BJP Chah Janagosthi Morcha Assam Pradesh
Nearby government services
Guwahati 781003
781008
Jayanagr, Guwahati
781008
Guwahati
Guwahati
781008
Guwahati
Rajiv Bhawan Abc Guwahati
781008
Guwahati
Guwahati
781008
Guwahati
Official Facebook Handle BJCJM. BJCJM Is Dedicated To The Welfare Of The Tea Tribes&Adibasi Community
আজি ভাৰতীয় জনতা পাৰ্টি,যোৰহাট জিলাৰ চাহ জনগোষ্ঠী মৰ্চাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশ চাহ জনগোষ্ঠী মৰ্চাৰ সন্মানীয় সভাপতি শ্ৰীযুত দুলেন নায়ক ডাঙৰীয়াৰ উপস্থিতিত বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়।
ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশ চাহ জনগোষ্ঠী মৰ্চাৰ সম্পাদক শ্ৰীযুত সজ্ঞয় কৃষ্ণ তাঁতী ডাঙৰীয়া, যোৰহাট জিলাৰ চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি শ্ৰীযুত অলেন পাটনায়ক ডাঙৰীয়া,চেলংহাট মণ্ডলৰ চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি শ্ৰীযুত অনিল মিৰ্ধা ডাঙৰীয়া আৰু সম্পাদক শ্ৰীযুত শ্যাম কৰ্মকাৰ ডাঙৰীয়া সহ- সকলো বিষয়ববীয়া সভাত উপস্থিতি থাকে।
১৯২৪ চনত জন্ম গ্ৰহণ কৰা অসম চাহ জনজাতি ছাত্ৰ
সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক গৰাকীৰ পিতৃৰ নাম দয়াল তপ্ন আৰু মাতৃৰ নাম মাৰঠা তপ্ন আছিল।যােৰহাট জে.বি. কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰা তপ্নই সমাজ সেৱাৰ সমান্তৰালভাৱে সাহিত্য - চর্চাও কৰিছিল।অসমৰ বিভিন্ন কাকত - আলােচনীত তেওঁৰ তথ্যগধুৰ লিখণি প্রকাশ পাইছে।সহজ - সৰল জীৱন যাপন কৰা এইগৰাকী মহান ব্যক্তিৰ ১৯৯৪ চনৰ ২১ নৱেম্বৰত মৃত্যু হয়।
চাহ জনগোষ্ঠীয় সমাজৰ উত্তৰণৰ বাটকটীয়া হিচাপে বিবেচিত কৃতবিদ্যসকলৰ অন্যতম সন্তোষ কুমাৰ তপ্নদেৱ।'আটছা'ৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তপ্নদেৱৰ জীৱন সমাজ সেৱাৰ লগতে সাহিত্য চর্চাৰে সমৃদ্ধ৷প্ৰায় সত্তৰ লাখ জনসমষ্টিৰে গঠিত চাহ জনগোষ্ঠী সমাজ,বহুজনে জনগোষ্ঠীটোৰ উন্নতিৰ হকে নিজৰ জীৱন উৎসৰ্গিত কৰি আহিছে আৰু তেওঁলোকৰ মহান নিস্বাৰ্থ আৰু নিৰলস প্ৰচেষ্টাৰ বলত জনগোষ্টীটোৱে প্ৰগতিৰ পথত আগবাঢ়ি যাবলৈ কিছু পৰিমানে সক্ষম হৈছে।সেইসকলৰ ভিতৰত ‘আটছা’ ৰ প্ৰতিষ্ঠাপক সন্তোষ কুমাৰ তপ্ন দেৱ।এগৰাকি সু- সংগঠক,সুলেখক সন্তোষ কুমাৰ তপ্নই জনগোষ্ঠীটোৰ শিক্ষিত যুৱচামক সংগঠিত কৰিবলৈ অহৰহ চেষ্টা চলাই আহিছিল। তেখেতৰ মহান কৰ্ম, আদৰ্শক সুঁৱৰি জন্মবাৰ্ষিকীত শ্রদ্ধাৰ একাঁজলি প্রণিপাত যাচিছোঁ।
বিশিষ্ট নেতা,সমাজকৰ্মী,লেখক তথা চাহ জনগোষ্ঠীৰ নেতা সন্তোষ কুমাৰ তপ্ন দেৱৰ জন্মবাৰ্ষিকীৰ দিনা মহান সমাজ সেৱকজনাক উপযুক্ত সন্মান প্ৰদান কৰা তথা স্বীকৃতি স্বৰূপে প্ৰতি বছৰে শ্ৰমিক কল্যাণ দিৱস হিচাবে পালন কৰা হয়।
