Dighirpar Raas Mahotsav

Dighirpar Raas Mahotsav

Dighirpar Raas Mohotsav is a yearly festival organized at Dighirpar, Mangaldai Darrang. This festiva

07/12/2023
Photos from Dighirpar Raas Mahotsav's post 07/12/2023

২০২৩ বৰ্ষৰ ৬৯ সংখ্যক দীঘিৰপাৰ শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ যোৱা নিশা ১২.০০ বজাত সফল সমাপ্তি হয়।যোৱা ২৬ নৱেম্বৰ ২০২৩ তাৰিখৰ পৰা ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা দৰং জিলাৰ গৌৰৱ তথা প্ৰথম ৰাস উৎসৱ ০৬ ডিচেম্বৰ ২০২৩ তাৰিখে নিশা তৰালী শৰ্মাৰ সংগীতানুষ্ঠানৰে সফল সমাপ্তি হয়। ৰাস মহোৎসৱৰ আটাইকেইটা দিনতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত হোৱা ভক্তি প্ৰাণ ৰাইজক উদযাপন সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনালোঁ। আপোনালোকে ৬৯ বছৰ গৰকা পবিত্ৰ হৰি মন্দিৰ আৰু ৰাস মহোৎসৱৰ প্ৰতি যি অকুণ্ঠ মৰম আৰু সহায় সহযোগীতা আগবঢ়ালে সঁচাই
উদযাপন সমিতি অভিভূত হৈছোঁ। আশা কৰোঁ অনাগত দিনবোৰত ও আপোনালোকৰ সহায় সহযোগীতাই শ্ৰী শ্ৰী হৰি মন্দিৰ আৰু শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ খনি সুন্দৰ হৈ জগত জিলিকি থাকক।

06/12/2023

৬৯ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ আজি সাংস্কৃতিক সন্ধিয়াত উপস্থিত ৰাইজৰ একাংশ ।

Photos from Dighirpar Raas Mahotsav's post 06/12/2023

তৰালী শৰ্মা বাইদেউ আমাৰ মাজত আহি উপস্থিত হৈছে। ক্ষণেক পিছতে তেওঁৰ সংগীতানুষ্ঠান আৰম্ভ হব।

Photos from Dighirpar Raas Mahotsav's post 06/12/2023

৬৯ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ আজি একাদশ দিনৰ সাংস্কৃতিক সন্ধিয়াত গীত পৰিবেশন কৰি উপস্থিত ৰাইজৰ মন মোহিত কৰে শিশু শিল্পী আশ্বাস আয়ুষ্মানে। আশ্বাসৰ এই সাংগীতিক যাত্ৰা সুন্দৰ হওঁক, দীঘিৰপাৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ ৬৯ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা বহুত বহুত মৰম আৰু শুভাশীস জনালোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।

06/12/2023

৬৯ সংখ্যক দীঘিৰপাৰ শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ আজি একাদশ তথা অন্তিম দিনৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ অসমৰ কোকিল কণ্ঠী গায়িকা, সংগীত পৰিচালক, জনপ্ৰিয় গায়িকা তৰালী শৰ্মা। যোৱা দহটা দিনত দৰং জিলাৰ গৌৰৱ তথা প্ৰথম ৰাস মহোৎসৱৰ আটাইবোৰ কায্যসূচিতে অসমৰ ভিন্ন প্ৰান্তৰ ভক্তি প্ৰাণ ৰাইজৰ সঁহাৰি দেখি ৰাসোৎসৱ উদযাপন সমিতিৰ লগতে হৰি মন্দিৰ পৰিচলনা সমিতি অভিভূত হৈছোঁ। আজিৰ এই সাংস্কতিক সন্ধিয়াত আপোনালোকৰ উপস্থিতি ৰাস মহোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰা হল।

06/12/2023

৬৯ সংখ্যক দীঘিৰপাৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ সম্পৰ্কীয় আজি ০৬/১২/২০২৩ তাৰিখ বুধবাৰে অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত বাতৰি।

Photos from Dighirpar Raas Mahotsav's post 05/12/2023

৬৯ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ সম্পৰ্কীয় বাতৰি ।

05/12/2023

নাগাৰা নাম উপভোগ কৰিবলৈ ভক্তি প্ৰাণ ৰাইজৰ আগ্ৰহ দেখি ৬৯ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতি অভিভূত হৈছোঁ।

