Shangkhadhwani Samajik Sanskritik Mancha

Shangkhadhwani Samajik Sanskritik Mancha a cultural form, works for the upliftment of different cult

Photos from Shangkhadhwani Samajik Sanskritik Mancha's post 05/12/2023

সামাজিক কৰ্তব্য,,,,
শঙ্খধ্বনিৰ যুটীয়া সম্পাদিকা বন্তি তামুলী বুঢ়াগোঁহাইৰ পিতৃ তথা সাধাৰণ সদস্যা মঞ্জুমা তামুলীৰ শহুৰ পদ্ম তামুলীৰ দেহাবসানত এষাৰি সমবেদনাৰ মাত দিবলৈ আমি একাংশ যোৱাকালি তেওঁলোকৰ ঘৰত উপস্থিত হৈছিলো ।

Photos from Shangkhadhwani Samajik Sanskritik Mancha's post 06/11/2023

যোৱাকালি, ৫ নবেম্বৰ ২০২৩ ত আমাৰ মাহেকীয়া সাধাৰণ বৈঠকখন অনুষ্ঠিত হৈ যায় । বিশ্ব বিশ্ৰুত সংগীত শিল্পী সুধাকণ্ঠ ড* ভূপেন হাজৰিকাদেৱৰ দ্বাদশ মৃত্যু তিথিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা বৈঠকখনত শিল্পীগৰাকীক শঙ্খধ্বনিৰ প্ৰতিগৰাকী সদস্যাই শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । ইয়াৰ লগতে অনুষ্ঠানত ভূপেন হাজৰিকাদেৱৰ গীত-মাত, কবিতা আদি পৰিবেশন কৰা হয় । বৈঠকত শঙ্খধ্বনিয়ে অলপতে মঞ্চস্থ কৰা 'সৰবজান' নাটকৰ পুঙ্খানুপুঙ্খ বিশ্লেষণ কৰে আৰু পৰৱৰ্তী সময়ত সদস্যাসকলৰ দ্বাৰা এখনি ভাওনা অনুষ্ঠিত কৰাৰ কথা আলোচনা কৰে ।

03/11/2023

'শঙ্খধ্বনি'ৰ সদস্যাৰ আজৰি সময়ৰ সংগীত চৰ্চা,,,
বাওঁফালৰ পৰা ক্ৰমে মুখ্য সম্পাদিকা সংগীতা দত্তবৰুৱা, সভানেত্ৰী ৰঞ্জু নেওগ, সদস্যা সাধনা দাস, যুটীয়া সম্পাদিকা বন্তি তামূলী বুঢ়াগোঁহাই আৰু সদস্যা মীৰা ভট্টাচাৰ্য্য ।

30/10/2023

শঙ্খধ্বনিৰ সদস্যা কণিকা শৰ্মা আৰু প্ৰভা ডেকাই লোকগীত পৰিবেশন কৰিছে ,,,,❤️

28/10/2023

কাহিলিপাৰাৰ জনকপুৰত বিজয়া দশমী তিথিৰ দিনা 'শঙ্খধ্বনি'ৰ মহিলাসকলে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ মূল সাধুকথা "সৰবজান"ৰ নাট্যৰূপ মঞ্চস্থ কৰে । সাধুটিৰ নাট্যৰূপ দিয়ে শঙ্খধ্বনিৰ সভানেত্ৰী ৰঞ্জু নেওগে ।
নাটখনিত মূল নাম ভূমিকাত অভিনয় কৰে--- জুনু ৰাজখোৱা আহমেদে । বাকী অন্যান্য চৰিত্ৰসমূহ ৰূপায়ণ কৰে--
সৰবজানৰ পত্নী ভেৰভেৰি--- মঞ্জু কলিতা,
গৰু বিচাৰি অহা নদাই--- কানন বৰদলৈ
ৰজা---- বীনা ৰাজখোৱা
মাদৈ----মীনাক্ষি ভঁৰালী
হাদৈ-----দীপিকা খাউণ্ড
লিগিৰি---মীৰা ভট্টাচাৰ্য্য
টেকেলা---স্বপ্না বৰগোঁহাই আৰু কল্পনা বৰগোঁহাই।
গাঁৱৰ মহিলা---বন্তি তামূলী বুঢ়াগোঁহাই, উৎপলা বৰা আৰু মৌচুমী ভট্টাচাৰ্য্য বৰুৱা ।

নাটখনিৰ প্ৰথম দৃশ্যাংশ------👇🏽

Photos from Shangkhadhwani Samajik Sanskritik Mancha's post 26/10/2023

যোৱা ২৪-১০-২৩ তাৰিখ, দশমী পূজাৰ দিনা সন্ধিয়া কাহিলিপাৰা জনকপুৰৰ সাৰ্বজনীন দুৰ্গাপূজা থলীত শঙ্খধ্বনি মঞ্চই এখনি নাটক মঞ্চস্থ কৰে । ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বিখ্যাত "সৰবজান" সাধুটিকে খুহুতীয়াকৈ নাট্যৰূপ দিয়াৰ এক প্ৰচেষ্টা চলাইছিলো । শঙ্খধ্বনিৰ সদস্যাসকলে বৰ সুন্দৰকৈ নাটখন পৰিবেশন কৰি দৰ্শকৰ মন জয় কৰিবলৈ সমৰ্থ হয় । তাৰে কিছু সোণসেৰীয়া মূহুৰ্তৰ ছবি আপোনালোকলৈ আগবঢ়ালো ।

10/09/2023

শঙ্খধ্বনিৰ দুগৰাকী সক্ৰিয় সদস্যা কণিকা শৰ্মা আৰু প্ৰভা ডেকাই সুধাকণ্ঠ ড: ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰা পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীত এটি বৰ সুন্দৰকৈ পৰিবেশন কৰিছে, এবাৰ শুনিবচোন । ❤️