শ্ৰমিক কল্যাণ দিৱস হিচাপে পালিত আজিৰ বিশেষ দিনটোত চাহ বাগিচাৰ শ্ৰমিকসকলৰ অশেষ ত্যাগ,কঠোৰ পৰিশ্ৰম আৰু অসমৰ অৰ্থনীতিলৈ অৱদানক নতুনকৈ উপলদ্ধি কৰি জীৱনলৈ ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিবৰ বাবে আমি সংকল্প লওঁ আহক।
শ্ৰমিক কল্যাণ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।
ভাৰতীয় জনতা পাৰ্টি,চাহ জনগোষ্ঠী মৰ্চাৰ হব লগীয়া বাগিছাই বাগিছাই "উন্নয়নৰ সংকল্প যাত্ৰাৰ" বিষয়ে আজি এক ভিডিঅ'কনফাৰেন্স ৰ যোগে আলোচনা কৰা হয়।
উক্ত ভিডিঅ'কনফাৰেন্সত ত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক শ্ৰীযুত পল্লৱ লোচন দাস ডাঙৰীয়া সংযুক্ত আছিল।এই ভিডিঅ'কনফাৰেন্সত চাহ জনগোষ্ঠী মৰ্চা ৰাজ্যিক সভাপতি শ্ৰীযুত দুলেন নায়ক ডাঙৰীয়া বক্তব্য আগবঢ়ায় লগতে চাহ জনগোষ্ঠী মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ও জিলাৰ সভাপতি সকল,জিলাৰ প্ৰভাৰী আৰু সহ প্রভাৰী সকল সংযোগ থাকে।
দুখীয়াৰ সেৱা হৈছে “ভগৱান”ৰ সেৱা আৰু মই দুখীয়াৰ দাস------
Narendra Modi
ভাৰতীয় জনতা পাৰ্টি,চাহ জনগোষ্ঠী মৰ্চাৰ ৰাজ্যিক সভাপতি শ্ৰীযুত দুলেন নায়ক ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে ভাৰতীয় জনতা পাৰ্টী,চাহ জনগোষ্ঠী মৰ্চাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহ সদস্য (Executive Member) হিচাপে দায়িত্ব অৰ্পন কৰিছে।
দায়িত্বপ্ৰাপ্ত প্ৰতিজন বিষয়ববীয়াক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
ভাৰতীয় জনতা পাৰ্টি,নগাঁও জিলাৰ চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি হিচাপে নতুনকৈ নিযুক্তি প্ৰদান।
অভিনন্দন জ্ঞাপন কৰিছোঁ।
ৰাজ্যৰ বিহু উদযাপন সমিতিসমূহলৈ চৰকাৰৰ তৰফৰ পৰা ১.৫ লাখ টকাকৈ আৰ্থিক সহযোগিতা প্রদানৰ সিদ্ধান্ত গ্রহণ কৰা বাবে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন অসম চৰকাৰখনক আন্তৰিক ধন্যবাদ জনাইছোঁ।
অধ্যয়নৰ সংস্কৃতি গঢ়ি তোলাত গ্ৰন্থমেলাই সদায় প্ৰধান আৰু বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে৷ এই কথাকে সাৰোগত কৰি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই বিভিন্ন জিলাত গ্রন্থমেলাৰ আয়োজন কৰি আহিছে। ইয়াৰে অংশস্বৰূপে ভিন্নৰঙী কার্যসূচীৰে শিৱসাগৰত অনুষ্ঠিত হৈ আছে 'অসম গ্ৰন্থমেলা'৷ উক্ত গ্ৰন্থমেলাৰ সৰ্বতোপ্ৰকাৰৰ সফলতা কামনাৰে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সমূহ পঢ়ুৱৈ, গ্ৰন্থ বিক্ৰেতা,আয়োজক তথা শিৱসাগৰবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে৷
নিজস্ব অভিনয় প্ৰতিভাৰে অসমীয়া চলচ্চিত্ৰ জগতক সমৃদ্ধ কৰি থৈ যোৱা চিৰসেউজ অভিনেতা বিজু ফুকনদেৱৰ ষষ্ঠ মৃত্যুবাৰ্ষিকীত তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছো।
আপোনাৰ বৰ্ণিল জীৱন পৰিক্ৰমা আৰু বলিষ্ঠ অভিনয় সদায় মনত সজীৱ হৈ ৰ’ব। 💐
ভাল খবৰ
অৰুণোদয় আঁচনিয়ে ১৪৫০ টকালৈ বৃদ্ধি কৰিব আৰু নতুন ৪০ হাজাৰ যুৱক-যুৱতীয়ে চাকৰি পাব!
ভাৰতীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত হিতাধিকাৰীসকলক বিনামূলীয়াকৈ খাদ্য সামগ্ৰী বিতৰণ সুনিশ্চিত কৰাৰ অৰ্থে অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে প্ৰতিমাহৰ ১ৰ পৰা ১০ তাৰিখলৈ 'অন্ন সেৱা দিন' হিচাপে নিৰ্ধাৰণ কৰিছে৷ এই অন্ন সেৱা দিন আগন্তুক ডিচেম্বৰ মাহৰ পৰা আৰম্ভ কৰা হ'ব৷
আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উদ্যোগত শিল্পগ্ৰাম প্ৰেক্ষাগৃহত আয়োজিত হয় এখন নাগৰিক সভা।
অসমৰ আদিবাসী আৰু চাহ শ্ৰমিকসকলে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানক আমি স্বীকাৰ কৰিবই লাগিব।
মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত অসমৰ আদিবাসী আৰু চাহ শ্ৰমিকসকলে যথাসম্ভৱ সকলো সা-সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে আৰু অনাগত দিনত আমাৰ চৰকাৰে অন্যান্য আনুষংগিক সমস্যাসমূহো সমাধান কৰাৰ পথ প্ৰশস্ত কৰিব।
এই সভাত অসম চৰকাৰৰ মাননীয় শ্ৰম মন্ত্ৰী সঞ্জয় কৃষান ডাঙৰীয়া,ৰাজ্য সভাৰ সাংসদ শ্ৰী কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া,আদিবাসী জাতীয় মহাসংঘ,আদিবাসী শান্তি চুক্তি সমিতি,সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়া উপস্থিত থাকে।
ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যালয়ত আজি আটাইকেইটা মৰ্চাৰ সামাজিক মাধ্যম কোষসমূহৰ এখন সন্মিলিত সাংগঠনিক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্যিক সামাজিক মাধ্যমৰ প্ৰভাৰী শ্ৰীযুত কিশোৰ উপাধ্যায় ডাঙৰীয়া আৰু আহ্বায়ক শ্ৰীযুত জিতাংকুৰ দাস ডাঙৰীয়াৰ লগতে আটাইকেইটা মৰ্চাৰ সন্মানীয় সাধাৰণ সম্পাদকসকল, সামাজিক মাধ্যম কোষৰ আহ্বায়ক, সহঃআহ্বায়ক সমন্বিতে ৰাজ্যিক সমিতিসমূহৰ সদস্যসকল উপস্থিত থাকে।
BJP Assam Pradesh
আজি ভাৰতীয় জনতা পাৰ্টীৰ শিৱসাগৰ জিলা কাৰ্যালয়ত অসম প্ৰদেশৰ চাহ জনগোষ্ঠী মৰ্চাৰ সন্মানীয় সভাপতি Dulen Nayak ডাঙৰীয়াৰ উপস্থিতিত এখনি সাংগঠনিক সভা অনুষ্ঠিত হয়।
চাহ জনগোষ্ঠী মৰ্চাৰ জিলা সভাপতি Sujit Gowalla ডাঙৰীয়াই সভাপতিত্ব কৰা সভাখনত উপস্থিত থাকে অসম চাহ নিগমৰ উপাধ্যক্ষ Bodra Siba Pd ডাঙৰীয়া জিলাৰ চাহ জনগোষ্ঠী মৰ্চাৰ সকলো বিষয় ববীয়া লগতে জিলাৰ কেউটা মণ্ডলৰ সভাপতি/সাধাৰণ সম্পাদক লগতে সকলো বিষয় ববীয়া উপস্থিত থাকে।
অসম চাহ জনজাতি ছাত্ৰ সন্থা ৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক প্ৰয়াত সন্তোষ কুমাৰ তপ্ন ডাঙৰীয়াৰ মৃত্যু বাৰ্ষিক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ৷
