আছে জানে?’
‘কেনেকুৱা?’ তিতিয়ে আগ্ৰহেৰে সুধিলে।
‘কুৰুক্ষেত্ৰৰ যুদ্ধথলীত মই যেন দ্বিধাগ্ৰস্ত অৰ্জুন আৰু আপুনি সাৰথি কৃষ্ণ।’
তিতিয়ে এইবাৰ হো-হোৱাই হাঁহি উঠিল।
‘তুমি তাৰমানে বেছ ভাল ৰসিকতা কৰিব পাৰা।’
‘নহয় দাদা, মই ছিৰিয়াছলী কৈছোঁ।’
তিতিয়ে পুনৰ হাঁহিলে আৰু তাৰ পাছত কৈ উঠিল—‘ইমানখিনি সন্মান দিছাই যেতিয়া, তোমাক আৰু কেইটামান দৰকাৰী কথা কওঁ।’
মধুৱন্তীয়ে একো নামাতিলে, তাই যেন শুনিয়েই থাকিব কথাবোৰ।
‘মানুহৰ মগজু তথা মানসিক জগতখনৰ বিষয়ে এতিয়াও বহু কথাই জানিবলৈ বাকী আছে। অদূৰ ভৱিষ্যতে আমি আৰু কিমান কি নতুন কথা জানিবলৈ পাওঁ একো ঠিক নাই। আজিৰ পৰা এশ বছৰ পাছত বিজ্ঞানে কি কি নতুন দিশ আৱিষ্কাৰ কৰিব পাৰে আমি অনুমানো কৰিব নোৱাৰোঁ। সেই কাৰণেই চাগৈ আগৰ ঋষি-মুনিসকলে ‘দেৱাঃ ন জানন্তি’ বুলি কৈ মানুহৰ মন সম্পৰ্কে নিজৰ জ্ঞান সামৰি থৈছিল, অথচ সেই যুগতে অন্য ক্ষেত্ৰবোৰত তেওঁলোকে বহু গুৰুত্বপূৰ্ণ ব্যাখ্যা আগবঢ়াই গৈছে। যি কি নহওক, তুমি তোমাৰ কিতাপখনৰ কাম কৰোঁতে মানুহৰ মানসিক জগতখনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিবা। মানসিক স্বাস্থ্যৰ কথাটোও এইক্ষেত্ৰত তোমাৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ হ’ব।’
‘কেনে ধৰণৰ দাদা?’
‘আগশাৰীৰ দেশবোৰৰ কথা যেনতেন, আমাৰ দেশত মানসিক স্বাস্থ্যৰ ধাৰণাটো এতিয়াও বহু ক্ষেত্ৰত একেবাৰে নতুন। মানসিক স্বাস্থ্যক বাদ দি যে মানুহ এজনৰ সুস্বাস্থ্যৰ কথাটো অসম্পূৰ্ণ সেই কথাটো বহুত মানুহে এতিয়াও নাজানে। আমি যেতিয়া কওঁ, আজি গাটো ভাল নহয়—এই অৱস্থাটোত আমি নিজকে এজন ৰোগী বুলি নাভাবোঁ। এই গা বেয়া লগাটো বেছি হ’লেই আমি চিকিৎসকৰ কাষ চাপোঁ। ঔষধ খাব লগা নোহোৱালৈকে অথবা হাস্পতালত ভৰ্তি নোহোৱালৈকে মানুহজনে নিজে অথবা পৰিয়ালৰ আন মানুহেও ৰোগী হিচাপে গণ্য নকৰে। মানসিক স্বাস্থ্যৰ কথাটো তাতোকৈ বেছি অনিৰ্ণিত। সুস্থ মানসিক স্বাস্থ্যৰ অভাৱবোৰ, ৰোগৰ লক্ষণবোৰ সাধাৰণ মানুহে বুজি নাপায়। এনেকি এজন মানুহ ৰোগী হৈ উঠাৰ পাছতো বহুতে গমেই নাপায়। ফলত চিকিৎসা কৰাব লাগে বুলিও নাজানে। ধৰি লোৱা, আমাৰ ওচৰে-পাঁজৰে এটা ধৰ্ষণৰ ঘটনা ঘটিল। এজনী এবছৰীয়া ছোৱালীক ধৰ্ষণ। আমি আচৰিত হৈ যাওঁ। এজনী এবছৰীয়া ছোৱালীক কোনোবাই কেনেকে ধৰ্ষণ কৰিব পাৰে? কি নিকৃষ্ট মানসিকতাৰ মানুহ এইবোৰ। আচলতে এইটো এটা বিকাৰ। ৰোগ। যিটোক চিকিৎসা শাস্ত্ৰই পেডোফেলীয়া বুলি কয়। এই ৰোগৰ লক্ষণেই সেইটো। মানুহজনে শিশুবোৰৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰি থাকে আৰু সুযোগ পালেই সেই জঘন্য ঘটনাটোক বাস্তৱ ৰূপ দিয়ে। এনেকুৱা বহুকেইটা বিকাৰ আছে। আমাৰ মামাহঁতৰ ঘৰ এখন গাঁৱত। আগতে যেতিয়া গৰমৰ বন্ধত, অথবা বছৰেকীয়া পৰীক্ষা দি উঠি ককাহঁতৰ ঘৰলৈ কেইবাদিনো থকাকৈ গৈছিলোঁ, তেতিয়া গাঁৱত লগৰীয়াবোৰৰ পৰা প্ৰায়ে এটা কথা গম পাইছিলোঁ। কিছুমান ল’ৰাই গৰু বা ছাগলীৰ সৈতে যৌনক্ৰিয়াত লিপ্ত হৈছিল। প্ৰথমতে শুনি আচৰিত হৈছিলোঁ। ঘিণ ঘিণ লাগিছিল। বহু পাছত জানিছিলোঁ যে এইটোও এটা ডাঙৰ বিকাৰ, চিকিৎসা শাস্ত্ৰৰ ভাষাত জুফেলীয়া। অকল পুৰুষেই নহয়, বহু নাৰীও জুফেলীয়াত আক্ৰান্ত হয়। পৰৱৰ্তী সময়ত জানিলোঁ, এই ঘটনাবোৰ আমাৰ ইয়াতে নহয় সমগ্ৰ বিশ্বতে সংঘটিত হয়। আচলতে পৰিয়ালৰ ধাৰণাটো গঢ় লৈ উঠাৰ পাছত মানুহ যেতিয়া কৃষিৰ সৈতে জড়িত হৈ পৰিল, কিছুমান জীৱ-জন্তুক পোহনীয়া কৰি ল’লে, বোধ কৰোঁ তেতিয়াৰ পৰাই এই ঘটনাবোৰো ঘটি থাকিল। বিভিন্ন দেশৰ পেইণ্টিং, প্ৰস্তৰ মূৰ্তি, মিনিয়েচাৰ পেইণ্টিং আদিৰ পৰা পোৱা তথ্যই অন্ততঃ এই কথাকে প্ৰমাণ কৰে।’
‘আচৰিত।’ মধুৱন্তীয়ে কৈ উঠিল, ‘সঁচাকৈয়ে চিন্তনীয়।’
‘ইয়াতকৈ আচৰিত বিকাৰ হৈছে নেক্ৰোফেলীয়া। এই বিকাৰত আক্ৰান্তসকলে মৃতদেহ একোটাৰ সৈতে যৌন সংসৰ্গ গঢ়ি তুলিবলৈ অতি আকৰ্ষণ অনুভৱ কৰে। পুৰুষ-নাৰী উভয়েই নেক্ৰোফেলীয়াৰ চিকাৰ হয়।’
মধুৱন্তীৰ চকু দুটা ডাঙৰ হৈ গ’ল। সঁচাকৈয়ে এয়া সঁচা নেকি?
‘এনেকুৱা বিকাৰ আৰু আছে। কিন্তু এতিয়া মই পুনৰ এই কথাটোকে দোহাৰিম—ব্ৰেক ফেইল হোৱা গাড়ীখন আমি গেৰেজলৈ নিম নে পুৰি পেলাম?’