Photos from Shangkhadhwani Samajik Sanskritik Mancha's post 18/07/2023

🌹🌹🌹যোৱা ১৬ জুলাই ২০২৩ তাৰিখ দেওবাৰে গুৱাহাটীৰ কাহিলিপাৰাৰ অগ্ৰণী মহিলা অনুষ্ঠান
'শংখধবনি সামাজিক-সাংস্কৃতিক মঞ্চ'ৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে অসম ভিত্তিত 'বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ গীত আৰু নৃত্যৰ এলানি প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । অনুষ্ঠানটিত অসমৰ বিভিন্ন ঠাইৰ পৰা শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ী হোৱা সকল হ'ল,,,,
ক শাখা ,,, প্ৰথম নীৰজ আৰ শৰ্মা, দ্বিতীয় শ্ৰুতি মাধুৰ্য্য, তৃতীয় পৰী বৰুৱা । উদগণিমূলক বঁটা শ্বাস্বত দত্ত আৰু মুনমী দেৱী ।

খ শাখা,,,, প্ৰথম উপাসনা বৰ্মন, দ্বিতীয় বনবিৰিণা বৰদলৈ, তৃতীয় প্ৰিয়াক্ষী বৰ্মন । উদগণি বঁটা,,,ক্ৰমে বৃষা ভৰদ্বাজ আৰু গুণগুণ কাশ্যপ ।

গ শাখা,,,,, প্ৰস্তুতি হাজৰিকা, দ্বিতীয় প্ৰতীক্ষা পাঠক, তৃতীয় দিয়াক্ষী দত্ত । উদগণি বঁটা,,,পাঞ্চুৰিকা প্ৰিয়দৰ্শিনী আৰু ত্ৰিদিষ্ণা বৰা ।

বিষ্ণুৰাভা গীতৰ আধাৰত অনুষ্ঠিত নৃত্য প্ৰতিযোগীতাৰ বিজয়ীসকল হ'ল,,,,
প্ৰথম খুছী মজুমদাৰ ।‌ দ্বিতীয় মেঘাশ্ৰী দুৱৰা, তৃতীয় গীতাশ্ৰী বৰা। উদগণি বঁটা,,, কৰিস্মা কলিতা আৰু কভিষা মহন্ত ।

বিজয়ী প্ৰতিযোগীসকলক 'শঙ্খধ্বনি'ৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰা হ'ল ।
🌹🌹অনুষ্ঠানতে বিশিষ্ট সত্ৰীয়া নৃত্য শিল্পী ‌‌তথা সত্ৰীয়া সংস্কৃতিৰ গুৰু, সঙ্গীত নাটক একাডেমীৰ বঁটা প্ৰাপক‌ শ্ৰী‌যুতা ৰঞ্জুমনি শইকীয়াক "শংখধ্বনি সন্মান" প্ৰদান কৰা হয়। অনুষ্ঠানৰ কিছু দৃশ্যাংশ এনেদৰেই ফেচবুকত সাঁচি ৰাখিলো ।

28/06/2023

' #শঙ্খধ্বনি_সামাজিক_সাংস্কৃতিক_মঞ্চই অহা ১৬ জুলাই, দেওবাৰে অসম ভিত্তিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীত আৰু নৃত্যৰ এলানি প্ৰতিযোগিতাৰ আয়োজন কৰিছে । প্ৰাইজমাণি সম্বলিত এই প্ৰতিযোগিতাখনি গুৱাহাটীৰ কাহিলিপাৰাৰ জ্যোতিচিত্ৰবন প্ৰাঙ্গণত অনুষ্ঠিত হ'ব । প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ তলত উল্লেখ কৰা হ'ল----

১) গীতৰ বাবে তিনিটাকৈ শাখা থাকিব ।

ক শাখা--পঞ্চম শ্ৰেণীলৈ (তলত শ্ৰেণীৰ সীমা নাই ।)
খ শাখা---ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ ।
গ শাখা--- দশম শ্ৰেণীৰ পৰা স্নাতক তৃতীয় বৰ্ষলৈ ।

২) নৃত্যৰ বাবে শাখা এটা ।
বয়সৰ সীমা---সপ্তম শ্ৰেণীলৈ (তলত শ্ৰেণীৰ সীমা নাই) ।

৩) গীতৰ প্ৰতিযোগীসকলে বিষ্ণু ৰাভাদেৱৰ ৰচিত আৰু সুৰাৰোপিত যিকোনো এটি গীতৰ স্থায়ীৰ লগতে এটি মাত্ৰ অন্তৰা গাব লাগিব ।
নৃত্যৰ প্ৰতিযোগীসকলেও স্থায়ীৰ লগত এটি মাত্ৰ অন্তৰালৈকে নাচিব লাগিব ।

৪) ভৰ্তি মাচুল--- প্ৰতিজনৰ ৫০০/- টকা ।

৫) গীতৰ প্ৰতিযোগিতাত তিনিবিধতকৈ অধিক বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব ।

৬) আয়োজকৰ তৰফৰ পৰা তিনিজন বাদ্যযন্ত্ৰীৰ ব্যৱস্থা থাকিব । ইচ্ছা কৰিলে প্ৰতিযোগীসকলে নিজাববীয়াকৈও বাদ্যযন্ত্ৰী ল'ব পাৰিব, কিন্তু তাৰ বাবে যোগদানৰ মাচুল ৰেহাই দিয়া নহ'ব ।