আজি তিনিচুকীয়াৰ অটল বিহাৰী বাজপেয়ী ভৱনত ভাৰতীয় জনতা চাহ জনগোষ্ঠী মৰ্চা তিনিচুকীয়া জিলা সমিতি বিশেষ সাংগঠিনক সভাত চাহ জনগোষ্ঠী মৰ্চাৰ ৰাজ্যিক সভাপতি মাননীয় দুলেন নায়ক ডাঙৰীয়া উপস্থিত থাকে।
চাহ জনগোষ্ঠী মৰ্চাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি শ্ৰীযুত কৃষ্ণ তাঁতী ডাঙৰীয়া,তিনিচুকীয়া জিলাৰ মূল সমিতিৰ সভাপতি খুহকান্ত বড়া,ৰাজ্যিক সমিতিৰ উপ- সভাপতি শ্ৰীযুত বিধান নন্দ ডাঙৰীয়া,তিনিচুকীয়া জিলাৰ সমিতিৰ প্ৰভাৰি ৰাজেন কুমাৰ ডাঙৰীয়া আৰু তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত সমূহ মণ্ডলৰ সভাপতি,সম্পাদকৰ লগতে দলীয় কায্যকৰ্তা সকল উপস্থিত থাকে।
ভাৰতীয় জনতা পাৰ্টি,বিশ্বনাথ আৰু গোৱালপাৰা জিলাৰ চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি হিচাপে নতুনকৈ নিযুক্তি প্ৰদান।আন্তৰিক অভিনন্দন জনাইছোঁ।
বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ পাছত ড্ৰেচিং ৰুমত টীম ইণ্ডিয়াৰ সৈতে মত-বিনিময় মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ।
Narendra Modi
মাননীয় প্ৰধান মন্ত্ৰী মোদী ডাঙৰীয়াৰ ডিজিটেল পেমেণ্ট প্ৰক্ৰিয়া এতিয়া ভাৰতৰ প্ৰতিটো কোণত উপনীত হৈছে।
এতিয়া ৰেলৰ চানাৱালা বিক্ৰেতাইও পেমেণ্ট পদ্ধতি হিচাপে ডিজিটেল পেমেণ্ট ব্যৱহাৰ কৰিছে।
ক্ৰিকেটৰ মহানায়ক শচীন তেণ্ডুলকাৰ সৈতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৷
সূৰ্য্য দেৱতাৰ পূজনৰ পৰ্ব তথা ৰীতি-নীতিৰে পৰম্পৰা অনুসৰি পালন কৰা পবিত্ৰ ষঠ পূজাৰ সকলো ৰাইজৰলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
🏆 Hamara
দৰং জিলাৰ চিকনমাটী চাহ বাগিছা কাৰখানাত কৰ্মৰত অৱস্থাত দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা ৰূপালী এক্কাৰ আশু আৰোগ্য কামনা কৰি তেখেতৰ বাবে ক্ষতিপূৰণ হিচাপে ৬.৬২ লাখ টকাৰ চেক্ প্ৰদান কৰে অসম চৰকাৰৰ মাননীয় শ্ৰম মন্ত্ৰী সঞ্জয় কৃষান ডাঙৰীয়াই।
পৰৱৰ্তীকালত যাতে কোনো কাৰণতে এনেধৰণৰ ঘটনা সংঘটিত নহয়, তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ চাহ বাগিচা কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে আৰু লগতে মহিলা কৰ্মীক যাতে যিকোনো কষ্টকৰ কামত নিয়োগ কৰাৰ পৰা বিৰত ৰখা হয়, সেয়া নিশ্চিত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু বিষয়ববীয়াসকলক আহ্বান জনায়।
অসমৰ হিয়াৰ আমঠু জুবিন দা লৈ ৫১ তম ওপজা দিনৰ বহুত বহুত শুভকামনা জনালোঁ। নিজৰ সৃজনশীলতাৰে অসমীয়া সংগীত জগতক সদায়েই জীপাল কৰি ৰাখিবলৈ ভগৱন্তই
শিল্পীগৰাকীক অফুৰন্ত শক্তি প্ৰদান কৰক,আজিৰ এই বিশেষ দিনটোত তাকে কামনা কৰিলোঁ।
