Ritu Baran Sarmah

•Vice Chairman, AMTRON, Govt of Assam
•State Media Pannelist, BJP Assam Pradesh

16/11/2023

ভাৰতীয় জনতা পাৰ্টি, লখিমপুৰ জিলাৰ প্ৰাক্তন সভাপতি তথা জেষ্ঠ্য কাৰ্য্যকৰ্তা ৰাও গজেন্দ্ৰ সিং দেৱৰ আকস্মিক বিয়োগত অতিশয় মৰ্মাহত হৈছো।তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো।
BJP Assam Pradesh
Bhabesh kalita ভৱেশ কলিতা

Photos from Ritu Baran Sarmah's post 16/11/2023

ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশ কৃষক মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়াৰ পিতৃৰ বিয়োগৰ বাতৰি পাই আজি ৰাজ্যিক সভাপতি শ্ৰী ভৱেশ কলিতা ডাঙৰীয়া আৰু বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞা ডাঙৰীয়াৰ সৈতে ঢলপুৰস্থিত ভট্টাচাৰ্য ডাঙৰীয়াৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰোঁ।
BJP Assam Pradesh
Bhabesh kalita ভৱেশ কলিতা

Photos from Ritu Baran Sarmah's post 16/11/2023

ৰাজ্যিক সভাপতি শ্ৰী ভৱেশ কলিতাৰ উপস্থিতিত বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নাৰায়ণপুৰত আজি অনুষ্ঠিত হোৱা এক বিশাল যোগদান কাৰ্যসূচী ত লক্ষীমপুৰ জিলাৰ প্ৰভাৰি হিচাপে অংশগ্ৰহণ কৰোঁ। বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ নেতৃত্বত কংগ্ৰেছকে আদি কৰি বিভিন্ন দল সংগঠনৰ প্ৰায় ৫০০০ তকৈও অধিক লোকে ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিক ভাৱে যোগদান কৰে। আজিৰ এই যোগদান কাৰ্যসূচীয়ে ভাৰতীয় জনতা পাৰ্টীৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ সাংগঠনিক স্থিতি যথেষ্ট সুদৃঢ় কৰাৰ লগতে কংগ্ৰেছৰ সভাপতি শ্ৰী ভূপেন বৰা ডাঙৰীয়াৰ গৃহ জিলাতে কংগ্ৰেছৰ ভেঁটি প্ৰায় সম্পূৰ্ণৰূপে উৎখাত কৰে।
BJP Assam Pradesh
Bhabesh kalita ভৱেশ কলিতা

16/11/2023

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে প্ৰতিগৰাকী সংবাদ কৰ্মীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

12/11/2023

দীপান্বিতাৰ পোহৰে নাশ কৰক সমাজৰ সকলো অপশক্তি আৰু আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ-শান্তি আৰু সমৃদ্ধি।

10/11/2023
Photos from Ritu Baran Sarmah's post 10/11/2023

ৰাজ্যিক সভাপতি শ্ৰীযুত ভৱেশ কলিতাৰ নিৰ্দেশ মৰ্মে লক্ষীমপুৰ জিলাৰ প্ৰভাৰিৰ দায়িত্ব গ্ৰহণ কৰি প্ৰথম খন ক'ৰ সমিতিৰ সভাত উপস্থিত থাকো। সভাত লক্ষীমপুৰৰ সাংসদ শ্ৰী প্ৰদান বৰুৱা, বিধায়ক শ্ৰী মানৱ ডেকা, জিলা সভাপতি শ্ৰী ফণীধৰ বৰুৱা, সহ প্ৰভাৰি শ্ৰী অৰুণজ্যোতি মৰাণ সমন্বিতে অন্যান্য ক'ৰ সমিতিৰ সদস্যই অংশগ্ৰহণ কৰে। ইয়াৰোপৰি মন্ত্ৰী পিযুষ হাজৰিকা ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰোঁ।
BJP Assam Pradesh
Bhabesh kalita ভৱেশ কলিতা