৬) প্ৰতিযোগিতা পুৱা ৯ বজাৰ পৰা আৰম্ভ হ'ব ।

৭) প্ৰতিযোগীসকলৰ সাজ-পোছাক মাৰ্জিত হ'ব লাগিব ।

৮)প্ৰতিযোগী তথা অভিভাৱকসকলে যিকোনো কাৰণতে পৰিবেশ বিনষ্ট কৰিব নোৱাৰিব ।

৯) ফলাফলৰ ক্ষেত্ৰত বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত বুলি গণ্য কৰা হ'ব ।

প্ৰতিযোগিতাৰ অন্তত সেইদিনাই ফলাফল ঘোষণা আৰু পুৰস্কাৰ বিতৰণ কৰা হ'ব । সকলো প্ৰতিযোগীকে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হ'ব । বিজয়ীসকলক মানপত্ৰৰ লগতে নগদ টকা আৰু ট্ৰফী প্ৰদান কৰা হ'ব ।

Photos from Shangkhadhwani Samajik Sanskritik Mancha's post 26/06/2023

'শঙ্খধ্বনি'ৰ জ্যেষ্ঠ সদস্যা শ্ৰীযুতা কবিতা হাজৰিকাৰ ঘৰত যোৱা ২৩-৬-২০২৩ ত কাৰ্য্যকৰী বৈঠকখন অনুষ্ঠিত হৈ যায় । বৈঠকত মুখ্যতঃ অহা ১৬ জুলাইত জ্যোতি চিত্ৰবনত পাতিবলগা বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীত আৰু নৃত্যৰ প্ৰাইজমাণি প্ৰতিযোগিতাখনৰ কামৰ অগ্ৰগতিৰ খতিয়ান লোৱা হয় । বৈঠকত সকলো সদস্যাই সদৌ অসমভিত্তিত আয়োজিত এই প্ৰতিযোগিতাখনি সুচাৰুৰূপে চলাই নিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয় । ইতিমধ্যে প্ৰচাৰৰ দায়িত্বত থকাসকলে বেনাৰ বনোৱা, চিঠি চপোৱা ইত্যাদি কামত অগ্ৰসৰ হৈছেই । বাকী কামসমূহো একেদৰেই আগুৱাই নিবলৈ সকলো সদস্যাক সভানেত্ৰী আৰু মুখ্য সম্পাদিকাই আহ্বান জনায় ।

Photos from Shangkhadhwani Samajik Sanskritik Mancha's post 23/05/2023

যোৱা ৭-৫-২০২৩ তাৰিখ দেওবাৰে 'শঙ্খধ্বনি সামাজিক-সাংস্কৃতিক মঞ্চ'ৰ মাহেকীয়া কাৰ্য্যকৰী বৈঠকখন অনুষ্ঠিত হৈ যায় । মঞ্চৰ জ্যেষ্ঠ সদস্যা তথা উপদেষ্টা শ্ৰীযুতা অৰুণা গোস্বামী বাইদেউৰ ঘৰত অনুষ্ঠিত কৰা বৈঠকখনত মূলতঃ অহা জুলাই মাহৰ ১৬ তাৰিখে পাতিবলগা কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ গীতৰ প্ৰাইজমাণি প্ৰতিযোগিতাখনিৰ বিষয়েই আলোচনা কৰা হয় । সকলোৰে সিদ্ধান্তমৰ্মে প্ৰতিবছৰে পাতি অহাৰ দৰেই এইবাৰো জ্যোতি চিত্ৰবনৰ ৰুদ্ৰবৰুৱা প্ৰেক্ষাগৃহতে প্ৰতিযোগিতাখন পতাৰ সিদ্ধান্ত লোৱা হয় । এইবাৰ বিষ্ণুৰাভা গীতৰ উপৰি বিষ্ণু ৰাভা গীতৰ ওপৰত সৃজনীমূলক নৃত্য প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হ'ব । গীত আৰু নৃত্যৰ পুৰস্কাৰসমূহ ,,,প্ৰথম পুৰস্কাৰ ৫০০০/-, দ্বিতীয় পুৰস্কা্ৰ৪০০০/-, আৰু তৃতীয় পুৰস্কাৰ ৩০০০/- টকাকৈ ধায্য কৰা হৈছে । প্ৰতিবছৰে আগবঢ়াই অহাৰ দৰে এইবাৰ 'শঙ্খধ্বনি সন্মান' "সঙ্গীত নাটক একাডেমী পুৰস্কাৰেৰে সন্মানিত শ্ৰীযুতা ৰঞ্জুমণি শইকীয়ালৈ আগবঢ়োৱা হৈছে ।

*********************************************

Photos from Shangkhadhwani Samajik Sanskritik Mancha's post 02/05/2023

যোৱাকালি ১ মে' তাৰিখে 'শঙ্খধ্বনি'ৰ দ্বাৰা আয়োজিত এখন সজাগতামূলক সভাত ডিমেনছিয়া অৰ্থাৎ এলজাইমাৰ ৰোগৰ ওপৰত , অৰ্থাৎ পাহৰণি বা স্মৃতি বিভ্ৰান্তি বেমাৰৰ ওপৰত বিশদভাবে আলোকপাত কৰা হয় । ডিমেনছিয়া ৰোগৰ বিশেষজ্ঞ ডা: যোগীৰাজ আৰু মনোৰোগ বিশেষজ্ঞা ডা: কৰবী ডেকাৰ সহযোগত কৰা এই অনুষ্ঠানটিত পঞ্চাশৰ পৰা সত্তৰোৰ্দ্ধ বয়সৰ প্ৰায় ৭৫ জনমান লোক উপস্থিত থাকে । কাহিলিপাৰাস্থিত এখন ব্যক্তিগত খণ্ডৰ স্কুলত আয়োজন কৰা এই সভাখনত দুয়োজন বিশেষজ্ঞই বিষয়টোৰ ওপৰত অতি সাৰুৱা ভাষণ প্ৰদান কৰি সকলোকে উপকৃত কৰিলে ।

