Hariprashana Hazarika
District President- BJP OBC Morcha, Sivasagar
Secretary- Assam Chamber of Commerce, Sivasagar Dist.
যোৱাকালি মোক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰা প্ৰতিগৰাকী শুভাকাংক্ষীলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।
আপোনালোকৰ মৰম-স্নেহ আৰু আশীষে মোক সদায় কাম কৰি যাবলৈ অনুপ্ৰাণিত কৰে। সমাগত সময়ত,অনাগত দিনত আপোনাসৱৰ আৰ্শীবাদ শিৰোধাৰ্য কৰি ৰূপায়ন কৰি যাম কৰ্মক্ষেত্ৰৰ প্ৰতি পদক্ষেপ। জনজীৱনৰ সপক্ষে অৱস্থান কৰোতে প্ৰতি নিয়ত আপোনাসৱৰ শুভেচ্ছা হ'ব আমাৰ বাবে আৰ্শীবাদ।
ভাৰতীয় জনতা পাৰ্টিৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ অসম প্ৰদেশৰ প্ৰবাস কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলাৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সন্মানীয় কাৰ্য্যকৰ্তা সকলৰ সৈতে অনুষ্ঠিত হোৱা মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি দলৰ সাংগঠনিক দিশৰ লগতে আভ্যন্তৰীণ ভেঁটি সুদৃঢ় কৰাৰ বাবে বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰোঁ। লগতে এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলা অ.বি.চি.উন্নয়ন বৰ্ডৰ দ্বাৰা হিতাধিকাৰীসকলৰ মাজত কিছুমান প্ৰয়োজনীয় সা-সামগ্ৰী বিতৰণ কৰা হয়।
এই সভাত আমাৰ সৈতে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় শ্ৰী যুত কুলদীপ বড়া ডাঙৰীয়া, শ্ৰীযুত মনোজ বৰুৱা ডাঙৰীয়া, ৰাজ্যিক সম্পাদক শ্ৰী যুত অৰূপ নাথ ডাঙৰীয়া, শিৱসাগৰ জিলাৰ প্রভাৰী শ্ৰী যুত অনুপ চেতিয়া ডাঙৰীয়া আৰু মৰ্চাৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
BJP Assam Pradesh
Bhabesh kalita ভৱেশ কলিতা
BJP OBC Morcha
BJP Sivasagar District
অসমীয়া বৌদ্ধিক জগতৰ ভোটাতৰা, জাতীয় জীৱনৰ মহীৰূহ শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি দেৱৰ জন্মদিনত তেখেতক সশ্ৰদ্ধে সুঁৱৰিছো। কলমৰ জৰিয়তে এখন সু-শৃংখলিত সমাজ নিৰ্মাণ কৰিব বিচৰা বৰগোহাঞিদেৱৰ জীৱন, কৰ্ম, চিন্তা, চেতনা তথা আদৰ্শই অসমীয়া জাতিটোক যুগে যুগে অনুপ্ৰাণিত কৰি যাব।
আজি শিৱসাগৰ জিলা মুখ্য কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টী ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰী বি আৰ ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়াক এক সৌজন্যমূলক সাক্ষাৎ কৰোঁ। ৰাজু জীৰ সাক্ষাতে আমাক ৰাষ্ট্ৰসেৱাৰ প্ৰতি অনুপ্ৰাণিত কৰে।
देश का भरोसा, मोदी की गारंटी।
करोड़ों कार्यकर्ताओं के प्रेरणास्रोत, विश्व के सबसे बड़े राजनैतिक संगठन Bharatiya Janata Party (BJP) के राष्ट्रीय अध्यक्ष श्री J.P.Nadda जी को जन्मदिवस की हार्दिक बधाई एवम् शुभकामनाएं !
