আছুৰ সংবাদ
All Assam Students' Union or AASU is a students' organisation in Assam, India.
১৯১৬ চনৰ আজিৰ দিনটোতেই ঐতিহাসিক লতাশিল খেলপথাৰত চন্দ্ৰনাথ শৰ্মা প্ৰমুখ্যে ছাত্ৰ সমাজৰ উদ্যোগত আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ সভাপতিত্বত অনুষ্ঠিত সভাত জন্ম লাভ কৰিছিল - অসমৰ প্ৰথমটো ছাত্ৰ সংগঠন 'অসম ছাত্ৰ সন্মিলন'য়ে। পাছৰ সময়ছোৱাত এই 'অসম ছাত্ৰ সন্মিলন'য়েই বাট কাটিছিল 'সদৌ অসম ছাত্ৰ সন্থা'ৰ। সেইবাবেই আজিৰ দিনটো প্ৰত্যেকগৰাকী জাতিটোক ভালপোৱা অসমীয়াৰ বাবে, অসমৰ ছাত্ৰ সমাজৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন।
১০৭ বছৰীয়া এই স্বৰ্ণিল যাত্ৰাৰ সৈতে জড়িত প্ৰতিগৰাকী মনীষীলৈ আজি এই পবিত্ৰ ক্ষণত আন্তৰিক শ্ৰদ্ধা যাচিলোঁ।
।।জয় আই অসম।।
বৰ অসমৰ ভেঁটি গঢ়োতা আৰু শান্তি-সম্প্ৰীতিৰ এনাজৰীৰে অসমৰ সকলো জাতি-জনগোষ্ঠীক একতাৰ ডোলেৰে বান্ধি ৰখাত বিশেষ ভূমিকা লোৱা চাওলুং-ছ্যু-কাফাক আজি অসম দিৱসৰ বিশেষ দিনটোত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ৷
তুলসী তুলসী অ' আই তুলসী, তুমি গোবিন্দৰ প্ৰিয়া, তোমাক পুঁজিছো আই অ' তুলসী শান্তি অকণি দিয়া।
অসমৰ বাপতি সাহোন কাতি বিহুৰ শুভেচ্ছা জনালোঁ। আহিন মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। কাতি বিহু জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱ। এই বিহুৰ সৈতে সাঙোৰ খাই আছে আমাৰ জাতীয় কৃষ্টি-সংস্কৃতি,কৃষি সম্পৰ্কীয় বিশ্বাস, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস কাতি বিহুৰ সৈতে নিবিড় ভাৱে জড়িত হৈ আছে। জেঠ, আহাৰ, শাওন মাহত মূৰৰ ঘাম মাটিত পেলাই খেতিয়কে পথাৰত ভূঁই ৰুই শেষ কৰে। খেতিয়কৰ হেপাহ এদিন সোণ গুটিৰে ভঁৰাল ভৰিব, শেষ হব অকালৰ দিন। সপোন দেখা খেতিয়কে শৰতৰ বতৰত উৎফুল্লিত হৈ পৰে। এই সময়ত সোণগুটি লাগিবৰ হয়। এই সময়ত ভঁৰালৰ ধান উদং হয়, অভাৱ-অনাটনে জুৰুলা কৰে। কাতি বিহুৰ দিনা প্ৰতিঘৰ অসমীয়া মানুহে চোতালত মাটিৰ ধিপ বনাই মচি তুলসীৰ পুলি ৰোৱে,ধাননি পথাৰ, ভঁৰাল ঘৰ আদিত চাকি জ্বলাই নাম গায়। ইয়াৰ লগতে খেতি পথাৰত শস্যৰ মংগল কামনা কৰি লখিমীক আদৰে। আকাশ বন্তি জ্বলায়, আকাশ বন্তিৰ পোহৰত হেনো আমাৰ উপৰি পুৰুষৰ আত্মা সৰগলৈ যাত্রা কৰে,সুখ আৰু শান্তিত আত্মাই দিন কটায়।এই বিহুত উলহ-মালহ আৰু ভোগ প্ৰাচুৰ্য্য বেছিকৈ নাথাকে,ধৰ্মীয় আচাৰ অনুষ্ঠানেৰে শৰৎ কালত হোৱা কাতি বিহুক শৰৎতৰ দৰে স্নিগ্ধ সমাহিত বুলি গণ্য কৰা হয়।
তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই শৰ ধনু ধৰে।
আজি দৈনিক বাতৰি কাকত সমূহত প্ৰকাশিত বাতৰি সমূহ
ৰঙিয়া আঞ্চলিক ছাত্র সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰন সম্পাদক,(১৯৭৭) অসম আন্দোলনৰ গুৰি ধৰোতা , চমচেৰ আলীৰ আজি পৰলোকপ্ৰাপ্তি হয়। ৰঙিয়া আঞ্চলিক ছাত্র সন্থাই তেখেতৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছোঁ আৰু শোক সন্তপ্ত পৰিয়াল বৰ্গ লৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।