Photos from Shangkhadhwani Samajik Sanskritik Mancha's post 04/04/2023

যোৱাকালি ৩-৪-২০২৩ তাৰিখ সোমবাৰে শঙ্খধ্বনিৰ উপদেষ্টা তথা জ্যেষ্ঠ সদস্যা ৰুণু গোস্বামী বাইদেউৰ ঘৰত শঙ্খধ্বনিৰ এখনি কাৰ্য্যকৰী বৈঠক অনুষ্ঠিত হৈ গ'ল । উক্ত বৈঠকত প্ৰথমেই যোৱা ১ তাৰিখে স্বৰ্গগামী হোৱা শঙ্খধ্বনিৰ জ্যেষ্ঠ সদস্যা চন্দ্ৰমা তামূলীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়, লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰা হয় ।
ইয়াৰ পিছতে যোৱা ক'ভিড কালৰ পৰা বন্ধ হৈ থকা বিহু কৰ্মশালাখনি অহা বছৰৰ পৰা পুনৰাই অনুষ্ঠিত কৰি যোৱাৰ সিদ্ধান্ত লোৱা হয় । লগতে অহা মে' মাহৰ এক তাৰিখে এলজাইমাৰ ৰোগৰ ওপৰত এখনি সজাগতা সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

Photos from Shangkhadhwani Samajik Sanskritik Mancha's post 25/02/2023

যোৱা ১৯.২.২০২৩ তাৰিখ দেওবাৰে #শঙ্খধ্বনি_সামাজিক_সাংস্কৃতিক_মঞ্চ, কাহিলিপাৰাৰ সপ্তম প্ৰতিষ্ঠা দিবসখনি অতি আড়ম্বৰপূৰ্ণভাবে জ্যোতি চিত্ৰবনৰ কিৰিপ চলিহা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় । শঙ্খধ্বনিৰ সভানেত্ৰী ৰঞ্জু নেওগৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰি সভাৰ কাম আৰম্ভ কৰা হয় । ইয়াৰ পিছতে সদস্যাসকলৰ দ্বাৰা শঙ্খধ্বনিৰ স্থায়ী সমবেত সংগীত "মুক্ত আকাশ মুক্ত বতাহ" পৰিবেশন কৰা হয় । সদস্যা প্ৰভা ডেকাৰ দ্বাৰা চেতাৰ বাদন, মধুস্মিতা শৰ্মা বৰুৱাৰ কন্যা অৰ্ঘা বৰুৱাৰ কণ্ঠত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীত, মুখ্য সম্পাদক সংগীতা দত্তবৰুৱাৰ কন্যা ঋষিকন্যা দত্তৰ সত্ৰীয়া নৃত্য পৰিবেশন, মঞ্জু গগৈ ফুকনৰ কন্যা আন্না আয়ুস্মিতাৰ বেহেলাত জনপ্ৰিয় গীতৰ ধুন আৰু সদস্যাসকলৰ দ্বাৰা সমূহীয়া দিহানাম পৰিবেশন কৰা হয় । অনুষ্ঠানটিত প্ৰবীণ জনপ্ৰিয় অভিনেত্ৰী শ্ৰীযুতা চেতনা দাস মহোদয়া উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে তেখেতৰ নিজৰ অভিনয় প্ৰতিভাৰে সকলোকে আপ্লুত কৰে । অনুষ্ঠানটিৰ কিছু সোণসেৰীয়া মূহুৰ্ত এনেদৰেই সাঁচি থলো ।

Photos from Shangkhadhwani Samajik Sanskritik Mancha's post 11/11/2022

যোৱা ৯-১১-২০২২ তাৰিখে গুৱাহাটীৰ জাপৰিগোগত অনুষ্ঠিত হোৱা ৰাস মহোৎসৱত আয়োজিত দিহানাম প্ৰতিযোগিতাত আমাৰ "শঙ্খধ্বনি সামাজিক-সাংস্কৃতিক মঞ্চ"ই 'প্ৰথম' পুৰস্কাৰ বুটলিবলৈ সক্ষম হয় । প্ৰতিযোগিতাখনিত যোগদান কৰা সদস্যাসকল হ'ল মঞ্জু কলিতা (দলপতি), বন্তি তামূলী বুঢ়াগোঁহাই, পুণ্য বৰা, মণি ডেকা, কণিকা শৰ্মা, স্বপ্না বৰগোঁহাই, দীপিকা খাউণ্ড, পূৰ্ণিমা বুঢ়াগোঁহাই আৰু মীৰা ভট্টাচাৰ্য্য । "শঙ্খধ্বনি'ৰ হৈ সভানেত্ৰী ৰঞ্জু নেওগ আৰু মুখ্য সম্পাদিকা সংগীতা দত্তবৰুৱাই বিজয়ী প্ৰতিযোগীসকলক অভিনন্দন জ্ঞাপন কৰে ।

Photos from Shangkhadhwani Samajik Sanskritik Mancha's post 27/07/2022

🥰🌹যোৱা ২৪ জুলাই, ২০২২ ত কাহিলিপাৰা, গুৱাহাটীৰ 'শঙ্খধ্বনি সামাজিক-সাস্কৃতিক মঞ্চ'ৰ উদ্যোগত অসম ভিত্তিত বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ গীতৰ এখনি প্ৰাইজমাণি প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । অসমৰ বিভিন্ন ঠাইৰ পৰা সহযোগ কৰা শতাধিক প্ৰতিযোগীৰ গীতেৰে দিনটো জ্যোতি চিত্ৰবন প্ৰাঙ্গণৰ ৰুদ্ৰবৰুৱা প্ৰেক্ষাগৃহ জীপাল হৈ থাকে । অনুষ্ঠানত বিশিষ্ট নাট্যশিল্পী, অভিনেত্ৰী মিনু বণিয়াক "শঙ্খধ্বনি সন্মান" প্ৰদান কৰা হয় ।

