কৈৱৰ্ত্ত সন্মিলনী - অসম

১৯০৫ চনতে গঠিত হোৱা প্ৰথম জাতীয় অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ৷

06/12/2023
Photos from কৈৱৰ্ত্ত সন্মিলনী - অসম's post 23/11/2023

#খগেন দাস ডাঙৰীয়ালৈ অশ্ৰুভৰা শ্ৰদ্ধাঞ্জলি ৷

কৈৱৰ্ত সন্মিলনী অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নগৰবেৰাৰ পাহাৰ পাৰা অঞ্চলৰ বাসিন্দা খগেন দাসৰ মৃত্যুত আমি মৰ্মাহত হৈছোঁ।
খগেন দাসৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰে পৰমপিতাৰ চৰনত প্ৰাৰ্থনা জনাইছো ।
পৰিয়ালৰ সকলোলৈ সমভাগী হৈ কৈৱৰ্ত্ত সন্মিলনী অসমৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিলো ৷

লগতে কৈৱৰ্ত্ত সন্মিলনীৰ তৰফৰ পৰা অসম চৰকাৰ আৰু পুলিচ প্ৰশাসনলৈ অনুৰোধ জনালো ,তদন্তকাৰী সন্হাই ক্ষীপ্ৰগতি যাতে তদন্ত আৰম্ভ কৰে আৰু দোষী কোনোপধ্যেই আইনৰ সুৰুঙাৰে বাছি যাব নোৱাৰে ৷

https://fb.watch/ov8ekp7to1/?mibextid=RUbZ1f

https://fb.watch/ov8bMwmi7j/?mibextid=RUbZ1f

Photos from কৈৱৰ্ত্ত সন্মিলনী - অসম's post 25/09/2023

#কিছুমান বিষয় ৰাজনীতিৰ উৰ্দ্ধত হয় ।
পীযুষ হাজৰিকা দাদালৈ প্ৰথমতেই ধন্যবাদ জ্ঞাপন কৰিলো ৷
যোৱা ইংৰাজী 25 আগষ্ট তাৰিখে যোৰহাটৰ ভাতৃপ্ৰতীম পলাশ দাসে পেপাৰৰ কাটিং এটা কৈৱৰ্ত্ত সন্মিলনীৰ গ্ৰুপ এটাত শ্বেয়াৰ কৰিছিল ৷ বাতৰি টো আছিল এগৰাকী আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ ভেতাৰ্ণ খেলুৱৈ টকাৰ অভাৱত ফিলিপাইনছ হবলগীয়া আন্তৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লগা হৈছে ৷
পেপাৰ কাটিং তো লগে লগেই মই মোৰ শ্ৰদ্ধাৰ দাদা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পীষুষ হাজৰিকা ডাঙৰীয়ালৈ Whatsapp এটি মেচেজ সহ প্ৰেৰণ কৰিলো ৷ লগতে তেওঁৰ সহপাঠী দাদাৰ বন্ধু মৰিগাঁওৰ নবজ্যোতি দাস দাদালৈ প্ৰেৰণ কৰিলো ৷ তাৰ অলপ পিছতে দাদাই ব্যৱস্থা কৰি আছো বুলি কৈ ,মোক খেলুৱৈ গৰাকীৰ ফোন নাম্বাৰ আৰু ঠিকনা তো সংগ্ৰহ কৰিবলৈ কলে ৷
# সকলো বিষয় মন্ত্ৰী বিধায়কে নাজানিবও পাৰে কাৰণ কিছুমান সমস্যা চৰকাৰক দৃষ্টিগোচৰ কৰাতো বিভাগীয় ক্ৰীড়া সন্হাৰো দায়িত্ব হৈছে ৷

লগে লগেই কৈৱৰ্ত্ত সন্মিলনীৰ নগাঁও আৰু মৰিগাঁও জিলাৰ Whatsapp গ্ৰুপত খেলুৱৈ গৰাকীক যোগাযোগ কৰাই দিবলৈ অনুৰোধ কৰি msg এটা দিলো ৷ গ্ৰুপৰ পৰা ৰন্টু মুদৈ আৰু শান্তাৰাম দাসৰ লগত মোক যোগাযোগ কৰিবলৈ অনুৰোধ জনালে ৷ লগে লগেই মই শান্তাৰাম আৰু ৰন্টু দাক ফোন কৰি খেলুৱৈগৰাকীৰ ফোন নাম্বাৰ আৰু যোগাযোগ কৰাই দিবলৈ কলো। তেওঁলোক দুয়োজনে খেলুৱৈগৰাকীৰ গাৱলৈ মানুহ পঠাই যোগাযোগ কৰি তাইৰ নাম্বাৰ তো মোক দিলে ৷ লগে লগেই মই তাইক ফোন কৰিলো আৰু একো চিন্তা নকৰিবলৈ আশ্বাস দিলো ৷ মনত ভয়ো লাগিছিল কিবা কাৰণে যদি যিমান টকাৰ দৰকাৰ ,যোগাৰ নহব পাৰে বুলি ৷ তাৰপিছত পীযুষ দা আৰু নবজ্যোতি দাক তাইৰ নাম্বাৰটো প্ৰেৰণ কৰিলো ৷
অলপ পাছত খেলুৱৈগৰাকীয়ে মোক ফোন কৰি জনালে যে পীযুষ দাই তাইক সহায় কৰিব আৰু লগ ধৰিবলৈ কৈছে ৷
এটা কথা উল্লেখ কৰা ৰাখো যে ইতিমধ্যেই তাইৰ নথিপত্ৰ আৰু ভিছা আদি কিছু কামৰ বাবে ফিজ দিয়াৰ সময় পাৰ হৈ গৈছিল ৷ তেতিয়া তাই মোক কন্দাৰ সুৰত কৈছিল ,দাদা মই যাৱ নোৱাৰিম নি ,টাইম পাৰ হোৱাৰ বাবে মোক Reject কৰিব পাৰে ৷ লগে লগেই মই দাদাহতক যোগাযোগ কৰি কথাটো জনালো । তাৰপাছত পীযুষ দাই তাইক মাতি পঠিয়াই বিভাগীয় কৰ্তৃপক্ষক তাইৰ খেলিবলৈ যোৱাৰ সকলো ব্যৱস্থা কৰি দিবলৈ কঠোৰভাৱে অনুৰোধ জনালে ৷ তাৰপিছত তাইৰ যাৱতীয় খৰছৰ বাবে এক লাখ (১০০০০০) টকা আৰু তাইৰ কিছু কামৰ বাবে বাৰ হাজাৰ , মুঠ একলাখ বাৰ হাজাৰ টকা তাইক দিয়াৰ ব্যৱস্থা কৰিলে ৷ এতিয়া খেলুৱৈগৰাকীৰ সকলোখিনি কাম সুকলমে হৈ গল , এতিয়া তাই অনুশীলন কৰাত ব্যস্ত হৈ আছে ৷ মাজে মাজে তাইৰ অনুশীলনৰ ফটো আৰু Video মোলৈ পঠাই থাকে ৷
বৰ্তমান খেলুৱৈ গৰাকী প্ৰমীলা দাসক, মই নিজৰ ভন্তি হিছাপে গ্ৰহণ কৰিছো ৷

আমাৰ বাবে সুখবৰ যে
তাইৰ সকলো ব্যৱস্থা কৰি দিয়াৰ চেষ্টা সফল হৈছে ৷ তাইৰ বিমান টিকট ,হোটেল ভিচা সকলো কৰা হল ৷ সকলোখিনি যোগাযোগ কৰি দি সহায় সহযোগ কৰাৰ বাবে এই ভাতৃপ্ৰতীমৰ তৰফৰ পৰা #পীযুষ দা আৰু #নবজ্যোতি দাদাক কৰযোৰে ধন্যবাদ জনালো ৷
#লগতে আগন্তুক সময়তো তাইৰ
আৰু দুই লাখমান টকাৰ খৰছ আছে ৷
এই সকলোখিনি ব্যৱস্থা গ্ৰহণ কৰি দিবলৈ মাননীয় মুখ্যমন্ত্ৰী #হিমন্ত বিশ্ব শৰ্মা দাদা ,অসম চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী #বিমল বৰা দাদা আৰু অসম যুৱ আয়োগৰ অধ্যক্ষ তথা বিধায়ক #তৰংগ গগৈ ডাঙৰীয়াকো এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াই খেলুৱৈগৰাকীক কৃতাৰ্থ কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনালো ৷

অসমৰ সকলো শুভাকাংক্ষীৰ পৰা আগন্তুক ফিলিপাইনছ হব লগীয়া প্ৰতিযোগিতাত সফলতা লাভ কৰি অসম তথা ভাৰতবৰ্ষৰ বাবে সুনাম কঢ়িয়াই আনিবৰ বাবে আৰ্শীবাদ প্ৰদান কৰিবলৈ সকলোলৈ কৰযোৰে প্ৰাৰ্থনা জনালো ।

