CPI-M, Kamrup Metro

CPI-M, Kamrup Metro

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from CPI-M, Kamrup Metro, Political Party, .

15/07/2024

প্ৰেছ বিজ্ঞপ্তি

কৃত্ৰিম বানপানীৰ পৰা মহানগৰবাসীক মুক্ত কৰকঃ মহানগৰ উন্নয়ন সমিতি

মহানগৰৰ উন্মুক্ত নলাসমূহ অতিশীঘ্ৰে ঢাকনি দিয়াৰ দাবীত জি এম ডি এৰ কাৰ্যালয়ত বিক্ষোভ

১৫ জুলাই, ২০২৪, গুৱাহাটীঃ আজি মহানগৰ উন্নয়ন সমিতি, গুৱাহাটীৰ উদ্যোগত মহানগৰখনৰ বিভিন্ন উন্নয়ন সমিতিৰ সহযোগত গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী সংগঠিত কৰা হয়। বিশেষকৈ কৃত্ৰিম বানপানীৰ পৰা মহানগৰবাসীক ৰক্ষা কৰাৰ বাবে বিজ্ঞানসন্মতভাৱে পানী নিষ্কাষনৰ ব্যৱস্থা কৰা (এই ক্ষেত্ৰত গুৱাহাটী আই আই টি, গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম ইঞ্জিনিয়াৰিং মহাবিদ্যালয়ৰ অভিজ্ঞ সমল ব্যক্তিসকলৰ লগতে গুৱাহাটীৰ উন্নয়নত দীৰ্ঘদিন ধৰি জৰিত থকা অভিজ্ঞ ব্যক্তিসকলৰ পৰা পদ্ধতিগতভাৱে পৰামৰ্শ গ্ৰহণ কৰক), মহানগৰৰ উন্মুক্ত নলাসমূহৰ ওপৰত শীঘ্ৰে ঢাকনি দিয়াৰ ব্যৱস্থা কৰা আৰু মেঘালয়ৰ পৰা নামি অহা পানীসমূহ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দক্ষিণ পাৰেৰে বোৱাই নিয়াৰ ব্যৱস্থা কৰা আদিকে ধৰি মহানগৰবাসীয়ে ভোগ কৰি থকা জ্বলন্ত সমস্যা সমাধানৰ দাবীত আজিৰ বিক্ষোভ কাৰ্যসূচী সংগঠিত কৰা হয়।
উল্লেখযোগ্য যে– গুৱাহাটীখন মহানগৰৰ পৰা এতিয়া স্মাৰ্ট চিটি হ'ল। তাৰ বাবে গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনৰ কিছুমান কাম কৰি থকা দৃষ্টি গোচৰ হৈছে। যানজঁটৰ সমস্যাৰ বাবে দীঘল দীঘল উৰণীয়া সেতুকে ধৰি কিছুমান পদপথ আৰু ফুট ব্ৰীজ নিৰ্মাণো কৰা হৈছে। কেইখনমান নতুনকৈ উৰণীয়া সেতুৰ নিৰ্মাণ কাৰ্যও চলি থকা পৰিলক্ষিত হৈছে। কিন্তু বাৰিষা অহাৰ লগে লগে ইয়াৰ বিপৰীত দৃশ্য সংবাদ মাধ্যমত প্ৰকাশিত হৈ আছে। মহানগৰখনত কৃত্ৰিম বানপানী আৰু বহু উন্মুক্ত নলাই প্ৰায় প্ৰতি বছৰে মানুহৰ জীৱন আৰু সম্পত্তি ধ্বংস কৰি আহিছে। ইতিমধ্যে ৩০০ টা নলা উন্মুক্ত হৈ আছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পায়þ। সেই উন্মুক্ত নলাই সৌ সিদিনা অবিনাশ সৰকাৰ নামৰ ফুলকুমলীয়া শিশুটিৰ জীৱন ললে। এতিয়ালৈকে কৃত্ৰিম বানৰ পৰা গুৱাহাটীবাসী নাগৰিকক মুক্ত কৰাৰ বাবে চৰকাৰে কেৱল ডাঙৰ ডাঙৰ পাম্পচেট বহুৱাৰ নিছিনা কিছুমান অস্থায়ী কাৰ্যব্যৱস্থা হাতত লোৱাহে পৰিলক্ষিত হৈছে। স্থায়ী সমাধানৰ বাবে প্ৰশাসন, বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰে যদি কিবা কৰি আছে তাক ৰাইজে জানিব পৰাকৈ সেইবোৰ ৰাজহুৱাভাৱে প্ৰকাশ কৰা দৰকাৰ বুলি মহানগৰ উন্নয়ন সমিতি, গুৱাহাটীয়ে দাবী কৰে, যাতে পুৰণি বাসিন্দাসকলে সেই সম্পৰ্কত মতামত অথবা প্ৰয়োজন সাপেক্ষে সংযোজন দিব পাৰে।
বিগত কেইটামান বছৰত বিভিন্ন অঞ্চলৰ ৰাইজৰ মতামতৰ ভিত্তিত মহানগৰ উন্নয়ন সমিতিয়ে জানিব পাৰিছে যে– কৃত্ৰিম বানপানীৰ প্ৰভাৱ মহানগৰখনত আগৰ তুলনাত ক্ৰমান্বয়ে বাঢ়ি আছে আৰু নতুন নতুন অঞ্চললৈ সম্প্ৰসাৰিত হৈছে। দীৰ্ঘদিন ধৰি কৃত্ৰিম বানপানীত ভুগি থকা নবীন নগৰ, অনিল নগৰ, তৰুণ নগৰ, লাচিত নগৰৰ উপৰিও ৰুক্মিনীগাঁও, হাতিগাঁও, বেলতলা-বশিষ্ঠৰ বিভিন্ন ঠাইত, লালমাটি, সাতগাঁও, শ্ৰীমন্ত পুৰ, ৰূপনগৰ-বিৰুবাৰী, ৰাজগড়ৰ উপ-পথসমূহ, কটাহবাৰী, চানমাৰী, গুৱাহাটী ক্লাৱ, পাণ্ডু, মালিগাও, লালগণেশ আদি অঞ্চলত উন্নয়নৰ নামত অদূৰদৰ্শী আৰু অপৰিকল্পিত নিৰ্মাণ কাৰ্যৰ বাবেও নাগৰিকসকল কৃত্ৰিম বানপানীত ভুগিবলগীয়া হৈছে। উল্লেখিত ঠাইসমূহৰ কিছু অঞ্চলত বৰষুণৰ পানীৰ লগতে মেঘালয়ৰ পৰা নামি অহা পানীৰ বাবেও কৃত্ৰিম বানপানী সৃষ্টি হয়। এই সম্পৰ্কত মহানগৰ উন্নয়ন সমিতিয়ে খানাপাৰাৰ পৰা জালুকবাৰীলৈযোৱা ৰাষ্ট্ৰীয় পথৰ দক্ষিণ পাৰেৰে সম্পূৰ্ণ পানী বোৱাই নিয়াৰ বাবে বাৰে বাৰে আবেদন নিবেদন কৰি থকাৰ পিছতো খানাপাৰাৰ পৰা লালমাটিলৈ মেঘালয়ৰ পৰা নামি অহা পানীৰ বহন ক্ষমতাৰে নলাটো নিৰ্মাণ নকৰাত সমস্যা বাঢ়ি আছে।
এনে ক্ষেত্ৰত উল্লেখিত সমস্যাসমূহৰ স্থায়ী সমাধানৰ বাবে আজি মহানগৰ উন্নয়ন সমিতিৰ কেইবাগৰাকী বিষয়ববীয়াকে ধৰি অন্যান্য কেইবাটাও উন্নয়ন সমিতিৰ বিষয়ববীয়াসকলৰ সহযোগত গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষৰ হাতত ওপৰত উল্লেখিত দাবীসম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰা হয়। মহানগৰ উন্নয়ন সমিতি, গুৱাহাটীৰ সম্পাদক বীৰেণ শৰ্মাৰ হাতত পৰা স্মাৰক পত্ৰ গ্ৰহণ কৰি গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষই মহানগৰৰ কৃত্ৰিম বানপানী আৰু খোৱাপানীৰ বিষয়ত আলোচনাৰ বাবে সমিতিক আহ্বান কৰে।