माँ कामाख्या से प्रार्थना है कि आप दीर्घायु हों और सदैव स्वस्थ एवं प्रसन्न रहें।
অসমৰ সৰু-বৰ বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি স্বৰ্গদেউগৰাকীয়ে আমাৰ জাতীয় জীৱনক আগুৱাই নিয়াৰ পথ প্ৰশস্ত কৰি গৈছে। 'অসম দিৱস'ৰ শুভক্ষণত সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বৰ অসমৰ ভেটি গঢ়োঁতা স্বৰ্গদেউ চাওলুং ছ্যুকাফাক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
তেখেতৰ আদৰ্শেৰে উদ্বুদ্ধ হৈ এখন শান্তিপূৰ্ণ আৰু সমন্বয়ৰ সমাজ গঢ়াৰ বাবে আমি সংকল্প লওঁ আহক।
আজি মহান জননেতা, স্বাধীনতা সেনানী, সমাজ সংস্কাৰক, প্ৰাতঃস্মৰণীয় ব্যক্তি ভীমবৰ দেউৰীদেৱৰ আজি প্ৰয়াণ দিৱসত শ্ৰদ্ধাৰে স্মৰণ কৰিলোঁ। মহান স্বাধীনতা যুঁজাৰু ভীমবৰ দেউৰী আছিল আই অসমীৰ এগৰাকী সুযোগ্য সন্তান। তেখেতৰ জীৱন আৰু কৰ্মৰাজি আমাৰ সকলোৰে, বিশেষকৈ নতুন প্ৰজন্মৰ বাবে আদর্শস্বৰূপ।
যোৱাকালি নামদাং শিলৰ সাঁকো বৰনামঘৰত আয়োজিত ৩৫ তম্ পবিত্ৰ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱত উপস্থিত থাকি প্ৰফুল্লিত হওঁ ।
ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰা ভক্তৰ মাজত প্ৰেমৰ জৰিয়তে ভক্তিৰস বিলোৱা এই পবিত্ৰ ৰাসলীলাই আমাৰ মন গহ্বৰত আধ্যাত্মিকতা বিস্তাৰ কৰে। উক্ত অঞ্চলৰ ৰাইজে মোক দিয়া মৰমৰ বাবে মই ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম ।
দিকচু শিক্ষা সংস্কৃতিক ক্ৰীড়া বিকাশ কেন্দ্ৰৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আঞ্চলিক ভিত্তিত দিকচু উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগনত আয়োজিত ৰাস মহোৎসৱত উপস্থিত হৈ ৰাস উপভোগ কৰোঁ আৰু ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত শ্ৰীশ্ৰীৰাধা-কৃষ্ণৰ চৰণ যুগলত সবাৰে মঙ্গল কামনাৰে সেৱা নিবেদিলোঁ।
ভক্তিৰ নিজৰা বোৱাই ৰাস মহোৎসৱে অসমৰ জনজীৱনৰ বুকুত সঞ্চাৰ কৰিছে নতুন উদ্দীপনা আৰু আধ্যাত্মিকতাৰ। আজি ঢুলীয়াপাৰ ৰাস মঞ্চ, শিৱসাগৰত অনুষ্ঠিত ৭৮ তম্ ঢুলীয়াপাৰ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱত উপস্থিত থাকোঁ। অনাগত দিনবোৰত সুখ-শান্তি, ভাতৃত্ববোধ আৰু ভক্তিচেতনাৰ মাজেৰে সকলোৰে জীৱন উজলি উঠক, তাৰেই কামনাৰে ত্ৰিভুৱনৰ পতি শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত নতশিৰে সেৱা, প্ৰাৰ্থনা জনালোঁ।
পৰম ব্ৰহ্মৰ পূৰ্ণাৱতাৰ শ্ৰীকৃষ্ণৰ অপাৰ মাহাত্ম্যৰে প্ৰাণৱন্ত ৰাসৰ এই উৎসৱমুখৰ ক্ষণত জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰৰ সৌজন্যত আৰু ৰাসলীলা উদযাপন সমিতিৰ উদ্যোগত সেউজকোঁৱৰ পৰাগধৰ চলিহা খেলপথাৰ জয়সাগৰত অনুষ্ঠিত কৰা শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱত আজি উপস্থিত থাকি মন-প্ৰাণ উদ্দীপ্ত হৈ উঠিল।
