Bhaskar Boruah

ম‌ই জীয়াই থাকিব বিচাৰোঁ,আনক সুখী কৰিব বিচাৰোঁ।

20/02/2024

সৰুতে জিদধৰোতেই যাই, সময় হলে অনুভৱ হয় গোটেই জীৱন ধৈৰ্য ধৰিব লাগে।

07/10/2023

যিসকলে বেছি ভদ্ৰ দেখুৱাই,জীৱনত বিশেষ কিবা কৰিব পাৰে বুলি নাভাবো।

06/10/2023

জীৱনত কিবা এটা কৰিব নোৱাৰা, মানে হাৰি যোৱা নুবুজাই ।সময়ে নতুন পৰিস্থিতি আৰু পৰিবেশ সৃষ্টি কৰি বাৰে বাৰে প্ৰতিভা বিকাশ কৰিবলৈ সুবিধা কৰি দিয়ে,যিয়ে‌ পিছ হুহুকি দিয়ে , তেওঁৰ জীৱনৰ একো অৰ্থ নৰয়।

05/10/2023

তুমি সাহসেৰে থিয় হৈ জীয়াই থাকিব পাৰিবা,একো শক্তিয়ে পৰাভূত কৰিব নোৱাৰে যেতিয়ালৈকে তোমাৰ প্ৰিয়জন সাহসৰ সাৰথি হৈ সদায় তোমাৰ পিছত থিয় দি ৰয়।

04/10/2023

জীৱনত সকলোৰে দুখন মুখ থাকে।এখনটো সঁচাৰে পৰিপূৰ্ণ হ'ব লাগে।এখনতটো কপটতাৰ উজ্বিবিত হ'ব নেলাগে।এখনতটো সঁচা হৃদয়ৰ ৰেঙনি আলোকিত হ'ব লাগে।এখনেতো কুটিলতা ত্যাগ কৰিব লাগে।

03/10/2023

জীৱনত বহুবাৰ হাৰি গৈছো কিন্তু তথাপিও জিকিব লৈ এৰি দিয়া নাই।সময়বোৰ কেতিয়াবাই আতৰি গৈছে কিন্তু সদায় খামুচি ধৰিবলৈ চেষ্টা কৰিছোঁ।

20/09/2023

I have reached 100 followers! Thank you for your continued support. I could not have done it without each of you. 🙏🤗🎉

17/07/2023

দুই নাতিৰ ককাকৰ জন্মদিন উদযাপনৰ।

16/07/2023

জীৱনত এনেকুৱা এটা সময় আহে কাৰো কাৰণে একো কৰিবলৈ মন‌ নোযোৱা হৈ যায়।কৰুণা বেমাৰৰ সময়ত পৃথিৱীৰ ৰিস্ক লৈ লৈ মানৱ সেৱা কৰিলোঁ ঘৰৰ গালি খাই খাই। দৈনিক থানাত এটা আনৰ কেছ থাকে সমাধান কৰিব লাগে। মানুহৰ সমস্যাবোৰ পাৰ হৈ যোৱাৰ পিছত কাকো চিনি নোপোৱা হয়। এতিয়া বানপানী, সকলো দিশত মথাউৰি দাতিৰ মানুহবোৰ যমৰ যন্ত্ৰনা ভুগিছে। এতিয়া ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ অতি শীঘ্ৰে এই শোচনীয় অৱস্থাৰ পৰা তেওঁলোক পৰিত্ৰাণ পায়।

13/07/2023

সকলোতকৈ আপোন হলা তুমি,তুমি মানে হ'ল এখন বোৱতী নদী যি অনবৰত কঢ়িয়াই লৈ ফুৰে অজস্ৰ জনৰ দুখ বেদনাৰ চকুপানী ।যি নিৰ্জনতাতো নিজৰ উপস্থিতি প্ৰতিপন্ন কৰিব বিচাৰে।কব বিচাৰে, এখন সপোনৰ ৰাজ্য সৃষ্টি কৰিব বিচাৰিছোঁ যত তুমি ম্ই একাকাৰ হৈ বিন্দুত মিলিত হ'ম।যত ৰঙা ক'লা বগা ধনী দুখীয়াৰ একো পাৰ্থক্য নাথাকিব।

11/07/2023

ম্ই সকলোৰে লগত মিলি জুলি থাকি ভাল পাওঁ, কিন্তু নিজৰ পৃথিৱীখন অন্যৰ লগত নিমিলে।ম‌ই সকলোৰে লগত মিলি যাওঁ কিন্তু নিজৰ জগতখনত অকলশৰীয়া।ম‌ই আনৰ সুখ বোৰত নিজক বিলীন কৰি দিওঁ কিন্তু নিজৰ সুখবোৰ তৰা নক্ষত্ৰৰ লগত পালন কৰোঁ।

10/07/2023

যেতিয়াই সকলো দুখ সন্তাপ আতৰাই নিজক থিয় দি কামত ধৰিবলৈ আৰম্ভ কৰোঁ তেতিয়াই অমঙ্গলবোৰ আত্মাৰ পৰা গলিবলৈ আৰম্ভ কৰে।জীৱনত এলাহবোৰ গলাবলৈ হ'লে কৰ্ম্ই হ'ল ইয়াৰ ৰাম বাণ ঔষধ।