19/06/2024

আজি চি পি আই(এম)ৰ গুৱাহাটী কেন্দ্ৰীয় আঞ্চলিক কমিটিৰ উদ্যোগত দীঘলী পুখুৰীৰপাৰৰ পৰা হব লগা উৰণীয়া সেঁতুৰ কোনো নাগৰিকৰ সুৰক্ষা নোহোৱাকৈ নিৰ্মাণ কৰাৰ ফলত হোৱা অসুবিধাৰ সম্পৰ্কে এক প্ৰতিবাদী কাৰ্যসূচী লোৱা হয়।

Photos from CPI-M, Kamrup Metro's post 18/05/2024

আজি চি পি আই (এম)ৰ কামৰূপ মহানগৰ জিলাৰ উদ্যোগত আজি মেঘদুত ভৱনৰ সম্মুখত প্ৰতিবাদী কাৰ্যসূচীৰ দৃশ্য

31/03/2024

পুঁজিপতিৰ বন্ধু প্ৰধানমন্ত্ৰীৰ জানো ৰাইজৰ হৈ ভাবিবৰ আহৰি আছে ? ক্ৰমাৎ বৃদ্ধি হৈ গৈয়েই আছে ঔষধৰ মূল্য।
মনত ৰাখিব, নিৰ্বাচনী বণ্ডৰ দ্বাৰা ঔষধ প্ৰস্তুতকাৰী কোম্পানীৰ পৰা BJP য়ে লাভ কৰিছিল ৩৯৪ কোটি টকা!

22/03/2024

Photos from CPI-M, Kamrup Metro's post 27/01/2024

আজি(২৭ জানুৱাৰী, ২০২৪) কামৰূপ মহানগৰ জিলা কমিটিৰ উদ্যোগত ভি আই লেনিনৰৰ মৃত্যু শতবাৰ্ষিকী উপলক্ষ্যে আলোচনা সভা। আলোচনা সভাখন সভাপতিত্ব কৰে জিলা কমিটিৰ সম্পাদক মণ্ডলীৰ সদস্য ভবেন্দ্ৰ কুমাৰ কলিতাই। জিলা সম্পাদক বীৰেণ শৰ্মাই সভাৰ বিষয় বস্তু উত্থাপন কৰে। বৰ্তমান পৰিস্থিতিত লেনিনবাদৰ প্ৰাসংগিকতা শীৰ্ষক বিষয়টোৰ ওপৰত আলোকপাত কৰে চি পি আই এমৰ জেষ্ঠ নেতা হেমেন দাস, উদ্ধৱ বৰ্মন আৰু জিলা কমিটিৰ সম্পাদক মণ্ডলীৰ সদস্য শতনঞ্জীৱ দাসে।

