Arya Jatiya Vidyalaya, Bebejia

Assamese Medium HS School with modern method of education

Photos from Arya Jatiya Vidyalaya, Bebejia's post 09/05/2024
Photos from Arya Jatiya Vidyalaya, Bebejia's post 09/05/2024

২০২৩-২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়

20/04/2024
Photos from Arya Jatiya Vidyalaya, Bebejia's post 24/02/2024

২০২৪-২৫ বৰ্ষৰ নতুন নামভৰ্তি চলি আছে

Photos from Arya Jatiya Vidyalaya, Bebejia's post 15/02/2024

#কৰ্মৰত আৰ্য জাতীয় বিদ্যালয়ৰ শ্ৰীশ্ৰী সৰস্বতী পূজাৰ বসন্ত পঞ্চমীৰ দিনা নতুন গৃহৰ বাবে মূল খুঁটাত চিমেণ্ট অৰ্পণ

Photos from Arya Jatiya Vidyalaya, Bebejia's post 10/02/2024

বিদ্যালয়ৰ ক্ৰীড়া সমাৰোহৰ সফল সমাপ্তি।

Photos from Arya Jatiya Vidyalaya, Bebejia's post 07/02/2024

আমাৰ বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ আৰম্ভণিৰ কিছু অংশ সাঁচি ৰখা হৈছে। ২০০৫ চনৰ আজিৰ দিনটোতে শ্ৰদ্ধাৰ শ্ৰী ৰিপুঞ্জয় শৰ্মা ছাৰৰ নেতৃত্বত কেইটিমান কণ কণ শিশুৰ সৈতে বিদ্যালয়খনি আৰম্ভ কৰি বৰ্তমান আজি এই অঞ্চলৰ এখন আগশাৰীৰ অসমীয়া মাধ্যমৰ বিদ্যালয় হিচাপে পৰিগণিত হৈছে।

Photos from Arya Jatiya Vidyalaya, Bebejia's post 26/01/2024

75 তম গণতন্ত্ৰ দিৱস উদযাপন

Photos from Arya Jatiya Vidyalaya, Bebejia's post 05/01/2024

৫/১/২০২৪
আজি আমাৰ বিদ্যালয়ৰ বিদায় সভাত

Photos from Arya Jatiya Vidyalaya, Bebejia's post 09/12/2023

শিশু দিৱসত অনুষ্ঠিত প্ৰতিযোগিতা সমূহৰ আজি পুৰস্কাৰসমূহ প্ৰদান কৰা হয়।

Photos from Arya Jatiya Vidyalaya, Bebejia's post 14/11/2023

আজি আমাৰ বিদ্যালয়ৰ শিশু দিৱসৰ কিছু মূহুৰ্ত।

Photos from Arya Jatiya Vidyalaya, Bebejia's post 05/09/2023

শিক্ষক দিৱসৰ শুভক্ষণত সকলো গৰাকী শিক্ষক - শিক্ষয়িত্ৰীক আন্তৰিক শুভেচ্ছা জনালোঁ।

Photos from Arya Jatiya Vidyalaya, Bebejia's post 27/08/2023

#প্ৰতিভা সন্ধানী পৰীক্ষা সম্পন্ন

উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক শৈক্ষিক জ্ঞান প্ৰতিষ্ঠান শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ "নৰ্থ ইষ্ট ৰিজিঅ'নেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ পৰীক্ষা"টি আজি ২৭ আগষ্ট,ৰবিবাৰে আৰ্য জাতীয় বিদ্যালয়ৰ কেন্দ্ৰটো অনুষ্ঠিত হৈ যায় । বিদ্যালয়ৰ অধ্যক্ষা বৰ্ণালী বৰাই শুভাৰম্ভ কৰা পৰীক্ষাটিত আৰ্য জাতীয় বিদ্যালয়ৰ উপৰি অৰুণোদয় জাতীয় বিদ্যালয়,চেণ্ট জাষ্টিনছ,হলি ক্ৰছ বিদ্যালয়ৰ ৮০জন পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে । শিক্ষয়িত্ৰী সংগীতা মহন্তৰ তত্ত্বাৱধানত অনুষ্ঠিত পৰীক্ষাটিত শিক্ষক পূৰ্বালী মেধি, প্ৰাণজিৎ ভূঞা,ৰুলি শৰ্মা বৰকটকী আৰু পিংকু মণি নাথ নিৰীক্ষক ৰূপে উপস্থিত থাকে । উল্লেখ্য যে পুৱা ১১ বজাৰ পৰা দিনৰ ১২:৩০ বজালৈকে হোৱা পৰীক্ষাটি চতুৰ্থ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে অনুষ্ঠিত হয় । ছাত্ৰ-ছাত্ৰীসকলক সাধাৰণ জ্ঞানৰ ধাৰণা সৰুৰে পৰা দিয়াৰ মানস কৰাৰ সুন্দৰ পদক্ষেপ গ্ৰহণ কৰা বাবে "উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক শৈক্ষিক জ্ঞান প্ৰতিষ্ঠান"টিক আৰ্য জাতীয় বিদ্যালয় পৰিয়ালবৰ্গই আন্তৰিক কৃতজ্ঞতা জনোৱাৰ লগতে শলাগ লৈছে ।