10/11/2023

You all made us proud.
Congratulations & best wishes for your future endeavours.
BJP Assam Pradesh
Assam Olympic Association

08/11/2023

দলে বলে ৰাঘৱ চালো। সুন্দৰ আৰু উপভোগ্য……
BJP Assam Pradesh
Jatin Bora যতীন বৰা

04/11/2023

বদৰুদ্দিন আজমলৰ মন্তব্য় সন্দৰ্ভত DY365-ৰ অনুষ্ঠানৰ কিছু মুহূৰ্ত

Date: 3rd November
Time: 8:00 pm
Credit: DY365

01/11/2023

আজি অসমৰ বাবে এক বিশেষ দিন। প্ৰথমবাৰৰ বাবে আজি একেদিনাই অসমত ১৭৫০০ কোটি টকা ব্যয়সাপেক্ষে ২২ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ শিলান্যাস কৰা হৈছে। লগতে ৪ টা নৱনিৰ্মিত ঘাইপথ দেশবাসীৰ বাবে মুকলি কৰা হৈছে।

মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ অসম তথা অসমবাসীৰ প্ৰতি আদৰৰ বাবেই আগতে কাহানিও নেদেখা উন্নয়ন আজি অসমত সম্ভৱ হৈ উঠিছে।

01/11/2023

ডিমা হাছাওত উন্নয়নৰ নতুন ধাৰা বোঁৱাইছে আমাৰ চৰকাৰে…

Photos from Ritu Baran Sarmah's post 29/10/2023

মন কী বাত …
আজি তেজপুৰত।
BJP Assam Pradesh

28/10/2023

সমূহ অসমবাসীক লক্ষ্মী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী আই লক্ষ্মীয়ে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ আৰু সমৃদ্ধি।

27/10/2023

'২০২৪ ৰ প্ৰাৰ্থিত্বক লৈ ৰণকৌশল সন্মিলিত বিৰোধীৰ; কি হ'ব ফলাফল?' এই সন্দৰ্ভত News18 Assam & NE-ৰ 'The Prime Show' অনুষ্ঠানৰ কিছু মুহূৰ্ত

Date: 26th October
Time: 8:00pm onwards
Video Credit: News18 Assam & NE

Photos from Ritu Baran Sarmah's post 26/10/2023

সমগ্ৰ দেশৰ লগতে অসমতো সফলভাৱে ৰূপায়িত হোৱা মোৰ মাটি মোৰ দেশ অভিযানৰ অংশস্বৰূপ 'অমৃত কলহ যাত্রা'ত সংগৃহীত আৰু ৰাজ্যখনৰ বিভিন্ন উন্নয়ন খণ্ড তথা পৌৰসভাৰ পৰা প্রেৰণ কৰা প্রতিঘৰ পৰিয়ালৰ পৰা সংগ্ৰহ কৰা এমুঠি পৱিত্র মাটিৰে পূর্ণ কলহসমূহ আজি অসমৰ মহামহিম ৰাজ্যপাল শ্রীযুত গুলাব চান্দ কাটাৰীয়া ডাঙৰীয়াৰ উপস্থিতিত গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত এক ৰাজ্যিক পর্যায়ৰ অনুষ্ঠানত মাননীয় সাংসদ, কেবিনেট মন্ত্ৰী, বিধায়কসকল তথা বিশিষ্ট ব্যক্তিসকলৰ সৈতে এই গৌৰৱপূর্ণ অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই ধন্য মানিছোঁ।
BJP Assam Pradesh

26/10/2023

শোণিতপুৰ জিলা ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চাৰ সাধাৰণ সম্পাদক, অসম প্ৰদেশ ভাৰতীয় জনতা যুৱমৰ্চাৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক তথা ভাৰতীয় জনতা যুৱমৰ্চাৰ প্ৰাক্তন ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য শেখৰজ্যোতি ভূঞাৰ আজি ৰাতিপুৱা গুৱাহাটীত পৰলোকপ্ৰাপ্তি হয়৷ শেখৰজ্যোতি ভূঞাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷
BJP Assam Pradesh