Photos from CPI-M, Kamrup Metro's post 21/11/2023

আজি CPI(M)ৰ ৰাজ্যজুৰি গণপুঁজি সংগ্ৰহৰ কৰা হয়। কামৰূপ মহানগৰ জিলাৰ লাখটকীয়া অঞ্চলত গণপুঁজি সংগ্ৰহ কৰা হয়। ৰাইজৰ পৰা বহুত ভাল সঁহাৰি লাভ কৰিছো। গণপূঁজি সংগ্ৰহত অংশ গ্ৰহন কৰে চি পি আই এমৰ ৰাজ্যিক সম্পাদক মণ্ডলীৰ সদস্য দেবেন ভট্টাচাৰ্য, টিকেন দাস, তপন শৰ্মা, নয়ন ভূঞা, সংগীতা দাস আৰু মহানগৰ জিলা কমিটিৰ সম্পাদকহ সম্পাদক মণ্ডলীৰ আটাই কেইজন সদস্য, জিলা কমিটিৰ সদস্যকে ধৰি আৰু জিলাখনৰ পাৰ্টি সদস্যই।

Photos from CPI-M, Kamrup Metro's post 07/11/2023

আজি চি পি আই (এম) ৰ কামৰূপ মহানগৰ জিলাৰ উদ্যোগত মহান অক্টোবৰ বিপ্লৱৰ ১০৬ সংখ্যক বাৰ্ষিকী উদযাপন কৰা হয়। মাছখোৱাৰ সাংস্কৃতিক প্ৰকল্পত আবেলি ৩ বজাৰ পৰা আয়োজন কৰা সাম্প্ৰতিক আন্তৰ্জাতিক পৰিস্থিতি আৰু অক্টোবৰ বিপ্লৱ শীৰ্ষক আলোচনা চক্ৰৰ সভাপতিত্ব কৰে পাৰ্টীৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক দেবেন ভট্টাচাৰ্যই। আলোচনা চক্ৰৰ মুখ্য আলোচক পাৰ্টীৰ জ্যেষ্ঠ নেতা উদ্ধব বৰ্মন, পাৰ্টীৰ কেন্দ্ৰীয় কমিটিৰ সদস্য ইছফাকুৰ ৰহমান আৰু ৰাজ্যিক কমিটিৰ সদস্য শতঞ্জীৱ দাস।

07/09/2023

প্ৰেছ বিজ্ঞপ্তি

নিযুক্তিৰ নামত দূৰ্নীতি বন্ধ কৰা আৰু নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ দাম হ্ৰাস কৰা দাবীত চিপিআইএমৰ বিক্ষোভ

মূল্যবৃদ্ধি নিয়ন্ত্ৰত ব্যৰ্থ বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰঃ চিপিআই (এম)

১১ ছেপ্টেম্বৰ,২০২৩, গুৱাহাটীঃ আজি চিপিআই(এম)ৰ কামৰূপ মহানগৰ জিলা কমিটিৰ উদ্যোগত গুৱাহাটীৰ মেঘদূত ভৱনৰ সমীপত ঔষধকে ধৰি আদি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম হ্ৰাস কৰা, চাউল, দাইল, আটা, মিঠাতেল, চেনি আদি কৰি প্ৰয়োজনীয় সামগ্ৰী সস্তা দৰত যোগান ধৰাৰ ব্যৱস্থা কৰা, পে'ট্ৰল-ডিজেলৰ দাম হ্ৰাস কৰা আৰু নতুন কৰ্মসংস্থান সৃষ্টি কৰা, সকলো খালী পদ পূৰণ কৰা, ঠিকাভিত্তিক আৰু কেজুৱেল হিচাপে কাম কৰি থকা সকলৰ পদসমূহ স্থায়ী কৰা, আঁচনিভুক্ত কৰ্মচাৰীক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়াৰ দাবীত দিনৰ ১২ বজাত মেঘদূত ভৱনৰ সমীপত জিলা বিক্ষোভ সমাবেশ অনুষ্ঠিত হয়। কামৰূপ মহানগৰ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা ২০০ শতাধিক পাৰ্টি সভ্য আৰু সমৰ্থক মেঘদূত ভৱনৰ সমীপত মিলিত হৈ উক্ত দাবী সমূহকলৈ বিক্ষোভ প্ৰদৰ্শন কৰে। বিক্ষোভকাৰী সকলে টোলগেট, স্মাৰ্ট মিটাৰ, মহানগৰ বাসীৰ খোৱা পানীৰ সমস্যা, মাটিৰ পট্টা আদি বিষয়তো সৰৱ হয়। বিক্ষোভ সমাবেশত বক্তব্য ৰাখে চিপিআই(এম)ৰ ৰাজ্যিক কমিটিৰ সদস্য শতঞ্জীৱ দাস, ৰাজ্যিক সম্পাদক মণ্ডলীৰ সদস্য টিকেন দাস, জিলা সম্পাদক মণ্ডলীৰ সদস্যা সীমা বিশ্বাস আৰু ভাৰপ্ৰাপ্ত জিলা সম্পাদক ভবেন কলিতাই। বক্তা সকলে মূল্যবৃদ্ধিৰ ফলত ৰাইজৰ দুৰ্ভোগ আৰু কৰ্ম সংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত ব্যৰ্থতাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ ডবল ইঞ্জিন চৰকাৰক জগৰীয়া কৰে। ইয়াৰ উপৰিও মহানগৰবাসীক বিশুদ্ধ খোৱা পানী যোগানত ৰাজ্য ব্যৰ্থতাক গৰিহণা দিয়ে। অন্যহাতে স্মাৰ্ট মিটাৰৰ নামত বিদ্যুৎ গ্ৰাহকক লুণ্ঠন বন্ধ কৰা, মহানগৰ জিলাৰ ভুমিহীন সকলক মাটিৰ পট্টা প্ৰদান, নতুনকৈ টোলগেট সিদ্ধান্ত বাতিল আৰু মুখ্যমন্ত্ৰীয়ে বিদু্যৎ মাছুল পুনৰ বৃদ্ধি কৰাৰ ঘোষণা আদি বিষয়ত বক্তা সকল সৰব হয়। বিক্ষোভৰ অন্তত এক প্ৰতিবাদী সমদল উলিওৱা হয় কিন্তু সমদল কিছু আগবঢ়াৰ পিছতে আৰক্ষী প্ৰশাসনে বাধা প্ৰদান কৰে। আৰক্ষী প্ৰশাসনৰ এনে আচৰণক গণতান্ত্ৰিক ভাৱে কৰা বিক্ষোভকাৰী সকলে ধিক্কাৰ দিয়ে।

