Women Power Strengthening Forum, Assam

Women Power Strengthening Forum, Assam (WPSF, Assam).

In Assamese : মহিলা শক্তি সংবৰ্ধন ক্ষেত্ৰ, অসম

By the women, for the women, of the women – a commitment for women.

25/11/2022

বহুদিনৰ পিচত এইটো page খুলিব পাৰিলোঁ !! সকলো নিশ্চয় ভালে আছে !! ভালে থাকিব সদায় !! নিজকে ভালে ৰখাৰ চেষ্টা কৰিব !! নিজৰ সত্তাটো জীয়াই ৰাখিবলৈ যত্ন কৰিব !!

যিমানেই ভাল কৰিবলৈ চেষ্টা নকৰক কিয় লোকে দেখিব বেয়াটোৱেই !! সেয়া সমাজৰ নিয়ম !! সেয়ে মন আত্মাই দেখুৱাই দিয়া পথেৰে চলিবলৈ যত্ন কৰক ,,বিশ্বাস ৰাখক সকলো ভাল হ'ব !!

19/10/2022

দুটা বছৰ আকৌ বহু ঘাট প্ৰতিঘাতৰ মাজেৰে পাৰ হৈ গ'ল !! তথাপিও হাৰি যাব নোৱাৰোঁ !! আচলতে হাৰ মানিব নোৱাৰোঁ !! বহুতেই বাট চাই আছে !! মই হাৰিলে তেওঁলোকো হাৰি যাব !! সেইয়া মই কেনেকৈ হবলৈ দিব পাৰোঁ !!
এক আজন্ম যোদ্ধা হিচাবে আকৌ এবাৰ চেষ্টা কৰিম সেইসকল যোদ্ধাৰ কাষত থাকিবলৈ !!বহু আগতেই লিখা কথা অলপ আছে ,, পঢ়ি চাবচোন এবাৰ...

https://www.facebook.com/101042148090150/posts/157640075763690/

আজিৰ স্খলিত সমাজখনত এগৰাকী নাৰীৰ মান-মৰ্যাদা সুৰক্ষিত কৰি মহিলা গৰাকীক উত্তৰণৰ দিশে আগুৱাই নিবলৈ কেৱল মাথো উচ্চ শিক্ষা কিম্বা এটা চাকৰি যথেষ্ট নহয় । কিয়নো উচ্চ শিক্ষিতা মহিলা বা চাকৰি কিম্বা ব্যৱসায় কৰা মহিলা এগৰাকীও আজি ধৰ্ষিতা হৈছে। ঘৰতে হওঁক নাইবা পৰতে হওঁক; সকলোতে নানান অত্যাচাৰৰ সন্মুখীন হৈছে। এই কথা মই কোৱা নাই। তথ্যই ক'ব।

কিন্তু তাৰমানে জানো আমি হাত সাৱতি বহি থাকিম? নাথাকো। থকাতো অনুচিত। তেনেহ'লে আমি কৰিম কি ? আপুনি কি কৰিব সেই কথা মইনো কেনেকৈ ক'ম ! সেই কথা মই কোৱাৰ অধিকাৰেইবা ক'ত ! আপুনি কি কৰিব; কিদৰে আগবাঢ়িব সেয়াতো আপোনাৰ একান্ত ব্যক্তিগত কথা।

পিছে, মই আজি মুক্ত হৈ ওলাই আহিবলৈ কি কৰিছিলো সেই কথাখিনি মই ক'ব পাৰো।

জীৱনত আমাৰ প্ৰত্যেকৰে কিছুমান হেঁপাহ থাকে। আৰু বিভিন্ন কাৰণত সেইবোৰ সময়ৰ গতিত ক'ৰবাত হেৰাই যায় । কিন্তু তাৰ পিচতো এনে কিছুমান হেঁপাহ থাকে যিটো কাহানিও হেৰাই নাযায় । বৰঞ্চ সময়ৰ গতিত সেই হেঁপাহৰ মাত্ৰা ক্ৰমশঃ প্ৰৱল হৈ উঠে। আগ্নেয়গিৰিৰ লাভাৰ দৰেই প্ৰৱল আৰু সুদূৰ প্ৰসাৰী; যাক বিজ্ঞজনে জীৱন্ত বা #জলন্ত #হেঁপাহ বুলি কৈছে -- The ..প্ৰয়োজন মাথো তাক #চিনি পোৱাৰ, #বিচাৰি উলিওৱাৰ।

সেই জলন্ত Desire ৰ বাবে এগৰাকী নাৰীৰ অন্তৰ আত্মাই চিঞৰি উঠে; পৰিণতিত তেওঁৰ #মনস্তত্বত এক প্ৰচণ্ড শক্তিৰ উদ্ভাৱন ঘটে; যি শক্তিয়ে মহিলাগৰাকীৰ অন্তৰত প্ৰচুৰ #দাবী ( ) তুলে কঠোৰ #সিদ্ধান্ত ( ) গ্ৰহণৰ।

আৰু যেতিয়াই সেই গৰাকী নাৰী জলন্ত হেঁপাহৰ আহ্বানত উদগীৰণ হোৱা প্ৰচুৰ দাবীৰ তাড়নাত এক ব্যতিক্ৰমী সিদ্ধান্তত উপনিত হ'য়; তেতিয়াই তেওঁৰ সমস্ত শক্তি একাকাৰ হৈ পৰে আৰু তেওঁক জীৱনৰ গতিপথত অপাৰ #উদ্যমী ( ) কৰি গঢ়ি তুলে।

তাৰপিছত! তাৰপিছত, তেওঁ মুক্ত । তেওঁ স্বাধীন।

আপুনি ভাবেনে যে তেনে এগৰাকী নাৰীৰ কাষলৈ কোনোবা সহজে কাষ চাপি আহিব পাৰিব ?

Today I am here, because of these .

Desire
Demand
Decision
&
Determination

Please don't take these as 4 simple words only. Feel the message of the words. You will be the winner.

এনে মানসিকতাৰে কোনোবা যদি আগবঢ়ি আহিব খোজে; তেনেহ'লে আমাৰ Page ৰ Inbox ত Message কৰিব নতুবা [email protected] ত ই-মেইল কৰিব। মই, গীত কামৰূপা; আপোনালোকৰ সঁহাৰিৰ বাবে অপেক্ষা কৰিম।

ধন্যবাদ ।

গীত কামৰূপা
www.wpsfassam.org

10/08/2022

বহুত ভুল বুজাবুজি আৰু স্বাধীনতা হৰণৰ দৰে কিছুমান অকঠিত বিষয়ে কামবোৰ বহুখিনি পিছুৱাই দিছিল !! কিন্তু কিছু ধনাত্মক দৃষ্টিভংগীৰ ব্যক্তিৰ লগত হোৱা সফল ইতিবাচক সহাৰিয়ে মনোবল বঢ়াইছে !! আধাতে এৰি থোৱা কামবোৰ সমাপ্ত কৰিবলৈ চেষ্টা কৰিম এতিয়া !!

আগতেও বহুবাৰ কৈছোঁ যে নাৰীয়েই নাৰীৰ আটাইতকৈ বেছি শত্ৰু !! পুৰুষৰ তুলনাত এগৰাকী নাৰীয়ে আন এগৰাকী নাৰীৰ বেছি ক্ষতি সাধন কৰিব পাৰে !! কেতিয়াবা গাতে লাগি থাকি আৰু কেতিয়াবা দূৰৰ পৰাই !! আচলতে কোনো এগৰাকী নাৰীয়ে আন এগৰাকী নাৰীক শুদ্ধ বুলি নাভাবে !! এগৰাকী নাৰীয়ে যিয়েই নকৰক কিয় আন এগৰাকী নাৰীৰ সমালোচনাৰ পাত্ৰ হবই !!

কোনো কোনো ক্ষেত্ৰত সমাজে স্বীকৃতি প্ৰদান কৰাৰ পিছতো আন নাৰীৰ সমালোচনাৰ পাত্ৰ হয় নাৰী !! এনে বহু নাৰীৰ কথা মই কম এতিয়াৰ পৰা এই সামাজিক মাধ্যমৰ যোগেদি !!

মই আচলতে সকলো ধৰণৰ বিষয় বস্তুৰ পৰা আঁতৰি থাকিম বুলি সিদ্ধান্ত লৈছিলোঁ !! যোৱাকালি কেইগৰাকীমান মহিলাৰ সৈতে কথা পাতি কামবোৰ তেওঁলোককেই আগবঢ়াই নিবলৈ কওঁতে তেওঁলোক হতাশ হৈছিল !! প্ৰকৃততে তেওঁলোকে মোক হতাশাত ভুগি এনে সিদ্ধান্ত লোৱা বুলি ভাবিছিল !! সেইয়া শুদ্ধ নহয় !! WPSF ত নিজৰ সমস্যাৰ সমাধান বিচাৰি আহি WPSF কেই বদনাম কৰি থকা কিছু মহিলাৰ আজিৰ অৱস্থা তেওঁলোকে মোক দেখুৱাইছিল !! আৰু আছে এনে ধৰণৰ বহু কথা !!