08/07/2023

এজনৰ হৃদয়ত ভয় ভাৱ স্থাপন কৰিবলৈ হলে প্ৰথমতে নিজেই ভয়ৰ ওপৰত বিজয় প্ৰাপ্তি কৰিব লাগিব।যি কথাই আমাক ভ‌য়াতুৰ কৰি তুলে সেই কথাৰ ওপৰত আমি বিজয় সাব্যস্ত কৰিব নোৱাৰিলে আনক ভয় খুৱাব নোৱাৰি।

07/07/2023

জীৱনৰ উৎকৃষ্ট গৌৰৱ প্ৰতিটো কথাত আনৰ আগত ওপৰত থকাতো নহয় কিন্তু বাৰে বাৰে হাৰিও উপৰলৈ‌ ওঠিবলৈ চেষ্টা কৰাতহে আছে।

06/07/2023

ম‌ই অনবৰত এখন মুখা পিন্ধি থাকোঁ আনৰ পৰা পলাই থাকিবলৈ নহয় নিজক ভিতৰি নিৰ্মাণ কৰিবলৈ যাতে যিকোনো পৰিস্থিতিত ম‌ই থিয় দিব পাৰোঁ।

05/07/2023

আমাৰ জীৱনৰ সপোনবোৰ সচাঁকৈ পূৰ্ণ হ'ব যদি সপোনৰ দিশে এটি খোজ আগুৱাই দিওঁ। আমাৰ সম্পদ হ'ল সাহস আৰু ধৈৰ্য ।দুয়োৰে হাতত ধৰি আগবাঢ়ি গৈ থাকিলে গন্তব্যস্থল পাবলৈ বেছি পৰ নালাগে।

02/07/2023

মই ভগৱন্তক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, পৃথিৱীত এজন ব্যক্তিক হ'লেও তেওঁ দিয়া জ্ঞান বুদ্ধি প্ৰেম কৰুণা আৰু শিক্ষাৰ দ্বাৰা অন্ধকাৰ ৰাজ্যৰ পৰা উদ্ধাৰ কৰি এক নতুন জীৱন দিব পাৰিছোঁ।

02/07/2023

আনক পৰিবৰ্তন কৰাৰ আগত নিজে সেই পৰিবৰ্তন হৈ ল'ব লাগে।নিজে নকৰা কাম আনক কৰিবলৈ ক'লে একো ফল নধৰে।

01/07/2023

জীৱনৰ প্ৰতিটো পৰিস্থিতিক ভাল চকুৰে চাবলৈ হ'লে নিজকে প্ৰশিক্ষণ দিব লগীয়া হয়।আচলতে ভাল কথা চিন্তা নকৰিলে,সৎসংগ নললে,ভাল কিতাপ চিনেমা মানুহৰ সংগ নললে চকুৰ চচমাৰে কাকো ভাল দেখা নাযায়।

30/06/2023

জীৱনত ব্যতিক্ৰমী সাংঘাটিক আলৌকিক ঘটনাবোৰৰ পৰা বঞ্চিত হ‍ওঁ বা লুকাই যায় যেতিয়া কিছুমান কথা গুৰুত্ব নিদিওঁ ,কিছু ঠাই নাযাও,জীৱনৰ কিছু দিশৰ প্ৰতি লক্ষ্য নাৰাখো।।।

29/06/2023

অতীতত বিচৰণ কৰি থাকিলে কেতিয়াও নিজৰ চকুৰ আগত ভবিষ্যততো দেখা পোৱা নাযায়।অতীতকৈ বৰ্তমানৰ প্ৰয়োজনীয়তা বেছি , ইয়াৰ ওপৰতেই ভবিষ্যত নিৰ্ভৰ কৰে।

28/06/2023

মোৰ Ex অ বিচাৰিছিল ম্ই এজন অশুদ্ধ ব্যক্তি, মোৰ গাত বহুত ভুল আছে, আনৰ আগত সদাই সমস্যা সৃষ্টি কৰি থাকো। এতিয়া ম‌ই মুক্ত , ম‌ই নিজক সলনি কৰিব নোৱাৰে আৰু নিবিচাৰোঁ,নিজক লৈ বহুত সুখী।আচলতে জীৱনটো adjustment not compromise.