ধন্যবাদসহ-
কামৰূপ মহানগৰ জিলা কমিটি

31/07/2023

কঠোৰ প্ৰশাসনৰ কথা কোৱা মুখ্যমন্ত্ৰীৰ দ্বিচাৰিতা

বজৰং দলৰ মাৰণাস্ত্ৰ প্ৰশিক্ষণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰকঃ চিপিআই(এম)

মঙলদৈ মহৰ্ষি বিদ্যা মন্দিৰত ৰাষ্ট্ৰীয় বজৰং দলৰ এক প্ৰশিক্ষণ শিবিৰত মুকলিকৈ আগ্নেয়াস্ত্ৰকে ধৰি বিভিন্ন ধৰণৰ মাৰণাস্ত্ৰ প্ৰশিক্ষণৰ এক ভিডিঅ’ই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এনেদৰে মাৰণাস্ত্ৰ প্ৰশিক্ষণ কেৱল বেআইনীয়ে নহয় দেশৰ আইন শৃংখলা পৰিস্থিতি তথা ঐক্য-সংহতিৰ বাবেই ভাবুকিস্বৰূপ৷ বিজেপি দল শাসনলৈ অহাৰে পৰা এনে উৎকট সাম্প্ৰদায়িক শক্তিসমূহ তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে৷ বিজেপি দলৰ আমোলত অসমৰ পুলিচ প্ৰশাসনেও এনে দেখদেখ বেআইনী কাৰ্যকালৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণত দুৰ্বলতা দেখুৱাইছে৷ ফলত এনে শক্তিসমূহ আৰু অধিক উৎসাহিত হৈছে৷

অসমত বিজেপি শাসনৰ ৰাজনৈতিক পক্ষপাতদুষ্ট আচৰণে উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বিৰোধী দল-সংগঠনৰ সকলো গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীক বাধা প্ৰদান কৰি আহিছে৷ আনকি গুৱাহাটী মহানগৰীত সমদল কৰাৰ ওপৰতো একপ্ৰকাৰৰ নিষেধাজ্ঞা আৰোপ কৰিছে৷ আনহাতে শাসক দল আৰু আৰ এছ এছ নিয়ন্ত্ৰিত বজৰং দলৰ দৰে সংগঠনক সকলো ধৰণৰ প্ৰৰোচনামূলক কৰ্মকাণ্ড সংগঠিত কৰা আৰু উত্তেজনা সৃষ্টিকাৰী ভাষণ দিয়াৰ সুযোগ প্ৰদান কৰিছে৷ আৰ এছ এছ পৰিচালিত শিক্ষানুষ্ঠানসমূহ বেআইনী কৰ্মকাণ্ডৰ বাবে ব্যৱহৃত হোৱাটোও বাৰে বাৰে দৃষ্টিগোচৰ হৈছে৷

চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে বজৰং দলৰ এনে বেআইনী কৰ্মকাণ্ডৰ বিৰুদ্ধে তৎকালে পদক্ষেপ গ্ৰহণৰ বাবে পুলিচ প্ৰশাসনৰ ওচৰত দাবী জনাইছে৷ মুকলিকৈ আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণ, মাৰণাস্ত্ৰ সজ্জিত সমদল আদি সংগঠিত কৰি বজৰং দলে অসমত এক অৰাজক পৰিস্থিতি সৃষ্টিৰ বাবে ষড়যন্ত্ৰ ৰচিছে৷ এনে প্ৰৰোচনামূলক কৰ্মকাণ্ডৰ প্ৰতি সচেতন থাকি অসমত সাম্প্ৰদায়িক বিভেদ সৃষ্টিৰ ষড়যন্ত্ৰ ব্যৰ্থ কৰাৰ বাবেও চিপিআই(এম)য়ে আহ্বান জনায়৷