বিঃদ্ৰঃ = সকলো বিষয় মন্ত্ৰী বিধায়কে নাজানিবও পাৰে, কাৰণ কিছুমান ভিতৰুৱা সমস্যা চৰকাৰক দৃষ্টিগোচৰ কৰাতো বিভাগীয় ক্ৰীড়া সন্হাৰো দায়িত্বত থাকে ৷

শ্ৰদ্ধাৰে
ঋতুপৰ্ণ দাস
তিনিচুকীয়া অসম ৷







https://m.facebook.com/story.php?story_fbid=2671634936326951&id=100004414117587&mibextid=9R9pXO

08/09/2023

#ভাৰতৰত্ন, সুধাকণ্ঠৰ জন্ম জয়ন্তীৰ পবিত্ৰ দিবস ৷
#তেৰাৰ আদৰ্শ আৰু কৃতিত্বক শ্ৰদ্ধাৰে সোৱঁৰণ কৰিছো ৷
পৰিচয় কৰ্মৰে, জন্মৰে নহয় ৷

#***যাযাবৰী শিল্পী সুধাকণ্ঠ***
( ওপজা দিনৰ ওলগ)

নয়ন মণি দাস/ ঢকুৱাখনা।

#সূৰ্য উঠা দেশৰ গীতৰ বিশ্ববিধাতা
তুমিয়েই সুধাকণ্ঠ বিশ্ব বৰেণ্য
সম্প্ৰীতিৰ প্ৰতীক তুমিয়েই জন্ম জন্মান্তৰ।
অসমী আইৰ সু সন্তান তুমি ভাৰতৰত্ন।

মানুহৰ বাবে গীত গাই হ’লা যাযাবৰ।
শিকাইছিলা তুমিয়েই
মানুহৰ বাবে মানুহক ভাবিবলৈ,
অসমীয়াই নিজক চিনি পাবলৈ।

কিন্তু ! আজি দাৱনৰূপী মানুহে
মানুহৰ ওচৰত ধৰিছে ৰুদ্ৰমূৰ্ত্তি ৷
সকলোতেই দেখিছোঁ কেৱল
হত্যা হিংসা লুণ্ঠন
আৰু যে ক’ত কি ...

তোমাৰ বজ্ৰকণ্ঠৰে বিশ্বদৰবাৰত
শংকৰ-মাধৱ,জ্যোতি-বিষ্ণুক দিলা চিনাই
তোমাৰ কোকিল কণ্ঠৰেই বিশ্বৰ
সোণালী ইতিহাসত খোদিত কৰিলা
মাতৃভূমি সোণসেৰীয়া ইতিহাসৰ গাঁথা।

হে সুধাকণ্ঠ ,

ৰূপহী অসমৰ স্বাভিমান তুমি ভাৰতৰত্ন
আজি তোমাক ওপজা দিনৰ ওলগ জনাই
কাতৰে কৰযোৰ কৰিছোঁ
আহাঁচোন আঁহা তুমি আকৌ এবাৰ

হত্যা হিংসা লুণ্ঠনৰ যজ্ঞ ভূমিত
জাতি ধৰ্ম নিৰ্বিশেষে যাযাবৰী হৈ
মানৱতা গীত গাই শান্তিৰ বাৰ্তা বিলাবলৈ ।
সম্প্ৰীতিৰ এনাজৰীয়ে আকৌ এবাৰ
সোণৰ অসম গঢ়িবলৈ ৷

Photos from কৈৱৰ্ত্ত সন্মিলনী - অসম's post 03/09/2023

জাতিৰ অগ্ৰণী প্ৰহৰী হিচাপে কৈৱৰ্ত্ত সন্মিলনী অসমে নিষ্ঠাসহকাৰে দায়িত্ব পালন কৰি থাকিব ৷

Photos from কৈৱৰ্ত্ত সন্মিলনী - অসম's post 18/07/2023

সভাপতি মহোদয়ৰ বহু সপোন আধৰুৱা হৈ ৰল ,আমি সকলোৱে মিলি সপোন সাৰ্থক কৰিব লাগিব।
তেখেতৰ স্মৃতি সদায় আমাৰ মাজত জীয়াই থাকিব ৷

03/01/2023

আমাৰো নিজা কৃষ্টি ,সংস্কৃতি আছে ৷

অৰুনাভ নায়কক কৈৱৰ্ত সন্মিলনীৰ তৰফৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলো ৷

( https://facebook.com/groups/230890761527157/
কৈৱৰ্ত সন্মিলনীৰ ফেচবুক গ্ৰুপৰ লিংক ৷)

08/12/2021

শেষ শ্ৰদ্ধাঞ্জলি🙏

06/12/2021

🙏

Photos from কৈৱৰ্ত্ত সন্মিলনী - অসম's post 05/12/2021

কৈৱৰ্ত জাতিক সামাজিক মাধ্যমত অসংবিধানীক ভাষা প্ৰয়োগ কৰাৰ পৰিনাম

Photos from কৈৱৰ্ত্ত সন্মিলনী - অসম's post 27/11/2021

আজি মৰিগাঁও জিলা সমিতি গঠনৰ কিছু দৃশ্য
জয়তু কৈৱৰ্ত সন্মিলনী✊

Photos from সদৌ অসমীয়া কৈৱৰ্ত্ত সন্মিলনী's post 07/11/2021

আজি ০৭/১১/২০২১ তাৰিখে অনুষ্ঠিত হোৱা
তিনিচুকীয়া জিলা, গোলাঘাট জিলা আৰু নগাঁও জিলাৰ সভা কক্ষৰ কিছু প্ৰতিচ্ছবি ।।

05/11/2021

গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ 🙏

04/11/2021

🙏🙏

Photos from সদৌ অসমীয়া কৈৱৰ্ত্ত সন্মিলনী's post 02/11/2021

সমূহ তিনিচুকীয়া জিলাৰ কৈৱৰ্ত শুভাকাংক্ষী সকলৰ উপস্থিতি কামনা কৰিলোঁ ।
ধন্যবাদ🙏

27/10/2021

বৰপেটা জিলা গঠনৰ কিছু মুহূৰ্ত

Photos from সদৌ অসমীয়া কৈৱৰ্ত্ত সন্মিলনী's post 26/10/2021

২৪/১০/২০২১ তাৰিখে বৰপেটা জিলা গঠন হোৱাৰ সন্দৰ্ভত প্ৰচাৰিত হোৱা কিছু বাতৰি

19/10/2021

আমাৰ কিছু তথ্য

Photos from সদৌ অসমীয়া কৈৱৰ্ত্ত সন্মিলনী's post 18/10/2021

যেতিয়ালৈ এফালে মন্দিৰৰ পুৰুহিত, সত্ৰৰ সত্ৰাধিকাৰ আৰু আনফালে নৰ্দমা লেট্ৰিন ছাফা কৰা কামটো বিশেষ সম্প্ৰদায়ৰ বাবে সংৰক্ষিত থাকিব , যেতিয়ালৈ এচাম মানুহ দেশৰ ৮৫% মাটিৰ মালিক হৈ থাকিব কিন্তু হাল বাব নাপায় বুলি নিজে কাম নকৰি আনক কামত খটুৱাব , যেতিয়ালৈ কেৱল জাতিৰ দোহাই দি কোনো মানুহে ৰন্ধা ভাত আন এচামে নাখাব , বিয়া বাৰুকে ধৰি সামাজিক কৰ্মসমূহ জাতিৰ নামত ব্যাহত থাকিব ,তথাকথিত উচ্চজাতিৰ দ্বাৰা নিম্নজাতিৰ লোক নিৰ্যাতিত হৈ থাকিব তেতিয়ালৈ এইবোৰ থাকিব । আনকি দলিত খেলুৱৈৱে খেলা বাবে অলিম্পিকৰ ছেমি ফাইনেলত ভাৰতৰ মহিলা হকী দলটো হাৰিল বুলি ভৱা মানসিকতাৰ মানুহ এই দেশত যিমান দিনলৈ থাকিব সিমান দিনলৈ Sc St Obc Mobc general এইবোৰ থাকিব ।
৩০০০ বছৰীয়া ব্ৰাহ্মণ্যবাদী শোষন নিৰ্যাতন বৈষম্য ৭০ বছৰীয়া সংৰক্ষণে শেষ কৰিব পৰা নাই । সেইবাবেই এতিয়াও মাত্ৰ ১০ শতাংশ উচ্চ বৰ্নৰ মানুহে ৭০ শতাংশতকৈও অধিক চাকৰি কৰি আছে ।
কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা মণ্ডল কমিচনৰ(১৯৯০) ৰিপৰ্টমতে --

শ্ৰেণী জনসংখ্যা চাকৰি
------ ----------- -------
ব্ৰাহ্মণ (ভূমিহাৰ বাদে )-- 3.5 % ----- 62%
ক্ষত্ৰিয় -------- 5.5% -------12%
বৈশ্য -------- 6% --------13%

Obc -------- 52% ------ 7%
Sc St -------- 22.5% ------ 5%
সংখ্যালঘু --------- 10.5% ------- 1%