Photos from Shangkhadhwani Samajik Sanskritik Mancha's post 19/07/2022

প্ৰস্তুতি প্ৰায় সমাপ্ত ,,, ২৪ তাৰিখলৈ মাত্ৰ কেইটিমান দিন । বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ প্ৰতিযোগিতাখনিলৈ সকলোকে সাদৰেৰে আমন্ত্ৰণ জনালোঁ, লগতে সকলোৰে সহযোগিতা কামনা কৰিলো । 🙏

07/07/2022
30/06/2022

#শঙ্খধ্বনিৰ_উদ্যোগত_অসমভিত্তিত_কলাগুৰু_বিষ্ণুপ্ৰসাদ_ৰাভাৰ_গীতৰ_প্ৰাইজমাণি_প্ৰতিযোগিতা

অহা ২৪ জুলাই,২০২২, দেওবাৰে গুৱাহাটীৰ অগ্ৰণী মহিলা অনুষ্ঠান 'শঙ্খধ্বনি'ৰ উদ্যোগত কাহিলিপাৰাৰ জ্যোতি চিত্ৰবন প্ৰাঙ্গণত অসম ভিত্তিত কলাগুৰু বিষ্ণু ৰাভাদেৱৰ এখনি প্ৰাইজমাণি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ তলত উল্লেখ কৰা হ'ল -----

,,,,,,,, #নিয়মাৱলী,,,,,,,

১। প্ৰতিযোগিতাৰ বাবে শাখা দুটা---ক শাখা সপ্তম শ্ৰেণীলৈ ।
খ শাখা অষ্টম শ্ৰেণীৰ পৰা স্নাতক শ্ৰেণীলৈ ।
২। প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ভৰ্তি মাচুল--৫০০/- টকা ।
৩। প্ৰতিযোগীসকলে বিষ্ণু ৰাভাদেৱৰ গীতৰ স্থায়ীৰ‌ লগত যিকোনো এটি অন্তৰা গাব লাগিব ।
৪। প্ৰতিযোগিতা পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ'ব ।
৫। প্ৰতিযোগিতা শেষ হোৱাৰ লগে লগে উক্ত দিনাই বঁটাসমূহ প্ৰদান কৰা হ'ব । প্ৰথম পুৰস্কাৰ---মানপত্ৰ আৰু শ্বিল্ড সহ নগদ ৫০০০/- ( পাঁচ হাজাৰ) টকা ।
দ্বিতীয় পুৰস্কাৰ --- মানপত্ৰ আৰু শ্বিল্ড সহ নগদ ৪০০০/- (চাৰি হাজাৰ) টকা ।
তৃতীয় পুৰস্কাৰ---মানপত্ৰ আৰু শ্বিল্ড সহ নগদ ৩০০০/- (তিনি হাজাৰ) টকা ।
৬। সকলো প্ৰতিযোগীকে অংশগ্ৰহণৰ প্ৰমাণপত্ৰ দিয়া হ'ব ।
৭।‌ প্ৰতিযোগিতাত 'শঙ্খধ্বনি'ৰ তৰফৰ পৰা তিনিজন বাদ্যযন্ত্ৰী থাকিব ।
৮। বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি গণ্য কৰা হ'ব।

ৰঞ্জু নেওগ, সভানেত্ৰী
সংগীতা দত্তবৰুৱা, মুখ্য সম্পাদিকা ।
শঙ্খধ্বনি সামাজিক-সাংস্কৃতিক মঞ্চ,
কাহিলিপাৰা,গুৱাহাটী--১৯ ।

#যোগাযোগ:: 7002118490 ;
8011388886 ; 8876450210

Photos from Shangkhadhwani Samajik Sanskritik Mancha's post 09/06/2022

যোৱাকালি ৮জুন, ২০২২ তাৰিখে 'শঙ্খধ্বনি'ৰ কোষাধ্যক্ষা মঞ্জু কলিতাৰ ঘৰত শঙ্খধ্বনিৰ কাৰ্য্যকৰী বৈঠক এখন অনুষ্ঠিত হয় । বৈঠকত আগন্তুক বিষ্ণু ৰাভা দিবসৰ লগত সঙ্গতি ৰাখি আগৰ কেইবছৰৰ দৰে এইবাৰো অসম ভিত্তিত বিষ্ণু ৰাভা গীতৰ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ বিষয়ে আলোচনা কৰা হয় । সকলোৰে সিদ্ধান্ত মৰ্মে প্ৰতিযোগিতাখন অহা 24 জুলাই, দেওবাৰে জ্যোতি চিত্ৰবনৰ ৰুদ্ৰবৰুৱা প্ৰেক্ষাগৃহত পতাৰ সিদ্ধান্ত লোৱা হয় ।

