CPI-M, Kamrup Metro Videos

Videos by CPI-M, Kamrup Metro.

Other CPI-M, Kamrup Metro videos

প্ৰেছ বিজ্ঞপ্তি কৃত্ৰিম বানপানীৰ পৰা মহানগৰবাসীক মুক্ত কৰকঃ মহানগৰ উন্নয়ন সমিতি মহানগৰৰ উন্মুক্ত নলাসমূহ অতিশীঘ্ৰে ঢাকনি দিয়াৰ দাবীত জি এম ডি এৰ কাৰ্যালয়ত বিক্ষোভ ১৫ জুলাই, ২০২৪, গুৱাহাটীঃ আজি মহানগৰ উন্নয়ন সমিতি, গুৱাহাটীৰ উদ্যোগত মহানগৰখনৰ বিভিন্ন উন্নয়ন সমিতিৰ সহযোগত গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী সংগঠিত কৰা হয়। বিশেষকৈ কৃত্ৰিম বানপানীৰ পৰা মহানগৰবাসীক ৰক্ষা কৰাৰ বাবে বিজ্ঞানসন্মতভাৱে পানী নিষ্কাষনৰ ব্যৱস্থা কৰা (এই ক্ষেত্ৰত গুৱাহাটী আই আই টি, গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম ইঞ্জিনিয়াৰিং মহাবিদ্যালয়ৰ অভিজ্ঞ সমল ব্যক্তিসকলৰ লগতে গুৱাহাটীৰ উন্নয়নত দীৰ্ঘদিন ধৰি জৰিত থকা অভিজ্ঞ ব্যক্তিসকলৰ পৰা পদ্ধতিগতভাৱে পৰামৰ্শ গ্ৰহণ কৰক), মহানগৰৰ উন্মুক্ত নলাসমূহৰ ওপৰত শীঘ্ৰে ঢাকনি দিয়াৰ ব্যৱস্থা ক

আজি চি পি আই(এম)ৰ গুৱাহাটী কেন্দ্ৰীয় আঞ্চলিক কমিটিৰ উদ্যোগত দীঘলী পুখুৰীৰপাৰৰ পৰা হব লগা উৰণীয়া সেঁতুৰ কোনো নাগৰিকৰ সুৰক্ষা নোহোৱাকৈ নিৰ্মাণ কৰাৰ ফলত হোৱা অসুবিধাৰ সম্পৰ্কে এক প্ৰতিবাদী কাৰ্যসূচী লোৱা হয়।

গুৱাহাটী মহানগৰীৰ খোৱাপানী প্ৰকল্পৰ কাম অতিশীঘ্ৰে সম্পন্ন কৰক: চি পি আই (এম ) গুৱাহাটী মহানগৰীৰ পানী যোগান প্ৰকল্প অতিশীঘ্ৰে সম্পূৰ্ণ কৰি মহানগৰবাসীক বিশুদ্ধ খোৱা পানী যোগান ধৰা, বৰ্ধিত বিদ্যুৎ মাছুল আৰু পৌৰ কৰ বৃদ্ধি প্ৰত্যাহাৰ কৰা দাবী আদিকে ধৰি বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে আজি (১০ জুন) কেন্দ্ৰীয় গুৱাহাটী আঞ্চলিক কমিটি আৰু পানবজাৰ আঞ্চলিক কমিটীয়ে যৌথ ভাৱে এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।

জলবিস্ফোৰণ,গুৱাহাটী মহানগৰীত খোৱাপানীৰ নাটনি,বিদ্যুৎ মাচুল বৃদ্ধি সম্পৰ্কে চি পি আই(এম) কামৰূপ মহানগৰ জিলাৰ প্ৰতিক্ৰিয়া

বিকল্প সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবীত চিপিআই(এম) কামৰূপ মহানগৰ জিলাৰ উদ্যোগত প্ৰতিবাদ

৪৪ নং ৱাৰ্ডৰ চিপিআই (এম) মনোনীত প্ৰাৰ্থী বীৰেন্দ্ৰ কুমাৰ শৰ্মাৰ হৈ কালি দিনৰ ভাগত হৈ যোৱা ৰোড শ্ব' ।

পৌৰ নিগমৰ প্ৰচাৰৰ শেষৰ দিনা (২০ এপ্ৰিল ২০২২) তাৰিখে ৫২ নং ৱাৰ্ডৰ চিপিআই(এম) প্ৰাৰ্থী ভূপেন্দ্ৰ বৰ্মনৰ হৈ প্ৰচাৰ।