05/12/2023

আজি নিশা ৮.৩০ বজাত নাগাৰা নাম প্ৰদৰ্শন কৰা হব। পাঠকদ্বয় মাননীয়া শ্ৰী উৰ্বশী ৰাজবংশী আৰু সংগীবৃন্দ, ৰামপুৰ, বেতলা, তামুলপুৰ অসম আৰু মাননীয়া শ্ৰী জিন্টি ডেকা আৰু সংগীবৃন্দ, নুনমাটি, গুৱাহাটী, অসম।সমূহ ভক্তি প্ৰাণ ৰাইজক নাগৰীৰা নাম উপভোগ কৰিবলৈ আহিবলৈ ৬৯ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতি তথা দীঘিৰপাৰ শ্ৰী শ্ৰী হৰি মন্দিৰ পৰিচলনা সমিতিৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰা হল।

Photos from Dighirpar Raas Mahotsav's post 05/12/2023

০৫ ডিচেম্বৰ ২০২৩ তাৰিখ মঙ্গলবাৰে ৰাতিপুৱা ১০.০০ বজাৰ পৰা দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই দিহা নাম প্ৰতিযোগিতা খন উদ্বোধন কৰে ডাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মনানীয়া শ্ৰী বন্তি দেৱী বাইদেৱে
উক্ত অনু্ঠানত উপস্থিত থাকে বি. টি.আৰ.ৰ কায্যবাহী সদস্য মাননীয় শ্ৰী দিগন্ত বৰুৱা ডাঙৰীয়া।

Photos from Dighirpar Raas Mahotsav's post 04/12/2023

আজি ০৪ ডিচেম্বৰ ২০২৩ তাৰিখ সোমবাৰৰ চনৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে ছিপাঝাৰ বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা দীঘিৰ পাৰ হৰি মন্দিৰ তথা শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ এজন শুভকাংক্ষী মাননীয় শ্ৰী বিনন্দ কুমাৰ শইকীয়া দেৱে। ভক্তি প্ৰাণ ৰাইজৰ উপস্থিতিৰে এই পবিত্ৰ ধৰ্মীয় অনুষ্ঠান খনি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সমূহ ধৰ্ম প্ৰাণ ৰাইজৰ ওচৰত ৬৯ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতি তথা দীঘিৰপাৰ শ্ৰী শ্ৰী হৰি মন্দিৰ পৰিচলনা সমিতি চিৰ কৃতজ্ঞ হৈ ৰম। অনাগত দিনবোৰত আপোনাসবৰ গঠন মূলক দিহা পৰামৰ্শ তথা সহায় সহযোগীতা আন্তৰিকতাৰে আশা ৰাখিলোঁ।

Photos from Dighirpar Raas Mahotsav's post 02/12/2023

"মুৰুলী " বাৰ্ষিক মুখপত্ৰ ৬৯ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ আৰু সনাতন ধৰ্মালোচনী সভা।

Photos from Dighirpar Raas Mahotsav's post 02/12/2023

৬৯ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱক এক অনন্য মাত্ৰা প্ৰদান কৰা "শ্ৰী শ্ৰী কৃষ্ণৰ পূৰ্ণাঙ্গ ৰাস লীলা "ত বিভিন্ন চৰিত্ৰত সাৱলীল অভিনয় কৰি ভক্তি প্ৰাণ ৰাইজক আপ্লুত কৰিবলৈ সক্ষম হোৱা বৃহত্তৰ অঞ্চলটোৰ প্ৰতি গৰাকী শিল্পীক ধন্যবাদৰ জনাইছোঁ। মাত্ৰ কেইখনমান স্থিৰ চিত্ৰ সাঁচি ৰাখিলোঁ।