এই পৰিসংখ্যা চাই আপুনিয়ে কওকচোন আমি কিমান পিছ পৰি আছো ,তাতে অলপমান আগবঢ়াৰ ক্ষীণ আশাৰ ৰেঙণি এটা দেখা পাইছো ,তাতো নিজৰ জ্ঞাতিসকলৰে ষড়যন্ত্ৰ ,কুৎসা ৰচনা ,ডাঙৰ সংগঠন ,সৰু সংগঠন কিমান যে যুক্তি ,হেৰৌ ইমান বছৰে কত শুই আছিলা ,আজি কৈৱৰ্ত্ত সন্মিলনীৰ সৱল প্ৰদক্ষেপৰ বাবে আপোনালোককো যে চৰকাৰৰ ঘৰত আলোচনাৰ সমালোচনাৰ মাজেৰে নিজৰ সমস্যা দাঙি ধৰিবলৈ মাতিছে ,কথাষাৰ এবাৰ হৃদয়ঙ্গম কৰকচোন ৷ জাতিৰ স্বাৰ্থত অলপ এৰা ধৰাৰ মাজেৰে চলিব নোৱাৰি জানো ? ব্যক্তিগত স্বাৰ্থ আনৰ কথা অলপমান দিন বাদ দিয়কচোন ,নিজৰ বুকুত হাত থৈ জ্ঞাতিসকলৰ ভবিষ্যত, দুখ-দুৰ্দখা ,হতাশা বিলাক অনুভৱ কৰকচোন ৷
একতাই আমাৰ পৰম বল ৷

জয়তু কৈৱৰ্ত্ত একতা
জয়তু অসমীয়া কৈৱৰ্ত্ত সন্মিলনী

শ্ৰদ্ধাৰে
ঋতুপৰ্ণ দাস
সচিব (প্ৰশাসনিক ও বিত্ত ৷
সদৌ অসমীয়া কৈৱৰ্ত্ত সন্মিলনী ৷

বিঃদ্ৰঃ = কোনোবাজনে মৰণত শৰণ দি নদী পাৰ হৈ জাতিক একত্ৰিত কৰিবলৈ গৈছে ৷ কোনোবাজনে ২৫০ কিলোমিটাৰ সদায় অহা যোৱা কৰিব লগাত পৰিছে ৷ কোনোবাজনে নিজৰ স্বাস্থ্যৰ কথা চিন্তা নকৰি ইমুৰৰ পৰা সিমুৰলৈ ঘুৰিছে ,লক্ষ্য এটাই জাতিক কেনেকৈ একত্ৰিত কৰিব পাৰি ,উন্নতিৰ পথত আগবঢ়াই নিব পাৰি ৷

কোনোবাই মাথোঁ ফেচবুক ,Whatsapp ত কাৰোবাক সমালোচনা কৰিছে ৷ কোনোবাই নিজৰ স্বাৰ্থৰ কথা ভাবি জাতিক লৈ ৰাজনীতি কৰিছে ,ষড়যন্ত্ৰ ৰচিছে ৷
এষাৰ কথা আছে ,সময় মহা বলৱান ৷ সময়ে কাকো ক্ষমা নকৰে ৷ কৰ্মৰ ফল এদিন ভূগিবই লাগিব ৷

17/10/2021

সকলো অসমবাসী ৰাইজক কাতি বিহুৰ ওলগ জনালোঁ 🙏

Photos from সদৌ অসমীয়া কৈৱৰ্ত্ত সন্মিলনী's post 14/10/2021

১২/০৯/২০২১ তাৰিখে অনুষ্ঠিত হৈ যোৱা সোণাপুৰ স্থিত ময়ূৰ গাৰ্ডেনৰ সভাৰ কিছু দৃশ্য 😊

Photos from সদৌ অসমীয়া কৈৱৰ্ত্ত সন্মিলনী's post 11/10/2021

ভাৰতবৰ্ষৰ আৰু অসমৰ কৈৱৰ্তসকলৰ ইতিহাসৰ অলপমান তথ্য বিভিন্ন সমলৰ পৰা দাঙি ধৰিলো ,সদাশয় বন্ধু -বান্ধবী আৰু জেষ্ঠসকলক পঢ়িবলৈ অনুৰুধ জনালো |

কৈৱৰ্ত্ত # # #

মোৱামৰীয়া বিদ্ৰোহৰ সময়লৈকে আঢ্যৱন্ত কৈৱৰ্ত্তৰ কথা পোৱা যায়। কিন্তু বিদ্ৰোহৰ পাছত কৈৱৰ্ত্ত সকলৰ শক্তি নিৰ্মূল কৰিবলৈ মাটি-বাৰী কাড়ি লোৱা হ'ল আৰু চুটীয়াসকলৰ দৰেই কৈৱৰ্ত্ত সকলক বিভিন্ন অঞ্চললৈ ভাগ ভাগ কৰি খেদি পঠিওৱা হ'ল। ইয়াৰ আভাস ড. ধ্ৰূবজ্যোতি বৰাৰ "কথা ৰত্নাকৰ" কিতাপ খনত পোৱা যায়। এইয়া আন আন জাতি জনজাতিৰ বুদ্ধিজীৱীয়ে কৈৱৰ্ত্ত জাতিৰ উপৰত তেওঁলোকৰ গ্ৰন্থ সমূহত উল্লেখ কৰা কথা। এই বুদ্ধিজীৱী সকলৰ বহুতে অসমীয়া ভাষা সংস্কৃতিৰ বাবে কৈৱৰ্ত্ত সকলৰ অৰিহণাক স্বৃকৃতি দিয়ে আৰু কৃতজ্ঞতা জনাই। আৰু আন বহুতে কৈৱৰ্ত্ত সকলক পাকে প্ৰকাৰে অস্পৃশ্য বুজাবলৈ চেষ্টা কৰি অসমীয়া ভাষা সংস্কৃতি সমাজলৈ ডোম শব্দ আমদানি কৰি জাতিটোলৈ অন্ধকাৰ নমাই আনিলে। অসমীয়া জাতিটোৰ বাবে কৈৱৰ্ত্ত জাতিৰ অৱদান অশেষ বুলি জানি আহিছো লগতে কৈৱৰ্ত্ত সকলৰ পৌৰাণিক দিনবোৰ বৰ সুন্দৰ আছিল বুলি জনা যায় । কৈৱৰ্ত্ত সকলৰ জীৱিকা কি আছিল ?

যোগীনি তন্ত্ৰ মতে শাসক, *ৰজা হাজাৰাবৰ্মাৰ তাম্ৰ ফলিৰ মতে কৰ সংগ্ৰহকাৰী বিষয়া, *ৰাজতৰঙ্গীনী আৰু সম সাময়িক বৌদ্ধ ধৰ্মী পুথি মতে যোদ্ধা,
আহোম বুৰঞ্জী মতে নৌসেনা,
কিছু সংখ্যকৰ মতে সদাগৰ, *সাউদ, মুদৈ, নাবিক যি সকলে ২ হাজাৰ বছৰৰ আগতেই এই ভূখণ্ডৰ বাকী জাতি জনজাতি সকলৰ লগত ব্যৱসায় কৰিবৰ হেতু অসমীয়া ভাষাৰ সৃষ্টি কৰিছিল।