আজি তেনেকুৱা কথাবোৰে কেৱল সেই মহিলাৰ নিজা চৰিত্ৰহে উপস্থাপন কৰে সমাজত !! তাৰে কিছুমান আকৌ শাসকীয় চৰকাৰ তথা দলৰ লগতো জড়িত !! আঁতৰি গৈ বদনাম কৰাতকৈ লগত থাকি ভুলটো কিয় দেখুৱাই দিব নোৱাৰিলে জানেনে ??? মই কম !! কিন্তু আপোনালোকেও যদি এই page ত মই দুবছৰ আগতে লিখা কিছু মহিলাৰ বিষয়ে পঢ়ি তেওঁলোকৰ আজিৰ অৱস্থা চাই নিজেই বুজিব !!

Women power strengthening forum ত এতিয়া বহু কাম কৰিবলৈ আছে !! শুদ্ধ সমালোচনা আমিও বিচাৰিম !! বাকী বদনামলৈ গীত কামৰূপাৰ ভয় নাই সেয়া আমাক চিনি পোৱা জনে জানে !! আমাৰ স্বাভিমানক অহংকাৰ আখ্যা বহুতেই দিলে !! আতঁৰিও গল বহুজন !! গীত কামৰূপা একেই স্থিতিত আজিও আছে !! আদৰ্শৰ ধ্বজা হাতত লৈ অসামাজিক ,, অসাধু আদর্শহীন কাম কৰাজনৰ এদিন ধ্বংস অনিবাৰ্য !!

Wpsf ত হোৱা ভাল বেয়া অভিজ্ঞতা বোৰ আলোচনা কৰিম আপোনালোকৰ লগত !! উপলব্ধিৰ পৰা এটাই মাত্ৰ কথা আজি কওঁ নাৰীৰ হৈ কাম কৰাটো অতি ভয়ংকৰ !! কিয়নো নিৰ্যাতিতাৰ অভিনয় খুব সুন্দৰকৈ উপস্থাপন কৰে নাৰীয়ে (সকলোকে কোৱা নাই ) !! আৰু সঁচাটো ওলাই পৰিলেই বদনাম !! এই ক্ষেত্ৰত খোজ দিওঁতেও সাৱধান !! খুব সাৱধান হৈ আমি আমাৰ বাকী থকা কামবোৰ কৰি যাম ,, ধন্যবাদ 🙏🙏🙏

08/03/2022

প্ৰতিগৰাকী নাৰীলৈ আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ !! এটা শক্তিশালী মন আৰু আত্মাৰ অধিকাৰী হওঁক সকলো !!

07/03/2022

আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাকক্ষণত কিছু নাৰীৰ আৰ্তনাদ শব্দৰে ....

নাৰীৰ অধিকাৰ আৰু কৰ্তব্য দুয়োটাই এগৰাকী নাৰীৰ বাবে গুৰুত্বপূৰ্ণ বিষয় !! এক কথাত কবলৈ গলে দুয়োটাই দুয়োটাৰ পৰিপূৰক !! এগৰাকী স্বাভিমানী তথা দায়িত্বশীল নাৰীক এই কথাটো বুজাই কোৱাৰ প্ৰয়োজন নাই !! কিন্তু এক মৰ্য্যদাপূৰ্ণ জীৱন ?? কথাই প্ৰতি অৰুচিকৰ শব্দই নাৰীৰ মৰ্য্যদা হানি কৰে যিটো আজিৰ সমাজত একেবাৰে সহজলভ্য হৈ উঠা দেখা গৈছে !! এটা সম্পৰ্ক বেয়া বা শেষ হোৱাৰ ক্ষেত্ৰত কেৱল যেন নাৰী গৰাকীহে দায়ী !! পুতৌ বিচাৰি অন্য নাৰীৰ ওচৰত চকুপানী উলিওৱা পুৰুষ জন মহান !! এটাৰ পিছত এটাকৈ মিছা কথাৰে এগৰাকী নাৰীক মানসিক ভাৱে অসুস্থ কৰি তোলা সেই পুৰুষবোৰে একেটা সময়তে দুগৰাকীকৈ নাৰীৰ সাধাৰণ অধিকাৰ সমূহ খৰ্ব কৰা নাইনে ??

নাৰীক দেৱীৰ ৰূপত পূজা কৰা সকলো চোন কেতিয়াবা অসুৰ যেনেই লাগে !! দেৱী দুৰ্গাক পূজা কৰা যেন সেই ৰাৱণ !! ইফালে দেৱীক পূজা আনফালে দেৱী সীতাক অপহৰণ !! কৰবাত ইতিহাসে আকৌ দ্বিতীয় বাৰৰ বাবে জনম লোৱা যেন নালাগেনে ??? ইমানবোৰ ঘটনাৰ পিছতো নাৰীক নিৰাপত্তা দিয়াৰ নামত কিবা এটা হৈছে নে ?? কোনোবাই অধিকাৰ বিচাৰি হাবাথুৰি খাইছে কোনোবাই আকৌ মৰ্য্যদা !! দেৱী বা মা আখ্যা দিয়া দেশ খনত এইবোৰ আশোভনীয় !!

কোনোবাই অনিষ্ট কৰিব বুলি অসংখ্য নীতি নিয়মৰ মাজত ( বোৰ্খা আদি ) পিন্ধাই ৰাখিও জানোঁ ৰক্ষা কৰিব পাৰিছে নিজৰ কন্যা সন্তানক ?? নিজৰ মোমায়েকেই দিল্লীত লৈ গৈ বিক্ৰী কৰি দিয়া নাইনে ডবকাৰ সেই এজনী জীয়ৰীক ?? মানৱ সৰবৰাহকাৰী ,, গ্ৰাহস্ত্য হিংসা,,ধৰ্ষণ ,,নিৰ্যাতন ,, হত্যা এই সকলোবোৰৰ পৰা উদ্ধাৰ নোহোৱাকৈ জানোঁ নাৰী দিৱস উদযাপন কৰিব পাৰি ???

Photos from Women Power Strengthening Forum, Assam's post 26/02/2022

মিনাক্ষী সিঙৰ অভিভাৱকৰ ফালৰ পৰা অহা এটা যোগাত্মক খবৰ আপোনালোকৰ বাবে আগবঢ়ালো !! আপোনালোকৰ মৰম আৰু আশীৰ্বাদে মিনাক্ষীক আগবাঢ়ি যোৱাত নিশ্চয়কৈ সহায় কৰিব !!!

মিনাক্ষীৰ যোগাযোগৰ বাবে -9090900722
.......................................................................

অসমৰ গুৱাহাটীৰ এগৰাকী 17 বছৰীয়া ছোৱালী মিনাক্ষী সিঙে 2019 চনৰ পৰা বিনামূলীয়া আত্মৰক্ষা প্ৰশিক্ষণ আৰু কন্যা ভ্ৰূণ হত্যাৰ বিষয়ে সজাগতাৰ জৰিয়তে ছোৱালীসকলক সৱলীকৰণ ৰখাৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আহিছে। তেওঁ "শক্তি" শীৰ্ষক মহিলা সুৰক্ষাসম্পৰ্কীয় এখন কিতাপ লিখিছিল যিখন অসমৰ মাননীয় ৰাজ্যপাল অধ্যাপক জগদীশ মুখীজীয়ে 1 এপ্ৰিল 2021 তাৰিখে গুৱাহাটীৰ ৰাজ ভৱনত মুকলি কৰিছিল। তেওঁ প্ৰতি শনিবাৰে আৰু দেওবাৰে পৰিচালনা কৰি অহা বিনামূলীয়া আত্মৰক্ষা প্ৰশিক্ষণ শ্ৰেণীৰ জৰিয়তে তেওঁৰ এলেকাত 1000 তকৈও অধিক ছোৱালীক প্ৰশিক্ষণ দিয়া হৈছে যাৰ উদ্দেশ্য হৈছে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ মিছন "বেটি বচাও - বেটি পঢ়াও"ৰ প্ৰচাৰ কৰা।
তাইৰ নাম বিশ্ব ৰেকৰ্ডৰ কিতাপ, লণ্ডন, ইউ.কে.-ত এজন কনিষ্ঠতম আত্মৰক্ষা প্ৰশিক্ষক হিচাপে 2020 চনত নামভৰ্তি কৰা হৈছিল।
ছোৱালীসকলক সৱলীকৰণ আৰু শিক্ষিত কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে ২০২০ চনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় শিক্ষা মন্ত্ৰীয়ে তেওঁক প্ৰশংসা কৰিছিল।
তেওঁ বহুতো ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ মাৰ্শাল আৰ্ট চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছিল।