Photos from Shangkhadhwani Samajik Sanskritik Mancha's post 29/05/2022

🥰😍 ২০১৮ চনতে প্ৰাগ নিউজ চেনেলে আয়োজন কৰা লোকৰত্নগৰ্ভা ডলী দাস সোঁৱৰণি দিহানাম প্ৰতিযোগিতাখনিৰ সম্পূৰ্ণ চাৰি বছৰৰ মূৰত ফাইনেলখন(২৮ আৰু ২৯ মে') অনুষ্ঠিত হৈ যায় । ৩৩৩ টা গ্ৰুপৰ ৬০০০ শিল্পীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনিত মুঠ ১৪ টা দল ফাইনেলৰ বাবে বাচনিত উঠিছিল । আমাৰ শঙ্খধ্বনিৰো এই ১৪ টি দলৰ মাজত স্থান লাভ কৰাৰ সৌভাগ্য হৈছিল ।
🥰❤️আজি ফলাফলত আমাৰ‌ শঙ্খধ্বনি দলটোৱে চতুৰ্থ স্থান লাভ কৰি জুৰীৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হয় ।
❤️ তলত তাৰে কিছু ছবি সাক্ষী স্বৰূপে সজাই ৰাখিলোঁ ।

Photos from Shangkhadhwani Samajik Sanskritik Mancha's post 09/05/2022

আজি আমাৰ‌ মঞ্চৰ সদস্যা, সহকাৰী সম্পাদিকা মধুস্মিতা শৰ্মা বৰুৱাৰ ঘৰত 'শঙ্খধ্বনি'ৰ কাৰ্য্যকৰী সমিতিৰ‌ এখন বৈঠক অনুস্থিত হৈ যায় । তাৰে কিছু আলোকচিত্ৰ,,,, 👇🏽👇🏽

Photos from Shangkhadhwani Samajik Sanskritik Mancha's post 08/04/2022

২০১৮ চনত শঙ্খধ্বনিয়ে আয়োজন কৰা বিহু কৰ্মশালাৰ কিছু সোণসেৰীয়া দৃশ্যাংশ ।

Photos from Shangkhadhwani Samajik Sanskritik Mancha's post 28/02/2022

'শঙ্খধ্বনি'ৰ বিয়া নাম প্ৰতিযোগিতা,,, ফলাফল
________________________________________

'শঙ্খধ্বনি'ৰ উদ্যোগত যোৱা ২৭-২-২০২২ তাৰিখ দেওবাৰে অতি বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অসম ভিত্তিত এখনি প্ৰাইজমাণি দলীয় বিয়ানামৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । কাহিলিপাৰাৰ জ্যোতি চিত্ৰবন প্ৰাঙ্গণৰ ৰুদ্ৰবৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই প্ৰতিযোগিতাখনি বন্তি প্ৰজ্বলন কৰি শুভ উদ্বোধন কৰে বিশিষ্টা অভিনেত্ৰী মিনু বণিয়াই । বিচাৰকৰ আসন অলংকৃত কৰে তিনিগৰাকী বিশিষ্টা সংগীত গুৰু খনা দাস, ৰেণু গোস্বামী আৰু অঞ্জু গোঁহাইয়ে । গুৱাহাটী, গোলাঘাট, মঙ্গলদৈ, ভবানীপুৰ, আদিকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দলসমূহৰ ভিন্ ভিন্ পৰম্পৰাগত বিয়ানামৰ সুৰে উক্ত দিনটো উপস্থিত সকলোকে মোহাচ্ছন্ন কৰি ৰাখে । প্ৰতিযোগিতাখনিত পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱা দলসমূহ একাদিক্ৰমে,,
প্ৰথম--- গোলাঘাটৰ নিৰ্মালি গগৈৰ মেজাংকৰী দল (৭০০০/-টকা),
দ্বিতীয়---ভবানীপুৰৰ মীনাক্ষি দেৱীৰ দল (৫০০০/-টকা),
তৃতীয়---গীতানগৰৰ ৰঞ্জিতা গোস্বামীৰ নবোদয় শিল্পী সমাজ দল (৩০০০/-টকা),
আৰু উদ্গনিমূলক বঁটা লাভ কৰে ভৰলুমুখৰ ৰীতা মণি ভূঞাৰ দল (১০০০/-টকা) ।

13/02/2022

🌷গুৱাহাটীৰ কাহিলিপাৰাৰ অগ্ৰণী মহিলা সংগঠন #শঙ্খধ্বনিৰ উদ্যোগত অসম ভিত্তিত এখনি বিয়ানামৰ প্ৰতিযোগিতা পাতিবলৈ স্থিৰ কৰা হৈছে । তলত দিয়া নিয়মাৱলী অনুসৰি ইচ্ছুকসকলক যোগদান কৰিবলৈ অনুৰোধ কৰিলোঁ ।

Photos from Shangkhadhwani Samajik Sanskritik Mancha's post 03/01/2022

২ জানুৱাৰী, ২০২২চন ।এই দিনটোতে নতুন বছৰক আদৰাৰ লগতে "শঙ্খধ্বনি"ৰ এই বছৰৰ প্ৰথমখন সাধাৰণ বৈঠক অনুষ্ঠিত কৰা হ'ল । বৈঠকত আগন্তুক ৩০ জানুৱাৰীত হ'ব লগা বিয়া নামৰ প্ৰতিযোগিতখনৰ ওপৰত ব্যাপক আলোচনা হ'ল । দুই এদিনতে এই সম্পৰ্কত বেনাৰ, ফেচবুক, বাতৰি কাকত আদিৰ জৰিয়তে সম্প্ৰচাৰ কৰা হ'ব । সকলোকে অনুষ্ঠানটিত সহযোগিতা কৰিবলৈ আহ্বান জনালোঁ ।