শিৱসাগৰ জিলাৰ বৃহত্তৰ চাৰিং আৰু ইয়াৰ উপকণ্ঠ প্ৰায় কুৰিখনৰো অধিক গাঁৱৰ ৰাইজৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰে অনুষ্ঠিত কৰা ৫৬ সংখ্যক চাৰিং শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱত উপস্থিত থাকি আপ্লুত হওঁ।
ইয়াৰ লগতে চাৰিং মহোৎসৱ আৰু কলা-কৃষ্টি কেন্দ্ৰত যোৰহাট লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰী তপন কুমাৰ গগৈ ডাঙৰীয়াৰ সাংসদ পুঁজিৰে নিৰ্মিত এটি ৰান্ধনী গৃহ আৰু গুদাম গৃহৰৰ মুকলি অনুষ্ঠানত উপস্থিত থাকোঁ।
আজি শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত ডঃ ভূপেন হাজৰিকা সাংস্কৃতিক বিকাশ মঞ্চত আখৈফুটীয়া উদীয়মান সাংস্কৃতিক গোষ্ঠী আৰু ৰাস পৰিচালনা সমিতিৰ উদ্যোগত ৰূপালী জয়ন্তী বৰ্ষ (২৫ তম) শ্ৰী শ্ৰী ৰাসলীলা মহোৎসৱৰ প্ৰথমদিনা কাৰ্যসূচীত যোৰহাট লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰী তপন কুমাৰ গগৈ ডাঙৰীয়াৰ সহিতে উপস্থিত থাকোঁ।
Topon Kumar Gogoi
ঈশ্বৰঃ পৰমঃ কৃষ্ণঃ সচ্চিদানন্দবিগ্ৰহঃ
ৰাস পূৰ্ণিমাৰ এই পবিত্ৰ ক্ষণত সদৌটিলৈকে শ্ৰীশ্ৰীকৃষ্ণ ৰাসোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।
ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ এই উৎসৱমুখৰ পৰিৱেশে অসমৰ প্ৰতিজন মানুহৰ জীৱনলৈ সুখ শান্তি আৰু আনন্দৰ কঢ়িয়াই আনক তাৰে কামনা কৰিলোঁ ।
মহাবীৰ লাচিত বৰফুকন- অসমৰ জাতীয় জীৱনৰ প্ৰোজ্জ্বল এক সাহসী সত্তা । "লাচিত দিৱস"ৰ এই পৱিত্ৰ ক্ষণত আই অসমীৰ মহান বীৰপুত্ৰলৈ গভীৰ শ্ৰদ্ধা জনাইছোঁ।
মহাবীৰ লাচিত বৰফুকনৰ অনন্য দেশপ্ৰেম, অদম্য সাহস-পৰাক্ৰমে আমাক সদায়েই উদ্বুদ্ধ কৰি ৰাখিছে। তেখেতৰ মহান আদৰ্শ চিৰকাল অসমীয়া জাতিৰ সবল পৰিকাঠামোৰ অতুল্য শকতি হৈ ৰওক।
আজি আমাৰ সকলোৰে মৰমৰ তথা অসমৰ ৰাইজৰ হিয়াৰ আমঠু কণ্ঠশিল্পী, অভিনেতা, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক জুবিন গাৰ্গৰ ওপজা দিন । অসমৰ সাংস্কৃতিক জগতৰ উজ্জ্বল ভোটাতৰা জুবিন গাৰ্গলৈ ওপজা দিনৰ অশেষ শুভকামনা জ্ঞাপন কৰিলোঁ । আগন্তুক দিনবোৰত তেখেতৰ সৃষ্টিৰ দ্বাৰা তেখেতে অসমৰ সাংস্কৃতিক জগতখনক আৰু অধিক উজ্বলাই তোলাৰ আশাৰে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ।
Zubeen Garg
Congratulations, on reaching the World Cup 2023 final with a spectacular win over New Zealand in the semi-finals!