মঙলদৈ টাংনী চাহ বাগিছাৰ গাড়ো লাইনৰ নিবাসী পিতা -শ্ৰীযুত প্ৰদীপ তাঁতী আৰু মাতৃ শ্ৰীমতী গীতুমনি তাঁতীৰ কন্যা শ্ৰীমতী ডেইজি তাঁতীয়ে অনুৰ্ধ্ব ১৫ অসম ক্ৰিকেট দলৰ ভাইচ্ কেপ্তেইন হিচাপে নিজকে অধিষ্ঠিত কৰি নিজ পৰিয়ালৰ লগতে সমগ্ৰ অসমতে গৌৰৱ কঢ়িয়াই অনাৰ বাবে চাহ জনগোষ্ঠী মৰ্চা তৰফৰ পৰা অলেখ অভিনন্দন জনালোঁ।
তাইৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ।
যদি মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত বাবৰ আৰু ঔৰংজেবক টান নকৰো তেন্তে মই মুখ্যমন্ত্ৰী হোৱাৰ কি লাভ,
Himanta Biswa Sarma
অহা ১৯ নবেম্বৰত ফাইনেলত আহমেদাবাদত দুবাৰৰ চেম্পিয়ন ভাৰত মুখামুখি হব পাঁচবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিপক্ষে।
আজি ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ ৰাজ্যিক মূখ্য কাৰ্যালয়ত অটল বিহাৰী বাজপেয়ী ভৱনত চাহ জনগোষ্ঠী মৰ্চাৰ প্ৰভাৰী আৰু সহ-প্ৰভাৰী সকলক লৈ এক বিশেষ সভা অনুষ্ঠিত হয়।
চাহ জনগোষ্ঠী মৰ্চাৰ ৰাজ্যিক সভাপতি মাননীয় দুলেন নায়ক ডাঙৰীয়াৰ সভাপতিত্বত সভা অনুষ্ঠিত হয়।
তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ তথা ভাৰতীয় জনতা পাৰ্টীৰ সাধাৰণ সম্পাদক মাননীয় পল্লৱ লোচন দাস ডাঙৰীয়া,ৰাজ্য সভাৰ সাংসদ তথা বৰ্তমান ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক মাননীয় কামাখ্যা প্ৰসাদ তাচা ডাঙৰীয়া,চাহ জনগোষ্ঠী মৰ্চাৰ সাধাৰণ সম্পাদক মাননীয় বাতাচ ওৰাং ডাঙৰীয়া,মাননীয় পৱন বেদিয়া ডাঙৰীয়া,ৰাজ্যিক চাহ জনগোষ্ঠী মৰ্চাৰ সমূহ বিষয়ববীয়া,চাহ জনগোষ্ঠী মৰ্চাৰ জিলা প্ৰভাৰী,সহ-প্ৰভাৰীসকল উপস্থিত আছিল।
চত্তীশগড় ত যি মৰম ৰাইজৰ আমাৰ অতি জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পাই অতি সুখী।
সকলো যোগ্য ভোটাৰকে গণতন্ত্ৰৰ এই উৎসৱত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনালে।
অসমৰ জনপ্ৰিয় মূখ্যমন্ত্ৰী শ্ৰীযুত ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি কাৰ্য্যক্ৰম ৰাজস্থানত।
राजस्थान कार्यक्रम
BJP Rajasthan
Himanta Biswa Sarma
আজি অসম চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ:--------------
যোৱা কালি ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলা আৱৰ্ত্ত ভৱনত এখনি বৰ্ধিত বিষয়ববীয়া সভা অনুষ্ঠিত হয়।
আগন্তুক কাৰ্যক্ৰম আৰু সাংগঠনিক বিষয়ে মাৰ্গদৰ্শন দিয়ে অসম প্ৰদেশ ৰাজ্যিক সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক,তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰভাৰী শ্ৰীযুত পল্লৱলোচন দাস ডাঙৰীয়াই লগতে জিলা বিষয়ববীয়া সকল আৰু জিলাৰ মৰ্চাৰ মাননীয় সভাপতি সকল উপস্থিত থাকে।