কৈৱৰ্ত্ত সকল কেতিয়াৰ পৰা মৎস্যজীৱি হ'ল? মাছ ধৰাটো এটা জীৱিকা হব নোৱাৰে যেতিয়ালৈকে মাছ বিকাটো জীৱিকা নহয়। কেৱল মাছ খাই জীৱন ধাৰণ কৰাটো এটা অমূলক কথা। তেনেহলে কৈৱৰ্ত্ত সকলে কাক মাছ বিকিছিল ? এই ভূখণ্ডৰ প্ৰতিটো জাতি জনজাতিয়ে মাছ ধৰাত পাকৈত আছিল, আহোম সকলে মাছ ধৰাটো এক ক্ৰিয়া হিচাপে লৈছিল, মিচিং সকল মাছুৱৈ, তিৱাসকলৰ মাছধৰা উৎসৱ পাতিছিল, বাকী কাৰ্বি বড়ো সকলৰ কথা নকলেওঁ হ'ব। মহেঞ্জোদাৰো হৰপ্পা সভ্যতাৰ সৃষ্টিকাৰী জলসিঞ্চন উদভাৱক দ্ৰাবীড় মূলীয় এই কৈৱৰ্ত্ত সকলে কৃষিকৰ্ম ত্যাগ কৰি মাছ ধৰাটো জীৱিকা হিছাপে লোৱাৰ সম্ভাৱনিয়তা সম্পৰ্কে গৱেষণাৰ যথেষ্ট স্থল আছে।
ৰজা ঘৰীয়াই যদিও হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল, অসমত সেই সময়ত আৰ্য্যৱৰ্ত্তত প্ৰচলিত চাৰি বৰ্ণ প্ৰথাটোৱে গা কৰি উঠিব পৰা নাছিল। কিন্তু ৰাজপুৰুহিত হিচাপে ন্যায়বাগীস কৃষ্ণৰাম ভট্টাচাৰ্যক কলকতাৰ পৰা আমন্ত্ৰণ কৰি আনি নিয়োগ কৰাৰ পাচত অসমৰ সমাজখনৰ আমোল পৰিৱৰ্তন ঘটিল। ৰাজপুৰুহিতে ৰজাক পতিয়ন নিয়ালে যে ধৰ্মৰক্ষাৰ বাবে সমাজখন চাৰি বৰ্ণত বিভাজন কৰি বৰ্ণ সমূহৰ মাজত চুৱা-পৰাচিত ব্যৱস্থাটো মানি চলাটো অতি প্ৰয়োজন। ৰাজপুৰুহিতৰ প্ৰৰোচনাত বৰ্ণ বিভাজনৰ কাম আৰম্ভ হ'ল। বৃত্তিয়াল, আন জাতি জনগোষ্ঠীৰ লগতে কৈৱৰ্ত্ত সকলো শূদ্ৰ জাতীৰ অন্তৰ্ভুক্ত হল। আনকি বিভিন্ন জাতি জনগোষ্ঠীৰে গথিত সেনাসকলো শূদ্ৰ শ্ৰেণীৰ অন্তৰ্ভুক্ত হল। সেই সময়ত বিদ্ৰোহৰ যুদ্ধত জুৰুলা , বিদ্ৰোহ দমনৰ নামত সৰ্বস্বান্ত, বিতাৰিত কৈৱৰ্ত্ত সকলক সমাজত আতাইতকৈ নিম্নতম স্থান দিয়া হ'ল। সেয়ে স্বৰ্গদেউ ৰাজেস্বৰ সীংহৰ আমোলত নতুনকৈ অহা ৰাজপুৰুহিত ন্যায়বাগীশ কৃষ্ণৰাম ভট্টাচাৰ্যৰ প্ৰৰোচনাত কৈৱৰ্ত্ত সকলৰ আৰ্থ-সামাজিক অৱস্থাৰ চৰম বিপৰ্য্যয় ঘটিছিল ১৭০০-১৭৫০ চনৰ ভিতৰৰ সময়ছোৱাত। কৈৱৰ্ত্ত সকলৰ উপৰত হোৱা নিৰ্যাতন চাই থাকিব নোৱাৰি ৰাজেস্বৰ সীংহৰ পিতৃ ৰুদ্ৰ সীংহৰ বিশাল নৌবাহিনি মকৰল হোৱা কৈৱৰ্ত্ত সৈন্য তথা বিষয়া সকলে ৰাজপৰিয়ালৰ বিৰুদ্ধে বিদ্ৰোহত ভাগ ললে। আৰু এয়ে মুৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি। সেই সময়তে কৈৱৰ্ত্ত সকলক সমাজৰ নিকৃষ্ট শ্ৰেণী বুজিবলৈ ডোম শব্দটো হিন্দুস্থানৰ পৰা অসমলৈ আমদানি কৰি আনি যুদ্ধ ভগনীয়া জৰাজীৰ্ণ অৱস্থাৰ কৈৱৰ্ত্ত সকলৰে উপৰত প্ৰয়োগ কৰিলে। এই ভূমিহীন কৈৱৰ্ত্ত সকলৰ বহুতেই জীৱন ধাৰণৰ বাবে মাছ ধৰা আৰু ছাউল আদি যাৱতীয় সামগ্ৰীৰ লগত বিনিময় কৰা আৰম্ভ কৰিলে আৰু বাকী খিনিয়ে সম্ভ্ৰান্ত আহোম বিষয়াৰ কৃষি কৰ্মত ব্ৰতি হ'ল। ৰাজপুৰুহিতৰ পৃষ্ঠপোষকতাত কৈৱৰ্ত্ত সকলক সহজে দুৰৈৰ পৰা চিনি পাব পৰাকৈ কপালত মাছৰ ছবি ক্ষোদিত কৰা আৰু ঘৰবোৰৰ আগফালে মাছৰ ছবি অঁকাৰো ব্যৱস্থা কৰিছিল। ৰাজেস্বৰ সীংহৰ আগলৈকে শংকৰদেৱৰ সময়লৈকে ১৪০০-১৫০০ শতিকালৈকে অসমত কেৱল কৈৱৰ্ত্ত শব্দৰহে প্ৰচলন আছিল ডোম শব্দ প্ৰচলন কোনো কালেই নাছিল। সেয়ে সেইসময়ৰ শংকৰদেৱকে আদি কৰি সাহিত্যিক সকলে তেওঁলোকৰ লেখনিত কৈৱৰ্ত্ত শব্দহে প্ৰয়োগ ডোম শব্দ নহয়।ডোম শব্দৰ প্ৰচলন থকা হ'লে তেওঁলোকে ডোম শব্দহে লিখিলে হয়। সমাজত কৈৱৰ্ত্ত সকলৰ স্থান উচ্চ আছিল। শংকৰদেৱৰ প্ৰধান শিস্যসকলৰ বহুতেই কৈৱৰ্ত্ত আছিল, তদুপৰি গায়ন বায়ন সকল, ধাইমাৰূপী চন্দৰী আই আদি সকলো কৈৱৰ্ত্ত মানুহৰে পৰিবেষ্টিত আছিল। কৈৱৰ্ত্তসকল ধৰ্মভীৰু জাতি। যোৱা দুটা-তিনিতা দশকৰ আগলৈকে আহোমৰ পৰা ফুলেশ্বৰী কুৱৰীৰ দিনত অৱনমিত হোৱা কৈৱৰ্ত্ত আৰু মটকৰ কৈৱৰ্ত্ত সকলক বাদ দি বাকী সকলো কৈৱৰ্ত্তই বৈদিক পন্থাত বিশ্বাস কৰিছিল আৰু ৰীতিনীতি সমূহ মানি চলিছিল। ক্ৰিয়া-কৰম, যাগ-যজ্ঞ বাবে প্ৰত্যেকখন কৈৱৰ্ত্ত অধ্যুষিত অঞ্চলত যথেষ্ট সংখ্যাক ব্ৰাহ্মণ পৰিয়ালে বাস কৰিছিল। এই ব্ৰাহ্মণ সকলো কৈৱৰ্ত্ত সকলৰ মাজৰে পুথি-পাজি পঢ়িব পৰা শিক্ষিত শ্ৰেণীটোৰে গঠিত হৈছিল। গোসাঁয়ে কৈৱৰ্ত্ত সকলৰ মাজৰে পঢ়িব জনা দুই এজনক এই দ্বায়িত্ব অৰ্পন কৰিছিল। ধৰ্মভীৰু হোৱা হেতুকে এসময়য়ত কৈৱৰ্ত্ত দান-বৰঙনীৰে কৈৱৰ্ত্ত সত্ৰকেইখন বিৰাট সমৃদ্ধ্শালী আছিল। কৈৱৰ্ত্ত সকলে বৈদিক পন্থা এৰি "এক শৰণ ভাগৱতী সমাজ, শংকৰ সমাজ, শংকৰ সংঘ" ইত্যাদি পন্থা লোৱাৰ ফলত ব্ৰাহ্মণ গোসাঁই আৰু কৈৱৰ্ত্ত সত্ৰসমূহ এলাগি হ'ল। কৈৱৰ্ত্তসকল ধৰ্মভীৰু জাতি। আজিৰ পৰা ৪টা বা ৫ টা দশক আগতে ফুলেশ্বৰী কুৱৰীৰ দিনত আহোমৰ পৰা অৱনমিত হোৱা আৰু মটকৰ কৈৱৰ্ত্ত সকলক বাদ দি বাকি থকা সকলো কৈৱৰ্ত্তই বৈদিক পন্থাত বিশ্বাস কৰিছিল। ক্ৰিয়া-কৰম আৰু বৈদিক ৰীতিবোৰ পালনৰ বাবে কৈৱত্ত গাওঁবোৰত বহুতো ব্ৰাহ্মণ পৰিয়ালে বাস কৰিছিল।এই ব্ৰাহ্মণ সকল মূলতে শিক্ষিত কৈৱৰ্ত্ত আছিল ৷ শংকৰদেৱৰ কৈৱৰ্ত্ত শিষ্যসকলক ধৰ্মপ্ৰচাৰৰ দ্বায়িত্ব দিয়াত তেওঁলোকে সূদিৰ গোসাঁই হিচাপে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কেইবাখনো সত্ৰ প্ৰতিস্থা কৰি ধৰ্ম প্ৰচাৰ চলাই গৈছিল। এই সত্ৰ সমূহৰ ভিতৰত তেজপুৰৰ নিকামূল, গোলাঘাটৰ নগুৰা, ডিব্ৰূগড়ৰ দিহিঙীয়াকে আদি কৰি ৯ খন প্ৰধান সত্ৰ। এই সত্ৰাধিকাৰ সকলৰ আজিৰ প্ৰজন্মই যদিও গোস্বামী মহন্ত আদি উপাধি লিখে , তেওলোকক বহুতেই ডোমৰ গোসাঁই বুলি উপলুঙা কৰে। অসমৰ স্বনামধন্য বুদ্ধিজীৱী সকলেও তেওঁলোকৰ উপন্যাস আদিত তেওঁলোকক কৈৱৰ্তৰ লগত সাঙুৰি অপমান কৰাৰ বহু উদাহৰণ আছে। বতৰ্মান এই সত্ৰ সমূহৰ কিছুমান বেদখলকাৰীৰ কবলত পৰিল। বামুণ ,গোস্বামী বিলাকেও চহৰলৈ গৈ আন আন বামুণ গোসাঁইৰ লগত সমাজ পাতিলেগৈ........... কোন কৈৱৰ্ত্তৰ গোসাঁই, কোন নহয় চিন চাব নোহোৱা হল। বুৰঞ্জীৰ পৰা এটা কথা অনুধাৱন কৰিব পাৰি যে ব্ৰাহ্মণ আৰু বেঙ্গলী সকলৰ বাবেহে কৈৱৰ্ত্ত সকল মৎস্যব্যৱসায় আৰম্ভ কৰিলে......কিয়নো কেৱল মাত্ৰ এই দুটা জাতিয়ে মাছ ধৰিব নাজানে কিন্তু খাই ভাল পায়। ব্ৰিটিছ গেজেটত উল্লেখ আছে যে ব্ৰিটিছ আমোলত অসমৰ লক্ষীমপুৰ জিলাৰ পৰাই আতাইতকৈ বেছি ৰাজহ সংগ্ৰহ হৈছিল আৰু সেয়া আহিছিল বিল ডাকত লোৱা কৈৱৰ্ত্ত বিষয়া সকলৰ পৰা, অৰ্থাৎ মৎস্যব্যৱসায়ৰ পৰা।
অসমৰ খিলঞ্জীয়া কৈবৰ্ত্ত সকলৰ বিস্তৃত ইতিহাস আছে। এই জনগোষ্ঠীটোৱে অতীত অসমক জিলিকাই ৰাখিছিল। বৈদিক যুগৰ এই জনগোষ্ঠীটো কৈবৰ্ত্ত বুলি পৰিচিত । এই জনগোষ্ঠীটোৱে ২ শতিকাৰ পৰা ১৬ শতিকালৈ অসম ৰাজত্ব কৰিছিল। বহু পন্ডিতে এই জনগোষ্ঠীটো অসমৰ সবাটোকৈ পুৰণি জনগোষ্ঠী বুলি প্ৰমাণ কৰিছে। প্ৰচলিত ভিন্ন মত অনুসৰি কৈবৰ্ত্ত সকল দ্ৰাবিড় আৰু তেনেকৈ বহুসংখ্যকে আয্যʼ বুলি নিৰ্ণয় কৰে। নৃতত্ব বিজ্ঞানৰ বিশ্লেষণ অনুযায়ী এওঁলোক অধিকাংশই দেখাত দ্ৰাবিড় জনগোষ্ঠীৰ ।
এম. এল. কাঠবৰুৱাই এওঁলোক ওখ খাপৰ সু-সভ্য জাতি বুলি উল্লেখ কৰিছে। (অসম বুৰঞ্জী ৪থ´ অধ্যায়, পৃ: ৯) আৰ্য্য আৰু দ্ৰাবিড় মিশ্ৰত বংশধৰৰুপে সৰযূৰ কৈৱৰ্ত্ত সকলে প্ৰথমে অসমৰ নামনি অংশত লৌহিত্যপুৰ ৰাজ্য স্থাপন কৰিছিল। নাগশংকৰ ৰজাই শোণিতপুৰৰ প্ৰতাপগড়ত ৰাজধানী পাতি লৌহিত্যপুৰ নামেৰে ৰাজ্য প্ৰতিস্থা কৰিছিল। এৱেঁই শিৱ দেৱালয় স্থাপন কৰিছিল পুখুৰি খন্দাইছিল। এই দেৱালয় নাগশংকৰ মন্দিৰ হিচাপে জনাজাত আৰু আজিও সাক্ষ্য বহন কৰি আছে। পাছৰ কৈৱত্ত´সকলে অসমৰ নামনি আৰু মধ্যভাগত ৰাজ্য স্থাপন কৰিছিল। নগাৱঁৰ ডবকা ৰাজ্যৰ ৰাজধানী চম্পাৱতীত ৭০০০ ধনী সদাগৰে বানিজ্য কৰি উন্নতিৰ শিখৰত আছিল। সমুদ্ৰগুপ্তৰ এলাহাবাদ শিলালেখত কপিলীভেলীৰ ডবকা যে এখন স্বাধীন ৰাজশাসিত অঞ্চল আছিল তাৰ প্ৰমাণ পোৱা যায় ৷
ৰজা হজ'ৰবৰ্মনৰ (৮২০-৮৩৫ খ্ৰী:) ৰাজত্বকালত নৌশক্তি যথেস্ট শক্তিশালী আছিল। এই নৌ শক্তিৰ মূলতেই আছিল কৈৱৰ্ত্ত সকল। নৌ বাহিনীৰ সৈন্যসকল অৰ্থাৎ কৈৱৰ্ত্ত´সকলে ব্ৰহ্মপুত্রৰ পাৰত বৰ্তমান তেজপুৰৰ জাহাজঘাটৰ প্ৰায় এমাইলমান ভেটিত এটা ছাউনীত নিজ শক্তি অনুশীলন কৰিছিল। কৈৱৰ্ত্তসকলে সততে নিমাখিত অন্য ব্যৱসায়ী নাৱৰীয়া সকলৰ লগত কাজিয়াত লিপ্ত হৈছিল,যি বোৰ অন্য নাৱৰীয়াৰ নাৱে নৈ বাহিনীক আহুকাল লগাইছিল, সেইবোৰ তেওঁলোকে কাঢ়ি আনি নিজৰ কৰি লৈছিল। কেতিয়াবা নদীত ডুবাইও দিছিল। এনে ধৰণৰ বিবাদে তুংগত ঠাই পোৱাৰ বাবে এটা ৰাজ আদেশ জাৰি কৰিছিল আৰু এই আদেশ নদীৰ পাৰৰ এটি শিলত খোদিত কৰি ৰখা হৈছিল (৫২০ গুপ্তাব্দ, ৮২৯ খ্ৰী:)। উক্ত আদেশমতে কোনো অন্য নাৱৰীয়াই তেওঁলোকৰ নাওঁ ভৰা সুঁতিলৈ নিব নোৱাৰিব অাৰু যি এই নিয়ম উলংঘা কৰব তেওঁ পাচঁ পইচা জৰিমনা ভৰিব লাগিব। উক্ত ৰাজ আদেশ লিখা শিলটো এতিয়াও আছে। (Asomiya Sanskritir Patabhumi: An Assamese Version of Rajmohan Nath's book the Background of the Assamese Cultural by Bhabskanta Nath)
ইয়াৰ পৰাই কৈৱৰ্ত্তসকল যে মাছমৰীয়া নাছিল নিসন্দেহে ঠাৱৰ কৰিব পাৰি।
ড° সূয´কুমাৰ ভূঞাই অসম ইতিহাসত উল্লেখ কৰিছে যে নাগাক্ষ বংশৰ আৰিমত্ত ৰজাই ১৪ শতিকাত মাজুলি আৰু বহ্মপুত্ৰৰ উত্তৰ পাৰে ৰাজত্ব কৰিছিল ৷ প্ৰতাপী আৰিমত্ত ৰজা সুন্দৰ সুঠাম দেহৰ দেখত আঁৰি মাছৰ দৰে, সেয়ে তেওঁ আৰিঁমত্ত বুলি পৰিচিত। তেওঁ নিজ বাহুবলেৰে সেই সময়ৰ সৰু সৰু ৰাজ্যসমূহ জয় কৰি ৰাজ্যৰ চাৰিসীমা বৃদ্ধি কৰিছিল। এওঁ কামৰূপৰ সৌমাৰপীঠৰ, কামপীঠ, সুবণ´পীঠ আৰু ৰত্নপীঠ নামৰ চাৰি পীঠৰ অধিকাৰী আছিল। হৰগৌৰী সম্বাদমতে আৰিমত্ত জিতাৰী বংশৰ শেষ ৰজা ৰামচন্দ্ৰ পুত্ৰ যিজনক কৈৱত´ হিচাবে জনা যায়। আৰিমত্ত শশাংক বুলিও জনা যায়। অসমীয়া লিখিত সাহিত্যৰ নিদশ´ন হিচাপবে চৰ্যা পদসমূহৰ মূল্য অপৰিসীম। এই চযা´পদৰ ৰচক হ'ল মীনাপা। সেই সময় চৌৰাশী সিদ্ধৰ ভিতৰত লুইপা আৰু মীনাপা ভাৰতবষ´ৰ দুখন বিশ্ববিদ্যালয় ক্ৰমে বিক্ৰমশীলা আৰু নালন্দাৰ আচাৰ্য্য আছিল। অসমত বাস কৰা সকলো জাতি জনগোষ্ঠীৰ নিজা ভাষা বা দোৱান আছে ,কিন্তু কৈবৰ্ত সকলে অসমীয়া ভাষাৰ বাহিৰে বেলেগ ভাষা ব্যৱহাৰ নকৰে ,কাৰণ কৈৱৰ্ত্ত সকলৰ এটাই ভাষা আছিল, যিটো ভাষা কৈৱৰ্তৰ পূৰ্বপুৰুষ সকলৰ দ্বাৰা অসমৰ বাবে দান আছিল ৷
ওৰিষ্যা ,বেংগল ,অসম এইবিলাক অঞ্চলত কৈবৰ্ত সকলে ২০০০ বছৰত কৈও আগতে শাসন কৰাৰ কথা বুৰঞ্জীত উল্লেখ আছে ৷