26/02/2022

নাৰীৰ ওপৰত হোৱা সকলো ধৰণৰ অন্যায় অবিচাৰৰ বিৰুদ্ধে সদায় মাত মাতি আহিছোঁ !! কিন্তু অকলে কৈ থকা বাবে হয়তো মোৰ কথাবোৰ কাৰো কাণত গৈ পৰা নাছিল !! সেয়েহে ২০১৯ ত এই অন্যায় অবিচাৰ তথা নিৰ্যাতনৰ বিৰুদ্ধে একেলগে মাত মাতিবলৈ এখন মঞ্চ তৈয়াৰ কৰা হৈছিল !! কেইটামান দিন নিৰ্যাতিতা তথা ভুক্তভোগী মহিলা সকলৰ মাজত গৈ লগ দিবলৈ চেষ্টা কৰিছিলোঁহে ,, আকৌ আহিল সেই ভয়ানক মহামাৰী covid-19 বা ক'ৰণা ভাইৰাছ !!

তাতো ক্ষতি হল মহিলা সকলৰেই বেছি !! কিমান মহিলাক হত্যা কৰা হ'ল !! কিমানে আত্মহত্যাৰ দৰে ভয়ানক পথকেই বিচাৰি ললে !! তাৰ মাজত কিন্তু সকলো ধৰণৰ নিৰ্যাতনৰ মুখামুখি হৈয়ো বহুতেই জীয়াই থাকি সংগ্ৰাম কৰি যোৱাটোৱেই শ্ৰেষ্ঠ বুলি বিবেচনা কৰিলে !! নিজকে এগৰাকী যোদ্ধাৰ ৰূপত তুলি ধৰিলে !!

প্ৰতি গৰাকী নাৰীৰ প্ৰতি সন্মান জনাই wpsf য়ে আকৌ এবাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছে নাৰীৰ হৈ কাম কৰিবলৈ !! আপোনালোকৰো অনুভৱ বোৰ share কৰিব পাৰে wpsf ৰ লগত !! মনত ৰাখিব কেৱল এগৰাকী নাৰীয়েহে বুজি পায় অন্য এগৰাকী নাৰীৰ যন্ত্ৰণাবোৰ !! অৱশ্যে ভোগবাদী সমাজখনত কেৱল নিজৰ সুখ দুখক লৈ ব্যস্ত থকা মহিলাৰ সংখ্যাও কম নহয় !! আমি তেওঁলোকৰ কথা কোৱা নাই !!

যি নহওক আপোনালোকে আপোনালোকৰ দুখৰ কিছু ভাগ বতৰা আমাৰ লগতো কৰিব পাৰে !! হয়তো আপুনি অলপ সকাহ পাব পাৰে !! WhatsApp number এটা আছে page টোত ,, আপোনালোকে নিজৰ মনৰ কথাবোৰ কবলৈ !!!
লগতে আপোনালোক সকলোৰে সহায় সহযোগিতা আৰু উপদেশ আমাৰ সদায় কাম্য !!!

25/02/2022

GOAL AND DESIRE
Two different words ( লক্ষ্য আৰু আকাংক্ষা )

দুটা সম্পূৰ্ণ অন্য প্ৰকৃতিৰ শব্দ ,,প্ৰত্যেক ব্যক্তিৰ বাবে ইয়াৰ ব্যৱহাৰো বেলেগ ।। কিন্তু সাম্প্ৰতিক সময়ত এই দুয়োটা শব্দকে এইধৰণে একাকাৰ কৰি পেলোৱা হৈছে যে ই নতুন প্ৰজন্মক একপ্ৰকাৰ দিশহাৰা কৰি লৈ গৈ আছে ।। জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যক জীৱনৰ আশা আকাংক্ষা লৈ ৰূপান্তৰ কৰি প্ৰাকৃতিক জীৱন নিৰ্বাহ কৰাৰ সকলো পথ বন্ধ কৰি পেলোৱা হল ।। এটা বৈষয়িক জীৱন আৰম্ভ কৰাৰ পথত নতুন প্ৰজন্মক ঠেলা মাৰি দিয়া হয় মাতৃৰ বুকুৰ পিয়াঁহ খাই থকা সময়তে।।

"মোৰ জীৱনৰ লক্ষ্য "ৰ বিষয়ে ৰচনা লিখিব লগীয়া হোৱা সময়ত এই লক্ষ্য ব্যক্তিগত সুখৰ লগত সংগতি ৰাখি কেতিয়াও লিখিবলৈ দিয়া হোৱা নাছিল ।। এজন ব্যক্তি নিৰ্মানৰ উদ্দেশ্যলৈ এই পাঠ্যক্ৰম বোৰ অন্তৰ্গত কৰা হৈছিল পাঠ্যক্ৰমত ।। কিন্তু আছেনে সেই পাঠ্যক্ৰম আজিৰ প্ৰজন্মৰ কাৰণে বিদ্যালয় সমূহত ?? কেৱল বৈষয়িক চিন্তা ধাৰাৰে পৰিপূৰ্ণ আজিৰ নৱ প্ৰজন্ম ।। এই দোষ কৰবাত কিন্তু আমাৰ নিজৰেই ।।গাড়ী ঘোঁৰা ধন সম্পত্তিৰ দৌৰত সদায় নিজকে হেৰুৱাই পেলোৱা অভিভাৱক সকলে কেনেকৈ নিজৰ সন্তানক এক পুষ্টিকৰ মানসিক জীৱন ধাৰণৰ প্ৰণালী বা পথ দেখুৱাই দিব পাৰিব ?? ফলত আকৌ সেই দৌৰ ভৱিষ্যত প্ৰজন্মৰ ।। কি কৰিব কওঁক ?? আহি থকা দিনবোৰ সঁচাকৈয়ে আমাৰ সামাজিক জীৱনৰ বাবে সৰ্বগ্ৰাসী হৈ অহা নাইনে ?? মনত ৰখা উচিত আকাংক্ষা মানুহৰ ছয় ৰিপুৰ অন্যতম ।।আকাংক্ষা বা মায়াৰ কৱলত পৰি বহু সময়ত অনুচিত সিদ্ধান্ত লোৱা যায় ,, যাৰ পৰিণতি অতি ভয়ানক ।।

গোটেই জীৱন এটা উদ্দেশ্য লৈ কিছু ব্যক্তিয়ে কাম কৰি যায় ( আচলতে সেৱা কৰি যায় ) ,, কোনো ধৰণৰ স্বীকৃতি নিবিচৰাকৈ ।। কিন্তু তেনে লোকৰ সংখ্যা এশ জনৰ ভিতৰত মাত্ৰ দুজন মান হে হব ।। মোৰ জীৱনত এনে ব্যক্তিত্বৰ দুজন মান হে লগ পাইছোঁ ,, কিন্তু মই আশাবাদী তেওঁলোকৰ কামত বা সেৱা কাৰ্য্যত ।।ওচৰৰ পৰা নেদেখিলেও কিছুমান ব্যক্তিৰ অন্তৰ্নিহিত গুণবোৰ পৰ্যবেক্ষণত থাকে বহুতৰে ।। সেয়ে হয়তো নোবেল বঁটা লাভ কৰাৰ পিছতহে কৈলাশ সত্যাৰ্থীৰ নামটো আমি জানিব পাৰিছিলোঁ ।। তেনেদৰেই অৰণ্য মানৱ যাদৱ পায়েঙৰ কথাওঁ ।। তেন্তে মাত্ৰ কেইটামান বছৰতে বহু ধন সম্পত্তিৰ গৰাকী সৎ পথেৰে জানোঁ হব পাৰি ?? কথাবোৰ ভাৱিব লগীয়া ।।।

কেতিয়াবা কোনোবাই লিখা লিখনি ( post ) এটা তুমি ঠিক তোমাৰ বৰ্তমানৰ অৱস্থাৰ ওপৰত লিখা হৈছে বুলি তুমি ভাৱিব পাৰা ,, কিন্তু আচলতে সেইয়া নহয় ।।তুমি মাথোঁ সেই লিখনি টোত তোমাক স্থাপন কৰি লোৱা ।।এটা সৰু উপদেশ !! নিজকে আইনা খনৰ সমূহত তোমাৰ নিজৰ প্ৰতিবিম্বটো চোৱা ,,সত্যতা তোমাৰ সমুখত ধৰা দিব ।।

24/01/2022

প্ৰতিক্ৰিয়া বিচাৰি দুটামান ফোন আহিছিল মোৰ ফোনত !! " বাইদেউ !! ৰাজ্যৰ বিভিন্ন প্ৰান্ততেই মহিলা সকলৰ হৈছে কি ?? এই যে সন্তানক এৰি পৰ পুৰুষৰ লগত গুচি যায় !! তেওঁলোকৰ সন্তানৰ প্ৰতি মায়া মোহ নাই নেকি বাৰু ?? এগৰাকী নাৰীবাদী লেখিকা হিচাপে আপুনি কি ভাবে " ?? ইত্যাদি ইত্যাদি...