24/10/2023

সকলোকে বিজয়া দশমীৰ আন্তৰিক শুভেচ্ছা জনাইছো।

23/10/2023

বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, লোকসংস্কৃতিৰ গৱেষক ড০ বীৰেন্দ্ৰনাথ দত্তদেৱৰ বিয়োগ অসমীয়া সাহিত্য-সংস্কৃতি জগতৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিলোঁ।
ঔঁম শান্তি।

23/10/2023

সকলোলৈকে মহা নবমীৰ আন্তৰিক প্ৰীতি ও শুভেচ্ছা জনাইছো।

22/10/2023

মহাষ্টমীত সকলোকে জনাইছো আন্তৰিক শুভেচ্ছা।

21/10/2023

সকলোলৈ মহা সপ্তমীৰ আন্তৰিক শুভেচ্ছা।

20/10/2023

শুভঃ ষষ্ঠী। সকলোকে জনাইছো আন্তৰিক প্রীতি ও শুভেচ্ছা।

Photos from Ritu Baran Sarmah's post 18/10/2023

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তেজপুৰ জিলাৰ মাননীয় সংঘচালক ডা° শিৱনাথ বৰা দেৱৰ আজি বিয়লি নিজ বাসভৱনত পৰলোক প্ৰাপ্তি হোৱাৰ খবৰে মৰ্মাহত কৰিলে। আমি সংঘৰ এগৰাকী নিষ্ঠাৱান সমৰ্পিত কায্যকৰ্তাক হেৰুৱালোঁ। তেখেতৰ শেষ যাত্ৰাত উপস্থিত থাকি বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালক এই দুখ সহিবলৈ ঈশ্বৰে শক্তি দিয়ক তাৰেই কামনা কৰিলোঁ।

18/10/2023

৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ সৰ্বমুঠ ৬টাকৈ শিতানত বঁটা লাভ কৰি অসমৰ সাংস্কৃতিক জগতলৈ সন্মান বুটলি অনা প্ৰতিগৰাকী প্ৰতিভাৱান যশস্বী শিল্পী আৰু কলা-কুশলীলৈ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছো।

18/10/2023

কাতি বিহুৰ এই পৱিত্ৰ দিনটোত অসমবাসীৰ মংগল কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে লখিমীৰে উপচি পৰে আমাৰ ভঁৰালঘৰ।

17/10/2023

News Daily 24-ৰ 'পৰ্যবেক্ষণ' অনুষ্ঠানৰ কিছু মুহূৰ্ত
Date: 16th October
Time: 7:45pm onwards
Video credit: News Daily 24

Photos from Ritu Baran Sarmah's post 13/10/2023

শিক্ষাৰ্থীৰ কল্যাণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে অসমৰ ৩,৬৯,৪৫৪ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ বিনামূলীয়া চাইকেল বিতৰণ কাৰ্যসূচী হাতত লৈছে। এই আচঁনিৰ অংশ হিচাপে আজি তেজপুৰৰ কলেজিয়েট হাইস্কুল খেল পথাৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শোণিতপুৰ জিলাৰ ১২,৪৮৪ গৰাকী ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিক ভাৱে চাইকেল বিতৰণ কৰে। আজিৰ এই অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষা বিভাগৰ মাননীয় মন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়া, মাননীয় জলসিঞ্চন মন্ত্ৰী শ্ৰীঅশোক সিংহল ডাঙৰীয়া , সাংসদ শ্ৰীপল্লৱলোচন দাস ডাঙৰীয়া, তেজপুৰৰ বিধায়ক শ্ৰী পৃথিৰাজ ৰাভা ডাঙৰীয়া, চতিয়া সমষ্টিৰ বিধায়ক শ্ৰী পদ্ম হাজৰিকা ডাঙৰীয়া, বৰচলা সমষ্টিৰ বিধায়ক শ্ৰী গণেশ লিম্বু ডাঙৰীয়া, ৰঙাপৰা সমষ্টিৰ বিধায়ক শ্ৰী কৃষ্ণ কমল তাঁতী ডাঙৰীয়া ৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে। ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰফুল্লিত মনবোৰে আজিৰ কাৰ্যসূচীত উপস্থিত থকা আমাৰ সকলোকে আনন্দিত কৰে।
Bjp Assam Pradesh