Photos from Arya Jatiya Vidyalaya, Bebejia's post 15/08/2023

সমগ্ৰ দেশৰ লগতে আজি আমাৰ বিদ্যালয়টো ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়।

Photos from Arya Jatiya Vidyalaya, Bebejia's post 12/08/2023

অসম জাতীয় বিদ্যালয়ত ৰাজ্যিক ভিত্তিত বিজ্ঞানৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে আমাৰ আৰ্য জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে।

08/07/2023

বাইদেউ সকলৰ জেং বিহু

08/07/2023

নিৰিবিলি মহন্ত। অষ্টম

08/07/2023

পংখী দাস । দশম

Photos from Arya Jatiya Vidyalaya, Bebejia's post 07/07/2023

*নগাঁৱৰ বেবেজীয়াৰ আৰ্য জাতীয় বিদ্যালয়ত প্ৰাক গ্ৰীষ্মকালীন সমাৰোহ সম্পন্ন,গীতে-মাতে উজলি উঠিল বিদ্যালয় প্ৰাংগণ*

বিদ্যালয়ৰ পৰা ঋতু পৰ্ণ শৰ্মা,

শিক্ষাৰ গুণগত মান উন্নয়নৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰা অন্যতম বৌদ্ধিক কেন্দ্ৰস্থল নগাঁও জিলাৰ বেবেজীয়াত অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত ২০০৫চনৰ ৭ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা হোৱা আৰ্য জাতীয় বিদ্যালয়ৰ "প্ৰাক গ্ৰীষ্মকালীন সমাৰোহ"খনি শুক্ৰবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় । এই উপলক্ষে পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ মুকলি কৰে বিদ্যালয়ৰ প্ৰশাসনিক কাৰ্যবাহী ঋতু পৰ্ণ শৰ্মাই । বাকদেৱী সৰস্বতীৰ সন্মুখত,বিদ্যালয়ৰ প্ৰাক্তন শিক্ষয়িত্ৰী ৰূপালী শৰ্মা আৰু ক্ৰীড়া তত্বাৱধায়ক ৰাজু বৰদলৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ক্ৰমে বিদ্যালয়ৰ অধ্যক্ষা বৰ্ণালী বৰা,সহকাৰী শিক্ষয়িত্ৰীদ্বয় প্ৰেৰণা হাজৰিকা আৰু জুৰি বৰাই । অসম জাতীয় বিদ্যালয়ৰ সংগীত "আলোক সন্ধানী আশাৰ আলয় আমাৰ জাতীয় বিদ্যালয় আমাৰ জাতীয় বিদ্যালয়" শীৰ্ষক গীতৰে শুভাৰম্ভ হোৱা সমাৰোহৰ লগত সংগতি ৰাখি তিনিটা শাখাত পুৱা চিত্ৰাংকন আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় । ঘোষিত ফলাফল অনুসৰি চিত্ৰাংকন প্ৰতিযোগিতাৰ "ক" শাখাত (বিষয়:--নিজৰ মনৰে এটি ছবি আঁকি ৰং কৰা) নন্দন জ্যোতি ডেকাই প্ৰথম তথা ৰাখী বৰাই দ্বিতীয় স্থান,"খ" শাখাত (বিষয়:--যি কোনো এটি প্ৰাকৃতিক দৃশ্য আঁকি ৰং কৰা) হেমাংগ বৰাই প্ৰথম,হিমন বৰাই দ্বিতীয় স্থান, কৌশিক কমল দাস তথা লিপিকা বৰুৱাই যুটীয়াভাৱে নিচুকণি পুৰষ্কাৰ আৰু "গ" শাখাত (বিষয়:--যি কোনো উৎসৱৰ দৃশ্য আঁকি ৰং কৰা) শ্বাশতি বৰাই প্ৰথম তথা সমুজ্বল বৰাই দ্বিতীয় স্থান অধিকাৰ কৰে । আনহাতে নৃত্য প্ৰতিযোগিতাৰ "ক" শাখাত নিলোৎপল হাজৰিকাই প্ৰথম, ভাগ্যশ্ৰী বৰাই দ্বিতীয় তথা ৰিচিতা বৰাই তৃতীয়,"খ"শাখাত সোণাক্ষী বৰদলৈয়ে প্ৰথম,বনস্মিতা শৰ্মাই দ্বিতীয় তথা মৃদুস্মিতা দেৱীয়ে তৃতীয় আৰু "গ"শাখাত পংখী দাসে প্ৰথম,জাহ্নৱী বৰাই দ্বিতীয় তথা শিল্পীনন্দা বৰা তথা নিৰিবিলি মহন্তই যুটীয়াভাৱে তৃতীয় পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হয় । প্ৰতিকুল বতৰকো নেওচি নৃত্য প্ৰতিযোগিতাৰ মাজে মাজে গায়িকা উষামণি বৰদলৈ, বিদ্যালয়ৰ অধ্যক্ষা বৰ্ণালী বৰা,সহকাৰী শিক্ষয়িত্ৰী পূৰ্ণিমা বৰা,প্ৰেৰণা হাজৰিকা,সংগীতা মহন্ত,জুৰি বৰা,ৰুলি শৰ্মা,মঞ্জুৰাণী ভৰালী,জাহ্নৱী শৰ্মা,পৰিষ্মীতা বৰা,জ্যোতি প্ৰভা দেৱী আৰু ভৱানী শৰ্মাই জেং বিহু,ছাত্ৰ- ছাত্ৰীসকলে বিহু নৃত্য আৰু জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰি উপস্থিত সকলোকে মোহাচ্চন্ন কৰি ৰখাৰ লগতে গীতে-মাতে উজলি উঠিল বিদ্যালয় প্ৰাংগণ । বিয়লি অধ্যক্ষা বৰ্ণালী বৰাৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণি সভাত বিশিষ্ট অতিথিৰূপে অনুসূচিত জাতি উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষ নৰেন চন্দ্ৰ দাসে ছাত্ৰ-ছাত্ৰীসকলক পঢ়া-শুনাৰ সমান্তৰালকৈ খেলা-ধূলা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাতো আগুৱাই যাবলৈ অনুৰোধ জনায় । সভাত জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকা,অনুসূচিত জাতি উন্নয়ন ব'ৰ্ডৰ সদস্য নৱজ্যোতি দাস, শুভাকাংক্ষী দীপ বেজবৰা আৰু বিচাৰকদ্বয় দিগন্ত কুমাৰ ডেকা তথা কৰৱী কাকতিও উপস্থিত থাকি বঁটাসমূহ বিতৰণ কৰে । উল্লেখ যে বিদ্যালয়ৰ সহকাৰী শিক্ষক অনুপম দাসে সামগ্ৰীকভাৱে আঁত ধৰা সমাৰোহখনিত সহকাৰী শিক্ষক অপূৰ্ব কলিতা,ৰণ্টু ডেকা,পূৰ্বালী মেধি,মঞ্জুৰাণী ভৰালী,প্ৰাণজিৎ ভূঞাঁ,পূৰ্ণিমা বৰা,সংগীতা মহন্ত,প্ৰেৰণা হাজৰিকা,পাপৰি বৰা,ৰুলি শৰ্মা,পৰিস্মীতা বৰা,জাহ্নৱী শৰ্মা,জ্যোতিপ্ৰভা দেৱী,জুৰি বৰা,ৰেখা শৰ্মা,দেৱেন নাথ,প্ৰাক্তন শিক্ষক দেৱযানী বৰদলৈ,লিজা শৰ্মা, পিংকুমনি নাথ,সহায়কাৰী পূৰ্ণিমা দাস আৰু বিউটি বৰাৰ লগতে অভিভাৱক-অভিভাৱিকাসকল উপস্থিত থাকে । সভাত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সম্প্ৰতি কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত ডৰথী বৰা আৰু ময়ূখী বেজবৰুৱাই ভাষণ প্ৰসংগত বিদ্যালয়ত পঢ়ি থকা দিনৰ অতীত স্মৃতি ৰোমন্থণ কৰে । সভাৰ অন্তত প্ৰশাসনিক কাৰ্যবাহী ঋতু পৰ্ণ শৰ্মাই আগবঢ়োৱা শলাগৰ শৰাইৰে কাৰ্যসূচীৰ সামৰণি মৰা হয় ।