অসমীয়া ভাষাৰ প্ৰাচীন জকাটো কৈৱৰ্ত সকলৰেই সৃষ্টি, এই কথা সত্য ৷ কৈৱৰ্ত সকলৰ মুখৰ ভাষাকেই মূল উৎস হিচাৱে লৈ ইংৰাজ সকলে আধুনিক ৰূপ প্ৰদান কৰিলে ৷ তাৰো বহু প্ৰাচীন কালতে মৎসেন্দ্ৰ নাথ নামৰ কামৰূপৰ এজন বৌদ্ধ সিদ্ধাচাৰ্যই বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে যি গ্ৰন্থ লিখিছিল তাত থকা দোহাবোৰ (চৰ্যাপদ") যি ভাষাত লিখিছিল সেইয়াই কৈৱৰ্ত্তৰ মুখৰ ভাষা আছিল ৷ মৎসেন্দ্ৰনাথো এজন কৈৱৰ্ত আছিল ৷ প্ৰাচীন কামৰূপত জনজাতি সকলক বাদ দি অধিক সংখ্যক বাসিন্দাই কৈৱৰ্ত আছিল ৷ সেই কথা ইংৰাজ শাসন কাললৈকে সত্য আছিল ৷ ইংৰাজৰ দ্বাৰাই কৰা ১৮৪০ চনৰ লোকপিয়লত ৰিপৰ্টত তাৰ প্ৰমান পাব ৷ পিছলৈ পশ্চিমৰ পৰা অহা ভাৰতীয় পণ্ডিত সকলৰ আৰ্যকৰনৰ প্ৰক্ৰিয়াত নিজৰ কূল লুপ্ত কৰি বহু কৈৱৰ্ত্তই উচ্চ বৰ্ণলৈ ৰূপান্তৰিত হৈ পৰিল , সেই সকলে এতিয়া নিজকে বহুতে ব্ৰাহ্মণ,কায়স্ত,কলিতা ইত্যাদি ৰূপে পৰিছয় দিয়া হল ৷

