Basanta Gogoi Official
Nearby public figures
Sivasagar
785685
Uttar Somder Paul Gao Borhat
Moran
785685
sivasagar, Sivasagar
Simaluguri
Sonari
Jaysagar
The development of civilization was marked by constant changes. This will continue – therefore, th
মগৰাহাট মহিলা সমাজ আৰু যুৱকবৃন্দৰ উদ্যোগত আয়োজন কৰা ৰঙালী বিহু সন্মিলনত
আজি দিচাংমুখ ডিগ্ৰী কলেজ প্ৰতিষ্ঠা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা মত- বিনিময় অনুষ্ঠানত উপস্থিত থাকোঁ।
২৩ তম বাৰ্ষিক কলঞ্চুপৰীয়া ৰঙালী বিহু সন্মিলনত উপস্থিত থাকি আনন্দিত হলো ।
আজি, শলগুৰি সন্মিলিত যুৱ সমাজৰ উদ্যোগত আয়োজিত ৰঙালী বিহু সন্মিলনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকো ।
আজি অসমীয়া যুৱ মঞ্চই আয়োজন কৰা কে.এম.পি চাৰিআলিৰ বিহুত
আজি বাকচু তিনিআলিৰ কেন্দ্ৰীয় ৰঙালী বিহুত
আজি খৰাগড় কেন্দ্ৰীয় ৰঙালী বিহুত
শ্ৰী শ্ৰী বাসুদেৱ থান কলা-কৃষ্টি কেন্দ্ৰৰ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি ছয়দিনীয়াকৈ আয়োজন কৰা ভাওনা প্ৰতিযোগিতাৰ প্ৰথম দিনৰ দ্বিতীয় খন ভাওনা মঞ্চৰ শুভ উদ্বোধন কৰোঁ। মোক এই অনুস্থান ভাগিলে নিমন্ত্ৰণ কৰাৰ বাবে
উদযাপন সমিতিৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
প্ৰয়াত জয়ন্ত সন্দিকৈ, বিজিত গগৈ আৰু শ্ৰীমহন্ত প্ৰকাশ গগৈ সোঁৱৰণত লালিম গাওঁ,লখিমীনগৰ আৰু বৰপাত্ৰ নগৰ যুৱ বৃন্দৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা ১৬ বাৰ্ষিক ৰঙালী বিহুৰ মঞ্চত মুখ্য অতি হিচাপে উপস্থিত থাকি আনন্দিত হলো। সমূহ কৰ্মকতাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।
ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত কৰা শ্ৰমিক দিৱসত উপস্থিত থাকোঁ। আৰু শোষিত নিষ্পেষিত শ্ৰমিক সকলৰ দুখৰ সমভাগী হওঁ।
শিৱসাগৰ সন্মিলিত উজ্জ্বল যুৱদলৰ উদ্যোগত, স্থানীয় ৰাইজৰ সহযোগত আয়োজিত দ্বিতীয় বাৰ্ষিক ৰংপুৰ নগৰ "বহাগী উৎসৱ"ৰ সাংস্কৃতিক সন্ধিয়া শুভ উদ্ধোধন কৰো ।
৫২ সংখ্যক থাওৰা আঞ্চলিক ৰঙালী বিহু সন্মিলনত ।
আজি মোৰ ঘৰৰ কাষৰ কেপিএম চাৰিআলিৰ ৰংঘৰ বিহুত ।
চাৰিং দুৱাৰাপাৰত তিনিদিনিয়াকৈ অনুষ্ঠিত হোৱা ভাগৱত পাঠৰ অনুষ্ঠানৰ আজিৰ শেষৰ দিনাৰ ভাওনাৰ শুভ মঞ্চ উদ্ধোধনৰ দায়িত্বভাগ পালন কৰো । চাৰিং দুৱাৰাপাৰৰ যুৱক বৃন্দৰ লগতে সমূহ ৰাইজক ভক্তি ভৰা সেৱা নিবেদিছো ।