Photos from Shangkhadhwani Samajik Sanskritik Mancha's post 20/12/2021

যোৱাকালি ১৯/১২/২০২১ তাৰিখে আমাৰ 'শঙ্খধ্বনি'ৰ কাৰ্য্যকৰী কমিটিৰএখন জৰুৰী বৈঠক অনুষ্ঠিত হৈ গ'ল । মুখ্য সম্পাদিকা সংগীতা দত্তবৰুৱাৰ ঘৰত অনুষ্ঠিত হোৱা এই বৈঠকত অহা ৩০ জানুৱাৰীত জ্যোতি চিত্ৰবনত অনুষ্ঠিত কৰিব লগা আমাৰ বিয়ানামৰ প্ৰতিযোগিতাখনিৰ বিষয়ে আলোচনা হ'ল । অচিৰেই প্ৰতিযোগিতাখনিৰ সবিশেষ আমাৰ পেজত জনোৱা হ'ব । প্ৰতিযোগিতাখনিত সকলোৰে সহযোগিতা কামনা কৰিলো । 🙏

Photos from Shangkhadhwani Samajik Sanskritik Mancha's post 06/12/2021

যোৱাকালি ৫/১২/২১ তাৰিখে আমাৰ 'শঙ্খধ্বনি'ৰ মাহেকীয়া বৈঠকখন অনুষ্ঠিত হৈ যায় । বৈঠকত অহা ২৩ জানুৱাৰীৰ দিনা শঙ্খধ্বনিৰ উদ্যোগত এখনি বিয়ানামৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লোৱা হয়‌।

14/11/2021

শঙ্খধ্বনি সামাজিক- সাংস্কৃতিক মঞ্চ
পঞ্জীয়ন নং : KAM(M)/263/0/456 OF 2016-2017
কাহিলিপাৰা, গুৱাহাটী - ৭৮১০১৯
স্থাপিত: ৩ ফেব্ৰুৱাৰী, ২০১৬ চন
__________________________________________

শঙ্খধ্বনি সামাজিক-সাংস্কৃতিক মঞ্চৰ সৌজন্যত অনুষ্ঠিত হোৱা সুধাকণ্ঠ ড: ভূপেন হাজৰিকাদেৱৰ অনলাইন প্ৰতিযোগিতাখনিৰ যোৱা ১০ নবেম্বৰ তাৰিখে সফল সামৰণি পৰিছে । প্ৰথমেই আমাৰ মঞ্চৰ তৰফৰ পৰা অনুষ্ঠানটি সাফল্যমণ্ডিত কৰা সকলো প্ৰতিযোগী আৰু লগতে প্ৰতিযোগীসকলক এনেদৰে আগবঢ়াই দিয়া অভিভাবকসকলক ধন্যবাদ জ্ঞাপন কৰিলো ।
১০ নবেম্বৰলৈকে প্ৰতিযোগিতাৰ বাবে পঠিওৱা ভিডিঅ'সমূহ গ্ৰহণ কৰা হৈছিল আৰু বিচাৰকৰ হাতলৈ পঠাই দিয়া হৈছিল । অনাতাঁৰ আৰু দূৰদৰ্শনৰ 'বি হাই গ্ৰেড'প্ৰাপ্ত জনপ্ৰিয় কণ্ঠশিল্পী লোপামুদ্ৰা নেওগ আৰু মৰাণহাটৰ সংগীত শিল্পী সঞ্জীৱ ভাগৱতীয়ে কৰা বিচাৰ মৰ্মে আজি ১৪/১১/২০২১ তাৰিখে প্ৰতিযোগিতাখনিৰ ফলাফল ঘোষণা কৰিবলৈ আগবাঢ়িছো । সকলো অভিভাবকে যাতে আমাৰ পেজত বিজয়ীসকলৰ গীতসমূহ এবাৰ শুনি চায় তাৰ বাবে অনুৰোধ কৰিলো ।

ফলাফলসমূহ এনেধৰণৰ----

ক শাখা ( প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ )

প্ৰথম--- #প্ৰিয়ান্সী_বৰ্মন, গুৱাহাটী ।
দ্বিতীয়--- #ময়ুৰ_বুঢ়াগোঁহাই, মৰাণহাট, ডিব্ৰুগড় ।
তৃতীয়া--- #ত্ৰিঅক্ষা_এছ_চৌধুৰী, নামৰূপ ।
উদগণি---- #শ্ৰুতি_মাধুৰ্য্য, গুৱাহাটী ।

খ শাখা (সপ্তম শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিক শ্ৰেণীলৈ )

প্ৰথম--- #স্বপ্ননীল_বৰুৱা, চৰাইদেউ ।
দ্বিতীয়--- #দৰ্শিতা_বৰুৱা, মৰাণহাট ।
তৃতীয়--- #অভিলাষা_বৰ্মন, গুৱাহাটী ।

গ শাখা ( স্নাতক বৰ্ষৰ পৰা ওপৰলৈ )

প্ৰথম--- #মামণি_ৰায়মেধি_দত্ত, গুৱাহাটী ।
দ্বিতীয়--- #ৰুকুমণি_দাস, গুৱাহাটী ।
তৃতীয়--- #অমৃতা_ভূঞা_গগৈ, গুৱাহাটী ।

সকলো বিজয়ী প্ৰাৰ্থীলৈ 'শঙ্খধ্বনি'ৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিলো । শঙ্খধ্বনিৰ তৰফৰ পৰা প্ৰতিযোগিতাত যোগদান কৰা প্ৰতিযোগীসকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰাৰ লগতে বিজয়ীসকলক শঙ্খধ্বনিৰ সদস্যাৰ দ্বাৰা আগবঢ়োৱা নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব ।
নগদ ধনৰ দাতাসকল হ'ল----

প্ৰথম পুৰস্কাৰ নগদ ৩০০০.০০ ( তিনি হাজাৰ টকা) আগবঢ়াইছে....

শ্ৰীমতী ছায়া বৰ্মন
শ্ৰীমতী সাধনা দাস ৰাভা
শ্ৰীমতী নমিতা বৰুৱা ।

দ্বিতীয় পুৰস্কাৰ নগদ ২০০০.০০ ( দুহেজাৰ টকা ) আগবঢ়াইছে....