17/07/2023

ৰাজ্যত সাম্প্ৰদায়িক ঘৃণা বিয়পোৱাৰ অভিযোগ
******
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আজমলৰ বিৰুদ্ধে চিপিআই(এম)ৰ লতাশিল থানাত গোচৰ
****
ৰাজ্যত শাক-পাচলি, খাদ্য সামগ্ৰী আদিৰ মূল্যবৃদ্ধিৰ বাবে মুছলমান সম্প্ৰদায়ৰ মিঞাসকলক জগৰীয়া কৰাৰ উপৰি কেব-চালক, বাছ চালক আদিৰ কাম তেওঁলোকেই কুক্ষিগত কৰিছে আৰু উজনি অসমৰ যুৱকসকল ওলাই আহিলে এবছৰৰ ভিতৰতে মিঞাক খেদি পঠাব বুলি গুৱাহাটীত যোৱা ১৩ জুলাইৰ দিনা সংবাদ মাধ্যমৰ আগত কোৱাৰ মাজেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জঘন্য সাম্প্ৰদায়িক আৰু ঘৃণাসূচক কথা-বাৰ্তা প্ৰচাৰ কৰি থকাৰ অভিযোগ উত্থাপন কৰি চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে আজি ১৭ জুলাইত গুৱাহাটীৰ লতাশিল আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। পাৰ্টিৰ ৰাজ্যিক কমিটিয়ে দাখিল কৰা এজাহাৰ খনত এআইইউডিএফৰ মূৰব্বী তথা সংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধেও একে অভিযোগ অনা হয়। তেওঁ অভিন্ন দেৱানী বিধি সন্দৰ্ভত মন্তব্য দিবলৈ গৈ যোৱা ১২ জুলাইত ধুবুৰীৰ এখন সভাত অনা-মুছলমান ধৰ্মীয় সম্প্ৰদায়ৰ বিৰুদ্ধে অতি আপত্তিজনক বক্তব্য দাঙি ধৰে। পাৰ্টিয়ে সেয়ে দুয়োজনৰ বিৰুদ্ধে সুনিৰ্দিষ্ট অভিযোগসহ এজাহাৰ দাখিল কৰিছে। পাৰ্টিৰ এজাহাৰখনত ঘৃণাসূচক আৰু উচটনিমূলক বক্তব্য সন্দৰ্ভত যোৱা ২৮ এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ এটা আদেশৰ উদ্ধৃতি দি উল্লেখ কৰা হয় যে কোনো ব্যক্তিয়ে, তেওঁ যি সম্প্ৰদায়ৰে বা যিমান ক্ষমতাশালীয়েই নহওক কিয়, কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণাসূচক বক্তব্য দাঙি ধৰিলে তেওঁৰ বিৰুদ্ধে ততালিকে আৰক্ষীয়ে গোচৰ ৰুজু কৰিব লাগিব। কোনেও গোচৰ নতৰিলেও আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ তৰিব লাগিব বুলি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত স্পষ্টকৈ উল্লেখ আছে বুলি এজাহাৰত উনুকিয়াই দিয়া হয়। চিপিআই(এম)ৰ ৰাজ্যিক কমিটিৰ হৈ লতাশিল থানাত দাখিল কৰা এজাহাৰত পাৰ্টিৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ আৰু কেন্দ্ৰীয় কমিটিৰ সদস্য ইচফাকুৰ ৰহমানে যৌথভাৱে স্বাক্ষৰ কৰে। দুয়োজন নেতাৰ লগত থানালৈ ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য নয়ন ভূঞা আৰু নিৰংকুশ নাথো যায়।

লতাশিল থানাত এজাহাৰ দাখিলৰ পাছতে আজি আবেলি চিপিআই (এম)ৰ ৰাজ্যিক কাৰ্যালয়ত এখন সংবাদ-মেলৰ আয়োজন কৰি সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয়, পাৰ্টিয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত অসম আৰক্ষীয়ে যথোচিত আইনী প্ৰক্ৰিয়া ততালিকে আৰম্ভ নকৰিলে সেয়া হ'ব উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ অৱমাননা। ৰাজ্যত সংবিধান আৰু আইনৰ শাসন বৰ্তাই ৰখাৰ স্বাৰ্থতে আৰক্ষী প্ৰশাসনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ বদৰুদ্দন আজমলৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তেওঁলোকৰ ঘৃণাসূচক সাম্প্ৰদায়িক মন্তব্যবোৰে অসমৰ কেৱল ৰাজনীতিকে কলুষিত কৰা নাই, সমাজ জীৱনলৈও বিপদৰ আগজাননী দিছে বুলি তালুকদাৰে কয়। সংবাদ-মেল সম্বোধন কৰি ইচফাকুৰ ৰহমানে কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ আগে আগে ধৰ্মীয় মেৰু বিভাজনৰ বাবেই এইসকল নেতাই এনে জঘন্য মন্তব্য প্ৰকাশ কৰি আছে। মুখ্যমন্ত্ৰী আৰু বদৰুদ্দিন আজমলৰ মাজত গোপন বুজাবুজি হোৱাৰো সন্দেহ প্ৰকাশ কৰে ৰহমানে। সংবাদ-মেলত পাৰ্টিৰ ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য নিৰংকুশ নাথো উপস্থিত থাকে।

13/06/2023

আজি বশিষ্ঠৰ নতুন বজাৰত খোৱা পানী প্ৰকল্প শীঘ্ৰে সম্পূৰ্ণ কৰা আৰু বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদী অৱস্থান

10/06/2023

গুৱাহাটী মহানগৰীৰ খোৱাপানী প্ৰকল্পৰ কাম অতিশীঘ্ৰে সম্পন্ন কৰক: চি পি আই (এম )

গুৱাহাটী মহানগৰীৰ পানী যোগান প্ৰকল্প অতিশীঘ্ৰে সম্পূৰ্ণ কৰি মহানগৰবাসীক বিশুদ্ধ খোৱা পানী যোগান ধৰা, বৰ্ধিত বিদ্যুৎ মাছুল আৰু পৌৰ কৰ বৃদ্ধি প্ৰত্যাহাৰ কৰা দাবী আদিকে ধৰি বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে আজি (১০ জুন) কেন্দ্ৰীয় গুৱাহাটী আঞ্চলিক কমিটি আৰু পানবজাৰ আঞ্চলিক কমিটীয়ে যৌথ ভাৱে এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।

02/06/2023

জলবিস্ফোৰণ,গুৱাহাটী মহানগৰীত খোৱাপানীৰ নাটনি,বিদ্যুৎ মাচুল বৃদ্ধি সম্পৰ্কে চি পি আই(এম) কামৰূপ মহানগৰ জিলাৰ প্ৰতিক্ৰিয়া

Photos from CPI-M, Kamrup Metro's post 27/05/2023

চিপিআই(এম)ৰ গুৱাহাটী কেন্দ্ৰীয় আঞ্চলিক কমিটিৰ জেষ্ঠ নেতা মোহিত ৰঞ্জন দেৱানৰ স্মৃতিচাৰণ সভা