আজি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ "মন কি বাত" অনুষ্ঠানৰ বাবে ভাৰতৰ ৮ টা ঐতিহাসিক স্থান বাচনি কৰিছিল । তাৰ ভিতৰত অসমীয়াৰ গৌৰৱ তথা আমাৰ অহংকাৰ আমাৰ স্বাভিমান ৰংঘৰে স্থান পাইছে, ই আমাৰ বাবে অতিকৈ আনন্দৰ কথা কাৰণ ইয়াৰ যোগেদি ভাৰতবৰ্ষৰ এটা সৰু প্ৰান্তত এটা ঐতিহ্য আছে বুলি সমগ্ৰ দেশবাসীয়ে গম পাব । ভাৰত এখন উন্নয়নশীল ৰাষ্ট্ৰ, আজিও দেশৰ বহু গ্ৰামাঞ্চলত বিদ্যুৎৰ অভাৱ, যত নেকি ৰেডিঅ' য়েই হৈ পৰে জনসংযোগৰ একমাত্ৰ মাধ্যম । আজিৰ অনুষ্ঠানৰ যোগেদি বহুতো নজনা মানুহে আজি হয়তু ৰংঘৰৰ বিষয়ে জানিব । সেই দৃষ্টিকোণৰ পৰা ই অতিকৈ আনন্দৰ কথা ।
এতিয়া কথা হল ৰংঘৰক বিভিন্ন আলোকেৰে সজাইছে তাত আমাৰ কব লগা নাই । বিভিন্ন ধৰ্মক তাত প্ৰতিফলিত কৰিছে আলোক সজ্জাৰ মাধ্যমৰে । তাতো বিশেষ প্ৰশ্ন কৰিব লগা নাই ।
কিন্তু এইখিনিতে আমাৰ মনত উদ্ৰেক হোৱা কথাখিনি হল,
১। আলোকসজ্জাত প্ৰথম স্থান পাব লাগিছিল অসমীয়া জাতিৰ জনক স্বৰ্গদেউ চ্যাওলুং চ্যুকাফাই আৰু ৰংঘৰক আজিৰ পৰ্যায়লৈ অনা স্বৰ্গদেউ প্ৰমত্ত সিংহ আৰু অসমীয়া জাতিৰ বীৰ বীৰাংগানা সকলে ।
২।প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত যিসকলে তথ্য যোগান ধৰে, সেইসকলক বিনম্ৰতাৰে এটা কথা জনাব বিছাৰো যে, প্ৰধানমন্ত্ৰীৰ আজিৰ "মন কি বাত" অনুষ্ঠান ত ৰংঘৰৰ ঐতিহ্য, শিৱসাগৰৰ ঐতিহ্য আৰু অসমীয়া জাতিৰ গৌৰৱৰ কথাই যাতে স্থান পায় আৰু ইয়াৰ যোগেদি সমগ্ৰ ভাৰতবাসীয়ে এই কথাবোৰ জানিব পাৰে ।
৩। পৰ্যটনৰ দৃষ্টিকোণৰ পৰাও ৰংঘৰে এক উল্লেখযোগ্য ভুমিকা গ্ৰহণ কৰিব ।
৪।অসমৰ ঐতিহ্যক লৈ আমি ৰাজনীতি হোৱাতো নিবিচাৰো আৰু হোৱাতো যুক্তিসংগত নহয় ।
ঐতিহ্য, পৰম্পৰা, কৃষ্টি-সংস্কৃতি আদিক নিজৰ স্থানত আৰু ৰাজনীতিক বেলেগ স্থানত ৰখাতো সকলোৰে বাবে মংগলজনক ।
Assam Talks নিউজ চেনেলে শিৱসাগৰ যুৱ দ'লত আয়োজন কৰা টেলেণ্ট হাণ্ট অনুষ্ঠানত উপস্থিত থাকি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটো শুভাৰম্ভ কৰোঁ।
ডিমৌৰ কেন্দ্ৰীয় ৰঙালী বিহুলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে উদযাপন সমিতিক ধন্যবাদ জনালোঁ।
"সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)" শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু গড়গাঁও মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ সহযোগত আয়োজন কৰা মুকলি বিহুৰ মঞ্চত উপস্থিত থাকি আনন্দিত হ'লো।
থানামুখ যুৱ সমাজৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত থানামুখত আয়োজন কৰা ৰঙালী বিহুৰ মঞ্চত