27/06/2023

জীৱনত বেয়া দিনবোৰক শ্ৰেষ্ঠ উপহাৰ স্বৰূপ ভাবিব লাগে,বেয়া দিনৰ মাজেৰে পাৰ কৰিলেহে ভাল দিনবোৰ সৃষ্টি হয় , ভালক অনুভৱ কৰিব পাৰি,সুখক অনুভৱ কৰিব পাৰি।

26/06/2023

জীৱনত সুখ আহে আমি যিতো কাম কৰি ভাল পাওঁ, কিন্তু কৃতকাৰ্যতা আহে মা দেউতাই ঘৰখনে সমাজখনে আমাৰ পৰা যি বিচাৰে।নিজকো সুখী কৰিব লগীয়া হয় লগতে সমাজখনকো।

25/06/2023

সকলো মিছাৰ অন্তৰালত কিছু সত্যতা লুকাই থাকে, প্ৰতিটো কথাই মিছা হ'ব নোৱাৰে। সচাঁক এৰি মিছা বহুত দূৰ আগবাঢ়িব নোৱাৰে।অলপ অলপ সচাঁবোৰে মিছা ৰাজ্যত সাৰ পানী দি অপৰাধৰ এখন বিশাল সাগৰ গঢ়ি তোলে।

24/06/2023

সপোন দেখা,সপোনক দিঠকত পৰিণত কৰিবলৈ আচঁনি যুগুত কৰা, সপোনক বাস্তৱত পৰিণত কৰা,জগতত আনৰ কাৰণে আদৰ্শ হৈ পৰা।

23/06/2023

তুমি টেঙৰ চোকা সুন্দৰ ধুনীয়া শক্তিশালী সকলো মানবীয় গুণেৰে অধিষ্ঠিত,নিজৰ ওপৰত বিশ্বাস ৰাখা কিন্তু কিয় অনবৰত হৃদয়ত নিৰাপত্তাহীনাক স্থান দিছা।

22/06/2023

এজন ব্যক্তিৰ লগত যদি কিবা কাৰণত মনোমালিন্য হয়, তেখেতৰ লগত আকৌ যদি সম্পৰ্কতো স্থাপন কৰিব লগীয়া হয় এটাই উপায় আছে তেওঁৰ লগত কটোৱা মধুৰ স্মৃতিবোৰ ৰোমন্থন কৰি সাহস গোটাই আগবঢ়িব লাগিব।

20/06/2023

জীৱনত সদাই উশাহক গালি পাৰি থাকো,তোৰ দ্বাৰা মোৰ একো উন্নতি নহল কিন্তু এই উশাহৰ অভাৱতেই পৃথিৱীৰ বিপৰীত দিশত আন এজন ব্যক্তিয়ে বাস্তৱৰ লগত যুজি আছে।জীৱনত সকলোৰেই প্ৰয়োজনীয়তা থাকে মোৰ নাথাকিব পাৰে।

19/06/2023

ব্ৰেক আপ হোৱাৰ পিছতো দুজন ব্যক্তি যদি বন্ধু হৈ আছে, তেতিয়া বুজিব লাগিব এজন এতিয়াও গভীৰ প্ৰেমত পৰি আছে নতুবা দ্বিতীয়জনে আৰু এবাৰ সুবিধা পাম বুলি আশা কৰি আছে।

Want your public figure to be the top-listed Public Figure in Sibsagar?
Click here to claim your Sponsored Listing.

Videos (show all)

সৰুতে জিদধৰোতেই যাই, সময় হলে অনুভৱ হয় গোটেই জীৱন ধৈৰ্য ধৰিব লাগে।
দুই নাতিৰ ককাকৰ জন্মদিন উদযাপনৰ।
আনক পৰিবৰ্তন কৰাৰ আগত নিজে সেই পৰিবৰ্তন হৈ ল'ব লাগে।নিজে নকৰা কাম আনক কৰিবলৈ ক'লে একো ফল নধৰে।
I've received 200 reactions to my posts in the past 30 days. Thanks for your support. 🙏🤗🎉  fb‌ ৰ পৰা মেচেজ আহিছে, সকলোৱে...
প্ৰকৃতিৰ বিধান হ'ল মৃত্যু,জন্ম হলে মৃত্যু হব লাগিব , সৃষ্টি হলে ধ্বংস হ'ব লাগিব।এনে এজন ব্যক্তি নাই যি আমাক হিংসা নকৰে, ...

Category

Telephone

Website

Address


Sivasagar
Sibsagar
785640

Other Public Figures in Sibsagar (show all)
Ankur Kalita Ankur Kalita
Sibsagar, 785640

AAP Assam State SM Joint Coordinator. Organising Secretary Sivasagar Dist RTI Committee.

Indian idol Indian idol
Sibsagar

Romantic story

DEMOW ICDS Project,SIVASAGAR DEMOW ICDS Project,SIVASAGAR
Demow
Sibsagar, 785662

Abhinav gogoi Abhinav gogoi
Dolmukh Charalia, Gayen Gaon
Sibsagar, 785640

Pulin demow Pulin demow
Sibsagar, 785671

pulin190 Official

Biman Jyoti Gogoi Biman Jyoti Gogoi
Gelakey Ali
Sibsagar, 785684

Partha Axom Partha Axom
Sibsagar

welcome to my page

Himanta Borbharali Himanta Borbharali
Sibsagar

অসমৰ চুকে কোনে।।

SKB Borah SKB Borah
Sivasagar
Sibsagar, 785640

মোৰ এই Pageটোত আপোনালোকে ধাৰ্মিক Motivational Video পাব Please Like, Comment, Share and Follow কৰিব।

The Dharani music The Dharani music
Sibsagar, 785670

like follow

pranganagogoi pranganagogoi
Sibsagar, 785640

Progress 🌿