Our best wishes for the ultimate showdown! 🏏🇮🇳
দীপাৱলীৰ এই পৱিত্ৰ ক্ষণৰ উপলক্ষে আমাৰ দেশৰ লগতে ৰাজ্যৰ সমূহ জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ । দিপাৱলীৰ পোহৰে যেন সকলোৰে জীৱনত এন্ধাৰ নাশ কৰি সুখ, সমৃদ্ধি আৰু সৌভাগ্য কঢ়িয়াই অনাৰ লগতে সকলোকে সকলো ৰোগৰ পৰা মুক্ত কৰি ৰাখে তাৰেই প্ৰাৰ্থনা কৰোঁ ।
Big congratulations to for becoming the first team to qualify for the semi-finals. The entire nation is behind you as you inch closer to writing history.
Jai Hind! 🇮🇳
Indian Cricket Team
ভাৰতৰ অৰণ্য মানৱ(ফৰেষ্ট মেন অফ ইণ্ডিয়া) হিচাবে খ্যাত তথা পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভকামনা জনালোঁ 💐
আমাক সেইজীয়াৰ সুবাস দিবলৈ পৰমেশ্বৰে আপোনাক ভালে ৰাখক আৰু প্ৰকৃতিৰ বাবে কাম কৰি যাওঁক লগতে তেখেতৰ সু-স্বাস্থ্য আৰু দীর্ঘায়ু কামনা কৰিলোঁ
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰত চৰকাৰৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী মাননীয় শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক জন্মদিনৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ৷
ভগৱানে তেখেতক সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ অধিকাৰী কৰি তোলক তাৰে কামনা কৰিলোঁ৷
Sarbananda Sonowal
দেশৰ অখণ্ডতা, ঐক্য আৰু সংহতিৰ বাবে ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী ব্যক্তিৰ আস্থা আৰু বিশ্বাসক মূলধন হিচাপে লৈ একতাৰ ডোলেৰে বান্ধিবলৈ আজীৱন আহোপুৰুষাৰ্থ কৰা চৰ্দাৰ বল্লভভাই পেটেলদেৱৰ জন্মদিৱস "ৰাষ্ট্ৰীয় একতা দিৱস"ত মহান মনীষীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।
অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা প্ৰবীণ ৰাজনীতিবিদ, সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক শৰৎ বৰকটকী ডাঙৰীয়াৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। বৰকটকী ডাঙৰীয়াৰ বিয়োগ অসমৰ ৰাজনৈতিক জগত খনৰ বাবে এক অপুৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।
ঔঁ শান্তি 🙏
अजेय, अपराजित, विजयी भारत 🇮🇳
भारतीय क्रिकेट टीम ने इंग्लैंड के विरुद्ध शानदार प्रदर्शन कर विश्व कप में जीत का सिक्स लगाते हुए देशवासियों को गौरवान्वित किया है। इस अविस्मरणीय विजय पर सभी खिलाड़ियों एवं देशवासियों को हार्दिक बधाई। भारत का विजय अभियान अविराम जारी रहे, यही कामना है।
"ওম বিশ্বৰূপস্য ভাৰ্যাসি পদ্মে পদ্মালয়ে শূভে । সৰ্বতঃ পাহিমাং দেৱী মহালক্ষ্মী নমোহস্ত্ততে ।।"
সমূহ ধৰ্মপ্ৰাণ ৰাইজলৈ লক্ষ্মী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মা লক্ষ্মীৰ আৰ্শীবাদত সকলোৰে জীৱন ঐশ্বৰ্য্য বিভূতিৰে সমৃদ্ধিশালী হৈ সদা মংগলময় হওঁক তাৰেই শুভ কামনা জনালোঁ 🙏🏻
নাহৰকটীয়া বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী তৰংগ গগৈ ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
মা কামাখ্যাৰ আশীৰ্বাদত আপুনি সদায়েই সু-স্বাস্থ্যৰ গৰাকী হৈ সমাজখনৰ বাবে আৰু দুগুণ উদ্যমেৰে কাম কৰি যাওক তাৰেই কামনা কৰিছোঁ।