Photos from Arya Jatiya Vidyalaya, Bebejia's post 25/06/2023

২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ -ছাত্ৰীসকলৰ সম্বৰ্দ্ধনা অনুস্থানত জিলা পুথিভঁৰালত

Photos from Arya Jatiya Vidyalaya, Bebejia's post 24/06/2023

ৰাভা দিৱস ২০২৩

Photos from Arya Jatiya Vidyalaya, Bebejia's post 24/06/2023

2023 result

Photos from Arya Jatiya Vidyalaya, Bebejia's post 24/06/2023

সমূহ ন-পুৰণি ছাত্ৰ-ছাত্ৰীকে আদৰণি জনাইছোঁ

Want your school to be the top-listed School/college in Nagaon?
Click here to claim your Sponsored Listing.

Videos (show all)

বাইদেউ সকলৰ জেং বিহু
নিৰিবিলি মহন্ত। অষ্টম

Category

Website

Address

Bebejia Chariali
Nagaon

Other Schools in Nagaon (show all)
Deepjyoti Vidyapith senior secondary school Deepjyoti Vidyapith senior secondary school
Nagaon, 782140

Deepjyoti Vidyapith is a private institute,and we are working hard to grow the futures of poor children of our rural locality,and we want support from all of you.And the page is to...

Adarsha Vidyalaya Juria Adarsha Vidyalaya Juria
Telia Bebejia Pathar
Nagaon, 782124

Adarsha Vidyalaya Juria, Nagaon. An English medium government school under CBSE curriculum RMSA Ass

Department of M.Sc Herbal Science & Technology, ADP College Department of M.Sc Herbal Science & Technology, ADP College
RRB Road, Haiborgaon
Nagaon, 782002

This is an official page of Department of Herbal Science and Technology, Anandaram Dhekial Phookan College, situated at Haiborgaon, Nagaon.

Mehedi Ali Mehedi Ali
Assam Lahri Ghat
Nagaon

Jack Official 2 Jack Official 2
Nagaon, 782083

Education

SI SI
Ghy
Nagaon

Kidzbuddy School Kidzbuddy School
37 Road
Nagaon, 782001

Kidsbuddy School is a pre primary and extracurricular school. We have a more extracurricular program for children.

BMUA Jatiya Bidyalaya BMUA Jatiya Bidyalaya
Bhakatgaon, Molankata, Raha, Nagaon
Nagaon, 782103

Let's Make the futures

Green Earth Academy Green Earth Academy
Kadamoni Pather, Juria
Nagaon, 782124

Senior Secondary School (Class VI to Class XII) SCIENCE Stream Only

Sankardev Shishu/Vidya Niketan, Teliagaon Mathuranagar Sankardev Shishu/Vidya Niketan, Teliagaon Mathuranagar
Nagaon

বিদ্যা-ভাৰতীৰ অন্তৰ্গত শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠান।

Muriputhikhaity New LP School Muriputhikhaity New LP School
Muriputhikhaity Nagaon
Nagaon, 782140

শিক্ষাই জ্ঞান, জ্ঞানেই শক্তি।

Singimari MD Ali H.S School, Nagaon, Assam Singimari MD Ali H.S School, Nagaon, Assam
Singimari, Rupahi, Nagaon
Nagaon

Singimari, PO- Singimari,PS- Rupahi hat ,Dist - Nagaon,Assam