মীনাপাই চযা´গীত ৰচনা কৰাৰ উপৰি "কামশাস্ত্র স্মৰদীপিকা" আৰু "বাহ্যান্তৰ বোদ্ধিচিত্ত বন্দোপদেশ" নামৰ গ্ৰন্থ লিখিছিল। সেই গ্ৰন্থসমূহেই সুসভ্য কৈৱত´সকলৰ অতীত বুৰঞ্জীৰ কথা প্ৰমাণ কৰে।

# #সম্ৰাট নৰকাসুৰৰ সমসাময়িক ,সম্ৰাট মহীৰঙ্গ দানৱ ,মহাৰাজ দীৱেশ্বৰ ,পৰৱৰ্তী সময়ৰ মহাৰাজ পৃথু ,শালস্তম্ভ বংশ ,মহাৰাজ কালুভূঞা আদি বহুতো তথ্য পৰৱৰ্তী সময়ত প্ৰকাশ কৰিম ৷

(ঋতুপৰ্ণ দাস ,তিনিচুকীয়া )

🙏Kaibartas🙏

The Kaibartas are found to be one of the aboriginal ethnic groups that inhabited in Orrisa, Bengal and Assam from unknown past. The most established theory is that the Kaibartas are Dravidians or they belong to Dravidian stalk. They were the makers of civilization in the Indus valley at Harrappa and Mohenjodaro-the developers of Indian writings, township and drainage and central heating system before 2500BC.

The peopleThese people were of a royal tribe. Historians such as Jagabandhu Singh have referenced the Padma Purana and the Brahmavaibarta Purana and have come to the conclusion that Mahishyas and Kaivarttas (Kaibarttas) are the same caste. In general terms, "the child born of a Kshatriya father and Vaisya mother is called a Kaivartta or Mahisya". For whatever reason, the Mahishyas migrated from Ayodhya and entered what is now Midnapore through the Chota Nagpur Plateau. Biharilal Kalye believes that the founder of the Ganga Dynasty of Orissa, Anantavarma belonged to the Mahishya race. The Mahishyas, like the Kaibarttas, were originally fishermen, but today they are engaged in agriculture. There are two sects of Kaibarattas - the Jele Kaibarttas (fishermen) and Hele Kaibarttas (farmers).

OriginIn Sanskrit, the word 'kaivartta' means one who depends on water, in other words, the community that earns its livelihood from related occupation. Anthropologically, they belong to the Dravidian origin. According to historical documents, the Kaivarttas were living in Kamrup even before the 9th-10th century AD. They came to Mjauli in mid 17th century tempted by the conditions conductive to their fishearning occupation. The Kaivarttas of Majuli have extended valuable contribution to its political, social, economic and cultural life.

The people are spread through a geographic location extending from modern-day Maharashtra, Chattisgarh, and Orissa. The Bengali historian Sevananda Bharati is of the opinion that the ancient home of the Mahishya race is near the present day Ratnavati on the bank of the
Narmada River, which was then known as Mahishamati. The people having surname GANGI mong Mudiraj seems be descended from professional fishermen background. They could be the people who are some times known as Gangi Makkalu. They seems to be the people descended from Western Gangas who assumed the title of Muttarasa. Some of them still claim to be Mudiraju, to be more specific, they call themselves as Gangi Makkalu Mudiraju. The people having surname Gangireddy could also the people of Western Ganga race.

N.N. Basu, who has translated the inscriptions of the imperial Gangas has mentioned that the first Ganga king Ananta-varman and his descendants, who ruled over Gangabada or Gangabadi were also called Rudhi Ganga. 19 It may be mentioned here that the word radhi or rudhi was applied to the Kaivarttas who inhabited the entire east coast region stretching from the mouth of river Ganges to the river Godavari in the South. It has been mentioned earlier that apart from the Ganga dynasty another dynasty called Ganga Vamsa has been living at different places of India. They are identified as kaivarttas, Keutas and Dhivaras.

Trying to identify them, E.Thurston has said, the Jallaries are Telugu Fishermen, Palanquin bearers and cultivators. 'Jallaries' is derived from Jala, a net. Some are fresh water fishermen, while other fish with a cast-net (Visuru Valalu) from the sea shore or on the open sea.
They bear the name Ganga Vamsamu, or people of Ganga, in the same way that a division of the Kabbera fishing caste is called Gangimakkalu.
In caste Organisation and ceremonials, the Jalaries coincide with the Milas. They are called Noliyas by the Oriyas of Ganjam. Speaking about the Kabberas mentioned above, Thurston has said elsewhere:
Gangimakkalu or Gangaputra meaning children or sons of the Ganga, the Goddess of water is the name a subdivision of Kabbera . The allied Gangavamsamu or people of Ganga is a name for Jalaris. The Kabberas are a caste of Canarees fishermen and cultivators. The Keutas worship especially Dasaraja and Gangadevi.

Kalabhras => Kalabras => Kalbaras => Kalberas => Kabberas Kabberas=> Kabbelas =Kabbeligas => Kabbaligas

It is widely believed that Mudirajas are the descendants of Kalabhras.
It is a well known fact that huge population of Mudirajas are kolis spread into South India. Kabbaligas are also known as kolis in Karnataka. Today Kabbaligas demanding Scheduled Tribe status in Karnataka. Saint Purandara das who migrated from Maharastra to
Karnataka during Vijayanagar rule once told that he was a Kabbaliga (Koli Nayak). Kabberas seem to be either Kalabhras or related to Kalabhras, who invaded to South India uprooting the well establish kingdoms of Chola, Chera and Pandyan.

In Karnool district, various persons actually belonging to communities such as Maddi (dying ofcloths) , Bestha (fishing), Sunnapollu (lime manufacturing), Gangi Makkalu Mudiraju (agri), Kabbera, which are Telugu Caste group are to be known as "Bariki" are having marital relationships with all other non-Scheduled Caste Communities of various "Telugollu" Caste groups. Tenugus are a subcaste of Mudiraj in Telangana.

They were given Barika Inam lands for their services rendering menial services to the officials visiting the villages and in due course they came to be known as Barikas.The Maddi, Kabboar, Gangi Makkalu, Telugu and similar communities also have to be known as Barikas They are neither un-touchables nor do they suffer from discrimination in regard to access to public places. The Barikas are not SCs and entirely different from the Community denoted by the term Bariki included in the list.

Chaiti Ghoda Dance of OrissaThis folk items is connected with the Sakti cult of coastal Orissa confined to the people of Kaibarta caste only. This festival is observed by the Kaibartas in the month of Chaitra from the fool moon day to eight day of Vaisakha in honour of
their caste deity Vasuli devi. A horse ridden man with the head of a horse well-dressed and trunk built of bamboo, dances to the tune of Dhola and Mahuri accompanied by songs composed by the local poets. The dancing party consists of two dancers, one male and one female, a drumer and a piper. The Kaibarta song of Achutananda Das, (one of the poets of Pancha Sakha group flourished in the sixteenth century) is believed to be only religious text of the Kaibartas. The origin of this dance goes back to the hoary past.