আজি সন্ধিয়া "সমন্বয় সাংস্কৃতিক গোষ্ঠী" সাধাৰণ জাতি সুৰক্ষা সন্মিলন - অসম,শিৱসাগৰ জিলা মহিলা সমিতি আৰু শিৱসাগৰ জিলা যুৱ সাংবাদিক সংস্থাৰ সহযোগত শিৱসাগৰ নগৰৰ মুক্তিনাথ চাৰিআলিত আয়োজিত কৰা ১৮ সংখ্যক শিৱসাগৰ বহাগী উৎসৱৰ সাংস্কৃতিক সন্ধিয়া আৰু এক সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান "উত্তৰণ" ৰ উদ্যোগত বেতবাৰী চাংমাই গাওঁত আয়োজিত কৰা বসন্ত উৎসৱৰ সাংস্কৃতিক অনুষ্ঠানৰ শুভ উদ্বোধন কৰোঁ,দুয়োখন অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰাৰ বাবে উদ্যোক্তা সকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ ৷
চুতীয়া উন্নয়ন পৰিষদৰ সৌজন্যত, সদৌ চুতীয়া জাতি সন্মিলন অসম, সদৌ চুতীয়া জাতি মহিলা সন্মিলন অসমৰ শিৱসাগৰ জিলা আৰু নাজিৰা জিলা সমিতি, চুতীয়া জাতি যুৱ সন্মিলন অসম, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু শিৱসাগৰ জিলা আৰু নাজিৰা জিলাৰ সমূহ চুতীয়া ৰাইজৰ সহযোগত আয়োজন কৰা ৫০০ বছৰীয়া বীৰাংগনা সতী সাধনী স্মৃতি দিৱসত মুখ্য অতিথিৰূপে উপস্থিত থাকো । এই পৱিত্ৰ অনুষ্ঠান ভাগিত উপস্থিত থাকি নিজকে ধন্য মানিছো ।
শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তি চিহ্ন সংৰক্ষণ সমিতিৰ উদ্যোগত আৰু সাতবিহু উদযাপন সমিতি, জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰ, চ্যুকাফা ফাউণ্ডেচন আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগত ৰংঘৰৰ বাকৰিত আয়োজন কৰা "বহাগৰ সাতবিহু" অনুষ্ঠানৰ আজিৰ সামৰণি দিনাৰ কাৰ্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকি আনন্দিত হলো । এই আপাহতে "বহাগৰ সাতবিহু" উদযাপন সমিতিয়ে প্ৰদান কৰা "স্বৰ্গদেউ প্ৰমত্ত সিংহ" বঁটা প্ৰাপক লোক সংস্কৃতিৰ সাধক শ্ৰদ্ধাৰ ড° অনিল শইকীয়া চাৰক আন্তৰিক শুভেচ্ছা জনালো । "বহাগৰ সাতবিহু" উদযাপন সমিতিক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালো ।
বৃহত্তৰ তামূলী বজাৰ গোহাঁই গাওঁৰ মহিলাসকলৰ উদ্যোগত আয়োজিত মুকলি বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ শুভ উদ্ধোধনী মুহুৰ্তত ।
"অসমীয়া যুৱ মঞ্চ" হাঁহচৰা আঞ্চলিক সমিতিয়ে আয়োজন কৰা মুকলি বিহুত উপস্থিত থাকিবলৈ পায় আনন্দিত হ'লো।
অসম জাতীয়তাবাদী যুৱ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু জয়ৰাপাৰা যুৱ সমাজৰ সহযোগত আয়োজিত কৰা মুকলি বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ উদ্ধোধনী মুহুৰ্তত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আনন্দিত হলো .