২৭ মে', ২০২৩, গুৱাহাটী: আজি ২৭ মে' আবেলি ৩ বজাত চি পি আই (এম)ৰ গুৱাহাটী কেন্দ্ৰীয় আঞ্চলিক কমিটিৰ উদ্যোগত গুৱাহাটী আঞ্চলিক কমিটিৰ জেষ্ঠ নেতা মোহিত ৰঞ্জন দেৱানৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সত্তৰ দশকৰ পৰা শ্ৰমিক আন্দোলনৰ সক্ৰিয় ভূমিকা লোৱা ৰিহাবাৰীৰ দেৱান ডাঙৰীয়া ভাৰতীয় ষ্টেট বেংক কৰ্মচাৰী ইউনিয়নৰ নেতা আছিল। ভাৰতীয় ষ্টেট বেংক কৰ্মচাৰীৰ ইউনিয়ন গঢ়াৰ ক্ষেত্ৰত তেখেতৰ ভূমিকা আছিল অতুলনীয়। অসমত অসংগঠিত খণ্ডৰ শ্ৰমিক সকলক সংগঠিত কৰাৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আছিল। জীৱন কালত সাধাৰণ ৰাইজৰ হকে জীৱন উচৰ্গা কৰা শ্ৰমিক নেতা জনে মৃত্যুৰ পিছতো চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধন আৰু মানৱ কল্যাণৰ হকে মৰোনত্তৰ ভাৱে ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দেহদান দিছিল।
এইজনা মহান শ্ৰমিক নেতাৰ স্মৃতিত আজিৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে গুৱাহাটী কেন্দ্ৰীয় আঞ্চলিক কমিটিৰ সদস্য ভূপেন বৰ্মন ডাঙৰীয়াই। সভাৰ উদ্দেশ্য ব্যাখ্যা দাঙি ধৰে সম্পাদক প্ৰতুল বৰ্মনে। উদেশ্য বাখ্যা কৰি যে সামাজিক কাম কাজত যুক্ত থকা দেৱান ডাঙৰীয়াই জীৱন ত্যাগ কৰাৰ আগমূহুৰ্তলৈকে চি পি আই (এম) ৰ গুৱাহাটী কেন্দ্ৰীয় আঞ্চলিক কমিটিৰ অন্তৰ্গত বিৰুবাৰী শাখাৰ সক্ৰিয় সদস্য আছিল। জেষ্ঠ নেতা মোহিত ৰঞ্জন দেৱানৰ প্ৰতিচ্ছৱিত মল্যাৰ্পন কৰে চি পি আই (এম) ৰ প্ৰবীণ নেতা তথা প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মন দেৱে। বৰ্মন দেৱে শ্ৰদ্ধাঞ্জলি জনাই কয় যে অসম আন্দোলনৰ সময়ত চি পি আই এমৰ কামকাজ অতি সূক্ষ্ম ভাৱে আগবঢ়াই নিছিল। মাৰ্ক্সবাদী আদৰ্শ অধ্যয়ন কৰি অতি সৰল ভাৱে মানুহক বুজাব জানিছিল। মোহিত ৰঞ্জন দেৱান ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় সহধৰ্মিনী তথা গণতান্ত্ৰিক মহিলা সমিতিৰ অন্যতম নেত্ৰী আৰতি দেৱানে। সভাত চি পি আই (এম) ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ উপস্থিত থাকি মোহিত দেৱানৰ কৰ্মৰাজিৰ বিষয়ে আলোচনা কৰে।মোহিত ৰঞ্জন দেৱানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় সৰ্বভাৰতীয় বীমা পেঞ্চনাৰ সংস্থাৰ সভাপতি শতঞ্জীৱ দাসে কয় যে কমৰেড দেৱান হ'ল শ্ৰমিকৰ আপোচহীন সংগ্ৰাম আগুৱাই নিয়াৰ এক নীৰৱ যোদ্ধা। শ্ৰমজীৱী মানুহৰ ঐক্যবদ্ধ সংগ্ৰাম আগুৱাই নিয়া সংগ্ৰামৰ দেৱান দেৱৰ সতীৰ্থ ডাক তাৰ ইউনিয়নৰ নেতা শংকৰ দাস আৰু শৈলেন শৰ্মা উপস্থিত থাকে। দুয়োজন শ্ৰমিক নেতাই দেৱান দেৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় আৰু দেৱান দেৱে এৰি যোৱা আদৰ্শৰ বাটেৰে আগুৱাই যোৱাৰ সংকল্প লোৱাৰ আহ্বান কৰে। মিনু চৌধুৰীয়ে মোহিত ৰঞ্জন দেৱানৰ ওপৰত লিখা স্ব-ৰচিত কবিতা পাঠ কৰি সভাত উপস্থিত থকা সকলক উৎসাহিত কৰে। ইলোৰা বিজ্ঞান মঞ্চৰ অন্যতম সদস্য মনোজ ৰায় আৰু অনুপ ৰায় চৌধুৰী উপস্থিত থাকি মঞ্চৰ হৈ মৰোনত্তৰ ভাৱে দেহ দান কৰা দেৱান দেৱক এখন প্ৰশংসা পত্ৰ তেওঁৰ সহধৰ্মীনীৰ হাতত অৰ্পণ কৰে । স্মৃতিচাৰণ সভাত উপস্থিত আছিল ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ ৰাজ্যিক সম্পাদক সংগীতা দাস, গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ ৰাজ্যিক সম্পাদক ৰিতুৰঞ্জন দাস, বীমা কৰ্মচাৰী ইউনিয়নৰ ভবেন্দ্ৰ কলিতা, চি আই টি ইউৰ ৰাজ্যিক নেতা মদন তালুকদাৰ লগতে আঞ্চলিক কমিটিৰ সদস্য সকলক।