শ্ৰীমতী মনালিছা বৰুৱা ।
শ্ৰীমতী কল্পনা গগৈ ।
শ্ৰীমতী মীৰা ভট্টাচাৰ্য্য ।

তৃতীয় পুৰস্কাৰ নগদ ১৫০০.০০ ( পোন্ধৰ শ টকা ) আগবঢ়াইছে....

শ্ৰীমতী মঞ্জু কলিতা ।
শ্ৰীমতী জুনু ৰাজখোৱা আহমেদ ।
শ্ৰীমতী চন্দ্ৰমা দত্ত দুৱৰা ।

শঙ্খধ্বনিৰ তৰফৰ পৰা আটাইকেইগৰাকী দাতালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

সভানেত্ৰী, সম্পাদিকা
ৰঞ্জু নেওগ
সংগীতা দত্তবৰুৱা
১৪/১১/২০২১

11/11/2021

Sl No. 033
Name : Rishav Borah
Group: B, Class: 8
Address: Six mile, Guwahati

11/11/2021

Sl No. 032
Name : Gungun Kashyap
Group: B, Class: 7
Address: Pandu Maligaon, Guwahati

11/11/2021

Sl No. 031
Name : Rukumoni Das
Group: C
Address: Kahilipara, Guwahati

10/11/2021

Sl No. 030
Name : Abhilasha Barman
Group: B, Class: 8
Address: Six mile, Guwahati

10/11/2021

Sl No. 029
Name : Mayuri Sarma
Group: A, Age: 9 yrs
Address: Kahilipara, Guwahati

10/11/2021

Sl No. 028
Name : Mamoni Rai Medhi Dutta
Group: C
Address: Kahilipara, Guwahati

10/11/2021

Sl No. 027
Name : Krishnakshi Bharati
Group: A, Class: 6
Address: Mangladoi

10/11/2021

Sl No. 026
Name : Shreyashree Choudhury
Group: A, Class: 6
Address: Zoo Narengi road, Guwahati

10/11/2021

Sl No. 025
Name : Varbi Kalita
Group: C
Address: Kahilipara, Guwahati

10/11/2021

Sl No. 024
Name : Priyanka Gogoi
Group: A, Class: 4
Address: Noonmati, Guwahati

Want your organization to be the top-listed Non Profit Organization in Gauhati?
Click here to claim your Sponsored Listing.

Videos (show all)

'শঙ্খধ্বনি'ৰ সদস্যাৰ আজৰি সময়ৰ সংগীত চৰ্চা,,,বাওঁফালৰ পৰা ক্ৰমে মুখ্য সম্পাদিকা সংগীতা দত্তবৰুৱা, সভানেত্ৰী ৰঞ্জু নেওগ,...
শঙ্খধ্বনিৰ সদস্যা কণিকা শৰ্মা আৰু প্ৰভা ডেকাই লোকগীত পৰিবেশন কৰিছে ,,,,❤️
কাহিলিপাৰাৰ জনকপুৰত বিজয়া দশমী তিথিৰ দিনা 'শঙ্খধ্বনি'ৰ মহিলাসকলে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ মূল সাধুকথা "সৰবজান"ৰ না...
শঙ্খধ্বনিৰ দুগৰাকী সক্ৰিয় সদস্যা কণিকা শৰ্মা আৰু প্ৰভা ডেকাই সুধাকণ্ঠ ড: ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰা পাৰ্বতি প্ৰসাদ...

Telephone

Website

Address

Gauhati
781019

Other Community Organizations in Gauhati (show all)
Free fire group fan club Free fire group fan club
Rd Glk Of Srp
Gauhati, 785602

its about fan and lover of free fire

Journalist Association For Assam - JAFA Kamrup District Journalist Association For Assam - JAFA Kamrup District
Bhetapara To Tiniali Connecting Road
Gauhati, BELTOLA

Media Based Organization

BOIEA NER BOIEA NER
Gauhati, 781001

Bank of India Employees Association North Eastern Region

Glaze Galway Product Glaze Galway Product
Assam Kamrup District
Gauhati, 781025

JCI Kamrup Yuva Circle JCI Kamrup Yuva Circle
Gauhati

Junior Chamber International, commonly referred to as JCI, is a non-profit international non-governmental organization of young people. It has members in about 124 countries, and r...

Rotaract Club Of Guwahati Yuva Rotaract Club Of Guwahati Yuva
Gauhati

We Fall, We Raise, We Fly, We are the Rotaract Club Of Guwahati Yuva | Thik Innovative |

Amar Prayas Gosthi Amar Prayas Gosthi
Gauhati, 781038

Amar prayas gosthi is an NGO established in 2007 based in Guwahati and working for the benefits of poorest and marginalized communities in Assam & other regions of north east.

কৈৱৰ্ত্ত সন্মিলনী - অসম কৈৱৰ্ত্ত সন্মিলনী - অসম
Guwahati
Gauhati, 781008

১৯০৫ চনতে গঠিত হোৱা প্ৰথম জাতীয় অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ৷

Alumni Association of Guwahati Group NCC Alumni Association of Guwahati Group NCC
Gauhati, 781016

Public Relation Page: Former NCC Cadets Platform of Guwahati Group NCC, NER Directorate.

Ddu-Gky Rama Infotech Pvt. Ltd. AXOM Ddu-Gky Rama Infotech Pvt. Ltd. AXOM
Gauhati, 781026

Empowering India. Powering the World.

HOHAI HOHAI
Gauhati

Community Organization & Media. A group providing some informative contents,some news of its time to the community for the better enhancement of knowledge,Wisdom and welfare of the...