চাওক !! মই নাৰীবাদী হয় !! নাৰীৰ ওপৰত হোৱা কোনো ধৰণৰ নিৰ্যাতন মই সহ্য কৰিব নোৱাৰোঁ আৰু তাৰ ওপৰত মাত মাতি আহিছোঁ !! কিন্তু এই বিষয়টো সংবেদনশীল !!

এগৰাকী নাৰীয়ে সকলো ধৰণৰ দুখ কষ্ট বা নিৰ্যাতন মূৰ পাতি লয় কেৱল সন্তানৰ খাতিৰত !! পিতৃৰ অৱৰ্তমানত শাৰীৰিক শ্ৰম কৰিবলৈ ও দ্বিধাবোধ নকৰে !! সন্তানৰ বাবেও পিতৃতকৈ মাতৃৰ স্থান বহু ওপৰত !! তেনে ক্ষেত্ৰত এগৰাকী মাতৃয়ে কি কাৰণত এনে পদক্ষেপ লব লগীয়া হয় সেয়া মোৰ বাবে বোধগম্য নহয় !!

মোৰ নিজৰ ক্ষেত্ৰত বহুবাৰ এনেকুৱা হৈছে !! মাত্র তিনি বছৰ বয়সৰ জীয়ৰী জনীক এৰি মই দিল্লীত থাকিব লগীয়া হৈছিল কিছুদিন !! লৰাটো তেতিয়া আঠ বছৰীয়া !! এদিন দুদিন কৈ বহুদিন লাগি গৈছিল মোৰ !! দুটা সন্তান পিতৃৰ ওচৰত সুৰক্ষিত নাছিল !! পৰিয়ালৰ কাৰোবাৰ ঘৰত সিহঁত দুটাক থৈ দিছিল দেউতাকে !! কেতিয়াবা মামাকৰ ঘৰত কেতিয়াবা আকৌ খুড়াকৰ ঘৰত !! মই দূৰত থাকি বৰ অস্থিৰতাত ভুগিছিলোঁ !! সিহঁতে ফোন কৰিলেই মোক কৈছিল " মা আমাকো তোমাৰ লগত লৈ যোৱা !! ইয়াত আমি সদায় সদায় চবৰে মাৰ খাই থাকিব লাগে !! বহুত অত্যাচাৰ হৈছিল মোৰ সন্তান দুটাৰ ওপৰত !! ইয়াৰ কিছু কথা মই "আবু, আদালত আৰু তই " শীৰ্ষক গ্ৰন্থত লিখিছোঁ !! বাকী খিনি "আবু আদালত আৰু তই" ৰ দ্বিতীয় খণ্ডত আপোনালোকে পাব !! কেতিয়াবা কিবা কামৰ বাবে দুদিন ঘৰৰ পৰা দূৰত থাকিবলগা হলে মোৰ ছোৱালী জনীয়ে এতিয়াও টোপনি নাযায় !! এটা ভয় সোমাই গৈছে সিহঁতৰ মনত !!

মই সিহঁতক লৈ গৈছিলোঁ দিল্লীলৈ !! এটা বছৰ সিহঁত দুয়োটাৰ স্কুল miss হৈছিল !! বেছি কাপোৰ কানি লৈ নোযোৱাকৈ গুচি গৈছিল সিহঁত !! মাত্ৰ এটা গাৰু থকা মোৰ অকণমানি ৰূমটোত ডিচেম্বৰৰ ঠাণ্ডাত কেৱল এখন কম্বল লৈ আমি তিনিওটা পকাখনতেই শুইছিলোঁ !! গাৰুৰ অবিহনে মোৰ দুখন হাতত দুফালে দুটাই শুই যি আনন্দ পাইছিল সেইয়া আজিও মনত পৰিলে বুকু কঁপি উঠে !! কিমান অন্যায় হৈছিল সিহঁতক আনৰ হাতত এৰি থৈ যোৱাটো !! মোৰ সন্তান দুটাও মোৰ লগত সমানেই struggle কৰিছে !! আৰু জানোঁ মই সিহঁতক মইহীনতাৰ কষ্ট দিব পাৰিম !! মৃত্যুৰ কথা অৱশ্যে বেলেগ !!

কিন্তু যি সকল মহিলা নিজৰ সন্তানক কৰবাত এনেকৈ পেলাই থৈ অন্য পুৰুষৰ লগত নিজৰ সুখৰ বাবে গুচি যাব পাৰে ,, তাত গৈ সেই সুখ পায়নে ?? সন্তানলৈ মনত পৰি হৃদয় কঁপি নুঠে নে ?? অন্য এজন পুৰুষে সে মহিলা গৰাকীক প্ৰাপ্য সন্মান দিয়েনে ?? মহিলা গৰাকীয়ে নিজৰ আত্মসন্মান ৰক্ষা কৰিব পাৰে নে ?? এনে বহু মহিলাৰ হত্যা বা আত্মহত্যা ৰ বাতৰি এতিয়া আমাৰ বাবে সুলভ হৈ পৰা নাই নে ??

বাই ভনী সকল !! আপোনালোকে নিজেই এবাৰ বিচাৰ কৰি চাবচোন !! স্বামীৰ পৰা যদি অসুবিধা হৈছে বেলেগে থাকক ,, কিন্তু সন্তানক অনিশ্চিত ভৱিষ্যতলৈ ঠেলি নিদিব please !!!

24/01/2022

Happiness is available. Please help yourself to it . All of us have the capacity of transforming neutral feelings into pleasant,, very pleasant feelings that can last a long time . Practising meditation is to be aware of each feeling .

21/01/2022

মই ভাগৰি পৰা নাই ,, সাহস হেৰুৱাই পেলোৱাও নাই ।। জীৱনটো কেৱল যুঁজিয়েই আছোঁ ।। জীয়াই থকা দিন কেইটা কেৱল যুঁজিয়েই যাম ।।

আশ্ৰমৰ কথাবোৰ আকৌ জটিল হৈ পৰিছে ।। নাৰীৰ সুৰক্ষা আৰু আশ্ৰয়ক লৈ বাৰে বাৰে হেতালি খেলি থকাটো ভাল হোৱা নাই ।। কিন্তু কি কৰিব !! কিছুমান দুষ্টলোকৰ পৰিকল্পনাই তেনেকুৱা ।। কথাবোৰ যেন বান্ধ ভাঙি ওলাই আহিব বিচাৰিছে ।। সঁচাকৈ নাৰীৰ সন্মান আজি কাৰোবাৰ বাজীত শেষ হৈ যোৱাৰ উপক্ৰম হৈছে ।।

অকলে কিছু কাম কৰিবলৈ টান হৈ পৰিছে ।। সকলো ব্যস্ত ব্যক্তিগত সুখ দুখ লৈ ।। কাৰো চকুপানী কোনো দেখা পোৱা নাই যেন ।। বাৰে বাৰে কোনোবা নহয় কোনোবা এগৰাকী নাৰীক চৰিত্ৰহীন সজাই আছে সমাজ খনে ।। তাৰ পিছতো মাত নাই শক্তিশালী নাৰীকণ্ঠৰ ।। আত্মহত্যাৰ দৰে পথ বাছি লৈছে বহু নাৰীয়ে ।।

আমি আহ্বান জনাব বিচাৰিছো অসমৰ সমূহ নাৰীক !! আপোনালোকে সহযোগ কৰক ।। অন্ততঃ আপোনাৰ বাবে যদি কোনোবা এগৰাকী নাৰীৰ জীৱন ৰক্ষা পৰে আপুনি সুখী নহবনে ??