আজি শিৱসাগৰৰ দিচাং মুখৰ জেল গাঁওত অনুসূচীত জাতি ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত মুকলি বিহুৰ শুভ উদ্বোধনৰ মুহূৰ্তত।
"সংগ্ৰামী সেনা অসম" ৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আয়োজিত চতুৰ্থ বাৰ্ষিক ৰঙালী বিহু কাৰ্যসূচীৰ সাংস্কৃতিক অনুষ্ঠানভাগিৰ শুভ উদ্ধোধন কৰো ।
আজি ২ বহাগ দেওবাৰে শিৱসাগৰ ষ্টেচন চাৰিআলিস্থিত টাই সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ প্ৰাংগণত অনুষ্ঠিত মুকলি বিহুৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকো ইয়াৰোপৰি শিৱসাগৰ থাওৰা সমষ্টিৰ অন্তৰ্গত মোমাই তামূলী বহুমুখী সমবায় সমিতিৰ উদ্যোগত আয়োজন কৰা মুকলি বিহু অনুষ্ঠানৰ সাংস্কৃতিক কাৰ্যসূচীৰ শুভ উদ্ধোধন কৰো, এই আপাহতে এই অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ জনোৱাৰ বাবে মোমাই তামুলি সমবায় সমিতিৰ সভাপতি তথা থাওৰা সমষ্টিৰ সন্মানীয় বিধায়ক সুশান্ত বৰগোহাঁই ককাইদেউ আৰু মোমাই তামুলি সমবায় সমিতিৰ সম্পাদক জিতু চেতিয়া ককাইদেউকে প্ৰমুখ্য কৰি মোৰ শ্ৰদ্ধাৰ ককাইদেউ কুশল চেতিয়া আৰু সমূহ উদ্যোক্তা মণ্ডলীক ধন্যবাদ জ্ঞাপন কৰিলো ।
আজি ২ বহাগ দেওবাৰে, দিচাংপৰীয়া সন্মিলিত যুৱ সমাজৰ উদ্যোগত আৰু বেতবাৰীবাসী ৰাইজৰ সহযোগত দিচাং শুকানপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত আয়োজন কৰা দ্বাদশ বাৰ্ষিক মুকলি বিহুত উপস্থিত থাকো । দিচাংপৰীয়া সন্মিলিত যুৱ সমাজৰ লগতে সমূহ বেতবাৰীবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিলো ।
পহিলা বহাগৰ দিনা সদৌ তাই আহোম ছাত্ৰ সন্থা ডিমৌ আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজিত সপ্তম বাৰ্ষিক মুকলি বিহুত মুখ্য অতিথিৰূপে উপস্থিত থকাৰ উপৰিও নামদাং গোহাঁই গাও যুৱ সমাজৰ উদ্যোগত আৰু বৃহত্তৰ নামদাঙ গোহাই গাওবাসী ৰাইজৰ সহযোগত আয়োজিত তৃতীয় বাৰ্ষিক মুকলি বিহুৰ সাংস্কৃতিক সন্ধ্যা উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকো, উক্ত সাংস্কৃতিক সন্ধ্যা অনুষ্ঠানভাগিৰ শুভ উদ্ধোধন কৰে শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই ।
আজি ঐতিহাসিক ৰংঘৰ বাকৰিৰ বিহু তলিত
গৰু বিহুৰ দিনা শিৱসাগৰ নগৰৰ এখন আগশাৰী বিহু "ঐক্য"ৰ বিহু মঞ্চত
"এই পৃথিৱী এক ক্ৰীড়াংগণ
ক্ৰীড়া হল শান্তিৰ প্ৰাংগণ"
সদৌ তাই আহোম ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰা ক্ৰীড়াৰ উত্তৰণৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি আহিছে । এই দিশৰ প্ৰতি লক্ষ ৰাখি "আটাছু" ধেমাজি সদৰ আঞ্চলিক সমিতিৰ উদ্যোগত, ধেমাজি ক্ৰীড়া সন্থাৰ সহযোগত আৰু অসম ভলীবল সন্থাৰ তত্ত্বাৱধানত ৮, ৯ আৰু ১০ এপ্ৰিল, তিনিদিনীয়াকৈ ধেমাজী কাছাৰী ময়দানত ১৮ সংখ্যক আন্তঃজিলা মিনি জুনিয়ৰ(লৰা আৰু ছোৱালী) ভলীবল প্ৰতিযোগিতা আয়োজন কৰে ।