ধন্যবাদসহ
সম্পাদক
গুৱাহাটী কেন্দ্ৰীয় আঞ্চলিক কমিটি

21/10/2022
21/10/2022

আজি ২১ অক্টোবৰ, ২০২২ তাৰিখে দিনৰ ১২ বজাৰ পৰা মহানগৰ উন্নয়ন কমিটিৰ উদ্যোগত চচল ধৰ্ণা গ্ৰউণ্ড,গুৱাহাটীত গুৱাহাটী মহানগৰীৰ খোৱা পানী যোগান ধৰা, বৰ্ধিত বিদ্যুৎ মাছুল বৃদ্ধি প্ৰত্যাহাৰ কৰা আৰু সম্পত্তি কৰ বৃদ্ধিৰ সিদ্ধান্ত বাতিলৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী কৰা হয়।

10/08/2022

গোপেন ৰয় আছিল আন্দামানৰ কালাপানী কাৰাগাৰত থকা অসমৰ অন্যতম স্বাধীনতা সংগ্ৰামী। প্ৰথমাৱস্থাত সুৰমা উপত্যকাত বেছ প্ৰভাৱ থকা 'যুগান্তৰ দল' নামৰ এটি বিপ্লৱী সংগঠনৰ সদস্য ৰয়ে স্বাধীনতা সংগ্ৰাম আৰু সংগঠনৰ বৈপ্লৱিক কৰ্মকাণ্ডৰ বাবে অৰ্থ সংগ্ৰহৰ স্বাৰ্থত ১৯৩৩ চনৰ ২০মাৰ্চ তাৰিখে ডাকোৱাল এজনৰ পৰা চৰকাৰী টকা লুট কৰাৰ অপৰাধত ব্ৰিটিছ শাসকে তেওঁক কালাপানীলৈ প্ৰেৰণ কৰে। আন্দামানৰ চেলুলাৰ জেলত থাকোতে তাত লগ পোৱা অন্য কমিউনিষ্ট সকলৰ সৈতে যুক্ত হৈ জে'লৰ ভিতৰতে 'কমিউনিষ্ট কনচলিদেচন'ত অংশ লয়। কমৰেড ৰয় জেইলৰ পৰা আহি কাছাৰ জিলাত কমিউনিষ্ট পাৰ্টিত যোগ দিয়ে।
কাছাৰ জিলাত হৈ থকা স্বাধীনতাৰ সংগ্ৰামখনক কৃষক তথা শ্ৰমিক আন্দোলনৰ সৈতে সংযোগ কৰা অন্যতম নেতাগৰাকী আছিল কমৰেড গোপেন ৰয়। ১৯৪০ চনত প্ৰথমবাৰৰ বাবে কাছাৰ জিলাত কৃষক সভাৰ সন্মিলন অনুষ্ঠিত হয়। কৃষক জাগৰণৰ এই সময়ছোৱাত মণিপুৰৰ জননেতা ইৰাবত সিং আহি এই কৃষক আন্দোলনত যোগ দিয়ে। ইৰাবত সিং আৰু গোপেন ৰয়ৰ মিলিত প্ৰচেষ্টাত কাছাৰত কৃষক আন্দোলনে জংগী ৰূপ ধাৰণ কৰে।

কমৰেড ৰয়ৰ ব্যক্তিগত জীৱন বুলিবলৈ একোৱেই নাছিল। জেলত বা মানুহ সংগঠিত কৰাত ব্যস্ত নথকাৰ সময়ত পাৰ্টি অফিচৰ এটি কোণতেই তেওঁ সময় কটাইছিল। বাহিৰত ব্ৰিটিছ বিৰোধী আৰু স্বাধীনতাৰ পিছত শাসক বিৰোধী অৱস্থান লৈ থকা কমৰেড ৰয় পাৰ্টীৰ ভিতৰত থকা সংশোধনবাদী চিন্তাধাৰাৰ বিৰুদ্ধেও আভ্যন্তৰীণ সংগ্ৰাম চলাই নিয়ে। কাছাৰ জিলাত কমিউনিষ্ট আন্দোলন তথা CPI(M) দল শক্তিশালী কৰাত তেওঁৰ উল্লেখযোগ্য ভূমিকা আছে। কমৰেড ৰয়ে বেছ কিছুবছৰ CPI(M) দলৰ কাছাৰ জিলাৰ সম্পাদক হিচাপে দায়িত্ব পালন কৰে। ১৯৯৪ চনৰ ৩০ অক্টোবৰ তাৰিখে কমৰেড গোপেন ৰয়ে শিলচৰত শেষ নিঃশ্বাস ত্যাগ কৰে।
স্বাধীনতাৰ ৭৫ বছৰৰ প্ৰাক‌্ ক্ষণত কমৰেড ৰয়ৰ ত্যাগ শ্ৰদ্ধাৰে সুৱঁৰিছোঁ।

14/06/2022

১৯২৮ চনৰ আজিৰ দিনটোত আৰ্জেন্টিনাৰ ৰ'জাৰিঅ' চহৰত বিংশ শতাব্দীৰ অন্যতম মহান বিপ্লৱী আৰ্ণেষ্ট' চে' গুৱেভাৰাৰ জন্ম হৈছিল। তেখেতৰ জন্মদিনত শ্ৰদ্ধাৰে সুৱঁৰিছোঁ।

Photos from CPI-M, Kamrup Metro's post 13/06/2022

গুৱাহাটীৰ ঠায়ে ঠায়ে গণ স্বাক্ষৰ অভিযান।

26/05/2022

বিকল্প সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবীত চিপিআই(এম) কামৰূপ মহানগৰ জিলাৰ উদ্যোগত প্ৰতিবাদ