20/01/2022

তোমাৰ মনৰ শান্তিক সুৰক্ষা দিয়া.....................................................
(অন্য শব্দত কাকো তোমাৰ চিন্তা আৰু মনৰ শক্তিক চোৰ কৰিব নিদিবা )

মনত ৰাখিবা সীমাৰেখা বৰ্তাই ৰখাটো কাকো শাস্তি দিয়া নহয় ,, এইয়া মাথোঁ নিজক কুশলে ৰখা এক পদ্ধতি ।। তোমাৰ মানসিক আৰু শাৰীৰিক সুস্বাস্থ্যই তোমাৰ প্ৰথম কাম হোৱা উচিত সুখী আৰু সফলতাৰ বাবে ।।

Boundaries are a form of empowerment ,, strength ,, and way to align with your identity ,, desires ,, and where you stand stand in the world ..

যদি তুমি ভেটা ( boundaries ) বান্ধি নোলোৱা ,, তুমি যেন কাৰোবাক সংকেত পঠাই থাকা ,, যে তোমাক কি লাগে তুমি নাজানা ।। তুমি যি পোৱা তাকেই গ্ৰহণ কৰা আৰু তুমি কেতিয়াও নিজৰ বাবে একো কব নোৱাৰা হৈ যোৱা ।। তোমাৰ চিন্তা তোমাৰ ইচ্ছা বুলি একো কথাই নাথাকে ।।

আত্মসন্মানৰ সৈতে জীয়াই থাকিবলৈ তুমি সীমাৰেখা টানিবই লাগিব ।। এগৰাকী নাৰীৰ বাবে ইয়াতকৈ important আৰু একো নাই ।।

"Setting up a healthy boundaries to protect your peace"..

Another Hard Truth :- IF YOU KEEP GOING BACK TO THE SAME PEOPLE FOR THE SUPPORT ,, EXPECTING A DIFFERENT RESULT ,, YOU ARE GOING TO GET HURT. Don't inflict pain on yourself and blame others . You already know what you're going to get ..

20/01/2022

নমিতাৰ মা আৰু দেউতা ! আপোনালোক দুয়োজনলৈ আমাৰ কাতৰ আহ্বান ,, ছোৱালী জনীক support কৰক 🙏 !! এদিন নিশ্চয় আপোনালোকে তাইক লৈ গৌৰৱ অনুভৱ কৰিব !! তাইক আশীৰ্বাদ কৰক !! কিবা এটা কৰিবলৈ কেৱল আত্মবিশ্বাস ৰ প্ৰয়োজন ,, যিটো সকলোৰে তাত নাথাকে !! আৰু নমিতাৰ আত্মবিশ্বাস আছে ,, তাই কৰি দেখুৱাবই !! নমিতা we support you ...

https://fb.watch/aEBNwJXcMP/

19/01/2022

ভালে আছে চাগে সকলো !! আজিৰ পৰা আকৌ আৰম্ভণি কৰিলোঁ এটা নতুন অধ্যায়ৰ !! ২০২০ ৰ শেষৰ ফালে বিশ্ব জুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা ক'ৰোনা মহামাৰীৰ বাবেই স্তব্ধ হৈ পৰিছিল WPSF ৰ সকলো কাম কাজ !! আজিৰ পৰা WPSF ৰ কামবোৰ আকৌ আৰম্ভ কৰা হল !! আপোনালোকৰ সহায় সহযোগিতা আমাৰ বাবে আশীৰ্বাদ স্বৰূপ !! আমাৰ বাই ভনী সকলৰ ওচৰত যিকোনো পৰিস্থিতিতে লগ দিয়াৰ প্ৰতিশ্ৰুতিবদ্ধ আমি ( WPSF ) !! আপোনালোকেও আমাক আপোনালোকৰ অভিজ্ঞতাৰ বিষয়ে জনাব বুলি আমি বিশ্বাসী !!

এটা কথা কব বিচাৰিছোঁ ,, যোৱা চাৰিটা বছৰেই আমাৰ ৰাজ্য অসম মহিলাৰ বাবে অসুৰক্ষিত বুলি চিহ্নিত হৈ আহিছে !! বিষয়টো উদ্বেগজনক যদিও ইয়াৰ এটা যোগাত্মক দিশো আছে !! ২০১৬ ৰ পিছত মহিলাৰ ক্ষেত্ৰত হোৱা নিৰ্যাতন সমূহৰ বিপক্ষে মাত মাতিবলৈ সক্ষম হৈছে আমাৰ মহিলা সকল !! আগতে হয়তো এই ধৰণৰ অভিযোগ সমূহ থানাত বৰ বেছি গুৰুত্ব দিয়া হোৱা নাছিল !! এইয়া মোৰ মনলৈ অহা এটা ভাৱ হে দেই !! মই নিশ্চিত নহয় কথাটোত !! কিন্তু এটা কথা ঠিক যে আমাৰ মহিলা সকলে নিজৰ মন আত্মাৰ শক্তিক চিনি পাইছে !! সেইবাবেই ঘৰুৱা হিংসাই হওঁক বা অন্য কিবা নিৰ্যাতন ,,ইয়াৰ বিৰুদ্ধে মাত মাতিবলৈ সক্ষম হৈছে !! আৰু NCRB report বা অন্য report ত এই অভিযোগ সমূহৰ তালিকাৰ পৰাই স্থান বা পৰ্যায় সম্পৰ্কে কোৱা হয় !! ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্য সমূহৰ মহিলা সকলক এতিয়াও এই বিষয় সম্পৰ্কে চাগে সজাগ সচেতন কৰা হোৱা নাই !! অসমৰ মহিলা আজি যথেষ্ট সজাগ আৰু সচেতন !!

অভিনন্দন আপোনালোক আটাইলৈ !!!🙏🙏

20/12/2021

আজি বহুদিনৰ পিচত !!!

Photos from Women Power Strengthening Forum, Assam's post 01/04/2021

সঁচা অৰ্থত কবলৈ গলে আজিৰ দিনত কোনো ধৰণৰ সম্পৰ্কই বিশ্বাসযোগ্য নহয় ।। প্ৰায় এহেজাৰ মহিলাক লগ পোৱাৰ পিছত মই এইটো সিদ্ধান্তত আহিছো ।। এনে নহয় যে প্ৰত্যেক তো সম্পৰ্কত কেৱল পুৰুষ গৰাকীয়েই দোষী ।। বহু ক্ষেত্ৰত মহিলা সকলৰো ভুল থাকে ।। অতি আধুনিকতাৰ পিছত ঘুৰি বহুত মহিলা পথভ্ৰষ্ট হোৱাও দেখা যায় ।। বহুতে আত্মসংশোধন কৰি নিজকে এটা উদ্দেশ্যৰ বাবে ব্ৰতী কৰিব বিচাৰে ।।কিছুমানে পাৰে যদিও কিছুমানৰ বাবে বাধা হৈ পৰে পৰিয়াল আৰু সমাজখন ।।

নিজৰ স্বাৱলম্বিতাৰ বিষয়ে ভবাটো অতি প্ৰয়োজনীয় ,, কিন্তু তাৰ বাবে এটা সম্পৰ্ক কলুষিত কৰাটো কেতিয়াও গ্রহণযোগ্য নহয় ।। অৱশ্যে সেয়াও কৰবাত আমাৰে ভুল ।। কেইখনমান চাৰ্টিফিকেট ৰ বাবে কিতাপৰ শিক্ষাৰ পিছত দৌৰি দৌৰি জীৱনৰ বাবে লবলগীয়া শিক্ষা খিনি যে আজিৰ প্ৰজন্মক আমিয়েই দিব নোৱাৰিলোঁ ।।

সেইয়া যিয়েই নহওঁক কোনো এটা বিষয় আৰু আগুৱাই নিবলৈ যদি মন আৰু আত্মাই বাধা দিয়ে তেন্তে তাক শেষ কৰি পেলোৱাই উচিত ।। তেনে বিষদায়ক এখন দুৱাৰ বন্ধ কৰি কিছু সময় নিজক দিয়া উচিত ।। এৰিব নোৱাৰা বা কৰিব নোৱাৰা ভয় ভাৱটোক সেই নিৰ্দিষ্ট কামটো কৰিয়েই নিঃশেষ কৰিব লাগিব ।। মনত এটা ভয় ভাৱ লৈ জীয়াই থাকিবটো নোৱাৰি ।। কোনোবাই লোৱা এটা সিদ্ধান্তৰ বাবে যদি আন কাৰোবাৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্ন উত্থাপন হয় ।।

আপোনাৰ জীৱনতো কেৱল আপোনাৰ ।।নিজকে সুখী কৰাৰ সমান সুখ হয়তো আৰু নাই ।। নিজক বিচাৰক ,, নিজক বিচাৰি পোৱাৰ আনন্দই আপোনাক উৎফুল্লিত কৰিব আৰু তাৰ প্রেৰণাই আপোনাক আপোনাৰ লক্ষ্য পোৱাত সহায় কৰিব ।।এই লক্ষ্য হব পাৰে এক নতুন ইতিহাসৰ সূচনা ।।মাঁ কালীয়ে আপোনালোকক সহায় কৰক ।।