অভিনন্দন 💐💐💐
ছেমিফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ
নিউজিলেণ্ডক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ,টিম ভাৰতক আন্তৰিক অভিনন্দন জনালোঁ💐
আজি ভাৰতীয় জনতা পাৰ্টি,চাহ জনগোষ্ঠী মৰ্চা ৰাজ্যিক সমিতিৰ সহযোগত আৰু গুৱাহাটী জিলা চাহ জনগোষ্ঠী মৰ্চাৰ উদ্দোগত ডিমৰিয়াত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় বীৰ বিৰচা মুণ্ডাৰ ১৪৮ তম জন্মজয়ন্তী অনুষ্ঠানত ৰাজ্যিক চাহ জনগোষ্ঠী মৰ্চা ৰ সভাপতি শ্ৰী দুলেন নায়ক ডাঙৰীয়া,ৰাজ্যিক সদস্য শ্ৰী ভগীৰত কৰন ডাঙৰীয়া,চাহ জনগোষ্ঠী মৰ্চা ৰাজ্যিক সম্পাদক চৌধুৰী চৰন গৌড় ডাঙৰীয়া,গুৱাহাটী মহানগৰ সমিতিৰ চাহ জনগোষ্ঠী মৰ্চাৰ জিলা সভাপতি শ্ৰী বাসুদেৱ তাঁতীৰ ডাঙৰীয়া ও বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Himanta Biswa Sarma
Bhabesh kalita ভৱেশ কলিতা
Pallab Lochan Das
BJP Assam Pradeshh
मैं झारखंड आ रहा हूँ!
মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঝাৰখণ্ডত বীৰ বীৰচা মুণ্ডাৰ গাঁও যাব।
তাৰ পৰাই আদিবাসী সমাজৰ বহুত ডাঙৰ এক উন্নয়নৰ প্ৰকল্প আৰম্ভ হব।
ধৰ্তি আবা' ভগৱান বীৰছা মুণ্ডা জীলৈ তেখেতৰ জন্ম বাৰ্ষিকীত বিনম্ৰ শ্ৰদ্ধাঞ্জলি জনাইছে ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক সাধাৰণ সম্পাদক মাননীয় Pallab Lochan Das ডাঙৰীয়াই।
আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মন-কি-বাত উপলক্ষে চাহ জনগোষ্ঠী মৰ্চাৰ ৰাজ্যিক সভাপতি শ্ৰদ্ধাৰ দিগন্ত ঘাটোৱাৰ ডাঙৰীয়াই চতিয়া মণ্ডলৰ ৩০ নং বুথত উপস্থিত থাকে।
আজিৰ এই কাৰ্যসূচীত তেওঁৰ সহিতে চতিয়া মণ্ডল বিজেপিৰ সভাপতি ঈশ্বৰ তিমশ্বিনা,পৌৰসদস্যা ছায়াৰাণী হাজৰিকা,বুথ সভাপতি চক্ৰ চেত্ৰীকে প্ৰমুখ্য কৰি স্থানীয় ৰাইজ উপস্থিত আছিল।
Himanta Biswa Sarma
Bhabesh kalita ভৱেশ কলিতা
Phanindranath Sharma
BJP Assam Pradesh
Diganta Ghatowar
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Contact the organization
Address
Guwahati City
Gauhati
Gauhati University
Gauhati, 781014
NSUI is one of the largest Student Organization in the World, with members at Universities and Colleges across India.
Gauhati
NSUI is one of the largest students organization in the India in different colleges and universities.
Gauhati
Gauhati
page of APYC for no 7, Gauhati LokSabha.