24/05/2022

দাম বৃদ্ধি ৰোধ : বাওঁ বিকল্প

কোনে কয় মূল্যবৃদ্ধি ৰোধ কৰা অসম্ভৱ?
তলত দিয়া ১২ বিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যৰ তালিকাখন কেৰালাৰ বাওঁপন্থী চৰকাৰে নিয়ন্ত্ৰণ কৰা 'মাভেলী' দোকানৰ (আচলতে মুঠ বিতৰণ কৰা খাদ্য সামগ্ৰী১৩বিধ)। কোনো ৰেচন কাৰ্ড থকা ব্যক্তিয়ে এই 'মাভেলী' দোকানলৈ আহিলে বজাৰৰ মূল্যতকৈ ৭০ শতাংশ পৰ্যন্ত ৰেহাই দামত এই কেইপদ বস্তু ক্ৰয় কৰিব পাৰে।
উল্লেখ্য যে যোৱা দুটা বছৰত কেৰালা চৰকাৰে ৯০০০ কোটি টকাৰ ৰাজসাহায্য প্ৰদান কৰি সমগ্ৰ ৰাজ্যত ১৬৩০ খন 'মাভেলী' দোকান চলাই আছে। যোৱা ছয়টা বছৰত এক পইচাও মূল্যবৃদ্ধি নোহোৱাকৈ এই কেইপদ বস্তু জনসাধাৰণৰ মাজত দি থাকিব পৰা এই ব্যৱস্থাটোৱেই কেৰালা চৰকাৰে দেখুৱাই দিয়া- বাওঁ বিকল্প। যোৱা এপ্ৰিল মাহত প্ৰকাশিত ভাৰত চৰকাৰৰ তথ্য অনুসৰি আটাইতকৈ কম মুদ্ৰাস্ফীতি হোৱা ৰাজ্য হৈছে কেৰালা । যি সময়ত মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত ভাৰতৰ জাতীয় গঢ় হৈছে ৭.৭৯ %, তেনেসময়ত কেৰালাৰ গঢ় হৈছে ৫.০৮ %। আনহাতে মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত অসমৰ হাৰ হৈছে ৮.৪ %।

07/05/2022

আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি( মাৰ্ক্সবাদী), চমুকৈ চি পি আই(এম) দলে জনমুখী বিকল্প প্ৰতিষ্ঠাৰ সংগ্ৰামখন আগুৱাই নিয়াৰ বাবে সংকল্পবদ্ধ। এই দিশত আগুৱাই যোৱাৰ মূল ধন জনগণৰ অংশগ্ৰহণ আৰু সমৰ্থন। জনগণৰ সংগ্ৰাম আৰু সংগঠন আগবঢ়াই নিয়াৰ বাবে প্ৰয়োজন পুঁজিৰ। সেই উদ্দেশ্যে আজি সমগ্ৰ ৰাজ্যতে ৰাজ্যিক পুঁজি সংগ্ৰহৰ এক অভিযান গ্ৰহণ কৰা হৈছে। চি পি আই(এম) দলে বৃহৎ পুঁজিপতি ব্যৱসায়ী বা গোষ্ঠীৰ সাহায্য গ্ৰহণ নকৰে। বৰঞ্চ দেশৰ সাধৰণ ৰাইজৰ পৰাই পুঁজি সংগ্ৰহ কৰি সাংগঠনিক কাম-কাজ পৰিচালিত কৰে। এই উদ্দেশ্যে আমি আপোনাৰ কাষ চাপিছোঁ। আশা কৰিছোঁ নিজৰ সাধ্য অনুসৰি চি পি আই(এম)ৰ ৰাজ্যিক পুঁজিলৈ বৰঙণি আগবঢ়াই আপুনিও নতুন অসম গঢ়াৰ আমাৰ যাত্ৰাপথত সহযোগী হ'ব।

Photos from CPI-M, Kamrup Metro's post 06/05/2022

কালি কামৰূপ (ম:) জিলাৰ উদ্যোগত বয়বস্তুৰ দামবৃদ্ধিৰ প্ৰতিবাদত গুৱাহাটীত বিক্ষোভ প্ৰদৰ্শন কৰা হয়। CPI-M, Assam

05/05/2022

"এতিয়ালৈকে দেখা সকলাে সমাজৰে ইতিহাস হৈছে শ্ৰেণী সংগ্ৰামৰ ইতিহাস"

ঊনবিংশ শতিকাৰ শ্ৰেষ্ঠতম চিন্তাবিদ, বিপ্লৱী কাৰ্ল হেনৰিখ মাৰ্ক্সৰ ২০৪ সংখ্যক জন্মদিনত তেওঁলৈ শ্ৰদ্ধাঞ্জলি।

04/05/2022

কাইলৈ ৫ মে' তাৰিখে ১১.৩০ বজাত কামৰূপ মহানগৰ জিলা কমিটিৰ উদ্যোগত মূল্যবৃদ্ধিৰ প্ৰতিবাদত গুৱাহাটী ক্লাব ৰটাৰীত আন্দোলন।

21/04/2022

৪৪ নং ৱাৰ্ডৰ চিপিআই (এম) মনোনীত প্ৰাৰ্থী বীৰেন্দ্ৰ কুমাৰ শৰ্মাৰ হৈ কালি দিনৰ ভাগত হৈ যোৱা ৰোড শ্ব' ।

Videos (show all)

প্ৰেছ বিজ্ঞপ্তিকৃত্ৰিম বানপানীৰ পৰা মহানগৰবাসীক মুক্ত কৰকঃ মহানগৰ উন্নয়ন সমিতিমহানগৰৰ উন্মুক্ত নলাসমূহ অতিশীঘ্ৰে ঢাকনি দ...
আজি চি পি আই(এম)ৰ গুৱাহাটী কেন্দ্ৰীয় আঞ্চলিক কমিটিৰ উদ্যোগত দীঘলী পুখুৰীৰপাৰৰ পৰা হব লগা উৰণীয়া সেঁতুৰ কোনো নাগৰিকৰ সু...
গুৱাহাটী মহানগৰীৰ খোৱাপানী প্ৰকল্পৰ কাম অতিশীঘ্ৰে সম্পন্ন কৰক: চি পি আই (এম )              গুৱাহাটী মহানগৰীৰ পানী যোগান ...

Website