FOCUS Live
"ফ'কাচ লাইভ"
নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুন:গঠন তালিকাক লৈ ডিমৌত তীব্ৰ প্ৰতিক্ৰিয়া। ডিমৌৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ লগতে ৰাজনৈতিক দলৰ সংবাদ মেল যোগে প্ৰতিক্ৰিয়া প্ৰকাশ।
উজনিৰ দুটাকৈ সমষ্টি আমগুৰি আৰু লাহোৱাৰ সমষ্টিক বিলুপ্তিকৰণ কৰাত চৰকাৰ তথা নিৰ্বাচনী আয়োগৰ ওপৰত ক্ষোভ উজাৰে দল-সংগঠনৰ নেতৃবৰ্গই।
ডিমৌ নগৰৰ মাজমজিয়াত অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ। অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাৱীত এই প্ৰতিবাদ। অসমীয়া যুৱ মঞ্চৰ ডিমৌ নগৰ সমিতিৰ অৰ্ধ শতাধিক কৰ্মীয়ে ডিমৌৰ ৰাষ্ট্ৰীয় ঘাই পথত যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পুত্তলিকা দাহ কৰি এই এই প্ৰতিবাদ সাব্যস্ত কৰে।
সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) ডিমৌ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সমূহ প্ৰাথমিক সমিতিৰ সহযোগত বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ডিমৌ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশেষ অভিনন্দন অনুষ্ঠানত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জনোৱাৰ লগতে একোখনকৈ মানপত্ৰও প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত অঞ্চলটোৰ বহু কেইগৰাকী আমন্ত্ৰিত অতিথিয়ে নিজ নিজ বক্তব্য আগবঢ়াই।
মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত থাওৰা ব্লক কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। স্মাৰক পত্ৰ প্ৰদান।
আজি শিৱসাগৰ জিলাৰ ডিমৌত মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী জনাই থাওৰা ব্লক কংগ্ৰেছৰ শতাধিক কংগ্ৰেছ কৰ্মী তথা বিষয়ববীয়াই সমদল বাহিৰ কৰি বিভিন্ন শ্লগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কংগ্ৰেছ কৰ্মী সকলে ডিমৌ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ ডিমৌ ৰাজহ চক্ৰ বিষয়াৰ যোগেদি জিলা আয়ুক্তলৈ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী জনাই এখন স্মাৰক পত্ৰও প্ৰদান কৰে।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে ডিমৌত এজাহাৰ দাখিল।
ভাৰতীয় জনতা যুৱ মৰ্চা, ডিমৌ নগৰ মণ্ডল সমিতিয়ে দাখিল কৰে এজাহাৰ। ভগৱান শ্ৰীকৃষ্ণক লাভ জেহাদী বুলি মন্তব্য কৰাৰ বিৰোধিতা কৰি আজি ডিমৌ আৰক্ষী থানাত হেমন্ত গগৈ আৰু পাৰ্থ কোঁৱৰে এজাহাৰ দাখিল কৰে।
বজ্ৰ পৰি এগৰাকী মহিলাৰ মৃত্য, আহত দুই মহিলা।
শিৱসাগৰ জিলাৰ ডিমৌ দেওডুবিত সংঘটিত হয় এই শোকাৱহ ঘটনা। পথাৰত ভূঁই ৰুই থকা সময়তে বজ্ৰ পৰি বৰগুৰি মিচিং গাঁৱৰ মামণি খামটি নামৰ মহিলা গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় টিনা খামটি আৰু চম্পাৱতী খামটি। বৰ্তমান আহত দুই গৰাকী মহিলা ডিমৌ আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। পুৱাই সংঘটিত হোৱা এই কৰুণ ঘটনাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।
সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে ডিমৌত পুনৰ উত্তাল প্ৰতিবাদ। গণ অৱস্থান ধৰ্মঘট পালন।
শিৱসাগৰ জিলাৰ থাওৰা সমষ্টি বিলুপ্ত কৰণৰ সন্দৰ্ভত আজিও ডিমৌত উত্তাল প্ৰতিবাদ অব্যাহত আছে। আজি ডিমৌ চাৰিআলিত বিভিন্ন দল-সংগঠনৰ লগতে ৰাজনৈতিক দল একত্ৰিত হৈ গণ অৱস্থান ধৰ্মঘট পালন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে কোনো কাৰণতে থাওৰা সমষ্টি বিলুপ্তিকৰণ কৰিবলৈ দিয়া নহব বুলি হুংকাৰ প্ৰদান কৰে।
শিৱসাগৰ জিলাখনৰ অন্যতম এটা গুৰুত্বপূৰ্ণ সমষ্টি থাওৰা। সমষ্টি পুন:নিৰ্ধাৰণৰ পাছত নাম সলনি কৰি ডিমৌ নামাকৰণ কৰাৰ প্ৰস্তাৱ হোৱাৰ পাছত পুনৰ ডিমৌ সমষ্টিটোকে বিলুপ্তি কৰিবলৈ লোৱাত ডিমৌত আজি প্ৰৱল প্ৰতিবাদ সাব্যস্ত হয়। কোনো কাৰণতে থাওৰা সমষ্টিৰ বিলুপ্তিকৰণ হবলৈ নিদিয়াৰ হুংকাৰ ডিমৌৰ সকলো জাতীয় সংগঠন আৰু বিৰোধী ৰাজনৈতিক দলৰ। থাওৰা সমষ্টিৰ কেন্দ্ৰস্থল ডিমৌ চাৰিআলিৰ মাজমজিয়াত আজি সকলো জাতীয় দল-সংগঠন, ৰাজনৈতিক দল একত্ৰিত হৈ থাওৰা সমষ্টিৰ বিলুপ্তকৰণ কোনোকাৰণতে মানি লোৱা নহ'ব বুলি বিভিন্ন শ্লগান দি প্ৰতিবাদকাৰী সকলে ডিমৌৰ আকাশ-বতাহ কঁপাই তোলে। প্ৰতিবাদকাৰী সকলে তেওঁলোকৰ এই প্ৰতিবাদৰ পাছত যদি বিলুপ্তিকৰণ প্ৰক্ৰিয়া স্থগিত নাৰাখে তেনেহ'লে পৰৱৰ্তী পৰ্যায়ত শিৱসাগৰ জিলা-থাওৰা সমষ্টি বন্ধৰ দৰে কাৰ্যসূচী হাতত লবলৈ বাধ্য হ'ব বুলি হুংকাৰ প্ৰদান কৰে।
থাওৰা সমষ্টি বিলুপ্তি কৰাৰ সন্দৰ্ভত ডিমৌত বিভিন্ন জাতীয় দল-সংগঠনৰ সংবাদমেল।
থাওৰা সমষ্টিৰ নাম সলনি কৰি ডিমৌ সমষ্টি কৰাৰ পাছত পুনৰ ডিমৌ সমষ্টিটোকে বিলুপ্তি কৰি শিৱসাগৰ সমষ্টিৰ লগত চামিল কৰিবলৈ লোৱা কাৰ্যক ডিমৌত তীব্ৰ বিৰোধিতা।
অসমৰ দক্ষ আৰু সাহসী আৰক্ষী বিষয়া প্ৰয়াত জোনমনি ৰাভাৰ আত্মাৰ সদগতিৰ অৰ্থে ডিমৌত অসমীয়া যুৱ মঞ্চৰ বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাজ্ঞলি জ্ঞাপন।
গ্ৰাম্য সাংবাদিক সংস্থাই স্মৰণ কৰিলে পৰাগ কুমাৰ দাসক। নিৰ্ভীক,আপোচবিহীন সাংবাদিক, সংবাদ জগতৰ উজ্জ্বল নক্ষত্ৰ স্বৰূপ তথা মানব অধিকাৰ কৰ্মী প্ৰয়াত পৰাগ কুমাৰ দাসৰ ২৭ সংখ্যক মৃত্যু দিৱসত গ্ৰাম্য সাংবাদিক সংস্থাই শিৱসাগৰ জিলাৰ ডিমৌস্থিত কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
কৰ্ণাটকত কংগ্ৰেছ দলৰ বিজয়ৰ পিছতেই থাওৰা সমষ্টিত কংগ্ৰেছী নেতা কৰ্মীৰ মাজত আনন্দ উল্লাস। ডিমৌ ৰাজীৱ ভৱনত কংগ্ৰেছ নেতা কৰ্মী সকলে ফটকা ফুটাই বিহু গাই বিজয় উৎসৱ পালন কৰে।
ডিমৌ আদৰ্শ চিকিৎসালয়ত আন্তঃৰাষ্ট্ৰীয় নাৰ্চেছ দে উদযাপন।
ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত ডিমৌ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ২০২৩ৰ সাংস্কৃতিক সন্ধিয়াত কণ্ঠশিল্পী দীপশিখা বৰাই পৰিবেশন কৰা এটি জনপ্ৰিয় গীত।