Photos from Dighirpar Raas Mahotsav's post 01/12/2023

মহা ৰাসৰ শিল্পী সকলৰ একাংশ।

Photos from Dighirpar Raas Mahotsav's post 01/12/2023

৬৯ সংখ্যক দীঘিৰপাৰ শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ মৃন্ময় প্ৰতিমাৰ একাংশ।যোৱা বছৰ ২০২২ বৰ্ষৰ পৰা দীঘিৰপাৰ শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱত মৃন্ময় ৰাসৰ লগতে মানৱ ৰাস বা মহা ৰাসৰ আয়োজন কৰি অহা হৈছে। বৃহত্তৰ অঞ্চলটোৰ প্ৰায় চাৰি শতাধিক শিশু,লৰা - ছোৱালী আৰু জেষ্ঠ সকলক লৈ পূৰ্ণাঙ্গ শ্ৰী শ্ৰী কৃষ্ণ ৰাস লীলা প্ৰদৰ্শন কৰি এই ৰাস মহোৎসৱ খনৰ জৰিয়তে এক আধ্যাত্মিক বাতাবৰণ সৃষ্টি কৰাৰ উপৰিও সনাতন কৃষ্ণ সংস্কৃতিক উঠি অহা নব- প্ৰজন্মক চৰ্চা আৰু আগ্ৰহী কৰি তুলি সমাজ জীৱনত ইয়াৰ এটা শু -প্ৰভাৱ আশা কৰা হৈছে। অনাগত দিনবোৰত নিশ্বয় আপোনালোকৰ গঠন মূলক দিহা পৰামৰ্শ আৰু সহায় সহযোগীতাই আমাৰ প্ৰচেষ্টাক অন্য এক মাত্ৰা দিব। আপোনালোকৰ সহায় - সহযোগীতা সদায় কাম্য। দীঘিৰ পাৰ শ্ৰী শ্ৰী হৰি মন্দিৰ আৰু শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ উদযাপন আৰু সনাতন ধৰ্মালোচনী সভা জগত সভাত স্বকীয় বৈশিষ্ট্য আৰু গৰিমাৰে উজ্জ্বলি থাকক।

01/12/2023

শ্ৰী শ্ৰী কৃষ্ণৰ পূৰ্ণাঙ্গ ৰাস লীলা চাবলৈ দৰ্শকৰ ভিৰ, সঁচাই কৃতাৰ্থ হৈছোঁ ।

Photos from Dighirpar Raas Mahotsav's post 01/12/2023

৬৯ সংখ্যক দীঘিৰপাৰ শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ আজি ০১ ডিচেম্বৰ ২০২৩ তাৰিখ শুক্ৰ বাৰৰ বিশেষ আকৰ্ষণ " শ্ৰী শ্ৰী কৃষ্ণ পূৰ্ণাঙ্গ ৰাস লীলা " উপভোগ কৰিবলে সমবেত হোৱা অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তি প্ৰাণ ৰাইজৰ উপস্থিতিত ৰাস মহোৎসৱ উদযাপন সমিতি নথৈ আনন্দিত হৈছোঁ।।

Photos from Dighirpar Raas Mahotsav's post 29/11/2023

৬৯ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ ২৬ নৱেম্বৰ তাৰিখৰ পৰা ০৬ ডিচেম্বৰ২০২৩ লৈ চলিব।ৰাস মহোৎসৱৰ কিছু স্থিৰ চিত্ৰ একেলগে সাঁচি ৰাখিলোঁ।

27/11/2023

সন্ধিয়া ৬ বজাত নাৰায়নপুৰ লক্ষীমপুৰ বৰবায়ন বদলা পদ্ম আতা বৰবায়ন উপেন চন্দ্ৰ বৰুৱা দেৱৰ পৰিচালনাৰে মহাৰাস প্ৰদৰ্শন .... মহাৰাস উদ্ধোধন কৰিব মংগলদৈ লোকসভা সমষ্টি ৰ সাংসদ দিলীপ শইকীয়া দেৱে আৰু মুখ্য অতিথী হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ গৃহ নিৰ্মান , নগৰ উন্নয়ন আৰু জলসিন্সন মন্ত্রী অশোক সিংহাল ডাঙৰীয়া আৰু ছিপাঝাৰ বিধানসভা সমষ্টি ৰ বিধায়ক ড' পৰমানন্দ ৰাজবংশী ডাঙৰীয়া... যোৱাকালি বিশেষ জৰুৰী কাৰ্যসুচীত যাবলগা হোৱা বাবে মন্ত্রী ডাঙৰীয়া আজি ৬ বজাত আহিব.. সেয়েহে আজি দিন আৰু সন্ধিয়া ৰ সকলো কাৰ্যসুচীতে সমুহ ভক্তিপ্ৰান ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছো

Photos from Dighirpar Raas Mahotsav's post 26/11/2023

দীঘিৰপাৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ ৬৯ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ উদযাপন আৰু সনাতন ধৰ্মালোচনী সভাৰ আজি ইংৰাজী ২৬ নৱেম্বৰ ২০২৩ তাৰিখে হৰি মন্দিৰৰ পতাকা আৰু ধৰ্ম ধ্বজা উত্তোলন কায্যসূচী ৰূপায়ন কৰা হয়।হৰি মন্দিৰৰ পতাকা উত্তোলন কৰে হৰি মন্দিৰৰ সভাপতি মাননীয় হৰ নাথ বানিয়া দেৱে, ধৰ্মধ্বজা উত্তোলন কৰে ৰাস মহোৎসৱৰ সভাপতি মাননীয় Gurujyoti Das দেৱে, স্মৃতি তৰ্পণ কৰে হৰি মন্দিৰৰ কায্যকৰী সভাপতি মাননীয় গনেশ্বৰ বৈশ্য দেৱে।

Photos from Dighirpar Raas Mahotsav's post 25/11/2023

৬৯ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ প্ৰস্তুতি সম্পৰ্কে আজি এক সংবাদ মেল সম্বোধন কৰে ৰাস মহোৎসৱৰ সভাপতি মাননীয় Gurujyoti Das দেৱে,লগত উপস্থিত থাকে ৰাস মহোৎসৱৰ কায্যকৰী সভাপতি মাননীয় ধীৰেন্দ্ৰ ডেকা দেৱ , দীঘিৰ পাৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ কায্যকৰী সভাপতি মাননীয় গনেশ্বৰ বৈশ্য দেৱ, সম্পাদক মাননীয় খঙিধৰ ডেকা দেৱ লগতে ৰাস মহোৎসৱৰ সম্বনয়ক মাননীয় বিতোপন ডেকা দেৱকে ধৰি অন্যান্য কৰ্মকৰ্তা সকল। দৰং জিলাৰ গৌৰৱ এই ৰাস মহোৎসৱৰ সকলো কায্যসূচীতে ভক্তি প্ৰাণ ৰাইজৰ সহায় সহযোগীতা তথা উপস্থিতিৰে সাফল্যমন্দিত কৰিবলৈ ৰাস মহোৎসৱ উদযাপন সমিতি আৰু শ্ৰী শ্ৰী হৰি মন্দিৰ পৰিচলনা সমিতিৰ তৰফৰ পৰা আন্তৰিকতাৰে অনুৰোধ জনালোঁ।

Photos from Dighirpar Raas Mahotsav's post 25/11/2023

৬৯ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ প্ৰস্তুতি সম্পৰ্কে বুজ লবলৈ আজি ২৫/১১/২০২৩ তাৰিখে মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতি দেৱ সহিতে দৰং জিলা প্ৰশাসনৰ বিষয়া সকলে ৰাস মহোৎসৱ স্থলীত উপস্থিত হয়।

Photos from Dighirpar Raas Mahotsav's post 24/11/2023

৬৯ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সমাপ্ত হোৱাৰ দিশত। অহা ২৬ নৱেম্বৰ ২০২৩ তাৰিখে শুভ উদ্ধোধন অনুষ্ঠান লৈ সকলো ৰাইজৰ উপস্থিতি ৰাস মহোৎসৱ আৰু দীঘিৰ পাৰ হৰি মন্দিৰ পৰিচলনা সমিতিৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰা হল।

22/11/2023

৬৯ সংখ্যক দীঘিৰ পাৰ শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱত ২৮ আৰু ২৯ নৱেম্বৰ ২০২৩ তাৰিখে ৰুদ্ৰাক্ষ থিয়েটাৰৰ নাট প্ৰদৰ্শন কৰিব। নাট্য প্ৰেমী ৰাইজৰ উপস্হিতি কামনা কৰিলোঁ।