13/10/2023

"ক্ৰীড়া মাথোঁ খেল-ধেমালি নহয়
নহয় মাথোঁ প্ৰতিযোগিতা
এক সুন্দৰ সবল জাতি গঠনত
ক্ৰীড়াই কৰে সহযোগিতা।"
- ড° ভূপেন হাজৰিকা

অসমৰ বিভিন্ন প্ৰান্তত লুকাই থকা ক্ৰীড়া প্ৰতিভাসমূহক আৱিষ্কাৰ কৰাৰ উদ্দেশ্যে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন ভাজপা চৰকাৰৰ 'খেল মহাৰণ' শীৰ্ষক যি পদক্ষেপ সেয়া অতি আদৰণীয় আৰু এই খেল মহাৰণে আমাৰ ৰাজ্যত থকা সুপ্ত প্ৰতিভাসমূহ বিচাৰি আনি ক্ৰীড়া জগতত কেৱল অসমকে নহয় সমগ্ৰ দেশক প্ৰতিনিধিত্ব কৰিব পৰাকৈ সাজু কৰি তুলিব বুলি আমি আশাবাদী।

Photos from Ritu Baran Sarmah's post 11/10/2023

আজি তেজপুৰ কলেজিয়েট ফিল্ডত অনুষ্ঠিত হোৱা অৰুণোদয় ২.০ আঁচনিৰ কাৰ্ড বিতৰণ সভাত সন্মানীয় সাংসদ শ্ৰী পল্লৱলোচন দাস ডাঙৰীয়া, তেজপুৰ, চতিয়া, ৰঙাপৰা আৰু বৰচলা সমষ্টিৰ সন্মানীয় বিধায়ক ক্ৰমে শ্ৰী পৃথিৰাজ ৰাভা ডাঙৰীয়া, শ্ৰী পদ্ম হাজৰিকা ডাঙৰীয়া, শ্ৰী কৃষ্ণ কমল তাঁতী ডাঙৰীয়া আৰু শ্ৰী গণেশ লিম্বু ডাঙৰীয়াৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিৰ সৈতে উপস্থিত থাকো। মহিলা সৱলীকৰণৰ উদ্দেশ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰৰ এক বিশেষ আঁচনি অৰুনোদয়। এই আচঁনিয়ে ৰাজ্যখনৰ নাৰীশক্তিক শক্তিশালী কৰাৰ লগতে ৰাজ্যৰ আৰ্থসামাজিক উন্নয়নতো অৰিহণা যোগাব।
BJP Assam Pradesh
Bhabesh kalita ভৱেশ কলিতা

09/10/2023

'৫ৰাজ্যৰ নিৰ্বাচনী তাৰিখ ঘোষণা' সন্দৰ্ভত News18 Assam & NE-ৰ 'The Prime Show' অনুষ্ঠান কিছু মুহূৰ্ত

Date: 9th October
Time: 8:00pm onwards
Video Credit: News18 Assam & NE

07/10/2023

চলিত -ত ১০০ পদক অৰ্জন কৰি ইতিহাস ৰচিলে ভাৰতীয় ক্ৰীড়াবিদ সকলে। এই ঐতিহাসিক ক্ষণত আমাৰ অসম গৌৰৱ লাভলিনা বৰগোহাঁইকে ধৰি প্ৰতিগৰাকী খেলুৱৈকে জনাইছোঁ আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন।