অসম কন্যা দীপশিখা হাজৰিকাৰ মৃত্যুত ৰঙিয়া আঞ্চলিক ছাত্র সন্থাই দুখ প্ৰকাশ কৰিছোঁ।প্ৰতিভাসম্পন্ন পৰ্বতাৰোহী গৰাকীৰ মৃত্যু অসমৰ ক্ৰীড়াৰ বাবে এক অপূৰণীয় ক্ষতি।তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছো লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰিছো।
মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ আজি মৃত্যু দিন ৷ ১৯৭২ চনৰ ৭ অক্টোৱৰত দুৰ্বৃত্তই নৃশংসভাবে হত্যা কৰিছিল। ভাষা জননীৰ হকে নিজৰ জীৱন আত্মবলিদান দিয়া বীৰ শ্বহীদ গৰাকীলৈ ৰঙিয়া আঞ্চলিক ছাত্র সন্থাই গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ ।
১৯৭২ চনৰ ঐতিহাসিক মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ মোজাম্মিল হকলৈ আজি শ্ৰদ্ধা নিবেদিছোঁ ৷ মহান শ্বহীদৰ আত্মত্যাগৰ অমৃতগাথা চিৰকাল সোঁৱৰণ কৰিব অসমবাসীয়ে।।
||জয় আই অসম ||
ৰঙিয়া আঞ্চলিক ছাত্র সন্থাই
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথিত গুৰুজনালৈ জনালোঁ ভক্তিভৰা সেৱা।গুৰুজনাই একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ জীৱনক একত্ৰিত আৰু সংহতিত কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, চিত্ৰকৰ, অভিনেতা আছিল।গুৰুজনাই সাংস্কৃতিক জগতখনত আগবঢ়াই যোৱা অৱদান সমূহ যুগ যুগ ধৰি প্ৰচাৰিত হৈ থাকিব।গুৰুজনাৰ আদৰ্শৰে অনুপ্রাণিত হওঁক সকলো।
ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সপ্তবিংশতিতম্ বাৰ্ষিক অধিবেশনৰ প্ৰতিনিধি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ মাননীয় সভাপতি দিপাংক কুমাৰ নাথ ডাঙৰীয়াই উপস্থিত থাকি বক্তব্য আগবঢ়াই....
ৰঙিয়া আঞ্চলিক ছাত্র সন্থাৰ নৱ নিৰ্বাচিত সভাপতি মৃন্ময় কুমাৰ ডেকা আৰু সাধাৰন সম্পাদক নৱ কুমাৰলৈ শুভেচ্ছা জনালোঁ।
সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ।
সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ।
ৰঙিয়া আঞ্চলিক ছাত্র সন্থাৰ অন্তৰ্গত শাখা বৰলীয়াপাৰ শাখা ছাত্ৰ সন্থা গঠন কৰা হয়।
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Website
Address
Rangia
Rangia
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনপ্ৰিয় নিউজ পৰ্টেল। সত্যৰ সন্ধানত/ SOMETHING NEW
Baihata
Rangia, 781380
https://youtube.com/channel/UCLANYRk__FN_1n2ejsfO4TA please Connect Our YouTube Channel
Rangia
Hello, All the dears Assam pupils we are provide you all truths able-bodied news topics on our assam, clear news to base points and entertainment done in the periods of t...
Rangia
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনপ্ৰিয় নিউজ পৰ্টেল SOMETHING NEW/ সত্যৰ সন্ধানত
Rangia
অসমীয়া হয় বে Promote your business ,Page ,YouTube channel, Blogs,videos, Audio Call here - 9101524610