Photos from Dighirpar Raas Mahotsav's post 21/11/2023

৬৯ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে।

20/11/2023

মহা ৰাসৰ আখৰা।

15/11/2023

২৬ নবেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ ১১ দিনীয়া বৰ্নাঢ্য কাৰ্যসুচীৰে আয়োজন কৰা দীঘিৰপাৰ শ্ৰী শ্ৰী কৃষ্ণ ৰাসমহোৎসৱৰ অন্তিম দিনা সাংস্কৃতিক অনুষ্ঠানৰ ৰ বাবে সংগীত পৰিবেশন কৰিবলৈ আমন্ত্রন কৰা হৈছে বিশিষ্ট কন্ঠশিল্পী, সংগীতজ্ঞ তৰালী শৰ্মা বাইদেউক.. যোৱাকালি তেখেতৰ বাসভৱনত তেখেতক আমন্ত্রনী পত্র প্ৰদান কৰা হয়.....

13/11/2023

আজি ১৩/১১/২০২৩ তাৰিখ সোমবাৰে অসমীয়া দৈনিক বাতৰি কাকত " নিয়মীয়া বাৰ্তা" ত ৬৯ সংখ্যক দীঘিৰপাৰ ৰাস মহোৎসৱ সম্পৰ্কীয় বাতৰি।

Photos from Dighirpar Raas Mahotsav's post 11/11/2023

দীঘিৰ পৰ ৰাস মহোৎসৱ ২৬ নৱেম্বৰ ২০২৩ তাৰিখৰ পৰা শুভাৰম্ভ হব। ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হব লগীয়া অবিভক্ত দৰং জিলাৰ গৌৰৱ এই ৰাস মহোৎসৱ খনিয়ে ৬৯ বৰ্ষত ভৰি দিলে। ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত
। সেয়েহে অবিভক্ত দৰং জিলাৰ প্ৰথম ৰাস আৰু সমগ্ৰ জিলা বাসীৰ সকলোৰে গৌৰৱ দীঘিৰ পাৰ ৰাস মহোৎসৱত আপোনালোকৰ উপস্থিতি তথা দিহা - পৰামৰ্শ আন্তৰিকতাৰে ৰাস মহোৎসৱ উদযাপন আৰু হৰি মন্দিৰ পৰিচলনা সমিতিৰ তৰফৰ পৰা কামনা কৰিলোঁ।

09/11/2023

ৰাস মহোৎসৱ সম্পৰ্কীয় বাতৰি ০৯/১১/২০২৩ তাৰিখে প্ৰকাশিত হিন্দী বাতৰি কাকতত।

08/11/2023

মহা ৰাসৰ প্ৰস্তুতি

Want your establishment to be the top-listed Arts & Entertainment in Darrang?
Click here to claim your Sponsored Listing.

Videos (show all)

৬৯ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ আজি সাংস্কৃতিক সন্ধিয়াত উপস্থিত ৰাইজৰ একাংশ ।
নাগাৰা নাম উপভোগ কৰিবলৈ ভক্তি প্ৰাণ ৰাইজৰ আগ্ৰহ দেখি ৬৯ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতি অভিভূত হৈছোঁ।
শ্ৰী শ্ৰী কৃষ্ণৰ পূৰ্ণাঙ্গ ৰাস লীলা চাবলৈ দৰ্শকৰ ভিৰ, সঁচাই কৃতাৰ্থ হৈছোঁ ।
৬৯ সংখ্যক দীঘিৰ পাৰ শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱত ২৮ আৰু ২৯ নৱেম্বৰ ২০২৩ তাৰিখে ৰুদ্ৰাক্ষ থিয়েটাৰৰ নাট প্ৰদৰ্শন কৰিব। নাট...
মহা ৰাসৰ আখৰা।
মহা ৰাসৰ প্ৰস্তুতি
৬৯ সংখ্যক দীঘিৰপাৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ শ্ৰী শ্ৰী কৃষ্ণ ৰাসোৎসৱৰ এই বেলিও যোৱা বৰ্ষৰ দৰে মহা ৰাসৰ বিশাল আয়োজন কৰা হৈছে...
ৰাসোৎসৱত নাৰায়নপুৰ বদলা সত্রৰ বৰবায়ন উপেন্দ্ৰ চন্দ্ৰ বৰুৱা দেৱৰ পৰিচালনাৰে  আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা শ্ৰী কৃষ্ণৰ পুৰ্...

Category

Website

Address


Darrang
784144