Photos from Women Power Strengthening Forum, Assam's post 28/03/2021

আটাইলৈ প্ৰাকৃতিক আৰু সুৰক্ষিত ফাকুৱা উৎসৱৰ সেৱা আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।। ফাকুৱা উৎসৱক বসন্তোৎসৱ বা হোলী বুলিও জনা যায় ।।ৰাধা ৰাণীৰ লগতে গোপিনী সবৰ লগত শ্ৰী কৃষ্ণই ইয়াক প্ৰেমৰ উৎসৱ হিচাবে পালন কৰিছিল ।।সকলো ধৰণৰ নেতিবাচক চিন্তাৰ পৰা আঁতৰি আহি সম্পূৰ্ণ ইতিবাচক দিশ এটাক আঁকোৱালি লৈ আজিৰ এই দিনটোৰ পৰাই এক নতুন চিন্তাৰে আগুৱাই যাবলৈ আপোনালোক আটাইকে মই আকৌ এবাৰ শুভেচ্ছা জনালোঁ ।।।
HAPPY HOLI...

24/03/2021

আজি বহুদিনৰ পৰাই দেখি আহিছো এগৰাকী অসমীয়া মহিলাই ৰাজনীতিৰ বাহিৰত থকা বুলি কৈয়ো ৰাজনীতিৰ কথাই কৈ আছে ।। অমুকক ভোট দিলে অমুক মুখ্যমন্ত্ৰী হব ।। জাতীয়তাবাদী শিবিৰৰ সকলক ভোট দিলে লাভ নহ'ব ।। অসমখন নষ্ট হ'ব বেয়া হ'ব ।। অমুক ৰাজনৈতিক দলটোত ভাল নেতাৰ অভাৱ ।। মুঠতে তেওঁৰ মতে সকলো বেয়া আৰু সকলোৱে অসমখন ধ্বংস কৰিব ।। কিন্তু তাৰ মাজতো এজন এক বিশেষ দলৰ ৰাজনৈতিক নেতাক তেওঁ কেতিয়াও বেয়া বুলি নকয় ,,কব নোৱাৰে ।। বেচেৰাৰ কাৰণে বেয়া লাগে বুলিও কয় মাজে মাজে ।। কিন্তু কিয় ??

যোৱা চাৰি পাঁচ বছৰৰ ভিতৰত কিমান গৰাকী মহিলা গৃহহীন হৈ বৰ্তমান কি কৰি আছে তেওঁ খবৰ ৰাখিছেনে ?? খবৰ ৰাখিছেনে সেই মাতৃ সকলৰ যাৰ মৰমৰ জীৱৰী ক কোনোবাই ধৰ্ষণ কৰি হত্যা কৰিলে ?? অসমৰ কিমান জীয়ৰী বোৱাৰী বেশ্যালয়ত বিক্ৰী কৰা হল ?? এগৰাকী মহিলা হৈ আন এগৰাকী মহিলাৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছেনে ??

প্ৰতিদিনে হত্যা ,ধৰ্ষণ ,লাভ জেহাদ ৰ ঘটনাবোৰ দেখা নাই তেওঁ ?? নে ইয়াতকৈ আৰু ভয়ংকৰ হোৱাটো বিচাৰিছে তেওঁ ?? কথাবোৰ ভাবিবলগীয়া ।।।

21/03/2021

মৰম ভালপোৱা বন্ধুত্ব বা মৰ্য্যদা সহকাৰে সম্পৰ্ক ৰক্ষা এইবোৰ যেন একো একোটা শব্দ হৈ ৰৈ গল ।।গল্প কবিতা বা অন্য কিবা লিখনিত ব্যৱহাৰ হোৱা একোটা শব্দ মাথোঁ ।।নহলে জানোঁ কোনোবাই প্ৰেমৰ সম্পৰ্ক স্থাপন কৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰিব পাৰে ?? ইমান আসুৰীক ভাবে ভালপোৱা জনৰ মাৰধৰ কৰি গোটেই গাত দাগ দিব পাৰে ?? নিজৰ দুখ কষ্টৰ কথা কৈ কাৰোবাক ব্লেকমেইল কৰিব পাৰে ??

সকলো মিছা জানে !! কেৱল নিজৰ আত্মাৰ শক্তিৰ ওপৰত বিশ্বাস ৰাখক ।। বন্দী জীৱন কাৰোয়ে কাম্য নহয় ।। এনে বহু মহিলাৰ জীৱনৰ কথা একগোট কৰি লিখি আছোঁ অন্য এখন গ্ৰন্থ ।।"আবু, আদালত আৰু তই " ৰ পিছৰ কথাবোৰ ।।

https://www.facebook.com/watch/?v=284627866358033

18/03/2021

এগৰাকী শিক্ষিতা স্বাৱলম্বী মহিলাৰ জীৱনটো যদি অশিক্ষিত সমাজৰ চাপ এইধৰণে পৰে তেন্তে কিবা কাৰণত পঢ়াশুনা আধাতে সামৰিবলগীয়া হোৱা মহিলাসকলৰ জীৱনবোৰ কিমান নিৰাপত্তাহীন এবাৰ ভাৱকচোন ।। হে মাঁ কালী ,, যুঁজিবলৈ শক্তি দিয়া আজিৰ নাৰী সকলক ।। যুঁজা হে নাৰী ,, কাকো হেয় প্ৰতিপন্ন কৰিবলৈ নহয় ,,নিজক প্ৰতিষ্ঠা কৰিবলৈ ।।

https://www.facebook.com/nalbaritime24/videos/240627167766758/

18/03/2021

ব্যক্তিগত কিছু অসুবিধাৰ কাৰণে বহুদিন একো লিখা নাছিলোঁ ।। কিছুদিন নাৰী সমাজৰ বিভিন্ন ক্ষেত্ৰত লিখা লিখনি বোৰ অধ্যয়ন কৰাৰো প্ৰয়োজন বোধ কৰিছিলোঁ ।।পৰিকল্পিত ভাৱে নাৰীসকলক ব্যৱহাৰ কৰি থকা বিভিন্ন ঘটনাই মনটো বিষাদেৰে ভৰাই তোলে ।। তথাপিও নাৰীসকল এইক্ষেত্ৰত নিমাত কিয় বুজিবলৈ মোৰো অলপ সময় লাগিল ।। জন্মৰ পিছতেই নাৰী সকলক জাপি দিয়া হয় কেতবোৰ মানসিক বোজা ,, তুমি এইটোহে ,, তুমি সেইটোহে বুলি ।। আনকি নাৰীশক্তিৰ ওপৰতো পুৰুষতান্ত্ৰিক পদ্ধতি অৱলম্বন কৰি নানান ধৰণৰ বন্দীত্বৰ শিকলি বান্ধি দিয়া হয় ।। নাৰীয়ে সকলো ধৰণৰ কাম কৰিব নোৱাৰে বুলি গণ্য কৰে এই পুৰুষ প্ৰধান বুলি ভবা সমাজখনে আৰু তাৰ প্ৰতিফলন ঘটে নাৰীসকলৰ মানসিক অৱস্থাত ।। যিকোনো এটা সম্পৰ্কত এবাৰ সোমোৱাৰ পিছত এগৰাকী নাৰীৰ ভৰি বান্ধি দিয়া হয় নেদেখা লোৰ শিকলিৰে ।। তুমি অমুকৰ জীয়ৰী , তুমি অমুকৰ বোৱাৰী ইত্যাদি কথাৰে শেষ কৰি পেলোৱা হয় এগৰাকী নাৰীৰ নাৰী হোৱাৰ স্বাভিমান ।।কাৰোবাৰ পত্নী বা মাতৃ হোৱাৰ পিছত সেই গৰাকী নাৰীয়ে বাৰু নিজক কত বিচাৰি পাব ?? কিছু মহিলা ই বিভিন্ন ক্ষেত্ৰত নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে যদিও ই এপাঁচি শাকত এটা জলকীয়াৰ দৰে ।।

আজি কেইবছৰমানৰ পৰা লগ পাই অহা বহু মহিলাৰ ব্যক্তিগত জীৱনৰ কথাবোৰ অনুভৱ কৰাৰ পিছত বহু কথাই কবলৈ মন যায় ,, কিন্তু কোনো মহিলাৰ ব্যক্তিগত সমস্যাৰ কথা মই কোৱাটো উচিত নহয় ,, কিন্তু তেওঁলোক নিজেই তো ওলাই আহিব লাগিব সমস্যা বোৰৰ পৰা ।।মই লগ পোৱা বা নোপোৱা সকলো মহিলাৰ (সঁচা অৰ্থত ) প্ৰতি মোৰ এটাই অনুৰোধ ,, ভয় নকৰিব ।। আপোনাৰ মানসিক শক্তি ৰ ওচৰত বাকীবোৰ দুষ্টশক্তিহে ।।এবাৰ যুঁজি চাওকচোন ।।

08/03/2021

প্ৰতিগৰাকী নাৰীকে আন্তৰাষ্ট্ৰীয় নাৰী দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

Photos from Geet Kamrupa's post 10/02/2021

দোষীয়ে শাস্তি পালে...