04/10/2023

অসমবাসীক গৌৰৱান্বিত কৰি এছিয়ান গেমছ-২০২২ত ৰূপৰ পদক জয় কৰিলে অসম তনয়া লাভলিনা বৰগোঁ‌হাইয়ে। লাভলিনালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ‌।
Lovlina Borgohain

Photos from Ritu Baran Sarmah's post 03/10/2023

আজি গুৱাহাটী বশিষ্ঠ চাৰিআলি স্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়ত ৰাজ্যিক মুখপাত্ৰসকল আৰু মেডিয়া পেনেলিষ্ট সকলৰ লগতে দলীয় কাৰ্যকতাসকলৰ উপস্থিতিত ৰাজ্যিক সংবাদ বিভাগৰ উদ্যোগত আয়োজিত বৌদ্ধিক চৰ্চা শীৰ্ষক এক কাৰ্যসূচীত অংশগ্ৰহণ কৰো।
BJP Assam Pradesh
Bhabesh kalita ভৱেশ কলিতা

02/10/2023

গান্ধী জয়ন্তীত জাতিৰ পিতাক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

30/09/2023

At AMTRON today ..

Photos from Ritu Baran Sarmah's post 29/09/2023

আজি
গাঁও সম্পৰ্ক অভিযান
পলাশবাৰী,দক্ষিণ কামৰূপ জিলা।
BJP Assam Pradesh

Photos from Ritu Baran Sarmah's post 29/09/2023

A red letter day for AMTRON.
Feel privileged to be a part of the first ever 5G EXPERIENCE CENTRE of the Country, inaugurated today at TECHCITY
( a flagship program of Amtron), Guwahati funded by North Eastern Council (NEC), Ministry of Development of North Eastern Region, Govt of India under the project 5G USE CASE APPLICATIONS IN NER implemented by AMTRON, Govt of Assam & Hub.
BJP Assam Pradesh

Photos from Ritu Baran Sarmah's post 28/09/2023

ভাৰতীয় জনতা যুৱ মৰ্চা, শোণিতপুৰ জিলাৰ উদ্যোগত তেজপুৰৰ হেম বৰুৱা স্মৃতি ভৱন প্ৰাংগণত আয়োজন কৰা পাঞ্জা প্ৰতিযোগিতাখন আজি উদ্বোধন কৰাৰ সুযোগ লাভ কৰোঁ। তেজপুৰ, শোণিতপুৰ তথা অসমক প্ৰতিনিধিত্ব কৰা কেইবাগৰাকীও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আৰু অন্যান্য বিশিষ্ট ব্যক্তিৰ উপস্থিতিত প্ৰতিযোগিতাখন শুভাৰম্ভ হয়।
BJP Assam Pradesh
Bhabesh kalita ভৱেশ কলিতা

Want your public figure to be the top-listed Public Figure in Tezpur?
Click here to claim your Sponsored Listing.

Category

Telephone

Address


Tezpur
Tezpur
784150

Other Public Figures in Tezpur (show all)
AMH Rahman AMH Rahman
Tezpur

Tridip mahanta Tridip mahanta
Tezpur

CINDERELLA

Diplina Deka FanClub,Tezpur Diplina Deka FanClub,Tezpur
Tezpur, 784001

Deeplina Deka (দীপলিনা ডেকা) also known as Pori is a multi-talented Indian Ass

ankitakarki11 ankitakarki11
Tezpur

Saddam. S Saddam. S
Tezpur

Dip Axom Dip Axom
Tezpur

O ma ki agun O ma ki agun
Tezpur

o ma ki agun

Alx Rahul Facs Alx Rahul Facs
Singitoli Gon
Tezpur, 784028

Hello All Friends 🙋 Hey guys Follow my page supporting me and share my video 🙏

jaan moni Amar  1993 jaan moni Amar 1993
Tezpur, 784115

Sk Jamal Uddin Ahmed Blogs

ashok_sarkar07 ashok_sarkar07
Tezpur

My attitude my rules

Trisha official Trisha official
Tezpur

hello friends please follow my page

Dipamani Dipamani
Tezpur
Tezpur

Please follow like and share my page