ভলীবল প্ৰতিযোগিতা খনিৰ লগত সংগতি ৰাখি শেষৰদিনাৰ অৰ্থাৎ ১০ এপ্ৰিলত আয়োজন কৰা সাংস্কৃতিক সন্ধ্যা অনুষ্ঠানটিৰ শুভ উদ্ধোধন কৰো । অনুষ্ঠানটিৰ উদ্ধোধকৰ দৰে গুৰু দায়িত্ব অৰ্পণ কৰাৰ বাবে আৰু এনে এখন সৰ্বাংগ সুন্দৰ খেল অনুষ্ঠিত কৰাৰ কাৰণে আটাছু কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মোৰ বন্ধুবৰ মনোজ গগৈ দেৱৰ লগতে আটাছু ধেমাজী সদৰ সমিতিৰ সকলো বিষয়ববীয়া আৰু সমূহ ধেমাজীবাসী ৰাইজক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালো ।
ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ লগতে গ্ৰাম্য সমাজৰ মহিলাসকলৰ স্ব-নিৰ্ভৰশীলতাৰ ক্ষেত্ৰত "অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান"ৰ ভুমিকা অতিকৈ প্ৰশংসনীয় । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে গ্ৰামাঞ্চলৰ বিভিন্ন কৰ্মপটু মহিলাক এক সুকীয়া পৰিচয় দাঙি ধৰাৰ লগতে তেওঁলোকৰ দ্বাৰা উৎপাদিত বিভিন্ন সামগ্ৰীৰ লগতে গাওঁৰ বয়ন শিল্পৰ লগত জড়িত শিপিনী সকলক এখন সুকীয়া বজাৰ দখল কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰিছে ।
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ শিৱসাগৰ জিলাৰ প্ৰকল্প প্ৰৱন্ধক ড° সুৰুজ জ্যোতি গগৈ দেৱৰ দক্ষ পৰিচালনাত শিৱসাগৰ জিলাৰ বহুতো কৰ্মমুখী মহিলাই স্ব-নিৰ্ভৰশীলতাৰ ক্ষেত্ৰত আশানুৰূপ সফলতা লাভ কৰিছে । তেখেতৰ দৰে এজন সুদক্ষ বিষয়াৰ নেতৃত্বত গ্ৰামাঞ্চলৰ বহুতো আত্মসহায়ক গোটে তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ এখন সুকীয়া বজাৰ দখল কৰিছে । এই আপাহতে তেখেতক তেওঁৰ কৰ্মদক্ষতাৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো ।
'অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান" শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত শিৱসাগৰত ১০, ১১ আৰু ১২ এপ্ৰিল তিনিদিনীয়াকৈ আয়োজন কৰা "অসমী বহাগী মেলা"ৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকো । এনে এক সৰ্বাংগ সুন্দৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে অসম ৰাজ্যিক জীৱিকা অভিযানৰ শিৱসাগৰ জিলাৰ প্ৰকল্প প্ৰৱন্ধক ড° সুৰজ জ্যোতি গগৈ আৰু শিৱসাগৰ জিলাৰ উপায়ুক্ত মহোদয়ক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো ।
আজি ইংৰাজী ৮/৪/২০২৩ তাৰিখে "নদী সামাজিক আৰু সাংস্কৃতিক গোষ্ঠী" ৰ উদ্যোগত আৰু বৃহত্তৰ জয়সাগৰ বাসী ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত আয়োজন কৰা বিয়ানাম প্ৰতিযোগিতাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকোঁ ।
এই আপাহতে উদযাপন সমিতিৰ সমূহ উদ্যোক্তা মণ্ডলীৰ লগতে বৃহত্তৰ জয়সাগৰ বাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