শিৱসাগৰ জিলাৰ ডিমৌ ইকৰানী, লগুৱাবাৰী, নাঁহৰহাবি গাঁৱৰ ৰাইজৰ উদ্যোগত আৰু সমূহ ডিমৌবাসী ৰাইজৰ সহযোগত পয়-পি-হু উদযাপন। টাই জনগোষ্ঠীৰ ধৰ্মীয় পৰম্পৰা অনুসৰি অসমীয়া নৱ বৰ্ষক আদৰিবলৈ এই পয়-পি-হু উদযাপন কৰা হয়।
ডিমৌত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ। ৰাজমাই চাহ বাগিচাৰ শেনছোৱা ডিভিজনত বন বিভাগে পতা পিঞ্জৰাত আবদ্ধ হয় প্ৰকাণ্ড নাহৰফুটুকীটো। নাহৰফুটুকীটো চাবলৈ ৰাইজৰ ভিৰ কৰা পৰিলক্ষিত হয়। বিগত কেইবামাহ ধৰি গঞা ৰাইজৰ পশু ধন ভক্ষণ কৰাৰ লগতে অঞ্চলজুৰি সন্ত্ৰাস চলাই আহিছিল নাহৰফুটুকীটোৱে। নাহৰফুটুকীতো পিঞ্জৰাবদ্ধ হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে অঞ্চলবাসী ৰাইজে।
ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত ডিমৌ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ২০২৩ৰ সাংস্কৃতিক শোভাযাত্ৰা।
টাই আহোম ছাত্ৰ সন্থা ডিমৌ আঞ্চলিক আৰু প্ৰাক্তন সতীৰ্থৰ উদ্যোগত ডিমৌ ৰাজহুৱা খেলপথাৰত ১ ব'হাগত অনুষ্ঠিত মুকলি বিহুত ৫০০ গৰাকী ঢুলীয়া-নাচনীৰ বিহু নৃত্য।
বিহু নৃত্য গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত হোৱাৰ ঐতিহাসিক ক্ষণ। ১১,৩০৪ গৰাকী বিহুৱা-বিহুৱতীৰ বিহু নৃত্যৰে সৰুসজাইত এই বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।
"লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মাৰে সৰু, বাপেৰে সৰু, তহঁতি হ'বি বৰ বৰ গৰু"।
আজি গৰু বিহু৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিমৌ মধুপুৰ আৰু কুশলপথ বাসী ৰাইজে পৰম্পৰাগত নিয়ম অনুসৰি পুৱাই গো-ধনক পথাৰত নোৱাই-ধোৱাই বছৰটোৰ বাবে মঙ্গল কামনা কৰি গৰু বিহু পালন কৰে।
ডিমৌ হলি কিডচ্ বিদ্যালয়ত প্ৰাক্ ব'হাগ বিহু উদ্যাপন
টাই আহোম ছাত্ৰ সন্থা ডিমৌ আঞ্চলিক আৰু প্ৰাক্তন সতীৰ্থৰ উদ্যোগত ডিমৌ ৰাজহুৱা খেলপথাৰত ১ ব'হাগত অনুষ্ঠিত হ'বলগীয়া মুকলি বিহু ৰ বাবে সমূহীয়া ঢুলীয়া-নাচনীৰ প্ৰস্তুতি।
মাহেকীয়া সাহিত্য আলোচনী পটভূমি ৰ উদ্যোগত আৰু নিতাই-পানীদিহিংবাসী ৰাইজৰ আতিথ্যত এক "মেজমেল" অনুষ্ঠিত হয়। ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত মিচিং জনগোষ্ঠীৰ অধ্যুষিত অঞ্চল দিহিংমুখৰ দিহিং কলঘৰত এই অনুষ্ঠানটি যথেষ্ঠ গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত সমাপন হয়। পটভূমি আলোচনীৰ মূখ্য সম্পাদক ৰবীন ভূঞাৰ সঞ্চালনাত অনুষ্ঠিত "মূল্যবোধৰ শিক্ষা আৰু অসমীয়া সমাজ" শীৰ্ষক আলোচ্য বিষয়ত বহু কেইজন বিশিষ্ট ব্যক্তিয়ে মূল্যবান বক্তব্য আগবঢ়ায়। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে কটন মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ দেবেন দত্ত, শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ ৰজনীকান্ত দত্ত, মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যাপক অজয় কুমাৰ গগৈ, অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী তথা প্ৰাক্তন শিক্ষক নিৰোজ কুমাৰ ৰাজমেধীকে ধৰি বহু কেইজন ব্যক্তিয়ে আলোচ্য বিষয়ৰ ওপৰত জ্ঞানগভীৰ বক্তব্য আগবঢ়ায়।