The goddess Vasuli is held very high among the Kaibartas. Here it may be mentioned that the goddess has a wide distribution in Orissa, but is considered to be the oldest in Puri where Raja of Puri provided land grants for regular worship of the deity. Vasuli in many places is taken to be one of the manifestations of the Durga and one of sixty- four Yoginis.

The horse dance is very popular and attracts a large audience. The performing group consists of three main characters- Rauta, Rautani and the Horse dancer, besides the drummer and the piper. The songs recited in the performace consists of the episode from mythology. Rautani is Rauta's Co-dancer and Co-singer.

Gangas ,Kaibarttas and tambura clan:'Dr. Nagaswamy, in his Mutharayar - defines them (Mutharays) as Ganga Kings of Kongani belonging to Tamil Mudhu Velir kudi.

After obtaining an easy victory over the Ganga king Muttarasa ruling in Gangavadi, Govinda III, the son and successor of Dhruva led victorious campaigns in Central and Northern India. The Rastrakuta family produced several great conquerors, who boldly invaded north and south India and achieved memorable victories. Dhruva (A.D. 780—793) was the first among them.

Kings of Ganga dynasy claimed their descent from solar race kings. The Madalapanji and Korni copperplate inscription of Chodaganga Dev that
the Gangas are the descendants of a king or an individual named Gangeya who belonged to the solar dynasty. Gangeya was Bhisma and the son of Ganga. Ganga was born in a Kaivartta hamlet on the Ganges Valley. Ganga devi was a fisher-woman and beloned to Mahishya or a Kaivartta. When her relationship with Santanu was severed, she, along with her eighth child, had returned to the same Kaivartta hamlet and reared him up. Later on this child came to be known as Gangaputra (son of Ganga) or Gangeya. Since Santanu was from solar race, gangeya was recognized as suryavamsi and hence chodaganga claimed descendancy from solar race. The origin of the Ganga royal dynasty and that of the
common people of Ganga dynasty were one and the same and all of them belonged to the Kaivartta or Mahishya community. Hence we can say that the Ganga dynasty has originated from the tradition rich, glorious and ancient Dasa-Kaivartta race or community.

We find two major dynasties in South India, over the period, known as the Eastern Gangas and the Western Gangas. The empires spread from Karnatak, to Orissa, to Andhra Pradesh. The Southern Gangas histories state that they came south from North India. About 500 CE, led by leader Vishnugupta. They were originally from the land between the Ganga and the Jumna /Yamuna rivers. They are linked to Ahichtra and Ayodhyapur in the Ganga/Jumna basin.

In the Andhavaram copperplate inscription of Indravarman III of Ganga dynasty, the Gangas are described as the descendants of the Tumbura' dynasty. It is mentioned in the Vayu Purana that at the foot hills of the Vindhyas, there was a Janapada (human habitation) named Tumura, Tumbura. The Janapadas such as Tosali, Kosala, Tripura, Vidisha, Tumura, Tumhura, Nishadha, Anupa, Sundhikera, Vitihotra and Abanti are at the foot of the Vindhyas. This implies that all these Janapadas are
to the north of the Vindhyas.

Mr. Dubey has identified the Tumbura-race with Mashyas. Quoting evidences from the Padma Purana and Brahmavaibarta Purana, the historian Jagabandhu Singh has established that the Mahisyas and the Kaivarttas are virtually the same. In his opinion, the child born of a Kshatriya father and Vaisya mother is called a Kaivartta or Mahisya.
According to the Bengali historian Sevananda Bharati, the primary abode of the Mahisya-race was located in the northern bank of river Narmada, which originated from the foot hills of the Vindhyas. The present day Ratnavati on the bank of river Narmada is perhaps another
name of the ancient city Mahishimati. It was the old capital of the Mahishyas. Therefore, it had the name Mahishimati Nagari (the city of Mahishimati). Mahishmati was the capital of Chedis (Haihayas) and ancestors of Kalachuris and Kalabhras.

Several theories have A few inscriptions state they belogned to Jahnaveya kula and Kanvayana gotra prompting some historians to believe the Gangas were immigrants from the Northern India and descendants of the Kanva dynasty.Others believe they hailed from Kongu
Nadu in present day Tamil Nadu since some Tamil inscriptions call them Konganiyarasa Other inscriptions state they were descendents of Andhra Ikshvaku dynasty who came to power after the fall of the Satavahana empire during the 3rd century. Hence it is argued they earlier must have ruled in Andhra Pradesh as successors of the Satavahana.

Mahishya often also spelled as Mahisya, is a Hindu caste. Members of this caste are traditionally found in the Indian states of West Bengal and Orissa. Mahishyas are one of the predominant castes in West Bengal especially in the southern districts of Howrah. Mahishyas and Kaivarttas (Kaibarttas) are the same caste. the child born of a Kshatriya father and Vaisya mother is called a Kaivartta or Mahisya.

Kaivarttas are spread through a geographic location extending from modern-day Maharashtra, Chattisgarh, and Orissa. The ancient home of the Mahishya race is near the present day Ratnavati on the bank of the Narmada River, which was then known as Mahishamati. Biharilal Kalye believes that the founder of the Ganga Dynasty of Orissa, Anantavarma belonged to the Mahishya race.

Western GangasA 10th century Pallava inscription calls them descendents of two princess from Ayodhya who founded a kingdom in Cuddapah with Perur as their capital before the 4th century later moving their capital to Kolar and finally in 466 to Talakad in present day Karnataka. Talakkad was patronized by the Western Gangas in the first millennium CE. The history of the ancient temple city of Talakad, a pilgrimage site, has become lost in time. The illustrious and powerful Western Gangas ruled from 350 to 1050 AD until they were overthrown by the Cholas in the 11th century.

The area they controlled was called Gangavadi and primarily included the present day districts of Mysore, Chamrajanagar, Tumkur, Kolar, Mandya and Bangalore. At times they also controlled small areas in TamilNadu and Andhra Pradesh. In their early years they were
feudatory to Pallavas and directly ruled Kolar and the Kongu Nadu on their behalf and at other times independently.
Hence the region was also known as Nollambavadi. They continued to rule until the 10th century as feudatories of Rashtrakuta and Chalukyas.

It is known from the Vizagpattanam & Korni copperplate inscriptions of Chodaganga Dev that by 5th century A.D., eighty kings of the Ganga dynasty had ruled over Gangabadi of Kolahalpur. In this context we may mention that historians have agreed that the Mahabharata war was fought in 9th century B.C. This means the Ganga dynasty had appeared and achieved renown much before the events described in the epic Mahabharata. It has been noted above that Sevananda Bharati has established ancient Tamralipta or Modern Tamluk as the primary abode of the Ganga dynasty. The inscriptions of the imperial Gangas has mentioned that the first Ganga king Ananta-varman and his descendants, who ruled over Gangabada or Gangabadi were also called Rudhi Ganga. It may be mentioned here that the word radhi or rudhi was applied to the Kaivarttas who inhabited the entire east coast region stretching from the mouth of river Ganges to the river Godavari in the South.

Rudhi => Radhi => Redhi => Reddi => Reddy

The Jallaries are Telugu Fishermen, Palanquin bearers and cultivators. Jallaries' is derived from Jala, a net. Some are fresh water fishermen, while other fish with a cast-net (Visuru Valalu) from the sea shore or on the open sea. They bear the name Ganga Vamsamu, or people of Ganga, in the same way that a division of the Kabbera fishing caste is called Gangimakkalu. In caste Organisation and ceremonials, the Jalaries coincide with the Milas. They are called Noliyas by the Oriyas of Ganjam. Gangimakkalu or Gangaputra meaning children or sons of the Ganga, the Goddess of water is the name a subdivision of Kabbera. The allied Gangavamsamu or people of Ganga is a name for Jalaris. The Kabberas are a caste of Canarees fishermen and cultivators. The Keutas worship especially Dasaraja and Gangadevi.

First, the Kaivarttas were divided in to two parts. Those who resorted to cultivation were called Halias(cultivators). Those who earned their livelihood with nets were called Jalia or Jalua (fishermen).

Kabberas => Kabbelas => Kabbalas => Kabbaligas

Kabbaligas are fishermen of Karnataka in the region that falls under erstwhile ganga dynasty. They claim to be the Mudiraj or equivalents of Mudiraj.

Mother Ganga, the water Goddess, is their chief deity and they claim that they are the descendants of Ganga. They think that the famous Ganga kings of Kalinga belonged to the different branches of their race. Kaivarttas belonging to Ganga dynasty and living in the coastal areas call themselves Jajari. They are seen in the entire east coast region starting from Midnapur to Rameswar in the south. The Jalari fishermen living in Ganjam (Orissa) and Andhra Pradesh have different names like Jalari, Nolia, Barakotia, Satakoshia, Panerundu kotala, Edukotala, Jona, Buguri, Bauri, Behera, etc.