05/02/2021

Let's stand with Barasha and Nish*ta..

যোৰহাটৰ ক’ত চলিছে নগ্ন ভিডিঅ’ কলিং, দেহ ব্যৱসায়ৰ বৃহৎ চক্ৰ? একাংশ কিশোৰীক লিপ্ত কৰোৱা হৈছে দেহ 04/02/2021

আমি যেতিয়া কৈছিলো আমাৰ ওপৰত গোচৰ তৰি আমাক অপমান কৰিবলৈ চেষ্টা কৰিছিল একাংশই। পিচে এইবোৰ কি ?? এখনৰ পিচত আন এখন জিলাৰ কথাবোৰ স্পষ্টহৈ আহিছে যে...

https://www.facebook.com/245271419196981/posts/1712201532503955/

যোৰহাটৰ ক’ত চলিছে নগ্ন ভিডিঅ’ কলিং, দেহ ব্যৱসায়ৰ বৃহৎ চক্ৰ? একাংশ কিশোৰীক লিপ্ত কৰোৱা হৈছে দেহ বলীউদৰ চিনেমা অথবা ৱেব ছিৰিজৰ নিষিদ্ধ গলিত চলাৰ দৰে অনুৰূপ ব্যৱসায় চলি আছে যোৰহাট নগৰৰ সমীপতে।

02/02/2021

আমি যেতিয়া কৈছিলো তেতিয়া বহুতে আমাকেই অপমান কৰিবলৈ কুন্ঠাবোধ কৰা নাছিল। পিছে, তাৰ পিচৰ এটাৰ পাচত আন এটা তদ্ৰুপ বাতৰি বোৰে কি বুজাই??

30/01/2021

প্ৰসংগঃ " সৃষ্টিৰূপিনী মাঁ আদ্যশক্তি " আৰু "কৃষ্ণকালী"

এই জগতত শক্তিৰ ক্ৰীড়াৰ বাদে অন্য একোয়েই নাই ।। দৃশ্যই হওঁক বা অদৃশ্যই হওঁক সকলো বোৰ শক্তিৰ ক্ৰীড়াৰ দ্বাৰাই পৰিচালিত চিন্তা আৰু শক্তি এটা আনটোৰ পৰিপূৰক , চিন্তাৰ পৰাই শক্তি আৰু শক্তিৰ পৰাই চিন্তাৰ উৎপত্তি ।।

" স্মৃতিশক্তি বুদ্ধিশক্তি জ্ঞানশক্তি স্বৰূপিনী
প্ৰতিভা কল্পনাশক্তি যা চ তস্যৈ নমো নমঃ ।।"

শক্তি কেৱল যে সৃষ্টি কাৰ্য্যৰে কাৰণ এনে নহয় ,, মহাশক্তি মাঁ স্থিতি আৰু লয়ৰো কাৰণ বুলি পুৰাণাদি শাস্ত্ৰত উল্লেখ আছে -
" আদ্যা নাৰায়নী শক্তিঃ সৃষ্টি স্তিত‍্যন্তু কাৰিণী ।
কৰোমি চ ময়া সৃষ্টিং ময়া ব্ৰহ্মাদিপ দেৱতাঃ । ( ( ব্র. বৈ. পু )

গীতাত কোৱা হৈছে-
" প্ৰকৃতিংস্বাসবস্টাভ‍্য বিসৃজামি পুনঃ পুনঃ ।।"

শ্ৰীকৃষ্ণই কৈছে - মোৰ স্বকীয় প্ৰকৃতিক অধিষ্ঠান কৰি পুনঃ পুনঃ সৃষ্টি কৰি থাকোঁ ।। ইয়াত শ্ৰীকৃষ্ণৰ সৃষ্টিৰ নিমিত্ত কাৰণ আৰু প্ৰকৃতিক উপাদান কাৰণ আৰু সেই প্ৰকৃতি তেওঁৰেই সৃজনী শক্তি ।। ইয়াত প্ৰকৃতি শব্দই শক্তিকে বুজাইছে ,, শক্তি আৰু প্ৰকৃতি সমাৰ্থক শব্দ ।।

" কৃষ্ণস্তু ভগৱান স্বয়ম ।।"

অৰ্থাৎ শ্রীকৃষ্ণক পৰিপূৰ্ণ ভগৱান বুলি শ্ৰীমদ্ভাগবত শাস্ত্ৰত উল্লেখিত ।। পৰিপূৰ্ণ সৰ্বশক্তিমান যিজন তেৱেঁই ভগৱান ।। আনহাতে দেৱীসকলৰ বৰ্ণনা দিবলৈ গৈ কোৱা হৈছে -

"নাৰায়নী বিষ্ণু মায়া পূৰ্ণব্ৰহ্মস্বৰূপিনী ।।"
ইয়াত দেৱী দুৰ্গাক পূৰ্ণব্ৰহ্মস্বৰূপিনী নাৰায়নী বিষ্ণুমায়া ( বিষ্ণু শক্তি ) বুলি কোৱা হৈছে ।।

"ন্যায়ং আত্মা বল হীনেন লভ্যঃ"

উপনিষদৰ এই বাণীতো শক্তিহীনৰ পক্ষে আত্মজ্ঞান সম্ভৱ নহয় বুলিয়ে কৈছে ।। পৰম বৈষ্ণৱ শাস্ত্ৰ নাৰদ পঞ্চৰাত্ৰৰ শ্ৰুতিবিদ্যা সংবাদতো দেৱী দুৰ্গাক মহাবিষ্ণুৰ স্বৰূপ পৰমাশক্তি বুলি কোৱা হৈছে ।। তেঁওক জানিলেহে মহাবিষ্ণুক জানিব পাৰি ,, অৰ্থাৎ মহাশক্তিৰ জ্ঞান অবিহনে ভগৱৎ প্ৰাপ্তি সম্ভৱ নহয় ।। ঈশ্বৰ সৰ্বাত্মক ,আৰু তেওঁৰ এই সৰ্বাত্ম ৰূপ দেখুৱাবলৈ মায়াশক্তিৰ প্ৰয়োজন ,, আৰু এই মায়াশক্তিৰ মাধ্যমতে বহুৰূপ ধাৰণ কৰি জগত প্ৰপঞ্চৰূপে মহাবিষ্ণু প্ৰকাশিত হয় ।।

পুৰুষ আৰু প্ৰকৃতিৰ এনে বহু কথাই আছে যি আমাৰ জ্ঞাত নহয় ।। সাম্প্ৰতিক সময়ত বেদজ্ঞান তথা শাস্ত্ৰজ্ঞান লাভ কৰাৰো কোনো উপায় নাই ।। অধ্যয়নৰ সময়ত ছাত্ৰ ছাত্ৰীসকলক আন্দোলনৰ জ্ঞানহে দিয়া হৈ আছে ।। লগতে পুৰুষতান্ত্ৰিক সমাজখনত নাৰীৰ সন্মানৰ কথাবোৰ তল পৰি গৈছে ।। প্ৰকৃতি অবিহনে যে পুৰুষ শক্তিহীন এই কথা জানিলে হয়তো আজি আমাৰ ৰাজ্যখন নাৰী নিৰ্যাতনৰ ক্ষেত্ৰখনত প্ৰথম নহলহেঁতেন !!!