আজি ৭/৪/২০২৩ তাৰিখ শুক্ৰবাৰে শিৱসাগৰ মৰিদিলীহমুখ যুৱ সংঘৰ উদ্যোগত আৰু পানবেচা বাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা "জয়া" স্মৃতি দিৱসৰ সাংস্কৃতিক অনুষ্ঠানৰ শুভ উদ্বোধন কৰোঁ ৷ মোক এই গুৰু দায়িত্ব প্ৰদান কৰাৰ বাবে মৰিদিলীহমুখ যুৱ সংঘৰ লগতে পানবেচা বাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিলোঁ ৷
আজি ৭/৪/২০২৩ তাৰিখ শুক্ৰবাৰে শিৱসাগৰৰ বৃহত্তৰ শলগুৰি অঞ্চলৰ নাথ গাওঁত অসমৰ এক জনপ্ৰিয় চেটেলাইট চেনেল ND24 য়ে আয়োজন কৰা বিহুৰ এক অনুষ্ঠানত উপস্থিত থাকোঁ ৷ শিপাক ধৰি ৰখাৰ যি প্ৰয়াস ND24 য়ে কৰিছে তাক আমি আন্তৰিকতাৰে শলাগিছো আৰু তেখেতলোকৰ এই প্ৰচেষ্টাৰ সফলতা কামনা কৰিছো ৷ ND24 ৰ উজনি অসমৰ Upper Assam Bureau Chief ভাতৃ প্ৰতীম কৌস্তভ মণি কাকতিৰ লগতে ND24 ৰ সমূহ পৰিয়ালৰ সদস্যক ধন্যবাদ জ্ঞাপন কৰিলোঁ ৷
আজি ৬/৪/২০২৩ তাৰিখ বৃহস্পতিবাৰে সমূহ মঠিয়াছিগাবাসী ৰাইজৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হনুমান জয়ন্তী উপলক্ষে পঞ্চানন নাট্যগোষ্ঠীৰ দ্বাৰা পৰিবেশিত ভাগৱত দৰ্শন,গুৰু কৰ্ণ দ্বণ্ডোকাৰী আখ্যান নামৰ ভাওনা ভাগিৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকো ৷ এই মহান অনুষ্ঠানটিলৈ নিমন্ত্ৰণ কৰাৰ বাবে মঠিয়াছিগাবাসী ৰাইজৰ লগতে উদ্যোক্তা সকলক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ ৷
North East India Geographical Society(NEIGS) ৰ ৩০ তম দ্বিবাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি ICSSR ৰ সহযোগত শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত আয়োজন কৰা হৈছে দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনাচক্ৰ "এখন বহনক্ষম পৃথিৱীৰ সন্ধানত" ।
আজিৰ প্ৰথম দিনাৰ সন্ধিয়াৰ শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ ভুগোল বিভাগৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত সাংস্কৃতিক অনুষ্ঠান "বসন্তৰ দুৱাৰ দলিৰ নিনাদ"ৰ শুভ উদ্ধোধন কৰো । আজিৰ এই অনুষ্ঠানত উপস্থিত থকা বিশ্বৰ বিভিন্ন দেশৰ পৰা অহা গৱেষক তথা দেশৰ বিভিন্ন ৰাজ্যৰ শিক্ষাৰ্থী তথা অধ্যাপক অধ্যাপিকা কে প্ৰমুখ্যে কৰি শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ সমূহ শিক্ষাৰ্থী আৰু শিক্ষাগুৰুসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো ।
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Website
Address
Sibsagar
785640
Sibsagar, 785640
AAP Assam State SM Joint Coordinator. Organising Secretary Sivasagar Dist RTI Committee.
Sivasagar
Sibsagar, 785640
মোৰ এই Pageটোত আপোনালোকে ধাৰ্মিক Motivational Video পাব Please Like, Comment, Share and Follow কৰিব।