মধুৱন্তীয়ে কিবা এটা ক’বলৈ লৈছিল, তেনেতে নন্দিনী সোমাই আহিল।
‘ব’লা ব’লা, বহুত সময় হ’ল। সোৱাদ লগা ব্যঞ্জন এখন বেছিকৈ খোৱা ভাল নহয়, আমুৱাই গ’লে স্মৃতিটো বেয়া হৈ ৰয়। ভাল কথাবোৰো আধৰুৱাকৈ এৰিব লাগে।’
তিতি-মধুৱন্তী দুয়ো হাঁহিলে আৰু বহাৰ পৰা উঠিল।
‘থেংক ইউ ছ’ মাচ্চ দাদা।’ মধুৱন্তীয়ে কৈ উঠিল।
‘কৃতজ্ঞতাত নামটো দিবা কিন্তু।’ তিতিয়ে পুনৰ জোকালে।
ওলাই যোৱাৰ লগে লগে বাহিৰত সকলোৱে মধুৱন্তীক শুভেচ্ছা দিলে কিতাপখনৰ কাৰণে। ইতিমধ্যে যে কিতাপখনৰ পৰিকল্পনাৰ কথা ৰাজহুৱা হৈ পৰিছে মধুৱন্তীয়ে ভবাই নাছিল। তাইৰ ভালো লাগিল, সমানে লাজ ভাব এটাই তাইৰ গাল দুখন ঈষৎ ৰঙা কৰি পেলালে।
গাড়ীত উঠিয়ে মধুৱন্তীয়ে ময়ূখৰ বাঁওহাতখন নিজৰ ফালে সামৰি লৈ তাৰ বাহুটোতে মূৰটো পেলাই দিলে।
‘কি মাধু—নিচা লাগিছে?’ ময়ূখে মৰমেৰে সুধিলে।
‘উম—’ তাই উচ্চাৰণ কৰিলে, ক’লে—‘কিন্তু নিচাখিনি ৱাইনৰ নহয়।’ ময়ূখে একো বুজি পোৱা নাই, সি তাইলৈ মনোযোগেৰে চালে। তাই একো দেখা নাই, তাইৰ দৃষ্টিত তেতিয়া ওলমি আছিল কৰিব লগা কিছুমান কামৰ নক্সা। সেই আনন্দত বুৰ গৈ থাকিয়ে তাই কৈ উঠিল—‘থেংকিউ ময়ূখ, তোমাক নোপোৱা হ’লে অনিৰুদ্ধদাকো নাপালোঁহেঁতেন। আৰু তেওঁক লগ নোপোৱা হ’লে কিজানি মোৰ চিন্তাৰ জগতখনৰ এটা অন্য অধ্যায়েও পোহৰৰ মুখ দেখা নাপালেহেঁতেন।’
‘তিতিয়ে আজি সাংঘাতিক কিবা কথা ক’লে নেকি অ’?’
‘উম—’
‘চাবা আকৌ, তিতিয়ে মাজে মাজে ব’ম গাজা মাৰে।’
‘তোমালোক হ’লা তেওঁৰ বন্ধু। তোমালোকক হয়তো তেনেকুৱা কৰিব পাৰে। মোক নকৰে। আৰু কৰিলেও কোনো কথা নাই—তেওঁ মোক যিখন দুৱাৰ খুলি এখন অন্য জগতত প্ৰৱেশ কৰাৰ সুবিধা দিছে মোৰ বাবে সেইখিনিয়েই যথেষ্ট। বাকীখিনি বাট চেষ্টা কৰিলে হয়তো মই নিজেই যাব পাৰিম।’
(প্ৰিয় পাঠক, “বেণী”ৰ পূৰ্বৰ আটাইবোৰ খণ্ড পঢ়িবলৈ লগ ইন কৰক www.saumitrajogee.com । কেৱল বেণীয়েই নহয়, সৌমিত্ৰ যোগীৰ অন্যান্য কিতাপবোৰৰো কিছু কিছু লেখা ইয়াত পঢ়িব পাৰিব।)
Click here to claim your Sponsored Listing.
পঢ়ুৱৈৰ বাবে
ভাৰতবৰ্ষৰ যিকোনো ঠাইৰ পঢ়ুৱৈক ‘আঁক-বাক’ৰ কিতাপসমূহ বিশেষ ৰেহাই সহ যোগান ধৰাৰ ব্যৱস্থা আছে।
Videos (show all)
Category
Contact the business
Telephone
Website
Address
Saraswati Market, Jaswant Road, Panbazar
Guwahati
781001
#1, Supurba Market, A. T Road, Near Railway Gate No. : 04
Guwahati, 781001
Business Information Center is the pioneer in entire NorthEast region in publishing Building materia
A K Deb Road, Fatashil Ambari
Guwahati
Publisher of Books on diverse subjects like drama, literature, entrepreneurship, career etc
JL Bhawan, Near Radisson Blu Hotel, Gotanagar, Tetelia
Guwahati, 781038
IARCON International LLP, with the main aim to promote the development and strengthening of the inte
Guwahati, 781012
We Publish Fiction, Non-Fiction, Classics, & Academic Books in Print, eBook, Audiobook, & Audio-Visual Formats. Other Services include Professional Literary Editing, Designing/ F...
CBCNEI Mission Compound, H. B. Road, Pan Bazar
Guwahati, 781001
Life Transforming Biblical Recourse Centre for Churches under CBCNEI and beyond with commitment and passion.
Guwahati
Guwahati
Prag Music Asssam is Digital Music Distributor Company Based on Assamese Music Industry.