"অন্যত্ৰে বিৰলা দেৱী কামৰূপে গৃহে গৃহে " বুলি কোৱা কথাষাৰ আজি যেন বেঙ্গাত্মক দৃষ্টিত পৰিণত হৈছে ।।।

"কৃষ্ণকালী" এনে কিছু আধ্যাত্মিক কথাৰেই প্ৰতিফলক ।। প্ৰকৃতি আৰু পুৰুষ ।। শক্তি আৰু ভক্তি ।।।।

28/01/2021

১৮৯৪ ৰ পথৰুঘাটৰ ৰণ !! বৰ্ধিত খাজনা বা কৰ বৃদ্ধিৰ প্ৰতিবাদ কৰি ব্ৰিটিছৰ অপশাসনৰ বিৰুদ্ধে যিসকল অসমীয়া কৃষকে নিজৰ জীৱন ত্যাগেৰে ইতিহাস ৰচনা কৰি থৈ গল ,, সেইসকল মহান স্বাধীনতাসংগ্ৰামী কৃষকলৈ আজি ২৮ জানুৱাৰীত পালন কৰি অহা স্মৃতিদিৱস উপলক্ষে মোৰ সশ্ৰদ্ধ প্ৰণাম জনালোঁ ।। ১৪০ গৰাকী কৃষকৰ মৃত্যুৰ লগতে আহতো হৈছিল বহু কেইগৰাকী কৃষক ।। অসমৰ জালিয়ানাবাগ বুলি পৰিচিত এই পথৰুঘাটৰ ইতিহাস বিশ্বৰ সমগ্র কৃষকৰ বাবে এক সুকীয়া নিদৰ্শন হৈ ৰওক ।।

22/01/2021

জীৱনত প্ৰত্যাহ্বান সকলোৰে থাকে কম বেছি পৰিমাণে ,, কাৰোবাৰ কাৰণে যদি এই প্ৰত্যাহ্বান ধুমুহাৰ দৰে আহে কাৰোবাৰ বাবে আহে প্ৰচণ্ড ভাবে , ঠিক চুনামিৰ দৰেই ।। বিবেকৰ নিৰ্দেশত এক শক্তিশালী সত্তাৰে যুজঁ দিয়াতোয়েই এই সময়ত প্ৰয়োজন ।। জ্ঞানীসকলে কৈ গৈছে মন আৰু বিবেকৰ মাজত দ্বন্দ্ব হলে সদায় মনৰ কথামতে কাম কৰি যাব লাগে ।। কিন্তু যদি মনৰ কথা মতে কৰি থকাৰ পিছতো মানসিক অস্থিৰতা বাঢ়ি যায় তেন্তে কি কৰিব লাগে সেইয়া কোনেও কোৱা নাই ।।

কেইটামান দিন কেৱল আৰু কেৱল নিজৰ লগত কথা পাতিলেই ইয়াৰ উত্তৰ পোৱা যায় ।। বিবেকে আমাৰ মাৰ্গদৰ্শন কৰোৱাই ।। আৰু সেই মাৰ্গ ত চলিলেহে প্ৰকৃত লক্ষ্য পোৱা যায় ( এইয়া মোৰ একান্তই নিজৰ মনোভাৱ ) ।। NETFLIX ত এখন চিনেমা চালোঁ
" TRIBHANGA " ।। তিনিটা প্ৰজন্মৰ তিনি গৰাকী নাৰীৰ মনৰ অৱস্থাৰ ইমান ধুনীয়াকৈ উপস্থাপন কৰা হৈছে যে কৰবাত নিজৰ কথা যেনেই লাগিল ।।

সঁচাকৈয়ে মনে বিচৰা কামবোৰ কাৰোবাৰ ইচ্ছাত স্তব্ধ কৰিবলগীয়া হলে এজন ব্যক্তি মানসিক চাপৰ বলি হবলগীয়া হয় ,, বিশেষকৈ নাৰীসকলৰ কাৰণে ই অতি ক্ষতিকাৰক ।। যিমান সোনকালে পাৰি নিজক বন্দীশালৰ পৰা মুক্ত কৰিবলৈ চেষ্টা কৰা উচিত ।। কেতিয়াবা সেউজীয়াৰ মাজতো থাকে বিষাক্ত পোক ।। বনবননীৰ আঁচল উৰুৱাবলৈ দি যদি আকৌ পাখি দুখন কাটি দিয়ে ?? বৰ কষ্ট হয় নহয় জানোঁ ??

নিজে বিহু নাচিব নাজানিলে চোতাল খনকেই বেঁকা বুলি কোৱা বহুত মহিলাৰ কাৰণে আজি আন বহুত মহিলা নিৰ্যাতনৰ বলি হৈ আহিছে ইতিহাস সাক্ষী আছে ।। নাৰীয়েই নাৰীৰ শত্ৰু সকলোৱে জানে ,, কিন্তু নাৰী আৰু পুৰুষ একেলগে আন এগৰাকী নাৰীক কৰা নিৰ্যাতন কিমান ভয়াবহ হব পাৰে অনুমান কৰিব পাৰেনে ??

যন্ত্ৰণা সকলোৰে বাবে একে ,, ইতিকিং নকৰিব কেতিয়াও এগৰাকী মানসিক যন্ত্ৰণাৰে জৰ্জৰিত মহিলাক ,, মা কালীয়ে সকলো দেখি আছে আৰু তেওঁৰ বিচাৰ বেলেগ ধৰণৰ ।।

19/01/2021

ধৰ্ষণ, হিন্দুত্ববাদ, সীতাশ্ৰম, কৃষ্ণ-কালী আৰু অন্যান্য। কথাখিনি শুনিব বুলি আশা থাকিল।

https://www.facebook.com/assamskynews/videos/155677526357198/

Want your organization to be the top-listed Non Profit Organization in Gauhati?
Click here to claim your Sponsored Listing.

Women Power Strengthening Forum, Assam (WPSF, Assam). In Assamese : মহিলা শক্তি সংবৰ্ধন ক্ষেত্ৰ, অসম

MESSAGE FROM THE CHAIRMAN:

Greeting from Women Power Strengthening Forum, Assam which is popularly known as WPSF, Assam !

It is a humble initiative to work for certain target oriented women who are really in need of guidance and hand holding support in different aspects like Social, Mental, Psychological, Legal and Sustainable Livelihood Generation.

I am being a survivor of multiple incidents can understand and feel the pain and suffering of a victimized woman. I can understand their mental instability, loneliness and frequent behavioral changes.

Videos (show all)

#MaaKali
KHILAF a short film
Part (1) of exclusive interview of Geet Kamrupa at #AssamTalks
Abu Adalot aru Toi
#WPSFASSAM at #Hojai
AssamBudget2021
#InternationalWomenDay !
#InternationalWomenDay
#GeetKamrupa #WPSFASSAM

Telephone

Address

Gauhati
781019

Other Non-Governmental Organizations (NGOs) in Gauhati (show all)
Rotary Club of Guwahati Icons Rotary Club of Guwahati Icons
Rajgarh Road
Gauhati, 781005

Rotary is a global network of 1.4 million neighbors, friends, leaders, and problem-solvers who see a world where people unite and take action to create lasting change – across the ...

Hands For Humanity Hands For Humanity
Ganeash Mandir Path
Gauhati, 781022

Hands For Humanity is a Assam based charitable NGO founded by Saurav pran Mahanta in 2012, works towards quality healthcare, keeping in mind a positive impact on the environment. I...

People For Animals, Guwahati People For Animals, Guwahati
People For Animals Guwahati, Mahapurush Madhabdev Road, Bormotoria
Gauhati, 781037

People For Animals Guwahati is an NGO working for Street Animals in Guwahati.

LYDS Sanitization Service LYDS Sanitization Service
Panjabari, Bagharbari Satgaon Road
Gauhati, 781037

Do you have a plan to protect your staff, Customers and Building Occupants from the spread of illness ? Don't wait get Service today ! #Sanitize Your Home Today's #Call Now-070026...

AMDO AMDO
Gauhati

AMDO ( ASSAM MEALS DISTRIBUTION ORGANIZATION)

Animal Rescue Guwahati Animal Rescue Guwahati
Gauhati

We are group students who is trying to make a difference ANIMAL WELFARE in Guwahati. Account details

JJ Sparkling Stars, Guwahati JJ Sparkling Stars, Guwahati
Gauhati

This is a platform where you can explore yourself!

Umananda Foundation Umananda Foundation
Gauhati

অন্ত্যোদয় আমাৰ লক্ষ্য..... Our aim is to be reach to the last person of the society

Dakshin Kamrup Foundation Dakshin Kamrup Foundation
Goroimari Kalatoli Road
Gauhati, 781137

This page is made by the friends circle of Brahmaputra River South Bank. Specially work for communit

Darul Uloom Dakshin kamrup Darul Uloom Dakshin kamrup
Choutara . Ghoramara
Gauhati, 781137

hafizi,aur kharezi shakha ki bhi talim hoti hy , sath sath English language bhi sikhaya jata hy

National Human Rights Organisation, Assam National Human Rights Organisation, Assam
Panjabari
Gauhati, 781037

Human rights organisations should be addressed as an indivisible body, including civil, political, social, economic, cultural, and collective rights. We hold these truths to be sel...