Taranga Gogoi
সৃষ্টিস্থিতিবিনাশানাং শক্তিভূতে সনাতনী।
গুণাশ্রয়ে গুণময়ে নাৰায়ণী নমোস্তুতে৷৷
শক্তিৰূপিনী মা দেৱী দুৰ্গাৰ পূজা-আৰাধনাই আমাক শান্তি আৰু শক্তি দিয়ে। আজি শিৱসাগৰ জিলাৰ কেইবাখনো পূজাস্থলীত উপস্থিত হৈ মাৰ আশিস গ্ৰহণ কৰোঁ। মা দুৰ্গাই সকলো অপায়-অমংগল দূৰ কৰি যাতে এখন শান্তিৰ সমাজ গঢ় দিয়াত আশীৰ্বাদ দিয়ে, তাৰেই কামনা কৰিলোঁ।
অসম চৰকাৰৰ মাননীয় মন্ত্ৰী তথা বিচক্ষণ ৰাজনৈতিক নেতা সন্মানীয় শ্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়ালৈ জন্মদিনৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
ভগৱানৰ আশীৰ্বাদ তেওঁৰ ওপৰত সদায় বিৰাজমান থাকক, লগতে নেদেখাজনৰ ওচৰত তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি প্ৰাৰ্থনা কৰিছোঁ।
Jayanta Mallabaruah
"যা দেৱী সর্বভূতেষু শক্তিৰূপেন সংস্থিতা
নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ।।"
শক্তিৰূপিনী মা দূর্গাৰ আৰ্শীবাদত সকলো দুখ দুৰ্গতি, অপায়-অমংগল নাশ হৈ সকলোৰে জীৱন সুখ, শান্তিৰে উপচি পৰক তাৰেই কামনাৰে আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
সমূহ অসমবাসী ৰাইজলৈ বাপুতিসাহোন কাতি বিহুৰ ওলগ জনালোঁ । অনাগত দিনত ঈশ্বৰে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ-শান্তি আৰু আশাৰ বতৰা এই শুভ ক্ষণত তাৰেই কামনা কৰিলোঁ ।
আজি মিচিং সমাজৰ জাতীয় ছাত্ৰ সংগঠন টাকাম মিচিং পৰিন কেবাঙৰ (টি এম পি কে)ৰ ৫২ তম্ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পুৱা দিখৌ মুখ টেলিয়াডোঙাৰ পৰা আৰম্ভ কৰা মাৰাঠন দৌৰ প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰোঁ।
১৯৭১ চনৰ পৰা মিচিং সমাজ-সংস্কৃতিৰ উত্তৰণৰ হকে কাম কৰি অহা টি এম পি কেৰ পূৰ্বৰ আৰু এতিয়াৰ সদস্য-কৰ্মীবৃন্দলৈ ৫২ তম্ প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জাতীয় উন্নতিৰ বাবে এনে সংগঠনৰ অপৰিহাৰ্যতা সদায়ে আছে আৰু থাকিব।
শুভ মহালয়া!
পবিত্ৰ মহালয়া উপলক্ষে ভক্তপ্ৰাণ ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে কুশল-মংগল কামনাৰে দুৰ্গতিনাশিনী, শক্তিৰ অধিষ্ঠাত্ৰী মা দূৰ্গাৰ অভয় চৰণত শত কোটি প্ৰণাম জনাইছোঁ।
ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত Bhabesh kalita ভৱেশ কলিতা ডাঙৰীয়াই দলৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ উদ্দেশ্যে শিৱসাগৰ জিলাৰ প্ৰভাৰী ৰূপে নিযুক্তি প্ৰদান কৰা অসম প্ৰদেশৰ মাননীয় ৰাজ্যিক উপ-সভাপতি শ্ৰী অজয় কোঁৱৰ ডাঙৰীয়াক আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
BJP Assam Pradesh
ৰাজ্যসভাৰ মাননীয় সাংসদ ও মাননীয় মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশ সামাজিক মাধ্যম কোষৰ প্ৰভাৰী শ্ৰদ্ধাৰ পৱিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
আজিৰ এই শুভদিনটোত তেখেতৰ সূস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মা কামাখ্যা আৰু মহাপুৰুষ গুৰুজনাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ ৷