➡️ ৪৪ তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ডিমৌত সদৌ অসম আত্ম সমৰ্পণকাৰী আলফা সমিতিৰ সংবাদ মেল।
➡️ জাতিটোৰ নামত যিসকলে হত্যা-হিংসা কৰিলে, তেওঁলোক ধনী হল।
➡️ যিসকল সঁচা আত্মসৰ্পণকাৰী জাতীয় স্বাৰ্থত আৰু মানসিক ভাৱে জাতিটোৰ লগত থাকি গল তেওঁলোকৰ অৱস্থা আজি দুখ লগা।
➡️ জৰাজীৰ্ণ পথক লৈ ডিমৌত ৰাইজৰ প্ৰতিবাদ।
➡️ বিধায়ক সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ।
➡️ পথ নিৰ্মান নকৰিলে ভোট বৰ্জন হুংকাৰ শিৱসাগৰ জিলা থাওৰা সমষ্টি অন্তৰ্গত বৰবাম গাঁও পঞ্চায়তৰ এক নং ৱাৰ্ডৰ বৰপিয়াল হাবি গাঁৱৰ ৰাইজৰ।
➡️ ছাত্ৰ-ছাত্ৰী তথা গঞা ৰাইজে প্ৰাৰ্থনা কৰি মুখ্যমন্ত্ৰীলৈ আহ্বান, আমাৰ পথটো নিৰ্মান কৰি দিয়ক।
ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত 'কা' বিৰোধী আন্দোলনৰ পঞ্চ শ্বহীদৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলি প্ৰদান কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন। সন্ধিয়া ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যলয়ৰ সন্মুখত অনুষ্ঠিত কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অঞ্চলটোৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
আজি আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিমৌ বহুমুখী ভৱনৰ প্ৰেক্ষাগৃহত মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত, শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত দিনযোৰ কাৰ্যসূচীৰে আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱসটি পালন কৰা হয়। এটি সমবেত সংগীতেৰে আৰম্ভ কৰাৰ পিছতে মুকলি সভাত "আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ প্ৰেক্ষাপটত অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ অধিকাৰৰ সংগ্ৰাম" শীৰ্ষক বিষয়ত আলোচনা চক্ৰ অনুষ্ঠিত হয়। মাছৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী অধ্যক্ষ কেশৱ চহৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত লাচিত বৰদলৈ, বুবুমণি গোস্বামী, প্ৰণৱ হাজৰিকা, অৰ্জুন গোৱালা, কমল বৰা, সমুদ্ৰ বুঢ়াগোহাঁই, মুকুল ফুকনকে ধৰি আৰু বহুকেইজন মানৱ অধিকাৰ কৰ্মী উপস্থিত থাকে।
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Contact the business
Telephone
Website
Address
785662
Sivasagar
Sibsagar
এই পেজটোত Geopolitics- ৰ লগত জৰিত ভিদিও আপল'ড কৰা হব, ভিদিও ভাল লাগিলে পেজটো follow কৰিব 🙏🙂
Sibsagar
Sibsagar, 785640
শিৱসাগৰ,প্ৰতিটো ক্ষণতে আমি আছোঁ আপোনাৰ সৈতে....✍️🙏
Sibsagar, 785640
We bring to you news on online & also on our website. Stay updated through a seamless holistic exper
Sibsagar At Road
Sibsagar, 785640
It is a 24*7 running News Portal run by a group of Expertises