The Jalaris of Ganga dynasty claim that they had built the famous ports of kalinga namely Peddapatna, Visakhapatna, Revalpatna and Vimilipatna. They invite the people of their own caste living in these places to their marriage ceremonies. The chief occupations of these Kaivarttas were cultivation, fishing and maritime trade and expedition. The maritime trade of ancient Kalinga for which the Oriyas are proud was virtually controlled by the Kaivarttas.
The adventurous Kaivartta sailors were sailing in the sea in their boats for months together and were carrying on trade in the distant islands in the sea.

Kaivaratta people were acting as Dalapati (leader) of the Navy of the Gajapati kings of Ganga dynasty. From this it appears that they had relationship with Ganga dynasty. From ancient times Bashuli (Basheli), the tutelary deity of the Kaivarttas continues to be worshipped in the palace of the Gajapati king of Puri with pomp & ceremony. the appears that in the ancient days these Kaivarttas and their tradition had close relationship with the kings of Ganga dynasty. Twelve kalinga coins of the time of king Anantavarma Chodaganga Dev have been discovered from Kalingapatna, a place near Mukhalinga, which was once upon a time the capital of Kalinga. On one side of the fifth coin, there is the impression of a boat. The Life Style of the Fisherman of the Chilika Region, has mentioned that the fishermen or the Kaivarttas of Chilika region worship Goddess Ganga. These Kaivarttas are identified as Vaisyas from the point of view of their nature, Activities and occupation.

The Dasas (Dasa) belong to the class of Dhibaras or Keutas (fishermen). The Ganga dynasty is the part of a great ancient Kaivartta or Dasa dynasty. Their original abode was located in the basins of rivers such as Sindhu, Saraswati, Saraju, Yamuna, and the sacred Ganga flowing in the north western frontiers of India. The mouth of river Ganga identified as Gangaridai was included in the above regions. For this reason, even after the rise and fall of a long historical period, they feel proud today by identifying themselves with Ganga dynasty or by calling themselves sons of Ganga. They have been worshipping mother Ganga as the primordial mother. Mount Kailash was the prime place of worship of the Linga worshippers or the devotees of Lord Shiva. The Hindus believe that the river Ganga had emerged from the matted hair of Shiva. Therefore, Ganga is treated as the most sacred river of India. Possibly for this reason the people of Ganga dynasty have thought it proper to identify Ganga as the primordial mother even though they lived in the basins of different rivers in the past.

The Gola caste is an important branch of Go-oda or Gauda caste. Like the Keutas or Kaivarttas they claim that they belong to Ganga dynasty and that mother Ganga or Gangamma is their mother (Goddess).
The icon of Gangamma is carved in the walls of their houses. The face and eyes of this icon are round and it has neither limbs nor body. They think one of their branches had conceived the image of Lord Jagannath. One of their branches is called Gangaudu or Gangidu. From the above description it is obvious that apart from the Ganga dynasty, a community called Gangavamsa lived in different parts of India. They are identified as Kaivartta, Keutas or Dhibara. It will be reasonable to say that the Ganga Dynasty had originated from the Kaivarttas belonging to the Ganga race.

It is known from history that these Kaivarttas have been living in large numbers in areas stretching from the mouth of river Ganges, the Gangaridai region through the entire eastern coast of Kalinga up to Rameswaram in Tamilnadu. Besides they are also living in large numbers in the basins of the rivers namely, Ganga, Yamuna and Saraju of Northern India. They also live in Maharashtra, Mysore and the Vindhya regions. The people of Madras originated from the ancient Tamralipta race. The Kaivartta-race and the Mahishya-race are basically one and the same.

The Gangas were an important ruling dynasty of ancient Karnataka. They are also known as Western Ganga dynasty to distinguish them from the Eastern Ganga dynasty. They ruled as a sovereign power during 350 - 550 period initially from Kolar later moving their capital to Talakad on the banks of the Kaveri River in modern Mysore district. Relationship with the Chalukyas and later the Rashtrakutas. Their rule over Southern Karnataka resulted in the construction of fine monuments in Shravanabelagola and Kambadahalli. They patronised fine arts due to which literature in Sanskrit and Kannada flourished.

According to one inscription the Ganga dynasties of Karnataka and Kalinga had come from Northern India. In the opinion of Dr. N. K. Sahu, both the western and eastern Ganga dynasty belong to one and the same dynasty and they came from North India in 5th century A.D. and established new kingdoms in Kalinga and Karnataka respectively.

The Western Gangas ruled in Mysore state (Gangavadi) from about AD 250 to about 1004. The Eastern Gangas ruled Kalinga from 1028 to 1434–35. These two dynasties were distinct but remotely related. The first ruler of the Western Ganga, Konganivarman, carved out a kingdom by conquest, but his successors, Madhava I and Harivarman, expanded their influence by marital and military alliances. They encouraged scholarly work, built some remarkable temples, and encouraged cross-peninsular trade.

The Western Gangas and the Kadambas of Banavasi founded, almost coevally, in the middle or second half of the 4th century A.D., the first two sovereign kingdoms of Karnatkaka, by virtues of their location in between the Tamilian and Karnataka powers, the Gangas served as an effective buffer state and theri inscriptions provide
enough data on the close contacts they had established with the powers, people and cultures both to the north and the south.

Kaibartas of Midnapur:The early history of Midnapur centres round the ancient town of Tamluk, which was in the beginning of the 5th century an important Buddhist settlement and maritime harbour. In the middle of the 7th century, Hiuen Tsiang, the celebrated pilgrim from China, describes Tamliik as a great port, with ten Buddhist monasteries, a thousand monks, and a pillar by King Asoka 200 feet high. According to the earliest Hindu legend, it was distant from the coast about 8 miles ; and so steadily has the process of land-making at the mouth of the Hiigli gone on, that at present it is fully 60 miles from the sea. The earliest kings of Tamluk belonged to the Peacock dynasty, and were Kshattriyas by caste. The last of this line, Nisankha Narayan, died childless ; and at his death the throne was usurped by a powerful aboriginal chief named Kalu Bhuiya, who was the founder of the line of Kaibartta or fisher-kings of Tamluk. The Kaibarttas are generally considered to be descendants of the
aboriginal Bhuiyas, who have embraced Hinduism.
The present Kaibartta Raja is the twenty-fifth in descent from the founder.

References

^ Gaude Brahmana-Mahima Ch. Mazumdar
^ Tribes and castes of Bengal-Sir Harbert Risley
^ Imperial Gazetteers of India, Vol. 1
^ Utkalre Bauddha yugara Itihasa O’ Anyanya Prabandha-Birupaksha Kar
^ Wilson’s World History
^ The Kaibarttas in Assam-Ms. Dibya Das & P. Hazarika
^ Ethnography (castes and tribes) 1912- Sir Athelstane Baines .
GOOGLE & WIKIPEDIA

Want your organization to be the top-listed Non Profit Organization in Gauhati?
Click here to claim your Sponsored Listing.

Videos (show all)

Telephone

Website

Address


Guwahati
Gauhati
781008

Other Community Organizations in Gauhati (show all)
Free fire group fan club Free fire group fan club
Rd Glk Of Srp
Gauhati, 785602

its about fan and lover of free fire

Journalist Association For Assam - JAFA Kamrup District Journalist Association For Assam - JAFA Kamrup District
Bhetapara To Tiniali Connecting Road
Gauhati, BELTOLA

Media Based Organization

BOIEA NER BOIEA NER
Gauhati, 781001

Bank of India Employees Association North Eastern Region

Glaze Galway Product Glaze Galway Product
Assam Kamrup District
Gauhati, 781025

JCI Kamrup Yuva Circle JCI Kamrup Yuva Circle
Gauhati

Junior Chamber International, commonly referred to as JCI, is a non-profit international non-governmental organization of young people. It has members in about 124 countries, and r...

Rotaract Club Of Guwahati Yuva Rotaract Club Of Guwahati Yuva
Gauhati

We Fall, We Raise, We Fly, We are the Rotaract Club Of Guwahati Yuva | Thik Innovative |

Amar Prayas Gosthi Amar Prayas Gosthi
Gauhati, 781038

Amar prayas gosthi is an NGO established in 2007 based in Guwahati and working for the benefits of p

Alumni Association of Guwahati Group NCC Alumni Association of Guwahati Group NCC
Gauhati, 781016

Public Relation Page: Former NCC Cadets Platform of Guwahati Group NCC, NER Directorate.

Ddu-Gky Rama Infotech Pvt. Ltd. AXOM Ddu-Gky Rama Infotech Pvt. Ltd. AXOM
Gauhati, 781026

Empowering India. Powering the World.

Shangkhadhwani Samajik Sanskritik Mancha Shangkhadhwani Samajik Sanskritik Mancha
Gauhati, 781019

Shangkhadhwani Samajik Sanskritik Mancha a cultural form, works for the upliftment of different cult

HOHAI HOHAI
Gauhati

Community Organization & Media. A group providing some informative contents,some news of its time to the community for the better enhancement of knowledge,Wisdom and welfare of the...