Pabitra Margherita
অভিভূত, কৃতজ্ঞ🙏
থাওৰা সমষ্টিৰ শুকান পুখুৰী গাঁও পঞ্চায়তৰ এই গৰাকী মহিলাৰ মহানুভৱতাই অভিভূত কৰিলে। অতি কম বয়সতেই নিজৰ স্বামীক চিৰদিনৰ বাবে হেৰুৱাৰ পিছতো, হাজাৰ প্ৰত্যাহ্বানক নেওচি জীৱন যুদ্ধত হাৰ নামানি নিজৰ শিক্ষা জীৱন আগুৱাই নিয়া মহিলা গৰাকীয়ে সম্প্ৰতি নাৰ্চিং পাঠক্ৰম পঢ়াৰ সুবিধা লাভ কৰিছে। স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰা মহিলা গৰাকী বৰ্তমান নিজ প্ৰতিভা-দক্ষতাৰে স্বাৱলম্বী হ'বলৈ সক্ষম হোৱাত তেওঁ লাভ কৰি থকা #অৰুণোদয়_আঁচনিৰ পৰা নিজৰ নাম কৰ্তন কৰি আন যোগ্য জনক প্ৰদানৰ বাবে এই আবেদন পত্ৰ মোক প্ৰদান কৰিছে। তেওঁৰ এই মহানুভৱতাক সহৃদয়ৰে কৃতজ্ঞতা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। অনাগত সময়খিনি তেওঁৰ ভাল হওঁক।
বিঃদ্ৰঃ তেখেতৰ ভৱিষ্যতৰ জীৱনৰ প্ৰতি হৃদয়ভৰা সন্মান যাচি নামটো ৰাজহুৱা কৰাৰ পৰা বিৰত থাকিলোঁ।
Himanta Biswa Sarma
CMO Assam
অসম কাবাডী সন্থাৰ উদ্যোগত তথা শিৱসাগৰ জিলা কাবাডী সন্থা আৰু এ ডি স্পৰ্টছ হাবৰ সহযোগত শিৱসাগৰৰ আইলামুখ গাঁৱত অনুষ্ঠিত হোৱা ২১ দিনীয়া প্ৰশিক্ষণ শিবিৰৰ সামৰণী অনুষ্ঠানত যোৱাকালি উপস্থিত হৈ প্ৰশিক্ষণ প্ৰাপ্ত শিশুসকলৰ উদ্দেশ্যি সম্বোধন কৰাৰ লগতে প্ৰশিক্ষণ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰোঁ।
মাননীয় প্ৰধানমন্ত্ৰী Narendra Modi ডাঙৰীয়াৰ মন্ত্ৰী সভাত কেবিনেট মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত হোৱা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জনপ্ৰিয় নেতা Sarbananda Sonowal ডাঙৰীয়াক এই শুভ ক্ষণত আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।
আপোনাৰ সবল কৰ্ম আৰু নেতৃত্বই দেশৰ উন্নয়নত এক নতুন গতি প্ৰদান কৰিব ।
PMO India
CMO Assam
My heartfelt condolences to friends,family members and numerous fans of Saab on his Demise.His unparalleled contribution to Indian films & it’s a holistic development will be remembered through generations.
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Contact the public figure
Telephone
Address
Bhatiapar
Sibsagar
Sibsagar
Good, better, best. Never let it rest. 'Til your good is better and your better is best.
Sibsagar, 785640
Hey,I am Tastina a fun loving entrepreneur from Assam.I love to travel where I got an opportunity to
Gelakey/nazira-sivasagar Road
Sibsagar, 785696
Kanishka Nahakaa is the Co-Founder & CEO of NAHAKAA INDIA Pvt. Ltd. a company that is dedicated to t
Sibsagar, 785696
Entrepreneur | Content Creator | Self Learner | Introvert Founder -Buysara / Coursebeing / FoodSparks
Sibsagar
সদায়েই একক,অনন্য আৰু অদ্বিতীয় হ'ব বিচৰা মই শিৱসাগৰীয়া ❤️ Never Give Up ...✌️
Sivasagar
Sibsagar, 785640
Welcome to my collection of crochet work, where passion meets yarn and creativity knows no bounds🧤🧣